মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
তৃতীয় অধ্যায়
(এক)
শুনা, আজি মই তোমাক যি ক'বলৈ ওলাইছো সেয়া তোমাৰ বিশ্বাসেই নহ'ব, যদি মই তোমাক এটা কাহিনী কৈ নলওঁ৷ ইয়াতে মখমলৰ দৰে ঘাঁহ গজে, নিবিড় গছ-গছনিৰে ভৰা কিমান গভীৰ ইয়াৰ নিৰ্জনতা৷ মোৰ ঘৰৰ কাষতেই এখন হাবি৷ ইয়াতে সকলো ফালেই অভায়ৰণ্য৷ এওঁলোকে গছ-গছনি বহুত ভাল পায়৷ নিতৌ ৰাতিপুৱা মই অকলে অকলে হাবিৰ মাজে মাজে ফুৰিবলৈ যাওঁ৷ এখন নৈ আছে, কোনেও তাত গা নুধোৱে৷ এখন মল আছে, মল মানে জানাই নহয়, পকি চোতাল আৰু বহা ঠাই৷ এওঁলোকে যি কৰে নিখুঁতকৈ কৰে৷ মলখনো ইমান ধুনীয়া৷ দৈনিক গৈ নৈৰ কিনাৰৰ সেই মলত বহি থাকো৷ কোনো নাথাকে৷ মাজে মাজে ঘোঁৰা চেকুৰায় ল'ৰা ছোৱালীবোৰে৷ জগাৰসকলে দৌৰে৷ এওঁলোক অত্যন্ত স্বাস্থ্য সচেতন৷ বহুদিন জীয়াই থাকিব খোজে, খুব ভোগ কৰিব খোজে৷ এদিন কি হ'ল জানা? খুব ৰাতিপুৱাই ওলাই গৈছিলো৷ হাবিৰ মাজে মাজে গৈছো৷ চেপ্টম্বৰ মাহ৷ ফললৈ আৰু বেছি দিন নাই৷ গছৰ পাতৰ ৰং সলনি হৈছে৷ কেইদিনমানৰ পিছত গোটেই হাবিখন ৰঙা হৈ পৰিব৷ ফল যদি তুমি দেখিলাহেঁতেন৷ মন গৈছে মোৰ চকুযুৰি তোমালৈ পঠাই দিওঁ৷ মই চাৰিওফালে চাই চাই গৈছো৷ হঠাতে ভৰিত কি জানো এটা লাগিল৷ কঠিন৷ ঘূৰি চাই যি দেখিলো তেজ গোট মাৰি গ'ল৷ এটা পিষ্টল পৰি আছে৷ ক'ৰ পৰা আহিল? কোনে পেলাই গৈছে? ওচৰে পাজৰে ৰেপিষ্ট চেপিষ্ট নাইতো! নাই, উভতি যোৱাই ভাল৷ হাত ভৰি কঁপি মোৰ কি যে অৱস্থা৷ উভতিবলৈ বুলি ঘূৰিয়ে কি দেখিলো জানা? কল্পনাও কৰিব নোৱাৰিবা৷ ৰাস্তাৰ কিনাৰত এজোপা পূৰণা গছ ধুমুহাত ভাগি পৰি আছিল৷ কোনেও গুচোৱা নাই৷ সেই শুকান গছৰ আঁৰৰ পৰা এখন হাত ওলাই আছে৷ বগা হাত৷ মোৰ কি অৱস্থা হ'ব পাৰে ভাবি চোৱা৷ বুকুৱে ধান বানিবলৈ ধৰিছিল৷ হ'লেও কি জানা? খুব ভয়ৰ মাজতো অকণমান সাহস আছিল৷ ৰাতিপুৱা, দিনৰ পোহৰ, ওচৰে পাজৰে জগাৰ আৰু ৰাইদাৰতো আছেই৷ মই হাতত সাৰে ভৰিত সাৰে এখোজ দুখোজকৈ আগুৱাই গৈ সুধিলো, "হু ইজ দেট?"
কোনেও উত্তৰ নিদিলে৷ দেখিলো এজন মানুহ কাটি হৈ পৰি আছে৷ কপালৰ ওচৰতে এটা ফুটা৷ বহুত তেজ নিগৰিছে৷ আৰু গোট মাৰিছে৷ ভয় লাগিলেও মইতো ডাক্তৰ৷ গছৰ ওপৰেৰে ওলাই থকা হাতখন চুই চাই গম পালো ঢুকোৱা বহুত সময় হ'ল৷ ৰিগৰ মাৰ্টিছ আৰম্ভ হৈ গৈছে৷ বয়স বেছি নহয়৷ সাতাইছ-আঠাইছ৷ এমূৰ সোণালী চুলি৷ বগা চাৰ্ট এটা আৰু ট্ৰাউজাৰ পিন্ধা৷ আৰু মুখখন ইমান কমনীয়, ইমান ধুনীয়া কি ক'ম৷ কি হ'ল জানা, হঠাতে তোমাৰ কথা মনত পৰিল৷ কিয় মনত পৰিল কোৱাচোন? ল'ৰাটোৰ মুখখন তোমাৰ সৈতে মিল আছে৷ আৰু সেই যে মনত পৰিল, লগে লগে যেন হো-হোৱাই সাত সাগৰ পাৰ হৈ আহি মোৰ বুকুত তুমি ধুমুহাৰ দৰে সোমাই পৰিলা৷ ভিতৰখন তচনচ হৈ গৈছিল৷ হঠাতে এটা কান্দোন ওলাই আহিছিল, কিয় নাজানো!
মই মলৰ পিনে দৌৰিবলৈ ধৰিলো৷ চিঞৰিলো৷ মানুহ দুনুহ জমা লাগিল৷ পুলিচ আহি ডেডবডি লৈ গ'ল৷ ঘৰলৈ উভতি আহিলো ভুতে ধৰা মানুহৰ দৰে৷ বহি বহি কেৱল ভাবিলো আৰু ভাবিলো৷ বহুদিনৰ বন্ধ দৰজা এখন হঠাতে খুলি যেন এখন অচৰিত বাগিছাত ভৰি দিছো৷ চাৰিওফালে ৰং বিৰঙী ফুলৰ গোন্ধৰ সমাহাৰ৷ কিন্তু কিয়?
