মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
পঞ্চদশ অধ্যায়
জ্ঞান উভতি অহাৰ পিছত খুৰাদেউৱে চকু
মেলি চাই দেখিলে পাতল পাতল অন্ধকাৰ৷ তেওঁ ভাবিলে, হয়তো ৰাতি হৈছে৷ কিমান সময় ধৰি তেওঁ
অজ্ঞান হৈ পৰি আছিল, সেই কথা তেওঁ নাজানে৷
কাষত হাত দি চাই গম পালে, বৰফ নহয়, তেওঁ শুই আছে শিলৰ ওপৰত৷ ইয়ালৈ তেওঁ
আহিল কেনেকৈ? তেওঁ অজ্ঞান হৈ পৰাৰ পিছত সিহঁতে তেওঁক আনি এই শিলৰ ওপৰত শুৱাই থৈ
গৈছ নেকি? সন্তু ক'ত? ৰানা আৰু ভাৰ্মাই বা ক'ত গ'ল?
খুৰাদেউৱে মাতিলে, "সন্তু! সন্তু!"
তাৰ পিছতে তেওঁৰ মনত পৰিল, তেওঁতো হঠাৎ অজ্ঞান হৈ পৰা নাছিল,
কোনোবাই
তেওঁৰ মূৰত আঘাত কৰিছিল, খুব গধুৰ বস্তু এটাৰে৷ তেওঁ মূৰত হাত ফুৰাই চালে,
চুলি
থেপথেপীয়া হৈ পৰিছে তেজেৰে৷ বিষো আছে যথেষ্ট৷
তাৰমানে সঁচাকৈয়ে কোনোবাই তেওঁক মাৰি
ইয়ালৈকে লৈ আহিছে!
খুৰাদেউ উঠি বহিল৷ তেওঁৰ হাত ভৰি বন্ধা
নাই কোনেও৷ কোটৰ পকেটত হাত ভৰাই চাই আচৰিত হৈ গ'ল তেওঁ৷ ৰিভলভাৰটো এতিয়াও আছে!
খুৰাদেউৰ চকু দুটা অভ্যস্ত হৈ পৰিল
অন্ধকাৰৰ সৈতে৷ ওপৰলৈ চাই তেওঁ আকাশ নেদেখিলে৷ ভাব হ'ল, তেওঁ আছে এটা প্ৰকাণ্ড গুহাৰ ভিতৰত৷
বাওঁফালে বহুত দূৰত অস্পষ্ট ধোঁৱা ধোঁৱা পোহৰ দেখা গৈছে, সেই পোহৰটো কিহৰ তেওঁ ধৰিব নোৱাৰিলে৷
ইফালে সিফালে খেপিয়াই চায়ো তেওঁ পেংযোৰ
বিচাৰি নাপালে৷ তেওঁ এটা দীৰ্ঘ নিশ্বাস পেলালে৷ পেংযোৰ নাথাকিলে তেওঁ অসহায় হৈ পৰে,
ইচ্ছামতে
চলা-ফুৰা কৰিব নোৱাৰে৷ তেওঁ আকৌ ভাবিলে যিয়ে তেওঁক ধৰি আনিছে, সিহঁতে তেওঁৰ ৰিভলভাৰটো নিনিলে কিয়?
কিছু দূৰৈত তেওঁ মানুহৰ মাত শুনিবলৈ পালে৷
কাণ থিয় কৰি তেওঁ কথাবোৰ বুজাৰ চেষ্টা কৰিলে৷ কিন্তু একোকে ধৰিব নোৱাৰিলে৷ তেওঁৰ
ভাব হ'ল, কোনোবাই যেন মাইক্ৰ'ফোনত কিবা কৈছে৷ কথাৰ শেষত ঝনঝননি শব্দ এটা হৈ
আছে৷ সমস্ত ঘটনা তেওঁৰ অবিশ্বাস্য যেন লাগিল৷ হিমালয়ৰ এই বৰফৰ ৰাজ্যত মাইক্ৰ'ফোন?
তেওঁ মূৰটো জোকাৰি দিলে, এতিয়াও টোপনিতে আছে নেকি জানিবলৈ!
