মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
ষষ্ঠদশ অধ্যায়
খুৰাদেউৱে খৰকৈ চিন্তা কৰিবলৈ ধৰিলে৷
তেওঁৰ ভালকৈ মনত আছে, দুপৰীয়া তেওঁৰ ৰিভলভাৰত গুলী আছিল৷ কিন্তু এতিয়া তাত এটাও গুলী নাই৷
কোনোবাই গুলী উলিয়াই নিছে৷
বান্দৰৰ নিচিনা জন্তুটো ওচৰ চাপি অহাত খুৰাদেউৱে গাৰ জোৰে খালী ৰিভলভাৰটোকে মাৰি পঠিয়ালে তাৰ মূৰলৈ টোঁৱাই৷
সেইটো লগা হ'লে নিশ্চয় তাৰ মূৰ ফালি গ'লহেঁতেন৷ কিন্তু তাৰ আগতেই সি পতককৈ
হাউলি দি কায়দাৰে থাপ মাৰি ধৰিলে ৰিভলভাৰটো৷ তাৰ পিছত সেইটো দূৰলৈ দলিয়াই দি বিভৎস
ভাৱে হঁহাৰ দৰে শব্দ কৰিলে৷
খুৰাদেউৱে কেই মুহূৰ্তমান স্থিৰভাৱে
চাই ৰ’ল প্ৰাণীটোৰ পিনে৷ তাৰ পিছত তেৱোঁ খুব
জোৰে হাঁহি উঠিল হাঁ হাঁ কৈ৷
জন্তুটোৱে খুৰাদেউৰ হাঁহি শুনি যেন
অকণমান থমকি ৰ'ল৷ কুকুৰটোৱেও ভয় খাই গৈছিল অকণমান৷ জন্তুটোৱে খুৰাদেউৱৰ পিনে চাই
মূৰটো ল'ৰাব ধৰিলে লাহে লাহে৷ তাৰ পিছত পুনৰ এটা প্ৰচণ্ড গোজৰণি মাৰি দুহাত
দাঙি আগুৱাই আহিল খুৰাদেউৰ ডিঙি চেপি ধৰিবলৈ৷
খুৰাদেউৱে দেৱালত আউজি নীৰৱে অপেক্ষা
কৰি ৰ'ল৷ জন্তুটো ওচৰ চাপি অহাৰ লগে লগেই তেওঁ নিজেই থাপ মাৰি ধৰিলে তাৰ
এখন হাতত৷ তাৰ পিছত গাৰ জোৰে মাৰিলে এক টান৷
খুৰাদেউৰ এখন ভৰি দূৰ্বল, কিন্তু তেওঁৰ দুবাহুত ভীমৰ সমান বল৷
সেই টানত তাল মিলাব নোৱাৰি জন্তুটো আহি পৰিল খুৰাদেউৰ গাৰ ওপৰত৷ খুৰাদেউৱে গাৰ
জোৰেৰে জন্তুটোক দাঙি মাটিত এছাৰি দিব খুজিছিল, কিন্তু তাৰ আগতেই সি কোনো ৰকমে নিজকে
এৰুৱাই কিছু আঁতৰলৈ গুছি গ'ল৷ আৰু ক্ৰুদ্ধ ভাৱে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে৷
খুৰাদেউৰ মুখত আকৌ হাঁহি বিৰিঙি উঠিল৷
তেওঁ ইংৰাজীতে সুধিলে, "ইউ আৰ মিঃ কেইন শিপটন, আই প্ৰিজিউম?"
জন্তুটোৰ গুজৰণি বন্ধ হ'ল৷ তাৰ পিছত সিও ইংৰাজীতে ক'লে, "ইউ আৰ ৰং, মিঃ ৰায়চৌধুৰী৷"
খুৰাদেউৱে ক'লে, "আপুনি যিয়েই নহওঁক কিয়, দয়া কৰি এই মুখা আৰু কাপোৰ কানিবোৰ
খোলক৷ তেতিয়া কথা পাতিবলৈ ভাল হ'ব৷"
মানুহজনে মূৰৰ পিছ পিনে হাত দি কিবা
এটা কৰাৰ লগে লগেই য়েটিৰ মুখাখন খোল খাই গ'ল৷ কিন্তু তেতিয়াও মানুহজনৰ মুখত আন
এখন মুখা আছিল৷ হালধীয়া ৰঙৰ পলিথিন বা সেই জাতীয় কোনো বস্তুৰে বনোৱা এখন মুখা,
মুখৰ
সৈতে লিপিত খোৱা৷ চকুত চছমা, কিন্তু তাৰ কাঁচ দুখন ৰূপৰ দৰে জিলিকি আছিল৷
মানুহজনৰ কাপোৰৰ ৰঙো হালধীয়া, আৰু খুব টাইট ফিটিং৷ মানুহজন বৰ বেছি এটা ওখ
নহয়৷ কিন্তু বান্দৰৰ অবয়বত তাক বহু ওখ যেন লাগিছিল, হয়তো ওখ জোতাৰ বাবে৷
খুৰাদেউৱে মুখত সামান্য বিৰক্তিৰ ভাব
আনি ক'লে, "এনেকুৱা অদ্ভুত পোচাক পিন্ধাৰ কাৰণ কি? আপুনি চাগে মুখখন দেখুৱাব খোজা নাই?"
