মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
চতুৰ্থ অধ্যায়
একেজন ব্যক্তিৰেই ৰাতিপুৱা এটা ৰূপ, দুপৰীয়া আন এটা ৰূপ, আবেলি একেবাৰে বেলেগ এটা ৰূপ৷ ধৰাহ'ল ব্যক্তিগৰাকীৰ নাম, ৰমেন বা শ্যামলী৷ ৰাতিপুৱাৰ ৰমেন বা শ্যামলী বেছ মৰমিয়াল, উদাৰচিতিয়া, হাঁহি মুখীয়া৷ দুপৰীয়াৰ ৰমেন বা শ্যমলী নানা ধৰণৰ উদ্বেগ আৰু চাপত ভাৰাক্ৰান্ত, খিংখিঙিয়া, মৰামুৱা আৰু কঞ্জুছ৷ আৱেলিৰ ৰমেন বা শ্যামলী ক্লান্ত, উদ্দেশ্যহীন, হতাস৷ এই যে একেজন ব্যক্তিৰেই বিভিন্ন প্ৰকাশ বা স্ফুৰণ ধৰিব পৰাটোৱেই হৈছে চুৰান্ত বিচক্ষণতা৷ ৰমেন বা শ্যামলীৰ মাজতো পাৰ্থক্য আছে৷ ৰমেন হয়তো ৰাতিপুৱা খিংখিঙিয়া আৰু দুপৰীয়া নৰম, শ্যামলী তাৰ ওলোটা৷ একেজন মানুহেই বিভিন্ন সময়ত, বিভিন্ন পৰিস্থিতিত, বিভিন্ন চাপত, বিভিন্ন উদ্বেগ আৰু ব্যস্ততাৰ বাবে অন্য এক মানুহত পৰিণত হয়৷ ৰাতিপুৱাৰ ৰমেনক দুপৰীয়া দেখিলে ৰমেন বুলি ভাবেই নহ'ব৷ দুপৰীয়াৰ শ্যামলীক যদি বনলতা সেন যেন লাগে, ৰাতি তেওঁকেই আকৌ বান্ধৱগড় জংঘলৰ ভালুক যেন লাগিব পাৰে৷ জীৱন যে এনেকুৱাই৷ ৰবীন্দ্ৰনাথেতো কৈয়েই গৈছে, তেওঁৰ জীৱনটো হ'ল অসংখ্য ৰবীন্দ্ৰনাথক লৈ গঢ়া এডাল মালা৷ হোৱাট এন এক্সপ্ৰেছন! লা জবাব৷
এই যে সমীৰণৰ মানৱ-চৰিত্ৰ সম্পৰ্কে সুগভীৰ গবেষণালব্ধ জ্ঞান, আজি সেই জ্ঞানকেই অস্ত্ৰ কৰি আগুৱাব লাগিব৷ শ্ৰী ৰাধিকাই অভিসাৰলৈ যোৱাৰ দৰেই৷ পথ দুৰ্গম, কাইটীয়া, সাপে ফোঁচ ফোঁচ কৰিছে, পিছলি পৰিলে আলুৰ দম হোৱাৰ চান্স আছে৷ তেতিয়া খাদ্য যেনেকৈ অন্তৰমহললৈ সমাই যায়, সিওঁ যাব৷
ৰিক্সটো লোৱাৰ প্ৰয়োজন নাছিল৷ কিন্তু কালি জুলেখাই কৈছে আজিৰ পৰা তাই থাকিব নোৱাৰিব৷ তাইৰ গিৰীয়েক বেঙ্গোলৰৰ পৰা উভতি আহিছে৷ এই নতুন খবৰটোত অত্যন্ত বিচলিত হৈ সমীৰণে ক'লে, "তুমিতো বিয়াই কৰোৱা নাই!"
মৃদু হাঁহি মাৰি জুলেখাই ক'লে, "তেনেকৈ ক'ব লগা হয়৷ "
"কোনটো সঁচা কোৱাচোন৷ আগতে যিটো কৈছিলা সেইটো নে এতিয়া কোৱাটো?"
"যিকোনো এটা৷ বাট আই এম লিভিং৷"
কথাটোৱে তাৰ মূৰত বজ্ৰঘাত কৰিলে৷ সি পাপী৷ কোনেনো নাজানে, পাপীবোৰৰ বাবেই পৃথিৱীত যত ভয়-ভীতিৰ আয়োজন৷ নিচা কৰিলে সি নানা ধৰণৰ অদ্ভুত অদ্ভুত বস্তু দেখিবলৈ পায়৷ অকলে ফ্লেটত থকা তাৰ পক্ষে অসম্ভৱ৷ ক্ষণিকাক ওভোতাই নানি আৰু উপাই নাই৷
হ'লেও হিউমেন নেছাৰ সম্পৰ্কে তাৰ জ্ঞান গভীৰ বুলিয়েই তাৰ দৃঢ় বিশ্বাস৷ ৰাতিপুৱাৰ ভাগত ক্ষণিকাৰ মেজাজ ভালে থাকে৷ এই সময়খিনিত তাই হাঁহি, ধেমালী বুজি পায়, বৰ মৰমীয়াল হৈ উঠে তাইৰ চকুৰ চাওঁনি৷ ফুল অৱ হিউমেন কাইণ্ডনেছ৷ তাইৰ হৃদয় বাল্টি তেতিয়া উপচি পৰে মমতাৰে৷
সেয়ে আজি ৰাতিপুৱা, অৰ্থাত পুৱা চাৰে আঠটাত, সি অত্যন্ত মলিন মুখেৰে আহি বহি আছে ক্ষণিকাৰ মাকৰ ঘৰৰ ড্ৰয়িং ৰুমত৷ সি দাঢ়ি খুৰোৱা নাই, পৰিস্কাৰ কাপোৰ পিন্ধা নাই আৰু মুখত হাঁহি নাই৷ ডোৰবেল বজোৱাৰ পিছত চাকৰণীয়ে আহি দুৱাৰ খুলি বহাই থৈ গৈছে৷ কোঠাটো আহল বহল৷ চোফাচেট, বুক কেছ, কাশ্মিৰী কাঠৰ পাৰ্টিছনেৰে সুন্দৰকৈ সজোৱা কোঠা৷
এজনী চাৰিবছৰীয়া ছোৱালীয়ে একোণত বহি পুতুলাৰে খেলিছে৷ অলপ পৰ তালৈ চাই থাকি সুধিলে, "তুমি কোন নো?"
"মই! মই এজন পাপী৷"
"পাপী কি?"
"এ মেন ফুল অফ ভাইছেছ৷ এ চিনফুল মেন৷"
"তুমি আমাৰ মাৰ বয়ফ্ৰেণ্ড?"
