মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
ষষ্ঠ অধ্যায়
"মোক কিয় টানি আনিছে? যি হৈছিল হৈছিল৷ পাষ্ট ইজ পাষ্ট৷ মিতালীৰ বিষয়ে মই একো নাজানো৷"
"লেখা পঢ়া কিমানলৈকে কৰিছা?"
"মাধ্যমিক৷"
"তেনেহ'লেতো তোমাক শিক্ষিতই বুলিব লাগিব৷ পাচ কৰিছিলা?"
"জি৷"
"কি ডিভিজনত?"
"ক'লে বিশ্বাস কৰিব জানো? কৈ কি লাভ?"
"কোৱা চোন৷"
"ফাৰ্ষ্ট ডিভিজন৷"
"কি কোৱা?"
"অঙ্ক আৰু ইতিহাসত লেটাৰ আছিল৷"
"আৰে ব্বাঃ৷"
"জানো বিশ্বাস নকৰে৷ হ'লেও চাৰ্টিফিকেট আৰু মাৰ্কছিট দুয়োটাই মাৰ লগত আছে৷ মায়ে ভগৱানৰ আসনৰ তোছকৰ তলত ৰাখিছে৷"
"পঢ়াশুনা আৰু আগ নাবাঢ়িল?"
"নাই৷ পঢ়ি কি হ'ব?"
"কলেজত নাম লগাইছিলা?"
"লগোৱাত লগাইছিলো৷ কন্টিনিউ নকৰিলো৷"
"কিয়?"
"পঢ়াশুনা ফাল্টু বস্তু৷ পঢ়ি উন্নতি কৰিবলৈ গ'লে মানুহ বুঢ়া হৈ যায়৷ ইমান সময় জানো হাতত আছে৷"
"সেইটো হয়? তেনেহ'লে তুমি কেনেকৈ উন্নতি কৰিব খুজিছিলা?"
"মাল চাল বেছিছিলো৷"
"কি মাল?"
"সেই বিলাক ছাৰ পুৰণা কথা৷ খুচৰি লাভ নাই৷ এই কেছটোত মিছা মিছি মোক ধৰিছে৷"
"সেইটো দেখা যাব৷ মিতালীক চিনি পাইছিলা?"
"চিনি কিয় নাপাম? তাই মোৰ বিবি আছিল৷"
"ক'ত বিয়া হৈছিল?"
"কালীঘাটত৷"
"ৰেজিষ্ট্ৰি হোৱা নাই?"
"নাই৷ তাই তেতিয়া মাইনৰ আছিল৷"
"সেইটোতো হয়৷ কিমানদিন একেলগে আছিলা?"
"পাঁচ-ছয় মাহ হ'ব৷"
"তুমি তাইক মাৰপিত কৰিছিলা?"
"নাই৷ মাৰিম আকৌ কিয়? তেতিয়াতো মহব্বত চলি আছিল৷"
"মহব্বতৰ জাল কাটিল কিয়?"
"মিতালী ঠগি দিলে৷ ৱান ফাইন মৰনিং টোপনিৰ পৰা উঠি ক'লে, মই ঘূৰি যাম৷"
"তুমি কি কৰিলা?"
"কিনো কৰিম আৰু? হামি এটা মাৰি বাগৰ সলালো৷"
"ৰখাবলৈ চেষ্টা নকৰিলা?"
"কি লাভ! ভদ্ৰ ঘৰৰ ছোৱালী, দুদিনৰ কাৰণে আহিছিল৷ আমাৰ নিচিনা মানুহৰ জানো বিয়া হয়?
"তোমাৰ কাৰণে তাইৰ জীৱনটো বৰবাদ হৈ গৈছিল জানা?"
"কিয় ছাৰ, মই কি কৰিলো? প্ৰেমতো মই অকলে কৰা নাছিলো৷ তাইৰো ভুমিকা আছিল৷"
"ক'ত সংসাৰ কৰিছিলা?"
