মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
দ্বাদশ অধ্যায়
চকুৰ আগত এজন মৰা মানুহ দেখি সন্তুৰ
গাটো সিৰসিৰাই গ'ল৷ সি মুখখন ঘূৰাই দিলে৷
চীন দেশীয় মানুহজনৰ গাত এটা ভেৰাৰ চামৰাৰ
কোট৷ থুঁতৰিত অলপ অলপ দাড়ি৷ চকু দুটা মেল খোৱা৷ দৃষ্টিত ভয়ৰ পৰিৱৰ্তে যেন অকণমান
বিস্ময়ৰ ভাব মিহলি হৈ আছে৷
সন্তুৱে মৃতদেহটোৰ পিনে চাব খোজা
নাছিল৷ অথচ খুৰাদেউহঁতৰ কথাবাৰ্তা শুনিবলৈও কৌতূহ'লি হৈ পৰিছিল৷ সি খুৰাদেউৰ পিছ পিনে গৈ
বহিল৷
খুৰাদেউৱে ক'লে, "এই চীনা মানুহজন ক'ৰ পৰা ইয়ালৈ আহিল, একো ধৰিব পৰা নাই৷ অথচ আমি ইয়াত বেছি সময় নষ্ট কৰিবও নোৱাৰো৷ বহুত কাম আছে৷"
ভাৰ্মাই ক'লে, "এই মৃতদেহটো কি ইয়াতে এনেদৰে পৰি থাকিব
নেকি? এওঁক কবৰ দিয়া উচিত৷ চীন দেশত মানুহক কবৰেই দিয়ে৷"
খুৰাদেউৱে ক'লে, "তেনেহ'লে ফটাফট বৰফ খন্দা যাওঁক৷ সন্তু
চিপৰাংখন লৈ আহ৷"
জং বাহাদুৰ ৰানাই হাত দাঙি বাধা দি ক’লে, "ৰ'ব, এটা কথা আছে৷ এই মানুহজন বিদেশী,
এওঁৰ
গাত যে কোটটো দেখিছে, তেনেকুৱা ক'ত আমাৰ ইয়াত পোৱা নাযায়৷ তেওঁ ইয়ালৈ আহিল কেনেকৈ,
সেইটো
আমি জনিব লাগিব, সেইটো জনাতো আমাৰ চৰকাৰৰ কৰ্ত্তব্য৷ এওঁৰ মৃত্যুৰ কাৰণটোও আমি জানিব
লাগিব৷ এওঁৰ বডিটো পোষ্টমৰ্টেমৰ কাৰণে পঠাব লাগিব৷"
ভাৰ্মাই ক'লে, "তাৰমানে এই বডিটো এতিয়া কাঠমাণ্ডুলৈ
পঠাব?"
ৰানাই ক'লে, "অঁ৷"
খুৰাদেউৱে সুধিলে, "এইপিনে চীনা আৰোহণকাৰীৰ দল আহিছিল নেকি
অলপতে?"
ভাৰ্মাই ক'লে, "নাইচোন!"
ৰানাই ক'লে, "এভাৰেষ্টৰ পিনে এটা চীনা আৰোহণকাৰীৰ দল
গৈছিল, কেই বছৰ মান আগতে, আঢ়ৈ বছৰ তিনি বছৰ মানেই হ'ব৷"
"সেইটো দলৰ কোনোবা হেৰাইছিল নেকি?"
"তেনেকুৱা চোন একো শুনা নাই৷ অৱশ্যে
চাৰি নম্বৰ কেম্পৰ ওচৰত দুৰ্ঘটনাত পৰি দুজনৰ মৃত্যু হৈছিল, সেইটো জানো৷ সেই ঠাইখন ইয়াৰ পৰা বহুত দূৰত৷"
"ধৰি ল’লো, সেইটো দলৰে কোনোবা হেৰাই গৈছিল, বা দুৰ্ঘটনাত পৰিও কোনো ৰকমে বাচি
গৈছিল, তেতিয়া তেওঁৰ পক্ষে অকলে-অকলে ইয়াত ইমান বছৰ জীয়াই থকাটো সম্ভৱ জানো?"
