মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
নৱম অধ্যায়
ৰাতিপুৱা ন বজাত যাত্ৰা আৰম্ভ হ'ল৷
সন্তুৱে ইয়াৰ আগতে কালাপাথৰৰ ওপৰলৈ
এবাৰ গৈছিল৷ বহুত বেছি দূৰ নহয়৷ যদি হঠাৎ তুষাৰপাত নহয়, তেনেহ'লে তিনি ঘন্টা মানৰ ভিতৰত গৈ পাব লাগে৷
মিংমা আৰু নোৰবু গৈছে একেবাৰে আগত৷
সিহঁতৰ পিছে পিছে সন্তু৷ মিংমাই তাৰ স্বভাৱ অনুযায়ী নানা ধৰণৰ ধেমেলীয়া কথা কৈ কৈ
গৈ আছে৷ নোৰবু গম্ভীৰ৷ সি আনকালেও কথা কম কয়, কিন্তু আজি তাৰ মুখৰ ৰঙেই সলনি হৈ
গৈছে৷ সন্তুৱে মাজে মাজে আঁৰ চকুৰে চাইছে তাৰ পিনে৷ কিন্তু নোৰবুৱে এবাৰো চোৱা নাই
তালৈ৷
বৰফৰ ওপৰেৰে সাৱধানে খোজ কাঢ়িবলগীয়া
হয়৷ কোনোপধ্যেই বেছি বেগাই যাব নোৱাৰি৷ চবৰে লগত অলপ-চলপ মাল-পত্ৰ বান্ধি দিয়া
হৈছে৷ আনকি খুৰাদেউৰ পিঠিতো এটা বেগ বন্ধা৷ কালাপাথৰৰ ওপৰত উঠিলে এভাৰেষ্ট শৃঙ্গটো
একেবাৰে স্পষ্টকৈ দেখা যায়৷ এভাৰেষ্ট! সঁচাকৈ জানো এভাৰেষ্টৰ শিখৰত উঠিব পাৰিব
সিহঁত? ইমান সৰু দল এটা লৈ? পাৰিবনে খুৰাদেউৱে পেঙত ভৰ দি এভাৰেষ্ট বগাব?
সন্তুৱে
কোনোপধ্যেই যেন বিশ্বাস কৰিব পৰা নাই৷
এঘন্টা মান যোৱাৰ পিছত খুৰাদেউৱে দূৰৰ
পৰাই সন্তুৰ নাম ধৰি মাতিলে৷
সন্তুৱে কান্ধৰ ওপৰেৰে চাই দেখিলে,
খুৰাদেউ
বহুত পিছ পৰি গৈছে৷ তেওঁ চিঞৰি ক'লে, "সন্তু মোৰ ঔষধ...৷"
খুৰাদেউৱে কেবা পালিও ঔষধ খাব লগীয়া হয়
দিনটোত৷ থিয় হৈ থকা অৱস্থাত জেপৰ পৰা ঔষধ উলিয়াই খাবলৈ অসুবিধা হয় কাৰণে সন্তুৱে
সহায় কৰি দিয়ে৷ কিন্তু এতিয়া দেখোন ঔষধ খোৱাৰ সময় হোৱা নাই৷ খুৰাদেউৰ নিশ্চয় ভাগৰ
লাগিছে৷
সি খুৰাদেউৰ ওচৰলৈ উভতি গ'ল৷
খুৰাদেউৱে তেওঁৰ কোটৰ সোঁ-পকেটখনৰ পিনে
দেখুৱাই ক'লে, "ঔষধখিনি উলিয়াই দেচোন৷"
"তোমাৰ কষ্ট হৈছে নেকি, খুৰাদেউ?"
"একো নাই৷ শুন, গম্বুজৰ মুধচৰ পৰা যে মই ৰাতি পোহৰৰ
বিন্দু দেখিছিলো, সেয়া কোনখিনি মানত বুলি ভাব তই?"
