May 24, 2014

কেদাৰনাথ কাণ্ড - দ্বিতীয় অধ্যায়

ৰাজীৱ ফুকন
মূলঃ সত্যজিৎ ৰায়
অনুবাদঃ ৰাজীৱ ফুকন
দ্বিতীয় অধ্যায়

ফেলুদাই যে কেছটো ল'ব, সেইটো মই আগৰে পৰা জানিছিলো৷ আজিকালি আমি আমাৰ মক্কেলৰ কথা বতৰা হংকঙৰ পৰা কিনি অনা এটা মাইক্ৰ' কেছেট ৰেক'ৰ্ডাৰত তুলি ৰাখো৷ মিঃ পুৰীৰ ক্ষেত্ৰতো তেওঁৰ অনুমতি সাপেক্ষে তাকেই কৰিছিলো৷ ফেলুদাই দুপৰীয়া এইবোৰ কথা বতৰা প্লেবেক কৰি খুব মনোযোগেৰে শুনি ক'লে, "কেছটো লোৱাৰ সপক্ষে দুটা যুক্তি আছে; এটা হ'ল অভিনৱত্ব, আৰু দ্বিতীয়টো হ'ল, চোৰাংচোৱাগিৰিৰ প্ৰথম ভাগতে দেখা হৰিদ্বাৰ-ঋষিকেশ আকৌ এবাৰ চোৱাৰ ইচ্ছা৷"

বাদশ্বাহৰ আঙুঠিৰ ক্লাইমেক্সটো যে হৰিদ্বাৰতে আৰম্ভ হৈছিল, সেইটো মই কোনো দিনে পাহৰিব নোৱাৰিম৷

পাৰ্ক হোটেললৈ ফোন কৰি কেছটো লৈছে বুলি ফেলুদাই মিঃ পুৰীক জনাই দিছিল৷ আৰু মিঃ পুৰীয়ে আধা ঘন্টাৰ ভিতৰতে আহি এডভান্স টকা দি গৈছিল৷ প্ৰায় লগে লগেই পুষ্পক ট্ৰেভেলত ফোন কৰি ফেলুদাই ডুন এক্সপ্ৰেছত আমাৰ বুকিঙৰ বাবে জনাই দিছিল৷ হঠাৎ দুদিন পিছতে এটা আচৰিত ঘটনা ঘটিল৷ ৰূপনাৰায়ণগড়ৰ পৰা মিঃ পুৰীৰ এখন টেলিগ্ৰাম আহি হাজিৰ৷

"ৰিকুৱেষ্ট ড্ৰপ কেছ৷ লেটাৰ ফলোজ৷"

ড্ৰপ কেছ৷ এইটোতো আচৰিত কথা৷ এনেকুৱাতো আমাৰ অভিজ্ঞতাত কেতিয়াও হোৱা নাই৷ 

মিঃ পুৰীৰ চিঠিও আহি গ'ল দুদিন পিছত৷ আচল কথা হ'ল, সৰুকোঁৱৰে মত সলনি কৰিছে৷ সি হৰিদ্বাৰ হৃষীকেশলৈ গৈ ছবি তুলিব, তাত উপাধ্যায় থাকিব, কিন্তু তাতে কেৱল দেখুৱা হ'ব তেওঁ কেনেদৰে নিজে বনোৱা ঔষধেৰে স্থানীয় লোকৰ চিকিৎসা কৰে৷ ৰূপনাৰয়ণগড়ৰ ৰজাৰ চিকিৎসাও যে উপাধ্যায়ে কৰিছিল, সেইটো ছবিত কোৱা হ'ব, কিন্তু মহামূল্যৱান পাৰিশ্ৰমিকৰ কথা কোৱা নহয়৷"

ফেলুদাই টেলিগ্ৰামত উত্তৰ দিলে, "ড্ৰপিং কেছ, বাট গোইং এজ পিলগ্ৰিমছ৷" অৰ্থাৎ কেছ বাটিল কৰিছো, কিন্তু তীৰ্থ যাত্ৰী হিচাপে যাবলৈ ওলাইছো৷