মানুহজনে কোনো উত্তৰ নিদিলে৷
খুৰাদেউৱে আকৌ ক'লে, "বান্দৰৰ পোচাক এযোৰ পিন্ধি য়েটি সাজি
আপুনি মোক ভয় খুৱাব খুজিছিল? মোক সৰু ল'ৰা পাইছে? মই যেতিয়া অজ্ঞান হৈ পৰিছিলো, তেতিয়া আপুনি বা আন কোনোবাই মোৰ
ৰিভলভাৰৰ গুলী উলিয়াই ৰাখিছে, সেইটোও মোকেই ঠগিবৰ বাবেই, নহয় জানো?"
মানুহজনে ককালত হাত দি নীৰৱে চাই ৰ'ল খুৰাদেউৰ পিনে৷
খুৰাদেউৱে এইবাৰ ৰুক্ষ মাতেৰে সুধিলে,
"আপুনি মোক ইয়ালৈ জোৰ কৰি লৈ আহিছে কিয়? কোন আপুনি?"
মানুহজনে এইবাৰ লাহেকৈ এটা হাঁহি
মাৰিলে৷ তাৰ পিছত ক'লে, "মিঃ ৰায়চৌধুৰী, এনেকুৱা লগা নাই নে, আপুনি মোক ধৰিছে আৰু এতিয়া জেৰা কৰি
আছে?"
খুৰাদেউৱে ক'লে, "মোক কিয় ধৰি আনিছে সেইটোও নুসুধিম নেকি?
আপুনি
মোৰ নাম জানিলে কিদৰে?"
মানুহজনে ক'লে, "আপুনি বিখ্যাত মানুহ, মিঃ ৰায়চৌধুৰী৷ আপোনাৰ নাম চবেই
জানে৷"
মানুহজনে জেপৰ পৰা এটা সৰু ৰূপালী ৰঙৰ
ৰিভলভাৰ উলিয়াই দুবাৰ মান আঙুলিৰ আগত ঘূৰালে৷ তাৰ পিছত হঠাৎ সেইটো খুৰাদেউৰ পিনে টোঁৱালে৷
লাহে লাহে ক'লে, "মিঃ ৰায়চৌধুৰী, ইয়াত কিন্তু গুলী আছে৷ আৰু ইয়াৰ এটাতকৈ বেছি
গুলি খৰচ কৰিবলগীয়া নহয়৷"
খুৰাদেউৱে অকণো ভয় নাখায় স্থিৰ হৈ ৰ'ল৷ মানুহজনে ট্ৰিগাৰত আঙুলি থৈ মাতিবলৈ ধৰিলে, "ৱান, টু, থ্ৰী.."
খুৰাদেউৱে প্ৰচণ্ড জোৰে ধমক দি উঠিল,
"কি এই বিলাক ল'ৰা ধেমালী কৰি আছে বাৰে বাৰে? আপুনি কি ভাবিছে, এনেকৈ ভয় খুৱাই মোক কাবু কৰিব পাৰিব?
মৃত্যুৰ
ভয় থকা হ'লে কোনো মানুহে খোৰা ভৰিৰে হিমালয় বগাবলৈ নাহে৷"
সেই সময়তে দূৰৈত পুনৰ সেই মাইক্ৰ'ফোনত কথা কোৱাৰ দৰে শব্দটো শুনিবলৈ পোৱা
গ'ল৷ কোনোবাই ইংৰাজীত কেবাটাও আখৰ আৰু সংখ্যা মাতিলে৷
মানুহজনে মনোযোগেৰে শুনিলে৷ তাৰ পিছত
ৰিভলভাৰটো নমাই ক'লে, "ঠিক আছে, আপোনাক আৰু এনেদৰে ভয় নুখুৱাও৷ তাৰোপৰি ভয় খোৱাটো স্বাস্থ্যৰ প্ৰতি
ভালো নহয়৷ মুখত তাৰ ছাপ পৰে৷ আপোনাক আমি খুব ভদ্ৰ ভাৱে, লাহে লাহে, সময় লৈ মাৰিম৷"
খুৰাদেউৱে অবিশ্বাসৰ সুৰত ক'লে, "আপোনালোকে মোক মাৰিব?"