"ঠিক ধৰিব পৰা নাই৷"
"মোৰ ধাৰণা এইখিনি মানত৷"
সন্তুৱে চাৰিওপিনে চালে৷
খুৰাদেউৱে এটা টেবলেট মুখত ভৰাই ক'লে, "তই বাকীবোৰক লৈ আগুৱাই গৈ থাক৷ কাৰো
ৰখাৰ প্ৰয়োজন নাই৷ সিহঁতক ক'বি, মই অলপ জিৰাইছো৷ মই এই ঠাই ডোখৰ অলপ
পৰীক্ষা কৰি চাব খোজো৷"
সন্তুৱে সুধিলে, "মিংমাহঁতক আগুৱাই যাবলৈ কৈ মই থাকি
দিওঁ নেকি তোমাৰ লগত?"
খুৰাদেউৱে ক'লে, "নাই, তই নাথাকিলেও হ'ব৷ তই যা সিহঁতৰ লগত৷ সিহঁতক আগুৱাই গৈ
কালাপথৰৰ ওচৰত তম্বু টানিবলৈ ক'৷"
খুৰাদেউৱে এটা পাথৰৰ ওপৰত বহি লৈ
নিশ্চিন্ত মনে পাইপ হুঁপিবলৈ ধৰিলে৷
ছেৰপা আৰু মালবাহকৰ দলটো বহুত দূৰ পোৱাৰ
পিছত খুৰাদেউ উঠিল। তেওঁ উঠি প্ৰথমে চাৰিওফালে চকু ফুৰাই ল'লে৷ সোঁ ফালৰ এঠাইত তেওঁৰ চকু ৰৈ গ'ল৷ জেপৰ পৰা সৰু দূৰবীণ এটা উলিয়াই সেইটোৰে
চালে ভাল কৈ৷ নিজকে কোৱা দি ক'লে, "হুঁ!"
সোঁ-ফালে বেছ কিছুদূৰ আগুৱাই যোৱাৰ
পিছত এঠাইত দেখা গ'ল বৰফৰ ওপৰত ইটোৰ পিছত সিটোকৈ পাঁচ-ছয়টা সৰু-সৰু গাঁত৷ ঠিক হাতীৰ
খোজত হোৱা গাঁতৰ দৰে৷
খুৰাদেউ চমকি নুঠিল৷ ধীৰ-সুস্থিৰে
তেওঁ পিঠিৰ তালি-টোপোলাবোৰ নমাই থলে৷ পেংযোৰ কাষত থৈ তেওঁ গাঁত এটাৰ ওচৰত বহি
পৰিল৷
গাঁতটো যে কাৰোবাৰ খোজত হোৱা গাঁত তাত
কোনো সন্দেহ নাই৷ পিছে হাতীৰ ভৰিৰ খোজতকৈ মানুহৰ ভৰিৰ খোজৰ লগতেহে মিল বেছি৷ পাৰ্থক্য এয়াই যে কোনো মানুহৰ ভৰিৰ খোজত ইমান ডাঙৰ গাঁত হ'ব নোৱাৰে৷ খুব ভালদৰে মন কৰিলে সেই খোজৰ
চাপত আঙুলিৰ চিহ্নও ধৰিব পাৰি৷ পিছে পাঁচটা নহয়, চাৰিটা আঙুলি৷ বুঢ়া আঙুলি বা কেঞা
আঙুলি নাই, আটাই কেইটা আঙুলি সমান৷
খুৰাদেউৱে বিৰবিৰাই কৈ উঠিল,
"ইনক্ৰিডিবল! আমেজিং?"