কিন্তু মূৰৰ বিষটোহে প্ৰচণ্ড বাঢ়ি গ'ল৷ তেওঁ ইমানেই অৱশ হৈ পৰিল যে পুনৰ
শুই পৰিবলগীয়া হ'ল৷
বেছ কিছু সময় শুই শুই জিৰণি ল'লে তেওঁ৷ কিছু সুস্থ হোৱাৰ পিছত তেওঁ
ৰিভলভাৰটো উলিয়াই কাষতে থৈ অভাৰ কোটৰ বাকী পকেটবোৰ খুচৰিবলৈ ধৰিলে৷ তেওঁৰ লগত
বিভিন্ন ধৰণৰ ঔষধ থাকে৷ কেইটামান টেবলেট পালে তেওঁ৷ অন্ধকাৰতেই পিটিকি-পিটিকি চাই তাৰে এটা বাচি ল'লে৷ এইটো বিষ কমোৱা টেবলেট৷ কিন্তু
টেবলেটটো খাবলৈ পানী লাগে, ইয়াত পানী ক'ত পোৱা যাব! অসম্ভৱ কথা৷ ঔষধটো খুব
তিতা, অথচ তেনেকৈয়ে চুপি চুপি খাই পেলালে তেওঁ৷
তাৰ পিছত ডিঙিৰ পৰা মাফলাৰখন খুলি মূৰত
এটা বেণ্ডেজ গাঁথি ল'লে৷ বেছি সময় ৰক্ত ক্ষৰণ হৈ থাকিলে, তেওঁ এনেয়ে দুৰ্বল হৈ পৰিব৷
এই ঠাইখনত ঠাণ্ডা বহুত কম৷ হাতৰ
গ্লোভছযোৰ খুলি পেলোৱাৰ পিছতো আঙুলি ঠৰঙা লগা নাই৷ নাকৰ আগতো জঠৰতা অনুভৱ হোৱা
নাই৷ এইটো তেনেহ'লে মাটিৰ তলৰ কোনো গুহা৷ কোনোবা ফালৰ পৰা বতাহ সোমায় নিশ্চয়, কাৰণ শ্বাস প্ৰশ্বাসত কষ্ট হোৱা নাই৷
হঠাৎ খুৰাদেউ উচপ খাই উঠিল৷ কি জানো
বস্তু এটা আহি অকস্মাত তেওঁৰ পিঠিৰ ওপৰত জপিয়াই পৰিল৷
তেওঁ এক ঢকা মাৰিলে বস্তুটোক৷ সি মাটিত
পৰিয়েই ভৌ ভৌ কৰিবলৈ ধৰিলে৷ এটা বগা ৰঙৰ কুকুৰ৷
কুকুৰটোৱে হিংস্ৰ ভাৱে চিঞৰি আকৌ খেদি
আহিল খুৰাদেউৰ পিনে৷ খুৰাদেউৱে তেওঁৰ ভাল ভৰিখনেৰে এক গোৰ মাৰিলে তাক৷ কিছু দূৰলৈ
উফৰি গ'ল কুকুৰটো, তাৰ পিছতে আকৌ আহি ঘেং কৈ কামুৰি ধৰিলে তেওঁৰ ভৰিখনত৷ খুৰাদেউৱে গাৰ
জোৰেৰে তাক আঁতৰাই দূৰলৈ ওফৰাই দিলে৷ তেওঁ খুব ডাঠ কাপোৰৰ পেন্ট পিন্ধি আছিল কাৰণে
দাঁত বহুৱাব নোৱাৰিলে৷
কুকুৰটোৱে মূৰ তল কৰি পিছ ঠেং এখনেৰে
মাটিত আঁচুৰি আঁচুৰি খঙতে গুজৰিছে৷ যেন এই মুহূৰ্ততে আকৌ জপিয়াই পৰিব সি৷
খুৰাদেউৱে ৰিভলভাৰটো তুলি ল'লে৷ এটা গুলিতে তেওঁ কুকুৰটো মাৰি পেলাব পাৰে৷
কিন্তু খুৰাদেউৱে কুকুৰ ভাল পায়৷ কুকুৰটো তেওঁ মাৰিব নিবিচাৰিলে৷
কুকুৰটো জাৰ্মান স্পিৎস জাতৰ, বেছি ডাঙৰ নহয়৷ এই জাতৰ কিছুমান কুকুৰ
খুব হিংস্ৰ হয়, কিন্তু ইয়াৰ কামোৰত মানুহ নমৰে৷
তেওঁ কুকুৰটোক শান্ত কৰিবলৈ চুঃ চুঃ
শব্দ কৰিবলৈ ধৰিলে৷ অথচ কুকুৰটোৱে আকৌ এবাৰ জপিয়াই তেওঁক কামুৰিবলৈ খেদি আহিল৷
খুৰাদেউ আগৰে পৰাই সাজু হৈ আছিল, সজোৰে মাৰিলে এক গোৰ৷
কুকুৰটোৱে এইবাৰ ভুকি ভুকি তেওঁৰ পিছ
পিনে গ'ল৷ তেৱোঁ লগে লগে ঘূৰি বহিল৷ কুকুৰাটোৱে সহজে নেৰিব৷ অথচ ইমান ধুনীয়া