"গোবিন্দপুৰ বস্তিত৷"
"পিছত মিতালীদেৱীৰ খোজ খবৰ কৰা নাছিলা?"
"খোজ খবৰ কৰিবলৈ কি আছে ছাৰ? চুবুৰিৰে ছোৱালী৷ চব খবৰেই পাই থাকো৷"
"সেইটো হয়৷ মিতালীদেৱীৰ যে বিয়া হৈছিল, তেওঁ যে আমেৰিকালৈ গৈছিল, চব জানা?"
"স্মাৰ্ট ছোৱালী৷ চব জানো৷"
"তোমাৰ হিংসা লগা নাছিল?"
"নাই ছাৰ৷ হিংসা চিংসা হোৱা নাই৷ সেইবিলাক ছোৱালী কি আমাৰ দৰে মানুহৰ কাৰণে? কিবা চখ উঠিছিল, সেয়ে আহিছিল৷ চখ পূৰণ হোৱাত গুছি গ'ল৷"
"মিতালী যে আমেৰিকাৰ পৰা উভতি আহিছিল জানানে?"
"কিয় নাজানিম? বৰুণবাবু মৰা কথাও জানো৷"
"তুমি কি কৰা? চাকৰি?"
"কেইদিনমান কৰিছিলো৷ বেঙ্কত চাফা-তাফা কৰা কাম৷ কেজুৱেল ষ্টাফ৷ ভাল নালাগিল৷ ধূপ, লজেন্স-গুটি, গেঞ্জী-জাঙিয়া এইবিলাকো বেছিছো৷ কিন্তু সৎ পথত একো নহ'ল৷ এতিয়া টুক টাক কিবা কিবি কৰি আছো আৰু?"
"অসৎ পথত?"
"পুলিচে চব জানে ছাৰ৷ নতুন একো নাই৷"
"মিতালীদেৱীৰ সৈতে এইবাৰ তোমাৰ দেখা হৈছিল?"
"ধেমালী কিয় কৰে ছাপ৷ মিতালীয়ে মোক পাত্তা দিব নেকি? পাষ্ট ইজ পাষ্ট৷"
"মিঠু মিত্ৰক চিনা?"
"মিতালীৰ হাজবেণ্ড! চিনো ছাৰ৷"
"কেনেকৈ চিনা?"
"বৰ ভাল মানুহ ছাৰ৷ টেক্সিৰ কাৰণে লোনটোতো তেঁৱেই উলিয়াই দিছিল৷"
"তোমাৰ টেক্সিও আছে নেকি?"
"আছিল৷ যোৱা মাহত বেছি দিছো৷"
"মিঠু মিত্ৰই তোমাৰ কথা জানিছিলনে? মানে তোমাৰ লগতেই যে মিতালী পলাই গৈছিল সেই কথা জানিছিল নে?"
"কিয় নাজানিব?"
"জানিও তোমাক হেল্প কৰিছিল?"
"অ'৷ জানিয়েই কৰিছে৷ মিতালীয়েতো দুয়োকে ঠগিছে৷ আমাৰ কাজিয়া কৰি কি লাভ?"
"মিঠু মিত্ৰ তাৰ মানে তোমাৰ মতে ভাল মানুহ৷"
"জি"
"তুমি জি জি কৈ আছা যে?"
"হিন্দী চিনেমাত কয়৷ সেয়ে আহি যায়৷"
"ধৰি লোৱা, মিঠু মিত্ৰই তোমাক কিবা কাম কৰিবলৈ ক'লে কৰিবানে?"
"কৰিম ছাৰ৷'
"যদি কিবা বেয়া কাম কৰিবলৈ কয়?"
