Mar 7, 2014

পোহৰৰ ছাঁত - সপ্তম অধ্যায়

ৰাজীৱ ফুকন
Pohoror Sat Assamese Detective Novel by Rajiv Phukan

 মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন 
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

সপ্তম অধ্যায়

টেলিফোনৰ সন্মুখত অলপ পৰ জুপ লাগি বহি থাকি তেওঁ শোৱনী কোঠালৈ গ'ল৷ এতিয়াও তেওঁৰ বিছনাখন তোলা হোৱা নাই৷ তেওঁৰ ঘৰত তিনি চাৰিজন কাম কৰা মানুহ৷ কিন্তু এই কোঠাটোত প্ৰৱেশাধিকাৰ তেওঁ কাকো দিয়া নাই৷ তাৰ কাৰণ তেওঁৰ শোৱনী কোঠাত নগদ কেবা লক্ষও টকা থাকে৷ ছবি বিক্ৰীৰে টকা৷ আগতে সৰ্বজিতে ছবি বিক্ৰী কৰিছিল নগদ টকাত৷ কোনো বেংক ৰেক'ৰ্ড নাথাকে৷ সেইবোৰ টকা ঘৰতে জমা আছে৷ আজিকালি সৰ্বজিতে নিয়মটো সলাইছে৷ টকা আজিকালি বেংকত জমা হয় আৰু মোটা অংশ এটা ইনকাম টেক্সত দিবলগীয়া হয়৷ এই ব্যৱস্থাটো ইৰাৰ একেবাৰে পচন্দ নহয়৷ ইয়াকে লৈ সৰ্বজিতৰ সৈতে তেওঁৰ এক সময়ত তুমুল কাজিয়া লাগিছিল৷ কিন্তু সৰ্বজিতে কৈছিল, "আৰু নহয়৷ যথেষ্ট ইনকাম কৰিলো৷ দিনৰ পিছত দিন এনেকৈ টেক্স ফাঁকি দি থাকিলে এদিন নহয় এদিন ধৰা পৰিমেই৷"
 
কিন্তু আগৰ টকাখিনি বেংকত ওভোতাই দিয়া নহ'ল৷ কনজুছ বুঢ়ীৰ দৰে টকাখিনি সাৱতি ধৰি থাকিল ইৰাই৷ টকাৰ উপৰিও তেওঁৰ ইন্দিৰা বিকাশ, কিশান বিকাশ আদি অনেক শ্বেয়াৰ কিনি থোৱা আছে৷ আছে যথেষ্ট পৰিমাণৰ সোণ-ৰূপো৷ সেয়ে কোঠাৰ বাহিৰলৈ গ'লে কোঠাত তলা লগাই থৈ যায়৷ এই কোঠাটোত ঘৰৰ আন কোনেও তেনেকৈ নুসুমায়৷ তিনিটা মজবুত ষ্টীলৰ আলমাৰী, এটা চেল্ফ, এখন বিছনা, এখন ৰাইটিং ডেস্ক আৰু কোঠাৰ এচুকত এটা টিভি- মোটামটি এইখিনিয়েই তেওঁৰ সম্পত্তি৷ ৱাৰড্ৰপ আৰু ড্ৰেছিং টেবুল অৱশ্যে আছে৷
 
কোঠাত সোমাই প্ৰথমতেই গাৰুৰ তলত ৰখা ৰিভলভাৰটো চাবলৈ গ'ল ইৰাই৷ আৰু তাৰ পিছতেই মূৰত পৰিল বজ্ৰঘাট৷
 
বত্ৰিশ বোৰেৰ লুগাৰ ৰিভলভাৰটো নাই৷
 
নাই মানে নাইয়েই৷ ক'তোৱেই নাই৷ ইৰাই পাগলৰ দৰে সৰ্বত্ৰ বিচাৰি চালে৷ ক'তো নাপালে৷
 
এই কোঠাটোত তেওঁৰ বাদে আৰু কোনো নাথাকে৷ ঘৰটো বেছ ডাঙৰ৷ টিনা, নিনা আৰু বিল্টুৰ নিজা নিজা ৰুম আছে৷ এই কোঠাটো যিমান দূৰ সম্ভৱ জেলখানা বনাই ৰাখিছে তেওঁ৷
 
