মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
অষ্টম অধ্যায়
পিছ দিনাখন ৰাতিপুৱাই খুৰাদেউৱে মিংমাক
মাতি নি ক'লে, "তম্বু বান্ধা৷ আমি এইবাৰ আগুৱাম৷"
মিংমাই যেন ফূৰ্তিতে নাচি উঠিল৷
সি ক'লে, "এভাৰেষ্টলৈ যাব? বোলক চাহাব, মই আপোনাক পিঠিত উঠাই লৈ যাম৷"
খুৰাদেউৱে ক'লে, "তাৰ প্ৰয়োজন নাই৷ মই নিজেই যাব পাৰিম৷
আমাৰ এক নম্বৰ কেম্প হ'ব কালাপাথৰত৷"
মিংমাই দৌৰি ওলাই গ'ল বাকীবোৰক খবৰটো দিবলৈ৷
খুৰাদেউৱে পেকিং বক্স খুলি এটা
ৱায়াৰলেছ ছেট বাহিৰ কৰিলে৷ এইটোও তেওঁ বিদেশৰ পৰা আনিছে এইবাৰ৷ বিদ্যুৎ অবিহনেও
এইটো বেটাৰীতে চলে৷
যন্ত্ৰটো চালু কৰাৰ লগে লগেই ক-ৰ-ৰ কট-কট
শব্দ হ'বলৈ ধৰিলে৷ খুৰাদেউৱে ক'লে, "সন্তু, তই অলপ বাহিৰলৈ যাচোন৷"
সন্তু গম্বুজৰ বাহিৰলৈ ওলাই আহিল৷
কিন্তু ভিতৰি ভিতৰি তাৰ কৌতূহল থাকি গ'ল৷ এই যন্ত্ৰটো অনা সি খুৰাদেউক দেখিছে,
কিন্তু
ইয়াৰ আগতে তেওঁ এইটো কেতিয়াও ব্যৱহাৰ কৰা নাছিল৷ খুৰাদেউৱে কাৰ সৈতে কথা পাতিব,
আৰু
এনেকুৱা কি গোপন কথা আছ যে তাৰ আগত পাতিব নোৱাৰি!
বাহিৰলৈ ওলাই আহি সি দেখিলে, ছেৰপা আৰু মালবাহক কেইজনে খুটুক-খাটাক
শব্দ কৰি তম্বু ভঙাত লাগি গৈছে৷ সন্তুৱেও সিহঁতৰ সৈতে হাত আগবঢ়ালে৷
অলপ পিছত ওলাই আহি খুৰাদেউৱে ক'লে, "যা সন্তু, তোৰ বস্তুখিনি বান্ধি ল'৷"
মিংমাই সুধিলে, "ইয়াতেই খানা খাই যাব নেকি, চাহাব? তেতিয়া সুবিধা হ'য়৷"
খুৰাদেউৱে ক'লে, "নাই, আকাশ ফৰকাল আছে, সোনকাল ওলালে দুপৰীয়ালৈকে কালাপাথৰ পাই
যাম৷ তাতেই বনাবা খানা৷"
মিংমাই ধোৱা ওলাই থকা চাহ এগিলাছ খুৰাদেউৰ
পিনে আগবঢ়াই দি ক'লে, "কম চে কম এগিলাছ চাহকে খাই লওঁক৷"
সন্তু গম্বুজৰ পিনে গৈ আছিল, মিংমাই তাকো মাতি ক'লে, "আৰে সন্তু চাহাব, তুমিও চাহ অকণ খাই লোৱা৷"
ইয়াত ঠাণ্ডা কাৰণে যিমান বাৰ চাহ
নাখালেও বেয়া নালাগে৷ গৰম গ্লাছটো দুহাতেৰে চেপি ধৰি থাকি ভাল লাগে৷
চাহ খাই খাই মিংমাই ক'লে, "আংকল চাহাব, কালাপাথৰতো আজিয়েই পাই যাম৷ তাত পিছে
কিমান দিন থাকিব?"
খুৰাদেউৱে মিচিকিয়া হাঁহি মাৰি ক'লে, "তাত আকৌ থাকিম কিয়? ৰাতিটো কালাপাথৰত কটাই আকৌ যাম আগুৱাই৷
এভাৰেষ্টলৈ যাব নালাগিব জানো?"
মিংমাই অবাক হৈ ক'লে, "তেন্তে ইয়াত ইমান দিন থাকিলে কিয়?
সাত
দিন এনেয়ে বহি বহি...."
খুৰাদেউৱে ক'লে, "ইয়াত থকাতোও জৰুৰী আছিল৷ ইমান ঠাণ্ডাত
যাব লাগিব, গতিকে দেহটোক অলপ অভ্যস্ত কৰাই ল'লো.. বাৰু কোৱাচোন মিংমা, কালাপাথৰৰ পৰা এভাৰেষ্টৰ শিখৰলৈ কিমান দিন লাগিব?"