"হয়তো মৃত্যু হৈছিল তেতিয়াই, বৰফৰ তলত পৰি শৰীৰটো এনেদৰে অবিকৃত
অৱস্থাত থাকি গ'ল৷"
খুৰাদউৱে ব্যঙ্গৰ সুৰত ক'লে, "তাৰ পিছত য়েটিয়ে কালি ৰাতি বৰফ খান্দি
শটো উলিয়াই আনিছে আমাৰ সৈতে ধেমালি কৰিবলৈ?"
ভাৰ্মাই ক'লে, "মিঃ ৰায়চৌধুৰী, আপুনি দেখিছো য়েটিৰ অস্তিত্ব একেবাৰে
বিশ্বাস নকৰে! অথচ, আপুনি নিজেই য়েটিৰ দাঁত লগত লৈ আহিছে!"
খুৰাদেউৱে একো উত্তৰ নিদি কেৱল ক'লে, "হুঁ!"
তাৰ পিছত তেওঁ উঠি ক'লে, "যি হওঁক, এতিয়াই যি ব্যৱস্থা কৰে কৰক৷ সময় নষ্ট
কৰিতো লাভ নাই৷"
ৰানা আৰু ভাৰ্মা দুয়োজনে ধৰাধৰিকৈ
মৃতদেহটো উঠালে৷ সন্তুৱেও লাগি দিলে৷ তাৰ পিছত সিহঁত আহিল হেলিকেপ্টাৰখনৰ ওচৰলৈ৷
খুৰাদেউৱে সামান্য আপচোচৰ সুৰত ক'লে, "মৃতদেহটোতো হেলিকেপ্টাৰতেই পঠাব লাগিব৷
অথচ এতিয়া হেলিকেপ্টাৰখন থকা হ'লে আমাৰ বহুত কামত আহিলহেঁতেন৷"
ৰানাই ক'লে, "এক দুই ঘন্টাৰ ভিতৰত উভতি আহিব পৰা
যাব৷ কাঠমাণ্ডুলৈকে নাযাওঁ, ছিয়াংবোচিত নমাই থৈ আহিলেই হ'ব৷ তাৰ পৰা তেওঁলোকে ব্যৱস্থা
কৰিব৷"
খুৰাদেউৱে ক'লে, "আপোনালোকৰ লগত খোৱা বস্তু কিবা আছে
নেকি? কালি দুপৰীয়াৰ পৰাই আমি ভালকে একো খাবলৈ পোৱা নাই৷ চাওঁকচোন, ল'ৰাটোৰ মুখখন শুকাই কেনেকুৱা হৈ
গৈছে৷"
ৰানাই ক'লে, "আছে আছে, বহুত কিবা কিবি লৈ আহিছো৷ কিন্তু মই এটা
প্ৰস্তাৱ দিওঁ আপোনাক, আমি আৰু ইয়াত থকাৰ কি প্ৰয়োজন? আমি চবেইতো এই হেলিকেপ্টাৰখনতে উভতি
যাব পাৰো৷
খুৰাদেউ হতভম্ব হৈ গ’ল, "আপুনি কি পাগল হৈছে নেকি ৰানা চাহাব?"
ৰানাই হাঁহি হাঁহি ক'লে, "কিয়, পাগল হ'বলগীয়া কি কৰিলো?"