ওঃ, তেনেহ'লে এইজনীয়েই ক্ষণিকাৰ জীয়েক৷ ক্ষণিকাই প্ৰায়ে তাইৰ জীয়েকৰ কথা কৈ থাকে৷ মাকৰ ঘৰত তাইৰ অকলশৰীয়া বায়েকৰ জিম্মাত থাকে৷ সেয়ে ক্ষণিকাই মুকলি মনে ঘূৰা-ফুৰা কৰিব পাৰে৷
"মই এজন পাপী, মাইনা৷"
চাকৰণীয়ে চাহ লৈ আহিল৷ ক্ষণিকা নাহিল৷ হ'লেও চাহ অহাটো ভাল লক্ষণ৷ বৰফ গলিবলৈ আৰম্ভ কৰিছে৷ ইগোৰ চৌকাঠডাল ডাঙিব পৰা নাই৷ লাজৰ লতাই যেন মেৰিয়াই ধৰিছে অভিসাৰলৈ ওলোৱা শ্ৰী ৰাধিকাৰ দুয়োখন ভৰি৷ এটা গল হেকাৰণি মাৰিলে সমীৰণে৷
সৰু ছোৱালীজনীয়ে হামটি-ডামটি গানটো গাইছে৷ আজিকালি কেইটা শিশুৱেনো গায়? সমীৰণে চাহত চুমুক দিলে৷ এইখিনি সময়তে ক্ষণিকাৰ হৃদয়-বাল্টি ভৰি থাকে ফেন ওপোচা মমতাৰে৷ এই সময়ত তাই ভিক্ষাৰীকো লঘু নকৰে৷ শিশুটিৰ গানত উদ্বুদ্ধ হৈ সমীৰণে বিৰবিৰালে, "লঘু কৰিব নেকি তাক?"
টোপনি টোপনি চকুৰে গাৰ এঙামুৰি ভাঙি ভাঙি ধীৰ খোজেৰে ভিতৰৰ দুৱাৰ মুখত আহি ৰ'ল ক্ষণিকা৷ চকুত নিস্পৃহ চাওঁনি৷ সোলোক-ধোলক ড্ৰেগনৰ ছবি থকা এটা কিমোনো পিন্ধনত৷ চুলিবোৰ অবিন্যষ্ট৷ চকুত অপাৰ বিস্ময়৷
এই সকলোবোৰ যে অভিনয় সেয়া জানে সমীৰণে৷ সেই চাৱনি, সেই ধীৰ তাচ্চিল্যৰ ভঙ্গিমা, সেই উপেক্ষাৰ ভাৱ- এইবোৰৰ আঁৰতেই আছে সেই আমোঘ বাল্টিটো৷ তলকবলক কৰি আছে মমতাৰে৷
বিহ্বল হ'ব লগীয়া নাই৷ চাহৰ কাপটো লাহেকৈ নমাই থৈ অপৰাধীৰ দৰে তল মূৰ কৰি বহি ৰ'ল সি৷ এয়াও অভিনয়৷ কামাল হাসান বা নাচিৰুদ্দিন চাহৰ সৈতে এতিয়া ফেৰ মাৰিব পাৰিব সি৷
"তুমি?"
প্ৰশ্নটোৰ উত্তৰ নিদিলে সমীৰণে৷ দিব লগীয়া নহয়৷ খুব লাহে লাহে সি থিয় হ'ল৷ চকু মজিয়াত৷
সৰু ছৱালীজনীয়ে হঠাৎ কৈ উঠিল, "এই মানুহজন পাপী জানানে মা?"
ক্ষণিকাই এটা দীৰ্ঘ নিশ্বস এৰি ক'লে, "জানো, তেনেকুৱা কথা ক'ব নাপায়৷ ছিঃ৷"
"বাঃ, তেঁৱেতো ক'লে৷"
বেছি সময় কান্ধ পেলাই থকাৰ বাবে সমীৰণৰ কান্ধ টনটনাইছিল৷ হ'লেও থাকিবলগীয়া হৈছে৷
ক্ষণিকাই সন্মুখলৈ আহি চোফাত লাহে ধীৰে বহিল৷ ক'লে, "বহা৷"
মাতটো কোমল৷ সমীৰণে খুব সাবধানে লাহে লাহে বহিল৷
"জুলেখা গ'ল তাৰমানে? ৰাখিব নোৱাৰিলা?"
সমীৰণে সামান্য চৰ্চৰণি খালে৷ ভগা ভগা মাতেৰে সি ক'লে, "জানা?"
"নাজানিম কিয়? তুমি ওলাই যোৱাৰ পিছত প্ৰায়ে গৈ মই চাই আহো৷ নৱৰ মাকৰ সৈতে কথা পাতো৷"
সমীৰণে এটা দীৰ্ঘশ্বাস পেলাই ক'লে, "পাপ কেতিয়াও লুকাই নাথাকে৷"
"সেয়া নাজানো৷ কিন্তু যাকে তাকে মাতি আনিছা? আজিকালি কেনেকৈ এইডছ হ'ব ধৰিছে দেখা নাই?"
"পাপৰ ফল মৃত্যু৷ জানো৷ কিয় মোক অকলে অকলে এৰি থৈ আহা কোৱাচোন৷ তুমি কি নাজানা নেকি মই যে অকলে থাকিব নোৱাৰো? বিশেষকৈ তোমাক এৰি? সেয়ে জুলেখাক খেদি পঠাইছো৷ হয় তোমাক লগত লৈ যাম, নহ'লে দেউতাই পাৰমেনেন্টলি বেংগোলৰলৈ পঠাব খুজিছে, তালৈ গুছি যাম৷"
"জুলেখাক তুমি খেদা নাই৷"
"দস্তুৰমত খেদিছো৷ বোলা চাই আহিবা৷"
"চোৱাৰ প্ৰয়জোন নাই৷ জুলেখাক খেদিছো মই৷"
"তুমি?"
"ওঁ, কালি আবেলি তাইক মই ফোনত পাইছিলো৷"
"ওঃ, তুমি মহিয়সী৷ তুমি কি জানা তোমাৰ নিচিনা.."
"হ'ব৷"
"ক্ষণিকা, ক্ষমা-"
"আৰু নহ'ব সমীৰণ৷ আৰু একোতেই.."
"আৰু কেতিয়ও..."
"তোমাৰ কথাৰ কোনো ভেল্যু...."
"প্ৰমিজ৷ এবাৰ মাত্ৰ.."
"নাই, প্লিজ৷ গুছি যোৱা.."
"দয়া কৰা..."
"ওঃ সমীৰণ.."
"তোমাক এৰি.."
"মা, সেই মানুহজন পাপী নেকি?"
"ছিঃ তোটন.."
"মই পাপী৷ পঞ্চ-মৰ.."
"উঃ, তেনেকুৱা নকৰিবা চোন.."
"এবাৰৰৰ বাবে..."
"কি বিৰক্তিকৰ দেই..."
"সোণজনী মোৰ..."
"বাঙ্গালোৰলৈকেই যোৱা না.."
"নাই, নাই, তোমাক এৰি স্বৰ্গও..."
"মিছা কথা, মিছা কথা, ভূতৰ ভয়ত..."
"ভৰিত ধৰিছো.."
"বাৰু বাৰু, হ'ব.."
