মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
ষষ্ঠ অধ্যায়
গভীৰ নিশা৷ হঠাৎ দৰজাত প্ৰচণ্ড খট-খট
শব্দ হ'ল৷ তাৰ পিছত তীব্ৰ ঢকা৷
সৰ্বজিতে ভয়তে চিঞৰি উঠিল,
"বচাওঁক৷"
কিয় চিঞৰিলে সেয়া তেওঁ নাজানে৷ ভীষণ
ভয়৷ দুৱাৰ খন প্ৰচণ্ড জোৰে ঢকিয়াইছে কোনোবাই৷
মোটককৈ খিলি ভাঙি দুৱাৰ খুলি গ'ল৷
সভয়েৰে চাই সৰ্বজিতে ক'লে, "তুমি?"
"অঁ, মই৷"
"কিয় আহিছা?"
"হাতত এইটো কি দেখিছা?"
"সেইটো.. সেইটো তো.."
"কি ভাব হৈছে তোমাৰ?"
সৰ্বজিতে আতংকিত মাতেৰে কৈ উঠিল,
"এনেকুৱা নকৰিবা প্লীজ..."
"কিয়, মোৰ ফাঁচি হ'ব?"
"অঁ৷"
"নহয়৷ চবেই তুমি মৰাটো বিচাৰে, জানানে?"
"কিয় মাৰিব খুজিছা মোক? নামাৰিবা৷"
"কেতিয়াবা কেতিয়াবা মৃত্যুৰো প্ৰয়োজন৷
মৰা৷"
তাৰপিছত উপৰ্যুপৰি কেবা বাৰো জ্বলি
উঠিল পিষ্টলটো৷ সৰ্বজিতে অবাক হৈ দেখিলে তাৰ শৰীৰৰ বিভিন্ন ক্ষতস্থানৰ পৰা নানা
ৰঙৰ ৰং বৈ আহিছে৷ নীলা, হালধীয়া, বগা, ক'লা, ৰঙা৷ তেজৰ ৰং কি এনেকুৱাই?
সৰ্বজিতৰ কি মৃত্যু হ'ল? সৰ্বনাশ! সঁচাকৈ মৃত্যু হৈছে নেকি?
টোপনি ভাঙি মাজৰাতি ধৰফৰাই উঠি বহিল
সৰ্বজিৎ৷
***
সিংঘানিয়াই সদায় ৰাতিপুৱা চাৰিটাত উঠে৷
তেওঁৰ এলাৰ্মৰ প্ৰয়োজন নহয়৷ সৰুকালৰে অভ্যাস৷ ঠিক চাৰিটাত তেওঁৰ টোপনি ভাঙিবই৷ উঠি
পৰিষ্কাৰ পৰিচ্ছন্ন হৈ পূজাত বহে৷ সোণৰে তৈয়াৰী পাঁচ ইঞ্চি ওখ গণপতিৰ মূৰ্তিটো
তেওঁৰ লগতেই থাকে৷
পূজা সামৰি অলপ ফলৰ ৰস খাই তেওঁ
ফুৰিবলৈ যায়৷ ডাক্তৰে কৈ থৈছে, দুয়োবেলা অলপ অলপ খোজ কাঢ়িব লাগিব৷ সিংঘানিয়াৰ
দুজন সহকাৰী আৰু দুজন দেহৰক্ষী কাষৰ কোঠাত থাকে৷ সিংঘানিয়াই ক'ৰবালৈ গ'লে সিহঁতে ঘৰ পহৰা দিয়ে৷ চাৰিজন
প্ৰশিক্ষণ প্ৰাপ্ত প্ৰহৰী৷ চাৰিওজনেই স্বাস্থ্যৱান আৰু বুদ্ধিমানো৷ গণপতিয়ে
কেতিয়াও যোগ্য জনৰ সংগ নেৰে৷ পহৰা দিবলগীয়াকৈ তেওঁৰ বহু কিবা কিবি আছে৷
সিংঘানিয়াৰ এক পঞ্চম পহৰাদাৰো আছে৷