এটা কুকুৰ মাৰিবলৈও মন নাযায়৷ কেবাবাৰো গোৰ খাই কুকুৰটোৱে আৰু সহজে আক্ৰমণ কৰা
নাই৷ এটা সুযোগৰ সন্ধানত আছে৷
হাতৰ ওচৰত একো নাপায় খুৰাদেউৱে
কুকুৰটোৰ পিনে এপাত হাত মোজা মাৰি পঠিয়ালে৷ কুকুৰটোৱে সেইপাত কামুৰি ধৰি গো-গোৱাবলৈ
ধৰিলে৷ তাৰ পিছত হঠাতে সেই পাত মুখত লৈ দৌৰি গুছি গ'ল এফালে৷ অলপ পিছতে সি পুনৰ উভতি আহিল৷
তাৰ মুখখন এইবাৰ খালি৷ খুৰাদেউৱে ভাবিলে, "গ্ল'ভপাত এনে গ'ল! ক'ত জানো থৈ আহিল! যি হওঁক, এপাত যিহেতু গ'লেই, আনপাত ৰাখিনো কি লাভ? খুৰাদেউৱে আনপাতো দলিয়াই দিলে তাৰ
পিনে৷ সি সেইপাতো মুখত লৈ জোকাৰিব ধৰিলে, যেন বৰ আমোদ পাইছে৷ আকৌ পলাই গ'ল সি৷ এইবাৰ উভতি নাহিল৷
খুৰাদেউৱে কিছু সময় অপেক্ষা কৰিলে
কুকুৰটোৰ কাৰণে৷ তেওঁ ভাবিলে, এটা পোহনীয়া কুকুৰ এই গুহাৰ ভিতৰত ক'ৰ পৰা আহিল? স্পিৎস কুকুৰ সাধাৰণতে পোহনীয়াই হয়৷
হিমালয়ৰ ইমান ওপৰত কোনো জীৱ-জন্তু দেখা নাযায়৷ চাৰিওপিনে বৰফৰ ৰাজ্য, তাৰ মাজত এটা পোহনীয়া কুকুৰ! কিছুসময়
ভবাৰ পিছত খুৰাদেউৱে নিজকে কোৱাৰ দৰে ক'লে, হুঁঃ৷
তাৰ পিছত তেওঁ ভাবিবলৈ ধৰিলে দুপৰীয়াৰ
ঘটনাটোৰ কথা৷ পিছফালৰ পৰা কোনোবাই মূৰত মাৰি তেওঁক অজ্ঞান কৰি পেলাইছিল৷ তেনেহ'লে সন্তু আৰু বাকীবোৰৰ কি হ'ল? সিহঁতকো ধৰি আনি এই গুহাটোৰ ভিতৰত ক'ৰবাত পেলাই থৈছে নেকি? ৰানা আৰু ভাৰ্মাৰ লগত লাইট মেচিন গান
আছিল, তেওঁলোকক মৰা ইমান সহজ নহয়৷ কিন্তু তেওঁক যেতিয়া মাৰিছিল, সিহঁতে বাধা নিদিলে কিয়? ক'ত সিহঁত? বিশেষকৈ সন্তুৰ বাবে তেওঁ যথেষ্ট
উদ্বিগ্ন হৈ পৰিল৷ এতিয়াই সিহঁতক বিচৰা দৰকাৰ৷
তেওঁ লাহে লাহে উঠি দেৱালত ভেজা দি থিয়
হ'ল৷ দেৱালৰ গাটো ওখোৰা মোখোৰা৷ তাত ধৰি ধৰি তেওঁ কিছু দূৰ আগুৱালে৷
দূৰৈত য'ত পোহৰৰ দৰে ধোৱা ওলাই আছে, তেওঁ সেইপিনে যাবলৈ চেষ্টা কৰিলে৷
কুকুৰটোৱেও সেইপিনেই পলাইছিল৷
মাইক্ৰ'ফোনত কথা পতাৰ দৰে যে শব্দটো অলপ
আগলৈকে বাজি আছিল, সেইটো থামি গৈছিল এটা সময়ত৷ এতিয়া পুনৰ সেই শব্দটো বাজি উঠিল৷ কি
কৈছে বুজিবলৈ চেষ্টা কৰিলে খুৰাদেউৱে৷ দূৰৰ পৰা খুব অস্পষ্ট শুনা গৈছে শব্দটো- হ'লেও তেওঁ দুই এটা শব্দ ধৰিব পাৰিলে৷
কোনো কথা কোৱা নাই কোনেও, কেৱল খেলি মেলিকৈ মাতি আছে কেইটামান সংখ্যা আৰু
আখৰ৷ এন চি থ্ৰি টু নাইন ফাইভ... আৰ জি টি ফোৰ ফাইভ জিৰো জিৰো জিৰো... টি ও ৱান
এইছ এইট এইট জিৰো জিৰো..