চল্লিশ মিনিট পিছত গাড়ীত ওচোৰা ওচৰিকৈ বহি সিহঁত উভতি আহিছিল৷ ক্ষণিকাৰ গোল মুখখনিত তেতিয়াও ৰাতিপুৱাৰ সেই অপৰাগ দয়াশীলতা৷ টোপনি টোপনি চকু৷ অলস দৃষ্টিৰে সন্মুখৰ পিনে চাই থাকি ক'লে, "মিঠু মিত্ৰৰ লাভাৰ কোন, কোৱাচোন?"
"মিঠুৰ লাভাৰ? যাঃ৷ কোনো নাই৷"
"আছে৷"
"কেনেকৈ জানিলা?"
"জানো৷ হি হেজ এ লাভাৰ৷ তোমাৰ বান্ধৱীয়ে কৈছিল৷"
"কোন বান্ধৱী?"
"ডেট পোৰ ৰেচেড গাৰ্ল৷ মিতালী৷"
"কি কৈছিল?"
"খুব মাতাল হৈ গৈছিল সিদিনা৷ মোৰ কান্ধত মূৰ থৈ কান্দিছিল এটা সময়ত৷ তেতিয়া কৈছিল, "ডু ইউ নো হি হেজ এ লাভাৰ? চি লাভছ হিম৷"
কিছুপৰ মনে মনে গাড়ী চলাই গ'ল সমীৰণে৷ তাৰপিছত সতৰ্ক কন্থৰে সুধিলে, "ছোৱালীজনীৰ নাম কি?"
"সেইটো নক'লে৷ সেয়াইতো জানিব খুজিছিলো৷"
সমীৰণে মূৰ জোকাৰি ক'লে, "মই নাজানো৷ হ'লেও তোমাক কথা এটা কওঁ৷ মাতালৰ কথাত বিশ্বাস নকৰিবা৷"
"নকৰো৷ কিন্তু মিতালীক সিদিনা লক্ষ্য কৰিছিলা? চি ৱাজ এক্সট্ৰিমলি ডিষ্টাৰ্বড৷ আৰু সেই কাৰণেই সিদিনা বুৰ্কৰ দৰে মদ খাইছিল৷ ডিষ্টাৰ্বড হৈ থকাৰ কিবা কাৰণতো আছে৷"
"কথাটো লজিকেল নহয়, যে চি ৱাজ ইন লাভ উইথ মিঠু৷"
"লজিকেল নহয় কিয়?"
"ডিভোৰ্ছৰ ইমান দিনৰ পিছত বৰং ইমান দূৰৈৰ এখন দেশত থাকি হঠাতে প্ৰেমত পৰি যোৱাতো কি স্বাভাবিক?"
"একেবাৰে স্বাভাবিক৷ মিতালীৰ বিয়া হৈছিল কম বয়সত৷ তেতিয়া তাই মেচিঅ'ৰ্ড নাছিল৷ পিছত যেতিয়া গোটেই ঘটনাটো ঠাণ্ডা মাঠাৰে ভাবিলে তেতিয়া বুজিব পাৰিছে, কথাটো ঠিক হোৱা নাই৷ মিঠু মিত্ৰতো সাংঘাতিক ভাল মানুহ৷ টল, হেণ্ডচম, কাৰেজিয়াছ এণ্ড কাম৷ কোৱাইট লাভেবল৷"
সমীৰণে মনে মনে থাকিল৷ তাৰপিছত ক'লে, "এনিৱে, সেই ৰিডচক'ভাৰী অফ লাভৰ পৰাই হয়তো তেনেকুৱা ৰেষ্টলেছ হৈ পৰিছিল৷"
"মুঠেও নহয়৷ চি ৱাজ ডিষ্টাৰ্বড বিকজ চি কেম টু ন' ডেট দিয়াৰ ৱাজ এনাডাৰ অ'মেন৷"
"তুমি চিঅ'ৰ?"
"চিঅ'ৰ৷'
"কোন হ'ব পাৰে?"
"লেট আছ থিংক৷"
ক্ষণিকাই চকু মুদি ধ্যানস্থ হ'ল৷ সমীৰণে ধ্যানস্থ হ'বলৈ সাহ নকৰিলে, কাৰণ সি গাড়ী চলাই আছে৷
বেছ কিছু সময় পিছত ক্ষণিকাই চকু মেলি ক'লে, "এটা কথা মনত পৰিছে৷"
"কি কথা?"
"এজনী ছোৱালীয়ে টেবুলত বিৰিয়ানি চাৰ্ভ কৰিছিল৷ বয়স বিশ-একৈশ হ'ব৷ পিন্ধনত এখন সেউজীয়া ৰঙৰ গাড়োৱাল আছিল৷ মুখখন বৰ মৰমিয়াল৷ অকণমান ড্ৰিমি মুখ৷ চকু দুটা বৰ শান্ত৷ মনত আছে?"
অলপ গহীন হৈ সমীৰণে ক'লে, "তোমাৰ মনত থকিব পাৰে, ডিনাৰৰ সময়ত মোৰ বাহ্যিক জ্ঞান নাছিল৷"
"ডিনাৰৰ আগতেও তাইক দেখিছা নিশ্চয়৷ মনত পৰিছে?"
"মই ছোৱালীৰ পিনে নাচাওঁ৷"
"কেৱল চোৱাই নহয়৷ চকুৰেই গিলি পেলোৱা৷"
"বাৰু বাৰু, মোক ভাবিবলৈ দিয়া৷ তাৰ আগতে কোৱা, এই ছোৱালীজনীৰ বিষয়ে কি কৈছিল মিতালী?"
"একো কোৱা নাই৷ ছোৱালীজনীয়ে যেতিয়া বিৰিয়ানীৰ প্লেট লৈ কোঠাত সোমাইছিল তেতিয়াই মিতালীয়ে শিয়ৰি উঠি কৈছিল, চি চি ইজ ইন লাভ উইথ হিম৷"
"সেই ছোৱালীজনীকে মিন কৰিছিল?"
"অফকোৰ্ছ! ছোৱালীজনীক দেখিয়েই ৰিয়েক্ট কৰিলে৷ মোৰ জানিবলৈ মন গৈছে ছোৱালীজনী কোন?"
"সেউজীয়া শাৰী আৰু সেন্দুৰীয়া মুখ!"
"সেন্দুৰীয়া মুখ বুলি কোৱা নাছিলো৷"
"এনিৱে, মনত পৰা নাই৷ শুনা, ল'ৰা মানুহে কেতিয়াও ছোৱালী মানুহৰ কাপোৰলৈ মন নকৰে৷"
"তেনেহ'লে কি মন কৰে?"
"বেছিকৈ মন কৰে চকুযুৰি৷ দুই নম্বৰত মুখ৷"
"মুখৰ বৰ্ণনাওতো দিছিলো৷"
"ডেচক্ৰিপচন ইনকমপ্লিট৷ মই ভিজুৱেলাইজ কৰিব পৰা নাই৷"
"চুলিখিনি ষ্টেপ কাট কৰা৷"
"আৰু কিবা?"
