মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
সপ্তম অধ্যায়
বৰফৰ তললৈ সোমাই গৈ থাকোতে সি ভাবিলে,
এয়াই
তাৰ শেষ৷ খুৰাদেউ আৰু মিংমাই তাক নাই দেখা, তাৰ আৰু বচাৰ কোনো আশা নাই৷
কিন্তু মানুহে সকলো সময়তে নিজক বচাবলৈ
শেষ পৰ্যন্ত চেষ্টা কৰে৷ সন্তুৰ উশাহ বন্ধ হৈ আহিছিল, অথচ সি ভৰি দুখন বেঁকা কৰি নিজক উঠোৱাৰ
চেষ্টা কৰি থাকিল৷ এটা সময়ত তাৰ মূৰটো গৈ ক’ত জানো ঠেকা খালে! বৰফৰ তলত নিশ্চয়
পাথৰ আছে৷
তেতিয়াই সন্তুৱে ভৰিত জোৰ দি মূৰটো
উলিয়াই আনিবলৈ ধৰিলে৷ গোটেই মুখখন যেতিয়া বাহিৰলৈ ওলাই আহিল, তেতিয়া ভাব হ'ল, আৰু এক মুহূৰ্ত পলম হোৱা হ'লেই উশাহ নিশাহৰ অভাৱত তাৰ বুকুখন হয়তো
ফাটি গ'লহেঁতেন৷ সি ফোঁপাবলৈ ধৰিলে জোৰে জোৰে৷
পিছে সি নিজক বচাব নোৱাৰিলে৷ কোমল বৰফৰ
মাজত সোমাই যাব ধৰিলে তাৰ দুয়োখন ভৰি৷ ঠিক যেনেদৰে উহনি-বালিত মানুহ ডুব যায় লাহে
লাহে৷ সন্তুৱে চিৎকাৰ কৰি উঠিল, "খুৰাদেউ! মিংমা...!"
তেওঁলোক দুজন বহু দূৰ পাইছিল গৈ৷ মাত
শুনি উভতি চালে৷ দেখি খুৰাদেউ দৌৰি আহিব খুজিছিল, কিন্তু সেয়া কৰিবলৈ গৈ তেওঁ নিজেই পৰি
গ'ল ধাঁচকৈ৷ তেওঁ ক'লে, "মিংমা, মোক উঠাব নালাগে, তুমি সন্তুক ধৰা৷"
মিংমা নৰ'ল৷ সি দৌৰাৰ পৰিবৰ্তে বেঙা মেলি মেলি
আগবাঢ়ি গ'ল সন্তুৰ পিনে৷ মিংমাই বিভিন্ন কৌশল জানে৷ কিছু দূৰ এনে দৰে গৈ সি
বৰফৰ ওপৰত শুই দিলে, তাৰ পিছত চুচুৰি-চুচুৰি সন্তুৰ ওচৰলৈ গৈ ক'লে, "সন্তু চাহাব, মোৰ হাতত ধৰক!"
উহনি-বালিৰ দৰে ঠাইত বহি থাকিলেহে বেছি
বিপদ৷ সেয়ে মিংমাই শুই পৰিছিল৷ সেই অৱস্থাতেই সি সন্তুক হাতত ধৰি টানি উলিয়ালে৷
তাৰ পিছত দুয়োজনেই চুচুৰি চুচুৰি কিছু দূৰলৈ গুছি আহিল৷ খুৰাদেউৱেও উঠি আহি
সেইখিনি পাইছিল তেতিয়ালৈ৷
সন্তুৱে ক'লে, "ক্ৰেভিছ! তাত ক্ৰেভিছ আছ, মই তাতেই পৰি গৈছিলো!"
খুৰাদেউৱে সামান্য ধমকিৰ সুৰত ক'লে, "তই আমাৰ লগত আহি আছিলি, সেইপিনে গ'লি কিয়?"
"ফুল গছ এজোপা দেখিছিলো তাত৷"
"ফুল গছ? এই বৰফৰ মাজত আকৌ ফুল ক'ৰ পৰা আহিব?"
"অঁ, সঁচাকৈয়ে আছিল৷ মই হাত মেলি ধৰিছিলোও৷
তাৰ পিছতেই বৰফত সোমাই গ'লো!"
মিংমাই ক'লে, " হয়, কেতিয়াবা কেতিয়াবা এজোপা দুজোপা গছ অ'ত-ত'ত দেখা যায়৷"
খুৰাদেউৱে ক'লে, "বৰফ মাজতো এনে ধৰণৰ উহনি-বালিৰ নিচিনা জেগা
থাকে! এয়াতো আচৰিত কথা! কেইন ছিপটনো তেনেহ'লে এনেকুৱা ক'ৰবাত পৰি গৈছিল নেকি!"