মই জানো, ফেলুদাই সেই কথা লিখিলেও তেওঁ নিজেই চকু কাণ খুলি ৰাখিব, আৰু তদন্তৰ কিবা কাৰণ দেখিলেই তদন্ত কৰিব৷ সঁচা ক'বলৈ গ'লে, ভৱানী উপাধ্যায় আৰু সৰু কোঁৱৰ পৱনদেৱ সিং, এই দুয়োজন মানুহকেই মোৰ বৰ ইন্টাৰেষ্টিং লাগিছিল৷ 

আমি তিনিজনে এতিয়া ডুন এক্সপ্ৰেছৰ এটা থ্ৰি টায়াৰ কম্পাৰ্টমেন্টত বহি আছো৷ ফৈজাবাদ ষ্টেচনত দুই মিনিট মান হ'ল গাড়ী ৰৈছে, আমি ভাড়ৰ চাহ কিনি খাইলো৷

"আপুনি যে কৈছিল, হৰিদ্বাৰ গৈছিলে, সেইটো কেতিয়াৰ কথা?" ফেলুদাই তেওঁৰ সন্মুখত বহা লালমোহন বাবুক সুধিলে৷ 

"মোৰ ককা এবাৰ সপৰিবাৰে তীৰ্থভ্ৰমণলৈ গৈছিল", ক'লে লালমোহনবাবুৱে, "ইনক্লুডিং হৰিদ্বাৰ৷ তেতিয়া মোৰ বয়স ডেৰ, গতিকে ন' মেম'ৰি৷"

এইবাৰ আন ফালৰ পৰা এটা প্ৰশ্ন আহিল৷

"আপোনালোক কি হৰিদ্বাৰলৈকে যাব, নে তাৰ পৰা ইপিনে সিপিনে ফুৰিবলৈ যাব?"

এই প্ৰশ্নটো কৰিলে লালমোহনবাবুৰ ওচৰতে বহা এজন বৃদ্ধই৷ মূৰত সামান্য যি চুলি আছিল, আটাইখিনিয়েই পকা, কিন্তু দেহৰ গঠন আটিল, দাঁত আটাইবোৰ অৰিজিনেল, আৰু চকুৰ দুয়োফালে যে খাজবিলাক আছে, সেইবিলাক যেন হাঁহিবৰ বাবেই সাজু হৈ আছে৷

"হৰিদ্বাৰত এটা কাম আছিল," ক'লে ফেলুদাই৷ "সেইটো হৈ গ'লে, চাওঁ.."

"কি কয় মহাশয়!" বৃদ্ধৰ চকু কপালত উঠিল, "ইমান দূৰলৈ আহি কেদাৰ-বদ্ৰী নচোৱাকৈ যাব? বদ্ৰীনাথলৈতো অকল বাছেৰেই যাব পাৰি৷  কেদাৰৰ শেষৰ কেইমাইল অৱশ্যে এতিয়াও বাছ চলিব পৰা হৈ উঠা নাই৷ হ'লেও এইটো ঠিক যে কেদাৰৰ ওচৰত বদ্ৰী একোৱে নহয়৷ যদি পাৰে এবাৰ কেদাৰ চাই আহিব৷ শেষৰ খোজ কঢ়া খিনি যেনিবা.." ফেলুদা আৰু মোলৈ চাই, "আপোনালোকৰ বয়স কিমান? আৰু.." লালমোহনবাবুৰ পিনে চাই, "এওঁৰ বাবে যেনিবা টাট্টু ঘোঁৰাই আছে, টাট্টু ঘোঁৰাত উঠিছেনে কেতিয়াবা?"
শেষৰ প্ৰশ্নটো অৱশ্যে লালমোহনবাবুকে কৰা হ'ল৷ লালমোহনবাবুৱে হাতৰ ভাড়টোত শেষ চুমুকটো দি খিৰিকীৰে দলিয়াই গম্ভীৰভাৱে বেলেগ ফালে চাই ক'লে, "নাই, অৱশ্যে থৰ ডিজাৰ্টত এবাৰ উটৰ পিঠিত উঠি দৌৰাৰ অভিজ্ঞতা হৈছিল৷ আপোনাৰ হৈছে নে?"