খুৰাদেউৱে ক'লে, "এটা কাম কৰিবলৈ ইয়ালৈ আহিছো৷ সেইটো শেষ
নকৰাকৈ উভতি যাম? তেনেহ'লে মানুহ হৈ জন্মাৰ অৰ্থ কি থাকিল? লেখা-পঢ়া শিকি কি লাভ হ'ল? যদি মন গৈছে, আপোনালোক যাব পাৰে, মই থাকিম৷"
সেই মুহূৰ্তত খুৰাদেউৰ কাৰণে গৰ্বত
বুকু ফুলি উঠিল সন্তুৰ৷ সি জানে, তাৰ খুৰাকৰ বাদে এনেকুৱা কথা আৰু আন কোনেও জোৰ
দি ক'ব নোৱাৰে৷
ভাৰ্মাই ক'লে, "ৰানা চাহেব, আপুনি মিঃ ৰায়চৌধুৰীক ভালকৈ নাজানে
কাৰণে সেই কথা ক'লে৷ তেওঁ কোনো এটা কাম আৰম্ভ কৰি তাক শেষ নকৰাকৈ নেৰে৷ লাগিলে সেই
কাম যিমানেই বিপজ্জনক নহওঁক কিয়! ভীষণ জেদী মানুহ! আন্দামানত জাৰোৱা সকলৰ দ্বীপৰ
ওচৰলৈকেই মানুহ যাবলৈ সাহস নকৰে৷ তেওঁ জোৰ কৰি সেই দ্বীপত নামি গৈছিল৷"
ৰানাই ক'লে, "কিন্তু তেওঁ কি কামৰ কাৰণে ইয়ালৈ আহিছে
সেইটোৱেই চোন আমি ভালদৰে নাজানো৷"
খুৰাদেউৱে ক'লে, "কৈছো৷ আগতে খোৱা বস্তু উলিয়াওক৷"
হেলিকেপ্টাৰত এখন ত্ৰিপাল আছিল, সেইখনকে ভাঁজ কৰি পতা হ'ল বৰফৰ ওপৰত৷ তাৰ পিছত নমোৱা হ'ল কেবাবিধো চচ, হামবাৰ্গাৰ, চেণ্ডুইছ আৰু দুটা ফ্লাক্স ভৰ্তি গৰম
কফি৷
সুন্দৰ ৰ'দ ওলাইছে আজি৷ আকাশ ফৰকাল৷ কোনে ক'ব কালি গোটেই ৰাতি ইয়াত তুষাৰপাত
হৈছিল৷ ৰ’দৰ উত্তাপত যথেষ্ট ভাল লাগিছে এতিয়া৷
ৰানাই হেলিকেপ্টাৰৰ চালকক কেইবাটাও
নিৰ্দেশ দিলে৷ মৃতদেহটো লৈ হেলিকেপ্টাৰখন উৰি গুছি গ'ল৷ তাৰ পিছত ত্ৰিপালৰ ওপৰত গোল কৈ বহি
লৈ সিহঁতে খাবলৈ আৰম্ভ কৰিলে৷
ৰানাই ক'লে, "ধৰি ল'লো, ইয়াত য়েটি আছে৷ কিন্তু তাৰ বাবেতো
মানুহ দুনুহ লৈ পিছতো আহিব পৰা যায়৷ আমি মাত্ৰ তিনিজন মানুহে মিলি বিচাৰিব খোঁজাতো
নিৰ্বুদ্ধিতাৰ কাম নহ'ব জানো?"
সন্তু ৰানাৰ কাষতে বহি আছিল৷ সি মূৰ
তুলি চালে তেওঁলৈ৷
ৰানাই সন্তুৰ কান্ধত থপৰিয়াই ক'লে, "দুঃখিত, দুঃখিত৷ তিনিজন নহয়, চাৰিজন৷ আমাৰ এই কিশোৰ বন্ধুজনো যথেষ্ট
সাহসী৷ কিন্তু আমি এই চাৰিজনই বা কি কৰিম?"
খুৰাদেউৱে ক'লে, "আপোনাৰ দৰেই ময়ো কৈছো, ধৰি লওঁক ইয়াত য়েটি আছে৷ মই নিজেও
কেবাটাও অদ্ভুত ভৰিৰ খোজ দেখিছো, ফটোও লৈছো৷ আৰু মোৰ এই ভতিজা ল'ৰা সন্তুৱেও শপত খাই কৈছে যে সিও য়েটিৰ
নিচিনা কিবা এটা প্ৰকাণ্ড জন্তু এক মুহূৰ্তৰ বাবে দেখিছে৷ ছেৰপা আৰু কুলিবোৰেতো
সেইটো দেখিয়েই পলাল৷ তেনেহ'লে কিবা এটা ইয়াত নিশ্চয় আছে৷ কিন্তু..."
ভাৰ্মাই খুৰাদেউৰ কথাৰ মাজতে বাধা দি ক'লে, "বাৰু, মিঃ ৰায়চৌধুৰী, এই ছেৰপা আৰু কুলিকেইটায়ে আপোনালোকক
গম্বুজৰ ভিতৰত বন্দী কৰি বাহিৰৰ পৰা দৰজা মাৰি থৈ যোৱা নাইতো?"
সন্তুৱে ক'লে, "নাই, সেয়া হ'ব নোৱাৰে৷"
খুৰাদেউৱে ক'লে, "ছেৰপা আৰু কুলিকেইটা বহুত আগতেই গুছি
গৈছিল৷"
"কিজানি সিহঁত আকৌ উভতি আহিছিল৷ আহিবওতো
পাৰে৷"
"কিন্তু আমাক মাৰি সিহঁতৰ লাভ কি?"