কোটৰ পকেটৰ পৰা কেমেৰা উলিয়াই তেওঁ
গাঁত কেইটাৰ ফটো তোলাত লাগিল৷ ছটা খোজ৷ আজি ৰাতিপুৱাৰ পৰাই ৰ'দ৷ সাধাৰণ মানুহৰ খোজ হোৱা হ'লে এনেকুৱা ৰ'দত অলপ পিছতেই বৰফ গলি মিলি গ'লহেঁতেন৷ কিন্তু এই ছটা নগ’লিল৷
বহু সময় ধৰি খুৰাদেউ ব্যস্ত হৈ থাকিল খোজ
কেইটা লৈ৷ বিভিন্ন ধৰণে জোখ মাখ কৰাত লাগিল, আৰু ফটোও তুলিলে বহু কেইখন৷ তেওঁৰ মুখত
যেন এটা অসন্তুষ্টিৰ ভাব৷ চকুৰ আগত দেখিও যেন তেওঁ খোজ কেইটা ঠিক মানি ল'ব পৰা নাই৷
অলপ পিছত দূৰৈত এটা শব্দ হোৱাত তেওঁ
মূৰ তুলি চালে৷
বহু দূৰৈৰ পৰা কোনোবা যেন দৌৰি আহিছে
তেওঁৰ পিনে৷ ওপৰলৈ দুহাত তোলা, মুখেৰে কি জানো শব্দ কৰিছে৷
খুৰাদেউ বিচলিত নহ'ল৷ ৰিভলভাৰ উলিয়াই তেওঁ সেই পিনে চাই
বহি ৰ'ল৷ অলপ পিছতে তেওঁ দেখিলে, কেৱল এজনেই নহয়, পিছে পিছ আৰু কেবাজনো আহিছে৷
তেওঁ ৰিভলভাৰটো পুনৰ কোটৰ জেপত ভৰাই থ'লে৷ য়েটি-চিয়েটি একো নহয়, দৌৰি আহিছে তেওঁৰ নিজৰ মানুহখিনিয়েই৷
বৰফৰ ওপৰেৰে দৌৰাটো অতি বিপজ্জনক,
অথচ
যেন প্ৰাণৰ ভয়ত, এবাৰো নপৰাকৈ দৌৰি দৌৰি আহি প্ৰথমে উপস্থিত হ'ল মিংমা৷
ফোঁপাই-ফোঁপাই কোনো ৰকমে উশাহ লৈ সি ক'লে, "চাহাব, য়েটি, য়েটি, ইমান ডাঙৰ...!"
খুৰাদেউৱে ক'লে, "সঁচা নে? তুমি নিজ চকুৰে দেখিছা?"
মিংমাই ক'লে, "নোৰবুৱে দেখিছে চাহাব, আপুনি উঠক, এতিয়াই পলাব লাগিব ইয়াৰ পৰা!"
ইতিমধ্যে সন্তুৱো আহি পালে৷
তাক দেখিয়েই খুৰাদেউৱে ব্যস্ত ভাৱে
সুধিলে, "তয়ো দেখিছ সন্তু? নিজ চকুৰে?"
সন্তুৰ মুখখন শুকাই গৈছিল৷ চকুত ভয় আৰু
বিস্ময়৷ সি ক'লে, "অঁ, দেখিছো!"
খুৰাদেউৱে সুধিলে, "কেনেকুৱা দেখিবলৈ? মানুহৰ নিচিনা নে গৰিলাৰ নিচিনা?"
সন্তুৱে দুই তিনিবাৰ সেপ ঢুকি ক'লে, "ভালদৰে নাই দেখা, বহুত দূৰত আছিল, আমি কালাপাথৰৰ ওচৰ পাওঁতেই নোৰবু ভাই
আৰু কুলি কেইটাই ভয় খাই চিঞৰি উঠিল, মই অন্যমনস্ক হৈ আছিলো, মূৰ তুলিয়েই দেখো, এটা প্ৰকাণ্ড ক'লা বস্তু পতককৈ লুকাই গ'ল পাহাৰৰ আঁৰত৷"
খুৰাদেউৱে ভীষণ খঙত দবিয়াই উঠিল,
"ইডিয়ট! অকণমান আগুৱাই গৈ ভালকৈ চাব নোৱাৰিলি কি বস্তু সেইটো? ইমানেই মৰাৰ ভয় নে? তেনেহ'লে আহিছিলি কিয়?"
