মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
পঞ্চম অধ্যায়
একেধৰণৰ গালি গালাজ তেওঁৰ বাবে প্ৰেছ
ক্লাৱতো অপেক্ষা কৰি আছিল৷ আবেলি পাঁচ বাজিবলৈ কেই মিনিটমান থাকোতেই জয় শেঠৰ সৈতে যেতিয়া
তেওঁ গৈ পাইছিল তেতিয়া ভিৰৰ বাবে প্ৰেছ ক্লাৱৰ পিছফালৰ হ'ল ঘৰটোত সুমুৱাটোৱেই কঠিন
হৈ পৰিছিল৷ ঠেলা-হেঁচাৰ মাজেৰে শৱৰে যেতিয়া তেওঁক ভিতৰলৈ লৈ যায় তেতিয়াই ভিৰৰ
মাজৰ পৰা কোনে জানো গালি গালাজ কৰিবলৈ আৰম্ভ কৰিলে৷
লগে লগে অৱশ্যে মাস্তান টাইপৰ
কৰ্মকৰ্তা এজনে মাইকটো কাঢ়ি নি গৰ্জন কৰি উঠিল, "খবৰদাৰ! কোনোবাই বেয়া মাত মাতিলে একে
ধকাই বাহিৰ কৰি দিয়া হ'ব৷ অই ৰথীন, চাচোন কাৰ মাত আছিল সেইটো৷ টানি লৈ আহ৷"
লগে লগে সভাস্থলী নীৰৱ হৈ পৰিল৷
মানুহজনক অৱশ্যে বিচাৰি পোৱা নগ'ল৷
আজিৰ কনফাৰেন্সৰ মধ্যস্থতাকাৰী হিচাপে
প্ৰবীণ শিল্পী মনুজেন্দ্ৰ সেনকো অনা হৈছে৷ সৰ্বজিতৰ কাষতে বহিছে৷ সুধিলে,
"ভালে আছা সৰ্বজিৎ?"
"দেখিছেইচোন?"
"তাকেই, কি যে হৈ আছে একো ধৰিবই পৰা নাই৷"
"ময়ো পৰা নাই৷"
প্ৰেছ কনফাৰেন্সৰ আৰম্ভণিতেই সেই
কৰ্মকৰ্তাজনে এটা নাতিদীৰ্ঘ ভাষণ দি ক'লে, "সৰ্বজিৎ সৰকাৰৰ বিৰুদ্ধে যিবোৰ অভিযোগ
উঠিছে, তেওঁ তাৰ স্পষ্টীকৰণ দিবলৈ আহিছে৷ মনত ৰাখিব এইটো প্ৰেছ কনফাৰেন্স৷
কোনোধৰণৰ হৈ-হাল্লা, গালি-গালাজ সহ্য কৰা নহ'ব৷ পৰিবেশৰ গাম্ভীৰ্যতা আৰু মৰ্যদা যাতে
ক্ষুণ্ণ নহয় আশাকৰো আপোনালোকে তাৰ প্ৰতি লক্ষ ৰাখিব৷"
কৰ্মাকৰ্তাজন কোন সৰ্বজিতে ধৰিব
নোৱাৰিলে৷ তেওঁৰ অনুমান পুলিচৰ কোনবা হ'ব চাগে৷
প্ৰথমতে সৰ্বজিতকে কিছু ক'বলৈ ক'লে৷ তাৰ পিছত প্ৰশ্ন৷
সৰ্বজিতৰ গাটো ভাল লগা নাই৷ এচিদিটিটো
বাঢ়িছে৷ মানসিক ভাৰসম্যতাও যেন হেৰুৱাই পেলাইছে৷ অস্বাভাৱিক ৰিমজিম ভাৱ এটাই মূৰত
হেঁচি ধৰিছে৷