সেয়া হ'ল বিশাল ডোবেৰমেন কুকুৰ ডোৰা৷ সিওঁ হোটেলতেই থাকে, সহকাৰী দুজনৰ সৈতে৷
ডোৰা প্ৰভুভক্ত কুকুৰ৷ ৰাতিপুৱা
সিংঘানিয়ৰ সৈতে সিওঁ ফুৰিবলৈ যায়৷ সৰু কিন্তু মজবুত শিকলিৰে বান্ধি তাক লৈ যায়
সিংঘানিয়াই৷ ডোৰা কিলাৰ ডগ৷
ৰাতিপুৱা কলিকতাৰ ৰাস্তাত সিমান
গাড়ী-মটৰ নাথাকে৷
হোটেলৰ পৰা ময়দানৰ দূৰত্ব বেছি নহয়৷
গাড়ী নিয়াৰ প্ৰয়োজন নহয়৷ সিংঘানিয়াই মধ্যমীয়া বেগেৰে খোজ কাঢ়ি কাঢ়ি ময়দান
পালেগৈ৷ ডোৰাই এজোপা গছৰ তলত প্ৰাতঃকৃত্য সম্পন্ন কৰি উঠাৰ পিছত সিংঘানিয়াই
কুকুৰটোৰ সৈতে এটা ৰাবাৰৰ বল লৈ অলপ সময় খেলা ধূলা কৰিলে৷ অলপ জিৰাই লৈ পুনৰ বেগাই
খোজ কাঢ়িবলৈ ল'লে৷
"গুড মৰ্ণিং মিঃ সিংঘানিয়া৷"
"মৰ্ণিং৷"
"কি খবৰ?"
"গুড৷ ভেৰি গুড৷"
"লগত কুকুৰ কিয়?"
"ফুৰাবলৈ আনিছো৷"
"বাঃ বঢ়িয়া৷"
"উম৷"
"তেনেহ'লে ভালে আছে?"
"ভেৰি গুড, ভেৰি গুড৷"
সন্মুখৰ চৰ্টছ আৰু কামিজ পিন্ধা
মানুহজনে খুব শীতল হাতেৰে পকেটৰ পৰা এটা পিস্তল বাহিৰ কৰিলে৷
সিংঘানিয়াই অবাক হৈ ক'লে, "এয়া কি? মাগিং নেকি?"
"নাই, মাগিং নহয় সিংঘানিয়া৷"
"তেনেহ'লে পিস্তলেৰে কি কৰিবা?"
"আই চেল কিল ইউ৷"
"কিয়, মই কি কৰিলো? মইতো..."
কথা শেষ হ'বলৈ নাপালে সিংঘানিয়াৰ৷ উপৰ্যুপৰি তথা
দ্ৰূততাৰে দুটা গুলিয়ে ছেদ কৰি দিলে তেওঁৰ বুকু৷
সিংঘানিয়া পৰি গৈছিল৷ কুকুৰটোৱে দুটা
চিৎকাৰ দিওঁতেই তাৰ মূৰ চুৰমাৰ হৈ গ'ল শক্তিশালী বুলেটৰ আঘাতত৷
তাৰপিছত ময়দানৰ ঘাঁহনিত দুটা মৃতদেহ
পৰি ৰ'ল৷ এটা মানুহৰ আৰু এটা কুকুৰৰ৷
***
ৰাতিপুৱা চাৰে আঠটাত ফোনটো পালে
সৰ্বজিতে৷
"মই শৱৰে কৈছো৷"
"কোৱা৷"
"কি কৰি আছিল?"
"ফ্লাক্সত চাহ ভৰাই আনিলো দোকানৰ পৰা৷
চাহ খাম এতিয়া৷"
"বঢ়িয়া, বঢ়িয়া৷ কেতিয়া উঠিলে টোপনিৰ পৰা?"
"এই চাৰে ছটা-সাতটা মান হ'ব৷"
"ৰিখিয়াততো আৰু সোনকাল উঠে?"
"ওঁ, মৰ্ণিং ৱাক কৰিবলে যাওঁ৷"
"কলিকতাত যোৱা নহয় চাগে?"