সন্তুৱে ক'লে, "খুৰাদেউ, সেইটো কিন্তু বেছি দ নহয়৷ প্ৰথমেতো মই
উল্টাকে পৰি গৈছিলো, মূৰটো সোমাই গৈছিল, পিছত মূৰটো ক’ৰবাত খুন্দা খালে৷ নহ'লেতো মই উঠিবই নোৱাৰিলোহেঁতেন৷"
মিংমাই ক'লে, "মূৰটো সোমাই গৈছিল? ভাগ্যে বাচিলে৷"
সন্তুৰ শৰীৰত ক'তো আঘাত লগা নাছিল হয়, কিন্তু তাৰ সৰ্ব শৰীৰৰ তেতিয়াও থৰ-থৰকৈ
কঁপিছিল৷ একেবাৰে মৃত্যুৰ মুখা মুখি হ'লে এনেকুৱাই হয়৷ সি মিংমাক জোৰকৈ সাৱটি
ধৰি থাকিল৷
খুৰাদেউৱে সুধিলে, "সেই ফুল গছজোপা ক'লৈ গ'ল?"
সন্তুৱে ক'লে, "বৰফৰ মাজত সোমাই গৈছে৷"
খুৰাদেউৱে অলপ সময় চিন্তা কৰি ক'লে, "ইয়াত কিবা এটা চিন দি থোৱা ভাল৷ আকৌ
যাতে কোনোবা ভুল কৰি তালৈকে নাযায়..."
কিন্তু চিন কিহেৰে দিয়া যায়? ইয়াত কোনো কাঠৰ টুকুৰা বা শিল-চিলো
নাই৷ মিংমাই বুদ্ধি এটা উলিয়ালে৷
সি বহি লৈ গুৰি গুৰি বৰফ থুপ লগাই এটা
মূৰ্তি বনাবলৈ ধৰিলে৷ চাওঁতে চাওঁতে সেইটো সৰু-সুৰা গৰিলা বা বান্দৰৰ নিচিনা
মূৰ্তি এটাত পৰিণত হ'লগৈ৷
মিংমাই হাঁহি হাঁহি ক'লে, "চাওঁক চাহাব, টিজুটি বনাই দিলো। নোৰবুৱে কাঠৰ মূৰ্তি
বনায়, ময়ো বৰফৰ মূৰ্তি বনাব পাৰো৷"
সন্তুৱে ক'লে, "য়েতিৰ সৰু ভায়েক টিজুটি!"
মিংমায় তাৰ ডিঙিৰ পৰা ৰঙা ৰঙৰ ৰুমালখন
খুলি নি বৰফৰ মূৰ্তিটোৰ ডিঙিত পিন্ধাই দিলে৷ তাৰ পিছত মূৰ্তিটো সাৱধানে দাঙি নি
অলপ আগুৱাই গৈ এঠাইত বহুৱাই দিলে৷
খুৰাদেউৱে ক'লে, "সেইটোনো আৰু কিমান সময় থাকিব৷ কালি ৰ'দ দিলেই গলি যাব!"
মিংমাই ক'লে, "কালি মই আহি এখন ডাঙৰ পতাকা লগাই থৈ
যাম৷ আজি কুলি কেইটা নাহিব এইপিনে৷"
খুৰাদেউৱে ক'লে, "আজি আৰু কালাপাথৰলৈ যোৱা নহ'ব৷ সাজ লাগিবৰ হ'লেই৷ ব'ল, বেছ কেম্পলৈকে উভতি যাওঁ৷"
গম্বুজলৈ উভতি আহি সন্তুৱে চেন্দুইছ
আৰু কফি খাই শুই পৰিল৷ তাৰ গাটো এতিয়াও দুৰ্বল-দুৰ্বল লাগি আছে৷
তাৰ টোপনি আহি গ’ল লগে লগে৷ খুৰাদেউৱে লাইট জ্বলাই পঢ়া
শুনা কৰাত লাগিল৷
এটা সময়ত এটা সপোন দেখিলে সন্তুৱে৷
সি অকলে হাতত সাৰে ভৰিত সাৰে খুৰাদেউক
নজনোৱাকৈ গম্বুজৰ পৰা ওলাই গৈছে মাজ ৰাতি৷ তাৰ এখন হাতত এখন কোৰ আৰু আনখন হাতত এটা
টৰ্চ৷ গম্বুজৰ সন্মুখৰ তম্বু কেইটাৰ কাষেৰেই সি পাৰ হৈ গ'ল নিঃশব্দে৷ মালবাহক কুলি আদি সকলো
শুইছে৷ কেৱল এটা তম্বুৰ পৰা ভাহি আহিছে মাউথ অৰ্গেনৰ মাত৷ নিশ্চয় মিংমা৷ শুই শুই