বৃদ্ধই মূৰ জোকাৰিলে৷ "নাই হোৱা৷ মোৰ ফুৰাৰ ক্ষেত্ৰখন হ'ল হিমালয়ৰ এই বিশেষ অংশ৷ তেইছবাৰ আহিছো, কেদাৰ-বদ্ৰী৷ ভক্তি-শক্তি যে মোৰ সিমান আছে তেনেকুৱা নহয়, হ'লেও ইয়াৰ প্ৰাকৃতিক দৃশ্যৰ পৰাই মই সকলো আধ্যাত্মিক শক্তি আহৰণ কৰো৷ কোনো বিগ্ৰহৰ দৰকাৰ নহয়৷"

ব্যক্তিজনৰ নাম পিছত জানিব পাৰিছিলো, মাখনলাল মজুমদাৰ৷ কেৱল কেদাৰ-বদ্ৰীয়েই নহয়, যমুনোত্ৰী, গঙ্গোত্ৰী, গোমুখ, পঞ্চকেদাৰ, বাসুকিতাল, এই সকলোবোৰ এওঁৰ চোৱা হৈ গৈছে৷ সংসাৰ এখন নথকা হ'লে, হিমালয়তে থাকি গ'লহেঁতেন৷ অৱশ্যে এইটোও ক'লে যে, আজিকালিৰ টেক্সি বাছত যোৱা আৰু তেতিয়াৰ খোজ কাঢ়ি যোৱা এক কথা নহয়৷ ক'লে, "আজিকালিতো আৰু কোনো পিলগ্ৰিম নহয়, চব পিকনিকাৰছ৷ হ'লেও কিন্তু, গাড়ীৰ ৰাস্তা বনালে বুলিয়েইতো আৰু হিমালয়ৰ দৃশ্য সলনি নহয়৷ নয়ানাভিৰাম বুলিলে যাক বুজায়, তেনেকুৱা দৃশ্য এতিয়াও অফুৰন্ত আছে৷"

ৰাতিপুৱ ছয়টাত ডোন এক্সপ্ৰেছ পালে হৰিদ্বাৰ৷ 

সেই বাদশ্বাহী আঙুঠিৰ সময়ত যেনেকুৱা দেখিছিলো, পাণ্ডাৰ উপদ্ৰৱ  যেন তাতকৈ অলপ কম যেন লাগিল৷ ষ্টেচনতেই এখন ৰেষ্টোৰাত চাহ বিস্কুট খাই ল'লো৷ উপধ্যায়ৰ নাম ইয়াত বহুতে জানিব বুলিয়েই হয়তো ফেলুদাই ৰেষ্টোৰেন্টৰ মেনেজাৰক তেওঁৰ ঠিকনা সুধিলে৷

উত্তৰ শুনি বেছ ভাল ধৰণৰ ধক্কা এটা পালো৷

ভৱানী উপধ্যায় তিনি চাৰিমাহ হ'ল হৰিদ্বাৰ এৰি ৰুদ্ৰপ্ৰয়াগলৈ গৈছে৷ 

"তেওঁৰ বিষয়ে আৰু কোনে খবৰ দিব পাৰিব, জানে?" সুধিলে ফেলুদাই৷ উত্তৰ আহিল, "এতিয়াৰ খবৰ লাগে যদি ৰূদ্ৰপ্ৰয়াগলৈ যাব লাগিব, আৰু যদি আগৰ খবৰ লাগে কান্তি ভাই পণ্ডিতৰ ওচৰলৈ যাওঁক৷ তেওঁ আছিল উপাধ্যায়ৰ ঘৰৰ মালিক৷ তেওঁ চব কথা জানে৷"

"তেখেতো কি লক্ষ্মণ মহল্লাতে থাকে নেকি?"

"অ' অ'৷ ওচোৰা-উচৰি ঘৰতে আছিল সিহঁত৷ সকলোৱে তেওঁক চিনে তাত৷ সুধিলেই কৈ দিব৷"

আমি আৰু সময় নষ্ট নকৰি বিল দি ওলাই গ'লো৷

কান্তিভাই পণ্ডিতৰ বয়স ষাঠী-পয়ষষ্ঠী, চুটি-চাপৰ, ধক-ধকীয়া বগা, থিয়-থিয় গোফ, কপালত চন্দনৰ ফোট আৰু চকুত বাই ফোকেল চচমা৷ আমি ভৱানী উপাধ্যায়ক বিচাৰি আহিছো বুলি জানি তেওঁ অৱাক হৈ ক'লে, "কি কথা কওঁকচোন? আৰু এজনেতো তেওঁৰ খবৰ কৰি গ'ল তিনি চাৰিদিন আগতে৷"

"তেওঁৰ চেহেৰা মনত আছে আপোনাৰ?"