"বেয়াকাম বিভিন্ন ধৰণৰ আছে৷ ভদ্ৰ মানুহৰ চকুত বেয়া, পুলিচৰ চকুত বেয়া, কেৰাণিৰ চকুত বেয়া৷ সকলো বেয়াতো আৰু একে ধৰণৰ নহয় ছাৰ৷ ওজন কৰি চাব লাগিব৷"
"তুমি দেখোন ফিলোচফাৰ৷"
"জি৷"
"পঢ়া শুনা কৰা হ'লে উন্নতি কৰিব পাৰিলাহেঁতেন৷"
"পাষ্ট ইজ পাষ্ট৷ বাদ দিয়ক৷"
"বাৰু৷ জানাই নিশ্চয়, যে মিতালীদেৱীৰ মাৰ্ডাৰ হৈছে৷"
"জানো৷ চেড কেছ৷"
"কেনেকৈ জানিলা?"
"চবে জানে৷ মই নাজানিম কিয়?"
"ঠিক আছে৷ কিভাবে মাৰ্ডাৰ হৈছে?"
"ষ্টেবিং৷"
"বাৰু, তুমি যেতিয়া মিতলীক লৈ পলাই গৈছিলা, বৰুণ ঘোষে পুলিচত ৰিপোৰ্ট কৰা নাছিল?"
"কৰিছিল ছাৰ৷"
"পুলিচে তোমাক এৰেষ্ট কৰিছিল?"
"কৰিছিল৷ মিতালী গুছি অহাৰ পিছত৷"
"তোমাৰ জেল হৈছিল?"
"নাই৷ জামিন পাইছিলো৷ পুলিচে কেছটো পাৰছু নকৰিলে৷"
"কিয় কৰা নাই?"
"বৰুণবাবুৱে বোধহয় পাবলিচিটিৰ ভয়ত পিছ হুঁহুকিছিল৷"
"পুলিচে তোমাক মাৰপিট কৰিছিল?"
"জি৷"
"তোমাৰ খং উঠা নাছিল?"
"নাই ছাৰ৷ কাক খং কৰিম৷ আমাৰ লাইফটোৱেই এনেকুৱা৷"
"মিঠু মিত্ৰৰ সৈতে তোমাৰ বন্ধুত্ব কেনেকৈ হৈছিল?"
"ভালকৈ মনত নাই৷"
"মনত পেলোৱা৷ কথাটো জৰুৰি৷"
"যিমান খিনি মনত আছে তেওঁ মোক বিচাৰি উলিয়াইছিল৷"
"কেতিয়া? বিয়াৰ আগত নে পিছত?"
"বিয়াৰ পিছত৷"
"কিমান দিন পিছত?"
"মিতালীয়ে তেওঁক এৰি অহাৰ পিছত৷"
"মিঠু মিত্ৰই তোমাক বিচাৰি উলিয়াইছিল কিয়?"
"তেওঁৰ এটা ৰং আইডিয়া আছিল৷"
"কেনেকুৱা?"
"তেওঁ ভাবিছিল মই মিতালাক পিছফালৰ পৰা ফুচুলাইছো, সেয়ে মিতালীয়ে তেওঁৰ সৈতে থাকিব খোজা নাই৷"
"তেওঁ কি তোমাক থ্ৰেট কৰিছিল?"
"নাই ছাৰ৷"
"তেনেহ'লে?"
"তেওঁ মোক মাৰিছিল?"
"কি কোৱা? তোমাৰ গাত হাত? তুমি বোলে মাস্তান!"
"হয়৷ কিন্তু তেতিয়া তেওঁৰ হুচ নাছিল৷ খঙত বলিয়াৰ দৰে হৈ গৈছিল৷"
"তুমি উল্টাই মাৰা নাই?"
"কেৰাটে কংফুৰ লগত কি যুঁজিব ছাৰ?"
"তোমাৰ দলৰ মানুহ?"
"দুই এজনে হাত ভৰি চলাইছিল৷ কামত নাহিল৷"
"তাৰপিছত?"
"তাৰপিছত তেওঁ ভুলটো ধৰিব পাৰে৷"
"তাৰপিছতেই বন্ধুত্ব হৈ গ'ল?"
"বহুখিনি তেনেকুৱাই৷ অলপ সময় লাগিছিল৷"
"বন্ধুত্ব এতিয়াও আছে নে?"