তুমি বিশ্বাসেই নকৰিবা৷ তিনিদিন মোৰ মনটো তেনেকৈয়ে থাকিল৷ কামত মনোযোগ বহুৱাব নোৱাৰো৷ বাৰে বাৰে মনলৈ কি আহিছিল জানা? ফুলশয্যাৰ নিশা যে তুমি কোনো কথা কোৱাৰ আগতেই মোক বহু সময় ধৰি এটা চুমা খাইছিলা৷ বহু সময় একো ক'বলৈকে দিয়া নাছিলা৷ এনেদৰে ধৰিছিলা মোক, যে লৰচৰেই কৰিব পৰা নাছিলো৷ মোৰ বৰ খং উঠিছিল তোমাৰ ওপৰত৷ তোমাক ভালপোৱা দূৰৰ কথা, ঘৃণা কৰিবলৈ লৈছিলো৷ ভীষণ৷ কি ভয়ংকৰ খং উঠিছিল মোৰ৷ তুমি যেতিয়া এৰি দিলা, মই যে তোমাক ভালে বেয়াই কি কি ন'কলো! যি মনলৈ আহিছিল তাকে! তোমাৰ মুখৰ উজ্বলতা কেনেকৈ নাইকিয়া হৈ গৈছিল৷ কিমান ঠাণ্ডা আৰু শিল যেন হৈ পৰিছিলা তুমি৷
এইবাৰ কাহিনীটো আকৌ অলপ কৈ লওঁ৷ হাবিৰ মাজত চুইচাইড কৰা ল'ৰাজনৰ নাম জৰ্জ৷ ইয়াত হাজাৰ হাজাৰ জৰ্জ৷ যি কি নহওঁক, এই জৰ্জে কিয় চুইচাইড কৰিছিল জানা? ক'লে তোমাৰ বিশ্বাস নহ'ব৷
জৰ্জৰ লগত মোৰ চিনা পৰিচয় নাছিল ঠিকেই, কিন্তু তাৰ ঘৰ মোৰ ঘৰৰ ওচৰতে৷ পুলিচৰ মুখৰ পৰা শুনিলো, জৰ্জৰ নৱবিবাহিতা ঘৈনীয়েকে তাক এৰি যোৱাৰ বাবেই হেনো সি আত্মহত্যা কৰিলে৷ চোৱা চোন, এই দেশতো এনেকুৱা ঘটনা ঘটে৷ ইয়াততো স্বামী-স্ত্ৰীৰ সম্পৰ্কই বেলেগ৷ এৰিছে, লৈছে৷ বিয়াও নকৰে বহু সময়ত৷ ইমানেই আবেগহীন জাতি, অথচ মাজে মাজে এনেকুৱা ঘটনা ঘটি থাকে৷ শুনি মনটো আৰু বেয়া লাগিছিল৷ আৰু কি জানা, যিমানেই মন বেয়া লাগিবলৈ ধৰিলে মই সিমানেই সেই মন বেয়া লগাতো এঞ্জই কৰিবলৈ ধৰিলো৷ এইটো বিশ্বাস কৰিব পৰা ধৰণৰ কথাই নহয়৷ মন-বেয়-লগা জানো কোনেবাই এঞ্জই কৰে? কিন্তু মই যে কৰিছিলো!
সেই মন-বেয়াৰ মাজতে কি হ'ল জানা? মোৰ ভিতৰতো যেন বাহিৰৰ দৰে গছৰ পাত সৰা ঋতু আৰম্ভ হ'ল৷ কি যে হ'ল মাঠামুণ্ড নিজেও একো বুজি পোৱা নাই, বুজাবও পৰা নাই৷ যেতিয়া বিয়া হৈছিল, তেতিয়া বয়সেইনো কিমান আছিল কেৱা! আৰু দেউতাই জোৰ কৰি বিয়া দিছিল কাৰণে সেই সময়ত কি যে খং উঠিছিল মোৰ! খং উঠিছিল পান্টুৰ ওপৰতো৷ সেই বদমাচটোৰ কাৰণে যুগমীয়া দাগ এটা থাকি গ'ল জীৱনত৷ সকলো মিলি বিয়াৰ সময়ত মোৰ মাজত মই নিজেই নাছিলো৷ দেউতাৰ কেন্সাৰ হোৱা বুলি শুনিলো তেতিয়াই, মুৰ নষ্ট হ'বলগীয়া কথাই৷ সকলোৰে খং উজাৰিলোগৈ তোমাৰ ওপৰত! সেইবোৰ পুৰণি পাত৷ এই পাত সৰা ঋতুতে সাত সাগৰ পাৰ হৈ ধুমুহাৰ দৰে আহি ওলালা তুমি৷ পুৰণি পাতবোৰ সৰি পৰিল মোৰ৷ অকলে সন্ধিয়াপৰত কোঠাটো আন্ধাৰ কৰি বহি আছো৷ বাহিৰত নিৰ্জন ৰাস্তা৷ তাৰ সিপাৰে ছবিৰ দৰে ঘৰবোৰ৷ তাৰ পিছফালে অন্ধকাৰ হাবিখন৷ চাই আছো৷ আকাশত ডাৱৰ৷ বিজুলী মাৰিছে৷ কি মনলৈ আহিছে জানা? সেই যে বহু সময় ধৰি তুমি মোক চুমা খাইছিলা, তেতিয়া বুজা নাছিলো, খং উঠিছিল, কিন্তু ভিতৰি ভিতৰি গভীৰ ক'ৰবাত সেই চুমাৰ স্মৃতি আজিও সুখৰ এক শিহৰণ হৈ জীয়াই আছে৷ খুব খং উঠিছিল তোমাৰ ওপৰত৷ বেলেগ কোঠাত আছিলো৷ আৰু কি জানা, মাজে মাজে দৰজাখন খুলি চুলিৰ দৰে ফাক কৰি চাইছিলো তোমাক৷ তুমি মোক আক্ৰমণ কৰিব পাৰা নেকি, জোৰজবৰদস্তি কৰিবা নেকি, সেয়া জানিবলৈ চেষ্টা কৰিছিলো৷ ভয় লাগিছিল, তুমি হয়তো ধৰ্ষণ কৰিবা মোক৷ আজি ভাবো, মই হয়তো তাকেই বিচাৰিছিলো৷ কিয় জোৰ নকৰিলা কোৱা! আজি ভালকৈ বুজি পাইছো, সেই সময়ত মোৰ মনৰ মাজত দুটা বিপৰীতমুখী চিন্তাই ক্ৰিয়া কৰিছিল৷ একে লগতে এটা টান আৰু আনটো প্ৰত্যাখ্যান৷ তেতিয়াৰ বয়সটোৰ কথা ভাবা, মোৰ জীৱনটোৰ কথা ভাবা, বুজি পাবা৷