ইৰাই টকা ভাল পায়৷ কিয় ভাল পায়, তাৰ কোনো বাখ্যা নাই৷ সুখৰ কথা যে টকা তেওঁৰ বহুত আছে৷ সৰ্বজিৎ আজিকালি টকা পইছাৰ ক্ষেত্ৰত যথেষ্ট উদাসীন৷ ৰিখিয়াত তেওঁ বিলাসিতাহীন জীৱন কটাই, শুনিছে ইৰাই৷ মদৰ দাম আৰু যৎকিঞ্চিৎ হ'লেই তেওঁৰ চলি যায়৷ এজেন্টৰ জড়িয়তে টকাটো তেওঁ পাই যায়, কলিকতালৈ আহি বেঙ্কৰ পৰা টকা নুলিয়াই৷ গতিকে বেঙ্কত যি জমা হয় তাৰ ওপৰত ইৰাৰেই প্ৰভুত্ব৷ জইন্ট একাউন্টৰ পৰা ইচ্ছা কৰিলেই তেওঁ টকা উলিয়াই নিব পাৰে৷ সাৱধানৰ মৰণ নাই, সেয়ে ইৰাই জইন্ট একাউন্টৰ পৰা সিংহভাগ টকা উলিয়াই নি নিজৰ একাউন্টত ভৰাই থয়৷ তাৰোপৰি কলেজৰ পৰা দৰমহাও যথেষ্ট পায় তেওঁ৷ টকাৰ দিশৰ পৰা ইৰা যথেষ্ট সুখতে আছে৷
 
সুখৰ অভাৱ তেওঁৰ বেলেগ জেগাত৷
 
তেওঁৰ বয়স সাতত্ৰিশ-আঠত্ৰিশ৷ লাহিপাহি আৰু সুঠাম শৰীৰত এতিয়াও ভৰপক যৌৱন৷ সৰ্বজিতৰ ফালৰ পৰা তেওঁ কোনোদিনেই সিমান মনোযোগ পোৱা নাই, পোৱা নাই শৰীৰৰ আহ্বানৰ প্ৰতি সহাৰি৷ তেওঁলোকৰ মাজত সুসমন্বয় গঢ়ি নুঠিল কোনোদিনে৷ বছৰৰ পিছত বছৰ দুঃসহ এই মনোমালিন্য লৈয়ে কটাইছে সিহঁতে৷ বছৰটোৰ হয়তো সাত আঠ মাহেই কোনো কথা-বাৰ্তা নহয়৷ মাজে মাজে লাগে তুমুল কাজিয়া৷
 
ইৰাই ছেক্সৰ কথা লৈ অভিযোগ কৰিলে সৰ্বজিতে কয়, "ছেক্সটো আশী শতাংশ মানসিক, বিশ শতাংশ শাৰীৰিক৷ কোনো পুৰুষ কোনো নাৰীৰ ওচৰত দিনৰ পিছত দিন অপমানিত হৈ থাকিলে তাইৰ প্ৰতি ছেক্সুৱেল আৰ্জ নাহে৷ তোমাৰ প্ৰতিও মোৰ নাই৷"
 
"তেনেহ'লে মই কি কৰো?"
 