"লাভ নিশ্চয় আছে৷ আপোনালোকক এৰি থৈ
সিহঁত পলাই গৈছে, তাৰ কাৰণে নেপাল চৰকাৰে সিহঁতক নিশ্চয় শাস্তি দিব৷ কিন্তু আপোনালোকক
মাৰি পেলাব পাৰিলে সিহঁতে পিছত ক'ব পাৰিব যে কিবা দুৰ্ঘটনাত পৰি আপোনালোকৰ মৃত্যু
হৈছে আৰু সেই কাৰণে সিহঁত উভতি গৈছ৷"
ৰানাই ক'লে, "ছেৰপাবোৰ বহুত বিশ্বাসী৷ সিহঁতে
এনেকুৱা কাম কেতিয়াও নকৰে৷"
সন্তুৱে ক'লে, "মিংমাই মোক বহুত ভাল পাইছিল৷ সি
কেতিয়াও আমাক মাৰিব নোৱাৰে৷"
খুৰাদেউৱে ক'লে, "ধৰি ল'লো, ছেৰপায়ে দৰজাখন বন্ধা কৰিছিল, কিন্তু চীনা মানুহজন ক'ৰ পৰা আহিল? তেওঁকতো নিশ্চয় ছেৰপাই অনা নাই৷"
ৰানাই সন্তুক সুধিলে, "তুমি সঁচাকৈয়ে য়েটি দেখিছিলা?"
সন্তুৱে ক'লে, "অঁ৷"
ভাৰ্মা আৰু ৰানা দুয়োজনে সচকিতভাৱে
কালাপাথৰ পাহাৰটোৰ পিনে এবাৰ চালে৷
খুৰাদেউৱে ক'লে, "কি কৈ আছিলো, অঁ, ধৰি লোৱা হ'ল য়েটি আছে৷ কিন্তু এতিয়া দিন, আৰু আপোনালোক দুয়োজনৰ লগতে আছে এল এম
জি, মোৰ লগত আছে ৰিভলভাৰ৷ পৃথিৱীত আন কোনো প্ৰাণীয়ে দাঁত আৰু নখৰ বাদে
বেলেগ অস্ত্ৰ ব্যৱহাৰ কৰিব নাজানে৷ গতিকে আমি ভয় কৰিবলগীয়া একো নাই৷ তাৰো পৰি,
মই
ভাবো, মানুহতকৈ বুধিয়ক প্ৰাণী পৃথিৱীত থকাটো সম্ভৱ নহয়৷ ইমান বছৰ ধৰি
মানুহে য়েটিৰ কথা শুনি আহিছে, অথচ কোনো মানুহে আজিলৈকে এটা য়েটি ধৰিব পৰা নাই,
আনকি
এটা ছবিকে তুলিব পৰা নাই, কিয়? য়েটি ইমানেই বুধিয়ক নে? সেইটো আমি জনা দৰকাৰ৷"
ৰানাই সুধিলে, "মিঃ ৰায়চৌধুৰী, আপুনি এই ৰহস্যটোৰ সন্ধান কৰিবলৈকে
ইয়ালৈ আহিছে নেকি?"
খুৰাদেউৱে ক'লে, "আপোনালেকে কেইন ছিপটনৰ কথা পাহৰি গৈছে৷
মানুহৰ দাঁততকৈও বহুত ডাঙৰ দাঁত এটা, ধৰি লওঁক য়েটিৰে দাঁত এটা তেওঁ ডিঙিত অনবৰতে
ওলোমাই ৰাখিছিল৷ সেই কেইন ছিপটনেও ইয়ালৈ আহি য়েটি দেখিবলৈ পাইছিল৷ অন্ততঃ সেই কথা
তেওঁ তেওঁৰ ডায়ৰীত লিখি থৈ গৈছে৷ তাৰ পিছত কেইন ছিপটন ইয়াৰ পৰা নোহোৱা হৈ যায়৷ কি
হ'ল তেওঁৰ? য়েটিয়ে ধৰি নিলে নেকি তেওঁক? য়েটিয়ে মানুহ খায় নেকি? কেইন ছিপটনৰ হাড় মূৰো বিচাৰি পোৱা নগ'ল৷"
ৰানাই ক'লে, "বহুত বিচৰা হৈছিল৷ তেওঁ যেন সঁচাকৈয়ে
অদৃশ্য হৈ গ'ল৷"
খুৰাদেউৱে ক'লে, "কেইন ছিপটনৰ অদৃশ্য হোৱাৰ লগত য়েটিৰ
সম্পৰ্ক আছে নে নাই, সেইটো আমি বিচাৰি উলিওৱা দৰকাৰ৷"
ভাৰ্মাই সুধিলে, "আপুনিও সেই কাৰণে য়েটিৰ দাঁত এটা লগত
লৈ আহিছে নেকি? আপুনিও যদি অদৃশ্য হৈ যায়?"
