মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
একাদশ অধ্যায়
গোটেই ৰাতি চলি থাকিল বৰফৰ ধুমুহা৷
ধুৱলী-কুঁৱলী হৈ পৰিছে গম্বুজৰ ভিতৰখন৷
ওপৰৰ খিৰিকীখন সম্পূৰ্ণ জপাব নোৱাৰি৷ জপালে অলপ সময়ৰ পিছতেই শ্বাস প্ৰশ্বাসত
অসুবিধা হয়৷ খিৰিকীখনেৰে বতাহ সোমাইছে, সেয়ে ভিতৰত সহ্যাতীত শীত৷
সন্তুৰ ভাব হ'ল, আজি ৰাতিটো পাৰ কৰাই টান আছে৷ এনেকুৱা
তীব্ৰ বৰফৰ ধুমুহা সি ইয়াত আগতে কেতিয়াও দেখা নাই৷ ইয়াত আহি পাবৰ দিনাখনেই
তুষাৰপাত হৈছিল, কিন্তু সেয়া চলিছিল মাত্ৰ দুঘন্টাৰ বাবে৷
শীতৰ বাবেই সি স্লিপিং বেগৰ ভিতৰত
গোটেই গাটো ভৰাই নাকটো কেৱল উলিয়াই ৰাখিছিল৷ খুৰাদেউ কিন্তু তেতিয়াও বিছনাৰ ওপৰত বহি
আছে, পোণ হৈ৷ যেন তেওঁ ধ্যান কৰিছে৷
এটা সময়ত তেওঁ ক'লে, "তই আকৌ মিছামিছি কিয় সাৰে থাকিব লাগে?
তই
শুই থাক৷"
সি সুধিলে, "তুমি নুশুৱা?"
খুৰাদেউৱে ক'লে, "নাই, মই অলপ চাওঁ হেলিকেপ্টাৰখন আহে নেকি! তাৰোপৰি
যদি দৰজা খুলি কেনেবা সোমাব খোজে, তাৰ কাৰণেও আমি সাজু থাকিব লাগিব৷"
তাৰ টোপনি নাহিল৷ সি খুব মনোযোগৰে কাণ
পাতি ৰ'ল, কিজানি হেলিকেপ্টাৰৰ শব্দ শুনা যায়েই! হেলিকেপ্টাৰত আহিব সিহঁতৰ
উদ্ধাৰকাৰী৷ অৱশ্যে হেলিকেপ্টাৰ আহিব নে নাই, সেয়া থিৰাং হোৱা নাছিল৷ তাৰোপৰি এনেকুৱা
ধুমুহাত জানো হেলিকেপ্টাৰ উৰিব পাৰিব? উদ্ধাৰকাৰীৰোতো মৃত্যুৰ ভয় আছে!
এটা সময়ত ৰাতি পুৱালে৷ ইয়াতে ৰাতিপুৱা
চৰাইৰ কিৰীলি শুনা নাযায়৷ আকাশত ডাৱৰ থাকিলে বা বৰফৰ ধুমুহা চলি থাকিলে পুৱাৰ
পোহৰো দেখা নাযায়৷ দিনটো আন্ধাৰ হৈ থাকে৷
শেষ ৰাতি ধুমুহা শাম কাটিছিল৷ ওপৰৰ
খিৰিকীৰ ওচৰত দেখা গৈছে পাতলীয়া পোহৰ৷ সন্তুৱে প্ৰাণেপণে সাৰে থকাৰ চেষ্টা কৰিও
শুই পৰিছিল এটা সময়ত৷ চকু মেলিয়েই দেখিলে, খুৰাদেউৱে তেওঁৰ বিছনাৰ ওপৰত সেই
একেখিনি ঠাইত একেই ধৰণেই বহি আছে৷
সি সুধিলে, "কেইটা বাজিছে, খুৰাদেউ?"
খুৰাদেউৱে ক'লে, "ৰাতি পুঁৱাইছে, চাৰে আঠটা বাজে, এতিয়া উঠ, ধুমুহাও কমা যেন লাগিছে৷"
সি স্লিপিং বেগৰ চেইনডাল খুলি ওলাই
আহিল৷ ঠাণ্ডা যেন বহুখিনি কমিছে যোৱা ৰাতিৰ তুলনাত৷ দুহাত মেলি সি গাৰ আৰি-মুৰি ভাঙি ল'লে৷ সি তেতিয়া পাহৰি গৈছে যে সিহঁত
গম্বুজৰ ভিতৰত বন্দী৷
খুৰাদেউৱে ক'লে, "ৰাতি বিশেষ একো হোৱা নাই৷ হেলিকেপ্টাৰো
নাহিল৷ নাজানো সিহঁতে কি কৰিছে?"