সৰ্বজিতে নিৰ্বিকাৰভাৱে কৈছিল, "অন্য পুৰুষ বিচাৰি লোৱা৷ তোমাক কৈ থ'লো, মোৰ পৰা বাধা নপোৱা৷ বিচাৰিলে ডিভোৰ্ছ দি বিয়াও কৰাব পাৰা৷ তোমাৰ যি মন৷"
 
ডিভোৰ্ছৰ কথা সিহঁতৰ মাজত বাৰে বাৰে ওলালেও কিয় জানো আইন আদালতৰ ওচৰ চপাৰ আগ্ৰহ কোনেও নেদেখুৱালে৷ সঁচা কথা ক'বলৈ গ'লে, সৰ্বজিৎ বা ইৰাৰ কোনোবাজনৰ জীৱনত দ্বিতীয় মহিলা বা পুৰুষ থকা হ'লে হয়তো আগ্ৰহটো হ'লহেঁতেন৷ তেনেকুৱাও একো নাছিল৷ সুধাময় ঘোষ আৰু তেওঁক সাঙুৰি যিটো ৰটনা ওলাইছে সেইটোযে একদম বাজে কথা সেইটো অন্ততঃ ইৰাই জানে৷ সুধাময় সৰ্বজিতৰ বন্ধু়৷ খুব ভাল বন্ধু৷ কিন্তু ইৰাৰ সৈতে তেওঁৰ সেই ধৰণৰ সম্পৰ্ক নাই যাৰ বাবে তেওঁক আৰু সুধাময়ক আদম আৰু ইভ বনাব পাৰি৷
 
ইৰাৰ যৌৱনকালতো মৰুভূমিৰ দৰে৷ হাতত প্ৰচুৰ টকা, ঘৰ-দুৱাৰ, গাড়ী-মটৰ, পূৰ্ণতাৰে ভৰপূৰ৷ হ'লেও এই এটা ক্ষেত্ৰতে তেওঁ এক বিশুদ্ধ নাৰী৷
 
খুবেই নিৰস আছিল ইৰাৰ জীৱনটো যেতিয়ালৈকে সেই চোৰটো অহা নাছিল৷
 
নাই, শৱৰক তাই অকণো মিছা কোৱা নাই৷ এদিন ৰাতি চোৰ অহাতো সঁচা৷
 
ইৰাই তেওঁৰ ক্ৰনিক ইনছ'মেনিয়াৰ মাজতো কেতিয়াবা কেতিয়াবা দুই এৰাতি শুৱে৷ সিদিনাও তেনেকৈয়ে শুই পৰিছিল৷ আৰু টোপনিৰ মাজতে হঠাৎ সাৰ পাই খিৰিকীৰ বহিৰত মানুহটো দেখি গুলিও কৰিছিল ঠিকেই৷ আনকি আহত চোৰটো পৰি গৈছিল খিৰিকীৰ তলত৷
 
বাকীখিনি শৱৰক বনাই কৈছে ইৰাই৷ চোৰটো পলোৱা নাছিল৷ সি হাতত আঘাত পাই পৰি গ'লেও কেইছেকেণ্ড মান পিছতেই উঠি থিয় হ'ল৷ ইৰাই তেতিয়ালৈকে কোঠাৰ লাইট জ্বলাইছিল আৰু মানুহ দুনুহ মাতিবলৈ প্ৰস্তুত হৈছিল৷
 
চোৰটোৱে ক'লে, "প্লীজ, মোৰ কথা শুনক৷"
 
ইৰাই উভতি খিৰিকীৰ পিনে চাই হতবাক৷ ঘৰৰ ষ্টিক লাইটৰ পোহৰত স্পষ্ট দেখা গৈছে চোৰটোক৷ খুবেই চিনিকি চেহেৰা৷
 
ইৰাই অবাক হৈ ক'লে, "তুমি! ইমান ৰাতি তুমি ইয়াত কিয়? আৰু এনেদৰে কিয়?"
 
"প্লীজ৷ মোৰ কিছু কথা আছে৷"
 
"কথা! মাজৰাতি তুমি মোৰ সৈতে কথা পাতিবলৈ আহিছা৷ তাকো খিৰিকীৰ গ্ৰীল ভাঙি৷ মই তোমাক পুলিচত দিম৷"
 
"চাওঁক৷ মইতো পলোৱা নাই৷ পুলিচত খবৰ দিয়ে দিয়ক, মই কিন্তু নপলাওঁ৷"
 
"তেনেহ'লে এনেকুৱা কৰিলা কিয়? তুমি কি পাগল নেকি?"
 
