মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
দশম অধ্যায়
দৰজাখনত যিমান ডাঙৰকৈ শব্দ হ'ল, সন্তুৰ বুকুৰ ভিতৰত যেন তাতকৈও ডাঙৰ
শব্দ হ'বলৈ ধৰিলে৷
খুৰাদেউ আৰু সন্তুৰ বিছনা দুখন য'ত পতা আছে, তাৰ পৰা গম্বুজৰ দৰজাখন নেদেখি৷
খুৰাদেউ বিছনাত স্থিৰ হৈ বহি আছে, হাতত ৰিভলভাৰ৷ তেওঁ যেন কোনো গম্ভীৰ চিন্তাতহে
মগ্ন হৈ আছে এই ভয়ংকৰ মুহূৰ্ততো৷
দৰজাৰ ধাম-ধাম শব্দটো আৰু বাঢ়ি গ'ল৷
খুৰাদেউৱে এইবাৰ চিঞৰি সুধিলে,
"হু ইজ দেয়াৰ?"
কোনো উত্তৰ নাহিল৷ শব্দটো হঠাৎ কমি গ'ল৷
খুৰাদেউৱে ক'লে, "দৰজাখন যথেষ্ট মজবুত আছে৷ সহজতে কোনেও
ভাঙিব নোৱাৰিব৷ সন্তু, তই গম্বুজৰ ওপৰলৈ গৈ চাচোন বাহিৰত কিবা দেখ নেকি৷"
সন্তুৱে বিছনাত উঠাৰ আগতে জোতা খুলি
থৈছিল৷ ফটাফট পিন্ধি ল'লে৷ অভাৰ কোটটো গাত আঁৰি লৈ চিৰিত খোজ দিয়াৰ লগে লগেই পুনৰ ধুম-ধুম
ধাম-ধাম শব্দ হ'বলৈ ধৰিলে দৰজাত৷
সন্তুৱে খৰ খোজেৰে ওপৰলৈ উঠি গ'ল৷ খিৰিকীৰে ব্যগ্ৰ হৈ চালে বাহিৰলৈ৷
কিন্তু একোকে নেদেখিলে৷ গম্বুজৰ ওপৰৰ পৰা তলখন নেদেখি৷
সন্তুৱে বেছ ডাঙৰকৈ চিঞৰি সুধিলে,
"কোন? কোন তাত?"
এইবাৰো কোনো সঁহাৰি নাহিল৷
খুৰাদেউৱে পেং ঠকঠকাই আগুৱাই গ'ল দৰজাখনৰ পিনে৷ কাঢ়া মাতেৰে ক'লে, "উত্তৰ নিদিয়া কিয়? কোনে দৰজাত ঢকিয়াই আছা? পৰিচয় দিয়া!"
ইয়াৰ উত্তৰত দৰজাত পুনৰ শব্দ হ'বলৈ ধৰিলে ধুম-ধাম৷
খুৰাদেউৱে আকৌ সুধিলে, "কোন, মিংমা? নোৰবু? কোন বাহিৰত?"
অথচ কোনো সঁহাৰি নাহিল৷ খুৰাদেউৱে
দৰজাৰ খিলিত হাত থৈ ক'লে, "কোন আছা? আঁতৰত গৈ থিয় হোৱা! খুলিয়েই কিন্তু মই গুলি কৰি দিম!"
ওপৰৰ পৰা সন্তুৱে ক'লে, "খুৰাদেউ, নুখুলিবা, নুখুলিবা!"
খুৰাদেউৱে দৰজাৰ প্ৰকাণ্ড খিলিটোত ধৰি
এনেয়ে এটা টান মাৰিলে শব্দ হোৱা কৈ৷ দৰজাখন খোলাৰ নিচিনা ভাও জুৰিলে৷ সঁচাকৈ
কিন্তু নুখুলিলে৷
সন্তুৱে বেগাই নামি আহিল তললৈ৷ তাৰ
পিছত খুৰাদেউৰ কাষত ৰৈ ক'লে, "ওপৰৰ পৰা একো নেদেখি৷"
খুৰাদেউৱে বিৰক্তিৰে ক'লে, "মোৰ সন্দেহ হৈছে নোৰবু বা মিংমাৰে
কোনোবা হ'ব৷ আমাক ভয় খুৱাবলৈ আহিছে! নহ'লে ইয়ালৈ আৰু বেলেগ মানুহ ক'ৰ পৰা আহিব? আৰু কোনোবা মানুহ হঠাৎ আহি ওলালেও মাত
কিয় নিদিব?"