কিন্তু এতিয়া দূৰৈৰ দেশ এখনত বহি নিজকে আৱিষ্কাৰ কৰি কি লাভ হ'ব কোৱা! সকলতো চূৰ-মাৰ হৈ গ'ল৷ সম্পৰ্ক চিঙি পেলালো৷ এটা কথা ক'লে বিশ্বাস কৰিবা, তোমাক প্ৰথম দেখোতেই ভাব হৈছিল, তুমি এজন ভাল মানুহ৷ কিয় বাৰু! তুমি জানো সঁচাকৈয়ে ভাল? কোনে জানে! কিন্তু স্বীকাৰ কৰাত বাধা নাই, সেই হাবিৰ মাজৰ ঘটনাটোৰ পিছৰ পৰা মোৰ সকলো ওলত-পালত হৈ গ'ল৷ কিমান বাৰ ভুল কৰিম কোৱাচোন জীৱনত? মোৰ একোৱে ভাল নলগা হ'ল৷৷
(দুই)
তোমালৈ এখন বৰ দীঘলীয়া চিঠি লিখিবলৈ মন গৈছে৷ তাত বহুত আবোল তাবোল কিবা কিবি থাকিব৷ যি মন যায় তাকে লিখিম৷ পাগলামিৰে ভৰা৷ জানানে, মোৰ অলপ অলপকৈ বলিয়লিয়েই আৰম্ভ হৈছে চাগে৷ মাজে মাজে মোৰ ইমান ফূৰ্ত্তি লাগে, যেন মই এখন বাৰিষাৰ নৈ, দুকুল ওপোচাই ও'ৰ পৰা ত'লৈ বৈ গৈছো৷ আকৌ অকাৰণতে বুকুখন গধুৰ হৈ পাৰে, চকু উপচি পৰে, মন ডাৱৰীয়া হৈ যায়৷ পঢ়া শুনাৰ ইমান চাপ, সময়ৰ ইমান অভাৱ, তথাপি তাৰ মাজতে এইবোৰ হয়৷ নাজানা ন', ইয়াতে কামৰ হেঁচাত মনৰ সকলো আৱেগ শুকাই যায়৷ আগতে এহাল বঙালী দম্পত্তিৰ ঘৰত আছিলো৷ ভাল মানুহ৷ বুঢ়া-বুঢ়ী৷ দুয়োজনী ছোৱালীৰ ইয়াতেই বিয়া হৈছে৷ বুঢ়া-বুঢ়ীৰ সময় কটি যায় আপোনমনে, ঘোৰ নিসংগতাৰে৷ মই তেওঁলোকক মহা আৰু মাহী বুলি মাতিছিলো৷ তাতেই তেওঁলোক বহুত সুখী৷ তেওঁলোকৰ তাত ভালকৈয়ে আছিলো৷ কিন্তু এতিয়া হোষ্টেলত থাকিবলগীয়া হৈছে৷ বৰ ব'ৰিং ঠাই৷ সকলো নিজৰ লেখা পঢ়াক লৈয়ে ব্যস্ত৷
মোৰো ইগো, তোমাৰো ইগো৷ সেয়ে তোমালৈ চিঠিখন লিখিম বুলিও লিখিব পৰা নাই৷ তিনিবাৰ আৰম্ভ কৰিছো৷ তিনিটা এয়াৰোগ্ৰাম নষ্ট৷ নাই, পেলৈই দিয়া নাই, ৰাখি থৈছো৷ কি জানা, তুমি বিয়া কৰাইছা নে নাই, মাজে মাজে তোমাৰ বিষয়ে খুব জানিবলৈ মন যায়৷ কৰাইছা? সমীৰণে প্ৰায়ে চিঠি লিখে, ময়ো লিখো৷ কিন্তু তাক সুধিবলৈ লাজ লাগে৷ কি ভাবিব? বাৰু, টেলিপেথি বুলি একো নাই নেকি? এই যে মই টেলিপেথিৰে তোমাক ইমানবোৰ কথা কৈ আছো, শুনা পাইছা?
প্ৰফেছাৰ এজেফিয়েলে সিদিনা কৈছিল, যাৰ ইগো খুব বেছি, সিহঁতৰ মাজত বলিয়ালিৰ লক্ষণ থাকে৷ এই ইগোই বৰকৈ জ্বলাইছে মোক, জানানে? সেয়ে তোমালৈ চিঠি লিখিব পৰা নাই৷ এইটো মোৰা বলিয়ালি নম্বৰ এক৷ দুই নম্বৰ বলিয়ালি হ'ল, আজিকালি তোমাৰ কথাই ভাবি থাকো অনৱৰতে আৰু তোমাৰ সৈতেই কথা পাতো মনে মনে৷ ইয়াকে কি ভাবমূৰ্তি বুলি কয়? নহয় বোধহয়৷ আন কিবা কয় হয়তো৷ কিন্তু ভাবমূৰ্তি কথাটো ভাল লাগে, ন? তোমাক ভাঙি পেলালো, তাৰপিছত তোমাৰ এটা মানস প্ৰতিমা গঢ়ি ল'লো, কি সুন্দৰ৷
সিদিনা এটা ঘটনা ঘটিল৷ চুজান মোৰ ভাল বন্ধবী৷ দুয়ো গাড়ীৰে নিজৰা এটা চাবলৈ গৈছিলো৷ বৰ ধুনীয়া ঠাই৷ চাফোকেটিংলি বিউটিফুল৷ ওভোতাৰ পৰত এদোখৰ পিছল ঠাইত এছাৰ খাই পৰিলো৷ নাই, সিমান দুখ পোৱা নাই৷ কিন্তু কিয় জানো, মোৰ চকু চকুলোৰে উপচি পৰিল৷ ভাবিলো, তুমি থকা হ'লে মই জানো পৰিলোহেঁতেন? কেতিয়াও নপৰিলোহেঁতেন৷ চুজানে মোক ধৰি উঠাই দিলে৷ চকুত পানী দেখি অৱাক হৈ ক'লে, "আৰ ইউ ক্ৰায়িং? মাই গড, ইউ আৰ নট ডেট হাৰ্ট৷"
মই অভিমানতে মুখ ওফোণ্ডাই ক'লো, "মোৰতো কোনো নাই!"
