Mar 8, 2014

পোহৰৰ ছাঁত - অষ্টম অধ্যায়

ৰাজীৱ ফুকন
Pohoror Sat Assamese Detective Novel by Rajiv Phukan 

 মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন 
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

অষ্টম অধ্যায়

ইৰাই খিৰিকীৰ বাহিৰত এখন দেৱাল উঠাব লগীয়া হ'ল৷ তাত বেলেগকৈ দৰজা ইত্যাদি৷ খিৰিকীত লগাব লগীয়া হ'ল ডাঠ কাপোৰৰ পৰ্দা৷ হয়, তেওঁ ডেভিডক প্ৰশ্ৰয় দিছিল৷ ডেভিডে যিমান বিচাৰিছিল তাতকৈ অলপ বেছিয়েই৷
 
এইটো ঘটনাৰ কথা কোনেও নাজানে৷ জানিলেও কোনেও তেওঁক একো কোৱা নাই৷
 
যোৱা দুবছৰ ধৰি প্ৰায় প্ৰতি নিশাই ডেভিড আহিছে৷ বহি থাকে বেছি ভাগ সময়৷ কোঠাৰ ডিম লাইট জ্বলাই সিহঁতে আদ্দা মাৰে৷ কেতিয়াবা কেতিয়াবা দৈহিক মিলনো৷ কিন্তু কথাটো ইৰাৰ কোনোদিনে ভাল লগা নাই৷ দৈহিক মিলনৰ সময়ত ভিতৰি ভিতৰি এটা প্ৰতিৰোধ তেওঁৰ মনত গঢ় লৈ উঠে৷ আৰু আচৰিত কথা, সেই সুপুৰুষ আৰু শক্তিমান যুৱকজনৰ প্ৰেমত তেওঁ আজিও পৰা নাই৷ ভাল যে নালাগে, তেনেকুৱা নহয়৷ কিন্তু তাৰ মাজত আৱেগে ক্ৰিয়া কৰা নাই কোনোদিনে৷ উথপথপ নহয় বুকু৷
 
কালি ৰাতিও ডেভিড আহিছিল৷ কিছু পৰিমাণে উদভ্ৰান্ত হৈ আছিল সি৷
 
"তোমাৰ কি হৈছে?"
 
"মই অলপ ৰেষ্টলেছ৷"
 
"কিয় ডেভিড?"
 
"আই কেন্ট হেল্প ইউ৷ আপুনি সেই স্কাণ্ডেলটোৰ বাবে কষ্ট পাইছে৷"
 
"সেয়াতো হয়েই৷ কোনে জানো এনেকুৱা কাম কৰিব পাৰে!"
 
"আপোনাৰ হাজবাণ্ডে অস্বীকাৰ কৰিছে৷"
 
"সৰ্বজিতে সকলো কৰিব পাৰে৷ কিন্তু তাৰ পক্ষে তোমাৰ আৰু বান্টুৰ ছবি অঁকাতো সম্ভৱ নহয়৷"
 
"তেনেহ'লে কোন বুলি ভাবে?"
 
"ধৰিবই পৰা নাই৷"
 
"এটা কথা সুধো?"
 
"নিশ্চয়৷"
 
"আপুনি এজন পেইন্টাৰৰ লগতে বিয়া হ'ল কিয়?"
 
"আৰে, তাতনো কি দোষ?"
 
"দোষৰ কথা নহয়৷ আপুনি এজন পেইন্টাৰকেই কিয় পচন্দ কৰিলে৷"
 
"এনেয়ে৷"
 
"আপুনি নিজে আঁকে?"
 
"কিয় কোৱাচোন?"
 
"আপোনাৰ কথা বাৰ্তাত ভাব হয় আপুনি ছবি সম্পৰ্কে জানে৷"
 
"জানো৷ নেজানিম নো কিয়? পেইন্টাৰৰ সৈতে সংসাৰ কৰিছো যেতিয়া৷"
 
"নিজে কেতিয়াও অঁকা নাই?"
 