"নাই৷ কলিকতাত ক'ত খোজ কাঢ়িবা? তাৰোপৰি ৰাস্তা ঘাটৰ অৱস্থাতো
দেখিছাই৷"
"বাৰু, পাঁচ-ছয় বছৰমান আগতে আপুনি এটা স্মল
আৰ্মছৰ লাইচেন্স পাইছিল নহয় জানো?"
"অঁ, কিয় কোৱাচন৷"
"জাষ্ট কৌতূহ'ল৷"
"ওঁ, ৰিখিয়াত থকাতো কিমান বিপজ্জনক হ'ব পাৰে সেইটো অনুমান কৰিব নোৱাৰি
লাইছেন্স লৈছিলো৷ পিস্তল এটাও কিনিলো৷"
"পিস্তল নে ৰিভলভাৰ?"
"পিস্তল৷ ওয়েম্বল৷"
"কিমান ডাঙৰ?"
"পয়ন্ট বত্ৰিছ৷"
"ক'ত আছে সেইটো?"
"মোৰ চুটকেছতে থাকে৷"
"চুটকেছটো ক'ত?"
"মোৰ লগত৷"
"আৰু এটা কথা৷"
"কোৱা৷"
"আপোনাৰ পত্নীৰো এটা ৰিভলভাৰ থাকিব
লাগে!"
"অঁ, আছে৷ সেইটোৰ বাবে তুমিয়েই লাইচেন্স
উলিয়াই দিছিলা৷"
"সেয়ে সুধিলো, ৰিভলভাৰ তেওঁ কিনিছিলেনে?"
"অফ ক'ৰ্ছ৷ ঘৰত কেছ টকা থাকে কাৰণে
কিনিছিলে৷"
"সেইটো কি লুগাৰ?"
"অ' লুগাৰেই৷ পয়ন্ট বত্ৰিছ বোৰ৷"
"বাৰু৷ এতিয়া কামৰ কথা৷"
"কোৱা৷"
"মই টেলিফোনটো ধৰি আছো, আপুনি উঠি গৈ চুটকেছটো খুলি চাওঁকচোন,
পিষ্টলটো
আছে নে নাই৷"
"কিয় কোৱাচোন৷"
"চাওঁকচোন৷"
সৰ্বজিতে উঠি গৈ চুটকেছটো খুলিলে৷
কিনাৰ পিছৰ পৰা বস্তুটো পৰিয়েই আছে৷ দুই তিনিবাৰ মুকলি পথাৰত গুলি চলাইছিল তেওঁ৷
তাক উদ্বোধন বুলি কয়৷ তাৰ পিছত আৰু কামত অহা নাই৷ চুটকেছৰ একেবাৰে তলত
প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত বস্তুটো পোৱা গ'ল৷
উভতি আহি ফোন তুলি তেওঁ ক'লে, "অঁ, আছে৷ কিন্তু হৈছে কি শৱৰ? মই কাৰোবাক হত্যা-চত্যা কৰিলো নেকি?"
"কোনোবাই কাৰোবাক কৰিছে৷ বেদ
নিউজ৷"
"কোনে কাক মাৰিলে শৱৰ?"
"কোনে নাজানো৷ কিন্তু কাক জানো৷"
"প্লীজ কাম আউট৷ মোৰ পৰিয়ালৰ কোনোবা
নহয়তো?"
"আৰে নহয়৷"
"তেনেহ'লে?"
"সিংঘানিয়া৷"
"কি কোৱা? কেতিয়া?"
"আজি ৰাতিপুৱা৷ ময়দানত৷ ডিউৰিং হিজ
মৰ্ণিং ৱাক৷"
"সৰ্বনাশ৷"
"লগত এটা ডোবাৰমেন কুকুৰ আছিল৷ তাকো
মাৰিছে৷"
"গুলিয়াই নেকি?"
"অ', একেবাৰে ওচৰৰ পৰা৷ সিংঘানিয়াৰ হীৰাৰ
আঙঠিটোও নাই৷"
"তুমি মোক সন্দেহ কৰিছা নেকি?"