কি কথাৰ কি উত্তৰ৷ শুনি চুজান আৰু অবাক৷ ক'লে, "তোমাৰ আকৌ কোন থাকিব? মোৰেই বা কোন আছে? উই ড'ন্ট নিড এনিবডি৷"
সচাকৈয়েতো, ইহঁতৰ কোননো আছে! মা-দেউতা, ভাই-ভনী কাৰো খবৰ নাৰাখে৷ অকলে থাকে, স্বয়ংসম্পূৰ্ণ৷ দৰকাৰ হ'লে বিছনালৈ বয়ফ্ৰেণ্ড লৈ আহে৷ তাৰ পিছত তাক পাহৰিও যায়৷ ভাতৰ লগত পানী খোৱাৰ দৰে কথা৷ আকৌ বিয়া কৰাবলৈ হ'লে ইমান হিচাপ নিকাচ উলিয়াই বহিব যে সেইখন বিয়ায়েই নে বিজনেছ কন্ট্ৰেক্ট সেইটো বুজাতেই অসুবিধা হয়৷
মই ইহঁতৰ পৰা শিকিবলৈ চেষ্টা কৰিছো৷ নাই পৰা৷ একেবাৰে পৰা নাই৷ মোৰ কেৱল মনত পৰে তুমি সেই বহুসময় ধৰি চুমা খোৱাৰ কথাটো৷ তেতিয়া ঘৃণা কৰিছিলো৷ আজি মোৰ সমস্ত শৰীৰ আৰু মন সেই চুমাটোৰ কথা ভাবি সন্মোহিত হৈ পৰে৷ অান কোনো পুৰুষ ওচৰৈ আহিলে সংকোচ লাগে, স্পৰ্শতো দূৰৰ কথা, কাষ চাপিলেও সহ্য কৰিব নোৱাৰো৷ এয়া মোৰ বলিয়ালি নম্বৰ তিনি৷
(তিনি)
আজি দেউতা আহিল৷ এয়াৰপোৰ্টলৈ আনিবলৈ গৈছিলো৷ দেখিলো কেইটামান দিনতেই তেওঁ বুঢ়া হৈ গ'ল৷ এয়াৰ প'ৰ্টৰ পৰা গাড়ী চলাই আহি আছো, টুকটাক কথা পাতিছো৷ এনেতে কি কৰিলো জানা, দেউতাক হঠাতে সুধিলো, "মিঠুবাবুৰ কি খবৰ?"
দেউতাই অবাক হৈ সুধিলে, "মিঠুবাবু কোন?"
মই ভ্ৰু কোচাই ক'লো, "মিঠু মিত্ৰ৷"
"কি কৰিবি খবৰ জানি?"
"এনেই৷"
মোৰ বুকুখন কঁপিছিল৷ লাজো লাগিছিল৷
দেউতাই কিছু পৰ মনে মনে থাকি ক'লে, "কেইদিন মান আগতে ল'গ পাইছিলো৷ ভালে আছে৷"
মোৰ আৰু কিবা কিবি জানিবলৈ মন গৈছিল৷ দেউতাই নক'লে৷
কিন্তু দুদিনমান পিছত দেউতাই এদিন ৰাতি মোক দিনাৰৰ পিছত মাতি নি সুধিলে, "তই সিদিনা মিঠুৰ কথা কিয় জানিব বিচাৰিছিলি?"
"এনেয়ে৷"
"তোৰ কি মিঠুলৈ মনত পৰে নেকি?"
মোৰ চকু সেমেকি উঠিছিল৷ দেউতাৰ কাষৰ পৰা আঁতৰি আহিলো৷
পাচ কৰি চাকৰি পোৱাত হোষ্টেল এৰি ঘৰ এটা লৈছো৷ ভাৰা ঘৰ পিছে৷ সোনকালে নিজৰ ঘৰ এটা কিনিম৷ অকলে থাকিম৷ চাকৰি কৰিম৷ আৰু এনেকৈয়ে জীৱনটো কটাই দিম বিদেশত- মোৰ ভাগ্যততো তাকেই লিখা আছে৷
কেইদিন মান পিছত দেউতাক নিউয়ৰ্ক দেখুৱাবলৈ লৈ যাওঁ৷ কিন্তু দেউতাৰ বিশেষ আগ্ৰহ নেদেখিলো৷ কিবা যেন ভাবত বুৰ গৈ থাকে৷ মেট্ৰ'পলিটান মিউজিয়ামৰ ৰেস্তোৰেন্টত চাহ খাই থাকোতে দেউতাই হঠাতে ক'লে, "এইবিলাক দেশত এজনী ছোৱালীৰ পক্ষে অকলে থকাতো বিপদজনক৷"
"কিমানে অকলে আছে! এই দেশত অকলে থকাটোৱেই নিয়ম৷"
"সেইবিলাক সকলোৰে পক্ষে নহয়৷ অকলে থকাৰ অভ্যাস আছে সিহঁতৰ, যি নিৰুপায়৷"
"ময়তো একেই৷"
"তই কিয় নিৰুপায়?"