"দুয়োফালে দুটা সৰুকৈ ভেড়ীয়া দাঁত আছে৷ হাঁহিলে ধুনীয়া লাগে৷"
"ধুৰ, সেইজনী চোন জয়ীতা৷"
"কোন তাই?"
"জয়ীতা, মিতালীৰ খুৰাকৰ জীয়েক ভনীয়েক৷"
"ধুৰ কিয় কৈছা?"
"তাই তেনেকুৱা ছোৱালীয়েই নহয়৷"
"কেনেকুৱা ছোৱালী?"
"ভীষণ ভাল ছোৱালী৷ ল'ৰাৰ সৈতে কথাই নাপাতে৷ অত্যন্ত লাজকুৰীয়া৷"
ক্ষণিকাই হাঁহি ক'লে, "লাজকুৰীয়া হ'লে মানে প্ৰেমত নপৰে?"
"সেইটো হয়৷ কিন্তু মিঠুৰ সৈতে তাইৰ যে কোনো কানেক্সন নাই৷"
"বিচাৰিলে ওলাবও পাৰে৷"
"ওলালেই যেনিবা, কি লাভ হ'ব?"
"জাষ্ট কৌতূহল৷"
সমীৰণে মিছিকমাছাককৈ হাঁহিছিল৷ ক'লে, "জয়ীতাই যদি কাৰোবাৰ প্ৰেমত পৰে, সেই বেচেৰাই ইহজনমতো জানিব নোৱাৰিব যে এজনী ছোৱালী তাৰ প্ৰেমত পৰিছিল৷"
"তেনেহ'লে মিতালীয়ে জানিলে কেনেকৈ?"
"ইউ কান্ট বি চিঅ'ৰ৷"
"আই এম চিঅ'ৰ৷"
"অ'কে অ'কে৷ মানি লৈছো৷ কিন্তু মনত ৰাখিবা, মিতালীয়ে সেই কথা কোৱাৰ সময়ত মাতাল অৱস্থাত আছিল৷"
"জানো৷ মই মিতালীক সম্ভালিছিলো৷ নেপকিনেৰে চকু মুখ মছি দি ঠাণ্ডা পানী খুৱাই হাতত ধৰি লৈ গৈ চোফাত বহাই থৈ আহিছো৷ চোফাত বহিয়েই হলহলাই বমি কৰি দিছিল৷ ভাগ্যে উঠাই লৈ গৈছিলো৷ নহ'লে ডিনাৰটোৱে পন্দ হ'লহেঁতেন৷"
সমীৰণে ভ্ৰু কোঁচাই ক'লে, "চামথিং ইজ টিকিং৷"
"হোৱাট টিকিং?"
"ইউ মে বি ৰাইট৷"
"আই এম ৰাইট৷"
"ক্ষণিকা, কথাটো শৱৰ দাশগুপ্তাৰ কাণত পৰিব লাগিলে হি উইল মেক দি গাৰ্ল আপ চাইড ডাউন৷"
"কিয়?"
"মানুহটো ভীষণ চালাক৷ তোমাকো জ্বলাব৷"
"ছোৱালীজনীক জ্বলালে তোমাৰ কি ক্ষতি? হেভ ইউ গট এ চফ্ট কৰ্ণাৰ ফৰ হাৰ?"
"আৰে নহয়, চি ইজ জাষ্ট এ কিড৷"
"মুঠেও নহয়৷ বিশ-একইশ বহুত বয়স৷ কেনেকুৱা ভনী বুলি কৈছিলা?"
"নিজৰ খুৰাকৰ জীয়েক ভনী৷ তাইৰ দেউতাক অৰুণ ঘোষ আমাৰ প্ৰফেছাৰ আছিল৷ মাই গড!"
"কি হ'ল?"
"এটা কথা মনত পৰিল৷ জয়ীতা হ'ল অনলি চাইল্ড৷ দুই ভায়েকৰ মাজত তায়েই একমাত্ৰ চাৰ্ভাইভিং সন্তান৷ মিতালীৰ নেক্স অফ কিন৷ জয়ীতা উইল ইনহেৰিট এভৰিথিং অফ মিতালী৷"
**
তেতিয়া কি তাইৰ তেৰ বছৰ? নে চৈধ্য? বোধহয় আশে পাশে৷ এলাহবাদ বেঙ্কৰ এটা বিশেষ ব্ৰাঞ্চত একাউন্ট খুলিবৰ বাবে তাইৰ বিৰাট ব্যাকুলতা দেখা গৈছিল৷ বিশেষ এটা কাউন্টাৰলৈ অকণমানি মুখখন আগবঢ়াই দি কৰুণ মাতেৰে কৈছিল, "মই এটা একাউন্ট খুলিব পাৰিম নেকি?"
মিঠুৱে কেই ছেকেণ্ড মান চাই থকি ধৰিব পাৰিছল৷ বিয়া ঘৰত ছোৱালীজনীয়ে ৰবীন্দ্ৰ সংগীত গাইছিল৷ মিঠুৰ কাণত বাজি আছে এটা কলি, সখি ভালবাসা কাৰে কয়, সে কি সকলি যাতনাময়...
অকণমান হাঁহি মিঠুৱে কৈছিল, "কিয় নোৱাৰিবা?"
ছোৱালীজনীয়ে হাঁহি বিহীন মুখেৰে কৰুণ চাওঁনিৰে মিঠুলৈ চাই আছিল৷ সেই বয়সতো তাই বুজিছিল, তাইৰ বায়েক মিতালীয়ে এই মানুহজনক ভীষণ অপমান কৰিছিল৷ অথচ মিঠুদাক তাইৰ কিমান যে ভাল নালাগিছিল বিয়াৰ দিনা৷ কেনেকুৱা ভদ্ৰ, কেনেকুৱা গহীন, কেনেকুৱা পাৰ্চোনেলিটি, আৰু কেনেকুৱা ধুনীয়া মেনলি চেহেৰা! মুগ্ধ, সন্মোহিত হৈ পৰিছিল তাই৷ সেই বয়সতে সেই তাইৰ প্ৰথম উখল মাখল বুকু৷ মিঠু যদি ভিনিহীদেউ হৈ থাকিলহেঁতেন, তেনেহ'লে নিজকে চম্ভালি ল'লেহেঁতেন তাই৷ কিন্তু বিয়াৰ পিছতেই মিতালীবাই তেনেকুৱা কৰিবলৈ ধৰিলে! তাৰপিছত এৰিয়েই দিলে৷ ভীষণ কষ্ট হৈছিল তাইৰ৷ আকৌ তাৰ লগে লগে এক অদ্ভুত আনন্দও৷
একাউন্ট খোলাৰ পিছত এদিন, মাত্ৰ এদিনেই এটা ভুল কৰি পেলাইছিল, যাৰ বাবে আজিও নিজকে ক্ষমা কৰিব পৰা নাই তাই৷ এদিন টকা উলিওৱাৰ অজুহাতত চেকৰ সৈতে ক্লিপ মাৰি অকণমানি নোট এখন দিছিল মিঠুক৷ তাত লিখা আছিল, হাউ ডিপলি আই লাভ ইউ৷
মিঠুৱে চেক খন ল'লে, নোটটো দেখিলে৷ তাৰপিছত গহীন হৈ পৰিল৷ ভীষণ গহীন৷ আৰু এটাও কথা নক'লে সিদিনা৷
ভয় আৰু লাজত সংকুচিত হৈ সিদিনা গুছি আহিছিল জয়ীতাই৷ পোন্ধৰ দিন পিছত আকৌ গৈছিল৷ নাই, আৰু কেতিয়াও ভুল কৰা নাই তাই৷ কেৱল একাউন্টৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ মূৰ তুলি চাব পৰা নাছিল তাই৷ কিন্তু তাইৰ বুকুখনে যে ইমান জোৰে শব্দ কৰিছিল সিদিনা, মিঠুৱে শুনা নাছিল?