সন্তুৱে সেমেনা-সেমেনি কৰি থিয় হৈ ৰ'ল৷
মিংমাই ক'লে, "আপুনি কি কয়, চাহাব? য়েটিৰ সন্মুখলৈ গৈ কোনোবা বাচি আহিব পাৰিব নেকি? বাপৰে বাপ! আমিতো ভাল টাইমত পলাই আহিছো৷"
খুৰাদেউৱে খঙৰে ক'লে, "তোমালোক পলাই আহিলা নে য়েটিটো পলাই গ'ল৷ সি তোমালোকক কি খেদি আহিছিল নেকি?"
সেই কথাৰ উত্তৰ নেদি মিংমাই বৰফৰ গাঁত
কেইটাৰ পিনে চাই আচৰিত হৈ সুধিলে, "এইবোৰ কি, চাহাব? হে ৰাম! হে মহাদেৱ! এইবোৰচোন য়েটিৰ খোজ৷
ইয়ালৈও আহিছিল নেকি য়েটি!"
তাৰ পিছত আহি ওলাল নোৰবু আৰু মালবাহক
কেইজন৷ সিহঁত চবে মিলি একেলগে এনেকুৱা হৈ হাল্লা কৰিব ধৰিলে যে কোনে কি কৈছে একো
বুজাই নগ'ল৷
খুৰাদেউৱে জোৰত চিঞৰি উঠিল,
"চুপ! লাহে লাহে! কোনে কি দেখিছা, এটা এটাকৈ কোৱা৷"
সকলোৱে এক মুহূৰ্তৰ কাৰণে চুপ হৈ পুনৰ
মুখ খলাৰ আগতেই নোৰবু আগুৱাই আহিল খুৰাদেউৰ পিনে৷ অকণমান ৰুক্ষ ভাৱে সি ক'লে, "এতিয়াই উভতি বোলক, চাহাব৷ এক মিনিটো সময় নাই৷"
খুৰাদেউৱে ক'লে, "ভয় কৰিবলগীয়া একো নাই৷ মই আছোতো৷ য়েটি
আহিলেও তাক ঠাণ্ডা কৰি দিব পাৰিম৷"
ইতিমধ্যে মালবাহক কেইজনেও খোজ কেইটা
দেখিবলৈ পাইছিল৷ লগে লগে এক ভীষণ হুলস্থুল লাগি গ'ল৷ সিহঁতে কন্দা কটা আৰম্ভ কৰি দিলে
আৰু ছেৰপা দুজনে আৰম্ভ কৰিলে তৰ্জন গৰ্জন৷ সিহঁতে এতিয়াই উভতি যাব বিচাৰে৷
খুৰাদেউৱে সিহঁতক অলপ সময় বুজোৱাৰ
চেষ্টা কৰিলে, তাৰ পিছত গা এৰা দি ক'লে, "ঠিক আছে তেনেহ'লে, যোৱা তোমালোক৷"
কিন্তু সিহঁতে খুৰাদেউ আৰু সন্তুকো লগত
নিব খোজে৷ গভৰ্নমেন্টৰ মানুহে সিহঁতক আহিবৰ সময়ত কৈ দিছে খুৰদেউৰ সকলো আদেশ পালন
কৰিবলৈ৷ গতিকে খুৰাদেউক বিপদৰ মুখত এৰি থৈ যাবলৈও সিহঁত ৰাজী নহয়৷ তেনেকৈ এৰি গ'লে শাস্তি ভুগিব লাগিব৷
খুৰাদেউৱে একোতে যাবলৈ মান্তি নহ'ল৷ সন্তুৱে খুৰাদেউৰ জেদি স্বভাৱটোৰ
কথা জানে৷ প্ৰকাণ্ড ক'লা ছাঁটো এক মুহূৰ্তৰ বাবে দেখি তাৰ বুকু কঁপি উঠিছিল ভীষণ ভাৱে৷ তাৰ
