মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
দ্বিতীয় অধ্যায়
পাপী! পাপী! ঘোৰ পাপী! মুখৰ ভিতৰতে বিৰবিৰাই চকু মেলিলে সি৷ চকু মেলি যি দেখিলে তাত শিয়ৰি উঠি আকৌ চকু মুদি দিলে৷ নৰক! নৰক!
টেবুলৰ ওপৰত যোৱা ৰাতিৰ মাংসৰ হাড়, ৰুটিৰ টুকুৰা, এখন প্লেট, এটা খালি আৰু আন এটা আধা খালি ব্লেক নাইটৰ বটল৷ মজিয়াত সামান্য বমিও চাগে৷ নৰক! নৰক!
বিছনাখন বিশাল আকৃতিৰ৷ সিটো মূৰত যি শুই আছে তাইলৈ চাবলৈ মন নগ'ল সমীৰণৰ৷ জুলেখা শৰ্মাক কেতিয়াও ৰাতিপুৱাৰ ভাগত দৰ্শন কৰা উচিত নহয়৷ ৰাতিপুৱাটো কোনোপধ্যেই বেয়া মানুহৰ বাবে নহয়৷ কাতৰ অৰ্থহীন শব্দ এটা কৰি নিজৰ গধুৰ মূৰটো তুলিবলৈ চেষ্টা কৰিলে সমীৰণে৷ প্ৰতিদিনে ৰাতিপুৱা এইটোৱেই তাৰ প্ৰথম ব্যায়াম- নিজকে উঠোৱা৷
ইমান পাপ ভগৱানে সহিছে কিদৰে? এতিয়ালৈকে তেওঁৰ বজ্ৰ নামি আহিব লাগিছিল৷ অথচ তাৰ দেখা দেখি নাই৷ নে পৃথিৱীত পাপীৰ সংখ্যা ইমানেই বাঢ়ি গৈছে যে তেওঁৰ তাত বজ্ৰৰ ষ্টক কমি গৈছে?
গাৰুৰ কাষতে কৰ্ডলেছ ফোনটো পৰি আছে৷ ল' বেটাৰীৰ ইন্দিকেটৰ জ্বলি আছে৷ বোধহয় দুদিন হ'ল, চাৰ্জ নাই দিয়া৷ ক'ত কিমান কাম পৰি আছে তাৰ৷ এই যে জুলেখা, এওঁ হ'ল বিকল্প ব্যৱস্থা, ষ্টপ গেপ৷ তাৰ স্থায়ী মানুহ এজনী আছে৷ ক্ষণিকা৷ নাই, ঘৈনী নহয়৷ ক্ষণিকা দুবাৰ বিয়া হৈছিল৷ দুবাৰ ডিভোৰ্ছৰ পিছত তৃতীয় বাৰ আৰু বিয়াৰ দৰে ভুল কৰা নাই৷ সমীৰণৰ সৈতে তাইৰ স্বৰ্ত আছিল, অহা-যোৱা দুয়োফালে দুৱাৰ খোলা থাকিব৷ কোনেও কাৰো ব্যক্তিগত কথাত মুৰ গুজিব নোৱাৰিব৷ আনকি সমীৰণে ভাল দৰে জানি ল'ব লাগিব যে ক্ষণিকা যেনেদৰে তাৰ ঘৈনী নহয়, তেনেদৰে ৰান্ধনী বা চাকৰণীও নহয়৷ কোনেও কাৰো বন্ধু বা বান্ধৱীক লৈ প্ৰশ্ন তুলিব নোৱাৰিব৷ অ', আৰু অৰ্থনৈতিক ফালৰ পৰা কোনেও কাৰো ওপৰত নিৰ্ভৰশীল হৈ নপৰিব৷ প্ৰচণ্ড নাৰীবাদী ক্ষণিকা যোৱা দুটা বছৰ ধৰি তাৰ লিভ ইন গাৰ্ল ফ্ৰেণ্ড৷ এই দুটা বছৰত এই ফ্লেটৰ ভিতৰত ভয়ংকৰ মেজাজাৰ বিস্ফোৰণ, ইগোৰ সৈতে ইগোৰ যুদ্ধ আৰু শান্তিস্থাপন, প্ৰেম আৰু ঘৃণা তথা লাভ হেট ৰিলেচন আৰু উদাসীনতা- এই সকলোবোৰে ঘটি গৈছে৷ সি এগৰকী মহিলাৰ চেহেৰা আৰু স্মাৰ্টনেছৰ কিছু প্ৰশংখা কৰাৰ বাবে ক্ষণিকাই- ঘোৰ নাৰীবাদী ক্ষণিকাই- কোনে বিশ্বাস কৰিব যে, খং কৰি মাকৰ ঘৰত গৈ বহি আছে যোৱা পোন্ধৰ দিন ধৰি! মুক্ত নাৰীক নুশুৱাই এনেকুৱা ইৰ্ষাই৷ কিন্তু তৰ্ক কৰিব কাৰ লগত সমীৰণে? তৰ্ক বহুদূৰত৷ এতিয়া গৈ ক্ষণিকাক তাৰ ক্ষমা বিচৰা আৰু ওভোতাই অনাৰ কামটোও বাকী আছে৷ জুলেখা অন্তৰ্বতীকালীন বিকল্প ব্যৱস্থা মাত্ৰ৷ কিন্তু জুলেখাৰ কথা গম পাব লাগিলে সমীৰণৰ ভাগ্যত আৰু দুখ যোগ হ'ব৷
সি পাপী- এইষাৰ সত্য সি জানে৷ পঞ্চ 'ম'-ৰ কোনোটো তাৰ বাকী নাই৷ কিন্তু পাঁচটা মৰ ভিতৰত সি মহিলা আৰু মদৰ কথা জানে৷ বাকী তিনিটা ম কি কি সেয়া অন্ততঃ নাজানে৷
সমীৰণে নিজকে থিয় কৰালে৷ এখন হাতত গাৰু, আনখন হাতত কৰ্ডলেশ ফোন৷ জিভাখন ইমান শুকান যে, মুখত যেন কোনোবাই এখন টাৱেল ভৰাই দিছে৷ গাৰুটো পুনৰ বিচনাত থৈ সি ফোনটো চাৰ্জত লগালে৷ এই কামটো দৰকাৰী৷ কল আহিব পাৰে৷
এনেকুৱা কদৰ্য ৰাতিপুৱাবোৰত বাথৰুমটো তাৰ মৰুদ্যান যেন লাগে৷ পানীৰ আন এটা নাম জীৱন নহয় জানো? বেচিনৰ টেপৰ পৰা হাতৰ জোলাৰে সি কেবা ঢোকো পানী খালে৷ তাৰ পিছত চকুৱে মুখে পানী মাৰি সি আয়নাত চালে নিজকে৷
পাপী! পাপী! ইমান পাপ কি সহিব পাৰি? আকণ্ঠ ডুবি আছে পাপত!