শুনিছিল নিশ্চয়৷ সেয়ে ভদ্ৰ ভাবে এবাৰ সুধিছিল মাত্ৰ, "কেনে আছা?"
তাৰপিছত তিনি বছৰ ধৰি যিমানবাৰেই বেঙ্কলৈ গৈছে, সিমান বাৰেই তেওঁ ভদ্ৰ ভাবে একেটা প্ৰশ্নকে কৰিছিল, "কেনে আছা?"
জয়ীতাই মৃদু ভাবে কৈছিল, ভাল৷ আৰু তাইৰ বুকুৰ ভিতৰত উত্তাল হৈ উঠিছিল হৃৎপিণ্ডটো৷
তিনি বছৰ পিছত বেলেগ ব্ৰাঞ্চলৈ প্ৰমোচন হৈ গুছি গ'ল মিঠু৷ এবাৰ কৈয়ো নগ'ল৷ জয়ীতাই একাউন্ট বন্ধ নকৰিলে৷ অপেক্ষা কৰিলে৷
ৰসা ৰোডৰ পিনে তাইৰ যাবলগীয়া নহয়৷ হ'লেও স্কুলৰ পিছত মাজে মাজে তাই হ্ৰদৰ পিনে যাবলৈ ল'লে, প্ৰথমতে লগৰ লগত৷ পিছত অকলে অকলে৷ এলাহবাদ বেঙ্ক তেতিয়া তাইৰ বাবে পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাই৷ বেঙ্কৰ গেটৰ পৰা দূৰৈত এজোপা গছৰ আঁৰত থিয় হৈ থাকে৷ দেখা নহয়৷ এদিন সাহস কৰি সোমাইছিল৷ বহুতকে দেখিলে, যাক দেখাৰ প্ৰয়োজন নাছিল৷
তাৰপিছত এদিন দেখিলে, মিঠু ওলাই আহিছে৷ কোনোফালে নচোৱাকৈ তাৰ বিশাল মটৰগাড়ীখনত উঠি চোচোৱাই ক'ৰবালৈ গুছি গ'ল৷
যথেষ্ট৷ সেইখিনি দেখাও কম নহয়৷ তিনিদিন ধৰি সেই দেখাৰ জাৰ নাকাটিলে তাইৰ৷
এদিন মাকক কৈছিল, "আচ্ছা, মিঠুদায়তো ইচ্ছা কৰিলে এতিয়া বিয়া কৰাব পাৰে, ন' মা?"
"পাৰেতো৷ ইমান ভাল ল'ৰা৷"
"তেনেহ'লে কৰোৱা নাই কিয়?"
"কৰিব কৰিব৷ হয়তো কথা বতৰা চলি আছে৷ কোনে খবৰ ৰাখে মা?"
কোনেও খবৰ নাৰাখে৷ তাই ৰাখে৷ বৰদেউতাকৰ ঘৰ দুটা ষ্টপেজ দূৰৈত৷ তাই মাজে মাজে গৈ ওলায়, ইটো সিটো কথাৰ পিছত উলিয়াই মিঠুদাৰ কথা৷
বৰদেউতাক নিজৰ জীয়েকৰ ওপৰত সন্তুষ্ট নাছিল৷ কৈছিল, "মই একো ভুল কৰা নাছিলো৷ এদিন মিতালীয়ে বুজিব৷"
"বৰদেউতা, মিঠুদাই বিয়া নকৰায়?"
"নাজানো মা, মাজে মাজে আহে৷ খা-খবৰ লৈ যায়৷ লাজ সংকোচত তাক একো সুধিবও নোৱাৰা হৈছো৷ বিয়াতো কৰবাই লাগে৷"
বেছিদিন আগৰ কথা নহয়৷ এক-ডেৰ বছৰ আগতে এদিন বৰদেউতাকে ক'লে, "অহা শনিবাৰে মিঠুক খাবলৈ মাতিছো৷ বৰ লাজ৷ একোতে ৰাজি নহয়৷ মই দিঘলীয়াকৈ আমেৰিকাত থকিবলৈ যাম বুলি কৈ ৰাজি কৰাইছো৷ তয়ো এপাক অহিবিচোন মা৷ হৰণেই ৰান্ধিব, কিন্তু সি আগৰ দিনৰ মানুহ, আজিকালিৰ ৰন্ধা বঢ়া নাজানে৷ তই সেই চাইনিজ-টাইনিজ কিবা এটা ৰান্ধিবিচোন৷ ল'ৰাটোৱে নিজে ৰান্ধি খায়, সিজোৱা দাইল ভাতকে খাই থাকে চাগে৷
তেতিয়া তাইৰ উনৈশ বছৰ৷ ভীষণ উখল মাখল মন! মাৰাত্মক শণিবাৰটো যেন ডবল ডেকাৰৰ বেগেৰে আহিছিল৷
সিদিনা তাইৰ মাক দেউতাককো নিমন্ত্ৰণ কৰা হৈছিল৷ ৰিচিপিৰ কিতাপ মেলি লৈ খুব যত্ন সহকাৰে তাই ৰান্ধিছিল চিলি চিকেন আৰু প্ৰণ ককটেল৷ বৰদেউতাকৰ সৰু ডাইনিং টেবুলখনত চাৰিওজনে খাবলৈ বহিছে৷ বৰদেউতা, মা, দেউতা আৰু মিঠু৷ মূৰ তুলি মিঠুৱে হঠাৎ ক'লে, "আৰে, তুমি নবহা নেকি?"
সজোৰে মূৰ জোকাৰি তাই কৈছিল, "নাই মই চাৰ্ভ কৰিম৷"
"তেনেকৈ হ'ব নেকি, বহা, চবে একেলগে খাওঁ৷"
শুনি সকলোৱে হাঁহিলে, "হাঃ হাঃ, তয়ো বহ৷ হৰণে চাৰ্ভ কৰিব৷"
কি যে এটা এৰেঞ্জমেন্ট হ'ল৷ তাই বহিব লগীয়া হ'ল মিঠুৰ বাওঁফালে, গাতে গা লগায়৷ চকু মুখ লাজতে ৰঙা পৰি গৈছিল তাইৰ৷ মূৰ তুলিবই নোৱাৰে, খাব কি? আৰু তেতিয়া মিঠুৰ শৰীৰৰ পৰা এটা মধুৰ পুৰুষসুলভ উত্বাপ আহিছিল৷ আৰু সুমধুৰ এটা গোন্ধও৷ কথা বতৰা চলি আছিল, কাৰো কথা তাইৰ কাণেৰে সুমোৱা নাছিল৷
মিঠুৱে মাজতে ক'লে, "এইবিলাক তুমি ৰান্ধিছা? বাঃ, বৰ ধুনীয়া ৰান্ধা তুমি! আৰু কি পাৰা কোৱাচোন, গান গাব পাৰা যে জানো৷ আৰু কিবা?"