"অলপ চলপ চেষ্টা নকৰা নহয়৷ কিন্তু পৰা নাই৷"
 
"আপোনাৰ সৈতেতো কাগজ কলম আছে৷ মোৰ এখন স্কেচ বনাব?"
 
"ধুৰ, সেইবোৰ নোৱাৰো দেই৷"
 
"জাষ্ট ট্ৰাই৷ চেষ্টা কৰি চাওঁক না৷"
 
ইৰাই কাগজ কলম লৈ বহিল৷ এখন স্কেছ বনায়ো পেলালে তেওঁ৷
 
দেখি ডেভিডে ক'লে, "মাই গড!"
 
"কি হ'?"
 
"আপোনাৰ হাতখনচোন খুব ভাল৷"
 
"যাঃ, পাগল৷"
 
"বাৰু, মই এইখন ৰাখি থওঁ৷"
 
"ৰাখা, পিছে সেইখন একো ভাল নহ'ল৷"
 
ডেভিড ৰাতি তিনিটামনত গৈছিল৷ তাৰ পিছত শুই পৰিছিল ইৰা৷ তেওঁৰ টোপনি অহা নাছিল৷
 
আৰু এতিয়া ৰিভলভাৰটো বিচাৰি পোৱা নাই৷
 
ক্লান্ত হৈ তেওঁ কিছুসময় বিছনাত বহি থাকিল৷ তেওঁৰ ভালদৰে মনত আছে ৰিভলাভৰটো গাৰুৰ কাষতে প্লাষ্টিকৰ সৰু চিট এখনৰ ওপৰত থোৱা আছিল৷ বিছনাত ৰিভলভাৰৰ তেলচেল লাগে কাৰণে সেই ব্যৱস্থা৷ চিটখন আছে, কিন্তু বস্তুটো নাই৷
 
মূৰটো গৰম হৈ গ'ল তেওঁৰ৷
 

***
 
অফিচত বহি ফিঙ্গাৰপ্ৰিন্ট ৰিপোৰ্টটো গম্ভীৰ মুখেৰে চাই আছিল শৱৰে৷ ভ্ৰূ কোঁচাই এচিষ্টেন্ট লালু ওচৰতে ৰৈ আছিল৷
 
"আৰ ইউ চিঅ'ৰ লালু?"
 
"এবচলিউটলি৷"
 
"ক্ৰছ চেক কৰিছা?"
 
"কৰিছো ছাৰ৷"
 
শৱৰে পিছলৈ হেলান দি বহি ক'লে, "দেন দি কমপ্লিকেছন ডিপেন্স৷"
 
"হয়, ছাৰ৷"
 
"শুনা, মিষ্টাৰ সৰকাৰক আমাৰ ফাইণ্ডিংটো এতিয়াই জনাবলগীয়া নাই৷"
 
"ঠিক আছে ছাৰ৷"
 
"মই আজিয়েই এবাৰ ৰিখিয়ালৈ যাম৷ ট্ৰেইনৰ টিকট এটা এৰেঞ্জ কৰা৷ যিকোনো ট্ৰেইন৷"
 
"' প্ৰব্লেম ছাৰ৷"
 
লালু গুছি যোৱাৰ পিছত শৱৰে বহুসময় ধৰি চিলিঙৰ পিনে চাই ৰ'ল৷ তাৰপিছত উঠিল৷ ৰিখিয়া৷
 
দুপৰীয়া জশিডিত নামি এখন অট' ৰিক্সা লৈ চিধা ৰিখিয়িত উপস্থিত হ'লগৈ শৱৰ৷
 
"তোমাৰ নাম বান্টা?"
 
"জি হুজুৰ৷"
 
"কিমান দিন ইয়াত কাম কৰিছা?"
 
"চাৰ-পাঁচ বৰিষ হ'ব৷"
 
"বান্তা তোমাৰ পৰা কেইটামান কথা জানিব খোজো৷"
 
"কওঁক৷"
 
"এই ফটোখন চোৱা, চিনি পাইছা?"
 
"জি"
 
"এই মানুহটো কোন?"
 