"নাথাকিবনো কিয়?"

"চাওঁকচোন এওঁৰ লগত মিলে নে নাই?"

ফেলুদায় পকেটৰ পৰা সৰুকোঁৱৰ পৱনদেৱৰ ছবিখন বাহিৰ কৰি দেখুৱালে 

"অ', অ', এইজেনইতো সেইজন মানুহ৷" কান্তিভাই পণ্ডিতে ক'লে৷ "মই ৰুদ্ৰপ্ৰয়াগৰ ঠিকনা দি দিলো তেওঁক৷"

"ঠিকনাটো অৱশ্যে আমাকো লাগিছিল৷" কৈ ফেলুদাই কাৰ্ড এখন আগবঢ়াই দিলে মিঃ পণ্ডিতৰ পিনে৷
কাৰ্ডখন পোৱাৰ লগে লগেই মিঃ পণ্ডিতৰ হাবভাৱ একদম সলনি হৈ গ'ল৷ ইমানপৰে আমি থিয় হৈ কথা পাতিছিলো, এইবাৰ আমাৰ আটীইকেইজনকে চকী, মূড়া, আৰু খাটত ভাগে ভাগে বহিবলৈ দিয়া হ'ল৷

"কিয়, কিবা গণ্ডোগোল হৈছে নেকি মিঃ মিত্তৰ?"

"যিমান দূৰ জানো, এতিয়াও হোৱা নাই৷" ক'লে ফেলুদাই৷ "কিন্তু হোৱাৰ আশঙ্কা আছে৷ এইবাৰ মই আপোনাক এটা প্ৰশ্ন কৰিব খোজো মিঃ পণ্ডিত, অপুনি সঠিক উত্তৰ দিব পাৰিলে বৰ উপকাৰ হ'ব৷"

"আই উইল ট্ৰাই মাই বেষ্ট৷"

"মিঃ উপাধ্যায়ৰ ব্যক্তিগত সংগ্ৰহত কিবা মূল্যৱান বস্তু আছিল নেকি?"

মিঃ পণ্ডিতে অকণমান হাঁহি ক'লে, "এই প্ৰশ্নটো মোক দ্বিতীয়বাৰ সোধা হৈছে৷ মই মিঃ সিঙক যি কৈছো, আপোনাকো তাকেই কওঁ৷ মিঃ উপাধ্যায়ে তেওঁৰ এটা থৈলা মোৰ চিন্দুকত থ'বলৈ দিছিল৷ কিন্তু তাত কি আছিল, সেইটো মই কোনোদিনে চোৱাও নাই বা সোধাও নাই৷"


"সেইটো তেওঁ ৰুদ্ৰপ্ৰয়াগলৈ লৈ গৈছে?"

"হয়, ছাৰ৷ এণ্ড এনাডাৰ ঠিং, আপুনি ডিটেক্টিভ, সেয়ে এই খবৰ মই আপোনাক জনাইছো, আপোনাৰ হয়তো কামত আহিব পাৰে, পাঁচ-ছয় মাহ আগতে দুজন মানুহ আহিছিল, তেতিয়াও মিঃ উপাধ্যায় আছিল ইয়াতে, এজন সিন্ধী নহ'লে মাৰোৱাৰী মানুহ, হি লুকড এ ৰিচ মেন, এণ্ড এনাদাৰ মেন, দুয়োজন উপধ্যায়ৰ সৈতে দেখা কৰিবলৈ আহিছিল৷ বহুত সময় ধৰি কথা-বতৰা চলিছিল, সেইটো মই ধৰিব পাৰিছিলো৷ এক ঘন্টাৰ ওপৰত চলিছিল৷ তেওঁলোক যোৱাৰ পিছত উপাধ্যায়ে এটা কথা মোক ক'লে, 'পণ্ডিতজী, আজি মই এটা ৰিপুক জয় কৰিছো৷ মিঃ সিংঘানিয়াই মোক লোভৰ মাজত পেলাইছিল, কিন্তু শেষলৈ মই সেই লোভ জয় কৰিছো৷'"

"আপুনি উপাধ্যায়ৰ এই সম্পত্তিৰ কথা আৰু কাকো কোৱা নাই?"