"হয় চাগে৷ প্লীজ লেট মি ইন৷"
 
"নাই৷ ইমান ৰাতি তোমাক ঘৰত সোমাব দিব নোৱাৰিম৷ মোৰ ভাব হৈছে তোমাৰ মূৰৰ গণ্ডগোল হৈছে৷ মই তোমাক পুলিচতো দিব খোজা নাই৷ ঘৰলৈ যোৱা ডেভিড৷"
 
"মই উভতি যাবলৈকে অহা নাই৷ মই আহিছো আপোনাৰ ওচৰলৈ৷"
 
"তুমি হয়তো ড্ৰাগ এডিক্ট৷ নে মদ খাইছা?"
 
"সেইবিলাক একো নহয়৷ আপুনি এনেই সন্দেহ কৰিছে৷ আই এম ব্লিডিং লাইক হেল৷ দেখিছেই দেখন৷ অথচ ৰৈ আছে কিয়? কথাটো জৰুৰি৷"
 
"তোমাৰ মতলব ঠিক নহয়৷"
 
"ভয় নাখাব৷ মই শত অপৰাধ কৰিলেও আপোনাৰ কোনো ক্ষতি কোনোদিনে নকৰো৷ সেই সাধ্য মোৰ নাই৷"
 
"আচ্ছা, এটা কথা কোৱা৷ তুমি কি টিনাক চেডিউছ কৰিবলৈ আহিছিলা আৰু ৰুম ভুল কৰি মোৰ ৰুমত সুমাব খুজিছিলা৷"
 
"নাই মেডাম, টিনাৰ ৰুম মই চিনো৷ মই আপোনাৰ ওচৰলৈকেহে আহিছিলো৷"
 
ডেভিডৰ বয়স আঠাইছৰ পৰা ত্ৰিছৰ ভিতৰত৷ খীণ, ওখ আৰু দাড়ি গোফে এক ভাবুক চেহেৰা৷ মূৰত অবিন্যস্ত চুলিৰ জোপোৰা৷ তাৰ চকুজুৰি অস্বাভাৱিক টনা আৰু মাদকতাময়৷ কিশোৰী টিনাই তাইৰ ইমানবোৰ বন্ধুৰ মাজত এই বয়সস্থ বন্ধুজনক অলপ বেছিয়েই পচন্দ কৰে৷ শুনা যায়, ডেভিড যাযাবৰ, কিন্তু কেৰেলাত তাৰ ঘৰৰ অৱস্থা খুবেই ভাল৷ তাৰ দেউতাক এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট৷
 
অলপ হেঁহো-নেহো কৰিছিল ইৰাই৷ কিন্তু ইৰা সাহসী মহিলা৷ ক'লে, "তোমাক ৰুমত সোমাবলৈ দিম৷ কিন্তু এটা কথা মনত ৰাখিবা, মোৰ হাতত ৰিভলভাৰ থাকিব৷ কিবা চতুৰালি কৰা দেখিলেই কিন্তু গুলি কৰি দিম৷"
 
"এগ্ৰিড মেডাম৷"
 
এই কোঠাটোৰ পৰা বাহিৰলৈ ওলাই যোৱা বাটটো অলপ পাক লগা৷ পাছেজলৈ গৈ তাৰ পৰা মূল দুৱাৰলৈ যাব লাগিব৷ কিন্তু বাথৰুমত এখন জামাদাৰ অহা সৰু দৰজা আছে৷ সেইখন খুলি দিলে ইৰাই৷
 
ডেভিড কোঠাত সোমাল৷
 
ৰক্তাক্ত বাওঁ হাতখন সোঁহাতেৰে চেপি ধৰি আছিল ডেভিডে৷
 
ইৰাৰ অকণমান দয়া উপজিল৷ তেওঁ ড্ৰয়াৰ খুলি বেণ্ড এইড আৰু তুলা উলিয়াই ক'লে, "লগাই লোৱা৷"
 
ডেভিডে মূৰ জোকাৰি ক'লে, "'ব৷ ডি উণ্ড ইজ নট ভেৰি চিৰিয়াছ৷"
 
"তোমাৰতো মৰাৰ চান্স আছিল ডেভিড৷"
 
"আপোনাৰ ৰিভলভাৰ থকা বুলি জনা হ'লে সাৱধান হ'লোহেঁতেন৷"
 
"এনেদৰে কোনোবা আহে নেকি? এনেকুৱা কি কথা মাজৰাতি ক'বলগীয়া?"
 