মনত পৰিছিল কিং-কঙৰ কথা৷ কিন্তু এতিয়া ভয় বহুখিনি কমিল৷ সিওঁ খুৰাদেউৰ লগতে থাকিব৷
নোৰবুৱে হঠাতে চিঞৰি দুৰ্বোধ্য ভাষাত
কি জানো ক'লে, লগে লগেই মালবাহক কেইজন জপিয়াই পৰিল খুৰাদেউৰ ওপৰত৷ কিবা কৰিবলৈ
পোৱাৰ আগতেই সিহঁতৰ দুজনে কান্ধত তুলি ল'লে তেওঁক৷ আন এজনে সন্তুৰ কোটৰ কলাৰত
খামুচি ধৰি দৌৰিবলৈ ধৰিলে৷
সন্তুৱে ইচ্ছা কৰা হ'লে নিজকে মুক্ত কৰিব পাৰিলেহেঁতেন৷
কিন্তু সিহঁতে খুৰাদেউক কান্ধত তুলি লৈ যোৱা দেখি, সিও যাবলৈ ধৰিলে সেইপিনে৷
সকলোৱে বাৰে-বাৰে পিছলৈ উভতি চাইছে৷
য়েটিয়ে সিহঁতক খেদি আহিছে নেকি জানিবৰ বাবে৷
গম্বুজটোৰ ওচৰ পালত খুৰাদেউৱে ক'লে, "ভালেই হ'ল, মই আৰু ইমান দূৰ কষ্ট কৰি খোজ কাঢ়ি
আহিবলগীয়া নহ'ল৷ এতিয়া মোক নমাই দিয়া৷"
নোৰবুৱে ক'লে, "নাই!"
মিংমাই ক'লে, "আমি আজিয়েই থিয়াংবোচিলৈ উভতি যাম৷ কিবা
কাৰণত গৈ নাপালে ফেৰিচা গাওঁতে থাকি দিম৷"
খুৰাদেউৰ এখন ভৰি খোৰা হ'লেও তেওঁৰ দুবাহুত যে ভীষণ জোৰ,
সেই
কথা সিহঁতে নাজানে৷ একে আজোৰতে তেওঁ নামি আহিল মাটিলৈ৷ পিছে অন্য মানুহৰ দৰে তেওঁ
মাটিত পৰিয়েই লগে লগে উঠি দিব নোৱাৰে৷ তেওঁক অকণমান সময় লাগে৷ সেই সুযোগতে মালবাহক
কেইজনে তেওঁক পুনৰ ধৰিবলৈ চেষ্টা কৰোতেই খুৰাদেউৱে পৰি থকা অৱস্থাতে ৰিভলভাৰ
উলিয়ালে৷ ৰুক্ষ মাতেৰে তেওঁ ক'লে, "মানুহ মাৰিবলৈ মই ভাল নাপাওঁ৷ মোক
গুলিয়াবলৈ বাধ্য নকৰিবা৷"
সকলো ভয়তে পিছুৱাই গ'ল৷
খুৰাদেউৱে লাহে লাহে উঠি বহিল৷ তাৰ পিছত
ক'লে, "সন্তু, মোৰ পেংযোৰ দে৷"
মিংমাৰ লগত আছিল পেংযোৰ, সি আগবঢ়াই দিলে৷ খুৰাদেউৱে তাৰ পিনে
অৱজ্ঞাৰে চাই ক'লে, "তুমি দেখোন কৈছিলা, একোকে ভয় নকৰা বুলি? এতিয়াচোন য়েটিৰ নাম শুনিয়েই পলাই আহিলা?"
মিংমাই ক'লে, "চাহাব, মোক এটা বন্দুক দিয়ক, তেতিয়াহ'লে আৰু মোৰ ভয় নালাগিব৷ মোৰতো
বন্দুক-বাৰুদ একো নাই!"