ইমান পৰৰ মূৰত খুৰাদেউৱে প্ৰথমবাৰ
হাঁহিলে৷ হাঁহি হাঁহি ক'লে, "সঁচা কথা ক'বলৈ গ'লে মই সেই কাৰণেই ইয়ালৈ আহিছো৷ মই
অদৃশ্য হোৱাৰ কৌশলটো শিকিব খোজো৷"
ৰানাই ক'লে, "তেনেহ'লে আপুনি এতিয়া কি কৰিব খোজে?"
খুৰাদেউৱে ক'লে, "আমি সকলো মিলি এতিয়া কালাপাথৰৰ পিনে
যোৱা উচিত!"
ৰানাই ক'লে, "হেলিকেপ্টাৰখন ঘূৰি অহালৈকে অপেক্ষা
কৰিলে নহয়? এক-দুই ঘন্টাৰ ভিতৰততো আহি পাবই৷"
খুৰাদেউৱে ক'লে, "হেলিকেপ্টাৰত গ'লে একো দেখা নাযাব৷ অৱশ্যে
হেলিকেপ্টাৰখন পিছত কামত আহিব৷ ব'লক, আমি খোঁজ কাঢ়িয়েই আগবাঢ়ো, অন্ততঃ সন্তুৱে য'ত য়েটি দেখা বুলি কৈছিল তালৈকে৷ দিনৰ
পোহৰ আৰু বহু দেৰিলৈকে থাকিব৷"
ভাৰ্মাই ক'লে, "ব'লক তেনেহ'লে, আগবাঢ়ো৷"
খুৰাদেউৱে নিজেই প্ৰথম উঠিল, তাৰ পিছত ক'লে, "কেইন ছিপটনে যিটো দলৰ সৈতে আহিছিলি,
তাৰ
পিছত আৰু কোনো আৰোহণকাৰীৰ দল এইটো বাটেৰে এভাৰেষ্টলৈ যোৱা নাই৷ আৰু এটা জাপানী দল
আহিছিল, সিহঁত ইয়াৰ পৰাই উভতি যায়৷ কিবা এটা অসুখ হৈছিল সিহঁতৰ৷ কি জানো
ৰহস্যময়ী বেমাৰ আছিল সেইটো৷"
ৰানাই সুধিলে, "খোৱা বস্তুৰ পাত্ৰ আৰু কফিৰ ফ্লাক্স
দুটা ইয়াতেই থাওঁক তেনেহ'লে, নে কি কয়?"
খুৰাদেউৱে ক'লে, "অঁ! ইয়াততো চোৰৰ ভয় নাই৷ আৰু আশা কৰো য়েটিয়ে কাপ, ডিছ বা ফ্লাক্সৰ ব্যৱহাৰ নকৰে৷"
সন্তুৱে হঠাৎ চিঞৰি উঠিলে,
"খুৰাদেউ, সেয়া চাওঁক!"
সকলোৱে একেলগে ঘূৰি চালে৷
গম্বুজটোৰ কাষেৰেই নীলা কোট পিন্ধা
মানুহ এজন খোজ কাঢ়ি আহি আছে এইপিনে৷
ৰানা আৰু ভাৰ্মাই লগে লগে তেওঁলোকৰ
লাইট মেচিনগান দুটা তুলি ধৰিলে মানুহজনৰ পিনে৷ খুৰাদেউৱেও ৰিভলভাৰটো উলিয়ালে৷৷
সন্তুৱে আকৌ হাত দাঙি ক'লে, "নামাৰিব, নামাৰিব!"
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