কিছুমান কথাৰ উত্তৰ দিব পাৰি জানো! মই মনে মনে থাকিলো৷
(চাৰি)
দেউতাক আজি প্লেনত উঠাই দি আহিলো৷ প্ৰায় এবছৰ মোৰ লগত থাকিল তেওঁ৷ কিমান যে ভাল লাগিছিল৷ বেলেগ একে নহয়, ঘৰলৈ উভতি আপোন মানুহ এজনক দেখিবলৈ পাওঁ! এই দেশৰ একাকিত্ব তুমি কল্পনাও কৰিব নোৱাৰিবা৷ চুবুৰীয়াৰ সৈতে চিনাকি নাই, কথা বাৰ্তা নাই, আগজাননী নিদিয়াকৈ কাৰো ঘৰলৈ যাব নোৱাৰি৷ চিনাকি মানুহবোৰৰ সৈতে ফোনত আৰু কিমান কথা পাতিবা, সময়ো হাতত কম৷ কেৱল হস্পিতাল, ৰোগী আৰু ৰিচাৰ্ছ৷
যোৱাৰ আগতে দেউতাই কৈছিল, "তোৰ কাৰোবাক কিবা মেছেজ দিবলগীয়া আছে যদি ক'৷"
মূৰ জোকাৰি ক'লো, "নাই দেউতা৷"
"মিঠুই চাগে এতিয়াও তোক গ্ৰহণ কৰিব৷"
"মোক তেওঁৰ পুতৌ নালাগে৷"
"তোৰ যে কোনো নাই৷"
"তুমি আছা নহয়৷"
"মই নো আৰু কিমান দিন থাকিম? মই বিচাৰো তই মিঠুৰ সৈতে বিয়াখন মানি ল'৷ সি লাগিলে ইয়ালৈকে গুচি আহক৷"
"থাওঁক দেউতা৷ তেওঁ যে মোক ঘীণ কৰে সেইটো খাতাং৷"
"খং কৰি থাকিব পাৰে, স্বাভাৱিক৷ কিন্তু সি বুধিয়ক, বিবেচক ল'ৰা৷"
"এইবোৰ থাকক দেউতা৷"
মুখেৰে যি নক'লেও, বুকুখনে যে কেনেকুৱা কৰিছিল, এয়া জানো সম্ভৱ? এয়া জানো সম্ভৱ হ'ব পাৰে? হ'লে জানো ভাল হ'ব? কল্পনা বেলেগ, বাস্তাৱ বেলেগ৷ মিলিব জানো?
উজ্বলে এপ্ৰোছ কৰি আছে৷ বাৰে বাৰে৷ জানো, এয়া সম্ভৱ নহয়৷ হ'লেও উজ্বল আহিলে ভাল লাগে৷ বেলেগ একো নহয়, এই সাংঘাতিক একাকিত্বৰ পৰা যে অলপ মুক্তি পোৱা যায়৷ এজন কথা পাতিব পৰা মানুহ৷
মুঠ বাৰটা এয়াৰগ্ৰাম জমা হৈছে৷ ওপৰত তোমাৰ নাম আৰু ঠিকনা৷ ভিতৰত তিনিটা বা চাৰিটা বাক্য৷ আটাইতকৈ দীঘলখনত তেৰটা বাক্য, পচন্দ হোৱা নাই৷
দেউতা যোৱাৰ পিছত বহুত কান্দিলো৷ বহুসময় ধৰি৷ মোৰ যে কি হ'ব?
***
তিনিখিলা জেৰক্স কপিৰ পিনে চিন্তিত মুখেৰে চাই আছিল শৱৰ দাশগুপ্তই৷ মিতালীৰ ডায়েৰীত এই তিনিখিলা পাতেই পোৱা গৈছে৷ বাকী পৃষ্ঠাবোৰ উকা৷ লেখাকেইটাৰ ওপৰত বা তলত কোনো তাৰিখ নাই৷ আনুমান কৰা হৈছে, প্ৰথমটো আৰু শেষৰটোৰ মাজত সময়ৰ ব্যৱধান দুটা বা তিনিটা বছৰ৷ ইয়াৰ মাজতো আৰু কিবা কিবি লিখিছিল নিশ্চয়৷ কিন্তু সেইবোৰ কেনি গ'ল ধৰিব পৰা নাই৷
"কেছটো ইন্টাৰেষ্টিং হৈ আহিছে, ছাৰ৷ এয়াতো জবৰদস্ত লাভ এফায়াৰ৷"
শৱৰে তেওঁৰ সহকাৰী নন্দলালৰ পিনে চাই ক'লে, "হাতৰ আখৰ চেক কৰিছা?"
"অ', সেইবোৰ ঠিকে আছে৷ মিতালীৰে হাতৰ আখৰ৷ শেষৰ পাতটোত উজ্বল সেনৰ ৰেফাৰেন্স মন কৰিছেনে ছাৰ?"
"কৰিছো৷ পান্টুৰ কি খবৰ?"
"ঘৰত নাই৷ ধনবাদ নে ক'ত কিবা কামত গৈছে৷ আজি কালিৰ ভিতৰত অহাৰ কথা৷ আহিলেই উঠাই আনিম৷"
"ক্ষণিকাদেৱীৰ খবৰ কৰা৷"
"অ'কে৷"
"আৰু বেলেগ ডায়েৰী পোৱা নাই?"
"নাই ছাৰ৷ সেই এখনেই৷ মুঠ তিনিটা এন্ট্ৰি৷ এখনো ফলা পাত নাই৷"
"কিন্তু বুজা গৈছে মিতালীদেৱী চিষ্টেমেটিক নাছিল৷ তেওঁ বেলেগ বেলেগ সময়ত, বেলেগ বেলেগ ডায়েৰীত লিখিছিল৷ বাকী ডেয়েৰীবোৰ হয়তো তেওঁ আমেৰিকাতে এৰি থৈ আহিছে, নহ'লে চুৰি হৈছে৷"
"মিঠু মিত্ৰক কি উঠাম নেকি ছাৰ?"