সন্তুৱে খুৰাদেউৰ পিনে অবাক হৈ চালে৷
তেওঁ এতিয়াও কোনোবা মানুহৰ কথা ভাবি আছে? এইটো যে দস্তুৰমত য়েটিৰ কাম! সিচোন নিজ
চকুৰেই য়েটিৰ ছাঁ দেখিছে৷ য়েটিয়ে এতিয়া গম্বুজৰ ভিতৰত সোমাব খুজিছে দৰজা ভাঙি৷ তাৰ
সৰ্ব শৰীৰ এনেকৈ কঁপি আছে যে সি কোনোপধ্যেই নিজক চম্ভালি ৰাখিব পৰা নাই৷
খুৰাদেউৱে আৰু কেবাবাৰো ইংৰাজী,
বাংলা আৰু হিন্দীত
"কোন? কোন?" বুলি মাতিলে৷ কোনো উত্তৰ নাহিল৷ ধুম ধাম
শব্দটোও অলপ পিছত কমি গ'ল৷
বেছ কিছু সময় নিৰৱে পাৰ হৈ গ'ল৷
খুৰাদেউ আৰু সন্তু দৰজাখনৰ ওচৰতে ৰৈ
আছে৷ বহু সময় ধৰি একো সাৰি-শব্দ নহোৱাত খুৰাদেউৱে ক'লে, "দৰজাখন এবাৰ খুলি চাও নেকি!"
সন্তুৱে প্ৰায় আৰ্তনাদ কৰি উঠিল,
"নাই নাই খুৰাদেউ, সিহঁত সুযোগৰ অপেক্ষাত আছে৷ আমি দৰজা খুলিলেই..."
খুৰাদেউৱে ক'লে, "সিহঁত মানে কোন? মইতো কথাটো একো ধৰিব পৰা নাই৷ তহঁতে
য়েটি দেখিব পাৰ, কিন্তু য়েটিয়ে মানুহক খেদি আহে বুলিতো ক'তো শুনা নাই! যিসকলে য়েটি দেখা বুলি
দাবী কৰে, তেওঁলোক চবেই কৈছে, য়েটি হয় খুব ভয়াতুৰ নহ'লে খুব লাজকুৰীয়া প্ৰাণী৷ সিহঁতে মানুহ
দেখিলেই পলাই যায়৷ তহঁতক দেখিওচোন পলাইছিল৷ সিহঁতে আকৌ দৰজাত আহি কিয় ঢকিয়াব?"
অকণমান সময় চেলাউৰি কোঁচাই চিন্তা কৰি
থাকি খুৰাদেউৱে পুনৰ ক'লে, "তই মোৰ আঁৰত লুকাই দে৷ য়েটিয়েই হওঁক বা আন কিবাই হওঁক, ৰিভলভাৰৰ গুলিৰ আগত এনেও তিষ্ঠিব
নোৱাৰে৷"
কথা কৈ কৈয়েই খুৰাদেউৱে দৰজাৰ খিলিটো
খুলি দিলে৷ তাৰ পিছত এক ঢকা মাৰিলে দৰজাত৷
দৰজাখন নুখুলিলে৷
খুৰাদেউৱে আকৌ ঠেলিলে৷ এইবাৰো
নুখুলিলে৷
তেওঁ ক'লে, "কি জানো হ'ল? পুৰণা আমোলৰ দৰজা, সেইফালৰ পৰা ধাক্কা দিয়াৰ কাৰণে হয়তো জাম
হৈ গৈছে৷ তয়ো অকণমান ধৰচোন সন্তু৷"
তাৰ পিছত খুৰাদেউ আৰু সন্তু দুয়ো মিলি
ঠেলিলে দৰজাখন৷ অথচ খোলাৰ কোনো লক্ষণ দেখা নগ'ল৷ সন্তুৱে ধাম ধামকৈ গুৰিয়াবলৈ ধৰিলে
দৰজাত৷ অথচ এক চুলিৰ মানো ফাঁক নহ'ল৷