শ্বাৱাৰ খুলি দিলে সমীৰণে৷ কলকাতাৰ শীত তীব্ৰ নহয়৷ হ'লেওতো শীতকাল! ঠাণ্ডা পানীৰ অজস্ৰ বেজীৰ দৰে আক্ৰমণত প্ৰথম প্ৰথম শিয়ৰ উঠিল সি৷ তাৰ পিছত ভাল লাগিবলৈ ধৰিলে৷ আঃ কি আৰাম৷
পানীৰে পাপ ধোৱা নাযায়, সি জানে৷ হ'লেও যেন তাৰ গাৰ পৰা বাহি, গেলা, দূৰ্গন্ধযুক্ত এটা আস্তৰণক অপসাৰিত কৰিছিল৷ গা ধুই ধুইয়েই সি হাত ঘড়ীটোলৈ চালে, যিটো প্ৰায় কবচ কুণ্ডলৰ দৰে চৌব্বিশ ঘন্টাই পিন্ধ থাকে সি৷ আঠটা দহ৷ অসম্ভৱ! অসম্ভৱ! কেনেদৰে এইটো ঘটে আজিও বুজিব পৰা নাই সমীৰণে৷ প্ৰতিদিনে ৰাতিপুৱা ঠিক একেটা সময়তে কিয় টোপনি ভাঙে তাৰ? কিয় প্ৰতিদিনে ৰাতিপুৱা শ্বাৱাৰৰ তলত থিয় হৈ সি ঘড়ীত আঠটা দহ দেখিবলৈ পায়? আলৌকিক নুবুলি ইয়াক আৰু কি বুলিব পাৰি৷
গা ধুই ধুইয়েই সি দাঁত ব্ৰাচ কৰিলে৷ তাৰ পিছত শ্বাৱাৰ খোলা ৰাখিয়েই বহিল কমোডত৷ পানী গৈ থাকিল অকাৰণত৷ কিন্তু এই সময়ত পানীৰ এই শব্দটোৱে তাক অনুপ্ৰাণিত আৰু সজাগ কৰে৷ বৈ গৈছে পানী, বৈ গৈছে আয়ুস, বৈ গৈছে মহাৰ্ঘ সময়৷ জীৱনপ্ৰবাহ বৈ কালসিন্ধুৰ দিশত যায়...নাই নাই, নাই যে সময়...চাৰে নটাত তাৰ অফিছ..
কমোডৰ পৰা উঠি সি পুনৰ শ্বাৱাৰৰ তলত ৰ'ল আৰু দাঢ়ি খুৰালে৷ বহুদিন আগতে নন্দিতাই কৈছিল, "আপোনাৰ মুখত গোফ একোচা থকা হ'লে ভাল লাগিলহেঁতেন৷ কিছুামন মুখ আছে, গোঁফ নাথাকিলে নুশুৱাই৷"
সেইটো হয়৷ কিন্তু গোঁফৰ বহুত জামেলা৷ কেয়াৰ ল'ব লগীয়া হয়, ছাঁটিব লাগে, দুয়োটা ফাল সমান কৰিব লাগে৷ তাৰ সময় ক'ত? আজিও সেয়ে গোঁফ ৰখা হোৱা নাই তাৰ৷ গোঁফ অবিহনেই তাৰ সুখতেইতো গ'ল ইমানবোৰ বছৰ!
কিমান বছৰ? সি কি চল্লিছৰ ওচোৰা ওচৰি? নাই, সি বয়সক লৈ মুঠেও নাভাবে, ভাবিব নোখোজে৷ বয়স মানেই এটা ভয়৷ এটা কামোৰ৷ এটা উদ্বেগ৷
যেতিয়া সি বাথৰুমৰ পৰা ওলাল, তেতিয়াও বিচনাৰ ফালে চাবলৈ মন নগ'ল তাৰ৷ লণ্ডভণ্ড বিচনাৰ এমূৰত তেতিয়াও জুলেখা শুই আছে৷ থাকক৷ টোপনি ভাঙিলে নিজে নিজে গুছি যাব৷ এঘাৰটাত তাইৰ স্কুল৷
স্নান কৰি অহাৰ পিছত শুৱনি কোঠাৰ দূৰ্গন্ধ আৰু নাৰকীয় পৰিবেশে তাক যেন পুনৰ হেঁচা দিলে সোনকালে ওলাই যাবৰ কাৰণে৷ ঘৰৰ বাহিৰতো এখন জঘন্য, দূৰ্গন্ধময়ী চহৰ৷ হ'লেও পোহৰ আৰু বতাহৰ প্ৰবাহমানতা আছে৷
"নৰক! নৰক" বুলি কৈ কৈ সি কাপোৰ পিন্ধিলে৷ চাহৰ পানী গৰম কৰি টি বেগ ডুবালে৷ বাহিৰৰ কোঠাটো এতিয়াও সংক্ৰমিত হোৱা নাই৷ মোতামোতি পৰিষ্কাৰ৷ হ'লেও ফ্লাৱাৰ ভাচত বাহি ফুল তাৰ সহ্য নহয়৷ যোৱা পোন্ধৰ দিন ধৰি বা তাতকৈও বেছি দিন হ'ল এমুঠি ভিন্নৰঙী ফুল পচিছে, শুকাইছে, হাউলি পৰিছে৷ কোনেও পেলোৱা নাই৷ ফুলবোৰৰ পিনে অনিচ্ছাৰে চাই সি চাহ খালে৷
পাপ কেতিয়াও লুকাই নাথাকে৷ ওলাই পৰিবই৷ আৰু সেই কাৰণেই সমীৰণে কেতিয়াও একো নুলুকুৱাই৷ তাৰ জীৱনটো খোলা কিতাপ৷ এই যে শুৱনি কোঠাত জুলেখা শুই আছে, অলপ পিছতেই কাম কৰা বাই নবৰ মাকে আহি তাইক দেখিব৷ যোৱা দহ বাৰ দিন ধৰি দেখিয়ে আছে৷ এতিয়া যদি ঘপহকৈ ক্ষণিকা আহি ওলাই, তায়ো দেখিব৷ নেদেখিলেও ক্ষণিকাই গম পোৱাটো পাবই, তাৰ পিছত আৰু অশান্তি হ'ব৷ চব জানে সমীৰণে, অথচ একো নুলুকুৱাই৷
"হাই!"
চমকি উঠিছিল সমীৰণ৷ কাপৰ পৰা পিচলি চাহ অকণমান তাৰ আঠুত পৰিল৷
"শ্বক?"
"হাই৷ টোপনি ভাঙিল?"
দুৱাৰত আউজি ডাঙৰকৈ এটা হামি মাৰিলে জুলেখাই৷ চাপৰ চুটি, মিঠা বৰণৰ, ক্ষীণ ছোৱালীজনী চকুত পৰা বিধৰ নহয়৷ হ'লেও চাল চলনত মেকুৰীৰ দৰে এটা চটফটীয়া তৎপৰতা আছে৷ এখন ইংৰাজী স্কুলত তাই ফিজিকেল ইনষ্ট্ৰাক্টৰ৷ ইউ পিৰ ছোৱালী, কলকাতাতে জন্ম৷ আৰু বিশেষ নাজানে সমীৰণে৷ জনা মানেই লেঠা৷
জুলেখাই আৰু এটা হামি মাৰি ক'লে, "ইটছ বোৰিং"৷
"হোৱাট ইজ বোৰিং?"