"এতিয়াই নালাগে৷ তুমি ঘৰটো আৰু এবাৰ চাৰ্ছ কৰা৷ চোৱা, চিগনিফিকেন্ট কিবা পোৱা নেকি৷"
নন্দলাল গ'ল৷ শৱৰে চিন্তিত মুখেৰে চকী টানি বহিল৷ এইটোৱে মিতালীৰ শোৱনী কোঠা৷ দক্ষিণ, পশ্চিম আৰু পুৱে খোলা৷ দেৱালত পাতল ৰং৷ আসবাব পাতি সকলো উন্নত মানৰ৷ বাৰ্মা সেগুনৰ ডাবল বিছনা, ডাঙৰ ৱাৰ্ড্ৰব, হাফ চেক্ৰেটেৰিয়েট তথা ৰিভলভিং চিয়াৰ, কাস্মিৰী ডিজাইন কটা সৰু টেবুল, ৱাল কেবিনেটত বিভিন্ন দামী বস্তু সজোৱা৷ হাতী দাঁতৰ মূৰ্তি, ৰূপৰ ওপৰত মিনাৰ কাৰুকাৰ্য্য খচিত ৰেকাবি, পুতুলা৷ দুটা মজবুত ষ্টিলৰ আলমাৰি৷ সকলোবোৰেই খুলি চোৱা হৈছে৷
বিছনাৰ কাষতে মজিয়াত পৰি আছিল মিতালী৷ দুবাৰকৈ চুৰিৰে আঘাত কৰা হৈছিল তাইক৷ পিছ ফালৰ পৰা, হৃৎপিণ্ড ভেদ কৰি৷ মিতালী পৰি আছিল কাটি হৈ৷ বাওঁ ফালে৷ চাৰিওফালে কমেও বাৰ তেৰটা চেন্টৰ বটল ভাঙি পৰি আছিল৷ ৰুমটো সুগন্ধৰে এনেকৈ ভৰি আছিল যে পুলিচৰ কুকুৰ বিভ্ৰান্ত হৈ পৰে৷ স্নিফাৰ ডগক বিভ্ৰান্ত কৰিবলৈকে যে বটলবোৰ ভঙা হৈছিল তাত সন্দেহ নাই৷ এজন কেয়াৰটেকাৰ, এজন ৰান্ধনী আৰু এজনী কাম কৰা ছোৱালীৰ কোনেও একো নতুন তথ্য দিব পৰা নাছিল৷ ক'কটেইল দিনাৰৰ দিনাৰ চাৰ্ভ কৰিছিল এদল নামী কেটেৰাৰে৷ তেওঁলোকৰ পৰাও বিশেষ একো সুত্ৰ পোৱা নগ'ল৷ মোটামুটিভাৱে যি জনা গৈছে সেয়া হ'ল, নিশা এঘাৰটামান বজাত মিতালী কিছু নিচাসক্ত অৱস্থাত ওপৰলৈ উঠি আহে৷ দ্বিতীয় মহলাত তাই অকলে থাকে৷ তাই শোৱনী কোঠাত সমোৱাৰ পিছত মাজৰাতি ৰান্ধনী হৰেণ আৰু মালি ভজুৱাই কাঁচৰ বটল ভঙা শব্দ শুনিবলৈ পায়৷ মিতালীয়ে মাতাল অৱস্থাত সেইবোৰ কৰিছে বুলি সিহঁত ভয়তে ওপৰলৈ উঠি নাহিল৷
শবৰ উঠিল৷ অলপ সময় পায়চাৰি কাৰিলে৷ তাৰ পিছত পিছফালৰ বাৰান্দালৈ গৈ ৰ'ল৷ হত্যা কৰি পলাই যাবৰ বাবে এই বাৰন্দাখন উপযুক্ত৷ পিছফালে এখন বাগিছা আছে, জোপোহাৰে ভৰা৷ বাৰন্দাৰ পৰা অনায়সে তলৰ মহলাৰ খিৰিকিৰ চাজালৈ নামিব পাৰি৷ তাৰ পৰা তললৈ জঁপিয়াই দিলেই হ'ল৷
নাই, শৱৰ দাশগুপ্ত সন্তুষ্ট হ'ব পৰা নাই৷ মোটিভৰ এংগলটো মিলা নাই৷ কৰ'বাত এটা খুট ৰৈ গৈছে৷ চকু মুদি তেওঁ পুনৰ প্ৰথমৰ পৰা ভাবিবলৈ আৰম্ভ কৰিলে৷
***
"নমস্কাৰ মিত্ৰ ডাঙৰীয়া৷ আপোনাক আকৌ আমনি কৰিবলৈ আহিলো৷"
ক্লান্ত, বিধ্বস্ত চেহেৰাৰ মিঠুৱে দুৱাৰৰ পৰা বাট এৰি দি ভদ্ৰতাৰে ক'লে,"আহক"৷
"আপুনি দেখিছো একেবাৰে ভাগি পৰিছে৷"
"নাই, তেনেকুৱা একো নহয়৷ বহক৷"
"আমাৰ আৰু কিছুমান কথা জানিবলগীয়া আছে মিত্ৰ ডাঙৰীয়া৷ উই ৱান্ট ইয়'ৰ হেল্প৷"
"কওঁক৷"
"আপুনি সিদিনা মিতালীদেৱীক দেখা কৰিছিল৷ আপোনালোকৰ মাজত কথাও হৈছিল৷ মই সেই কথাবোৰ জানিব খোজো৷"
"প্ৰথম ষ্টেটমেন্টতেই কৈছো৷"
"জানো৷ হ'লেও আৰু এবাৰ কওঁক৷"
মিঠুৱে মূৰ জোকাৰি ক'লে, "তাতকৈ বেছি মোৰ একো ক'বলগীয়া নাই৷"
"মিতালীদেৱীয়ে কি আপোনাক মাতি পঠাইছিল নেকি?"
মিঠুৱে ক্লান্ত চকুৰে চাই ক'লে, "এটা কানেক্সন হৈছিল৷"
"কেনেকুৱা কানেক্সন? আপোনাৰতো ফোন নাই৷ তেনেহ'লে?"
"আমাৰ অফিচত ফোন আছে৷"
"ওঁ, হয়, সেইটো কথা মনলৈকে অহা নাছিল৷ তেনেহ'লে মিতালীদেৱীয়ে আপোনাক অফিচত ফোন কৰিছিল?"
"মই সেইটো কোৱা নাই৷"
"যোগাযোগতো কেতিয়া হৈছিল?"
"ঠিক মনত নাই৷"
"মৃত্যু হোৱাৰ দিনা নাকি?"
"নাই৷"
"নাই? তাৰ মানে আপোনাৰ মনত আছে৷ কথাতো আপুনি লুকুৱাব খুজিছে কিয়?"
"কিছুমান কথা নকোৱাৰ অধিকাৰ মোৰ আছে৷"
"কিন্তু তাৰ পৰা এটা মাৰ্ডাৰ কেছত ক্ষতিগ্ৰস্ত হ'লে নহয়৷"
"মই যিটো কথা ক'ব খোজা নাই, তাৰ সৈতে তাইৰ হত্যাৰ সম্পৰ্ক নাই৷"
"আপুনি কি এপইন্টমেন্ট লৈ মিতালীদেৱীৰ ঘৰলৈ গৈছিল?"
"নাই৷ হঠাৎ গৈছিলো৷"
"কিন্তু এটা এপইন্টমেন্ট আপোনালোকৰ মাজত হৈছিল৷"
"তেনেকুৱা নহয়৷"
"মিতালীদেৱী ঘৰলৈ আহিছে তেওঁৰ দেউতাক ঢুকোৱাৰ খবৰ পাই৷ প্ৰায় এমাহ আগতে৷ এই সময় চোৱাত আপোনালোকৰ এবাৰেই দেখা হৈছিল নেকি?"