খুৰাদেউৱে ৰৈ ৰৈ শুনিলে৷ দুই তিনি
মিনিটৰ ভিতৰতেই শব্দটো বন্ধ হৈ গ'ল, তাৰ পিছত কিছু সময় ধৰি চেনচেননি শব্দ
এটা বাজি থাকিল৷ খুৰাদেউৰ কপাল কোঁচ খাই গ'ল৷ এইবিলাক আখৰ আৰু সংখ্যাৰ অৰ্থ কি?
কোনে
কাক কৈছে? বা এনেকুৱাও হ'ব পাৰে, আন কিবা শব্দ হৈছে, তেওঁ ভুল শুনিছে! কিহৰ শব্দ?
আৰু দুখোজমান আগুৱাই গৈয়েই খুৰাদেউ
হুৰমুৰকৈ পৰি গ'ল ক'ৰবাত উজটি খাই৷ তেওঁৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে আৰু বিষটোও
তীব্ৰতৰ হৈ পৰিল৷ তেওঁ দাঁতে ওঁঠে কামুৰি সহ্য কৰাৰ চেষ্টা কৰিলে৷ এতিয়া আৰু জ্ঞান
হেৰুৱালে নহ'ব৷ তেওঁ চকুৰে একোকে দেখা নাই৷ দূৰৈৰ পোহৰৰ ধোঁৱাৰ পিনে চাই থকাৰ
বাবেই ওচৰৰ অন্ধকাৰ এতিয়া বেছি অন্ধকাৰ যেন লাগিছে৷
অলপ পিছত বিষটো কিছু কমিল, চকুৰেও অলপ দেখিছে৷ ক'ত উজটি খাইছিল সেয়া জানিবলৈ তেওঁ হাত
ফুৰাবলৈ ধৰিলে চাৰিও পিনে৷ কিবা এটা হাতত লাগিল৷ ভালকৈ চুই চাই গ'ম পালে সেইটো এটা লোৰ বাকচ৷ তেওঁ
বাকচটো টানি খুলিবলৈ চেষ্টা কৰিলে৷ কিন্তু তলা লগোৱা আছিল৷ বহুত টনা আঁজোৰা কৰিও
তেওঁ সেইটো খুলিব নোৱাৰিলে৷ গুহাৰ ভিতৰত তলা মৰা লোৰ বাকচ! খুৰাদেউৱে বাকচটোৰ ওপৰত
বহি আকৌ ভাবিবলৈ ধৰিলে কথাবোৰ৷ এই গুহাটো ক'ত?