তেতিয়াহে সন্তুৰ সকলো কথা মনত পৰি গ'ল৷ কোনেও উদ্ধাৰ কৰিবলৈ নাহিলে সিহঁত
এই গম্বুজটোৰ ভিতৰতে মৰিব লাগিব৷ ইয়াৰ পৰা ওলোৱাৰ অন্য কোনো উপায় নাই৷
সি গৈ দুৱাৰখন এবাৰ ঠেলি চালে৷ সেইখন
তেনেকৈয় আছে৷ তাৰ বা খুৰাদেউৰ সাধ্য নাই সেইখন খোলাৰ৷
খুৰাদেউৱে ক'লে, "ফ্লাক্সত চাহ কৰি থৈছো৷ দুখন মান
বিস্কুটেৰে খাই ল'৷ তাৰ পিছত তই পহৰা দিবি৷ মই অলপ শুম৷ অপেক্ষা কৰাৰ বাদেতো আৰু একো
নাই কৰিবলগীয়া৷"
চাহ খোৱাৰ আগতেই সি এবাৰ ওপৰলৈ গ'ল খিৰিকীখনৰে চাবলৈ৷ ধুমুহা কমিছে
বহুখিনি, বাহিৰখন একেবাৰে ধকধকীয়া বগা হৈ পৰিছে৷ নতুন বৰফৰ ওপৰত ৰোদ পৰিলে তিৰিবিৰাই৷
দূৰৈৰ বৰফে ঢকা প্ৰান্তৰ আইনাৰ দৰে লাগে৷ চৌপাশ এতিয়া কি প্ৰশান্ত, অথচ ইয়াৰ মাজতো যে কত ধৰণৰ বিপদ লুকাই
আছে, কোনে জানে? সেয়া অনুমানেই কৰিব নোৱাৰি৷
তললৈ নামি আহি সি চাহ আৰু বিস্কুট
চাৰিখন খাই ল'লে৷ তাৰ আৰু খাবলৈ ইচ্ছা আছিল৷ পিছে খাদ্য বস্তুও বেছি নাই ষ্টকত৷
এনেদৰে কেইদিন বন্দী হৈ থাকিব লাগিব কোনে জানে! দুই তিনি দিনৰ ভিতৰতে শেষ হৈ যাব
সকলো খাদ্য৷
খুৰাদেউ বিচনাত শুই পৰিল৷ চকু মুদি ক'লে, "ৰিভলভাৰটো মোৰ লগতে থাকক৷ কোনোবাই যদি
হঠাৎ দৰজা খুলি সোমাই আহে, কোনো কথা নকৈ চিধা গুলি কৰি দিবি৷ পাৰিবি নহয়?"
সি মূৰ দুপিয়ালে৷
খুৰাদেউ অলপ সময়ৰ ভিতৰতেই শুই পৰিল৷ সন্তুৱে
দৰজাখনৰ পিনে চাই বহি থাকিল মনে মনে৷ কিন্তু এনেদৰে আৰু কিমান সময় বহি বহি কটাব
পাৰি? কালি দুপৰীয়াৰ পৰা সিহঁত এই গম্বুজটোৰ ভিতৰত আবদ্ধ হৈ আছে৷ এতিয়ালে
এটা দিনো সম্পূৰ্ণ হোৱা নাই, অথচ এনেকুৱা লাগিছে কত যুগ ধৰি যেন সিহঁত
ইয়াতেই বন্দী হৈ আছে৷ সি ভাবিলে, জেলত থকা কয়দী সকলৰ কি অৱস্থা হয়? অৱশ্যে জেলৰ কয়দীয়েও মানুহ-দুনুহ
দেখিবলৈ পায়, অন্ততঃ মাতটোকে শুনিবলে পায়৷ এই ঠাইখন যে সাংঘাতিক নিস্তব্ধ, সেয়ে সময়কো ইয়াত স্তব্ধ হৈ পৰা যেন লাগে৷
সময় কটাবলৈকে সন্তুৱে মাকলৈ এখন চিঠি
লিখাৰ কথা ভাবিলে৷ ছিয়োংবচিৰ পৰাই মাকলৈ শেষ চিঠি লিখিছিল সি৷ ইয়াৰ পৰা চিঠি
পঠাবলৈ কোনো উপায় নাই৷ এই গম্বুজটোৰ পৰা সিহঁত জীৱন্তে ওলাই যাব পাৰিব নে নাই,
তাৰতো
একো ঠিক নাই৷ হ'লেও চিঠিখন লিখা যাওঁক৷ এদিন নহয় এদিন কোনোবা নহয় কোনোবা নিশ্চয় এই গম্বুজটোলৈ
আহিব, তেতিয়া তেওঁ চিঠিখন পাই মাকলৈ পঠাই দিব৷
চিঠিখন আধা লিখা হৈছিল হে, তেনেতে দৰজাত ধামকৈ এটা শব্দ হ'ল৷
শব্দটো যিমান ডাঙৰকৈ হ'ল, সন্তুৰ বুকুৰ ভিতৰত যেন তাতকৈও ডাঙৰ
শব্দ হ'ল৷ হাতৰ পৰা সৰি পৰিল কলমটো৷
আকৌ দুবাৰ শব্দ৷
সন্তুৱে চাই দেখিলে, খুৰাদেউ তেতিয়াও সাৰ পোৱা নাই৷ সি
পতককৈ ৰিভলভাৰটো লৈ থিয় হ'ল৷
তেতিয়াই বাহিৰৰ পৰা কোনে জানো সুধিলে,
"এনিবডি ইনচাইড দেয়াৰ?"
