Mar 9, 2014

পোহৰৰ ছাঁত - নৱম অধ্যায়

ৰাজীৱ ফুকন
Pohoror Sat Assamese Detective Novel by Rajiv Phukan  

 মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন 
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

নৱম অধ্যায়

দুপৰীয়া ডোৰবেল শুনি কাম কৰা বাই মাধৱীয়ে দৰজা খুলি যাক দেখিলে তেওঁক তাই চিনি নাপালে৷
 
"কাক বিচাৰিছে?"
 
"ইৰা নাই?"
 
"অঁ, বৌ! নাই, তেওঁ মাৰ্কেটলৈ গৈছে৷"
 
"ওহ!"
 
"আপুনি কোন?"
 
"মোৰ নাম বৰুণ দাস৷ মই তাইৰ বৰদেউতাকৰ ল'ৰা৷ দাদা৷"
 
"', বহক তেনেহ'লে৷ বৌ আহি পাবৰ হৈছেহি৷"
 
"বহুত দূৰৰ পৰা আহিছো৷ একাপ কঁফি খুৱাবা?"
 
"অঁ অঁ, বহক৷"
 
দাৰি গোঁফ থকা আৰু কলা চচমা পিন্ধা মানুহজন বহিল৷ মাধৱী ৰান্ধনি ঘৰৰ ফালে যোৱাৰ লগে লগেই মানুহজন উঠিল৷ দ্ৰুত পদক্ষেপেৰে ইৰাৰ কোঠাৰ সন্মুখলৈ গৈ এপাত চাবি উলিয়াই দৰজাখন খুলিলে৷ মাত্ৰ দহ ছেকেণ্ডৰ ভিতৰতে ওলাই আহিল তেওঁ৷ দৰজাৰ অট'মেটিক লক বন্ধ হৈ গ'ল৷
 
মানুহজনে খৰ খোজেৰে গৈ ৰৈ থকা টেক্সি এখনত উঠি বহিল৷
 
অলপ পিছতে কফি লৈ আহি মাধৱীয়ে দেখে যে মানুহজন নাই৷
 
***
 
ইৰা উভতিল আৰু কেই ঘন্টামান পিছত৷
 
"' বৌ, চোৰ নে কি নাজানো এজন মানুহ আহিছিল৷ তোমাৰ বোলে দাদা হয়৷ বৰুণ দাস৷ হয় নেকি?"
 
ইৰাই ভ্ৰু কোচাই ক'লে, "বৰুণ দাস? যাঃ, জীৱনত নাম শুনা নাই৷ কেনেকুৱা দেখিবলৈ?"
 
"ওখ-পাখ, দাড়ি-গোঁফ আছে, 'লা চছমা৷"
 
ইৰাই শংকিত হৈ সুধিলে, "কিয় আহিছিল?"
 
"কঁফি খাব খুজিছিল৷ কঁফি আনি দেখো যে মানুহজন নাই৷"
 
"সৰ্বনাশ! একো নিয়া নাইতো?"
 
"নাই৷ সন্দেহ হোৱাত চব ভাল দৰে চালো৷ একো নিয়া যেনতো লগা নাই৷"
 
"পতক কৰে যে কিয় যাকে তাকে বিশ্বাস কৰ! যাক চিনি নাপাওঁ, তাক  বহিব নিদিবি কেতিয়াও মই নাথাকিলে৷"
 
ইৰাই নিজৰ কোঠাৰ দৰজা খুলিলে৷ কাপোৰ সলাই থাকোতে হঠাৎ চকু গ'ল বিছনাখনৰ ওপৰত৷ গাৰুৰ কাষতে প্লাষ্টিক চিটখনৰ ওপৰত ৰিভলভাৰটো শুই আছে শান্ত ভাৱে৷
 
ইৰা জঠৰ হৈ পৰিল, "কোন সোমাইছিল ৰুমৰ ভিতৰত? কেনেকৈ সোমালে?"
 
শৱৰ আহিল আৰু দুঘন্টা পিছত৷
 
"আপোনাৰ ৰিভলভাৰটো ক'?"
 
"মোৰ লগতে আছে৷"
 
"লেট মি চি ইট৷"
 
"কিয় কওঁকচোন!"
 
