May 17, 2014

ঋণ-পঞ্চম অধ্যায়

ৰাজীৱ ফুকন
Rin assamese thriller detective novel
মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
পঞ্চম অধ্যায়

"জয়ীতাদেৱী, মিতালীদেৱীৰ হত্যাকাণ্ড সম্পৰ্কে আপোনাক কেইটামান প্ৰশ্ন কৰিব লগীয়া আছে৷"

"কিন্তু পুলিচকতো মই যি ক'বলগীয়া আছিল কৈছো৷"

"হয় কৈছিল৷ সেইটো মই জানো৷ কিন্তু তদন্ত যিমানেই আগবাঢ়ে সিমানেই নতুন নতুন তথ্য উদঘাটন হৈ থাকে, আৰু যিমানেই এইবোৰ ঘটি থাকে সিমানেই মামলাৰ পেটাৰ্নটো সলনি হৈ গৈ থাকে৷ পৰিৱৰ্তীত পৰিস্থিতিত আকৌ নতুনকৈ জেৰা কৰাৰ বাদে আমাৰ উপায় নাথাকে৷

"কওঁক৷"

"মিঠু মিত্ৰ নামৰ কাৰোবাক আপুনি জানে?"

"নাজানিম কিয়, তেওঁ মোৰ ভিনদেউ৷"

"বাঃ, বঢ়িয়া বঢ়িয়া৷ কিমান দিনৰ পৰা জানে?"

"মিতালীবাৰ বিয়াৰ সময়ৰ পৰা৷"

"বঢ়িয়া৷ আপুনি নিজেই ক'লে যে, তেওঁ আপানৰ ভিনদেউ৷ তাৰ মানে এতিয়াও তেওঁ আপোনাৰ ভিনদেউ আৰু আপুনি তেওঁৰ খুলশালী?"

"মানে?"

"মানে বিয়াৰ ইমিডিয়েট পিছেতেই যে তেওঁলোকৰ ডিভোৰ্ছ হৈ যায়, সেইটো আপুনি নাজানে ন'?"

"কিয় নাজানিম?"

"ডিভোৰ্ছৰ পিছত যিহেতু আইন মতে স্বামী স্ত্ৰীৰ সম্পৰ্কতো নাথাকে গতিকে সেই বিয়াৰ সূত্ৰে গঢ়ি উঠা বাকী সম্পৰ্কবোৰ থাকে জানো? নে থকা উচিত?"

"অ', হয়, সেই ফালৰ পৰা চালে আমাৰ সম্পৰ্ক নাই৷"

"আন কোনোবা ফালৰ পৰা আছে নেকি?"

"মানে?"

"মিঠু মিত্ৰ এতিয়া আৰু আপোনাৰ ভিনদেউ নহয়, আপুনিও তেওঁৰ খুলশালী নহয়৷ কিন্তু তাত কাৰো একো নাযায়৷ তাৰ বাদেওতো আৰু নানান ধৰণৰ সম্পৰ্ক হ'ব পাৰে মানুহৰ মাজত৷ মই জানিবো খুজিছো, মিঠু মিত্ৰৰ সৈতে আপোনাৰ কোনো ধৰণৰ যোগাযোগ আছিল নেকি?"

"আছিল৷"

"কেনেকুৱা?"

"চিনা জানা আছিল৷"

"আৰু কিবা?"

"মই চাৰ্দান ক্লাৱত কেৰাটে শিকিছিলো, তেওঁ তাৰ ইনষ্ট্ৰাক্টৰ৷"

"বাঃ, আচৰিত৷ কেৰাটে শিকিছিল? হঠাত কেৰাটে কিয়?"

"মন গৈছিল৷"

"আপুনি কি স্পোৰ্টিং টাইপ? খেলাধুলা ভাল পায়?"

"পাওঁ৷"

"স্কুল কলেজ স্পোৰ্টছত ভাগ লৈছিল কেতিয়াবা?"