খুৰাদেউৱে বেছি সময় ভবাৰ সুযোগ নাপালে৷
দূৰৈত কুকুৰটোৰ মাত আকৌ শুনা গ'ল৷ খুৰাদেউৱে দেখিলে, দুৰৈত সেই পোহৰৰ ধোঁৱাত কুকুৰটোৱে
জপিয়োৱা জপি কৰিছে৷ কুকুৰটো আকৌ আহিল জ্বলাই মাৰিবলৈ৷ খুৰাদেউৰ বৰ মন গ'ল কুকুৰটোক মৰম কৰিবলৈ৷ কুকুৰটোৱে
এনেকুৱা বদমাচি নকৰাহেঁতেন, তাক ওচৰলৈ মাতি মৰম কৰিব পাৰা গ'লহেঁতেন৷
কুকুৰটো কিন্তু এইপিনে নাহিল৷ দূৰৈতে
অকণমান জপিওৱা জপি কৰি সি মিলি গ'ল সোঁফালৰ অন্ধকাৰৰ মাজত৷ পোহৰৰ ধোঁৱাটো ক'ৰ পৰা আহিছে, সেয়া জানিব লাগিব৷ এনেকুৱা লাগিছে যে
তাত এটা গাঁত আছে৷ কাৰণ ধোঁৱাটো আহিছে তলৰ পৰা৷
খুৰাদেউৱে উঠি আগবাঢ়িব খুজিছিল,
তেনেতে
কুকুৰটো পোহৰৰ ধোঁৱাৰ মাজলৈ পুনৰ উভতি আহিল৷ এইবাৰ সেইপিনে চাওঁতেই খুৰাদেউৰ
বুকুখন ধককৈ উঠিল৷ কুকুৰটোৰ ওচৰতেই এটা প্ৰকাণ্ড ছাঁয়ামূৰ্তি৷ মাত্ৰ এক মুহূৰ্তৰ
বাবে দেখা গ'ল সেইটো৷ পিছ মুহূৰ্ততেই মিলি গ'ল অন্ধকাৰৰ মাজত৷
খুৰাদেউৱে দেৱালত আঁউজি থিয় হৈ ৰ'ল৷ মূৰ্তিটো দেখি মানুহ যেন লগা নাই,
বৰং
এটা প্ৰকাণ্ড বান্দৰৰ নিচিনা লাগিল৷ নেজ আছে নে নাই জনা নগ'ল, কিন্তু বান্দৰৰ দৰে সন্মুখলৈ অকণমান
হাউলি থিয় হৈ আছিল৷ খুৰাদেউৱে বুজিলে, এনেকুৱা মূৰ্তিয়েই সন্তু আৰু মিংমাই
দেখিছে৷ এইতো তেনেহ'লে য়েটি? খুৰাদেউৱে ৰিভলভাৰটো জোৰকৈ ধৰিলে৷
আকৌ কুকুৰটোৱে ভুকি উঠিল, আকৌ মূৰ্তিটো দেখা গ'ল, আকৌ মিলি গ'ল৷ এনেদৰে দুবাৰ তিনিবাৰ৷ খুৰাদেউৱে
বুজি নাপালে, তাত কি হৈ আছে৷
তাৰ পিছত সেই বিশাল বান্দৰৰ দৰে
মূৰ্তিটো পোহৰৰ ধোঁৱাৰ মাজতেই ৰৈ গ'ল, পুনৰ মিলি নগ'ল৷ কুকুৰটোৱে তাৰ চাৰিওঁপিনে ঘূৰি ঘূৰি
জপিয়াইছে আৰু ভুকিছে৷ কিন্তু কুকুৰটোৱে সেই মূৰ্তিটোক কামুৰিবলৈ চেষ্টা কৰা নাই৷
এটা সময়ত মূৰ্তিটোৱে ঘপহকৈ কুকুৰটোক দাঙি ল'লে দুহাতেৰে৷ খুৰাদেউৱে ভাবিলে,
এইবাৰ
চাগে সি কুকুৰটোক মাৰি পেলাব৷ তেওঁ ৰিভলভাৰৰ চেফটি কেছ খুলি সেইপিনে টোৱালে৷
কিন্তু কুকুৰটোক সি নামাৰিলে, মাটিত এৰি দিলে৷ কুকুৰটোৱে ভুকি ভুকি
দৌৰি আহিল খুৰাদেউৰ পিনে৷ খুৰাদেউ লোৰ বাকচটোৰ সিটো পাৰে গৈ থিয় হৈ ৰ'ল৷ এখন ভৰিৰে থিয় হৈ থকা অৱস্থাত তেওঁ