অলপ পিছত সিহঁতে নিঃসন্দেহে বুজি উঠিল
যে দৰজাখন বাহিৰৰ পৰা বন্ধ কৰি দিছে৷
এইবাৰ খুৰাদেউৰ কপালতো ঘাম দেখা দিলে৷
দৰজাখন এনেদৰে বাহিৰৰ পৰা বন্ধ কৰিলে
কোনে? কেনেকৈয়ে বা বন্ধ কৰিলে? বাহিৰৰ পিনে দুডাল মোটা খাৰু আছে তলা
লগাবলৈ৷ সিহঁত ইয়ালৈ অহাৰ আগতে গম্বুজৰ দৰজাত বাহিৰৰ পৰা তলা লগাই থোৱা আছিল৷ খুৰাদেউৱে
নেপাল চৰকাৰৰ পৰা চাবিপাত খুজি আনিছে৷ কোনোবাই যদি বাহিৰৰ পৰা তলা লগায়ো, ভিতৰৰ পৰা ঠেলিলে অলপ হ'লেও ফাঁক হ'লহেঁতেন৷ দুই পাল্লাৰ দৰজা বাহিৰৰ পৰা
কেতিয়াও ইমান কপকপীয়াকৈ বন্ধ কৰিব নোৱাৰি৷
খুৰাদেউৱে চেপা মাতেৰে ক'লে, "তেনেহ'লে বুজিলিতো, এয়া যে য়েটিৰ কাম নহয়। মানুহৰ
কাম!"
অকণমান ৰৈ তেওঁ আকৌ ক'লে, "মই ভাবিছিলো, ধাম-ধামকৈ সিহঁতে আমাক দৰজাখন খুলিবলৈ
কৈছে৷ আচলতে কথাটো উল্টাহে৷ সিহঁতে দৰজাৰ বাহিৰত লোৰ পাটি বা তেনেকুৱা কিবা এচটা
লগাই থৈ গৈছে৷ হাতুৰিৰে কোবোৱাৰ ফলত ধাম-ধাম শব্দ হৈছিল৷"
সন্তুৰ মুখখন ম্লান পৰি গ'ল৷ বাহিৰৰ পৰা কোনোবাই দৰজা বন্ধ কৰি
থৈ গৈছে, তেনেহ'লে সিহঁত ওলাব কেনেকৈ? কোনে এনেকুৱা কাম কৰিলে? মিংমাৰ সৈতে তাৰ ভাল সম্পৰ্ক গঢ়ি
উঠিছিল, সি কোনোপধ্যেই এই কাম কৰিব নোৱাৰে৷ তাৰোপৰি সিহঁতক মাৰি
মিংমাৰ কি লাভ?
সি হতাশ হৈ দৰজাখনত পুনৰ এটা প্ৰচণ্ড
গোৰ মাৰিলে৷ দৰজাখন পিছে অকণো লৰ চৰ নকৰিলে৷
খুৰাদেউৱে ক'লে, "তাৰ পৰা একো লাভ নহ'ব!"
তেওঁ উভতি গৈ বিছনাত বহি পাইপডাল জ্বলাই
ল’লে৷ তাৰ পিছত হঠাৎ মূৰ তুলি ক'লে, "সন্তু, খিলিটো লগাই দে৷ সিহঁতে যিহেতু বাহিৰৰ
পৰা বন্ধ কৰি থৈ গৈছে, আমাৰ ফালৰ পৰাও বন্ধ কৰি ৰখা ভাল৷ নহ'লে কোনোবা সময়ত হঠাৎ সোমাই আহিব
পাৰে৷"
সন্তুৱে খিলিটো লগাই উভতি আহিল
খুৰাদেউৰ ওচৰলৈ৷ তাৰ গাত যেন অকণো শক্তি নাই আজি৷ এই গম্বুজটোৰ ভিতৰত সিহঁত বন্দী
হৈ থাকিব লাগিব? এই অকণমানি এটা আন্ধাৰ-মুন্ধাৰ ৰুম, খাদ্য সামগ্ৰীও বেছি নাই, এনেকৈ আৰু কেইটা দিন জীয়াই থাকিব?