"ইৰাদেৱী, আপোনাৰ ৰিভলভাৰটো সিংঘানিয়াৰ হত্যা কাণ্ডত ব্যৱহাৰিত হ'ব পাৰে৷ গতিকে বাধা নিদিব৷"
 
"ঠিক আছে৷ আনিছো৷ কিন্তু সেইটো বাজেয়াপ্ত নকৰিব৷"
 
"মই সেইটো কথা দিব নোৱাৰিম৷ কিন্তু ৰিভলভাৰটো যে কিছু সময়ৰ কাৰণে আপোনাৰ লগত নাছিল সেইটো আপুনি মোক জনাব পাৰিলেহেঁতেন৷"
 
ইৰাই দাঁতেৰে ওঁঠ কামুৰি ধৰি ক'লে, "ভয়তে জনোৱা নাছিলো৷"
 
"শুনক৷ সেইটো হাতেৰে নুচুব৷ এখন ৰুমাল বা অন্য কাপোৰেৰে ধৰিব৷ যদিও জানো ফিংগাৰপ্ৰিন্ট পোৱা নাযাব৷"
 
ইৰাই ৰুমালেৰে মেৰিয়াই আনিলে৷
 
শৱৰে এটা প্লাষ্টিকৰ বেগত সেইটো ভৰাই লৈ ক'লে, "কেতিয়া কোনে এইটো দি গ'?"
 
"আমাৰ কাম কৰা বাইজনীয়ে কৈছে বৰুণ দাস বুলি কোনোবা এজন আহি মোৰ দাদা বুলি পৰিচয় দি কঁফি খাব খুজিছিল৷"
 
"কেনেকুৱা চেহেৰা?"
 
"ওখ৷ দাড়ি-গোফ থকা৷ আৰু কলা চচমা পিন্ধি আছিল৷"
 
"বাঃ, একেবাৰে ৰহস্য উপন্যাস! তেওঁ ৰিভলভাৰটো ক'ত থৈ গৈছিল?"
 
"মোৰ ৰুমত৷"
 
"ৰুমত? ৰুমতচোন তলা মৰা থাকে বুলি শুনিছো৷"
 
"অঁ৷ ধৰিবই পৰা নাই৷ সি ৰুমত সোমাইছিল চাগে৷"
 
"এটা কথা৷"
 
"কওঁক৷"
 
"ৰিগাৰ্ডিং ডেভিড৷ আপোনাৰ সৈতে তাৰ কি সম্পৰ্ক?"
 
"কিনো হ'? একো নাই৷"
 
"লুকুৱাই লাভ নাই৷"
 
সুন্দৰী ইৰা হঠাতে ৰঙা পৰি গ'ল লাজতে৷ মূৰ তল কৰি ক'লে, "ডেভিড ৱাজ পাৰচিষ্টেন্ট৷"
 
"এণ্ড ইউ জাষ্ট চাৰেণ্ডাৰ্ড?"
 
"হয়৷"
 
"আপুনি জানানে সি যে ড্ৰাগ এডিক্ট?"
 
"প্ৰথম প্ৰথম সন্দেহ হৈছিল৷"
 
"ৰিভলভাৰটো চুৰি হোৱাৰ পিছত পুলিচক কিয় জনোৱা নাছিল?"
 
"ভয়তে৷"
 
"কিহৰ ভয়?"
 
"নাজানো৷"
 
"জানো৷ ৰিভলভাৰটো যে ডেভিডে চুৰি কৰিছে সেইটো গম পায়েই ৰিপোৰ্ট কৰা নাছিল৷ পিছত পুলিচে ডেভিডক ধৰক আৰু স্কেণ্ডালটো ওলাই পৰক৷ নহয় জানো?"
 
"অঁ৷"
 
"ঠিক আছে৷ আপুনি ডেভিডক কিমান ভাল পায়?"
 
"কথাটো তেনেকুৱা নহয়৷ ডেভিডে জোৰ কৰিয়েই সম্পৰ্কটো বনাইছে৷"
 
"আৰু আপুনি প্ৰশ্ৰয় দিছে?"
 
"মই ৰাতি শুব নোৱাৰো, আপোনাক কৈছোৱেইচোন৷ ডেভিডে সেইখিনি সময়ত মোক সংগ দিছিল৷"
 
"সদায়?"
 
"প্ৰায়ে৷ সপ্তাহত চাৰি পাঁচ দিন৷"
 
"ডেভিডৰ ওপৰত সন্দেহ হোৱা নাছিল?"
 
"সন্দেহ? কিহৰ সন্দেহ?"
 
"তাৰ কিবা আলটেৰিয়ৰ মোটিভ আছে নেকি!"
 
"তাৰ একো মোটিভ নাছিল৷ সি পাগলৰ দৰে মোক ভাল পাইছিল৷"
 
"আচৰিত!"
 
"ডেভিডে কিবা কৰিছে নেকি? প্লীজ, কওঁক৷"
 
"নাজানো৷ ইনভেষ্টিগেছন চলি আছে৷ দেখা যাওঁক৷"
 
***
 
দৰজা খুলি সৰ্বজিতে দেখিলে, ডেভিড৷
 
"কি লাগে ডেভিড?"
 
ডেভিডে হাঁহিলে, "জাষ্ট টু চি ইউ৷"
 
"ইয়ালৈ আহি ভুল কৰিছা৷ আৰু নাহিবা কেতিয়াও৷ গুছি যোৱা৷"
 
"মিষ্টাৰ সৰকাৰ৷ মোক বচাওঁক৷"
 
"মানে?"
 