"নাই, কিন্তু আপোনাৰ এলিবাইটো জোৰদাৰ হোৱা
দৰকাৰ৷"
"এলিবাই?"
"অঁ, ৰাতিপুৱা ঠিক কেতিয়া উঠিছিল ভাবি
চিন্তি কওঁক৷"
"ভাবিয়েই কৈছো৷ ভাবিবলৈ দিয়া৷...ছটা
বাজি চল্লিশ মিনিট হ'ব৷"
"আপুনি আৰ্লি ৰাইজাৰ৷ আজি ইমান পলম কিয়
হ'ল?"
"ৰিখিয়াততো প্ৰায় সাজ লগাৰ পিছতে শুই
পৰা যায়৷ ৰাতি নটাত৷ ইয়াততো নহয়৷ এই বিলাক ঘটনাৰ কাৰণে মূৰ গৰম হৈ টোপনি অহাত দেৰি
হৈছিল৷"
"টোপনিৰ পৰা উঠি কি কি কৰিলে?"
"নাথিং টু টেল এবাউট৷ টয়লেটলৈ গৈছো,
গা
ধুইছো৷ অলপ সময় খিৰিকী মুখত বহিছো৷ তাৰ পিছত চাহ আনিবলৈ গ'লো৷"
"বছ? আৰু একো নাই?"
"নাই৷"
"কোনোবা সাক্ষী আছে?"
"সাক্ষী? সাক্ষী কোন থাকিব? ফ্লেটততো আৰু কোনো নাথাকে৷"
"দাৰোৱান ধৰণৰ কোনোবা?"
"এজন দাৰোৱান থকাত আছে৷ কিন্তু সি মোক
চিনি পায় নে নাপায় কোনে জানে? চিনি পাবও পাৰে৷"
"ঠিক আছে৷ দৰকাৰ হ'লে তাক জেৰা কৰা হ'ব৷"
"শুনা শৱৰ, সিংঘানিয়া মোৰ এজন পোটনছিয়েল বায়াৰ৷
তাক মাৰিলে মোৰ প্ৰভূত ক্ষতি৷"
"এফালে ক্ষতি হ'লেও আনফালে লাভ৷"
"কিহৰ লাভ?"
"ছবি কেইখন এইবাৰ হয়তো কিনি ল'ব পাৰিব৷'
"কিনি আৰু কি লাভ৷ বজাৰত ওলাই
গৈছেই৷"
"হ'লেওতো কিনিব বিচাৰিছিল৷"
"অঁ, তেতিয়া বিবেচনা কৰিব পৰা নাছিলো"
"এতিয়া পাৰিছে?"
"পাৰিছো৷"
"আৰু এটা খবৰ আছে৷"
"কি খবৰ?"
"ছবি কেইখন সিংঘানিয়াৰ ৰুমৰ পৰা চুৰি
হৈছে৷"
"কি কোৱা?"
"ঠিকেই শুনিছে৷"
"ছবিৰ কাৰণেই মাৰ্ডাৰ?"
"সেয়ে সন্দেহ হৈছে৷ আপোনাৰ আৰু পিস্তল
নাইতো?"
"নাই নাই৷ এটাই কামত নাহে৷"
"সিংঘানিয়াক হত্যা কৰা হৈছে বত্ৰিছ ব'ৰৰ বুলেটেৰে৷"
"তেনেহ'লে সন্দেহৰ আঙুলি এতিয়া মোৰ পিনে?"
"যি ভাবে ভাবিব পাৰে৷"
"যিয়ে সন্দেহ কৰে কৰক, তুমি নকৰিবা৷"
"সন্দেহৰ অভ্যাসটো এৰিব নিবিচাৰো
সহজতে৷"
"মই কি কৰা উচিত বুলি ভাবা তুমি?"
"একো নাই৷ নীৰৱে থাকক৷ সিংঘানিয়াৰ ছবি
পহৰা দিবৰ বাবে চাৰিজন মানুহ আছিল৷"
"অথচ চুৰি?"