ইয়াৰ
আগতে সন্তুৱে খুৰাদেউৰ সৈতে যি কেইটা অভিযানত গৈছিল, কোনো এটাতে ইমান হতাশ হৈ পৰা নাছিল সি৷
এইবাৰ আটাইতকৈ বেছি অস্বস্তি লাগিছে এটা কাৰণতেই, এইবাৰ শত্ৰু কোন সিহঁতে এতিয়াও
গম পোৱা নাই৷ এই বৰফৰ ৰাজ্যত সিহঁতৰ লগত কোনে শত্ৰুতা কৰিব পাৰে৷
সি ভাবিছিল, এইবাৰ সি এভাৰেষ্ট আৰোহণ কৰিবলৈ আহিছে৷
পথত বহুত বাধা-বিঘিনি থাকিব হয়, কিন্তু কোনোবাই যে শত্ৰুতা কৰিব, সেই কথা সি কল্পনাও কৰা নাছিল৷
খুৰাদেউৰ কথাই ঠিক, য়েটিয়ে কোনোপধ্যে এনেদৰে বাহিৰৰ পৰা দৰজা বন্ধ কৰিব নোৱাৰে৷
খুৰাদেউৱে নিজকে কোৱাৰ দৰে ক'লে, "বাহিৰৰ পৰা কোনোবাই আহি খুলি নিদিলে এই
দৰজা ভাঙি ওলাই যোৱা আমাৰ পক্ষে সম্ভৱ নহয়৷ সহায়ৰ বাবে মই আগতেই খবৰ পঠাইছিলো,
কিন্তু
সিহঁত আহি পাওতে পাওতে কমেও দুই তিনিদিন লাগি যাব!"
সন্তুৱে ক'লে, "দুই-তিনিদিন? তাৰ আগতেইচোন আমি ইয়াত উশাহ-নিশাহ বন্ধ
হৈ মৰিব লাগিব৷"
খুৰাদেউৱে ক'লে, "ওপৰত খিৰিকী আছে, হ'লেও দুই-তিনিদিন ধৰি এই ৰুমটোৰ ভিতৰতে সোমাই
থকাতো খুবেই কষ্টকৰ হ'ব, সিহঁতে যদি আকৌ আহি দৰজা ভাঙি সোমাবলৈ চেষ্টা কৰে..."
সন্তুৱে সুধিলে, "খুৰাদেউ, সিহঁত মানে কোন?"
খুৰাদেউৱে ক'লে, "সেয়াইতো কথা, সিহঁত মানে কোন, সেয়াতো ময়ো ধৰিব পৰা নাই৷ কোনে মাজ
নিশা বৰফৰ মাজত লাইট লৈ ঘূৰি ফুৰে? ইমান ডাঙৰ-ডাঙৰ ভৰিৰ খোজ সঁচাকৈয়ে য়েটিৰেই নে?
বিছনাৰ
তলৰ পৰা তই ৱায়াৰলেছ ছেটটো বাহিৰ কৰচোন৷"
দুয়ো কাণত হেডফোন লগাই খুৰাদেউৱে
ৱায়াৰলেছ যোগে খবৰ পঠাবলৈ চেষ্টা কৰিলে৷ প্ৰথমতে কিছু সময় কৰ-কৰ-কৰ গৰ-গৰ-গৰ শব্দ
হৈ থাকিল৷ হঠাৎ এটা সময়ত তেওঁ ক'বলৈ ধৰিলে, "হেল্ল' হেল্ল', পীক নাম্বাৰ হাণ্ড্ৰেড এণ্ড ফৰটিন কলিং
বেছ, পীক নাম্বাৰ হাণ্ড্ৰেড এণ্ড ফৰটিন... এচ ও এছ ফ্ৰম ৰায়চোধুৰী, হেল্লো, ৰজাৰ, কেন ইউ গেট মি... এছ ও এছ ফ্ৰম
ৰায়চৌধুৰী... ইয়োৰ ক'ড প্লীজ... অভাৰ!"