"মই ড্ৰাগছ এৰিব খোজো৷ এখন ক্লিনিকত ভৰ্তি হ'ম বুলি ভাবিছো৷ আই নিড মানি৷"
 
"তোমাৰচোন টকাৰ অভাৱ হ'ব নালাগে ডেভিড৷ বহুত দিছো৷"
 
"ঠিকেই কৈছে৷ আৰু হয়তো বিজনেছ টাৰ্মত নাহিম আপোনাৰ সৈতে৷ প্লীজ হেল্প মি৷"
 
"কিমান লাগিব?"
 
"পঞ্চাছ হাজাৰ৷"
 
"মাই গড৷ পঞ্চাছ হাজাৰচোন বহুত টকা৷"
 
"নহয় মিঃ সৰকাৰ৷ এয়া বেছি টকা নহয়৷ ক্লিনিকৰ খৰচ বহুত৷ এজন মৃতপ্ৰায় মানুহক বচোৱাত সহায় কৰক৷"
 
"তুমি চিন্তাত পেলালা৷ তোমাৰ চাহিদাৰ শেষ নাই৷"
 
"আৰু নাহো৷ কথা দিছো৷"
 
"ড্ৰাগছ এডিক্টৰ কথাৰ মূল্য থাকে জানো!"
 
"এইবাৰ চাওঁক৷ শেষ বাৰ৷"
 
"মই জানো৷ টকাখিনি তুমি ড্ৰাগছতে উৰুৱাবা৷ তাৰ পিছত আকৌ আহিবা৷ তুমি মোক ব্লেকমেইল কৰিছা নেকি?"
 
"নাই৷ ব্লেকমেইল কিয় হ'?"
 
"ডেভিড, মোৰ মনটো ভাল নহয়৷ সিংঘানিয়াৰ মাৰ্ডাৰ হোৱাত মোৰ ঝামেলা বাঢ়িছে৷ পুলিচে মোক সন্দেহ কৰিছে৷ কোনে জানো কামটো কৰিলে, কোনে জানে!"
 
"কোনো মাগাৰ হ'ব৷"
 
"মাগাৰেই হওঁক বা কিবাই হওঁক৷ কিন্তু চব ইমান কাকতলীয়াভাৱে কিয় হ'ল ধৰিবই পৰা নাই৷ যিয়েই নহওঁক৷ মোৰ মূৰ গৰম হৈ আছে এতিয়া৷ প্লীজ লিভ মি এলোন৷"
 
"জাষ্ট এখন চেকত এটা চহী৷ তাৰ বেছিতো একো নহয়৷"
 
"ওঃ ডেভিড৷"
 
"প্লীজ ছাৰ৷"
 
"ঠিক আছে, তুমি ক্লিনিকৰ ঠিকনা দিয়া, আই উইল মেক দি পেমেন্ট দিয়াৰ৷"
 
"কিয় মোৰ কথা বিশ্বাস হোৱা নাই?"
 
"নাই ডেভিড৷ তোমাক বিশ্বাস কৰিব পৰা নাযায়৷"
 
"এদিনতো বিশ্বাস কৰিছিল৷"
 
"নাই ডেভিড৷ ইউ ডিড এ জব ফৰ মি৷ এণ্ড ডেট ইজ ডেট৷"
 
ডেভিডে অকণমান হাঁহিলে৷ সেই সুন্দৰ হাঁহিটো৷ তাৰ পিছত চাৰ্টৰ তলৰ পৰা ডেগাৰ এখন বাহিৰ কৰি ক'লে, "ৰাইট দি চেক ইউ বাষ্টাৰ্ড৷"
 
"এইবিলাক কি কৰিছা ডেভিড?"
 
"ইটছ এ চ' ডাউন৷ ৰাইট ইট৷"
 
সৰ্বজিৎ এখোজ পিছুৱাই গ'ল৷ তাৰপিছত ক'লে, "ডেভিড, মোৰ সন্দেহ হৈছে সিংঘানিয়াক তুমিয়ে মাৰিছা৷ কিয় মাৰিছা? হীৰাৰ আঙঠিটোৰ কাৰণে?"
 
"সেইটো মোৰ কথা৷ আই ৱান্টেড হিম ডেড৷ নাউ আই ৱান্ট ইউ ডেড৷"
 
"কিয় ডেভিড?"
 