"এভ্ৰিঠিং৷"
সমীৰণে মূৰ দুপিয়া সন্মতি জনাই ক'লে, "ঠিকেই৷ জীৱনটোৱেই একঘেয়মীয়া৷ নাথিং হেপেন্স৷ সোমবাৰটো মঙলবাৰৰ নিচিনা, মঙলবাৰটো বুধবাৰৰ নিচিনা, এণ্ড চ' অন৷"
"চাহ খাব লাগিছিল৷"
"খোৱা, পানী গৰম কৰা আছে৷"
"তোমাৰ ফোন বাজিছে৷ ধৰা৷"
"কামুৰবোৰ৷"
উঠি গৈ ফোনটো ধৰিল সমীৰণে৷ কাণত লগাই হেল্ল' কৈ জপিয়াই উঠি ফোনটো অলপ আঁতৰাই ধৰিলে কাণৰ পৰা৷ তাৰ দেউতাক মধু বাগচীয়ে যাত্ৰাদলত সোমালে নাম কৰিব পাৰিলেহেঁতেন৷ কণ্ঠৰ ৰেঞ্জ সাংঘাতিক৷ খঙ উঠিলে আৰু ভয়ংকৰ৷ এতিয়া সেই ভয়ংকৰ মাতেৰে তাক দবিয়াইছে, "কি ভাবিছা তুমি? গোটেই ৰাতি ফুৰ্টি কৰি ৰাতিপুৱা হেংঅভাৰ হৈ পৰি থাকিলে চলে নেকি? তোমাক কিমানবাৰ কৈছো আজি শুক্ৰবাৰে অফিচত যোৱাৰ আগতে বৰ্মাৰ ঘৰৰ পৰা দৰকাৰী ফাইল এটা লৈ আহিবলৈ৷ তেওঁ ৰৈ আছে৷ আৰু অলপ পিছতেই তেওঁ ওলাই যাব ফ্লাইট ধৰিবলৈ৷"
"গৈছো দেউতা৷ এতিয়াই গৈছো৷"
"ৰিচ হিম উইদিন ফিফটিন মিনিট৷ ফিফটিন! হাৰ্ড মি?"
"ইয়েছ৷ ফিফটিন৷"
টেলিফোনটো নমাই থ'বলৈ পাইছে কি নাই দোৰবেল বাজিল৷ এতিয়া বজাৰ সময় নহয়৷ ইয়ালৈ বাতৰি কাকত বা গোৱাল নাহে৷ নবৰ মাক আহে এঘাৰটাৰ পিছত৷ তেওঁ দোৰবেল নবজায়৷ তেওঁৰ লগত চাবি আছে৷ কাকুতি মিনতি নকৰিলে ক্ষণিকা নিজে ঘূৰি অহা ছোৱালী নহয়৷
অকনমান চিন্তিত আৰু উদ্বিগ্ন সমীৰণে দুৱাৰলৈ হাত মেলি জুলেখাক ক'লে, "টু বি অন চেফ চাইদ, তুমি ভিতৰলৈ নোযোৱা কিয়!"
গৈছো বুলি সুলেখাই আকৌ এবাৰ হামিয়ালে ৷ তাৰ পিছত বেছ ধীৰ স্থিৰে ভিতৰলৈ সোমাই গ'ল৷
দুৱাৰ খুলি সমীৰণে যাক দেখিলে তেওঁ বেছ চুটি চাপৰ মানুহ৷ গোঁফ আছে৷ মূৰৰ চুলি চুটিকৈ কটা৷ স্বাস্থ্য ক্ষীণ৷ পিন্ধনত ক'লা ট্ৰাউজাৰ আৰু সেউজীয়া চেক থকা এটা হাৱাই চাৰ্ট৷ বিনা হাঁহিৰে ক'লে, "সোমাব পাৰোনে?"
সমীৰণে বাট এৰি নিদি ক'লে, "কি লাগে?"
"আপোনাকেই৷"
"কিয়?"
মানুহজনে চাৰ্টৰ জেপৰ পৰা অই কাৰ্ডখন উলিয়াই মুখৰ আগত দাঙি ধৰি পুনৰ জেপত ভৰাই ক'লে, "তদন্ত৷ ভেৰি ইম্প'ৰ্টেন্ট৷"
সমীৰণে অলপ সেমেনা সেমেনি কৰি ক'লে, "তদন্ত মানে হেৰিৰ কেছটো নেকি? এবাৰতো এনকুৱাৰি হৈ গৈছে৷"
"অ', সেইটো কেছেই৷ এনকুৱাৰি বাৰে বাৰে হ'ব৷ এইবাৰ গুৰুতৰ৷ পৰহিও আহিছিলো৷ আপুনি দেখিছো খুব ৰাতিপুৱাই অফিচলৈ যায়৷"
"পৰহি আপোনাৰ কাম কৰা মানুহ গৰাকীৰ সৈতে কিছু কথা হৈছিল৷ ৰিগাৰ্ডিং ইউ৷ ভিতৰলৈ গ'লে আপোনাৰ অসুবিধা হ'ব নেকি? ভিতৰত গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড কোনোবা আছে নেকি?"
"নাই নাই৷ আহক৷"
"থাকিলেও আমি মাইণ্ড নকৰো৷ তেওঁকো হয়তো লাগিব পাৰে৷ মাৰ্ডাৰ কেছ যে ক'ৰ পৰা গৈ কি পায়৷"
সমীৰণে মানুহজন ভিতৰত সোমোৱাৰ পিছত দুৱাৰখন জপাই দিলে৷ ক'লে, "বহক৷ মই কিন্তু দৰকাৰি কাম এটাত ওলাইছিলো৷"
"মোৰ কামটো কম দৰকাৰি নেকি? এতিয়া যদি আপুনি অজুহাত দেখুৱাই আপোনাক অফিচিয়েলি থানালৈ টানি নিবলগীয়া হ'ব৷"
আতঙ্কিত হৈ সমীৰণে ক'লে, "প্লীজ! তেনেহ'লে মই দেউতাক এটা ফোন কৰিব লাগিব৷ তেৱেঁই মোৰ বছ৷"
"জানো৷ ফোনটো ইয়ালৈ আনি কথা পাতক৷ আৰু গাৰ্লফ্ৰেণ্ডো ইয়ালৈ আহি স্বচ্ছন্দে বহিব পাৰে৷"
সমীৰণে ফোন লৈ আহিল৷ অলপ চাৰ্জ লৈছে৷ চলিব৷ সি লাইনটো অন কৰি ডায়েলৰ বটন টিপি টিপি ক'লে, "জুলেখা টয়লেটলৈ গৈছে৷ আহিব৷"
স্পষ্ট আৱাজ৷ টেলিফোনত তাৰ দেউতাকৰ কণ্ঠস্বৰৰ বিস্ফোৰণ ঘটিল, "জুলেখা টয়লেটত গৈছে, হোৱাত দু ইউ মিন? কোন জুলেখা? আৰু তাই টয়লেটত যোৱাৰ কথা ৰাতিপুৱাই পুৱাই মোক কিয় শুনাইছা?"
"আপোনাক নহয়৷"
"তুমি এতিয়ালৈ ওলোৱা নাই কিয় মোক জবাব লাগে৷ তোমাক কৈছিলো নে নাই পোন্ধৰ মিনিটৰ ভিতৰত বৰ্মাক লগ কৰিব লাগিব৷"
"অ' অ'৷ কিন্তু এটা সমস্যাই দেখা দিছে৷"
"কি সমস্যা৷ জুলেখা কোন? তাই টয়লেটলৈ যোৱাটোৱে তোমাৰ সমস্যা নেকি?"
"নহয় দেউতা৷ আই এম আণ্ডাৰ এৰেষ্ট৷"
"এৰেষ্ট" বুলি দেউতাকে এনেকুৱা এটা চিঞৰ মাৰিলে যে মানুহে সচৰাচৰ ইমান জোৰে চিঞৰিব পৰা হ'লে টেলিফোন যন্ত্ৰটোৰ দৰকাৰেই নাছিল৷
"এৰেষ্ট? মই ঠিকেই শুনিছোতো?"