সি মাউথ অৰ্গেন বজায়৷
সন্তুৱে খোজ কাঢ়ি কাঢ়ি আহি উপস্থিত হ'ল আবেলিৰ সেই ঠাইখনত৷ মিংমাই বনোৱা
বৰফৰ মূৰ্তিটো একেই আছে৷ ডিঙিত বন্ধা আছে ৰঙা ৰুমাল৷ মিংমাৰ নিচিনাকৈ সিও শুই পৰিল
মাটিত৷ তাৰ পিছত চুচুৰি-চুচুৰি মূৰ্তিটো এৰি আগুৱাই গ'ল কিছুদূৰ৷ তাৰ পিছত কোৰেৰে বৰফ
খান্দিবলৈ ধৰিলে৷ এটা অদ্ভুত বস্তু আৱিষ্কাৰ কৰি খুৰাদেউক আচৰিত কৰি দিব সি৷ বৰফ
গুচাই-গুচাই ফুল গছজোপা সি বিচাৰিবলৈ ধৰিলে৷ অৱশ্যে কেৱল ফুল গছজোপা বিচাৰিবলৈকে
সি ইয়ালৈ অহা নাই৷ ইয়াত এই বৰফত যে গাঁতটো আছে, সেইটো বেছি গভীৰ নহয়৷ এঠাইত সন্তুৰ মূৰটো
খুন্দা খাইছিল৷ কিন্তু ক’ত খুন্দা খাইছিল? তেতিয়া তাৰ পাথৰ বুলিয়েই ধাৰণা হৈছিল৷
কিন্তু পিছত তাৰ ভাব হৈছে, সেয়া যেন পাথৰ নাছিল, আছিল এখন লোৰ পাত৷ লো চুলে আৰু পাথৰ
চুলে বেলেগ বেলেগ অনুভৱ হয়৷ এই জনমানৱ শূন্য ঠাইত বৰফৰ তলত লোৰ পাত?...
খান্দেতে খান্দোতে সন্তুৱে ঠং কৈ এটা
শব্দ শুনিবলৈ পালে৷ আনন্দত জপিয়াই দিবলৈ মন গ'ল তাৰ৷ তেতিয়া হ'লে সি ঠিকেই সন্দেহ কৰিছিল৷ খুৰাদেউৱে
যেতিয়া গম পাব...৷
দুগুণ উৎসাহেৰে সি আৰু খৰকৈ খান্দিবলৈ ধৰোতেই
কোৰখন হাতৰ পৰা সৰি পৰিল তাৰ৷ সেইখন তুলিবলৈ যাওঁতেই তাৰ মূৰটো পুনৰ সোমাই গ'ল বৰফৰ মাজত৷
সপোনতে চিঞৰি উঠিল সি, "আহ, আহ!"
পিছ মুহূৰ্ততেই সি ভাবিলে, মই সপোন দেখিছো নেকি? নিজেই আকৌ উত্তৰ দিলে, ক'তা, নাই চোন, এয়া দেখোন সঁচাকৈয়ে মোৰ মূৰটো সোমাই
যাবলৈ ধৰিছে, মই মৰিম এতিয়া৷
তাৰ পিছত সি চকু মেলি দেখিলে, পোহৰ! ক'ৰ পোহৰ? কিহৰ পোহৰ?
এইবাৰ ভালদৰে তাৰ টোপনি ভাঙিল৷ সি ধৰিব
পাৰিলে, সি শুই আছে, গম্বুজৰ ভিতৰত, স্লিপিং বেগত৷ কি অদ্ভুত সপোন দেখিছিল
সি! বৰফৰ তলত লোৰ পাত, সেয়া জানো সম্ভৱ?
বাগৰ সলাই উভতি চালে সি, খুৰাদেউ বিচনাত নাই৷
পুনৰ বুকুখন ধককৈ উঠিল তাৰ৷ ইমান ৰাতি
খুৰাদেউ ক'লৈ গ'ল? সপোনত সন্তুৱে অকলে অকলে বৰফ খান্দিবলৈ গৈছিল৷ কিন্তু সঁচা-সঁচি এই ৰাতিখন
কোনো বাহিৰলৈ নাযায় ইয়াত৷
সি মাতিলে, "খুৰাদেউ!"
তেতিয়া গম্বুজৰ ওপৰৰ পৰা খুৰাদেউৱে মাত
দিলে, "কি হ'ল?"
খুৰাদেউ এই ৰাতিও গম্বুজৰ ওপৰত বহি আছে?
এয়া
আৰু কথা হ'লনে? তেওঁ কি আজি নুশুবই নেকি? এনেকৈ হ'লেতো বেমাৰ হৈ যাব৷
"খুৰাদেউ, এতিয়া কেইটা বাজিছে?"