তাৰ পিছত অলপ সময় মনোযোগেৰে সিহঁতৰ
কথা শুনি খুৰাদেউৱে পুনৰ ক'বলৈ আৰম্ভ কৰিলে। কেনেকুৱা ধৰণৰ যে এক অদ্ভুত ইংৰাজী,
তাৰ
ভিতৰত অংকৰ সংখ্যাই বেছি৷ সন্তুৱে একোকে বুজি নাপালে৷ সি এক দৃষ্টিৰে চাই ৰ'ল দৰজাখনৰ পিনে৷
খুৰাদেউৱে বেছ কিছু সময় ধৰি কথা পাতিলে
ৱায়াৰলেছত৷ তেওঁক যথেষ্ট উত্তেজিত দেখা গ'ল৷ এটা সময়ত তেওঁ খঙেৰে ক'লে, "অভাৰ এণ্ড আউট!" তাৰ পিছত খুলি
পেলালে হেডফোনডাল৷ এইবাৰ পাইপডাল জ্বলাবলৈ গৈ লাইটাৰটো বিচাৰি নপোৱা হ'ল৷ অসহিষ্ণুভাৱে ক'লে, "ধেৎ তেৰিকা, এইটো আকৌ ক'ত থলো?"
খুৰাদেউৰ অভাৰ কোটত কমেও দহ-বৰখন পকেট৷
কেতিয়া কোনখন পকেটতত তেওঁ কোনটো বস্তু থয়, নিজেই পাহৰি যায়৷ কেবাখনো পকেট খুচৰি
তেওঁ লাইটাৰটো পোৱাত পাইপডাল জ্বলালে৷ তাৰ পিছত একেলগে কেবাটাও শোহা মাৰি লৈ ক'লে, "সিহঁত ওলাইছিল.... কিন্তু ইমান দেৰিকৈ
আহিলেতো নহ'ব... একমাত্ৰ উপায় যদি হেলিকেপ্টাৰ লৈ আহিব পাৰে... কিন্তু হেলিকেপ্টাৰ
সিহঁতৰ সেইখিনিত নাই, আছে এখন নামচেবাজাৰত... তাত খবৰ কৰি যদি আনিব পাৰে আনিব৷"
পুনৰ তেওঁ পাইপ টানিবলৈ ধৰিলে নিৰৱে৷
তেওঁৰ চেলাউৰি কোঁচ খাই গৈছে৷
খুৰাদেউৱে কোনোদিনে কোনো পৰিস্থিতিতে
ভয় নকৰে৷ তেওঁ প্ৰায়ে কৈ থাকে, গাত জোৰ থাকক বা নাথাকক, মনৰ জোৰ থাকিলে মানুহে সকলো জয় কৰিব
পাৰে৷ সন্তুৰ মনত পৰিল, কণিষ্কৰ যে মূৰটো বিচাৰি গৈছিল এবাৰ, সেইবাৰ এটা ভয়ংকৰ গুহাৰ ভিতৰত পৰি যোৱাৰ
পিছতো তেওঁ অকণো ভয় খোৱা নাছিল৷ আন্দামানলৈ গৈ তেওঁ নিজেই জোৰ কৰি জাৰোৱা সকলৰ
দ্বীপত নামিছিল৷ কোনোবাৰে খুৰাদেউক সি বিচলিত হোৱা দেখা নাই৷
গম্বুজৰ বিশাল দৰজাখন বাহিৰৰ পৰা বন্ধ,
এইখনতো
আৰু মনৰ জোৰেৰে খুলিব নোৱাৰি৷ বাহিৰৰ সহায়ৰ প্ৰয়োজন৷ সেই সহায় বা আহে কেতিয়া কোনে জানে!
খুৰাদেউৱে সন্তুৰ পিনে চাই অসহিষ্ণু
ভাৱে ক'লে, "ধৰিবই পৰা নাই কথাটো কি! কোনে দৰজা বন্ধ কৰি থৈ গ'ল? এইপিনে আকৌ তই য়েটি দেখিছ! সঁচাকৈ কচোন,
ঠিকে
দেখিছিলিনে?"
সন্তুৱে ক'লে, "হয় খুৰাদেউ!"