"ঠিকেই শুনিছে৷ হ'লেওঁ মই ভেৰিফাই কৰি লৈছো.." ফোনৰ মাউথপিচত হাতেৰে হেচি ধৰি সি মানুহজনক সুধিলে, "এম আই আণ্ডাৰ এৰেষ্ট?"
"নাই নাই৷ ইউ আৰ আণ্ডাৰ স্ক্ৰুটিনি৷"
মাউথপিচৰ পৰা হাত এৰি সমীৰণে ক'লে, "এওঁ কৈছে, ঠিক এৰেষ্ট নহয়, আই এম আণ্ডাৰ স্ক্ৰুটিনি৷ কথাটো কি মই নাজানো৷"
"কি? তোমাক স্ক্ৰুটিনিয়েই বা কৰা হৈছে কিয়? তুমি কি কৰিছিলা?"
"মানে সেই হেৰিৰ কেছটো-"
"কোনটো কেছ? কিহৰ কেছ?"
"এটা মাৰ্ডাৰ কেছ৷"
"মাই গড! মাৰ্ডাৰ কেছ! মাৰ্ডাৰ কেছ! ঠিকেই শুনিছোতো?"
"ঠিকেই শুনিছে৷ এওঁ বোধহয় মোক থানালৈ লৈ যাব৷ বৰ্মাৰ ফাইলটো সেয়ে মোৰ পক্ষে নিয়া সম্ভৱ নহ'ব৷"
"থ' বৰ্মাক৷ পুলিচ অফিচাৰক ফোনটো দে, মই কথা পাতো৷"
মানুহজনক একো ক'বলগীয়া নহ'ল নিজেই হাত মেলি ফোনটো লৈ ক'লে, "ভয় খাব নালাগে, আপোনাৰ ল'ৰাক কেইটামান কথা সুধিবলৈ আহিছো৷"
দেউতাকৰ মাত টেলিফোনৰ পৰা দুহাত দূৰৈত থাকিও শুনিবলৈ পালে সমীৰণে৷ দেউতাকে কৈছে, "কাৰ মাৰ্ডাৰ? কি মাৰ্ডাৰ?"
"মিতালী ঘোষ নামৰ এজনী ছোৱালীৰ৷"
"তাইৰ লগত মোৰ ল'ৰাৰ কি সম্পৰ্ক?"
"সম্পৰ্কটো গোণ্ডোগলীয়া৷ হ'লেও লাহে লাহে সকলো জানিব পাৰিব৷"
"মোৰ যে পালপিটিচন হৈছে৷"
"এটা চৰ্বিট্ৰেট খাই লওঁক৷"
"শুনক অফিচাৰ, মোৰ এই ল'ৰাটো অত্যন্ত ইৰেগুলাৰ৷ বোধহয় লম্পতও আৰু অলপ ভিতৰি ভিতৰি বদমাছ৷'
"আজিকালি কোন নহয়? দি ইয়ং জেনেৰেছন ইজ টোটেলি স্প'ইল্ট৷ তাৰ বাবে আপোনালোক মানে পেৰেন্টছবোৰেই বেছি ৰেচপনচিবল৷"
"অ'কে অ'কে৷ কিন্তু মোৰ কথাটো শেষ হোৱা নাই৷ মই কৈছিলো কি, হি হেজ হিজ ভাইছেছ৷ কিন্তু হি ইজ কমপ্লিটলি ইনকেপবল টু কমিত মাৰ্ডাৰ, হি ইজ নট ব্ৰট আপ দেট ৱে৷"
"হু ন'জ? হ'লেও সি এতিয়ালৈকে আমাৰ প্ৰাইম চাচপেক্ট নহয়৷ তাৰ কামটো আজি আপুনি চম্ভালি লওঁক৷"
"কিন্তু আপোনালোকৰ কথা-বাৰ্তাবোৰ যে মোৰ জনা দৰকাৰ৷ আই এম ৱৰিড৷"
"কি কৰো কওঁক৷ ইন্টাৰোগেচনৰ ৰাৰ্নিং ক'মেন্টৰিতো আপোনাক শুনাব নোৱাৰিম৷"
"মই কি যাম?"
"নালাগে৷ এতিয়ালৈকে তাক এৰেষ্ট কৰা হোৱা নাই৷ আপুনি পিছত তাৰ পৰা শুনি ল'ব৷ ৰাখিছো৷"
"বাৰু, বাৰু৷"
ফোনটো অফ কৰি সমীৰণলৈ আগবঢ়াই দি মানুহজনে ক'লে, "হেল্পলেছ পেৰেন্টছ৷ যাওঁক৷ এইটো চাৰ্জত দি আহক৷"
পাপ! পাপ! পাপাৰ বাদে কি তাৰ জীৱনত আৰু একো নাই! তাৰ জীৱন পঞ্চ-ম ৰে সম্পূৰ্ণ৷ কিন্তু মাৰ্ডাৰ মৰে আৰম্ভ হ'লেও হয়তো পঞ্চ-মত নপৰে৷
ভিতৰৰ কোঠালৈ আহি ফোনটো চাৰ্জত লগাই সি কিছু সময় নীৰৱে থিয় হৈ চকু মুদি ধ্যানস্থ হ'বলৈ চেষ্টা কৰিলে৷ ৰাতিপুৱা তাৰ মগজুটোৱে এনেও ঠিকমতে কাম নকৰে৷ তাৰোপৰি এইবিলাক উল্টা পাল্টা ঘটনাৰে সি বিভ্ৰান্ত৷ এতিয়া দৰকাৰ মেডিটেছনৰ৷ আজিকালি ষ্ট্ৰেছ কমাবলৈ বহুতে মেডিটেছনত ধৰিছে৷ বস্তুটো কেনেকুৱা সেইটো অৱশ্যে সি ভালদৰে নাজানে৷ যোগ, ব্যায়াম, ধ্যান ইত্যাদিৰ কথা খুব শুনিবলৈ পায় আজি কালি সি৷ অকণমান সময় চকু মুদি সি নিজকে শান্ত কৰাৰ এটা ব্যৰ্থ চেষ্টা কৰিলে মাত্ৰ৷ তাৰপিছত গৈ বাথৰুমৰ দৰজাত টুকুৰিয়াই চেপা মাতেৰে মাতিলে, "জুলেখা! জুলেখা!"
ভিতৰত শ্বাৱাৰ খোলা আছে৷ জুলেখাই শুনা নাপালে৷
টেবুলৰ পৰা চাবিপাত তুলি লৈ তাৰেই দৰজাত টুকুৰিয়ালে সি৷
শ্বাৱাৰ বন্ধ হ'ল, জুলেখাই ক'লে, "কোন?"
"মই৷ অলপ সোনকাল কৰা৷"
"কিয়? উইল ইউ গ' টু দি পি? আৰু এটা বাথৰুম আছেচোন৷"
"ন', আই অন্ট গ' টু দি পি৷ বাট দিয়াৰ ইজ এনাদাৰ পি হিয়াৰ৷ পুলিচ৷"
"পুলিচ? যাঃ তুমি ধেমালী কৰিছা৷"
"সঁচা কৈছো৷"
"পুলিচ কিয় আহিছে?"
"ইন্টাৰোগেট কৰিবলৈ আহিছে৷"
"মোক? মোক কিয়?"