"নাই৷"

"মানে হঠাতে কেৰাটে শিকিবলৈ মন গ'ল?"

"হয়৷"

"বঢ়িয়া বঢ়িয়া৷ আপোনাৰ ঘৰৰ পৰা চাৰ্দান ক্লাব বেছ কিছু দূৰ৷ আপুনি কিহত অহা যোৱা কৰে?"

"বাছত৷"

"বাছত যায়? আহেও?"

"হয়৷"

"ভালকৈ ভাবি কওঁক৷"

"কেতিয়াবা কেতিয়াবা মিঠুদায়ো ঘৰত থৈ যায়৷"

"বাঃ, বঢ়িয়া বঢ়িয়া৷ তেওঁলোকৰ বিয়াৰ সময়ত আপোনাৰ বয়স কিমান আছিল?"

"বাৰ-তেৰ৷"

"এতিয়া কিমান?"

"বিশ চলি আছে৷"

"গুড৷ আপুনি জানেনে যে আপোনালোক, মানে আপোনাৰ মা, দেউতা আৰু আপুনি, বিশেষকৈ আপুনি স্বৰ্গীয় মিতালী ঘোষৰ সমস্ত সম্পত্বিৰ উত্তৰাধিকাৰী?"

"নাজানো৷"

"কেৱল কলকাতা বা পশ্চিবংগৰ নহয়, মিতালীদেৱীৰ আমেৰিকাৰ যাৱতীয় সা-সম্পত্তি আৰু টকা পইছাৰো আপুনিয়েই উত্তৰাধিকাৰী৷ জানে নে?"

"তেনেকুৱ কোনো কথা শুনা নাই৷"

"শুনিব, কাৰণ আপুনিয়েই মিতালীদেৱাৰ নেক্সট অফ কিন৷"

জয়ীতা মনে মনে ৰ'ল৷

"চাৰ্দান ক্লাৱত আপুনি কেতিয়া ভৰ্তি হৈছিল?"

"দুবছৰ মান হ'ব৷"

"নিজে গৈয়েই ভৰ্তি হ'ল?"

"হয়৷"

"মানে হঠাতে আপোনাৰ কাৰাটে শিকিবলৈ মন গ'ল আৰু লগে লগে গৈ চাৰ্দান ক্লাৱত ভৰ্তি হ'ল- ঘটনাটো এনেকৈয়ে ঘটিছিল নে?"

"হয়৷"

"আপুনি জানিছিল নে যে মিঠু মিত্ৰই তাত কেৰাটে শিকায়?"

"জানিছিলো৷"

"তাৰ মানে তেওঁৰ ওচৰতেই কেৰাটে শিকাৰ আগ্ৰহ আছিল আপোনাৰ?"

"ঠিক তেনেকুৱা নহয়, মিঠুদা থাকিলে সুবিধা হ'ব৷ সেয়ে৷"

"সুবিধা বহু ফালৰ পৰাই আছে৷ বাই দি ৱে, মিঠু বাবুক আপুনি মিঠুদা বুলিয়ে মাতে, নে ভিনদেউ বোলে?"

"মিঠুদা৷"

"কিয়, বেছিভাগেইতো বায়েকৰ গিৰীয়েকক সাধাৰণতে ভিনদেউ বুলিয়ে মাতে৷"

"বহুতে দাদাও বোলে৷"

"সেইতো হয়৷ আপুনি দাদাটোৱে প্ৰেফাৰ কৰে তাৰ মানে?"

"হয়৷"

"বঢ়িয়া৷ মিঠু মিত্ৰই মাজে মাজে আপোনাক বাইকত লিফ্ট দিছিল?"

"হয়৷"

"মাজে মাজে নে সদায়?"