"নামতো মালুম নাই৷"
 
"কেতিয়াৰ পৰা আহি আছে?"
 
"কৰিব দো-তিন চাল হ'ব৷"
 
"আহি কি কৰে?"
 
"কুছ মালুম নেহি বাবু৷ আহে, গুছি যায়৷"
 
"কিমান দিন থাকে৷"
 
"ৰহতা নেহি৷ আহি গুছি যায়৷ দো তিন চাৰ ঘন্টা ৰহতা হায়৷"
 
"তেওঁলোকে কি কথা পাতে জানা?"
 
"নেহি হুজুৰ৷"
 
"কেতিয়াও একো কাণত পৰা নাই?"
 
"মালুম হোতা বাবুসে পয়ছা লেতা হায়৷"
 
"দেখিছা কেতিয়াবা?"
 
"নেহি হুজুৰ৷ বেংক কা যো কাগজ হ্যায় না, চেক?"
 
"হয় হয় চেক৷"
 
"ওহি লেতা হ্যায়৷"
 
"কিমান টকাৰ চেক জানা?"
 
"নেহি হুজুৰ৷ এক দো দফে দেখা৷"
 
"মানুহজন সঘনাই আহে নেকি?"
 
"দো তিন মহিনা বাদ বাদ৷"
 
"মই যে পুলিচৰ মানুহ তুমি জানানে?"
 
"নেহি হুজুৰ৷"
 
"মই ঘৰটো এবাৰ চাৰ্ছ কৰি চাব খোজো৷"
 
বান্টাই মূৰ জোকাৰি ক'লে, "হুকুম নেহি হুজুৰ৷"
 
শৱৰে মায়াভৰা চাওঁনিৰে বান্টালৈ চালে৷ বান্টা বেছ স্বাস্থ্যৱান, ওখ পাখ মানুহ৷ দীঘে পথালিয়ে শৱৰৰ ডাবল৷
 
শৱৰে ঘড়ী চালে৷ সি আজিয়েই তুফান বা ডিলাক্স এক্সপ্ৰেছ ধৰি উভতি যাব লাগিব৷ থানালৈ গৈ চাৰ্চ ৱাৰেন্ট বা চিপাহী অনাৰ সময় নাই৷ অগত্যা-
 
শৱৰে এখোজ বান্টাৰ পিনে আগুৱাই গ'ল৷ তাৰ বাঁও হাতখন বিদ্যু বেগে এটা থাপৰৰ নিচিনাকৈ নামি আহিল বান্টাৰ মূৰলৈ৷ টু শব্দ এটা নকৰাকৈ বান্টা বাগৰি পৰিল মাটিত৷ সংজ্ঞাহীন৷
 
বিশাল ঘৰটোৰ পিছ ফালে থকা এটা ডাঙৰ ৰুম সৰ্বজিতৰ ষ্টুডিঅ'৷ অলপ বিশৃংখল৷ এফালে দম কৰি থোৱা নতুন কেনভাছ৷ অজস্ৰ সম্পূৰ্ণ আৰু অসম্পূৰ্ণ ছবি চাৰিওপিনে সিঁচৰিত হৈ আছে৷ এফালে এখন টেবুল৷ তাৰ ড্ৰয়াৰ খুলি চালে সৰ্বজিতে৷ বহু কেইখন স্কেছ অঁকা কাগজ পোৱা গ'ল৷ বেছিভাগেই মানুহৰ মুখ৷
 
একেবাৰে তলৰ ড্ৰয়াৰত এটা মেনিলা এনভেলপৰ ভিতৰত এখন স্কেছ পোৱা গ'ল বহুত কাগজৰ মাজত৷ সেইখন জেপত ভৰালে সি৷ তাৰপিছত সন্তৰ্পনে ওলাই আহিল৷
 
ভাৰা কৰি অনা অট'ৰিক্সাখন অপেক্ষা কৰি আছিল বাহিৰত৷ সি উঠি বহিল৷
 
***
 
"আপুনি ডেভিড?"
 