গোৰ মাৰিব নোৱাৰিব, কুকুৰটোৱে যদি জপিয়াই কামুৰিবলৈ আহে, তেওঁ দুহাতেৰে বাধা দিব৷
কুকুৰটোৱে অলপ দূৰলৈ আহিয়েই পুনৰ উভতি
গ'ল মূৰ্তিটোৰ ওচৰলৈ৷ সেইপিনে কেইবাৰমান ভুকি আকৌ এইপিনে আহিল৷ তেতিয়া
মূৰ্তিটোৱেও এখোজ দুখোজকৈ আহিবলৈ ধৰিলে৷ খুৰাদেউৱে প্ৰায় উশাহ বন্ধ কৰি ৰৈ থাকিল৷
মূৰ্তিটোৱে দুলি দুলি লাহে লাহে খোজ
কাঢ়ে৷ সি চিধা এইপিনেই আহিছে৷ পোহৰৰ ধোঁৱাটো পিছফালে আছে কাৰণে খুৰাদেউৱে তাৰ
মুখখন দেখা নাই৷
কুকুৰটোৱে খুৰাদেউৰ একেবাৰে সন্মুখত
আহি ভৌ ভৌ কৰিবলৈ ধৰিলে৷ খুৰাদেউৱে সেইপিনে মনোযোগ নিদি একে দৃষ্টিৰে চাই ৰ'ল প্ৰাণীটোৰ পিনে৷ আৰু লুকাবলৈ ৰাস্তা
নাই, প্ৰাণীটো আহিছে তেওঁৰ পিনে৷ তেওঁৰ পৰা পাঁচ ছয় হাত দূৰৈত আহি সি ৰৈ গ'ল৷
খুৰাদেউৱে ৰিভলভাৰটো পোনালে প্ৰাণীটোৰ
বুকুৰ পিনে৷ প্ৰাণীটো তেওঁতকৈও ওখ৷ কিন্তু যিমান ডাঙৰ বান্দৰেই নহওঁক, ৰিভলভাৰৰ এটা গুলিতে ঠাণ্ডা হৈ যাব৷
প্ৰাণীটোৱে একে দৃষ্টিৰে খুৰাদেউৰ পিনে অলপ পৰ চাই থাকি এটা বিকট শব্দ কৰিলে৷
বহুখিনি যেন আট্টহাস্যৰ নিচিনা৷ খুৰাদেউৱে তাৰ চকুৰ পৰা চকু নাতৰালে৷ প্ৰাণীটোৰ
চকু দুটা গোল, চেলাউৰি নাই৷ গোটেই দেহটোত বান্দৰতকৈও দীঘল দীঘল নোম৷ হাত দুখন খুব
দীঘল৷
প্ৰাণীটোৱে দুহাত দাঙি আকৌ এটা ভয়ংকৰ
চিৎকাৰ কৰি আগুৱাই আহিবলৈ ধৰিলে খুৰাদেউৰ পিনে৷ স্পষ্ট যে সি খুৰাদেউক আক্ৰমণ কৰিব
খুজিছে৷ খুৰাদেউৱে খুব দ্ৰুততাৰে চিন্তা কৰিবলৈ ধৰিলে৷ এইটো যদি য়েটি হয়, ইয়াক মাৰি পেলোৱা উচিত নহ'ব৷ পৃথিৱীৰ কোনেও কেতিয়াও জীৱিত য়েটি
ভালদৰে দেখা নাই৷ ৰহস্যময়ী প্ৰাণী হিচাপে ইয়াক জীয়াই ৰখা দৰকাৰ৷ কিন্তু তেওঁ নিজৰ
প্ৰাণটোওতো বচাব লাগিব৷ তেওঁ তাক একেবাৰে নামাৰি ভৰিত গুলীয়াই আহত কৰিবলৈকে ঠিক
কৰিলে৷ সেই শব্দটোতো সি ভয় খাব৷ ৰিভলভাৰৰ নলীটো অলপ তল কৰি তেওঁ ট্ৰিগাৰ টিপিলে৷
কিন্তু গুলি নোলাল, কেৱল খটককৈ এটা শব্দ হ'ল৷ খুৰাদেউৱে ব্যস্ততাৰে আকৌ ট্ৰিগাৰ
টিপিলে, এইবাৰো গুলি নোলাল৷ মুহূৰ্তৰ ভিতৰতে তেওঁ বুজি উঠিল যে তেওঁৰ
ৰিভলভাৰত গুলি নাই৷ এটা শীতল ভয়ৰ সোঁত বৈ গ'ল তেওঁৰ শৰীৰেৰে৷
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