নোৰবুৱে মিংমাক গালি পাৰি হাত ভৰি
জোকাৰি নিজৰ ভাষাত কিবা কিবি ক'লে! মোটামুটি তাৰ অৰ্থ এয়াই বুজা গ'ল যে য়েটি সাক্ষাৎ চয়তান, বন্দুকৰ গুলিত সিহঁতৰ একো নহয়৷ য়েটিয়ে
কাৰোবাৰ চকুলৈ চালেই মৰি যায়৷
খুৰাদেউৱে ক'লে, "তোমালোকৰ যদি ভয় লাগিছে তোমালোক যাব
পাৰা৷ তোমালোকৰ যি পাবলগীয়া আছে, মই এতিয়াই ইয়াতে দি দিওঁ৷ কিন্তু মই ইয়াত
থাকিম৷"
মিংমাই খুব কাতৰ ভাৱে ক'লে, "চাহাব, আপুনিও আমাৰ লগত উভতি বোলক৷ পিছত
বন্দুক-বাৰুদ আৰু চাহাব সকলক লগত লৈ আকৌ আহিব য়েটিৰ লগত যুদ্ধ কৰিবলৈ৷"
খুৰাদেউৱে ক'লে, "চাহাবৰ বাদে তাৰ মানে য়টিৰ লগত আন
কোনেও যুঁজিব নোৱাৰে? যোৱা, যোৱা, তোমালোক যোৱা!"
সঁচা-সঁচিকৈয়ে অলপ সময়ৰ ভিতৰতে সকলো
গুছি গ'ল৷
হঠাৎ যেন ঠাইখন ভীষণ নিস্তব্ধ হৈ পৰিল৷
এই কেইদিন গম্বুজৰ বাহিৰত মানুহৰ মাত শুনিবলৈ পোৱা গৈছিল, এতিয়া চতুৰ্দিশে কেৱল বৰফ আৰু বৰফ,
তাৰ
মাজত কেৱল এই দুজন মানুহ৷ একেবাৰে নিজম দুপৰীয়া৷
খুৰাদেউৱে ক'লে, "ভোক লগা নাই? খোৱা লোৱা কি হ'ব? সন্তু, তই বিস্কুটৰ টেমাটো লৈ আহচোন৷ আৰু
চাচোন, চিজ আছে নে নাই৷"
সন্তুৱে বিস্কুটৰ টেমাটো বিচাৰি থাকোতে
মনে মনে ভাবিলে, এতিয়া যেনিবা বিস্কুট খাইয়ে ভোক পলুৱাব পাৰিব, কিন্তু ইয়াৰ পিছত? ছেৰপা আৰু মালবাহক কেইজনে ৰন্ধা-বঢ়া
কৰিছিল৷ ছেৰপাৰ সহায় অবিহনেতো সিহঁতে ইয়াৰ পৰা বাট বিচাৰি ওলাই যাবও নোৱাৰিব৷
বিস্কুট আৰু চিজ খাই-খাই খুৰাদেউৱে
সুধিলে, "কি অ' সন্তু? ভয় লাগিছে নেকি?"
সন্তুৱে শুকান মাতেৰে ক'লে, "নাই!"
"তই সঁচাকৈয়ে কিবা দেখিছিলি নে? নে নোৰবুৰ চিঞৰ শুনিয়েই ভাবি ল'লি..."
"সঁচাকৈয়ে দেখিছো.. কিন্তু এক মুহূৰ্তৰ
বাবে.."
"কোনোবা মানুহ নহয়তো?"
"নাই, মানুহতকৈ বহুত ডাঙৰ, আৰু ক'লা, গোটেই গাতে নোম৷"
"মুখখন দেখিছিলি? ভালুক-চালুক নহয়তো?"
"মুখখন নাই দেখা, কিন্তু ভালুক নহয়.. থিয় হৈ খোজ
কাঢ়ে.."
"তই মনৰ পৰা বিশ্বাস কৰ নে, তই সঁচাকৈ য়েটি দেখিছ বুলি?"
"তাৰ বাদে আৰু কি হ'ব পাৰে?"
"তাৰ মানে ৰাতি গম্বুজৰ ওপৰৰ পৰা ময়ো
য়েটিয়েই দেখিছিলো! নে কি?"
"তুমিতো য়েটিৰ ভৰিৰ খোজো দেখিছা?
ইমান
ডাঙৰ ডাঙৰ খোজ!"