মানুহৰ মাত শুনিয়েই সন্তুৰ বুকুলৈ
জিউটো ঘূৰি আহিল৷ সি সাংঘাতিক উৎসাহেৰে কৈ উঠিল, "য়েছ! উই আৰ হিয়াৰ!"
বাহিৰৰ পৰা কোনোবাই সুধিলে,
"কোড নাম্বাৰ? এনি কোড নাম্বাৰ?"
সন্তুৱে ক'লে, "ৱেইট, প্লিজ ৱেইট! আই এম কলিং মাই
আংকল৷"
তেতিয়ালৈকে খুৰাদেউ সাৰ পাইছিল৷ তেওঁ
সুধিলে, "কি হৈছে?"
সন্তুৱে ক'লে, "বাহিৰত... মানুহ, এই মাত্ৰ আহিছে... কিবা সুধিছে৷"
খুৰাদেউৱে পেং অবিহনেই এখন ভৰিৰে
জপিয়াই জপিয়াই গুছি গ'ল দৰজাখনৰ কাষলৈ৷ সন্তুৰ হাতৰ পৰা ৰিভলভাৰটো লৈ সুধিলে,
"হু ইজ দেয়াৰ?"
বাহিৰৰ পৰা এজনে সুধিলে, "মিঃ ৰায়চৌধুৰী?"
খুৰাদেউৱে ক'লে, "পিক নাম্বাৰ হাণ্ড্ৰেড এণ্ড ফৰটিন...
ইজ ডেট বেছ? প্লীজ ওপেন দা ডোৰ৷"
লগে লগেই দৰজাত শব্দ হ'বলৈ ধৰিলে ধমাচ-ধমাচকৈ৷ তাৰ পিছত
বাহিৰৰ পৰা সিহঁতে কিবা কোৱাৰ আগতেই খুৰাদেউৱে সন্তুৰ কান্ধত ধৰি ক'লে, "পিছুৱাই আহ, পিছুৱাই আহ, সোনকাল..."
সি লগে লগে আঁতৰি আহিল৷ খুৰাদেউৱে
ফুচফুচাই ক'লে, "সিহঁতে গুলি কৰি তলা ভাঙিছে! সিহঁত কেতিয়া আহিল, হেলিকেপ্টাৰৰো মাত শুনা নাই৷"
খুৰাদেউতো শুই আছিল, সন্তুৱে সাৰে থাকিও শুনা নাপালে৷
ইমানেই সি চিঠি লিখাত মগ্ন আছিল৷
বাহিৰৰ পৰা সিহঁতে এইবাৰ দৰজাখন
ঠেলিলে৷ সন্তুৰ মনত পৰিল ভিতৰৰ ফালৰ পৰাও খিলি লগাই থোৱা আছে৷ সি দৌৰি গৈ খিলিটো
খুলি দিয়াৰ লগে লগেই দৰজাখন খোল খাই গ'ল৷
সম্পূৰ্ণ সামৰিক পোছাক পিন্ধি দুজন
মানুহ সোমাই আহিল ভিতৰলৈ৷ এজন নেপালী৷ আনজন ভাৰতীয়! দুয়োজনৰেই হাতত সৰু মেচিন-গানৰ
দৰে অস্ত্ৰ৷
নেপালী অফিচাৰজনে ইংৰাজীতে সুধিলে,
"কি হৈছে, মিষ্টাৰ ৰায়চৌধুৰী?"