মিংমাই ক'লে, "বৰুণ দেৱতাই যদি কৃপা কৰে সাত-আঠ দিনৰ
ভিতৰত পাই যাম৷"
সন্তুৱে কৈ উঠিল, "মাত্ৰ সাত-আঠ দিন?"
মিংমাই ক'লে, "অঁ চাহাব, তাতকৈ বেছি দিন নালাগে৷ চাউথ কলেৰে উঠি
যাম, তুমি মোৰ লগত থাকিবা৷"
খুৰাদেউৱে ক'লে, "ঠিক আছে তেনেহ'লে, আমাৰ লগততো খাদ্য-পাতি যথেষ্ট খিনিয়েই
আছে৷"
তাৰ পিছত মিংমাই নিজকে কোৱা দি ক'লে, "এতিয়াও ভাল দৰে বিশ্বাসে হোৱা নাই৷ আমি
সঁচাকৈ এভাৰেষ্টলৈ যাম?"
খুৰাদেউৱে গলগলীয়া মাতেৰে ক'লে, "বিশ্বাস হোৱা নাই মানে? মই কি তোমালোকক মিছা কথা কৈ আনিছো নেকি?
আমি
নিশ্চয় এভাৰেষ্টত উঠিম৷ শিখৰত উঠিব পাৰিলে আমাৰ দলৰ চবেই বহুত টকা পাব৷ ইণ্ডিয়া
গভৰ্নমেন্ট, নেপাল গভৰ্নমেন্ট দুই গভৰ্মেন্টেই পুৰস্কাৰ দিব৷ দলৰ
প্ৰত্যেককে৷"
মিংমাই পতককৈ খুৰাদেউৰ খোৰা ভৰিখনৰ
পিনে এবাৰ চালে৷
খুৰাদেউৱে ক'লে, "কি অ' সন্তু, বস্তু-বাহানি সামৰিবলৈ নগ'লি?"
সন্তুৱে খৰ-ধৰকৈ গুছি গ'ল গম্বুজৰ পিনে৷
ভিতৰত সোমায়েই সি চক খাই উঠিল, কোঠাটোৰ সোমাজতে মানুহ এজন বহি আছে
হাউলি৷
তাৰ পিছত দেখিলে, মানুহজন দ্বিতীয় ছেৰপা নোৰবু৷
নোৰবুৰ পক্ষে গম্বুজত সোমোৱাত আচৰিত
একো নাই৷ খুৰাদেউৰ বেডিং-পত্ৰখিনি বাহিৰ কৰিব লাগিব৷ কিন্তু সি বেডিং-পত্ৰ বাহিৰ
কৰাৰ পৰিৱৰ্তে কাচৰ বাকচটোৰ পিনে চাই আছে ৰ' লাগি৷
সন্তুৱে সুধিলে "কি নোৰবু ভাই?"
নোৰবু যেন চমকি উঠিল অকণমান, তাৰ পিছত সেই অৱস্থাতে বহি থাকি মুখ
ঘূৰাই সুধিলে, "সন্তু চাহাব, এইটো কি?"
সন্তুৱে ক'লে, "এইটো দাঁত৷"
নোৰবুৱে সুধিলে, "কিহৰ দাঁত?"
সন্তুৱে ক'ব খুজিছিল, এইটো য়েটিৰ দাঁত৷ কিন্তু নিজকে চম্ভালি
ল'লে সি, ইহঁতে য়েটিক ভয় কৰে৷ মিংমাই কৈছিল, য়েটিৰ নাম শুনিলেই মালবাহকবোৰ পলাই
যাব৷ খুৰাদেউৱে কাচৰ বাকচটো সিহঁতৰ আগত কোনোদিনে নুলিয়াই৷
সি ক'লে, "নাজানো৷"
নোৰবুৱে আকৌ ক'লে, "মানুহৰ দাঁত ইমান ডাঙৰ নহয়৷ কিহৰ দাঁত
এইটো?"
নোৰবুৱে সাধাৰণতে কথাই নকয়৷ গম্ভীৰ হৈ
থাকে৷ তাক ইমান কথা কোৱা দেখি সন্তু অবাক হ'ল৷
নোৰবুৱে বক্সটো খুলি দাঁতটো উলিয়াব
খুজিলে৷ সন্তুৱে তেনেতে কৈ উঠিল, "আৰে আৰে, নুখুলিবা, নুখুলিবা৷"
নোৰবুৱে বেছ ৰুক্ষ ভাৱে সুধিলে,
"কিয়?"