"হুঁ! সৰ্বশেষত আমি য়েটিৰ পাল্লাতহে
পৰিলো মানে! কিন্তু প্ৰশ্ন হ'ল, ৰাতি য়েটিয়ে হাতত টৰ্চ, হাৰিকেন আদি লৈ
ঘূৰে নেকি? কিহৰ পোহৰ দেখিছিলো মই?"
সন্তুৱে অলপ পৰ মনে মনে থাকিল৷ তাৰ পিছত
এই প্ৰশ্নটোৰ এটা উত্তৰ তাৰ মনলৈ আহিল৷ সি উত্তেজিত ভাৱে ক'লে, "খুৰাদেউৱ, এটা কথা... মানে, এনেকুৱাওতো হ'ব পাৰে, ৰাতি য়েটিৰ চকু কেইটা জুইৰ দৰে জিলিকি উঠে?
যেনে
ৰাতি বাঘ-সিংহৰ চকুবোৰ তিৰবিৰাই থাকে৷"
খুৰাদেউৱে ক'লে, "হয় নেকি? বাঘ-সিংহৰ দৰে! মানুহৰ নিচিনা চেহেৰা, বিৰাট ওখ, ৰাতি চকুৰে জুই ওলায়, চকুৰ নিমিষতে অদৃশ্য হৈ যায়... এনেকুৱা
এটা জন্তু যদি জীয়াই জীয়াই ধৰিব পৰা যায় বা ফটো ল'ব পৰা যায়... তেনেহ'লে গোটেই পৃথিৱীতে হৈ-চৈ লাগি যাব৷ আচল
কথাটো কি জান, মানুহৰ মনত দুই ধৰণৰ প্ৰবৃত্তি থাকে৷ মানুহে এফালে পৃথিৱীৰ সকলো ৰহস্য
সমাধান কৰিব বিচাৰে৷ আকৌ আনফালে বিচাৰে এতিয়াও পৃথিৱীত অজান, নেদেখা, অদ্ভুত ৰহস্যময়ী কিবাকিবি থাকি যাওঁক৷
যেনেকৈ এই য়েটি৷"
অলপ ৰৈ খুৰাদেউৱে ক'লে, "ভয় কৰিবলগীয়া একো নাই৷ আমি এই
গম্বুজটোৰ ভিতৰত থাকিম, ইয়াত য়েটিয়ে একো কৰিব নোৱাৰিব৷ আজি ৰাতিপুৱাই মই থিয়োংবচিৰ লগত
ৱায়াৰলেছ যোগে কথা পাতিছো৷ তাৰ পৰা আৰু এটা দল পঠাব৷ সিহঁত আহি পাব কালি আবেলিৰ
আগতেই৷"
খোৱা-বোৱা কৰাৰ পিছত খুৰাদেউৱে বিচনাত
পৰি পাইপ টানিবলৈ ধৰিলে৷ সন্তুৱে এবাৰ গৈ উকি মাৰি চাই আহিল বাহিৰৰ পৰা৷ ৰ'দ গৈ আকৌ ডাৱৰে চানি ধৰিছে৷ বাহিৰখন
আন্ধাৰ-মুন্ধাৰ৷ দূৰলৈ চালে অকাৰণতে গা চমচমাই যায়৷
খুৰাদেউৱে ক'লে, "দুৱাৰখন ভালকৈ মাৰি থ! আজি আৰু বাহিৰলৈ
নাযাবি৷ পিছে য়েটি চাগে ইমান দূৰলৈ নাহিব৷"
একো কৰিবলগীয়া নাই কাৰণেই সন্তুও শুই
পৰিল৷ আৰু টোপনি আহি গ'ল অলপ পিছতেই৷
তাৰ টোপনি ভাঙি গ'ল এটা ডাঙৰ শব্দত৷ কোনোবাই যেন লোৰ
দৰজাখনত ধাম ধামকৈ খুন্দা মাৰিছে৷ খুৰাদেউও উঠি বহিল, তেওঁৰ হাতত ৰিভলভাৰ৷
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