খুৰাদেউৱে ক'লে, "কোনোবাই আমাক বন্দী কৰি ৰাখিছিল৷ আমাক
হত্যা কৰিব খুজিছিল৷ আৰু বহুত গুৰুত্বপূৰ্ণ কথা আছে৷"
সন্তুৱে আৰু কথাত ভাগ ন'লৈ দৌৰি ওলাই গ'ল বাহিৰলৈ৷ তাৰ এতিয়া নাচিবলৈ মন গৈছে৷
সি প্ৰথমতেই বৰফৰ ওপৰত লুটি বাগৰ মাৰিলে দুবাৰ৷ তাৰ পিছত দুহাত তুলি বৈষ্ণৱীৰ
ভংগিত নাচ আৰম্ভ কৰিলে৷
অলপ আঁতৰত ৰৈ আছে এখন হেলিকেপ্টাৰ৷ তাৰ
সন্মুখৰ পাখিখন তেতিয়াও ঘূৰি আছে৷ চালকৰ আসনত বহি আছে এজন নেপালী মানুহ৷
যি দুজন মিলিটাৰী অফিচাৰ গম্বুজৰ ভিতৰত
সোমাইছিল, তাৰে এজন নেপাল চৰকাৰৰ প্ৰতিনিধি, আনজন ভাৰত চৰকাৰৰ৷ এজনৰ নাম জং বাহাদুৰ
ৰাণা, আনজন গুৰুদত্ত ভাৰ্মা৷ দুয়োজনেই খুৰাদেউৰ দুহাতত ধৰি কৰমৰ্দন কৰিলে৷ তাৰ
পিছত ৰাণাই ক'লে, "আপোনালোকৰ একো হোৱা নাইতো মিষ্টাৰ ৰায়চৌধুৰী৷ আমি যে ঠিক টাইমত আহি
পালো, তাৰ কাৰণে আমি আনন্দিত৷ কি হৈছিল কওঁকচোন কথাটো৷"
খুৰাদেউৱে ক'লে, "কৈছো, কিছু সময় লাগিব৷ সঁচাকৈয়ে আপোনালোক
সঠিক সময়ত আহি পালে৷ আহক, বহকহি৷"
ভাৰ্মাই সুধিলে, "বাহিৰত মানুহটো কোন?"
খুৰাদেউৱে অবাক হৈ সুধিলে, "বাহিৰত মানুহ? বাহিৰত আকৌ কোন? আৰুতো কোনো নাছিল৷"
ভাৰ্মাই ক'লে, "সেই মানুহটোৱেই কি তেনেহ'লে দৰজা বন্ধ কৰিছিল নেকি? কিন্তু বেচেৰাই নিজেই শেষত..."
খুৰাদেউৱে ক'লে, "মই একো ধৰিব পৰা নাই৷ বোলোকচোন চাওঁ
বাহিৰত কোন মানুহ?"
খুৰাদেউৱে পেঙত ভৰ দি দি ওলাই আহিল
বাহিৰলৈ৷
দৰজাখন খোলাৰ পিছত বাহিৰৰ পিনে যি ডোখৰ
ঠাই দৰজাৰ আঁৰত লুকাই পৰে, তাত বৰফৰ মাজত ঠৰঙা লাগি পৰি আছে এজন মানুহ৷
দেখিলেই গম পোৱা যায়, মানুহজন মৰি একেবাৰে কাঠ হৈ গৈছে৷
মানুহজন চীন দেশীয়, বয়স পয়ত্ৰিছৰ ওচৰা-ওচৰি, পিন্ধনত চাৰ্ট-পেন্ট৷ খুৰাদেউৱে আঁঠু কাঢ়ি
বহি লৈ দেহটো ওলোটাই দিলে৷ ক'তো কোনে আঘাতৰ চিন নাই৷ মানুহজন ঢুকাল কিদৰে?
অৱশ্যে
বৰফৰ ধুমুহাৰ মাজত গোটেই নিশা বাহিৰত থাকিলে কাৰো পক্ষে বাচি থকা সম্ভৱ নহয়৷
ৰাণাই ক'লে, "এই মানুহজনে হয়তো গম্বুজত আশ্ৰয় ল'বলৈ আহিছিল৷ আপোনালোকে দৰজাত ঢকিওৱাৰ
শব্দ যে শুনিছিল, এখেতেই আছিল চাগে৷"
ভাৰ্মাই ক'লে, "তেনেহ'লে দৰজাখন বন্ধ কৰিলে কোনে?"