"হয়৷"
"ইউ আৰ নট এ গুড লায়াৰ৷ প্লীজ, সঁচা কথা কওঁক৷ তাৰ পৰা আমাৰ তদন্তত সহায় হ'ব৷"
"কিছুমান কথা ক'বলৈ মই বাধ্য নহয়৷"
"আপুনি জানেনে পৃখিৱীত যিমান গৰাকী বিবাহিতা মহিলাৰ মাৰ্ডাৰ হৈছে, তাৰ অধিকাংশৰে হত্যাৰ আঁৰত হাজবেন্দৰে হাত থাকে৷ শতকৰা নব্বৈটা কেছ৷"
"জানো৷"
"জানেনে যে এই কেছটোতো আপুনি প্ৰাইম চাচপেক্ট৷"
"অনুমান কৰিছো৷ কিন্তু মই কি কৰিব পাৰো!"
"ইউ আৰ এ কুল কাষ্টমাৰ৷"
মিঠুৱে এটা দীৰ্ঘ নিশ্বাস পেলালে, কিন্তু একো নক'লে৷
"মিঠুবাবু, আপোনাৰ পাচপোৰ্টখন অলপ দেখুৱাব নেকি?"
"পাচপোৰ্ট! মোৰ পাচপোৰ্ট নাই৷"
"সেইটো কেনেকুৱা কথা? পাচপোৰ্ট বনোৱা নাই?"
"নাই, মোৰ দৰকাৰ হোৱা নাই৷"
"এই জেৰক্স কপিবোৰৰ হাতৰ আখৰ ধৰিব পাৰিছে নে?"
"পাৰিছো৷ মিতালীৰ হাতৰ আখৰ৷"
"মিতালীৰ হাতৰ আখৰ বুলি কেনেকৈ জানিলে?"
"কেনেকৈ ক'ব নোৱাৰিম৷ জানো আৰু৷"
"এই হাতৰ আখৰ ক'ত দেখিছিল? চিঠি নে ডায়েৰীত?"
"মনত নাই৷"
"মিতালীয়ে আপোনালৈ চিঠি লিখিছিল?"
"নাই৷"
"আপুনি ডায়েৰীৰ এই তিনিটা কপি এবাৰ পঢ়ি চাওঁকচোন৷"
মিঠুৱে হাত পাতি ল'লে৷ পঢ়িবলৈ ধৰিলে৷ তাৰ মুখৰ ওপৰত দুটা ঈগলৰ দৰে চকু অপলক নেত্ৰে নিবদ্ধ হৈ থাকিল৷ মিঠুৰ মুখত বিশেষ কোনো ভাবান্তৰ নহ'ল৷ পঢ়া শেষ কৰি সি এটা নিশ্বাস পেলাই তলমূৰ কৰি ৰ'ল৷
"মিঠুবাবু, মই ক্ৰাইমৰ মানুহ, হৃদয়ৰ কথাবোৰ ভালকৈ বুজি নাপাও৷ এই কথাটো মোৰ কাৰণে বৰ অদ্ভুত লাগিছে৷ আপুনি বুজাই ক'ব পাৰিব নেকি?"
"নাই৷"
"আপুনি কি ভাবে, এইবিলাক ফল্ছ আৰ ফ্ৰড৷ কোনোবাই মিতালীৰ হাতৰ আখৰ নকল কৰি আমাক বিভ্ৰান্ত কৰিব চাইছে?"
"হ'ব পাৰে৷"
"আৰু যদি সেয়া নহয়, সঁচাকৈয়ে যদি মিতালীদেৱীয়ে লিখা, তেনেহ'লে আমি বুজি ল'ব লাগিব যে তেওঁ আপোনাৰ প্ৰেমত হাবুদুবু খাইছিল৷"
মিঠুৱে উত্তৰ নিদিলে৷
"যিহেতু হাবুদুবু খাইছিল, তেওঁৰ বাবে আটাইতকৈ স্বাভাবিক আছিল স্বদেশলৈ ঘূৰি আহি আপোনাক লগ কৰা, নহয় জানো?"
"নহ'বও পাৰে৷"
"কিয়?"
"বহুত আছে, যি মনে মনে বহুত কিবা কিবি ভাবে, বাস্তৱক এৰাই চলে৷"
"মানে মিতালী কি চাইকাট্ৰিক কেছ?"
"মই নাজানো৷"
"আপুনি এম সেন এণ্ড এচোচিয়েটছৰ নাম শুনিছেনে কেতিয়াবা?"
মুহূৰ্তৰ বাবে মিঠু কঠোৰ হৈ পৰিছিল নে কি ভালকৈ ধৰিব নোৱাৰিলে শৱৰে৷ এবাৰ চকিত দৃষ্টি নিক্ষেপ কৰি তল মূৰ কৰিলে৷ ক'লে, "কিয়?"
"আহা, শুনিছেনে নাই কওঁকচোন৷"
"শুনিবও পাৰো৷"
"শুনিছে ডাঙৰীয়া, শুনিছে৷ কলিকতাৰ পুৰণা এটৰ্নি৷ আপোনাৰ শহুৰ এওঁলোকৰ মক্কেল আছিল৷"
"ওঁ৷"
"আপুনি জানেনে, এওঁলোকৰ সৈতে মিতালীদেৱীৰ এখন ডিড আছে?"
"থাকিব পাৰে৷"
"ইমান নিৰ্বিকাৰ হৈ নেদেখুৱাব৷ ডিডখন আপোনাৰ নামত কৰা৷ মিতালীদেৱীয়ে তেওঁৰ সকলো সম্পত্তি ৰক্ষণা-বেক্ষণৰ ভাৰ আপোনাক দি গৈছে৷ আপুনি এতিয়া এক বিশাল সম্পত্তিৰ মালিক৷ নহয় জানো?"