"সদায় নহয়৷ প্ৰায়েই৷"

"অলপ ভাবি কওঁক৷ কেৰেটা ক্লাবৰ বাকী মেম্বাৰবোৰে আকৌ যদি সদায় বুলি কয়৷"

"সদায় থৈ গ'লেনো ক্ষতি ক'ত?"

"ক্ষতি? ক্ষতিৰ প্ৰশ্নই নুঠে৷ মই সঁচা কথাটো জানিব খুজিছো মাত্ৰ৷"

"সদায়৷"

"বাঃ, তাকেই জানিব খুজিছিলো৷ কেতিয়াৰ পৰা আপোনালোকৰ খুলশালী ভিনদেউৰ সম্পৰ্কটো কমি আহিল?"

"নাই৷ নাজানো৷"

"আপোনালোকৰ মাজৰ সম্পৰ্কটো কি কেৱল প্ৰশিক্ষক আৰু শিক্ষৰ্থীয়েই নেকি?"

"হয়৷"

"অলপ ভাবি চিন্তি কওঁক৷ কাৰণ আমাৰ সংগৃহীত তথ্যই বেলেগ কথা কৈছে৷"

"কি কৈছে৷"

"আপোনালোকৰ মাজত এটা ঘনিষ্ঠ বন্ধুত্বৰ সম্পৰ্ক আছে৷ আপোনালোকে পৰস্পৰক ভাল পায়৷ কেৱল সেয়াই নহয়, আপোনালোকৰ বিয়াৰ কথাও চলিছে৷ নহয় নে?"

জয়ীতাই অলপ পৰ মনে মনে থাকি মৃদু স্বৰত ক'লে, "হয়৷"

"দয়া কৰি ক'বনে যে এই প্ৰেম আৰু বিয়াৰ ক্ষেত্ৰত আচল ইনিচিয়েটিভ কাৰ বেছি? আপোনাৰ নে মিঠুবাবুৰ?"

"মোৰ৷"

"আপোনাৰ?"

"হয়৷ মিতালীবাই তেওঁক ডিভোৰ্ছ দিয়াৰ পিছৰে পৰা মই তেওঁৰ প্ৰতি দূৰ্বল হৈ পৰো৷"

"ডিভোৰ্ছ নিদিয়া হ'লে?"

"সেয়া নাজানো৷ হয়তো মানি ল'লোহেঁতেন৷"

"বাঃ, কিন্তু এটা সন্দেহ থাকি গ'ল ৷"

"কি সন্দেহ?"

"মিতালীদেৱী হঠাৎ ঢুকাই থাকিলে তেওঁৰ বিপুল সম্পত্তি যে আপুনিয়েই পাব এইটো কথা মিঠুবাবুৰ নিচিনা বুদ্ধিমান মানুহ এজনে নজনা কথা নহয়৷"

"তাতে কি হ'ল?"

"আপোনাৰ সৈতে প্ৰেমৰ ক্ষেত্ৰত তেওঁৰেই বেছি আগ্ৰহ থাকিব লাগিছিল৷ নহয় জানো?"

"মই বুজি পোৱা নাই৷"

"থাকক বাৰু৷ এতিয়া কওঁক মিতালীদেৱী উভতি অহাৰ পিছৰ পৰাই আপুনি তেওঁৰ লগত তেওঁৰ ঘৰত আছিল?"

"অ', মিতালীবায়ে লোনলি ফিল কৰিছিল, সেয়ে মোক থাকিবলৈ ক'লে৷"

"কন্টিনিউ আছিল?"

"অ', হ'লেও ৰাতিটোহে৷ দিনৰ ভাগত মোৰ কলেজ থাকে, মিতালীবাৰ কাম থাকে৷"

"অ', অ', ঠিকেইতো৷ কিন্তু ঘটনাটো ঘটাৰ দিনা ৰাতি আপুনি নাছিল?"

"নাই৷"

"কিয় জানিব পাৰোনে?"