"অঁ, বেয়াৰাৰ নিচিনা মানুহ এজন আহি খবৰ দিয়ে যে সিহঁতৰ মালিকৰ ময়দানত মৃত্যু
হৈছে৷ সিহঁত চাৰিওজন দৌৰে৷ সেই সুযোগতে..."
"ওঁ৷"
"মজাৰ কথা কি জানে?"
"কি?"
"খবৰটো যেতিয়া দিয়ে মাৰ্ডাৰ তেতিয়ালৈকে
হোৱাই নাই৷"
"তেনেহ'লে বেয়াৰাজনে জানিল কেনেকৈ?"
"বেয়াৰাৰ পোচাক পিন্ধি আহিলেই যে বেয়াৰা
হ'ব লাগিব তেনেকুৱাতো নহয়৷ সিহঁত যেতিয়া গৈ পায়, সিংঘানিয়া তেতিয়াও ভালকৈ মৰা
নাই৷"
"কিবা কৈ গৈছে?"
"অঁ, তেওঁৰ মৃত্যু হ'লে ছবি কেইখন যেন বোম্বেৰ মিষ্টাৰ
কুমাৰক দিয়া হয়৷"
"বিৰাট বেয়া লাগিছে এইবোৰ শুনি৷"
"আপোনাৰ এলিবাই জোৰদাৰ থাকিলেই হ'ল৷"
"জোৰাদাৰেই আছে৷ তোমালোকে মানা নে নামান
চাবা৷"
"মানিব৷ প্ৰমাণ পালে নিশ্চয় মানিব৷
আপুনি দাৰোৱানজনৰ সৈতে কথা পাতক৷"
"কি কথা পাতিম৷"
"সি আপোনাক চিনি পায় নে নাই?"
"ধৰি লোৱা চিনি পালে৷ তাৰ পিছত?"
"সুধিব, ৰাতিপুৱা ঘৰৰ পৰা কোনোবা ওলাই গৈছে নে
নাই?"
"তাৰ পিছত?"
"এইখিনিকে সদ্যহতে৷ ৰাখো৷"
"ৰ'বা৷ ইৰাই কি কৈছে?"
"কি ক'ব?"
"তাইৰ এলিবাই চাইছা নে?"
"অফ কোৰ্ছ৷"
"ছবি কেইখনৰ কি হ'ব শৱৰ?"
"কেনেকৈ ক'ম? ৰাখিছো৷"
***
"ইৰাদেৱী আপোনাৰ ৰিভলভাৰটো ক'ত?"
"কিয়?"
"দৰকাৰ আছে৷"
"কি দৰকাৰ কোৱা৷"
"বস্তুটো আছেতো?"
"আছে৷"
"লাইচেন্সখন ময়ে উলিয়াই দিছিলো৷ মনত আছে?"
"অঁ৷"
"বস্তুটো আপুনি কেতিয়াবা ব্যৱহাৰ
কৰিছেনে?"
"কৰিছো৷"
"কেতিয়া?"
"যেতিয়া লাইচেন্স বনাইছিলো তেতিয়া এজন
অফিচাৰে মোক কৈছিল ৰিভলভাৰ কিনাৰ পিছত যেন মুকলি ঠাইলৈ গৈ কেইবাৰমান ফায়াৰ
কাৰো৷"
"তাৰপিছত আৰু কেতিয়াও ব্যৱহাৰ কৰা নাই?"
ইৰাই বহুপৰ মনে মনে থাকি ক'লে, "তেনেকে নাই কৰা৷"
"ভাবি কওঁক৷ কথাটো ইম্পোৰ্টেন্ট৷"
"কৰিছো৷"
"কেতিয়া?"
"আমাৰ ঘৰত এবাৰ চোৰ সোমাইছিল৷"
"কেতিয়া?"
"পাঁচ মাহ ছয় মাহ মান হ'ব৷"
"তাৰপিছত?"