খুৰাদেউৱে ক'লে, "মই কিয় নেদেখিলো? মইহে দেখিব লাগিছিল৷"
খুৰাদেউৱে ঘড়ী চাই ক'লে, "ছয়টা বাজে আৰু৷ বাহিৰত আন্ধাৰ হৈছে
নিশ্চয়৷ আজি গোটেই নিশা সাৰে থাকিব লাগিব৷ তই নহ'লে এটা কাম কৰ সন্তু, তই দূৰবীণটো লৈ ওপৰলৈ যা। খিৰিকীখনৰ কাষত
বহি থাক৷ চা, কিবা পোহৰ-চোহৰ দেখ নেকি৷ হেলিকেপ্টাৰখন আহিলে, সেইখনৰ পোহৰো দেখিবি৷"
সন্তুৱে দূৰবীণটো লৈ উঠি গ'ল ওপৰলৈ৷ তাতেই বহি থাকিল ঘন্টাৰ পিছত
ঘন্টা৷ মাজতে এবাৰ তললৈ নামি আহি বিস্কুট আৰু চিজ খালে৷ খুৰাদেউৱে স্পিৰিট লেম্প
জ্বলাই পানী গৰম কৰি দুকাপ কফি বনালে৷ তাৰ পিছত তেওঁ খাটত বহি ৰিভলভাৰটো উৰুৰ ওপৰত
থৈ এখন কিতাপ পঢ়াত লাগিল৷
সন্তুৱে দূৰবীণ চকুত লগাই খিৰিকীৰে চাই
থাকিল বাহিৰলৈ৷ একোকে নেদেখি৷ কেৱল আন্ধাৰ আৰু আন্ধাৰ৷ আকাশো নেদেখি, এনেকুৱা অন্ধকাৰলৈ চাই থাকিলে চকু
বিষায়৷
তেনেকৈয়ে সন্তু কেতিয়া শুই পৰিল সি ক'ব নোৱাৰে৷ এটা সময়ত সি কষ্ট পাই সাৰ
পাই উঠিল৷ তাৰ মুখত যেন হাজাৰ-হাজাৰ বেজীয়ে বিন্ধিছে৷ গোটেই শৰীৰটো তাৰ কঁপি উঠিল
ঠৰঠৰকৈ৷
চমকি উঠোতেই তাৰ হাতৰ পৰা সৰি পৰিল
দূৰবীণটো আৰু চিৰিৰে বাগৰি গ'ল শব্দ কৰি৷
তলৰ পৰা খুৰাদেউৱে মাত দিলে,
"কি হ'ল, সন্তু?"
সন্তু তেতিয়া ব্যস্ত খিৰিকীৰ পাল্লা
দুখন জপোৱাত৷ কোনোপধ্যেই জপাব পৰা নাই৷ ইমান বতাহ৷ বাহিৰত ভীষণ তুষাৰপাত৷ গম্বুজৰ
ভিতৰখনো মুঠি মুঠি বৰফ আৰু হিমশীতল বতাহেৰে ভৰি পৰিছে৷ আৰু বেছিকৈ বতাহ সোমাব লাগিলেই সিহঁত ঠাণ্ডাত গোট মাৰি যাব৷
অতি কষ্টেৰে খিৰিকীখন বন্ধ কৰি তললৈ
নামি আহিল সন্তু৷ ইমান ঠাণ্ডা লাগিছে যে তাৰ হনু দুটা যেন বিকল হৈ পৰিল৷ অতি
কষ্টেৰে সি ক'লে, "খুৰাদেউ, বাহিৰত তুষাৰপাত! বহুত ডাঙৰকৈ আহিছে!"
খুৰাদেউৱে ক'লে, "তই মোৰ ওচৰলৈকে আহ, সোনকাল!"
সন্তু খুৰাদেউৰ ওচৰ পোৱাৰ লগে লগেই
তেওঁ তাৰ দুগালত খুব জোৰে জোৰে মোহাৰিবলৈ ধৰিলে৷ অলপ সময় তেনেকৈ থকাৰ পিছত সন্তুৰ
গাল দুখন বহুখিনি গৰম হ'ল, হনু দুটাও স্বাভাৱিক হৈ পৰা যেন লাগিল৷
খুৰাদেউৱে ক'লে, "ফটাফট স্লিপিং বেগৰ ভিতৰত সোমা গৈ
যা৷"
তাৰ পিছতে নিজকে খং কৰাৰ দৰে ক'লে, "ভূতৰ ওপৰত দানহ! এনেই এইবোৰ লটি ঘটি,
তাৰ
ওপৰত আৰু এই তুষাৰপাত৷ এই ধুমুহা কেতিয়া কমে কোনে জানে! ধুমুহা নকমিলেতো
হেলিকেপ্টাৰো আহিব নোৱাৰিব৷"
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