"ইউ আৰ ৰাস্কেলছ৷ ডাউনৰাইট ৰাস্কেলছ৷ দি হোল চিভিলাইজড ৱৰ্ল্ড ইজ ফুল অফ ৰাস্কেলছ৷ ৰাইট দি চেক৷"
 
"ডেভিড, পাগলামি নকৰিবা৷ তুমি জানা, মই তোমাক বহুত টকা দিছো৷ ইমান টকা তোমাক কোনেও কেতিয়াও দিয়া নাই৷"
 
"ইয়েছ, আপেনাৰ লেতেৰা জঘন্য কামৰ কাৰণে দিছে৷ মই নিচা কৰো কাৰণে ল'বলৈ বাধ্য হৈছো৷ তাতে কি হ'? নাউ আই ৱান্ট টু এণ্ড দি ৰিলেচন৷ ৰাইট দি চেক৷ ইট উইল বি দি ফাইনেল পেমেন্ট৷ দিয়াৰ উইল বি ন' মোৰ ডেভিড এণ্ড ন' মোৰ নাথিং৷"
 
"ঠিক আছে৷ দিম৷ কিন্তু গেৰান্টী কি?"
 
"নো গেৰান্টী৷ কেৱল মুখৰ কথা৷"
 
সৰ্বজিতে গৈ চুটকেছ খুলিলে৷ আৰু ৰিভলভাৰটো তুলি লৈ ঘূৰি থিয় হ', "নাউ গেট আউট৷"
 
ডেভিডে ৰিভলভাৰটোৰ পিনে তাচ্চিল্লৰে চালে৷ অকণমান হাঁহি ক'লে, "ট্ৰায়িং টু স্কেয়াৰ মি? ইউ বাষ্টাৰ্ড-"
 
সৰ্বজিতে অকণো সময় নাপালে৷ ট্ৰিগাৰ টিপিব পাৰিলেহেঁতেন৷ কিন্তু আঙুলি অৱশ৷ নাহৰফুটুকি বাঘৰ গতিৰে আহি ডেভিডে তেওঁৰ ওপৰত জপিয়াই পৰিল৷ ওপোৰা ওপৰিকৈ দুবাৰ ডেগাৰখন চলালে ডেভিডে৷
 
দুবাৰ হেঁকটি মৰাৰ দৰে শব্দ কৰি মজিয়াত বাগৰি পৰিল সৰ্বজিৎ৷ তাৰপিছত তেওঁৰ শৰীৰটো চটফটাবলৈ ধৰিলে আহত সাপৰ দৰে৷
 
ডেভিডে ভ্ৰুক্ষেপ নকৰিলে৷ সি চুটকেছ খুলি দলিয়াবলৈ ধৰিলে কাপোৰ-কানি৷ তলিত এক বাণ্ডল নোট পাই জেপত ভৰাই ল'লে সি৷ টেবুলৰ ওপৰৰ পৰা মানিবেগটোও নিলে৷
 
তাৰপিছত দৰজা খুলিলে৷
 
"গুডমৰ্ণিং ডেভিড৷"
 
ডেভিড এখোজ পিছুৱাই গ'ল৷ তাক ঢকা মাৰি আঁতৰাই দুজন চিপাহী ভিতৰলৈ সোমাই গ'ল৷ আহত সৰ্বজিতৰ দেহটো উঠাই লৈ ওলাই গ'ল সিহঁত৷
 
ডেভিডে চিঞৰিবলৈ ধৰিলে, "ইউ ৰাস্কেল! বাস্তাৰ্ড! কি কৰিব পাৰিবি তহঁতে মোৰ? একোৱে কৰিব নোৱাৰ৷ হাং মি, শ্বুট মি, কিপ মি ইন জেইল, একোৱে নাযায় মোৰ৷ আই এম বিয়ণ্ড এভ্ৰিথিং৷ বিয়ণ্ড এভ্ৰিথিং...."
 
শৱৰে কৰুণ চকুৰে চাই ৰ'ল৷
 
ডেভিডে চিৎকাৰ কৰিবলৈ ধৰিলে, "আই হেট ইউ! আই হেট ইউ অল৷ গো টু হেল বাষ্টাৰ্ডছ৷ দুনিয়া গোল্লাই যাওঁক৷ মই তহঁতৰ চিভিলাইজেছনৰ মুখত প্ৰেচাব কৰি দিওঁ..."
 
চিৎকাৰ কৰি কৰি ক্লান্ত অৱসন্ন ডেভিড লাহে লাহে চকী এখনত বহি পৰিল৷ তাৰ পিছত দুয়ো হাতেৰে মুখ ঢাকি কান্দিবলৈ ধৰিলে৷
 
শৱৰে পাথৰৰ মূৰ্তিৰ দৰে ৰৈ চাই থাকিল মাথোঁ৷


*** সমাপ্ত ***
 

পূৰ্ববৰ্তী অধ্যায়লৈ                                                                   সূচীপত্ৰলৈ

***

এই চিৰিজটোৰ প্ৰথমখন উপন্যাস 'ঋণ' পঢ়িবলৈ ইয়াত ক্লিক কৰক।