মানুহজনে ক'লে, "তাৰ বাদেনো আৰু কি উপায় আছে, কওঁক৷ আপুনি বহুত নাজানিবলগীয়া কথা
জানি পেলালে৷"
"মোক হত্যা কৰাটো ইমান সহজ নহয়৷ ইয়াৰ আগতেও
বহুতে বহুবাৰ চেষ্টা কৰিছে৷ কোনেওতো পৰা নাই৷"
"মই দুঃখিত, মিঃ ৰায়চৌধুৰী৷ ইয়াৰ পৰা জীৱন্তে ওলাই
যোৱা কোনো ৰাস্তা আপোনাৰ বাবে নাই সঁচাকৈয়ে৷ আপুনি বেছি কৌতূহল নেদেখুৱা হ'লে ইয়াত এনেদৰে মাৰিব
নালাগিলহেঁতেন৷"
"মোক যদি মাৰিবই খুজিছে অযথা কথা কৈ সময়
নষ্ট কৰি আছে কিয়?"
"জানে নহয়, বেছি ভয় খালে বহুতৰে হাৰ্টফেইল হয়৷ ভয়
খুৱাই আপোনাক মাৰি পেলাব পৰা হ'লে আমাৰ বহুত সুবিধা হ'লহেঁতেন৷"
"ভয় খুৱাই মানুহ মৰাই যদি আপোনাৰ কাম,
তেনেহ'লে আপুনি ভুল মানুহ বাচিছে৷"
"হাঃ হাঃ হাঃ, মিঃ ৰায়চৌধুৰী, আপুনি অতি চতুৰতাৰে কথা কৈছে৷ সঁচাকৈয়ে
আপোনাৰ মনৰ জোৰ আছে৷ আপোনাক এতিয়াই মাৰি নেপেলোৱাৰ কাৰণটো কি জানে? মৃতদেহও কথা কয়৷"
"কি?"
"ধৰি লওঁক, আপোনাক গুলীয়াই বা মূৰত আঘাত কৰি নাইবা
বিষ খোৱাই মাৰি পেলালো৷ তাৰ পিছত আপোনাৰ মৃতদেহটো লৈ কি কৰা যাব? ধৰিবই পাৰিছে, সেইটো.."
কথাৰ মাজতে বাধা দি খুৰাদেউৱে ক'লে, "চাওঁক, পেং অবিহনে থিয় হৈ থাকিবলৈ মোৰ অসুবিধা
হৈছে৷ অলপ বহিব পাৰিম নেকি?"
তাৰ পিছত খুৰাদেউৱে লোৰ বাকচটোৰ ওপৰত
বহি লৈ কোটৰ জেপৰ পৰা পাইপ উলিয়ালে৷ কিন্তু পাইপৰ ধপাত যিখন পেকেটত থাকে, তাত নাই৷ বাকী কেইখন পেকটততো হাত ভৰায়
চালে, ধপাতৰ পেকেটটো ক'তো পোৱা নগ'ল৷
মানুহজনে ক'লে, "দুঃখিত, ইয়াত ধূমপান নিষেধ৷ সেই বাবেই আপোনাৰ
জেপৰ পৰা ধপাতৰ পেকটটো উলিয়াই ৰখা হৈছে৷"
খুৰাদেউৱে খালি পাইপডাল দাঁতেৰে কামুৰি
ধৰি খুব শান্ত মাতেৰে ক'লে, "বাৰু, তাৰ পিছত কওঁক, মোৰ মৃতদেহটো লৈ কি কৰিব?"
মানুহজনে ক'লে, "গমতো পাইছেই নিশ্চয়, এই ঠাইখন যে মাটিৰ তলত৷ সেই কাৰণে ইয়াত
ধূমপান নচলে৷ আপোনাৰ মৃতদেটোও ইয়াত ৰাখিব পৰা নাযাব, কাৰণ পচি বিভৎস গোন্ধ ওলাব৷ সেয়ে
আপোনাৰ মৃতদেহটো পেলাই থৈ আহিব লাগিব ওপৰত ক'ৰবাত৷ এদিন নহয় এদিন সেইটো কোনোবাই
বিচাৰি পাবই৷ ওপৰত ঠাণ্ডাত বৰফৰ মাজত মৃতদেহ সহজে নষ্ট নহয়৷ আৰু কোনোবাই বিচাৰি
পোৱাৰ লগে লগেই আপোনাৰ মৃতদেহটোৱে কথা ক'বলৈ আৰম্ভ কৰিব৷
খুৰাদেউৱে ক'লে, "মানে মোৰ মৃতদেহটো পোষ্টমাৰ্টেম কৰিলেই
গম পোৱা যাব যে কেনেদৰে হত্যা কৰা হৈছে৷ বিষ খোৱাই নে গুলী কৰি, নে মূৰত মাৰি!"