হাঁহিলে ডেভিডক যে কিমান ধুনীয়া দেখি সেয়া জানি অবাক হ'ল ইৰা৷ ডেভিড ক'লা, কিন্তু সাংঘাতিক হেণ্ডচম৷ ক'লে, "মই আপোনাক অলপ চক খুৱাই দিব বিচাৰিছিলো৷"
 
"কিয় ডেভিড?"
 
"মই যি কথা ক'বলৈ আহিছো, সেয়া স্বাভাৱিক পৰিস্থিতিত ঠাণ্ডা মাথাৰে ক'ব পৰা নাযায়৷ ইট ৰিকুয়াৰ্ছ চাম মেডনেছ৷"
 
"কোৱা কি কথা? মইতো একোৱেই ধৰিব পৰা নাই৷"
 
"ৰিভলভাৰটোতো আপোনাৰ হাততে আছে৷ ইচ্ছা কৰিলে গুলিয়াই দিব পাৰে৷ কিন্তু কথাটো মই ক'বই লাগিব৷"
 
"কোৱা ডেভিড৷"
 
"মই আপোনাক বহুত ভাল পাওঁ৷"
 
ইমান অবাক ইৰা কেতিয়াও হোৱা নাছিল৷ দুবছৰ আগতে তাৰ বয়স আছিল আৰু কম৷ হ'লেও হিচাপ মতে ডেভিড তেওঁতকৈ ছয় সাত বছৰ সৰু, টিনাৰ বন্ধু৷ এনেকুৱাও হয় জানো?
 
"খং নকৰিব৷ এইবিলাক ক্ষেত্ৰত একো কৰিব পৰা নাথাকে৷ লাভ কামছ লাইক এ ফ্লাড৷"
 
"পাগল হৈছা?"
 
ডেভিডে মূৰ জোকাৰি ক'লে, "চৰ্ট অফ মেডনেছ, ইয়েছ৷ কিন্তু মই আপোনাৰ প্ৰতি ইমানেই আকৰ্ষণ বোধ কৰো, ইমানেই আপোনাৰ কথা ভাবো যে একোতে মন বহুৱাব নোৱাৰো৷"
 
"তুমি টিনাৰ বন্ধু৷ পাহৰি নাযাবা৷"
 
ডেভিডে সিমানেই সুন্দৰ হাঁহি মাৰি ক'লে, "কোনোদিনে তাইৰ বয়ফ্ৰেণ্ড নাছিলো৷ মই তাইৰ ওচৰত কৃতজ্ঞ৷ তাইৰ বন্ধুত্বৰ সুত্ৰেইতো আপোনাক ল'গ পালো৷"
 
ইৰাই মুখেৰে প্ৰতিবাদ কৰিলেও ভিতৰি ভিতৰি জানো সুখী হোৱা নাই? মধ্য ত্ৰিশত তেওঁ এতিয়াও যুৱকক মুগ্ধ কৰিব পাৰে৷
 
ইৰাই ৰিভলভাৰটো ড্ৰয়াৰত থৈ খুব যতনেৰে ডেভিডৰ হাতত এন্টিচেপ্টিক লগালে৷ ক্ষত স্থান চিল কৰি দিলে৷ তাৰ পিছত ক'লে, "পাগলামি বহুত হ'ল৷ এতিয়া ঘৰলৈ যোৱা৷"
 
"মই শুনিছো, আপোনাৰ ইনছোমেনিয়া আছে৷"
 
"আছেতো৷"
 
"মোক এটা অনুমতি দিব?"
 