"সিদিনা মিতালীবায়ে মদৰ নিচাত মাতাল হৈ আছিল৷ মদ খোৱা মানুহক মোৰ বৰ ভয় লাগে৷"

"ঠিকেই, মাতলামী একেবাৰে সহ্য কৰিব পৰা বস্তু নহয়৷ বাৰু, মিতীলীদেৱীয়ে প্ৰায়ে ড্ৰিংক কৰে নেকি?"

"নাই৷ কোনোদিনে কৰি পোৱা নাছিল৷"

"তেনেহ'লে সিদিনা কিয় ড্ৰিঙ্ক কৰিছিল কিবা জানেনে?"

"নাই৷"

"নাজানে? আপুনি বেছ কিছুদিন ধৰি তেওঁৰ লগত একেটা ৰুমতে আছে, অথচ নাজানেনে তেওঁ হঠাতে সিদিনা কিয় ড্ৰিংক কৰিব লগা হ'ল?"

"নাই৷"

"আপোনাক তেওঁ একো কোৱা নাছিল?"

"নাই৷"

"আপুনি একো দেখা নাছিল?"

"নাই দেখা৷"

"একো অনুমানো কৰা নাছিল?"

"নাই৷"

"সিদিনা মিঠু বাবুৰ সৈতে মিতালীৰ দেখা হৈছিল৷ সেয়াতো জানে?"

"জানো৷"

"সিহঁতে কি কথা পাতিছিল?"

"মই শুনা নাই৷"

"আপুনি জানেনে যে মিতালীদেৱীৰ মিঠুবাবুৰ প্ৰতি থকা মনোভাব সলনি হৈছিল?"

"নাই, মই জনা নাছিলো৷"

"জনা নাছিলো মানে তেতিয়া জনা নাছিল, এতিয়া জানে?"

"এতিয়াও নাজানো৷"

"এই জেৰেক্স কপিবোৰ চাওঁকচোন৷ মিতালীৰ হাতৰ লেখা হয়নে?"

"হয়৷"

"কষ্ট কৰি অলপ পঢ়িব নেকি? গোটেইখিনি পঢ়ক৷"

জয়ীতাই পঢ়িলে৷ শৱৰ দাশগুপ্তই ঈগলৰ চকুৰে চাই থাকিল তাইৰ মুখৰ পিনে৷ পঢ়াৰ পিছত জয়ীতাৰ হাতৰ পৰা কাগজ খিনি ঘূৰাই লৈ ব্ৰিফকেছত ভৰাই ভৰাই ক'লে, "কিবা বুজি পালে?"

"অ'৷ মিতালীবা মিঠুদাৰ প্ৰতি চফ্ট হৈ পৰিছিল৷"

"একজেক্টলি৷ আপুনি কি জানেনে যে তেওঁৰ সেই চফ্টনেছ ইমানেই আছিল যে মিঠু মিত্ৰক তেওঁৰ যাৱতীয় সকলো সা-সম্পত্তিৰ কাষ্টোডিয়ান কৰি থৈ গৈছে?"

"জানো৷ মিঠুদাই কৈছে৷"

"জয়ীতাদেৱী, মিতালীদেৱীক কোনে মাৰিছে বুলি আপুনি ভাবে?"

"নাজানো৷"

"জানে, ক'ব খোজা নাই৷ লজিকেল অনুমান বুলিওতো এটা কথা আছে!"