"তোমাকো৷ মোৰ বিষয়ে হয়তো জানিব বিচাৰিব৷"
"ডোন্ট ৱৰি৷ আই চেল পেইন্ট ইউ ইন পিঙ্ক৷"
"ধেমালী নহয়৷ চিৰিয়াছ ঘটনা৷ আই মে বি আণ্ডাৰ এৰেষ্ট৷"
"কিয়? তুমি কি কৰিছা?"
"পাপ৷ ভীষণ পাপ কৰিছো৷ কিন্তু পুলিচে যিটো পাপৰ কথা কৈছে সেইটো মই কৰা নাই৷"
"শুনা৷ মই পুলিচৰ ছোৱলী, পুলিচৰ নাতিনী৷ আই ৱাজ বৰ্ন এণ্ড ব্ৰট আপ ইন পুলিচ কোৱাৰ্টাৰ৷ পুলিচৰ কোলাতেই ডাঙৰ হৈছো৷"
চমকিত হৈ সমীৰণে ক'লে, "এই বিলাক কথা আগতে ক'ব লাগে৷ আই এম ইমপ্ৰেছড, ইউ আৰ এন এছেট৷"
"পুলিচ কিয় আহিছে কোৱাচোন৷ হেভ ইউ কমিটেড এনি ক্ৰাইম?"
"মোৰ এজনী বান্ধৱীৰ অলপতে মাৰ্ডাৰ হৈছে৷"
"বান্ধৱী?"
"ইটা ৱাজ অল ইন দি নিউজপেপাৰ্চ৷ মিতালী ঘোষ৷"
"মই বাতৰি কাকত নপঢ়ো৷ ঠিক আছে তুমি গৈ কথা পতা৷ মই গৈ আছো৷"
এই ঠাণ্ডাটো কি যে ঘাম ওলাইছে তাৰ! কোনে জানে কিয়! চাপৰ চুটি, আনইমপ্ৰেছিভ চেহেৰাৰ পুলিচ অফিচাৰজনৰ ওচৰত তাৰ অস্বস্তি লাগিছে৷ সি কোঠাত সুমাওতেই অফিচাৰজনে তেওঁৰ কাণৰ পৰা সৰু যন্ত্ৰ এটা উলিয়াই পকেটত ভৰাই ভৰাই ক'লে, "ৱেল ডান৷"
"মানে?"
"মই ইমান পৰে আপোনালোকৰ ডাইল'গ শুনি আছিলো৷"
"কেনেকৈ শুনিছিলে? এনি ইলেক্ট্ৰনিক ডিভাইছ? আজিকালি যে কত ধৰণৰ যন্ত্ৰ পাতি ওলাইছে, অকনো শান্তি আৰু প্ৰাইভেছী নহোৱা হৈছে৷"
"এইটো এটা ইমপ্ৰ'ভাইজড হেয়াৰিং এইড৷ বৰ চফিষ্টিকেটেড একো নহয়, হ'লেও ভাল কামত দিয়ে৷ বহক৷"
সমীৰণ বহিল৷
"মিতালীদেৱী কি আপোনাৰ বাল্যবান্ধৱী আছিল নেকি?"
"আমি স্কুলত একেলগে পঢ়িছিলো৷"
"তেওঁ কেনেকুৱা ছোৱালী আছিল৷"
"ব্ৰাইট৷ মেৰিটেৰিয়াছ৷"
"সেইটো মই জানো৷ আদাৰ চাইদছ?"
"খুব বন্ধুপ্ৰিয় আছিল৷ অলপ ৰোমান্টিক৷"
"ডাক্তৰী পঢ়ি থাকোতে তাইৰ বিয়া হৈ যায়৷ নহয় জানো?"
"অ', অ'৷"
"ইমান আৰ্লি এজত কিয় বিয়া হৈছিল জানে?"
সমীৰণে অলপ দ্বিধাগ্ৰস্তভাৱে ক'লে, "তাইৰ মাক নাই৷ দেউতাক আৰু তায়েই৷ বোধহয় তাইৰ দেউতাক তাইৰ ভবিষ্যতক লৈ চিন্তিত আছিল৷ সেয়ে কাৰণেই কিজানি..."
"তাইৰ দেউতাক বৰুণ ঘোষৰ কেন্সাৰ হৈছিল বুলি ডাক্তৰে এবাৰ ভুল ডায়গনছিছ কৰিছিল৷ ঘটনাটো আপুনি জানে নেকি?"
"নাই৷ আচলতে স্কুলৰ পিছত আমাৰ বিশেষ মিলামিছা নাছিল৷ ফোনত কথা হয়৷ বিয়াতো গৈছিলো৷"
"ইমান আৰ্লি এজত কিয় বিয়া হৈছিল, জানিব খোজা নাছিল?"
"খুজিছিলো৷ কিন্তু তাই খুলি একো কোৱা নাছিল৷"
"বিয়াত তাইৰ আপত্তি আছিল?"
"আছিল৷ কৈছিল দেউতাকে তাইক জোৰ কৰি বিয়া দিছে৷"
"জোৰ দিয়াৰ কাৰণ কি চাচপেক্টেড কেন্সাৰ?"
"মই ঠিক নাজানো৷ হ'বও পাৰে৷"
"আপুনি হয়তো আৰু কিবা জানে৷ ক'ব খোজা নাই৷"
"নাই৷ তেনেকুৱা নহয়৷"
"মিতালীদেৱীৰ হাজবেণ্ড মিঠু মিত্ৰক আপুনি জানে?"
"জানো৷"
"কেনেকৈ জানে?"
"সিহঁতৰ বিয়াৰ সময়ত চিনাকি হৈছিল৷ পিছত বন্ধুত্বৰ নিচিনাই হৈছিল৷"
"কিন্তু বিয়াতো ভাঙি যায়৷ এমাহ পিছতে মিতালীদেৱী গুছি গৈছিল৷"
"হয়, কিন্তু মিঠুৰ লগত মোৰ সম্পৰ্কটো তাতেই শেষ হোৱা নাছিল৷"
"সম্পৰ্কটো কেনেকৈ হৈছিল?"
"ঘটনাটো ইন্টাৰেষ্টিং৷ কওঁ? আপোনাৰ পিছে শুনাৰ সময় হ'ব নে?"
"হ'ব৷ কওঁক৷"
"বৌবজাৰত আমাৰ এখন জুৱেলাৰীৰ দোকান আছে৷ তেতিয়া আমি দুই ভাই তাত বহিছিলো৷ এবাৰ দোকানত এটা ডকাইটী হয়৷ ডকাইটীৰ পিছত আমাৰ দেউতাই ঠিক কৰে যে আমাৰ ফিজিকেল ফিটনেছ দৰকাৰ আৰু মাৰ্চিয়েল আৰ্টো শিকা প্ৰয়োজন৷ মই জীৱনত ব্যয়াম চিয়াম কেতিয়াও কৰা নাই৷"
"সেইটো আপোনাক দেখিলেই বুজা যায়৷"
"যায়?"
"যায়৷ হ'লেও আপোনাৰতো হেপ্পি লাইফ৷ হেপিনেছৰ জামেলা হ'ল হেল্থ হাজাৰ্ডছ৷"
"বাঃ, আপুনি বেছ এলিটাৰেছন কৰিব পাৰে৷"
"তাৰপিছত কওঁক৷"
"অ', মিতালীৰ হাজবেণ্ড যে এজন মাৰ্ছিয়েল আৰ্টিষ্ট সেইটো মোৰ জনা আছিল৷ মিঠুৰ তালৈ আমি দুই ভাই শিকিবলৈ যোৱা কৰিলো৷ তেনেকৈয়ে মিলামিছা আৰম্ভ হয়৷"
"মিঠু মিত্ৰ কেনেকুৱা মানুহ?"