"কাষ্টডিয়ান আৰু মালিকতো একে কথা নহয়৷"
"ডিডখন কি আপুনি দেখা নাই? মিতালীদেৱীৰ কলকাতাৰ যাৱতীয় সম্পত্তি চোৱা চিতা কৰা, প্ৰয়োজোনত বিক্ৰী কৰা বা যিকোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ আপোনাক দি গৈছে৷"
"পাৱাৰ অফ অটৰ্নি সাধাৰণ বস্তু৷"
"সাধাৰণ নেকি? তাৰোপৰি মিতালীদেৱীৰ চিংগল বেংক একাউন্টটো জইন্ট একাউন্ট কৰা হৈছে অলপতে, আপোনাৰ সৈতে৷ এই বিষয়ে কি ক'ব?"
মিঠুই এটা নিশ্বাস পেলাই ক'লে, "কলকাতাত সিহঁতৰ সা-সম্পত্তি চোৱা চিতা কৰা কোনো নাই, সেয়ে..."
"সেয়ে তেওঁ তেওঁৰ ডিভোৰ্ছ কৰা স্বামীক পৰম বিশ্বাসত লৈ সকলো দায়িত্ব দি দিলে?"
মিঠু নিশ্চুপ৷
"মোটিভটো তেৱে তৈয়াৰ কৰিছিলে৷ মিতালীদেৱীৰ আটাইতকৈ ডাঙৰ ভুল হৈছিল আপোনাক ইমান বিশ্বাসত লৈ৷ সকলো যেতিয়াই নিজৰ হাতৰ মুঠিলৈ আহিল, লগে লগেই নিষ্কন্টক হ'বৰ বাবে আপুনি তেওঁক নিৰ্মমভাৱে ৰাস্তাৰ পৰা আঁতৰালে৷"
"কামটো মই কৰা নাই৷"
"নিজ হাতেৰে কৰা নাই বুলিছেনে? তেনেহ'লে কি ভাৰাতীয়া হত্যাকাৰী লগাইছিল?"
"মিতালীক হত্যা কৰাৰ কোনো কাৰণ নাছিল মোৰ৷"
"এইবিলাক কি কাৰণ নহয়?"
"মোৰ কাৰণে নহয়৷"
"তেনেহ'লে আপোনাৰ সুবিধাৰ বাবেই ঘটনাবোৰ মই অলপ সজাই দিছো৷ শ্ৰীমতী মিতালী ঘোষে আমেৰিকাত এটা ঘটনাৰ পৰা আৱিষ্কাৰ কৰিলে যে তেওঁ আপোনাক অসম্ভৱ ভাল পায়৷ সেই প্ৰেমতে এই ৰোমান্টিক কিন্তু অলপ ইমপ্ৰেক্টিকেল মহিলাগৰাকীয়ে নিজৰ হৃদয়ৰ আৱেগৰে ডায়েৰীৰ পাত ভৰাই পেলাব ধৰিলে৷ অথচ ইগো আৰু লোকলজ্জাৰ বাবে আপোনাৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে৷ স্বদেশলৈ উভতি অহাৰ কিছুদিন পিছতেই বৰুণ ঘোষৰ মৃত্যু হ'ল৷ মিতালীদেৱী মৃত্যু উপলক্ষে ঘৰলৈ উভতিল৷ তেওঁ তেতিয়া সম্পূৰ্ণ অকলশৰীয়া৷ এই অৱস্থাত তেওঁ আকুল হৈ লাজ মান কাটি কৰি আপোনাৰ ওচৰলৈ দৌৰি আহিল৷ হয়তো আত্মসমৰ্পনো কৰিলে৷ এই গেপ বিলাক যদি আপুনি ভৰাব পাৰে, আমাৰ বাবে সুবিধা হয়৷ বাৰু, কি কৈ আছিলো? তেওঁতো আপোনাৰ প্ৰেমত হাবুদুবু খাইছিল, কিন্তু আপুনিতো খোৱা নাছিল৷ আপোনাৰ বুকুত এটা অপমান দীৰ্ঘসময় ধৰি এটা বিষধৰ সাপৰ দৰে অপেক্ষা কৰি আছিল৷ আপোনাৰ নৱেম্বৰত জন্ম, আপুনি এজন স্কোৰ্পিও৷ স্কোৰ্পিও জাতকসকলৰ প্ৰতিসোধস্পৃহা হয় সাংঘাতিক৷ তাৰোপৰি আপুনি লোভী, সম্পত্তিৰ লোভতেইতো আপুনি মিতালী ঘোষৰ পূৰ্বৰ কলংকৰ কথা জানিও আৰু বিয়াত তেওঁৰ সন্মতি নাই বুলি জানিও তেওঁক বিয়া কৰায়৷ হয়তো বিয়াৰ পিছতে তেওঁৰ সম্পত্তি হাত কৰি তেওঁক বাটৰ পৰা আঁতৰাই পেলালেহেঁতেন৷ কিন্তু থেংক গড, মিতালীদেৱীয়ে সময় থাকোতেই আপোনাক ডিভোৰ্ছ দি আমেৰিকালৈ গুচি যায়৷ আপোনাৰ কপাল কিন্তু সাংঘাতিক ভাল৷ মিতালীদেৱীয়ে সন্মোহিতৰ দৰে উভতি আহি আপোনাৰ ওচৰতে নিজকে সমৰ্পন কৰিলে৷ ইয়াতকৈ সোণালী সুযোগ আৰু আহিব পাৰে নেকি কওঁক৷ তাৰোপৰি আপুনি এজন গুণ্ডা প্ৰকৃতিৰ লোক৷ নিষ্ঠুৰ আৰ আৱেগহীন৷ এ কুল কাষ্টমাৰ৷ আপুনি মিতালীৰ লগে লগে অকণমান নাচিলে৷ তাইৰ সম্পত্তিৰ কাষ্টদিয়ান হ'ল, জইন্ট একাউন্টৰ কেইবা লক্ষ টকা আপোনাৰ অধীনলৈ আহিল৷ ইয়াৰ পিছত মিতালীদেৱীৰ দৰে এগৰাকী আৱেগ সৰ্বস্ব, পাগলামিৰে ভৰা মহিলাক জীয়াই ৰখাৰ কোনো কাৰণ আপোনাৰ নাছিল৷ নহয় জানো? নিজেই হওঁক বা ভাৰাতীয়া মানুহৰ দাৰাই হওঁক আপুনি তেওঁক সিপুৰিলৈ পঠিয়াই দিলে৷ বাই দি ৱে, হত্যাৰ দিনাখন ৰাতি এটাৰ পৰা দুটাৰ মাজত আপুনি ক'ত আছিল কওঁকচোন৷"
***