"মই নাজানো৷"

"তেনেহ'লে কথা বোৰ অলপ সজাই দিওঁ৷ আপোনাৰ সুবিধা হ'ব৷ মিঠু মিত্ৰই এজন ধনী মানুহৰ একমাত্ৰ সন্তানক বিয়া কৰাইছিল৷ ধনীঘৰৰ ধুনীয়া ছোৱালী- যাক বিয়া কৰাব পৰাকৈ যোগ্যাতা তেওঁৰ নাছিল৷ বৰুণ ঘোষৰ বেনামী একাউন্ট আৰু সম্ভৱত আৰু দুই চাৰিটা গোপন কথা তেওঁ জানিছিল৷ মে বি দিয়াৰ ৱাজ এ টাচ অৱ ব্লেকমেইল ইন দা মেৰেজ৷ কিন্তু বিয়া নিটিকিলে৷ মিতালীদেৱীয়ে ডিভোৰ্ছ দি আমেৰিকালৈ গুচি গ'ল৷ গতিকে মিঠু মিত্ৰৰ বিশেষ লাভ নহ'ল৷ কিন্তু তেওঁৰ কপালখন ভাল, তেওঁ আপোনাৰ কথা জানিব পাৰিলে, আৰু এটা সাংঘাতিক প্লেন ৰেডি কৰি থ'লে৷ প্লেনটো অৱশ্যে অলপ ফাৰ ফেচেড, এইটো মই স্বীকাৰ কৰো৷ হয়তো প্লেন নাছিল তেওঁৰ৷ সুযোগ আহি গ'ল৷ বৰুণ ঘোষ ঢুকাই থাকিল, আৰু মিতালী দেৱী স্বদেশলৈ উভতি আহিল৷ চাওঁক কেনেকুৱা সোণালী সুযোগ৷ মিতালীক মাৰি পেলালে দুটা কাম হয়৷ এক, বহুদিনীয়া অপমানৰ প্ৰতিশোধ লোৱা আৰু দুই আপোনাক প্ৰচুৰ সা-সম্পত্বিৰ উত্তৰাধিকাৰী বনাই দিয়া৷ কেৱল সেয়াই নহয়, আমেৰিকাতো সম্পত্তি থকা হেতুকে তাৰ উত্তৰাধিকাৰী হিচাপে আপুনি আৰু আপোনাৰ হাজবেণ্ড হিচাপে তেওঁৰ ভবিষ্যতে আমেৰিকালৈ যোৱাৰ বা গ্ৰীণ কাৰ্ড পোৱাৰ সম্ভাৱনা খুলি দিয়া৷ গতিকে মিঠু মিত্ৰই এই সুযোগ নেৰিলে৷ কিন্তু সমস্যা হৈ দেখা দিলে মিঠুৰ প্ৰতি মিতালীৰ এই প্ৰেম৷ মিতালীক হত্যা নকৰি আকৌ বিয়া কৰাই পেলালেই মিঠুৰ উদ্দেশ্য সফল হৈ যায়৷ কিন্তু মোৰ অনুমান, তেওঁ সঁচাকৈ আপোনাক বহুত ভাল পাই পেলাইছিল৷ সেয়ে মিতালীক আঁতৰাই পঠোৱাৰ প্লেনটোতে ষ্টিক হৈ থাকিব লগীয়া হ'ল৷ তেওঁৰ কপাল সঁচাকৈ অতুলনীয়৷ কাৰণ মিতালীদেৱী মৰিলেই আপুনি তেওঁৰ সকলো সম্পত্তি পাই যাব, তেনেকুৱা নহয়৷ উত্তৰাধিকাৰী আইন কমপ্লিকেটেড আৰু চাক্সেচন চাৰ্টিফিকেট পোৱাতো সময় সাপেক্ষ৷ এই ক্ষেত্ৰতো মিঠু বাচি গ'ল মিতালীদেৱীয়ে তেওঁক কাষ্টোডিয়ান কৰি যোৱাৰ বাবে৷ গতিকে লজিকেল কনক্লুজনলৈ অহাত অসুবিধা হ'ব নালাগে আপোনাৰ? আপুনি কান্দিছে? গুড৷ আশা কৰো মূল্যৱান চকুলোখিনি আপুনি সমাজৰ এজন জঘন্য অপৰাধী, এজন শীতল মস্তিস্কৰ হত্যাকাৰীৰ বাবে অপব্যয় কৰা নাই৷ এই কান্দোনটো যদি অসহায় হতভাগিনী মিতালীদেৱীৰ বাবে কান্দিছে তেনেহ'লে ইট ইজ মোষ্ট ৱেলকাম৷"