"আৰু একো নাজানো৷"
মাকে ক'লে, "ফিলোচফিত অনাৰ্স লৈ বি এ পঢ়ি আছে৷"
"সেইটো মই জানো৷"
"জানা! কেনেকৈ জানা মিঠু?"
ডিনাৰৰ পিছত বহু ৰাতিলৈ কথা বাৰ্তা চলিছিল৷ নাই, জয়ীতাই একো কোৱা নাছিল৷ কেৱল ওচৰতে বহি মিঠুক অনুভৱ কৰি গৈছিল৷ সেয়া এক গভীৰ অনুভূতি৷ কি জানো হৈছিল তাইৰ বুকুৰ ভিতৰত৷
মিঠুৱে জানো চাইছিল তাইৰ পিনে? তাই দেখা নাছিল৷ কিন্তু তাই জানে আঁৰ চকুৰে মিঠুৱে তাইক কেবাবাৰো চাইছিল, কেবাবাৰো৷
মাক দেউতাকৰ সৈতে যেতিয়া তাই ওলাই আহিছিল তেতিয়া লগে লগে মিঠুও আহিছিল৷ বিদায় লোৱাৰ অলপ আগে আগে দুখোজ পিছুৱাই তাইৰ কাষ চাপি সি কৈছিল, "তোমাৰ নোটটোৰ উত্তৰ দিয়া হোৱা নাই৷ এদিন দিম৷"
লাজতে মৰি গৈছিল তাই৷ নাৰ্ভাছ৷ মিঠুৰ বাইকৰ শব্দ যেতিয়ালৈকে শুনা গৈছিল তেতিয়ালৈকে তাইৰ শৰীৰত ঝংকাৰ৷
নোটৰ উত্তৰ দিম বুলিছিল মিঠুৱে৷ উত্তৰটো আহিল এমাহমান পিছত৷ তাকো অভিনৱ ধৰণে৷ ডাকত তাইৰ তালৈ আহিল চাৰ্দান ক্লাৱত ভৰ্তি হোৱা এখন ফৰ্ম৷ সেই ফৰ্মৰ এটা চুকত সৰুকৈ লিখা, "প্লিজ মিঠু৷" হাঁহিবই নে কান্দিবই ভাবিয়ে নাপালে জয়ীতাই৷ এয়া ধেমালী? নে আন কিবা?
বহুত গুণাগথা কৰি তাই ভাবি উলিয়লে, মিঠুৱে হয়তো তাইক লগ কৰিব খোজে৷ কিন্তু লগ কৰাৰ আন কনো উপায় হয়তো বিচাৰি পোৱা নাই৷ সৰু ল'ৰাৰ ছোৱালীৰ দৰে পাৰ্ক, ৰেস্তোৰেন্ট আদিত লগ কৰাতো চাগে মিঠুৱে পচন্দ নকৰে৷ হয়তো চাৰ্দান ক্লাৱত ব্যায়াম বা মাৰ্শীয়েল আৰ্টৰ ক্লাছত সিহঁতে বেছি মুকলি অনুভৱ কৰিব৷
বহু লাজ, সংকোচ, দ্বিধাক জয় কৰিব লগীয়া হৈছিল জয়ীতাৰ৷ এদিন কুণ্ঠিত খোজেৰে উপস্থিত হ'ল চাৰ্দান ক্লাৱত৷ তাইক দেখি মিঠুৰ মুখত এটা হাঁহি বিৰিঙি উঠিছিল৷ সেই হাঁহিটোৱেই তাইৰ প্ৰথম উপহাৰ৷
জয়ীতাই জীৱনত কেতিয়াও খেলা ধুলা বা ব্যায়াম কৰা নাই৷ প্ৰথম কেইদিন তাইৰ গাটো যে কেনেকুৱা বিষাইছিল৷ হ'লেও কৰিছিল৷ মিঠুৱে কৈছিল, কেইদিন মান পিছতেই দেখিবা গাটো পাতল আৰু ফিট লাগিব৷
কেতিয়াও সিহঁতৰ মাজত স্পষ্টকৈ ভালপোৱাৰ কথা হোৱা নাছিল৷ সকলো সময়তে তাৰ দৰকাৰ নহয়৷ ভালপোৱাৰ মাজত জানো এটা নীৰৱতা নাই? সি নিজে প্ৰগলভ নহয়৷ মিঠুও কম কথাৰ মানুহ৷ সিহঁতে আটাইতকৈ বেছি ওচৰা ওচৰি হয় মিঠুৱে যেতিয়া তাইক বাইকৰ পিছত তুলি ঘৰৰ ওচৰত নমাই থৈ আহে৷ কেতিয়াও চুবুৰীত নোসোমাই, বা ঘৰলৈও নাযায়৷ কয়, মিলা মিছাটো অলপ গোপনে থকাই ভাল, নহ'লে মানুহে তোমাক বদনাম কৰিবলৈ চাব৷ ঘৰৰ মানুহৰ আগত উত্তৰ দিবলগীয়া হ'ব৷
কিন্তু লুকাব খুজিলেও একেবাৰে গোপন হৈ নাথাকিল সিহঁতৰ সম্পৰ্ক৷ কেই মাহ মান পিছত এদিন মাকে তাইক ধৰিল, "আৰে, কি কথা কচোন?"
"কি কথা মা?"
"তই কি মিঠুক ভাল পাওঁ?"
কি যে লাজ লাগিছিল, মাটিতে মিহলি হৈ যাবলৈ মন গৈছিল তাইৰ৷ উত্তৰ নাহিলেই মুখলৈ৷
মাকে ক'লে, "মিতালীৰ সৈতে তাৰ বিয়া হৈছিল, সেইটো এটা বদনামৰ নিচিনাই৷ এনেয়েতো মিঠুটো বহুত ভাল ল'ৰা৷ ভালকৈ ভাবি চা৷"
ভাবি চাব? ভাবিবলৈ কি আছে? তাইৰ বাবে মিঠুৱেইতো সকলো৷ মিঠুক এৰি তাই আৰু একোকে ভাবিব নোৱাৰে৷
মাকে তাইৰ নীৰৱতাৰ অৰ্থ বুজি পালে৷ ক'লে, "ঠিক আছে, তোৰ দেউতাৰাৰ সৈতে কথা পাতো৷ বোধহয়, তেওঁ অমান্তি নহ'ব৷ কিন্তু বিয়া ঠিক হৈ গ'লে মিলামিছাটো বন্ধ কৰিব লাগিব৷"
এক অপৰ্থিৱ পোহৰেৰে যেন ভৰি পৰিল জয়ীতাৰ জগত৷ ইমান আনন্দও যে থাকিব পাৰে জীৱনত সেয়া তাই নাজানিছিল৷
সিদিনা সন্ধিয়া তাই খুব লাজকুৰীয়া মাতেৰে মিঠুক ক'লে, "মায় গম পাইছে৷"
মিঠু অকণমান অৱাক হৈ ক'লে, "কেনেকৈ জানিলে?"