"চাওঁক মিঃ মিত্তৰ, তেওঁৰ যে এটা লুকুৱাবলগীয়া বস্তু আছে, সেইটো বহুতে জানিছিল৷ আৰু তাকে লৈ 
আঁৰত কিছুমানে ঠাত্তাও কৰিছিল৷ মোৰ আকৌ সন্ধিয়া অকণমান নিছা কৰাৰ অভ্যাস আছে, হয়তো কেতিয়াবা কিবা কৈ পেলাইছো, কিন্তু উপাধ্যায়ক সকলোৱে ইযাত ইমানেই ভক্তি কৰে যে, চিন্দুকত কি আছ সেই লৈ কোনো দিনে মূৰ ঘমোৱা নাই৷"

"এইযে ৰুদ্ৰপ্ৰায়গলৈ গ'ল তেওঁ, ইয়াৰ আঁৰত কিবা কাৰণ আছে নেকি?"

"মোক কৈছিল, গঙ্গাৰ ঘাটত তেওঁৰ এজন সাধুৰ সৈতে চিনা পৰিচয় হয়৷ তেওঁৰ সৈতে কথা পাতি উপাধ্যায়ৰ মাজত এক মানসিক চেঞ্জ আহে৷ মোৰ বোধেৰে, চেঞ্জটো বেছ চিৰায়াছ আছিল৷ কথা-বতৰা কমাই দিছিল৷ বেছিভাগ সময় মনে মনে বহি ভাবি থাকে৷"

"তেওঁ দৰৱ পাতি কি চব লগত লৈ গৈছে?"

"দৰৱ বুলিবলৈতো বেছি একো নাই, কেইটামান বয়াম, কিছু শিপা-চিপা, কিছু মলম, কিছু বড়ি, এয়াই আৰু৷ এইবিলাক চব তেওঁ লৈ গৈছে৷ মোৰ ধাৰণা, তেওঁ পূৰ্ণৰূপে সন্যাসী হ'বলৈ বিচাৰিছে৷"

"তেওঁ বিয়া কৰোৱা নাই?"

"নাই, সংসাৰৰ প্ৰতি তেওঁৰ কোনো টান নাছিল৷ যোৱাৰ দিনা মোক কৈ গ'ল, ভোগৰ ৰাস্তা, ত্যাগৰ ৰাস্তা দুয়োটাই আমাৰ সমান আছিল৷ মই ত্যাগেই বাছি ল'লো৷"
"ভাল কথা," ক'লে ফেলুদাই, "আপুনি যে ক'লে, তেওঁৰ ৰুদ্ৰ প্ৰয়াগৰ ঠিকনা আপুনি দি দিছে সেই ভদ্ৰলোক জনক, আপুনি ঠিকনা পালে কি দৰে?"

"কিয়, উপাধ্যায়ে মোক পোষ্টকাৰ্ড লিখিছিল তাৰ পৰা৷"

"সেই পোষ্ট কাৰ্ড আছে?"

"নাথকিব নে?"

মিঃ পণ্ডিতে তেওঁৰ পিছপিনে এখন টক্তাৰ ওপৰত ৰখা এটা বাকচৰ ভিতৰত হাত ভৰাই এখন পোষ্টকাৰ্ড উলিয়াই ফেলুদাক দিলে৷ হিন্দীত লিখা আঠ দহ লাইনৰ চিঠি৷ ফেলুদাই সেইখন কিয় বাৰে বাৰে পঢ়িলে আৰু পঢ়ি উঠি কিয় বিৰবিৰাই দুবাৰ "মোষ্ট ইন্টাৰেষ্টিং" বুলিলে ক'লে, সেইটোহে বুজি নাপালো৷