"মই আৰু নোৱাৰো৷ অজি মোক এৰি দিয়ক৷"

"জয়ীতাদেৱী আৰু এটা সৰু কথা আছে৷ খুব অপ্ৰিয়৷ কিন্তু দৰকাৰী৷ আপুনি নহ'লে টয়লেটৰ পৰাই এপাক আহক৷ চকুৱে মুখে ভালকৈ পানী মাৰি আহক, ইউ উইল ফিল গুড৷ যাওঁক৷"

জয়ীতা গ'ল৷ বহু সময় ধৰি চকুৱে মুখে পানী মাৰিলে৷ তাৰপিছত আইনাত নিজৰ মুখখনলৈ কিছু পৰ চাই থাকিল৷ মাত্ৰ বিশ বছৰীয়া জীৱনে তাইক কত কি শিকালে৷

ড্ৰয়িং ৰুমলৈ আহি বহোতেই শৱৰে হাঁহি ক'লে, "এতিয়াহে ভাল লাগিছে আপোনাক৷ গুড৷ এতিয়া সেই কথাটো.."

"কওঁক৷"

"আপুনি ভাবি চাইছেনে যে মিতালীদেৱীৰ হত্যাৰ আঁৰত আপোনাৰো এটা মোটিভ আছে৷"

"মোৰ?"

"আৰে নাই নাই৷ ভয় খাব নালাগে৷ মই আপোনাক সন্দেহ কৰা নাই৷ কিন্তু কথাটোৰ সংগতি আছে কাৰণে ওলাব পাৰে৷"

"মই কিয় হত্যা কৰিবলৈ যাম?"

"কৰা নাই৷ কিন্তু পাব্লিক প্ৰচিকিউটৰ মে ৰাইজ এ কুৱেশ্যন৷ প্ৰশ্ন তুলিব পাৰে মিঠু মিত্ৰৰ উকীলেও৷ চাৰিও ফালে চকু ৰখাতো ভাল৷" 

"মই একো বুজি পোৱা নাই৷"

"বুজাই দিছো৷ আপুনি মিঠুক ভাল পায় নহয় জানো?"

"অ'৷"

"ভালপোৱাৰ কাৰণে মানুহে সকলো কৰিব পাৰে৷ স্বীকাৰ কৰেনে?"

"অ'৷"

"আপুনি যেতিয়া মিতালীদেৱীৰ ঘৰত আছিল, তেতিয়া নিশ্চয় আপোনালোক দুই ভনীয়ে বিভিন্ন বিষয়লৈ কথা পাতিছিল৷"

"হয়৷ আমি ৰাতি দুটা তিনিটা পৰ্যন্ত আদ্দা মাৰিছিলো৷"

"গুড৷ কি বিষয়ত কথা হৈছিল আপোনালোকৰ?"

"মোস্তলি আমেৰিকা৷ তাৰ লাইফ ষ্টাইল, লোনলিনেছ, ঐশ্বাৰ্য- এইবিলাকক লৈ৷"

"নিশ্চয় নিশ্চয়৷ আমেৰিকাতো থাৰ্ড ৱৰ্ল্ড পিপলৰ ওচৰত আটাইতকৈ বেছি আলোচ্য বিষয় হ'বই৷ খুব স্বাভাবিক৷ ধৰক প্ৰশ্ন উঠিল যে, এইবিলাক কথাৰ ফাঁকে ফাঁকে মিতালীদেৱীয়ে আপোনাক তেওঁৰ হৃদয়ৰ পৰিৱৰ্তনৰ কথাও জনাইছিল৷ তেওঁ যে আচলতে মিঠুক পাহৰিব পৰা নাই আৰু নতুনকৈ তেওঁৰ প্ৰেমত পৰিছে আৰু ৰিকনচিলিয়েছনৰ চেষ্টা কৰিছে সেইবিলাক কথাও কৈছিল৷