"সেইটো নাজানো৷ কিন্তু অমান্তি কৰা নাই৷"
মিঠুই অকণমান মনে মনে থাকি ক'লে, "মিতালীয়ে মোৰ আত্মবিশ্বাস ভাঙি থৈ গৈছিল৷ তুমি তাক ওভোতাই দিছা৷ মোৰ বাবে আৰু কোনেও ইমান খিনি কৰা নাই, তোমাৰ দৰে৷"
জয়ীতাই ফুচফুচাই সুধিছিল, "এতিয়া কি হ'ব?"
মিঠুৱে অকণমান হাঁহি ক'লে, "কি হ'ব নাজানা জানো?"
মূৰ জোকাৰি জয়ীতাই ক'লে, "নাজানো নহয়৷"
এয়াই প্ৰথম সিহঁতৰ মাজত ভালপোৱাৰ সংলাপ৷ এইখিনিয়েই মাত্ৰ কথা, কিন্তু উত্তাপ আৰু আৱেগেৰে যেন ভৰপূৰ৷ মিঠুৰ বাইক যেন সিদিনা মাটিত নহয়, আকাশেৰে উৰি গৈছিল৷
কথাটো দেউতাকৰো কাণ চুৱালে মাকে৷ তাইৰ দেউতাকে মাত্ৰ এক মিনিট সময় চিন্তা কৰি ক'লে, "হোৱাই নট? বয়সৰ ব্যৱধান অলপ বেছি, হ'লেও হওঁক৷ ভালেই হ'ব৷ মিঠুৰ লগত যি অন্যায় হ'ল তাৰো হিচাপ নিকাচ ক্লিয়াৰ হ'ব৷"
ক'তো কোনো আপত্তি নুঠিল৷ মসৃণ পৰিণতি এটাৰ দিশত আগবাঢ়িছিল সকলো৷
কিন্তু আপত্তি উঠিল অপ্ৰত্যাশিত ভাবে এঠাইৰ পৰা৷ বৰদেউতাক আমেৰিকাৰ পৰা উভতি অহাৰ পিছত দেউতাকে এদিন গৈ তেওঁক ক'লে কথাটো৷ বৰদেউতাক যেন উচপ খাই উঠিল, ক'লে, "নাই, নাই, সেয়া হ'ব নোৱাৰে৷ সেয়া কোনোপধ্যেই হ'ব নোৱাৰে৷"
জয়ীতাৰ দেউতাকে অৱাক হৈ ক'লে, "কিয় হ'ব নোৱাৰে? ক'ততো একো বাধা দেখা নাই৷"
বৰদেউতাকে বাৰে বাৰে ক'লে, "বাধা আছে, সেয়া তই নুবুজিবি৷"
বৰদেউতাকে আৰু ব্যাখ্যা নকৰিলে৷ ব্যখ্যা কৰাৰ সময়ো নাপালে৷ পিছদিনা গভীৰ ৰাতি বাথৰুমত পৰি তেওঁ ঢুকাই থাকে৷ চেৰিব্ৰেল৷
খুব কান্দিছিল জয়ীতাই৷ এটা সম্পৰ্ক শেষ হৈ গ'ল৷ মিঠু তেওঁৰ ভূতপূৰ্ব শহুৰৰ শ্মশান যাত্ৰাৰ সংগী হৈছিল৷
দুদিন পিছত মাক দেউতাকৰ সৈতে জয়ীতা গৈছিল এয়াৰপোৰ্টলৈ মিতালীক আনিবলৈ৷ কি উদভ্ৰান্ত, শোকক্লান্ত চেহেৰা মিতালীৰ! এটা আঘাততে যেন যথেষ্ট বয়স বাঢ়ি গৈছে৷ দেউতাকৰ ইচ্ছা আছিল, মিতালীক নিজৰ ঘৰলৈ লৈ যোৱাৰ৷ মিতালীয়ে ক'লে, "নালাগে খুৰাদেউ, তাৰ প্ৰয়োজন নাই৷ সেই ঘৰখনত দেউতাৰ কমখন স্মৃতি নাই জানো! বৰং জয়িতা কেইদিনমান থাকক মোৰ লগত৷ নহ'লে বৰ খালি খালি লাগিব৷
প্ৰথম দুই চাৰিদিনৰ শোকৰ প্ৰকোপটো কমাৰ পিছতেই দুই ভনীয়েকৰ মাজত কথাৰ জোৱাৰ উঠিল৷ দিনৰ ভাগত জয়ীতাৰ কলেজ, মিতালীৰো উকিল, এটৰ্নিৰ ওচৰলৈ যোৱা বা বেংকলৈ যোৱা৷ কথা পতা হয় ৰাতি৷ দ্বিতীয় মহলাৰ শুৱনি কোঠাৰ বিশাল বিচনাখনত ওচৰা ওচৰিকৈ শুৱে৷
শ্ৰাদ্ধ বা নিয়ম ভংগ কোনো এটা অনুস্থানতে মিঠু অহা নাছিল৷ কিন্তু এদিন সন্ধিয়া চাৰ্দান ক্লাৱৰ পৰা ওলাই ফিল্ডত অলপ সময় একেলগে খোজ কাঢ়িছিল দুয়ো৷ মিঠু অলপ চিন্তিত৷ ক'লে, "জয়ীতা, মিতালীয়ে মোক কিবা ক'ব বিচাৰিছে৷"
"কি?"
"সেইটো নাজানো৷ কিন্তু তোমাক এটা অনুৰোধ কৰো৷"
"কৰা না৷"
"তুমি আমাৰ কথা, তোমাৰ আৰু মোৰ কথা মিতালীক জনায় দিয়া৷"
"কিয়? মোৰ যে বৰ লাজ লাগে৷"
"তোমাৰ লাজৰ কাৰণেইতো মোৰ বিপদ হৈছে৷"
"মিতালীবাৰ সৈতে আপোনাৰ দেখা হৈছে?"
"অঁ, মিতালী আমাৰ ব্ৰান্সলৈ গৈছিল৷"
"অ' ম্মা.."
"চি ইজ এ বিট অফ ৰিপেন্টন্ট৷"
জয়ীতাৰ বুকুখন খন অজান ভয়ত অন্ধকাৰ হৈ গৈছিল৷ তাই উদ্বিগ্ন কণ্ঠে ক'লে, "সেয়া হ'লে কি হ'ব?"
মিঠুৱে অকণমান হাঁহি ক'লে, "কি হ'ব, তুমি নাজানা?"