"হয়৷"
 
"আপোনাৰ দেউতাৰ নাম জন ডালি?"
 
"হয়৷"
 
"তেওঁ কি কৰে?"
 
"এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট৷"
 
"কিহৰ ইণ্ডাষ্ট্ৰি?"
 
"মেছিন পাৰ্টছ৷"
 
"বিগ মেন?"
 
"হয়৷"
 
"আপুনি কেতিয়াৰ পৰা কলিকতাত আছে?"
 
"পাঁচ-ছয় বছৰ মান হ'ব৷"
 
"ইয়াতে কি কৰে?"
 
"ফ্ৰিলান্স জাৰ্নেলিষ্ট৷"
 
"মাহিলি ইনকাম কিমান?"
 
"একো ঠিক নাই৷ দুই-তিনি হাজাৰ মান হ'ব৷"
 
"এই ফ্লেটটোৰ ভাৰা কিমান?"
 
"দুহাজাৰ৷"
 
"কেনেকৈ ইমান টকা ভাৰা দিয়ে?"
 
"দিওঁ৷"
 
"বাট হাউ?"
 
"মেনেজ কৰো৷"
 
"টিনাৰ সৈতে আপোনাৰ সম্পৰ্ক কি?"
 
"উই আৰ ফ্ৰেণ্ডছ৷"
 
"ইন্টিমেট?"
 
"চৰ্ট অফ৷"
 
"আৰ ইউ ইন লাভ?"
 
"মে বি!"
 
"ডেভিড, প্ৰেমত পৰাতো অপৰাধ নহয়৷ কওঁক৷"
 
"সঁচা কথা ক'বলৈ গ'লে তাই মোৰ বন্ধু৷ তাতকৈ বেছি একো নহয়৷"
 
"ডেভিড, আপুনি টিনাৰ দেউতাকক চিনি পায়?"
 
"নাই৷ নেভাৰ মেট হিম৷"
 
"নেভাৰ?"
 
"হয়৷"
 
"মানি ল'ব পাৰি জানো?"
 
"কিয় নোৱাৰি?"
 
"কথাটো সঁচা নহয় কাৰণে৷"
 
ডেভিড চুপ হৈ ৰ'ল৷
 
"আপুনি কেতিয়াৰ পৰা ড্ৰাগ এডিক্ট?"
 
"ড্ৰাগ? আই নেভাৰ.."
 
"আই ন' এ ড্ৰাগ এডিক্ট হোৱেন আই চি ৱান৷"
 
ডেভিডে কান্ধ জোকাৰিলে৷ একো নক'লে৷
 
"কিমান দিনৰ নিচা?"
 
"চাৰি পাঁচ বছৰ হ'ব৷"
 
"ব্ৰাউন চুগাৰ?"
 
"আই ৱাজ অন হাছ৷ ৰিচেন্টলি ব্ৰাউন চুগাৰ৷ ইয়েছ৷"
 
"টকা কোনে দিয়ে? সৰ্বজিৎ সৰকাৰে?"
 
"হি হেজ মানি৷"
 
"সেইটো কথা নহয়৷ টকা তেওঁ এনেয়ে নিদিয়ে৷"
 
"মই অলপ চাৰ্ভিছ দিওঁ।"
 
"সেইটো জানো৷ হাউ ডিড ইউ মেক এ কন্টেক্ট উইথ হিম?"
 
"টিনাৰ পৰা শুনিছিলো তাইৰ দেউতাক ফ্ৰাষ্ট্ৰেটেড এণ্ড আনহেপ্পি৷ ৰিখিয়াত থাকে৷ এদিন গৈ ওলালো৷"
 
"হুম৷ তাৰ পিছত?"
 
"আমি বহু কথা পাতিলো৷"
 
"কি কথা?"
 
"এবাউট হিজ ফেমিলি৷ হিজ ৱাইফ এণ্ড চিল্ড্ৰেন৷"
 
"কি পাতিলে?"
 
"চব কথা ডিটেইলছত মনত নাই৷ কিন্তু..."
 
"কিন্তু?"
 