সৰ্বজিতে অত্যন্ত শান্ত মাতেৰে ক'লে, "যিটো দুৰ্ভাগ্যজনক ঘটনা ঘটিছে, তাৰ বাবে মোক দায়ী কৰা হৈছে৷ মই
কলিকতাৰ পৰা বহু দূৰত থাকো৷ খবৰ-খাতি বিশেষ নাপাওঁ৷ বহুত দেৰিকৈ মই জানিব পাৰিছো,
যে
মোৰ পত্নীক হেয় প্ৰতিপন্ন কৰিবলৈ আৰু মোক অপদস্থ কৰিবলৈ কোনোবাই কেইখনমান জঘন্য
ছবি আঁকিছে আৰু সেইবোৰ কলিকতাত প্ৰদৰ্শনো কৰিছে৷ মই স্পষ্টভাৱে আৰু দৃঢ়তাৰে জনাব
খোজো, এইবোৰ কোনোবা অসৎ আৰু নীচ মানুহৰ কাম৷ ছবি কেইখন মই অঁকা নহয়,
আৰু
অঁকাৰ কথাও নাহে৷ আশাকৰো পুলিচে এই বিষয়ত সঠিক তদন্ত কৰিব আৰু সেই কালপ্ৰিটটোক
বিচাৰি উলিয়াব৷"
এখন বিখ্যাৎ ইংৰাজী দৈনিক কাকতৰ
সাংবাদিক এজনে প্ৰশ্ন কৰিলে, "আপুনি অঁকা নাই, সেইটো বাৰু বুজিলো৷ কিন্তু দি পেইন্টাৰ
মাষ্ট বি এ ক্ল'জ পাৰ্ছন অফ ইয়'ৰ ফেমিলি৷ চ' ইউ মাষ্ট ন' হিম৷"
"নাই, মই নাজানো৷"
এজন ডেকা সাংবাদিকে কৈ উঠিল,
"বিশেষজ্ঞ সকলে কৈছে ছবি কেইখনৰ ষ্টাইল হুবহু আপোনাৰ ষ্টাইলৰ লগত
মিলে৷"
"সেয়া হ'ব পাৰে৷ মানুহজন হয়তো ভাল নকল
নবিছ৷"
"আপোনাৰ পৰিয়ালৰ সৈতে মনোমালিন্য আছে
নেকি?"
"নাই, থাকিলেও সেইটো পাৰিবাৰিক কথা৷"
আন এজন সাংবাদিকে ক'লে, "পাৰিবাৰিক কথা পাব্লিক কৰিলে কিয়?"
"আপোনালোকে মানে মোৰ কথা বিশ্বাস কৰা নাই?
ছবিকেইখন
মই অঁকা নহয়৷ যোৱা দুবছৰ ধৰি মই কলিকতালৈ অহাই নাই৷"
"তাতে কি প্ৰমাণ হ'ল?"
"ছবি কেইখনত যে দুটা ল'ৰা আপোনালোকে দেখিছে, সিহঁতক মই কেতিয়াও দেখা নাই৷"
"সেইটো বিশ্বাসযোগ্য যুক্তি নহ'ল৷"
আন এজনে ক'লে, "আপোনাৰ পত্নীৰ সৈতে আপোনাৰ মনোমালিন্য
আছে বুলি ওলাই আছে৷ কাজিয়াখন পুৰণা৷ আপোনাৰ পত্নীৰ ধাৰণা আপুনি তেওঁক পাব্লিকলি
অপমান কৰিবলৈকে ছবিবোৰ আঁকিছে৷"
"নাই৷ মই ইমান নীচ নহয়৷"
তেনেতে হঠাৎ কৰ্মকৰ্তা সকলৰ এজনে কৈ
উঠিল, "নৱদা, আপুনি কিবা ক'ব?"