"কোৱাচোন৷"
"মিতালী বহু আঁতৰলৈ গুছি গৈছে জয়ীতা৷"
জয়ীতাৰ বুকুত যি কঁপনি উঠিছিল সেয়া তাই বুজাব নেৱাৰিব৷
মিতালীয়ে বিৰাট পাৰ্টিৰ আয়োজন কৰিলে৷ ককটেল ডিনাৰ৷ জয়ীতাৰ ইচ্ছা আছিল পাৰ্টিৰ পিছত সুবিধা বুজি মিতালীক ক'ব কথাটো৷ কিন্তু হ'ল কি, আগ দিনাখন ৰাতি যেতিয়া দুয়ো ভনীয়েকে কথা পাতিছিল, তেতিয়া মিতালীয়ে সুধিলে, "তই কি প্ৰেমত পৰিছ নেকি?"
জয়ীতাই অৱাক হৈ সুধিলে, "কিয় সুধিলিনো?"
"তোৰ চকু মুখত ফুটি উঠিছে, তোৰ মাতটোৱে কৈছে, তোৰ অন্যমনস্কতাই কৈছে যে তই প্ৰেমত পৰিছ৷"
জয়ীতাই দুয়োখন হাতেৰে মুখখন ঢাকি ধৰিছিল৷
"লাজ কৰিবলগীয়া কি আছে? ক না?"
"নাজানো৷"
"তাৰ মানে সঁচাকৈ প্ৰেমত পৰিছ৷ কাৰ লগত ও?"
জয়ীতাই অলপ বুধিয়কৰ কাম কৰিলে৷ ক'লে, "আজি নহয় মিতালীবা৷ কালি কম৷"
"কিয়? কালি কিয়?"
জয়ীতাই নক'লে৷ সিদিনা ৰাতি তাই ভালকৈ শুবও নোৱাৰিলে৷
পিছদিনাখন ৰাতিপুৱাৰ পৰাই ঘৰ দুৱাৰ সজোৱা, চাফ-চিকুন কৰা এইবোৰ লৈয়ে ব্যস্ত থাকিল সিহঁত৷ দুপৰীয়া খোৱাৰ টেবুলত যেতিয়া দুয়ো মুখা মুখি হ'ল, তেতিয়া মিতালীয়ে সুধিলে, "কালি নকলি৷ আজি ক'৷"
"কম, খাই লোৱা৷ তাৰ পিছত কম৷"
খাই খাইয়েই মিতালীয়ে সুধিলে, "ল'ৰাটো ভাল?"
"নাজানো৷"
"ভালকৈ নকওঁ কিয়?"
"কম বা৷ ক'লে তুমি খং নকৰাতো?"
"খং কৰিম? তই কাৰোবাক ভাল পালে মোৰ খং কৰিবলগীয়া কি?"
খোৱা লোৱা তেতিয়া শেষ হৈছে আৰু৷ জয়ীতাই কেৱল মিঠুৰ আদেশ পালন কৰিবৰ বাবেই লাজ মান সকলো কাটি কৰি ক'লে, "মিঠুদা৷"
"কি ক'লি?" কৈয়েই অৱাক হৈ চাই ৰ'ল মিতালী৷
জয়ীতাই মূৰ তল কৰি টেবুলৰ পৰা উঠি গ'ল৷
জয়ীতাই কি বিস্ফোৰণ ঘটাই গ'ল সেয়া বুজোতে অলপ সময় লাগিল তাইৰ৷ মিতালী বজ্ৰাহতৰ দৰে কিছু সময় বহি ৰ'ল খোৱাৰ টেবুলত৷ তাৰ পিছত প্ৰথম মহলাৰ লিভিঙ ৰুমৰ ছোফাত বহু সময় ধৰি বহি আছিল মনে মনে৷ এটা সময়ত ডেকোৰেটৰৰ ল'ৰা কেইটা আহিল ডায়নিং ৰুম সজাবলৈ৷ আহিল কেটাৰাৰ৷ তাই উঠিব লগা হ'ল৷ আঁৰৰ পৰাই তাইক লক্ষ কৰি আছিল জয়ীতাই৷ সন্মুখলৈ অহা নাই৷
মিঠু আহিল আবেলিৰ পিনে হঠাৎ৷
দৃশ্যটো এই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিব জয়ীতাই৷ দ্বিতীয় মহলাত সাজ পাৰ কৰিছিল মিতালীয়ে৷ চিৰিৰে নামি আহি হঠাৎ মিঠুক দেখি তাই থৰ লাগি ৰ'ল বহু সময়৷ তাৰ পিছত এটা অস্ফুট শব্দ কৰি দৌৰি আহি মিঠুৰ বুকুৰ মাজত সোমাই পৰিল৷ ভগ্নস্তুপৰ দৰে৷ কেৱল কৈছিল, প্ৰচণ্ড কান্দোন ভেদ কৰি কৈছিল, "বিশ্বাস নহয়..বিশ্বাস নহয়..."
মিঠুৱে পাথৰৰ দৰে থিয় হৈ ৰ'ল৷ জয়ীতা গুছি গ'ল পিছ ফালৰ বাগানলৈ৷ এই দৃশ্যৰ সাক্ষী হৈ থকা তাইৰ পক্ষে সম্ভৱ নহয়৷
তাইক গৈ পিছফালৰ বাগানত লগ কৰিলে মিতালীয়ে৷ চকুৰ পানী মছি পেলাইছিল, মুখত এটা হাঁহি ফুটাই তুলিছিল বহু কষ্ট কৰি৷ তাইক দুহাঁতেৰে সাৱতি ধৰি ক'লে, "ভাল কৰিছ৷ বহুত ভাল কৰিছ৷ মোৰ বহুত ভাল লাগিছে৷ বিশ্বাস কৰ৷"
জয়ীতাই বিশ্বাস নকৰিলে৷ হ'লেও কৈছিল, "মই যে জনা নাছিলো বা.."
মিতালীয়ে অকণমান সময় মনে মনে থাকি ক'লে, "এয়া জানো জনা কথা? একো নহয় দে৷ মই যে এটা পাগল৷ কিমান ভুল কৰিলো জীৱনত৷ সকলো ঠিক হৈ যাব৷"
মুখেৰে ক'লে, কিন্তু একো ঠিক থকা নাছিল সিদিনা মিতালীৰ৷ জন্মিবৰ পৰা মদ চুই পোৱা নাই৷ সিদিনা পানীৰ দৰে খালে৷ ক'ৰ কি উল্টা পাল্টা কথা কৈ ফুৰিলে মানুহক৷ কান্দি পেলালে, হাঁহিবলৈ ধৰিলে৷ একোৱে ঠিক নাছিল৷
পাৰ্টি শেষ হোৱাৰ অলপ পিছতেই গুছি আহিছিল জয়ীতা৷ বুকু গধুৰ, মনত ভয়, অনিশ্চয়তা, এই অদ্ভুত পৰিস্থিতিৰ পৰা কেনেকৈ মুক্তি পাব?
***