"তেওঁ তেওঁৰ পত্নীক ভীষণ ঘৃণা কৰে৷"
 
"তাত কি হ'?"
 
"তেওঁ মোক এটা কাম দিছিল৷ টু চেডিউছ হিজ ৱাইফ৷"
 
"কিন্তু কিয়?"
 
"টু টেষ্ট হাৰ চেষ্টিটি পাৰহেপছ৷"
 
"আপুনি কৰিলেনে? চেডিউছ?"
 
"উম, ইট ৱাজ এ বিট ড্ৰামেটিক৷"
 
"ৱাজ ইট ইজ?"
 
"মোৰ অৰ লেছ৷ প্ৰায়ভাগ মহিলাই মাজ বয়সত অলপ এডভান্সাৰাছ হৈ উঠে৷ বিশেষকৈ যি সকল ছেক্স ষ্টাৰ্ভড৷"
 
"হয় জানো?"
 
"আই হেভ নাথিং টু লুজ৷"
 
"ছবি কেইখন তেওঁ কেতিয়া আঁকিবলৈ আৰম্ভ কৰিছিল?"
 
"সেয়া নাজানো৷"
 
"এই স্কেচখন চাওঁক৷ এইটো কাৰ চেহেৰা?"
 
"বান্টু সিঙৰ৷"
 
"বান্টুৰ ছবিতো তেওঁ কল্পনাৰ পৰা অঁকা নাই৷"
 
"নাই৷ আই চাপ্লাইড ডা ফোটোগ্ৰাফ৷"
 
"আপুনি তেওঁৰ ইনফৰ্মাৰ তেনেহ'লে?"
 
"ইট ৱাজ এ জব টু মি৷ জাষ্ট এ জব৷"
 
"এতিয়া কওঁক৷ ইৰাদেৱীৰ সৈতে আপোনাৰ ঘনিষ্ঠতা কিমান?"
 
"বহু খিনিয়েই৷"
 
"তেওঁ আপোনাৰ প্ৰেমত পৰিছে নেকি?"
 
"ঠিক ক'ব পৰা নাযায়৷"
 
"আপুনি?"
 
"আই লাইক হাৰ৷"
 
"ছেক্স?"
 
"ইয়েছ৷ অকেজিয়নেলি৷ চি হেজ প্ৰেজুডিছ৷"
 
"মাক-জীয়েক দুয়োৰে সৈতে?"
 
"নাই৷ টিনাক মই টাচ কৰা নাই৷"
 
"কিয়? আপোনাৰ কিবা সংস্কাৰবোধ আছে নেকি?"
 
"তেনেকুৱা নহয়৷ কিন্তু সৰ্বজিৎ সৰকাৰে সেইটো সহ্য নকৰিব৷"
 
"ছবি কেইখন আপুনি দেখিছে?"
 
"অঁ৷"
 
"এটা পৰিয়ালক তেনেদৰে এক্সপোজ কৰাতো জানো ঠিক হৈছে?"
 
ডেভিডে পুনৰ কান্ধ জোকাৰি ক'লে, "চাৰ, মই কাৰো মৰেল গাৰ্জেন নহয়৷ মোৰ টকাৰ দৰকাৰ৷ মই কাম কৰিছো৷"
 
"আপোনাৰ দেউতা জন ডালিয়ে আচলতে কি কৰে?"

"'লোৱে দেখুন৷"
 
"সঁচাটো কওঁক৷"
 
"দেউতা প্ৰফেছাৰ৷ নাউ ৰিটায়াৰ্ড৷"
 
"আপুনি ডাক্তৰ?"
 
"পাচ কৰা নাই৷ হ'লেও ফোৰ্থ ইয়াৰলৈ পঢ়িছো৷"
 
"সৰ্বজিৎ সৰকাৰে এতিয়ালৈকে কিমান টকা দিছে আপোনাক?"
 
"হিচাপ নাই৷ থাৰ্টি ফোৰ্টি থাউজেণ্ড মান হ'ব৷"
 
"হাউ দা পেমেন্ট ৱাজ মেড?"
 