সন্তুৱে ক'লে, "খুৰাদেউৱে মানা কৰিছে৷ সেইটোত হাত
লগোৱা নিষেধ৷"
নৰোবুৱে ক'লে, "মই বস্তুটো চাম৷"
সন্তুৱে এইবাৰ ধমক দি উঠিল,
"মানা কৰিছো নহয়, সেইটোত হাত দিলে খুৰাদেউৱে খং কৰিব৷ নোৰবু ভাই,
তুমি
তাতকৈ এই পেকিং বক্সটো লৈ যোৱা৷"
নোৰবুৱে সেই কথাত কাণ নিদি কাচৰ বক্সটো
হাতত লৈ থিয় হ'ল৷ নোৰবুৰ এনেকুৱা আচৰণত ভীষণ খং উঠি গ'ল সন্তুৰ৷ সি ইচ্ছা কৰিলে এতিয়াই
বাহিৰলৈ গৈ খুৰাদেউক মাতি আনিব পাৰে৷ খুৰাদেউৱে তাক এই বক্সটো অনবৰতে চকুৰ আগত
ৰাখিবলৈ কৈ গৈছে৷
কিন্তু সি খুৰাদেউক নামাতিলে, নোৰবুৰ সন্মুখত থিয় হৈ চকু ৰঙা কৰি ক'লে, "কি? হৈছে কি? বক্সটো চুবলৈ মানা কৰিছো নে?"
নোৰবু যেন কিবা সলনি হৈ গ'ল৷ চকু দুটা তাৰ ধেলা পৰি গৈছে৷ সি
সন্তুক এক ধকা মাৰি আগুৱাই গ'ল দৰজাখনৰ পিনে৷ সন্তু উফৰি পৰি গৈছিল, সেই অৱস্থাতে সি কাৰাটেৰ কায়দাৰে নোৰবুৰ
মুখত সোধালে প্ৰচণ্ড এক গোৰ৷
সন্তুতকৈ নোৰবু বহুগুণে ডাঙৰ, অথচ সেই এটা আঘাততেই সি ধাম কৈ মাটিত বাগৰি
পৰিল৷
কাচৰ বক্সটো উফৰি গ'ল তাৰ হাতৰ পৰা৷ সন্তুৱে চিঞৰি উঠিল,
"এই-এই-এই.."
সি ভয় খাই গৈছিল৷ পৰিলে সেইটো ভাঙি চূৰমাৰ
হ'ব বুলি৷
কিন্তু সেইটো নাভাঙিল৷ মাটিত পৰি
সামান্য জপিয়াই উঠিল৷ প্ৰকৃততে সেইটো কাচৰ নাছিল৷ খুব পাতল প্লাষ্টিকৰ নিচিনা
বস্তুৰে বনোৱা, দেখিবলৈ ঠিক কাচৰ দৰেই৷
মটিত পৰি নোৰবু একেবাৰে হতভম্ব৷ সন্তুৰ
দৰে সৰু ল'ৰা এটাই কায়দা কৰি তাক বগৰাই দিলে! সি আকৌ উঠি আহি জপিয়াই পৰিল
সন্তুৰ ওপৰত, সন্তুৱে সঠিক সময়তে ফালৰি কাটি দিলে তাৰ তলৰ পৰা৷ নোৰবু পুনৰ মাটিত
এছাৰ খাই পৰিল৷ গাত শক্তি থাকিলেও নোৰবুৱে যুদ্ধৰ কৌশল একো নজানে৷
নোৰবু আকৌ উঠিব খোজোতেই খুৰাদেউ সোমাই
আহিল ভিতৰলৈ, নোৰবুক পৰি থকা দেখি তেওঁ সুধিলে, "কি হ'ল?"
নোৰবুৱে একো উত্তৰ নিদিলে৷
সন্তুৱে খৰকৈ চিন্তা কৰিবলৈ ধৰিলে৷
নোৰবুৱে যে হঠাৎ এনেকুৱা অদ্ভুত আচৰণ কৰিবলৈ লৈছে, সেই কথা জানিলে খুৰাদেউৱে খং কৰিব
নিশ্চয়৷ তাক কিবা কঠোৰ শাস্তিও দি দিব পাৰে৷ হয়তো নোৰবুক আৰু লগত নিনিবও পাৰে৷
সন্তুৱে ক'লে, "একো হোৱা নাই৷ সি এনেয়ে ভৰি পিছল খাই
পৰি গৈছে৷"
খুৰাদেউৱে সন্তুক সুধিলে,
"কাচৰ বক্সটো লৈ কি কৰিছ?"
"এইটো মই নিম লগত৷"
"নাই, সেইটো মোৰ লগত থাকিব৷ নোৰবু, তুমি মানুহ-দুনুহ মাতি এই বস্তুখিনি
উলিয়াই নিয়াৰ ব্যৱস্থা কৰা৷"
নোৰবুৱে কোনো উত্তৰ নিদি ওলাই গ'ল নিশব্দে৷