ৰানাই ক'লে, "তেনেহ'লে এনেকুৱাও হ'ব পাৰে, এই মানুহজনেই দৰজা বন্ধ কৰিবলৈ আহিছিল,
পিছত
ব্লিজাৰ্ডৰ মুখত পৰি আৰু উভতি যাব নোৱাৰিলে?"
ভাৰ্মাই ক'লে, "এজন চীনৰ মানুহ ইয়ালৈ আহিব কেনেকৈ?
আৰু
গম্বুজৰ দৰজাখনেই বা বন্ধ কৰিব কিয়?"
খুৰাদেউ তেতিয়া ব্যস্ত মনোযোগেৰে মৃত
দেহটো পৰীক্ষা কৰাত৷ চেষ্টা কৰিছে কিলাকুটি আৰু আঁঠুটো ভাজ কৰিবলৈ৷ কিন্তু
মানুহজনৰ দেহটো একেবাৰে জঠৰ হৈ পৰিছে৷ খুৰাদেউৰ অকণমান ডাক্তৰী বিদ্যাও আছে৷ তেওঁ
অবাক হৈ মূৰ জোকাৰিবলৈ ধৰিলে৷
অলপ পিছত মূৰ তুলি চাই তেওঁ ক'লে, "আচৰিত কথা, আচৰিত!"
ৰানা আৰু ভাৰ্মা দুয়োজনেই একেলগে
সুধিলে, "কি?"
খুৰাদেউৱে ক'লে, "কালি আমি গম্বুজত সোমাইছিলো দুপৰীয়াৰ
ভাগত৷ এতিয়াও চৌবিছ ঘন্টা হোৱা নাই৷ কিন্তু মোৰ যিমান কণ ডাক্তৰী জ্ঞান আছে,
তাৰ
পৰা ক'ব পাৰো যে এই মানুহজনৰ মৃত্যু হৈছে কমেও আঠচল্লিশ ঘন্টা আগতে৷ ৰাইগৰ
মাৰ্টিছ বহুত আগতেই চেট হৈ গৈছে! তেনেহ'লে এই মানুহজন ইয়ালৈ আহিল কিদৰে?"
ৰানাই ক'লে, "কি কয়? আঠচল্লিশ ঘন্টা আগত? তেনেহ'লে কালি আপোনালোকে এওঁক দেখা নাছিল?"
খুৰাদেউৱে ক'লে, "নাই৷ কালিতো অকল আমিয়েই নাছিলো, কালি দূপৰীয়ালৈকে ইয়াত ছেৰপা আৰু
মালবাহক কেইজনো আছিল৷ কোনেওতো দেখা নাই৷ ইয়াত এনেকুৱা মুকলি ঠাইত কোনো মানুহ লুকাই
থাকিব নোৱাৰে৷"
ভাৰ্মাই ক'লে, "এয়াচোন অসম্ভৱ কথা যেন লাগিছ৷ আপোনাৰ
কিবা ভুল হৈছে নেকি, মিঃ ৰায়চৌধুৰী!"
খুৰাদেউৱে ক'লে, "হ’ব পাৰে, কেনেদৰে এই মানুহজন ইয়ালৈ আহিল মই নাজানো৷ কিন্তু এই মানুহজন
যে যোৱা ৰাতি বা আজি ৰাতিপুৱা ঢুকুৱা নাই, সেই কথা মই ডাঠি ক'ব পাৰো৷ দুদিন বা তিনি-চাৰি দিন আগতেও
ঢুকাব পাৰে!"
সন্তুৱে হেলিকেপ্টাৰখন চাবলৈ গৈছিল মনৰ
আনন্দত৷ উভতি চাই দেখিলে, খুৰাদেউ আৰু মানুহ দুজনে গম্বুজৰ বাহিৰত আঁঠু
কাঢ়ি বহি গভীৰ মনোযোগেৰে কিবা চাই আছে৷ তেতিয়া তাৰ কৌতূহ'ল জাগিল৷ সি পুনৰ উভতি গ'ল গম্বুজৰ পিনে৷
ওচৰ পাই সি ৰৈ গ'ল৷ এটা সম্পূৰ্ণ অচিনাকি মানুহৰ
মৃতদেহ৷ মুখখন মেল খোৱা, চকু দুটা খোলা৷ যেন তাৰ পিনেই চাই আছে৷
সন্তুৰ ডিঙি শুকাই গৈছিল৷ অতি কষ্টেৰে
সেপ ঢুকি সি সুধিলে, "খুৰাদেউ, কোন এওঁ?"
খুৰাদেউৱে ক'লে, "ময়োতো তাকেই ভাবি আছো!"