নৱ দাস থিয় হ'ল৷ সেই নৱ দাস, যাক এবাৰ খঙতে মাৰিছিল সৰ্বজিতে৷ নৱৰ
চুলি অলপ পকিব ধৰিছে, দেহত অলপ চৰ্বি হৈছে৷ বাকী চব একেই আছে৷
নৱ দাসে অনু্ত্তেজিত কন্থেৰে ক'লে, "সৰ্বজিৎ সৰকাৰে কৈছে, ছবি কেইখন তেওঁ অঁকা নহয়৷ এইটো প্ৰমাণ
কৰিবলৈকে সহজ উপায় আছে৷ পুলিচৰ ফিঙ্গাৰপ্ৰিণ্ট এক্সপাৰ্টে যদি সহযোগ কৰে তেনেহ'লে সমস্যাটোৰ সমাধান সহজতে হ'ব৷ আৰ্টিষ্ট সকলে নিজৰ পেইন্টিং
হেণ্ডেল কৰিব লগীয়া হয়৷ মোৰ ধাৰণা অইলত অঁকা পেইন্টিঙৰ ক'ৰবাত নহয় ক'ৰবাত আৰ্টিষ্টৰ ফিঙ্গাৰপ্ৰিন্ট পোৱা
যাবই৷ সেই জঘন্য ছবি কেইখনত সৰ্বজিৎ সৰকাৰৰ ফিঙ্গাৰপ্ৰিন্ট বিচাৰি চোৱা যাওঁক৷
লগে লগে এটা সমৱেত গুঞ্জনধ্বনি বাজি উঠিল কোঠাটোৰ ভিতৰত৷
নৱ দাসে ক'লে, "সৰ্বজিৎ, আপুনি ৰাজি নে?"
"ৰাজি৷"
"তেনেহ'লে আমি পুলিচ কৰ্তৃপক্ষক অনুৰোধ জনাম
যে তেওঁলোকে ছবি কেইখন বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাওঁক৷"
নৱ দাস বহি পৰিল৷
এজন অবঙালী সাংবাদিকে ক'লে, "আই এম হিয়াৰ টু কংগ্ৰেশ্যুলেশ্যন মিঃ
সৰকাৰ৷ আই থট ইউ হেভ শ্বোন গ্ৰিয়েট কাৰেজ ইন ডোজ পেইন্টিংছ৷ বাট ইফ ডোজ আৰ
চাবষ্টিটিউটছ ডেন ডেট ইজ এনাডাৰ মেটাৰ৷"
সৰ্বজিতে মৃদু হাঁহিৰে ক'লে, "আই এম নট ডেট কাৰেজিয়াছ৷"
"অ'কে ছাৰ, ঠেংক ইউ৷"
আন এজন হিন্দীভাষী সাংবাদিকে ভঙা
বাংলাত সুধিলে, "ছাৰ, আপুনি কি ভাবে নিজৰ ফেমিলিৰ ন্যুড অঁকাটো বেয়া?"
"মই সেইবোৰ নাজানো৷"
"আৰ ইউ এ ম'ৰেলিষ্ট?"
"সেয়াও ক'ব নোৱাৰো৷"
"আৰ্টিষ্টসকলৰ ম'ৰেল থকাতো উচিত নে?"
"কিয় উচিত নহ'ব?"
"মইতো ভাবো, আৰ্টিষ্টৰ কোনো সংস্কাৰ নাথাকে৷"
"এই ক্ষেত্ৰত মোৰ একো ক'বলগীয়া নাই৷"
"আপুনি সমৰ্থন নকৰে?"
"হয়তো সকলো সংস্কাৰ মনা নহয়৷ কিন্তু
কিছুমান ভেলুজটো মানিব লগিবই৷"
"আৰ্টৰ ভেলু জানো বেলেগ নহয়?"
"মই ইমান কথা ক'ব নোৱাৰিম৷"
"মইতো ভাবো ইউ হেভ ডান এ কাৰেজিয়াছ ঠিং৷
ইন ফেক্ট আই কেম হিয়াৰ ফ্ৰম দিল্লী জাষ্ট টু ছেক ইয়'ৰ হেণ্ডছ৷"
এইবাৰ এজন বঙালী সাংবাদিকে পিছৰ পৰা
মাত দিলে, "আপুনি ভয়তে সকলো অস্বীকাৰ কৰা নাইতো?"