"অলপ চলপ আছে৷ দেখা দেখি হ'লে উইছ কৰো৷"
"মিঠুৰ সৈতে লাষ্ট কেতিয়া দেখা হৈছিল?"
"মনত নাই৷"
"মনত পেলোৱা৷"
"তেনেকুৱা সময়তে হ'ব৷"
"কেনেকুৱা সময়?"
"মিতালীৰ মাৰ্ডাৰৰ ওচোৰা ওচৰি৷"
"নে সিদিনাই?"
"হ'বও পাৰে৷"
"কেতিয়া দেখা হৈছিল?"
"আবেলিৰ পিনে?"
"কেনেকৈ?"
"মই মন্টুৰ দোকানৰ সন্মুখত ৰৈ আছিলো৷ তেওঁ বাইকত উঠি গুছি যায়৷"
"তোমাৰ লগত কথা হৈছিল সিদিনা?"
"নাই৷ তেওঁ দেখা পোৱা নাছিল মোক৷"
"তুমিতো নিশ্চয় জানা যে মাৰ্ডাৰটো হৈছিল দ্বিতীয় মহলাত, মিতালীদেৱীৰ শুৱনি কোঠাত৷ ৰাতি এটাৰ পৰা দুটাৰ ভিতৰত৷"
"জি৷ চব জানো৷ বাতৰি কাকতত পঢ়িছো৷"
"এই চুবুৰিটোত ৰাতি নাইট গাৰ্ডে পহৰা দিয়ে নে?"
"জি৷ ময়ো দিওঁ৷ চোৰ-ডকাইতৰ কাৰণে শান্তি নাই৷"
"সেই ৰাতি তোমাৰো ডিউটি আছিল নেকি?"
"নাই ছাৰ৷ মোৰ মাহত দুদিন পৰে৷ হ'লেও নাইট গাৰ্ডৰ কোনেও সিদিনা ৰাতি একো সন্দেহজনক দেখা নাছিল৷"
"তুমি সিদিনা ক'ত আছিলা?"
"ঘৰতেই আছিলো৷"
"জি৷ চব জানো৷ বাতৰি কাকতত পঢ়িছো৷"
"এই চুবুৰিটোত ৰাতি নাইট গাৰ্ডে পহৰা দিয়ে নে?"
"জি৷ ময়ো দিওঁ৷ চোৰ-ডকাইতৰ কাৰণে শান্তি নাই৷"
"সেই ৰাতি তোমাৰো ডিউটি আছিল নেকি?"
"নাই ছাৰ৷ মোৰ মাহত দুদিন পৰে৷ হ'লেও নাইট গাৰ্ডৰ কোনেও সিদিনা ৰাতি একো সন্দেহজনক দেখা নাছিল৷"
"তুমি সিদিনা ক'ত আছিলা?"
"ঘৰতেই আছিলো৷"
তুমি সিদিনা ক'ত আছিলা?"
"ঘৰতেই আছিলো৷"
"তোমাৰ কোনোবা গাৰ্লফ্ৰেণ্ডৰ লগত?"
"তেনেকৈয়ে ধৰি লওঁক৷"
"তদন্তৰ কাৰণে তাইকো লাগিব পাৰে৷ নাম ঠিকনা দিয়া৷"
"ঠিকনা চিকনা নাজানো ছাৰ৷ নাম কৈছিল ৰীতা দাস৷"
"কেনেকুৱা ছোৱালী? প্ৰষ্টিটিউত নে বেলেগ?"
"অলপ বেলেগ৷"
"কেনেকুৱা?"
"অলপ হায়াৰ ক্লাছৰ৷"
"তোমালোক ক'ত আছিলা?"
"পঞ্চল্লিশ নম্বৰ ঘৰটোৰ পিছত মোৰ ৰুম৷ তাতেই আছিলো৷"
"ছোৱালীজনী ক'ত?"
"নাই৷ পিছদিনা ৰাতিপুৱা উঠি দেখো হাৱা৷"
"হাৱা? তোমাক কৈ যোৱা নাই?"