"ভাল৷ বৰ ভাল মানুহ৷"
"তেনেহ'লে আপোনাৰ বান্ধৱী মিতালীয়ে তেওঁক পচন্দ কৰা নাছিল কিয়?"
"কোনে কাক পচন্দ কৰে কোৱা মস্কিল৷"
"মই জানিব খোজো মিতালীদেৱীয়ে মিঠু মিত্ৰক অপচন্দ কৰাৰ বিশেষ কিবা কাৰণ আছিল নেকি?"
"মই নাজানো৷"
"ঠিক আছে৷ অন্ততঃ এইটোতো জানে, বিয়ৰ আগতে মিতালীদেৱীৰ আন কোনোবা আছিল নেকি?"
"আপুনি পান্টুৰ কথা সুধিছে নেকি? চাওঁক, সেই কেছটো চেদ৷ মাতিলীয়ে এটা মাৰাত্মক ভুল কৰিছিল৷ ভুল বুজিব পাৰি তাই উভতিও আহে৷"
"অলপ ডিটেইলছত কওঁকচোন৷'
"কথাটো কি, মিতালী অলপ ৰোমান্টিক টাইপৰ৷ পান্টু আছিল সিহঁতৰ চুবুৰীৰ দাদা৷ এ বেড টাইপ৷ কিন্তু বেছ হত্তা-কত্তা, সাহসী৷ মিতালী ইনভোলভ্ড হৈ গৈছিল৷ দেউতাকে জানিলে খং কৰিব বুলি ভয়ত মিতালী ল'ৰাটোৰ লগত পলাই যায়৷ বিগ ব্লাণ্ডাৰ৷ ল'ৰাটোৰ ইনকাম পাতি নাছিল, যগ্যোতাও নাই৷ মিতালী ছমাহ পিছত দেউতাকৰ তালৈ ঘূৰি আহে৷ এ ৰেক অফ এ গাৰ্ল৷ পলাই যোৱাৰ পিছত তাইৰ বাপেক পাগলৰ নিচিনা হৈ গৈছিল৷ দেহাও পৰি আহে৷ মিতালী ঘূৰি অহাৰ পিছতো দেউতাকে সেই শ্বকটো পাহৰিব পৰা নাছিল৷ কিন্তু মই ভাবো, তেনেকুৱা ভুল মানুহে কৰিব পাৰে৷ অল ইন দি লাইফ গেম৷"
"কথাটো মিঠু মিত্ৰই জানিছিল নে?"
"বোধহয়৷ মিতালীৰ দেউতাকে হয়তো তাক কৈছিল৷"
"আপুনি চিঅ'ৰ নহয়?"
"প্ৰসংগটো আমাৰ মাজত ওলোৱা নাছিল৷ মোৰো মনলৈ অহা নাছিল৷"
"পান্টু এতিয়া ক'ত?"
"নাজানো৷ মই এবাৰ-দুবাৰ দেখিছিলো৷"
"বিয়াখন যে ভাঙিছিল, পান্টুৰ কাৰণে নহয়তো?"
"আৰে নহয়৷ মিতালীয়ে তাইৰ ভুল বুজিব পাৰিছিল৷ পান্টুক মনৰ পৰা জাৰি জোকাৰি উলিয়াই পেলাইছিল৷"
"সিহঁতৰ কিবা ইচ্যু হৈছিল নেকি? মানে পান্টু আৰু মিতালীৰ?"
"নাই নাই৷"
"মিঠু মিত্ৰই পান্টুৰ কথা জানি বিয়া ভাঙি দিছিল, এনেকুৱা হ'ব পাৰে নেকি?"
"নাই হ'বই নোৱাৰে৷ বিয়া মিতালীয়েহে ভাঙিছিল৷"
"চিঅ'ৰ তো?"
"হাণ্ড্ৰেড পাৰচেন্ট৷"
"এইবাৰ কওঁক৷ পাৰ্টিৰ দিনাখন আপুনি ক'ত আছিল?"
"পাৰ্টিতেই আছিলো৷ আই ৱাজ এন ইনভাইটি৷"
"পাৰ্টিত কি হৈছিল?"
"মিতালীয়ে বহুতক নিমন্ত্ৰন কৰিছিল৷"
"অকেজনটো কি?"
"গেট টুগেদাৰ৷"
"কেনেকুৱা পাৰ্টি?"
"ককটেইল ডিনাৰ৷"
"মিঠু মিত্ৰকো মাতিছিল নেকি?"
"মাই গড! নাই!"
"হ'লেও মিঠু সিদিনা মিতালীদেৱীৰ ঘৰলৈ গৈছিল, নহয়নে?"
"অ'৷ মোৰ সৈতে তাৰ দেখা হৈছিল৷"
"কেতিয়া আৰু ঠিক কোনখিনিত?"
"মই তেতিয়া গাড়ীৰ পৰা নামিছো৷ দেখো মিঠুৱে গেট খুলি ওলাই আহিছে৷ মই অলপ আচৰিত হৈছিলো৷ মিঠুৰ প্ৰেস্তিজবোধ বহুত বেছি৷"
"তেওঁ কিয় আহিছিল আপোনাক কিবা কৈছিল?"
"নাই৷ হি ইজ এ ৰিজাৰ্ভ মেন৷ আগবাঢ়ি একো নকয়৷"
"আপোনালোকৰ মাজত কিবা কথা-বাৰ্তা হৈছিল?"
"অলপ৷ মিঠু অন্যমনস্ক হৈ আছিল৷ মই সুধিলো খবৰ কেনেকুৱা৷ সি ক'লে ভাল৷"
"তেওঁ কি গাড়ীত আহিছিল?"
"নাই৷ মিঠুৰ এখন বুলেট আছে৷ সেইখনত উঠি গুছি গ'ল৷ খুব জোৰত গৈছিল, মনত আছে৷"
"আপুনি মিতালীদেৱীক এইবিষয়ে কিবা সুধিছল নে?"
"সুধিছলো৷"
"তেওঁ কি ক'লে?"
"তাই বৰ ডিষ্টাৰ্বড হৈ আছিল৷"
"কেনেকুৱা৷ খুলি কওঁক৷"
"আনইজি লাগিছিল৷ অলপ যেন ৰেষ্টলেছ৷ মোক হঠাতে ক'লে, মই জীৱনত বাৰে বাৰে কিয় ভুল কৰো ক'?"
"কেৱল এইখিনিকে?"
"নাই আৰু কৈছিল৷"
"কি কৈছিল?"
"কৈছিল, আই মাষ্ট ৰিকনচাইল৷"
"কাৰ সৈতে?"
"সেইটো খুলি কোৱা নাছিল৷ মোৰ অনুমান, মিঠুৰ কথাই কৈছিল৷"
"হাউ ডু ইউ ন'?"
"মইতো কৈছোৱেই, মোৰহে অনুমান৷"
"সিদিনা কি মিতালীদেৱীয়ে খুব ড্ৰিঙ্ক কৰিছিল নেকি?"