"তেওঁ চেক দিয়ে৷ মই কলিকতাত আহি ভাঙি লওঁ৷"
 
"এইবাৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন৷"
 
"জানো৷ ইউ আৰ হোমিং ইন৷"
 
"মাৰ্ডাৰৰ দিনাখন ৰাতিপুৱা ক'ত আছিল?"
 
"নট অন দি স্পট৷"
 
"দেন ইউ আৰ ষ্টেটিং দেট ইউ আৰ নট গিল্টি?"
 
"ইফ ইট চুইটছ ইউ ছাৰ৷"
 
"কেতিয়াবা ৰিভলভাৰ ব্যৱহাৰ কৰি পাইছে?"
 
"নাই৷ চকুৰেই দেখা নাই?"
 
"সঁচাই নে?"
 
ডেভিডে হাঁহিলে৷ একো নক'লে৷
 
"ছবি কেইখন হোটেলৰ পৰা কেনেকৈ চুৰি কৰিলে?"
 
"আপুনিচোন জানেই৷"
 
"'লেও শুনো৷"
 
"মই এজন বেয়াৰাক কিছু বক্সিছ দি ক'লো, সিংঘানিয়া ময়দানত বিপদত পৰিছে৷ খবৰটো যেন তেওঁলোকক দিয়া হয়৷"
 
"তাৰপিছত?"
 
"সিহঁতে দৌৰাদৌৰিকৈ হোটেলৰ পৰা ওলাই যোৱাৰ পিছত মই হোটেলত সুমাওঁ৷"
 
"সোমাবলৈ দিলে?"
 
"কেলেই নিদিব? মই দুদিন ধৰি সেইখন হোটেলতে আছো৷"
 
"মাই গড! তাৰ পিছত?"
 
"ছবি কেইখন মোৰ কোঠালৈ ট্ৰেন্সফাৰ কৰিলো৷ পিছদিনাখন সৰ্বজিৎ সৰকাৰে আহি পেক কৰি লৈ যায়৷"
 
"ছবি কেইখন এতিয়া ক'?"
 
"নাজানো৷ তেওঁ কোৱা নাই৷ এম আই আণ্ডাৰ এৰেষ্ট?"
 
"এতিয়ালৈকে নাই হোৱা৷ কিন্তু আৰু এটা কথা৷"
 
"কওঁক৷"
 
"ৰিগাৰ্ডিং দা মাৰ্ডাৰ উইপন.."
 
"ইজি৷ আই ষ্টোল হাৰ ৰিভলভাৰ দেট মৰ্ণিং৷"
 
"আকৌ আগৰ ঠাইত থৈ আহিছে নেকি?"

ডেভিডে মূৰ জোকাৰি ক'লে, "নাই৷ সেইটো আৰু দেখা নাই৷"
 
"মানে সেইটো সৰ্বজিতৰ ওচৰতে থকা বুলি ক'ব খুজিছে?"
 
"থাকিব পাৰে৷"
 
"এই অপাৰেছনটোৰ বাবদ কিমান টকা পাইছে?"
 
"টেন থাউজেণ্ড এণ্ড এক্সপেণ্ডিছাৰছ৷"
 
"শুনক ডেভিড, হত্যা কৰিব পৰা ধৰণৰ এলিমেন্ট সৰ্বজিতৰ মাজত নাই৷ হু ডিড ইট?"
 
"মই নাজানো ছাৰ৷ আই এম জাষ্ট এ ষ্টুল৷"
 
"ইউ আৰ এক্সেছৰি টু এ মাৰ্ডাৰ৷"
 
ডেভিডে কান্ধ জোকাৰিলে, "আই এম ইন মাই লাষ্ট ষ্টেজ অফ এডিক্সন৷ আই চেল নট লিভ লং৷ গ' এহিদ এণ্ড হেং মি।"
 

***

এই চিৰিজটোৰ প্ৰথমখন উপন্যাস 'ঋণ' পঢ়িবলৈ ইয়াত ক্লিক কৰক।