"সেইটোৱেই কথা৷ আপুনি বুধিয়ক মানুহ৷
আপোনাক বেছি বুজাব লগীয়া নহয়৷ এনেকুৱা কিবা অস্বাভাৱিক কাৰণত মৃত্যু হোৱা দেখিলেই
চৰাকৰে সন্দেহ কৰিব, তেতিয়া ইয়াত বিচাৰ খোচাৰ বাঢ়িব৷ এই পিনে বেছি মানুহ অহা যোৱা
কৰাতো আমি নিবিচাৰো৷ সেয়ে স্বাভাৱিক মৃত্যুৱেই বেছ সুবিধাজনক৷ দুই তিনিমাহ পিছত
যেতিয়া আপোনাৰ স্বাভাৱিক মৃতদহেটো বিচাৰি পাব, য'ত আপোনাক হত্যা কৰাৰ কোনো চিন নাথাকিব,
তেতিয়া
আৰু কোনেও সন্দেহ নকৰিব৷ ভাবিব, আপুনি পৰ্বততে ক'ৰবাত হেৰাই গৈছিল৷ কি, ঠিকেই কৈছোনে?"
"অঁ, বুজিলো৷ কিন্তু মোৰ এটা কথাৰ উত্তৰ
দিয়কচোন৷ মই স্বাভাৱিক ভাৱে দুই তিনিমাহৰ ভিতৰত মৰিমেই বা কিয়? মোৰতো আৰু অন্ততঃ ত্ৰিছ চল্লিছ বছৰ
জীয়াই থকাৰ ইচ্ছা আছে৷"
"হাঃ হাঃ হাঃ! জীয়াই থাকিবনো কোনে
নিবিচাৰে? আপুনিও নিশ্চয় আৰু ত্ৰিছ চল্লিশ বছৰ জীয়াই থাকিব পাৰিলেহেঁতেন,
যদিহে
আপুনি কলিকতাতে থাকিলহেঁতেন, বা দাৰ্জিলিঙলৈ ফুৰিবলৈ গ'লেহেঁতেন বা আন্য কিবা কৰিলেহেঁতেন৷
ইয়ালৈকে আহি আপোনাক ঘূৰা ঘূৰি কৰিবলৈ কোনে কৈছিল? কোনে কৈছিল আপোনাক গম্বুজৰ ওপৰত গোটেই
ৰাতি বহি চকুত দূৰবীণ লগাই চাই থাকিবলৈ?"
"হুঁ, মোৰ বিষয়ে আপোনালোকে বহুত কথাই জানে
দেখিছো৷ মোৰ পিছত কোনোবা চোৰাংচোৱা লগাইছিল? নাইবা ৱায়াৰলেছত মই যিবোৰ খবৰ পঠাইছিলো, সেইবোৰ আপোনালোকে শুনিছিল৷ কিন্তু
যিয়েই নকওঁক কিয়, দুই তিনিমাহৰ ভিতৰত মোৰ স্বাভাৱিক মৃত্যু হোৱাৰ কোনো আশা নাই৷"
"আছে, আছে, মিঃ ৰায়চৌধুৰী, আছে৷ আপোনালোকৰ দেশ ইণ্ডিয়াত যথেষ্ট
সংখ্যক মানুহ কিয় স্বাভাৱিক মৃত্যুত মৰে কওঁকচোন৷"
"এইবাৰ বুজিলো৷ আপোনালোকে মোক লঘোনে
মাৰিব খুজিছে৷"
"নাই নাই নাই, একেবাৰে লঘোনে নহয়৷ অলপ খাবলৈ দিম৷
আপোনালোকৰ দেশৰ বেছিভাগ মানুহেই কেৱল এবেলা খায়৷ আপুনিও এবেলা খাবলৈ পাব৷ দুখন
টোষ্ট৷ এটা পাঁচ বছৰীয়া শিশুক যদি কেৱল দুখন টোষ্ট খুৱাই ৰখা হয়, তেনেহ'লে সি তিনি মাহতকৈ বেছি জীয়াই নাথাকে৷
আপোনাৰ দৰে এজন স্বাস্থ্যৱান মানুহ ডেৰমাহ দুমাহতকৈ বেছি তিষ্ঠিব নোৱাৰিব৷"
"যিজন চীনা মানুহৰ মৃতদেহ আপোনালোকে
গম্বুজৰ দৰজাৰ কাষত পেলাই থৈ আহিছে, তেওঁকো এনেদৰেই মাৰিছে নেকি?"