"নাই ছাৰ৷ ৰাতি মোৰ টোপনি অলপ বেছি হৈছিল৷ টেৰ নাপালো৷"
"তেওঁৰ সৈতে কেতিয়া তোমাৰ প্ৰথম দেখা হয়?"
"দুদিন আগতে৷"
"কেনেকৈ দেখা হৈছিল?"
"মই অলপ চলপ ড্ৰিঙ্ক কৰো এখন দেশী মদৰ দোকানত৷ তাতেই৷"
"কোনে কথা আৰম্ভ কৰিছিল? তুমি নে ছোৱালীজনীয়ে?"
"ছোৱালীজনীয়ে৷"
"বাৰখন ক'ত?"
"বাৰ নহয় ছাৰ, দোকান৷ ওচৰতে৷ ভৱানীপুৰত৷"
"তাইক আগতে কেতিয়াবা দেখিছা?"
"নাই৷"
"অলপ চুটি-চাপৰ, খীণ-মীণ চেহেৰা নেকি?"
"অ', আপুনি জানে নেকি ছাৰ?'
"চিনো যেন লাগিছে৷ এইবাৰ ভালদৰে ভাবি চিন্তি কোৱা, সেইদিনা- অৰ্থাত মিতালীদেৱীৰ হত্যাৰ দিনা তুমি কেতিয়া ড্ৰিঙ্ক কৰিবলৈ আৰম্ভ কৰিছিলা?"
"ৰাতি আঠটাৰ পৰাই সাধাৰণতে আমি খাওঁ৷"
"ঘৰত বহি খাইছিলা?"
"হয়৷"
"ছোৱালীজনীয়েও খাইছিল নেকি?"
"অলপ চলপ৷"
"কেতিয়া শুবলৈ গৈছিলা?"
"ঘড়ী চোৱা নাই৷ কিন্তু সিদিনা মালটো অলপ বেছি টানি দিছিলো ছাৰ৷"
"সময়টো ক'ব নোৱাৰিবা?"
"বোধহয় এঘন্টা মানৰ ভিতৰতেই শুই পৰিছিলো৷ ৰীতাই এটা পাঞ্চ তৈয়াৰ কৰিছিল৷ মজাৰ বস্তু৷"
"পাঞ্চ?"
"অ'৷ দুই তিনিটা মদ মিক্স কৰি৷"
**
যিজন মানুহে দুৱাৰ খুলিলে তেওঁ চাইনীজ চেহেৰাৰ লোক৷ বেশ স্বস্থ্যৱান৷ শৱৰে তেওঁলৈ দুছেকেণ্ড চাই ৰ'ল৷
"হু ডু ইয়ু ৱান্ট?"
"এইটো তোমাৰ ৰুম নেকি?"
"অফ কোৰ্স?"
"ইয়াত ৰীতা দাস বুলি কোনোবা থাকে?"
"ন'৷ আই লিভ এলোন৷"
"জুলেখা শৰ্মা বুলি কোনোবা?"
"নো৷ হু দি হেল আৰ ইউ?"
"পুলিচ ইন্টেলিজেন্স৷"
"মাই গড! কাম ইন৷"
ৰুমত সোমাই শৱৰে চাৰিওফালে চাই ল'লে৷ বৰ্ডিং হাউছৰ ঘৰ যেনেকুৱা, তেনেকুৱাই৷ দহ বাই বাৰ চাইজৰ৷ দেৱালত গাঢ় ৰঙৰ ৱাল পেপাৰ লগোৱা৷ এখন সৰু বিচনা, টেবুলৰ ওপৰত এটা ষ্টেৰিঅ'ত মাইকেল জেক্সনৰ কেছেট বাজিছে, এটা ৱাৰড্ৰ'ব আৰু নিত্য ব্যৱহাৰ্য্য কিছুমান সামগ্ৰী৷ এখন লোহাৰ চকী আগুৱাই দি মানুহজনে ক'লে, "প্লিজ চিট ডাউন৷"
"তোমাৰ বয়স কিমান?"