"নাই, বায়ে কোৱা নাছিল৷"

"আহা, সেইটোতো হয়েই৷ কিন্তু প্ৰশ্ন উঠিলে কি কৰিব? বিশেষকৈ প্ৰশ্নটো যদি হয় লজিকেল এণ্ড ডাউন টু আৰ্থ৷ সেয়ে কৈছিলো, আগতে ভাবি থোৱা ভাল৷"

"কি ভাবিম?"

"ধৰক উকীলে আপোনাক ক'লে যে, মিতালীদেৱীৰ হৃদয়ৰ পৰিৱৰ্তনৰ কথা গম পোৱাৰ পিছত আপুনি বহুত আপেচেট হৈ পৰিছিল এণ্ড বিকাম ভেৰি জেলাচ৷ কাৰণ, আপোনাৰ বয়স মাত্ৰ বিশ, আপুনি অনভিজ্ঞ৷ হৃদয় জয়ৰ যুঁজত আপুনি মিতালীদেৱীৰ সৈতে সংঘাতত লিপ্ত হ'ব পাৰে৷  জেলাচি ইজ এ ডেঞ্জাৰেছ থিং৷ নহয় জানো? তাৰোপৰি ইনহেৰিটেন্সৰ প্ৰশ্নটোতো আছেই৷ মিতালী ঢুকালে আপুনি অসম্ভৱ লাভৱান হ'ব৷ গতিকে আপুনি যদি মিতালী দেৱীক হত্যা কৰে তাত অস্বভাৱিকতা একো নাই৷"

"কি ক'ব ধৰিছে আপুনি?"

"আহা, উত্তেজিত নহ'ব৷ মই কেৱল আদালতৰ সাম্ভাব্য প্ৰশ্নবিলাক সম্পৰ্কে আপোনাক এলাৰ্ট কৰিছো৷ বাৰু, মিতালীদেৱীয়ে তেওঁৰ চেন্টৰ বটল বিলাক ক'ত থৈছিল আপুনি জানিছিলনে?"

"কিয় নাজানিম? বহুত পাৰফিউম আনিছিল৷ কিছুমান ছুটকেছত আছিল, কেইটামান বাহিৰ কৰি ড্ৰেছিং টেবুলত থৈছিল৷"

"আপুনি জানেনে যে হত্যাকাৰীয়ে হত্যা কৰাৰ পিছত বহুতটা পাৰফিউমৰ বটল ভাঙি ৰুমটো গোন্ধময় কৰি থৈ যায়, যাতে পুলিচৰ কুকুৰে গোন্ধ নাপায়৷"

"শুনিছো৷"

"ডেটছ গুড৷ তাৰ পৰা সিদিনা আপুনি কেইটাত আহে?"

"ৰাতি দহটাত৷"

"অকলে আহিছিল?"

"অ'৷"

"তেতিয়াও পাৰ্টি চলি আছিল?"

"অ'৷"

"আপোনাক অহা কোনে কোনে দেখিছিল?"

"নাজানো৷ মই কাকো একো নজনোৱাকৈ পলাই গুচি আহিছো৷ পিছফালৰ বাগানৰ ৰাস্তাটোৰে৷"

"সিদিনা ৰাতি এটাৰ পৰা দুটাৰ ভিতৰত আপুনি ক'ত আছিল?"

"আমাৰ ঘৰত৷ আৰু ক'ত থাকিম?"

"হুঁ? বেছ সমস্যাত পেলালে৷"

"কিয়?"

"আপোনাৰ কেছটো ফুলপ্ৰুফ নহয়৷ এনিৱে, ফৰ দা টাইম বিং আপোনাৰ কথা মানি লৈছো৷ ধৰি লওঁক হত্যা আপুনি কৰা নাই৷"

"মই কৰা নাই৷ ছিঃ ছিঃ, এই বিলাক কি কথা কৈ আছে আপুনি?"