"খিৰিকীৰ গ্ৰীল খুলি সোমাব খুজিছিল৷
তেতিয়া মই গুলিয়াই দিছিলো৷"
"তাৰ গাত গুলি লাগিছিল নে?"
"লাগিছিল, কিন্তু চিৰিয়াছ একো হোৱা নাই৷ কাৰণ
গুলি খাইয়ে সি পলাই যায়৷"
"পুলিচত ৰিপোৰ্ট কৰিছিল?"
"নাই কৰা৷"
"সেইটো কেনেকুৱা কথা? ৰিপোৰ্ট কিয় কৰা নাই?"
"একো চুৰি হোৱা নাছিল৷ মানুহটোও মৰা
নাই৷ ৰিপ'ৰ্ট কৰি কি হ'ব৷?"
"মানুহজন উণ্ডেড হৈছিল নেকি?"
"বোধহয় হৈছিল, খিৰিকীৰ তলত তেজ পৰি আছিল৷ ৰাস্তালৈকে
তেজৰ টোপাল পৰি থকা দেখিছিলো৷ তাৰ পিছত আৰু নাই৷"
"ৰিপোৰ্ট কৰা হ'লে ভাল আছিল৷"
"মোৰ ভয় হৈছিল, পুলিচে গম পালে মোৰ ৰিভলভাৰটো
বাজেয়াপ্ত কৰিব৷"
"তেনেকুৱা কৰাৰ কথা নাহে৷ মানুহে এনেকুৱা
অকেজনত চেল্ফ ডিফেন্সৰ বাবেইতো ৰিভলভাৰ ৰাখে৷ ৰিভলভাৰটো থয় ক'ত?"
"দিনত আলমাৰিতে তলা মাৰি থওঁ৷ ৰাতি
গাৰুৰ তলত ৰাখো৷"
"কিয় কওঁকচোন? সেইপিনে খুব চুৰি ডকাইতি হয় নেকি?"
"হয়৷ তাৰোপৰি আমিতো প্ৰথম মহলাত থাকো৷
প্ৰথম মহালত অনৱৰতে অলপ ইনছেকিউৰ্ড ফিল হয়৷ দুমহলীয়া ঘৰ৷ ওপৰ তলাত সিমান ভয়
নাই৷"
"আপুনি ৰিভলভাৰৰ ইউজ তেনেহ'লে জানে?"
"জানো৷ নাজানিলে জানো লাইচেন্স পাওঁ?"
"আজি ৰাতিপুৱা কেইটাত উঠিছিল?"
"হঠাতে এইটো প্ৰশ্ন কিয়?"
"দৰকাৰ আছে৷"
"মোৰ ইনছ'মেনিয়া আছে৷ টোপনি নাহে৷"
"একেবাৰে নহয়?"
"কেতিয়াবা অলপ চলপ৷ কোনো ঠিক নাই৷"
"আপুনি টোপনিৰ ঔষধ খায়নে?"
"নাই৷ ভয় লাগে৷"
"কিয়?"
"মোৰ মা টোপনিৰ ঔষধৰ অভাৰডোজত
ঢুকাইছিল৷"
"তেওঁৰো ইনছ'মেনিয়া আছিল নেকি?"
"নাই৷ অন্ততঃ ক্ৰনিক নহয়৷ অলপ বয়স বেছি
হোৱাত হাইপাৰ টেনচনৰ ফলত টোপনি কম হৈছিল৷"
"ৰাতি নুশুৱে যেতিয়া কি কৰে?"
"লিখো, পঢ়ো৷ আগতে বেহেলা বজাইছিলো৷ এতিয়া
নবজাওঁ৷"
"কি লিখে আৰু পঢ়ে?"
"ডায়েৰী লিখো৷ আৰু আবোল তাবোল যি মন
যায়৷ গল্পৰ কিতাপ পঢ়ো৷"
"তেনেহ'লেতো আপোনাৰ কোঠাত গোটেই ৰাতি লাইট
জ্বলি থাকে?"