"আৰে, সেই চীনা মানুহজন এজন আচৰিত ব্যক্তি
আছিল৷ আপুনি বিশ্বাস নকৰিব, মাত্ৰ দুখনকৈ টোষ্ট খাই তেওঁ আঢ়ৈ বছৰ জীয়াই
আছিল৷ অতি নিৰীহ, শান্ত-শিষ্ট ভাল মানুহ, কেতিয়াও একো গোলমাল নকৰে৷ মোৰতো তেওঁক ভালেই
লাগিছল৷ কিন্তু জীৱিত অৱস্থাত তেওঁক বাহিৰলৈ যাবলৈ দিয়াটো সম্ভৱ নাছিল৷"
"আচৰিত!"
"সঁচাকৈয়ে আচৰিত ন? মাত্ৰ দুখনকৈ টোষ্ট খাই আঢ়ৈ
বছৰ৷"
"সেইটোতো হয়েই৷ কিন্তু মই ভাবিছো,
আপোনালোকে
আঢ়ৈ বছৰতকৈও বেছি সময় ধৰি ইয়াত আছে!"
"আমি ঠিক কিমান দিনৰ ধৰি ইয়াত আছো?
অনুমান
কৰকচোন৷"
খুৰাদেউৱে দাঁতেৰে পাইপডাল কামুৰি
আছিল৷ তেওঁ সেইডাল মুখৰ পৰা উলিয়াই থলে৷ খঙত তেওঁৰ গা মন জ্বলিছে৷ মনোযোগেৰে কিবা
চিন্তা কৰাৰ সময়ত পাইপৰ ধোৱা নাটানিলে তেওঁ নোৱাৰে৷ তেওঁ পাইপডাল মাটিত পেলাই দি
মনে মনে থিৰাং কৰিলে, আজিৰে পৰা পাইপ টনা এৰি দিলো৷ কলিকতাৰ ঘৰত যে আঠ-নডাল পাইপ আছে,
সেইবোৰ
আনক দি দিম৷
কুকুৰটো অলপ আগতে গুছি গৈছিল, এইবাৰ আকৌ উভতি আহিল৷ এইবাৰ কিন্তু সি
আৰু কামুৰিবলৈ চেষ্টা কৰা নাই খুৰাদেউক৷ কুঁ কুঁ শব্দ কৰি শুঙিবলৈ ধৰিলে৷
খুৰাদেউৱে লাহেকৈ তাৰ মূৰটো পিহি দিলে, সি গুছি নগ'ল৷
মুখা পিন্ধা মানুহজনে ক'লে, "আপুনি খোৰা কাৰণেই আপোনাক বান্ধি থোৱা
নাই, আপুনি বেছি দূৰলৈ এনেও যাব নোৱাৰিব৷ এখন ভৰিৰে জপিয়াই জপিয়ই আপুনি
বেছি এটা ঘূৰা-ফুৰা নকৰাই ভাল৷ আপোনাক বিচনা এখন পাতি দিম, শুই থাকিব৷"
খুৰাদেউৱে ক'লে, "ধন্যবাদ, মোক দুটা গাৰু লাগে৷"
"ঠিক আছে, কথা নাই৷ ৰবৰৰ গাৰু, সেইটো ফুলাই আপোনাৰ যিমান মন যায় ওখ
কৰি ল'ব৷ আৰু কিবা?"
"এই কুকুৰটোৱে মোৰ হাত মোজাযোৰ লৈ
গৈছে৷"
"ঘূৰাই পাব৷ আৰু হেৰি... আপোনাৰ টোষ্ট
দুখন আপুনি কাঢ়াকৈ বিচাৰে নে নৰমকৈ সেকি দিলে..."
খুৰাদেউৱে এক মুহূৰ্তৰ ভিতৰতে কুকুৰটো
দাঙি দলিয়াই দিলে মানুহজনৰ মুখত পৰাকৈ৷ আৰু লগে লগেই প্ৰায় চকুৰ নিমিষতে সন্মুখলৈ হাউলি
মানুহজনৰ ভৰি এখনত ধৰি গাৰ জোৰে মাৰিলে এক টান৷
তাল চম্ভালিব নোৱাৰি ধামকৈ মাটিত বাগৰি
পৰিল সি৷
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