"আকৌ উত্তেজিত হৈ পৰিছে৷ মূৰটো ঠাণ্ডা ৰাখক৷ আপোনাৰ যাতে বিপদ নহয় তাৰ বাবে মই চাম৷ কিন্তু মোক কিছুমান তথ্য লাগে৷"

"কি তথ্য?"

"মিঠু মিত্ৰ কেনেকুৱা মানুহ?"

"বহুত ভাল৷"

"ভাবি চিন্তি কওঁক৷"

"তেওঁৰ কথা মই সকলো সময়তে ভাবো৷"

"আপুনি তেওঁৰ বাবে সকলো কৰিব পাৰিব?"

"পাৰিম৷"

"ইভেন এ মাৰ্ডাৰ?"

"মই মাৰ্ডাৰ কৰা নাই৷"

"সেইটো পিছত জনা যাব৷ কথাটোৰ উত্তৰ দিয়ক৷"

"তেওঁক মই ভাল পাওঁ, তেওঁৰ কাৰণে সকলো ত্যাগ কৰিব পাৰিম৷ ইয়াতকৈ বেছি নাজানো৷"

"কথাটো ল'জিকেল নহ'ল৷ অথচ আপুনি ল'জিক ভালদৰেই জানে৷ আপুনি ফিল'চফীৰ ছাত্ৰী৷"

"মোৰ ল'জিক তেনেকুৱা নহয়৷ মিঠুদা ভাল মানুহ কাৰণেই মই তেওঁক ভাল পাওঁ৷"

"চেন্টিমেন্টেল হৈ পৰিছে৷ কাৰোবাৰ বিষয়ে আগতীয়াকৈ ধাৰণা কৰি লোৱাটো অন্ধবিশ্বাসৰ নিচিনা৷ পৃথিৱীত এনেকুৱা বহুত অপৰাধী আছে যাক দেখাত মহাপুৰুষ যেন লাগে৷ এপাৰেন্টলি.."

"মই ইমান নাজানো৷"

"নজনাটো ইম্পোৰ্টেন্ট নহয়৷ শুনক, আপুনি যদি হত্যা কৰাও নাই অথচ আপুনি হত্যাকাৰীৰ সহকাৰী হিচাপে সন্দেহৰ আওঁতাত আহিব পাৰে৷ কাৰণ আপোনাৰ এলিবাই সোলোক ধোলোক৷ কোনেও আপোনাক মিতালীৰ ঘৰৰ পৰা অহা দেখা নাই৷ আপুনি লুকাই আছিল৷ ৰাতি গভীৰ হ'লত মিঠু আহে আৰু আপুনি তেওঁক ঘৰত সোমোৱাত সহায় কৰে৷ তাৰপিছত মিঠুৱে মিতালী দেৱীক হত্যা কৰে৷ আপুনি তেওঁক চেন্টৰ বটল দিয়ে৷ বাৰন্দাৰ পৰা ভিতৰলৈ দলিয়াই বটলবোৰ আপোনালোকে ভাঙিছিল৷ যাতে আপোনালোকৰ গাত গন্ধ নালাগে৷ আপোনালোকে নিৰাপদে পিছফালৰ বাগানত নামি পলাই যায়৷

"মোৰ মূৰ ঘূৰাইছে৷ আৰু নোৱাৰো৷"

"আহা, এইটো অনুমান মাত্ৰ৷ এইটো মাত্ৰ ৰিকনষ্ট্ৰাক্সন৷ তেনেকুৱা নহ'বও পাৰে৷"

"তেনেহ'লে?"

"মোৰ ধাৰণা হত্যা কৰিবৰ পৰত মিঠু অকলে আছিল৷ নহয় জানো?"


***