"নাই৷ ভয় কিহৰ?"
"মিষ্টাৰ সিংঘানিয়াই কিন্তু আপোনাৰ
এজেন্টৰ পৰাই ছবি কেইখন কিনিছে৷ আপোনাৰ এজেন্টেও কৈছে, ছবি কেইখন সিহঁতে আপোনাৰ তাৰ পৰাই
আনিছে৷ ফিঙ্গাৰপ্ৰিন্টৰ কথাটো ওলাইছে হয়, কিন্তু সেইটো বৰ নিৰ্ভৰযোগ্য চলিউছন
নহয়৷ এজন আৰ্টিষ্ট দূৰদৰ্শী হ'লে ফিঙ্গাৰপ্ৰিন্ট যাতে ছবিত নুঠে তাৰ
ব্যৱস্থাও কৰিব৷"
সৰ্বজিতে অসহায়ভাৱে ক'লে, "ইয়াত কৈ বেছি কৰিবলগীয়া আৰু মোৰ একো
নাই৷"
"আপোনাৰ পত্নী আৰু ছোৱালী দুজনী প্ৰেছ
কনফাৰেন্সলৈ নাহিল কিয়?"
"সিহঁত কিয় আহিব?"
"আমি তেওঁলোকৰো বক্তব্য শুনিব
খোজো৷"
"আপোনালোকে সিহঁতক এপ্ৰোছ কৰি চাব
পাৰে৷"
"অ'কে, আমি মিষ্টাৰ সিংঘানিয়া আৰু জয় শেঠক
কিছু প্ৰশ্ন কৰিব খোজো৷"
ৰিপোৰ্টাৰ সকলৰ লগতেই শকত-আবত, বগা, আভিজাত চেহেৰাৰ সিংঘানিয়া বহি আছিল৷
উঠি আহিল মাইকৰ ওচৰলৈ৷ হাতজোৰ কৰি ক'লে, "মই কোনো ভি আই পি নহয়৷ সাধাৰণ
ব্যৱসায়ী৷ মোৰ কেবাটাও বেপাৰ আছে৷ আৰ্টো এটা৷ গুড মাৰ্কেট, গুড মানি৷ কোনো দুই নম্বৰি লেন-দেন নাই৷
ক্লীণ পাৰ্চেজ৷"
সেই বঙালী ঠাণ্ডা-মগজুৰ ৰিপোৰ্টাৰজনে
সুধিলে, "মেনি ফেছেছ অফ ইভ চিৰিজৰ ছবি কেইখন আপুনি কেতিয়া কিনিছিল আৰু কাৰ পৰা?"
"এভ্ৰিবডি ন'জ, দেৰ বছৰ আগতে মিষ্টাৰ শেঠৰ পৰা
কিনিছিলো৷"
"আপুনি সৰ্বজিৎ সৰকাৰৰ বহু কেইখন ছবি
কিনিছে নেকি?"
"হয়, মিষ্টাৰ সৰকাৰৰ বজাৰ ভাল৷"
"আপুনি তেওঁৰ ছবি চায়েই ক'ব পাৰিবনে যে সেইখন মিষ্টাৰ সৰকাৰেই
অঁকা?"
"নিশ্চয় পাৰো৷"
"ইভ চিৰিজ সম্পৰ্কে কি ক'ব?"