"যেতিয়ালৈকে লেখা পঢ়া কৰো তেতিয়ালৈকে
জ্বলি থাকে৷ তাৰ পিছত লাইট নুমাই চুপ চাপ শুই থাকো৷ সাধাৰণতে ৰাতি দুটামান
বাজে৷"
"যোৱা ৰাতিৰ কথা কওঁক৷"
"কি ক'ম?"
"কালি ৰাতি আপুনি কেইটাত শুবলৈ গৈছিল?"
"কিন্তু এইবোৰ কথা সুধিছে কিয়?"
"কাৰণ আছে৷ দৰকাৰী কাৰণ৷"
"কালি ৰাতি ডেৰটাৰ পৰা দুটাৰ ভিতৰত
শুবলৈ গৈছিলো৷"
"কেতিয়া উঠিছিল?"
"টোপোনি নাহেই যেতিয়া উঠিম ক'ৰ পৰা?"
"মানে বিচনাৰ পৰা উঠিছিল কেতিয়া?"
"ৰাতিপুৱাই৷ সদায় চাৰিটা চাৰে চাৰিটাৰ
ভিতৰত উঠো৷"
"তাৰপিছত কি কৰিলে?"
"আজি? আজিও অান দিনাৰ দৰেই ৰাতিপুৱা উঠি গা
ধুলো৷ তাৰপিছত চাহ খালো৷"
"ফুৰিবলৈ যোৱা নাছিল৷"
"নাই যোৱা!"
"আপুনি মৰ্ণিংৱাক নকৰে?"
"নাই৷"
"আপোনাৰ এখন গাড়ী নাই জানো?"
"আছে৷"
"কোনে চলাই?"
"ড্ৰাইভাৰে৷"
"আপুনি নচলায়?"
"চলাও৷ মাজে মাজে৷"
"আজি ৰাতিপুৱা বাইচান্স ওলাই যোৱা
নাছিলতো গাড়ী লৈ?"
"নাই৷"
"ড্ৰাইভাৰজন কি চব্বিশ ঘন্টাৰ নেকি?"
"অঁ, সি গেৰেজৰ ওপৰৰ মেজ্জেনাইন ফ্লোৰত
থাকে৷"
"ঠিক আছে৷"
"কি হৈছে কওঁকচোন৷"
"মিষ্টাৰ সিংঘানিয়াৰ মাৰ্ডাৰ
হৈছে৷"
ইৰা অলপ পৰ মনে মনে থাকি ক'লে, "ভালেই হৈছে, জঘন্য মানুহ আছিল৷"
"ছবিকেইখনতো তেওঁ অঁকা নাছিল৷"
"নাকিলে কি হ'ল? চব জানি বুজিয়েতো এগজিবিছন পাতিছিল৷
সৰ্বজিৎ আৰু জঘন্য৷ কেতিয়া ঘটিল ঘটনাটো?"
"আজি ৰাতিপুৱা পাঁচটাত ময়দানত৷"
"ওঃ৷"
"তেওঁৰ ছবিকেইখনো হটেলৰ ৰুমৰ পৰা চুৰি
হৈছে৷"
"ভাল হৈছে৷"
শৱৰে অকণমান হাঁহিলে, তাৰপিছত ক'লে, "আপোনাৰ ছোৱালীদুজনী ঘৰতে আছে?"
"কিয় নাথাকিব?"
"ক'ত সিহঁত?"
"দুয়োজনীয়েই বহু দেৰিলৈকে শুৱে৷ এই অলপ
আগতে উঠিছে৷ টয়লেটত আছে চাগে৷ মাতি দিম নেকি?"
"নাই, থাকক৷"
টেলিফোন কাটি দিলে শৱৰে৷
ইৰাই ৰাখিলে অলপ দেৰিকৈ৷ তেওঁৰ ভ্ৰু
কোঁচ খোৱা৷ মুখত দুশ্চিন্তা৷ খবৰটো এটা ফালৰ পৰা ভাল৷ কিন্তু সিটো ফালৰ পৰা?
ভাল
জানো?
***
এই চিৰিজটোৰ প্ৰথমখন উপন্যাস 'ঋণ' পঢ়িবলৈ ইয়াত ক্লিক কৰক।