"অ', মিতালীয়ে মদ নাখাই কেতিয়াও৷ আমেৰিকাতো নাখাইছিল৷ মোক মাজে মাজে চিঠি দিয়ে৷ তাতে প্ৰায়ে লিখিছিল তাই আমেৰিকাত নিচাৰ বিৰুদ্ধে এটা আন্দোলন কৰিব খোজে৷"
"হ'লেও সিদিনা তেওঁ ড্ৰিঙ্ক কৰিছিল৷"
"অ', যধেমধে খাইছিল৷ কেতিয়াবা হুইস্কি, কেতিয়াবা ছেৰী, কেতিয়াবা বিয়েৰ বা ৰাম৷ বুজা গৈছিল তাই ড্ৰিঙ্ক কৰিব নাজানেই৷"
"তাৰ পিছত কি হ'ল?"
"ডাঙৰীয়া বিপদত পেলালে৷"
"কিয়?"
"আমি পাপী-চাপী মানুহ৷ মদ আমিও খাওঁ৷ কিছুসময় পাৰ্টি চলাৰ পিছত মই আৰু কি হুচত থাকিব পাৰো?'
"আউট হৈ গৈছিল?"
"ঠিক তেনেকুৱা নহ'লেও আই ৱাজ এক্সট্ৰিমলি হাই৷ ডিনাৰৰ টেবুলত বহিও মই একো খাব নোৱাৰিলো৷"
"তাৰপিছত?"
"ক্ষণিকাই মোক লৈ আহে৷"
"ক্ষণিকা কোন? বাথৰুমত যে আছে?"
"নাই৷ এই জুলেখা৷"
"আপোনাৰ কেইজনী?"
"এজনীয়েই, এওঁ হ'ল ষ্টপ গেপ৷"
"এওঁক ক'ত পালে?"
"মিলি যায়৷"
"আপুনি ভাগ্যৱান মানুহ৷ বাৰু মিঠু মিত্ৰই আপোনাক ক'ত কেৰাটে শিকাইছিল?"
"চৰ্দান ক্লাৱত৷ হ্ৰদৰ পাৰত৷"
"আপুনি কিমান দিন শিকিছিল?"
"বেছি নহয়৷ এমাহ মান৷ কাৰাটে ইজ এ বোৰিং থিং৷ চিনেমা তিনেমাত চাই বেয়া নালাগে৷ কিন্তু শিকাটো বৰ একঘেয়ামী৷ এটা কামাকে হাজাৰবাৰ কৰিবলগীয়া হয়৷"
"ক্ষণিকা এতিয়া ক'ত?"
"ক্ষণিকা! ওঃ! তাই মাকৰ ঘৰত৷"
"তাই কি আপোনাক এৰি গৈছে নেকি?"
"বোধহয় নাই৷ টেম্প'ৰাৰী মিচআণ্ডাৰষ্টেণ্ডিং৷"
"কি কাৰণে? জুলেখাদেৱীৰ কাৰণে নেকি?"
"নাই নাই৷ জুলেখা ইজ ন' মেচ ফৰ হাৰ৷ কথাটো খুলিয়েই কওঁ৷"
"কওঁক৷"
"ৱানছ আই ৱাজ ইন লাভ উইথ মিতালী৷"
"হয় নেকি?"
"ইট ৱাজ নেচাৰেল৷ মিতালীৰ সোঁগালত এটা তিল আছে৷ আপুনি দেখা নাই? সেইটোৰ বাবে যে তাইক কি ধুনীয়া লাগিছিল! ইন ফেক্ট চেভেন্টি পাৰচেন্ট অৱ হাৰ মেল ক্লাছমেত ৱেৰ ইন লাভ উইথ হাৰ৷"
"তাৰপিছত কওঁক৷"
"অৱশ্যে একপক্ষীয় প্ৰেম৷ সেইবোৰ পাহৰোতে সময় নালাগে৷ তাৰপিছত মিতালী যেতিয়া আমেৰিকাৰ পৰা ঘূৰি আহিল, আই ৱাজ ছেকেণ্ড টাইম ইন লাভ উইথ হাৰ৷ আমেৰিকালৈ গৈ তাই আৰু ধুনীয়া হৈছিল৷ স্মাৰ্ট হৈছিল৷ বহুখিনি মেচিয়ৰ্ডো৷ এইবোৰ কথা মই ক্ষণিকাক কৈছিলো৷"
"পিছত?"
"এণ্ড ক্ষণিকা ৱাজ ক্ৰছ৷ পাৰ্টিৰ পৰা মোক টানি আনি ঘৰত নমাই দি চিধা মাকৰ ঘৰলৈ গুছি যায়৷"
"কিয় পাৰ্টিত কিবা হৈছিল?"
"মই বোলে মদৰ নিচাতে মিতালীক প্ৰপোজ কৰি দিছিলো৷ কিন্তু নিচাত কোৱা কথা আৰু ধৰি থাকিব লাগেনে, আপুনিয়ে কওঁক? চি ইজ চ' জেলাছ!"
"বেছি জেলাছিত কিন্তু মাৰ্ডাৰো কৰিব পাৰে!"
ভয় খাই সমীৰণে ক'লে, "নাই নাই! কি যে কয়! ক্ষণিকা তেনেকুৱা ছোৱালী নহয়৷"
"কেনেকুৱা ছোৱালী?"
"কোৱাইট ৰেচপ'নচিবল৷ চ'চিয়েল ৱৰ্কও কৰে৷"
"আপুনি জানে নেকি, মিতালীদেৱীৰ আমেৰিকাত কোনোবা বয়ফ্ৰেণ্ড আছে নে নাই?"
"নাই৷"
"কেনেকৈ জানিলে যে নাই?"
"থাকিলে মোক ক'লেহেঁতেন৷"
"উজ্বল সেন বুলি কাৰোবাৰ নাম শুনিছে?"
"শুনিছো৷ উজ্বল তাইৰ বন্ধু ঠিকেই, কিন্তু বয়ফ্ৰেণ্ড বুলিলে যেনেকুৱা তেনেকুৱা নহয়৷"
"উজ্বলে কি কৰে?"
"আমেৰিকাত তেওঁৰ বিজনেছ আছে৷"
"কিহৰ বিজনেছ?"
"বোধহয় চফ্টৱেৰৰ৷"
"বোধহয় বুলি কৈছে যে?"
"তেনেকৈয়ে শুনিছিলো৷"
"সিহঁতৰ মাজত কোনো এফায়াৰ নাই বুলি কৈছে!"
"নাই নাই৷ থাকিলে মোক ক'লেহেঁতেন৷"
"বৰুণ ঘোষৰ সৈতে কথা পাতি পাইছিল নে?"
"এবাৰ দুবাৰ পাইছিলো৷"
"কেনেকুৱা মানুহ আছিল?"
"লোনলি৷"
"আপোনাৰ ব্লাড প্ৰেছাৰ কিমান?"
"প্ৰেছাৰ! নাজানো নহয়৷ কিয় সুধিলে বাৰু?"
"মাজে মাজে চেক কৰাব লাগে৷ আপোনাৰ ফোন বাজি আছে৷ বোধহয় আপোনাৰ দেউতাৰাই কৰিছে৷ যাওঁক৷ ধৰকগৈ৷"
দেউতাকেই৷ ফোন ধৰি যন্ত্ৰটো কাণৰ কাষৰ পৰা আঁতৰাবলগীয়া হ'ল৷ দেউতাকে চিঞৰিছিল, "কি হ'ল? কি হৈছে? নকওঁ কেলেই?"
"একো হোৱা নাই৷ আমি কেৱল কথা পাতি আছো৷"
"এৰেষ্টতো কৰা নাই?"
"নাই কৰা দেউতা৷"
"লাগে যদি আমাৰ বিৰজা উকীলক খবৰ এটা দিব পাৰি?"
"এতিয়াই নালাগে দেউতা৷"
"কোন মৰিছে বুলিছিলি?"