"ছবি কেইখন তেখেতে অঁকা বুলিয়েই জানো৷
আৰু মই ছবি কেইখন তেওঁৰ নামতেই বিক্ৰী কৰিম, যেতিয়ালৈকে প্ৰমাণ নহয় যে সেই কেইখন
তেওঁ অঁকা নহয়৷ মোৰ আৰু একো ক'ব লগীয়া নাই৷ আই এম এ হাৰ্ট পেচেন্ট৷ প্লীজ
স্পেয়াৰ মি৷"
জয় শেঠে ক'লে, "আমি মিঃ সৰকাৰক সন্মান কৰো৷ হি ইজ নাইছ
টু আছ৷"
"এই ছবি কেইখন কেনেদৰে আপোনালোকৰ হাতত
পৰিল?"
"পিতাজী ৰিখিয়ালৈ গৈ লৈ আহিছিল৷"
"পেক কৰি আনিছিলে নে?"
"হয়, পিতাজীয়ে পেকাৰ লৈয়ে যায়৷"
"আপুনিতো শুনিলেই সৰ্বজিৎ সৰকাৰে কৈছে
সেই কেইখন তেওঁ অঁকা ছবি নহয়৷"
"শুনিছো৷ বাট উই আৰ এট এ লছ৷"
"ছবিৰ বিজনেছত আপোনালোকৰ চিকিউৰিটি
কেনেকুৱা?"
"খুব ভাল৷ পেইন্টিংছ আৰ কষ্টলি ঠিং৷ চ'
উই
টেক কেয়াৰ৷"
"নকল ছবি সুমাই যোৱাৰ সম্ভাৱনা নাই?"
"ন', ছাৰ৷"
"পুলিচে আপোনালোকৰ গুডাউন বা ষ্টোৰ চেক
কৰিছে?"
"হয় ছাৰ৷"
"তেওঁলোকে কি কয় আমি জানিব খোজো৷"
সেই মাস্তান চেহেৰাৰ কৰ্মকৰ্তাজনে কৈ
উঠিল, "পুলিচৰ বক্তব্য এতিয়া নহয়৷ তদন্ত চলিছে৷ এতিয়াও চব এংগল চোৱা হোৱা
নাই৷"
সাংবাদিকজনে জয় শেঠক ক'লে, "মিঃ শেঠ, আপুনি কি ক'ব, সৰ্বজিৎ সৰকাৰে মিছা কথা কৈছে?"
"ন' ছাৰ৷ নট দ্যাট৷"
"তেনেহ'লে কি ক'ব বিচাৰিছে স্পষ্টকৈ কওঁক৷"
"আমি মিঃ সৰকাৰ আৰু আন বহুতৰে পেইন্টিং
কিনো৷ উই হেভ আদাৰ এজেন্টছ৷ চ' দিয়াৰ মে বি এ মিক্স আপ আণ্ড মে বি এ
চাবষ্টিটিউছন মেড বাই চাম ৱান৷"
"সেইটো কেনেকৈ সম্ভৱ?"
জয় শেঠে মূৰ খজুৱাই ক'লে, "এনেকুৱা হ'ব পাৰে কোনোবাই ছবি কেইখন আঁকি আমাৰ
ষ্ট'ৰত সুমুৱাই দিছিল৷"
"তেনেকুৱা হ'লেতো আপোনালোকৰ ষ্ট'ৰ ফুল প্ৰুফ নহয়৷"
"ফুলপ্ৰুফ নহয় সেইটো সঁচা৷ এইটো ঘটনাৰ
পিছত আমি আৰু সাৱধান হৈছো৷"
"আপোনালোকে সৰ্বজিৎ সৰকাৰৰ ফেমিলিৰ
মানুহক চিনি পায়নে?"
"নিশ্চয় পাওঁ৷"
"আপোনালোকে যেতিয়া দেখিলে ছবি কেইখন
তেওঁৰ পৰিয়ালৰ মানুহক লৈ অঁকা, তেতিয়াই আপোনালোকে সেই বিষয়ে তেওঁক বা তেওঁৰ
পৰিবাৰক নুসুধিলে কিয়?"