"চাৰে নটা? কিয়?"
এতিয়া কি চাৰে নটাহে বাজিলে নেকি?
ছেঃ,
তাৰ
আকৌ ভাব হৈছিল সি বহুত দেৰি শুলে৷ সপোনটোৱেইচোন দেখিছিল কিমান সময় ধৰি! কলিকতাত
ৰাতি চাৰে নটাত যে কিমান হৈ হাল্লা৷ কলিকতা বাৰু কিমান দূৰ ইয়াৰ পৰা?
খুব অস্পষ্ট ভাৱে মাউথ অৰ্গেনৰ শব্দ
ভাহি আহিছে বাহিৰৰ পৰা৷ মিংমাই বজাইছে৷ সন্তুৱে সপনোতো শুনিছিল এই শব্দটো৷ আচৰিত ন!
সন্তুৱে এবাৰ ভাবিলে, খুৰাদেউক সপোনটোৰ কথা ক'ব৷ তাৰ পিছত আকৌ ভাবিলে, থাওঁক, কিনো হ'ব কৈ৷ খুৰাদেউৱে হাঁহিব নিশ্চয়৷ বৰফৰ
তলত লোৰ পাত৷ তেওঁ তাক পাগল বুলিও ভাবিব পাৰে৷ পিছে এতিয়াও সপোনটো তাৰ সঁচা সঁচা
যেন লাগি আছে৷
অলপ পিছত সি আকৌ শুই পৰিল৷
যেতিয়া তাৰ টোপনি ভাঙিল তেতিয়া
ৰাতিপুৱাৰ নীলা পোহৰ খিৰিকীখনেৰে গম্বুজৰ ভিতৰত সোমাইছে৷ খুৰাদেউ গভীৰ টোপনিত৷
স্লিপিং বেগৰ পৰা ওলায়েই সন্তুৱে
জপিয়াবলৈ ধৰিলে৷ ঠিক স্কিপিং কৰাৰ দৰে৷ বিচনা এৰাৰ পিছতেই যিটো কঁপনি উঠে, সেইটো এনেদৰে গুচাব লগীয়া হয়৷ কিছু সময়
জপিওৱাৰ পিছত গাটো লাহে লাহে গৰম হৈ আহে৷
সন্তুৰ জপিওৱা-জপিৰ শব্দত খুৰাদেউৰ
টোপনি ভাঙি গ'ল৷ তেওঁ চকু মেলি সুধিলে, "গা ভালে আছে নহয়?"
সন্তুৱে ক'লে, "অঁ, ঠিকে আছে৷"
"কালি ৰাতি তই বিৰাট টোপনি গৈছিলি৷ তোক
দুই-তিনিবাৰ মাতিলো..."
"মোক মাতিছিলা তুমি?"
"অঁ, কালি মই এটা আচৰিত বস্তু দেখিলো৷ তোকো
দেখুৱাব খুজিছিলো৷"
খুৰাদেউৱে স্লিপিং বেগৰ চেইনডাল টানি খুলিলে৷
তাৰ পিছত বহি লৈ ক'লে, "মোৰ পেংযোৰ এইপিনে দেচোন!"
সন্তুৱে পেংযোৰ আগবঢ়াই দি উত্তেজিত
ভাবে সুধিলে, "কি দেখিছিলা কালি ৰাতি?"
"দুটা পোহৰৰ বিন্দু৷ বহু দূৰৈত, প্ৰায় কালাপাথৰৰ ওচৰত৷ চকুৰ ভুল নহয়,
ভালকৈয়ে
দেখিছো৷"
"পোহৰৰ বিন্দু? তালৈ পোহৰ ক'ৰ পৰা আহিব?"
"তাকেইতো! আমাৰ মানুহওতো ৰাতি ইমান
দূৰলৈকে নাযায়৷ পোহৰৰ বিন্দু দুটা কিছু সময় ঘূৰা ঘূৰি কৰি থাকি পুনৰ নুমাই গ'ল৷
ধৰি লোৱা হ'ল, য়েটি বুলি কিবা প্ৰাণী আছে সঁচাকৈয়ে, কিন্তু য়েটিয়ে পোহৰ লৈ ঘূৰা-ফুৰা কৰে,
এনে
কথাতো কেতিয়াও ক'তো শুনা নাই!"
"খুৰাদেউ, ধনগুলৈ নহয়তো?"
খুৰাদেউৱে নিজকে কোৱাৰ দৰে ক'লে, "বৰফৰ মাজত ধনগুলৈ? কি ঠিক? সেই বিষয়েও খবৰ-খাতি কৰি চাব
লাগিব৷"
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