মিঃ পণ্ডিতে আমাক এখন ভাল টেক্সিৰ কথা জনাই দিলে৷ সদ্যহতে ৰুদ্ৰপ্ৰয়াগ, তাৰ পৰা য'লৈকে যাব লগীয়া হয়, যাব লাগিব৷ গাৰোৱালী ড্ৰাইভাৰ জনৰ নাম যোগীন্দৰৰাম৷ মানুহজনক দেখি মোৰ ভাল লাগিল৷ আমি ক'লো, বাৰটা বজাত খাই বৈ ৰাওঁনা হ'ম হৃষীকেশৰ পৰা৷ হৃষীকেশলৈ ইয়াৰ পৰা পোন্ধৰ মাইলমান হ'ব৷ হৰিদ্বাৰত আৰু চাব লগীয়া একোৱেই নাই, গঙ্গাৰ ঘাটটো পৰ্য্যন্ত আগৰবাৰ যেনেকুৱা দেখিছিলো, তেনেকুৱা আৰু হৈ থকা নাই৷ দেখিবলৈ কুৎসিত নতুন নতুন ঘৰ গঢ়ি উঠিছে আৰু তাৰ দেৱাল জোৰা বিজ্ঞাপন৷ হৃষীকেষলৈ যোৱটো দৰকাৰ, কাৰণ আমাৰ ৰুদ্ৰপ্ৰয়াগত থকাৰ বন্দবোস্ত তাৰ পৰাই কৰিব লাগিব৷ ইচ্ছা কৰিলে ধৰমশালাতো থাকিব পাৰি, ইয়াৰ প্ৰায় সকলো চহৰতে বহুদিনৰ পুৰণি নাম কৰা কালীকমলী ধৰমশালা আছে, কিন্তু ফেলুদাই জানে যে ৰূপনাৰায়ণগৰৰ সৰু কোঁৱৰ সেইবিলাত ধৰমশালাত নাথাকিব৷

আমি হৃষীকেষ পাই গাৰোৱাল মণ্ডল বিকাশ নিগমৰ ৰেস্ত হাউছত এটা ডাবল ৰুম পাই গ'লো৷ সিহঁতে ক'লে যে তিনিজন মানুহ হ'লে এখন খাট পাৰি দিব৷ বাৰটা বজাত খোৱা-লোৱা কৰি উঠি আমি ৰাওঁনা হ'লো ৰুদ্ৰ প্ৰয়াগলৈ৷ কেইমাইলমান যোৱাৰ পিছত সোঁফালে লক্ষ্মণজুলা৷ ইয়াতো একেই, দুয়োফালে কুৎসিত কুৎসিত নতুন ঘৰ আৰু হোটেল কিছুমান হৈ ঠাইখনৰ সৌন্দৰ্য্যই মাৰি পেলাইছে৷ হ'লেও 'বাদছাহী আঙঠি'ৰ শেষ পৰ্বৰ ঘটনা মনত পৰি গাটো শিহৰি উঠিছিল৷

ৰুদ্ৰপ্ৰয়াগ বিখ্যাত দুটা কাৰণত, এটা হ'ল জিম কৰবেট৷ "দ্য মেন ইটিং লেপাৰ্ড অফ ৰুদ্ৰপ্ৰয়াগ" যিয়ে পঢ়িছে, তেওঁ কোনে দিনে পাহৰিব নোৱাৰিব কি আচৰিত ধৈৰ্য্য, অধ্যাৱসায়, আৰু সাহসৰ সৈতে কৰবেটে মাৰিছিল সেই নৰখাদকক আজিৰ পৰা পচপন্ন বছৰ আগতে৷ আমাৰ ড্ৰাইভাৰ যোগীন্দৰে ক'লে, সি সৰুতে তাৰ দেউতাক আৰু ককাকৰ ওচৰত শুনিছিল এই বাঘ মৰাৰ কাহিনী৷ কৰবেটে যেনেকৈ ভাল পাইছিল এই গাৰোৱালী সকলক, গাৰোৱালীসকলেও ঠিক তেনেকৈয়ে ভক্তি কৰিছল কৰবেটক৷

ৰূদ্ৰপ্ৰয়াগ বিখ্যাত হোৱা আনটো কাৰণ, ইয়াৰ পৰা বদ্ৰী আৰু কেদাৰ দুয়ো ঠাইলৈ যাব পাৰি৷ দুখন নৈ আহি লগ লাগিছে ৰুদ্ৰপ্ৰয়াগত, মন্দাকিনী আৰু অলকানন্দা৷ অলকানন্দাৰ পাৰে পাৰে গ'লে বদ্ৰীনাথ আৰু মন্দাকিনীৰ পাৰে পাৰে গ'লে কেদাৰনাথ৷ বদ্ৰীনাথৰ শেষ প্ৰযন্ত বাছ যায়, কেদাৰনাথলৈ গ'লে বাছ ৰৈ যায় চৈধ্য কিলোমিটাৰ আগত গৌৰীকুণ্ডত৷ তাৰ পৰা হয় খজ কাঢ়ি, নহয় ডাণ্ডি বা টাট্টুঘোঁৰা ভাৰা কৰি যাব লাগে৷