"আমিতো ভাবিছিলো যে মিঃ সৰকাৰেই আঁকিছে৷
উই ড'ন্ট আস্ক এনি আৰ্টিষ্ট এবাউট দিয়াৰ পেইন্টিংছ৷"
"মিঃ সৰকাৰৰ পৰা আপোনালেক যি ছবি কিনে
তাৰ হিচাপ নিশ্চয় ৰাখে?"
"হয়৷"
"যোৱা দুবছৰত আপোনালোকে সৰ্বজিতৰ পৰা
কেইখন ছবি কিনিছিল?"
"তেৰখন৷"
"তাৰ ভিতৰত দহখন ইভ চিৰিজৰ?"
"হয়৷"
"তেৰখনেই বিক্ৰী হৈছে?"
"নাই, তিনিখন আছে৷"
"এইবাৰ মিঃ সৰকাৰক সুধিব খুজিছো,
আপোনাৰ
হিচাপেও একেই কয় নে? দুবছৰত আপুনি এওঁলোকক তেৰখন ছবি দিছিল?"
"হয়৷"
"আপোনাৰ মতে তেৰখনৰ ভিতৰত দহখন ইভ
চিৰিজৰ নহয় নিশ্চয়?"
"নহয়৷"
"তেনেহ'লে আপোনাৰ হিচাপ মতে আপোনাৰ দহখন ছবি
মিছিং৷"
"তাকেইতো কৈছো৷"
"সেই দহখন ছবি কিহক লৈ অঁকা মিঃ সৰকাৰ?"
"প্ৰকৃতি, লেণ্ডস্কেপ, গছ গছনি, গাওঁলীয়া মানুহ এইবিলাক৷"
"স্পেচিফিক ক'ব নোৱাৰিব?"
"পৰা যাব, মোৰ নোট কৰা থাকে৷"
"শেঠহঁতে কিমান দিনৰ মূৰে মূৰে আপোনাৰ
পৰা ছবি আনিবলৈ যায়?"
"বছৰত এবাৰ দুবাৰ৷"
"বছৰত আপুনি কেইখন ছবি আঁকে?"
"দহ বাৰখনতো হয়েই৷ বেছিও আঁকো
কেতিয়াবা৷"
"বহুত বেছি নেকি?"
"নাই৷ তাত মোৰ অৱসৰেই বেছি৷ গতিকে অলপ
বেছিকৈ আঁকিব পাৰো আৰু৷"
"আপুনি অকল অইল পেইন্টিঙেই আঁকেনে?"
"অইল বা আক্ৰিলিক৷"
"ছবি অঁকাৰ আগতে স্কেছ বা আউট লাইন কৰি
লয়?"
"চব সময়তে লোৱা নহয়৷"
"আপুনি অৰ্ডাৰি ছবি আঁকেনে? ধৰক কাৰোবাৰ পোট্ৰেট অঁকাৰ অফাৰ পালে,
ফি
যদি ভাল হয়?"
"আঁকো৷ পিছে ৰিখিয়ালৈ যোৱাৰ পিছত আৰু
অঁকা হোৱা নাই৷"
"অফাৰ পোৱা নাই?"
"পাইছো৷ কিন্তু ৰিফিউজ কৰিছো৷"
"আপুনি এই স্কাণ্ডেলটোৰ বিষয়ে আৰু কিবা
ক'ব নেকি?"
"নাই৷"
সভা ভাঙিল৷
ওলাই আহি সৰ্বজিৎ যেতিয়া গাড়ীত বহিল
তেতিয়াই ক'ৰবাৰ পৰা আহি তেওঁৰ কাষতে বহি পৰিল শৱৰ৷ জয় বহিল সন্মুখত, ড্ৰাইভাৰৰ কাষত৷
"শৱৰ? আজিৰ কনফাৰেন্স কেনেকুৱা হ'ল?"