"কি অনুমতি?"
 
"মই ৰাতি বাৰটা এটাত আহি যাম৷ তাৰপিছত আপোনাৰ সৈতে কথা পাতিম, বা বহি থাকিম৷ যদি আপুনি নিবিচাৰে তেতিয়া বেলেগ কথা৷"
 
"সেয়া হ'ব নোৱাৰে?"
 
"কিয় নোৱাৰে? আপুনি ইচ্ছা কৰিলেই পাৰে৷"
 
"ৰাতি এজন পুৰুষক.... নাই নাই৷ ছিঃ৷"
 
"আপুনিতো সংস্কাৰৰ ফালৰ পৰা কৈছে৷ কিন্তু প্ৰেমে জানো সেইবোৰ মানে?"
 
"মইতো আৰু তোমাৰ প্ৰেমত পৰা নাই ডেভিড৷"
 
"ঠিকেই কৈছে৷ আপুনি এগৰাকী অকলশৰীয়া নিদ্ৰাহীন সঙ্গীহীন নাৰী৷ মই আপোনাক সংগ দিবলৈ আহিম৷ ইমানেই মাত্ৰ৷"
 
"মোৰ ল'ৰা-ছোৱালীকিটা ডাঙৰ হৈছে৷ সিহঁতে গম পাব৷"
 
"নাই৷ আমি সতৰ্ক হ'লে কোনেও গম নাপায়৷"
 
"কিয় পাগলামি কৰিছা ডেভিড?"
 
"পাগলেতো পাগলামিয়েই কৰিবই, নহয় জানো?"
 
"তুমি ঘৰলৈ যোৱা ডেভিড৷"
 
"চাওঁক, ইৰাদেৱী, মই ভাল ঘৰৰ ল'ৰা৷ মোৰ দেউতা বিগ মেন৷ মই এজন কুৱালিফাইড ডাক্তৰ, যদিও কেতিয়াও প্ৰেক্টিছ কৰা নাই৷ মই নিচা নকৰো৷ যাযাবৰ? হয়৷ মোৰ উটি ভাঁহি ফুৰিবলৈ ভাল লাগে৷ আপোনাৰ আগতে মই কোনো নাৰীৰ প্ৰেমত পৰা নাই৷ আই এম নট এ ওমেনাইজাৰ৷ দয়া কৰি মোক লম্পত বুলি নাভাবিব৷"
 
"ঠিক আছে৷ কিন্তু তুমি যি বিচাৰিছা সেয়াও নহয়৷"
 
"মই আজি যাওঁ৷ আপুনি ভাবক৷"
 
"কি ভাবিম?"
 
"জাষ্ট ঠিংক ইট অ'ভাৰ৷"
 
"তুমি মোক বিচৰা? সেয়াই নহয় জানো?"
 
"সেই ভাবেৰে চোৱা নাই৷ জাষ্ট কোম্পানী৷ বহু সময়তে বিশুদ্ধ প্ৰেম দেহকেন্দ্ৰিক নহয়৷ নাৰীৰ শৰীৰক লৈ সংস্কাৰ থাকে৷ মই সেইটো বিচৰা নাই৷ মই কেৱল আহিম, বহি থাকিম, গুছি যাম৷"
 
"কেৱল ইমানখিনিয়েই?"
 
"অঁ ইমানখিনিয়েই৷"
 
"আজি যোৱা৷ মোক খুব নাৰ্ভাছ কৰি পেলাইছা৷"
 
"কথাটো ভাবি চাব৷"
 
"চাম৷"
 
"কথা দিছে?"
 
"উম৷"
 
"তেনেহ'লে মই কাইলৈ আহিম৷ আফ্টাৰ মিডনাইট৷"
 
"ঠিক আছে৷"


***

এই চিৰিজটোৰ প্ৰথমখন উপন্যাস 'ঋণ' পঢ়িবলৈ ইয়াত ক্লিক কৰক।