হৃষীকেশৰ পৰা ওলাই অৰণ্যৰ মাজেৰে পাহাৰীয়া পথ আৰম্ভ হৈ গ'ল৷ কিণাৰেৰে বৈ গৈছে, স্থানীয় মানুহে যাক কয় গঙ্গা মাই৷ হৃষীকেশৰ পৰা ৰুদ্ৰপ্ৰয়াগ ১৪০ কিলোমিটাৰ, পাহাৰি পথেৰে ঘন্টাত ৩০ কিলোমিটাৰ কৈ গ'লেও সন্ধিয়াৰ আগতে পোৱা নাযাব৷ তাৰোপৰি বাটত তিনিখন ঠাই পোৱা যায়, দেৱপ্ৰয়াগ, কীৰ্তিনগৰ, আৰু শ্ৰীনগৰ৷ এই শ্ৰীনগৰ কাশ্মীৰৰ ৰাজধানী নহয়, গাৰোৱালা জিলাৰ ৰাজধানী৷ 

পাহাড় ভেদ কৰি হাবিৰ মাজেৰে কাটি উলিওৱা ৰাস্তা ঘুৰি ঘুৰি ওপৰলৈ উঠিছে, আকৌ ঘুৰি ঘুৰি নামিছে৷ মাজে মাজে গছ-গছনি পাতল হৈ মুকলি সেউজীয়া পাহাৰ ওলাই পৰিছে, তাৰ কোলাতেই ছবিৰ দৰে সৰু সৰু গাওঁবোৰ দেখা গৈছে৷ 
দৃশ্য সুন্দৰ ঠিকেই, কিন্তু মোৰ মনে কেৱল কৈ আছিল ভৱানী উপাধ্যায়ৰ ওচৰত এটা মহামূল্যৱান লকেট আছে৷ এজন সন্যাসীৰ ওচৰত এনেকুৱা এটা বস্তু থাকিব, আৰু তাকে লৈ কোনো গোলমাল নহ'ব, সেইটো যেন ভাবিবই নোৱাৰি৷ তাৰোপৰি মিঃ পুৰীয়ে এবাৰ ফেলুদাক কামৰ ভাৰ দি, তাৰ পিছতেই টেলিগ্ৰাম কৰি মানা কৰা কথাটোতো কিবা গোণ্ডগোল থকা যেন লাগিছে৷ অৱশ্যে তেওঁ চিঠিৰে কাৰণটো জনাইছে ঠিকেই, কিন্তু এনেকুৱা কথা আগতে কেতিয়াও হোৱা নাই বুলিয়েই চাগে মনত এটা সন্দেহ থাকি গ'ল৷

লালমোহনবাবু কিছু সময় ধৰি উচপিছাই আছিল, এতিয়া ক'লে, "মই ভূ-গোণ্ডোগোল আৰু ইতাহাস-ফাছত চিৰকালেই কেঁচা আছিলো ফেলুবাবু,  সেইটোতো আপুনি মোৰ লেখা পঢ়িও বহুবাৰ কৈছে৷ সেয়ে, মানে, আমি ভাৰতবৰ্ষৰ এতিয়া কোনখিনিত আছো, সেইটো জনাই দিলে নিশ্চিন্ত বোধ কৰিলোহেঁতন৷"

ফেলুদাই তেওঁৰ বাৰ্থ'লোমিউ কোম্পানীৰ ডাঙৰ মেপখন খুলি বুজাই দিলে, "এয়া চাওঁক হৰিদ্বাৰ৷ আমি এতিয়া গৈ আছো এইপিনে৷ এয়া ৰুদ্ৰপ্ৰয়াগ৷ অৰ্থাৎ পূৱে নেপাল, পশ্চিমে কাশ্মীৰ, আমি তাৰ মাজত, বুজিছে?"

"ওঁ৷ এইবাৰ ক্লিয়াৰ৷"

***

পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