"চ' চ'৷ উত্তেজিত নহ'ল যে সেয়াই যথেষ্ট৷"
"তোমাক কথা এটা কোৱা হোৱা নাই৷ টেলিফোনত
কোনে জানো মাজে মাজে মোক গালি-গালাজ কৰি আছে৷"
"হয় নেকি? পিছে এতিয়া সেইবোৰ অস্বাভাৱিক
নহয়৷"
"ইৰাই আজি ফোন কৰিছিল৷"
"কি কথা পাতিলে?"
"মই মোৰ ক'ব লগীয়াখিনি ক'লো৷ বিশ্বাস নকৰিলে৷"
"নকৰাৰেই কথা৷"
"শৱৰ, মই ভাবো কলিকতাত থকাৰ কোনো অৰ্থ নাই৷
ইয়ালৈকে আহিয়েই মই টায়াৰ্ড আৰু অসুস্থ অনুভৱ কৰিছো৷ কালি যদি উভতি যাওঁ, বেয়া হ'ব নেকি?"
"আপুনি আৰু কেইদিন মান থকাতো ভাল৷"
"কিয়, কোৱাচোন৷"
"ফৰ চাম ৰেফাৰেন্স এণ্ড ফৰ চাম
হেল্প৷"
"তাৰ পৰা কিবা হ'ব জানো?"
"চাওঁচোন৷"
"আৰু এটা কথা৷ বিল্টু মোৰ ল'ৰা নহয়, এই কথাটো তোমাক কৈছিলো৷ কিয়যে তুমি
সেইটো ইৰাক ক'লাগৈ৷"
কথাটোৰ পৰা ফালৰি কাটি শৱৰে ক'লে, "কালি ছবি কেইখন চাব যাব লাগিব৷"
পেইন্টিং কেইখন হোটেলৰ কোঠাত সজাই
ৰাখিছিল সিংঘানিয়াই৷
শৱৰে ক'লে, "চাওঁক, কিন্তু একো নুচুব৷"
সিংঘানিয়াই হাঁহি ক'লে, "ফিংগাৰপ্ৰিন্ট? য়েছ, ইউ মাষ্ট বি কেয়াৰফুল৷"
সৰ্বজিতে ছবিকেইখন একাগ্ৰচিত্তে চাই
আছিল৷ অত্যন্ত উন্নত মানদণ্ডৰ পোট্ৰেইট৷ বিদেশী ৰং আৰু তুলিকাৰে অঁকা, যিয়ে আঁকিছে তেওঁ পৈনত শিল্পী৷ নকল
বুলি ধৰিবই নোৱাৰি৷ অঁ, সৰ্বজিতৰ কিছু বৈশিষ্ট এইবোৰ ছবিতো আছে৷
"আৰ ইউ প্লীজ্ড মিষ্টাৰ সৰকাৰ?"
"মোৰ প্লীজ্ড হ'বলগীয়া কিবা কাৰণ আছে জানো?"
"দিজ আৰ গুড পেইন্টিং ছাৰ৷"
"হ'ব পাৰে, বাট আই এম ৱৰিড৷"
"কিয় ছাৰ?"
"দি ইম্পোষ্টাৰ ইজ এ গুড
পেইন্টাৰ৷"
"ইম্পোষ্টাৰ হওঁকেই বা নহওঁকেই, ৰিচেন্ট ক'ন্ট্ৰ'ভাৰ্ছি হেজ মেড দি পেইন্টিংছ
এক্সট্ৰিমলি ভেলুৱেবল৷ যোৱাৰাতি অভাৰ টেলিফোন মই বোম্বেৰ পৰা বিগ অফাৰ
পাইছো৷"
"কিমান বিগ?"
"ডেট ইজ ট্ৰেড চিক্ৰেট ছাৰ৷"
"তাৰ মানে ছবি কেইখন আপুনি হস্তান্তৰ
নকৰিব?"
"নো ছাৰ৷ আই এম এ বিজনেছ মেন৷ পিছে
চিন্তা নকৰিব৷ বোম্বে দিল্লীত আপোনাৰ ফেমিলিকতো কোনেও চিনি নাপায়৷"
"কিন্তু পাব্লিচিটি হেজ ৰিচড দোজ চিটিজ৷
নহ'লে আপুনি বিগ অফাৰ পায় জানো?"