"থাৰ্টি ছিক্স?"
"মেৰিড?"
"নট ইয়েট৷ ন' মানি টু মেৰি৷"
"কি কৰা?"
"এলিট চিনেমাৰ গলিত মোৰ বেগ নিৰ্মাণ কৰা কাৰখানা আছে৷ এ ভেৰি স্মল এন্টাৰপ্ৰাইজ৷"
"তুমি ইণ্ডিয়ান চিটিজেন?"
"অফক'ৰ্ছ৷"
"এইটো ৰুমত কিমান দিন আছা?"
"লাষ্ট টেন মান্থ৷"
"ৰীতা দাস বা জুলেখা শৰ্মা নামৰ কোনোবা ছোৱালীক জানা?"
"ন'৷"
"ইয়ালৈ কোনোবা ছোৱালী আহে?"
"নাই নাই৷ সেইবোৰ ইয়াত নহয়৷"
"তেনেহ'লে ক'ত হয়?"
"ইফ আই নিড এ গাৰ্ল আই গো টু হাৰ৷"
"ঠেঙ্ক ইউ৷"
**
"আপোনাৰ নাম?"
"সুনীতা ৰয়৷"
"আপুনি এইখন স্কুলৰ ফিজিকেল ইনষ্ট্ৰাক্টৰ?"
"হয়৷"
"কিমান দিন ইয়াত কাম কৰিছে?"
"এঘাৰ-বাৰ বছৰ হ'ব!"
"জুলেখা শৰ্মা নামৰ কোনোবাই ইয়াত কাম কৰে?"
"নাই৷ কেতিয়াও কৰা নাই৷"
"চাপৰ-চুটি, ক্ষীণ-মীণ চেহেৰা৷ পুলিচ অফিচাৰৰ নাতিনী৷"
"নাই৷ তেনেকুৱা কোনেও ইয়াত কাম নকৰে৷"
"আপোনালোকৰ ষ্টাফৰ সকলো আজি উপস্থিত আছেনে?"
"অ'৷ ফুল ষ্টাফ৷"
"মই এবাৰ চাব পাৰিমনে তেওঁলোকক?"
"পাৰিব৷ হ'লেও কেবাজনো এতিয়া ক্লাছত আছে৷"
"মই অপেক্ষা কৰিম৷"
"অ'কে৷"
**
"নমস্কাৰ জয়ীতা দেৱী৷"
"নমস্কাৰ৷"
"মোক দেখি চাগে আপুনি ভাল পোৱা নাই৷ পুলিচৰে দূৰ্ভাগ্য, আমাক দেখিলে কোনো সুখী নহয়৷"
"নাই নাই৷ আপুনিতো আপোনাৰ কাম কৰিছে৷ বহক৷"
"আজি বেছি জেৰা কৰিবলগীয়া নাই৷ মাত্ৰ দুই এটা প্ৰশ্ন৷"
"কওঁক৷"
"মিতালীদেৱীৰ ঘৰৰ পৰা হত্যাৰ ৰাতি কেইটামান বস্তু চুৰি হৈছিল৷"
"হয়৷ শুনিছো৷"
"বহু সময়তে হত্যাকাৰীয়ে তাৰ মোটিভটো লুকুৱাবলৈ চুৰি কৰাৰ নাটক কৰে৷ আমাৰ এঙ্গল অফ এনকোৱাৰিত সেয়ে আমি চুৰিকাৰ্য্যটোক প্ৰাধান্য দিয়া নাই৷ তেওঁ কলকাতা কাস্তমত যি ডিক্লিয়াৰেছন দিছিল তাত দেখিছো তেওঁ লগত মাত্ৰ দুশ ডলাৰ আনিছিল৷ এডাল হাৰ আৰু এযোৰ খাৰুৰ বাদে সোণ চোনো বিশেষ নাছিল৷ তেওঁৰ সকলো গহনা আমেৰিকা আৰু কলকাতাৰ বেঙ্কৰ ল'কাৰত আছে৷ গতিকে চুৰিৰ পৰিমাণ বেছি নহয়৷ এই ক্ষেত্ৰত আপুনি কিবা জানে নেকি?"