"মোৰ বান্ধৱী এজনী৷"
"কুলাঙ্গাৰ কৰোবাৰ৷"
দেউতাকে ফোন ৰখাতহে সকাহ পালে সমীৰণে৷
বহা কোঠাত সোমায়েই দেখিলে, মানুহজনে পুনৰ তেওঁৰ হিয়াৰিং এইডটো কাণৰ পৰা খুলি জেপত ভৰালে৷ তাৰপিছত ক'লে, "আপোনাৰ বান্ধৱীয়ে বাথৰুমত বহুত দেৰি কৰিছে৷"
"উম, বাথৰুম তাইৰ প্ৰিয় ঠাই, মাতিম নেকি?"
"মাতক৷"
সমীৰণে গৈ বাথৰুমৰ দুৱাৰত টুকুৰিয়াই ক'লে, "হৈছে জুলেখা?"
"গৈছো৷"
আৰু কেইমিনিট মান পিছত জুলেখা সাজি কাচি ওলাই আহিল৷ হাঁহি ক'লে, "হাই৷ মই জুলেখা৷"
অফিচাৰে ক'লে, "মই শৱৰ দাশগুপ্তা৷ ডিটেক্টিভ৷"
"হাউ থ্ৰিলিং!"
"আপুনি এজন পুলিছ অফিচাৰৰ ছোৱালী?"
"হয়৷ মোৰ দেউতাৰ নাম বিজয় শৰ্মা৷ ৱেষ্ট বেঙ্গল পুলিচ৷ ৰিটায়াৰ্ড৷"
"সমীৰণবাবুৰ সৈতে আপোনাৰ কিমান দিনৰ পৰিচয়?"
"জাষ্ট বাৰ দিন৷"
"কেনেকৈ?"
"উই আৰ টু ল'নলি পিপল৷ উই মিত চামহোৱেৰ৷ এণ্ড দেট্ছ দেট৷"
"আপুনি চাকৰি কৰে?"
"হয়৷ মেৰিজ স্কুলত ফিজিকেল ইনষ্ট্ৰাক্টৰ৷"
"মেৰিটিয়েল ষ্টেটাছ?"
"চিংগল৷"
"অকলে থাকে, নে মা দেউতাৰ লগত?"
"অকলে৷ মা-দেউতাই মোৰ লাইফ ষ্টাইলটো ভাল নাপায়৷"
"সমীৰণবাবুক লগ পোৱাটো কি এক্সিডেণ্টেল?
"হয়৷"
"ক'ত লগ পাইছিল?"
"বাৰ এখনত৷"
"বাৰত? আপুনি কি ড্ৰিঙ্ক কৰে নেকি?"
"অকেজনেলি৷ যেতিয়া বোৰিং বা লোনলি ফিল কৰো৷"
"আৰ ইউ ইন লাভ?"
"হিঃ হিঃ৷ ডোন্ট ন'৷"
"আপুনি জানেনে যে, এওঁৰ আৰু এজনী গাৰ্লফ্ৰেণ্ড আছে?"
"নাজানিম কিয়?"
"আপুনি মিতালী ঘোষৰ কথা শুনিছে?"
"নাই৷"
"হাউ ডিড ইউ ফল ফৰ হিম?"
জুলেখাই মিছিকিয়াই হাঁহিলে, "উইল ইউ বিলিভ?"
"হোৱাই নট?"
"হি টোল্ড মি দেট হি ৱাজ স্কেয়াৰ্ড অফ ঘোষ্ট৷"
"ভূতৰ ভয়?"
"হয়৷"
শৱৰে সমীৰণলৈ চাই ক'লে, "আপুনি ভূত বিশ্বাস কৰে?"
সমীৰণে ভিষণ লাজ পাই ক'লে, "বিশ্বাস কৰাৰ প্ৰশ্নই নুঠে৷ কিন্তু ভয় খাওঁ৷ বিশেষকৈ মিতালী মৰাৰ পিছৰ পৰা৷"
"সঁচাই?"
"অঁ৷"
"মিছ শৰ্মা৷ তাৰপিছত কওঁক৷"
"আই এম নেচাৰিলি এট্ৰাক্টেড টু ল'নলি পিপল৷ সমীৰণক মোৰ ভাল লাগিছিল৷"
"ইয়াৰ আগতে আন কোনো পুৰুষৰ সৈতে এনেদৰে বাস কৰিছিল?"
"মাত্ৰ এবাৰ৷ কিন্তু পল্লৱৰ সৈতে মোৰ বিয়া হোৱাৰ কথা আছিল৷ এটা এক্সিডেন্টত সি ঢুকাই থাকে, এবছৰ আগত৷ আই লিড এ ল'নলি লাইফ৷"
"আপোনাৰ ঠিকনা?"
"থ্ৰি এ ৱাই ৱান লিটন ষ্ট্ৰিট৷ ৰুম নম্বৰ টুৱেন্টি থ্ৰি৷"
"ব'ৰ্ডিং হাউছ নেকি?"
"হয়৷ কিন্তু এই মাৰ্ডাৰ কেছটোৰ সৈতে মোৰ নিশ্চয় কোনো সম্পৰ্ক নাই৷ মই যাব পাৰো নে? মোৰ স্কুলত আজি প্ৰগ্ৰেম এটা অছে৷"
"পাৰে৷"
"বাই দেন৷"
"বাই৷"
জুলেখা ওলাই যোৱালৈ অপেক্ষা কৰি ৰ'ল শৱৰে৷ দৰজা জপোৱাৰ পিছত ক'লে, "ইজ চি টেলিং দি ট্ৰুথ?"
"মোৰ অৰ লেছ৷"
"হোৱাই লেছ?"
"সেইটো কথাৰ কথা৷ তাই সঁচাই কৈছে৷"
"কি বাৰত আপোনালোকৰ দেখা হৈছিল?"
"মদিৰা৷"
"আপুনি তালৈ ৰেগুলাৰ যায়?"
"যাওঁ, বেছ চেকলুডেড জেগা৷ গাড়ীৰ পাৰ্ক কৰা ঠাই আছে৷"
"জুলেখাও যায়?"
"নাই৷ সিদিনাই তাইক প্ৰথম দেখিলো৷"
"কেনেকৈ চিনাকি হ'ল?"
"তাই অলপ হাই হৈ আছিল৷ আহি মোৰ টেবুলত বহিলে৷ উই টকড৷"
"তাৰপিছত?"
"তাৰপিছততো দেখিছেই৷"
"ক্ষণিকাদেৱীয়ে খং নকৰিব?"
"কৰিব৷ এতিয়াও হয়তো নাজানে৷ জুলেখাই অৱশ্যে জানে যে এইটো কোনো পাৰমেনেন্ট ব্যৱস্থা নহয়৷ বৰ কন্সিডাৰেট ছোৱালী৷"
"কেৱল ভুতৰ ভয়ৰ বাবেই আপুনি বান্ধৱী জোগাৰ কৰিছে, এইটো জানো বিশ্বাসযোগ্য?"
"বিশ্বাস কৰক৷ সঁচাকৈয়ে মোৰ খুব ভুতৰ ভয়৷ পাপী যে, মোৰ প্ৰায়ে ভাৱ হয় মৰামানুহৰ আত্মাবোৰে মোৰ কাণ্ড কাৰখানা দেখি খঙত জ্বলি পকি আছে৷ সুযোগ পালেই আহি ডিঙি চেপা মাৰি ধৰিব৷"
***