"ঠিকে কৈছে৷ কিন্তু পাব্লিক স্কাণ্ডেল
নহ'ব৷ কালেক্তৰে জানিলেও জানক৷ চা, কফি কিবা খাব ছাৰ?"
"নাই, ঠেংক ইউ৷"
সিংঘানিয়াই শৱৰক ক'লে, "আপোনালোকৰ ফিংগাৰপ্ৰিন্ট এক্সপাৰ্ট
কেতিয়া আহিব ছাৰ?"
"এঘাৰটাত৷"
"আফ্টাৰ ডেট মে আই পেক মাই পেইন্টিংছ?"
"উম৷"
"কালি মই বোম্বেলৈ যাম৷ গমেই পাইছে মোৰ
সময় নাই৷"
"ঠিক আছে মিঃ সিংঘানিয়া৷"
হোটেলৰ পৰা ওলাই আহি শেঠহঁতে দিয়া
গাড়ীত বহি সৰ্বজিতে ক'লে, "তাৰমানে তুমি সিংঘানিয়াক এৰি দিলা?"
শৱৰে এটা নিশ্বাস পেলাই ক'লে, "উপায় নাই৷"
"মোৰ নামতে ছবি কেইখন চলি থাকিব?"
"আপাতত৷ যদি প্ৰমাণ হয় আপুনি অঁকা নাই
তেনেহ'লে বেলেগ কথা৷ তেনে ক্ষেত্ৰত সিংঘানিয়াই হয়তো আপোনাৰ নামৰ স্বাক্ষৰ
ছবিৰ পৰা মচি দিব৷"
"হুঁ৷ ৰখাব নোৱাৰিবা?"
"নাই, কোনখন আইনে ৰখাব?"
"আইন মই নাজানো, তোমালোকেহে জানিবা৷"
"সেয়াই৷ এনেকুৱা কেছতো আগতে নাই পোৱা৷
এয়াই প্ৰথম৷"
"শৱৰ, মই জানো তুমি এজন দুৰ্দান্ত পুলিচ
অফিচাৰ৷"
"যিমান শুনিছে সিমান নহয়৷"
"তোমাৰ বুদ্ধি ক্ষুৰধাৰ মই জানো৷ তুমি
কিবা অনুমান কৰিব পাৰিছা নে?"
"নাই৷"
"কিয় পৰা নাই শৱৰ?"
"বিষয়টো জটিল৷"
"কাৰো প্ৰতি সন্দেহ হোৱা নাই?"
"এতিয়াও হোৱা নাই৷"
"ময়ো কেনেকুৱা বিমোৰত পৰি গৈছো৷"
"নাভাবিব, কেইদিনমান চোৱা যাওঁক৷"
"মই কিমান দিন থাকিব লাগিব ইয়াত?"
"থাককচোন কেইদিনমান৷"
"মই ইয়াত উশাহ ল'ব নোৱাৰা যেন পাইছো৷"
"জানো৷ ছবি আঁকিছে?"
"আঁকিছো৷ ছবিয়েইতো জীয়াই ৰাখিছে৷"
"এটা কথা ক'ব?"
"কি কথা?"
"আপুনি কলিকতাত যাক ছবি অঁকা শিকাইছিল
সিহঁতৰ মাজৰ কোনোবাই শত্ৰুতা কৰিব পাৰে নেকি?"
"কেনেকৈ কওঁ?"
"এনি হাঞ্চ?"
"নাই শৱৰ৷ ন' হাঞ্চ৷"
শৱৰৰ ভ্ৰু কোঁচখাই ৰ'ল৷
***
এই চিৰিজটোৰ প্ৰথমখন উপন্যাস 'ঋণ' পঢ়িবলৈ ইয়াত ক্লিক কৰক।