"জানো৷ মিতালীবাৰ হেণ্ডবেগত দহ হাজাৰ ডলাৰ আছিল৷"
"দহ হাজাৰ? কয় কি?"
"টকাখিনি তাই মোক দেখুৱাইছিল৷"
"সেই হেণ্ডবেগত আৰু কি আছিল?"
"কিছু গহনা৷"
"ইমান টকা কিয় আনিছিল জানে? যিহেতু ইয়াৰ বেঙ্কতো তেওঁৰ যঠেষ্ট টকা আছিল৷"
"জানো৷ মিতালীবা অলপ আনচিষ্টেমেটিক ধৰণৰ৷ অলপ অন্যমনস্কও৷ ভাৰতলৈ আহিবৰ সময়ত দেখে যে গাৰুৰ তলত ডলাৰৰ বাণ্ডলটো পৰি আছে৷ টকাখিনি এৰি থৈ আহিলে চুৰ কৰাৰ ভয় আছিল৷ সেয়ে দৌৰা দৌৰিতে হেণ্ডবেগতে ভৰাই লয়৷ হেণ্ডবেগটো কি চুৰি হৈছে?"
"নাই৷ কিন্তু ডলাৰখিনি আৰু গহনা চুৰি হৈছে৷"
"ইছ৷ বহুত টকা, নহয়নে?"
"হয়৷ চুৰিৰ এঙ্গলটোকে এতিয়া আমি গুৰুত্ব দিছো৷ কওঁকচোন, ভাৰতলৈ অহাৰ পিছত কোনোবা ছোৱালীয়ে মিতালীদেৱীৰ সৈতে দেখা কৰিবলৈ আহিছিল নেকি?"
"বহুত আহিছিল৷ তাইৰ বান্ধৱী৷ দৈনিক আহিছিল৷"
"সিহঁতৰ কথা কোৱা নাই৷ বান্ধৱীৰ বাদে আন কোনোবা৷"
"মইতো বেছি ভাগ সময় ঘৰত নাছিলো৷"
"চুটি চাপৰ, ক্ষীণ-মীণ চেহেৰাৰ কোনোবা? মিঠা বৰণীয়া?"
"মনত পৰা নাই৷"
"ভালকৈ মনত পেলাই চাওঁকচোন৷"
জয়ীতাই ভাবিলে৷ তাৰপিছত মূৰ জোকাৰি ক'লে, "নাই৷ কিন্তু.."
"কিন্তু?"
"এদিন এটা ফোন আহিছিল৷"
"কওঁকচোন৷"
"ফোনটো কৰিছিল এজনী ছোৱালীয়ে৷ ময়েই ফোন ধৰিছিলো৷ মিতালীবাক বিচাৰিছিল কাৰণে মই তেওঁক ফোনটো দিওঁ৷ বহু সময় ধৰি কথা পাতিছিল৷ ফোনটো কটাৰ পিছত মিতালীবাৰ বৰ খং উঠিছিল৷ মোক ক'লে, কি ফাল্টু কাৰাবাৰ চা চোন৷ এইবিলাকতো ব্লেকমেইল৷"
"হয় নেকি? আপুনি জানিব খোজা নাছিল কোনে ফোন কৰিছিল?"
"খুজিছিলো৷ মিতালীবাই কৈছিল, কোনোবা অভদ্ৰ তিৰোতা৷ অচিনাকি৷ বেয়া বেয়া কথা কৈছিল৷"
"বছ! আৰু একো নাই?"
"নাই৷ কথাটোত মিতালীবাই সিমান গুৰুত্ব দিয়া নাছিল৷ হ'লেও তাইৰ খং উঠিছিল, সেইটো মনত আছে৷"
***