Mar 28, 2014

য়েটি অভিযান - চতুৰ্দশ অধ্যায়

ৰাজীৱ ফুকন
Yeti Obhijan By Rajiv Phukan       

মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

চতুৰ্দশ অধ্যায়

ভাৰ্মাৰ মুখ দেখি ভাব হ', জীৱনত তেওঁ ইমান অবাক কেতিয়া হোৱা নাছিল৷ চকু দুটা একেবাৰে স্থিৰ হৈ পৰিছে৷ চেপা মাতেৰে তেওঁ সুধিলে "এয়া কি কথা? মিঃ ৰায়চৌধুৰী ক'লৈ গ'?"

ৰানাই ক'লে, "ষ্ট্ৰেঞ্জ! ভেৰি ষ্ট্ৰেঞ্জ! তেওঁতো আমাৰ পিছে পিছেই আহি আছিল, অলপ আগতে দেখিছিলো! কিবা কাৰণত তেওঁ গম্বুজলৈ উভতি গ'ল নেকি?"
 
ভাৰ্মাই ক'লে, "সেইটো কেনেকে সম্ভৱ? ইমান সোনকাল তেওঁ কেনেকৈ উভতি যাব? তেওঁতো দৌৰিব নোৱাৰে? তাৰোপৰি আমাক নোকোৱাকৈ যাবই বা কিয়?"
 
ভাৰ্মাই এক দৃষ্টিৰে চাই ৰ'ল বৰফৰ ওপৰত পৰি থকা পেং পাতৰ পিনে৷
 
ৰানাই ক'লে, "তেওঁ পেং নোহোৱাকৈ খোজেই বা কাঢ়িব কেনেকৈ? তাত তেজেই বা পৰি আছে কিয়? একো ধৰিব পৰা নাই!"
 
সন্তু ইমান হতভম্ব হৈ পৰিছিল যে একো কথাই ক'ব পৰা নাছিল৷ বিশেষকৈ তেজ দেখি তাৰ বুকুখন কঁপিছিল৷
 
মিংমাই হঠাতে খুব জোৰেৰে চিঞৰি উঠিল, "আংকল চাহাব! আংকল চাহাব!"
 
ঠাইখন ইমানেই নিস্তব্ধ যে মিংমাৰ চিৎকাৰত সেই স্তব্ধতা ভাঙি একেবাৰে ৰজন জনাই গ'ল৷ বহু দূৰত তাৰ প্ৰতিধ্বনি শুনা গ', যেন তিনিওঁফালৰ পৰা মিংমাক ভেঙুচালি কৰি কোনোবাই ক'বলৈ ধৰিলে, আংকল চাহাব, আংকল চাহাব!
 
মিংমাই আৰু দুবাৰ মাতোতেই ৰানাই ক'লে, "থাওঁক, আৰু চিঞৰি লাভ নাই৷ মিঃ ৰায়চৌধুৰীয়েতো আৰু আমাৰ লগত লুকা ভাকু নেখেলে৷"
 
ভাৰ্মাই ক'লে, "য়েটি যে অদৃশ্য হ'ব পাৰে, সেই কথা ময়ো শুনিছো৷ যদি য়েটিয়ে আহি মিঃ ৰায়চৌধুৰীক ধৰি লৈ গৈছে...."
 
ৰানাই ক'লে, "য়েটি? আপুনিও য়েটি বিশ্বাস কৰে?"
 
ভাৰ্মাই ক'লে, "তাৰ বাদে আৰু কি ব্যাখ্যা থাকিব পাৰে কওঁকচোন? সেই কাৰণেই মই তেতিয়া মিঃ ৰায়চৌধুৰীক কৈছিলো, মাত্ৰ এই কেইজন মানুহ লৈ এতিয়া কালাপাথৰৰ পিনে যাব নালাগে৷"
 
মিংমাই তেতিয়া বৰফৰ ওপৰত শুই পৰি লাহে লাহে বগুৱা বাই আগবাঢ়িব ধৰিলে খুৰাদেউৰ পেং পাতৰ পিনে৷
 
ভাৰ্মাই ক'লে, "হাৰে, তেনেকুৱা কিয় কৰিছা?"
 
ৰানাই ক'লে, "সি চাব খুজিছে, তাত ক্ৰিভাছ আছে নেকি! ক্ৰিভাছত পৰি মিঃ ৰায়চুধুৰী তলত সোমাই যাব পাৰে৷"
 
ভাৰ্মাই যেন নিজৰ অজানিতেই দুখোজ পিছুৱাই গ'ল৷ তাৰ পিছত ক'লে, "আমিওতো এইপিনেৰেই গৈছিলো!"
 
ৰানাই ক'লে, "কিছুমান সৰু সৰু ক্ৰিভাছ থাকে, ঠিক সেইটোৰ ওপৰত ভৰি দিলেই বিপদ! মিংমাই ঠিকেই কৰিছে, শুই থাকিলে হঠাৎ সোমাই যোৱাৰ ভয় নাথাকে৷"
 
সন্তুৱে ক'লে, "তেজ.. তেজ ক'ৰ পৰা আহিল? বৰফৰ ওপৰত পৰিলেতো বেছি দুখ নাপায়৷ তেজ কিয় ওলাব?"
 
ভাৰ্মাই ক'লে, "ঠিক কৈছা সন্তু, তেজ ক'ৰ পৰা আহিল?"
 
মিংমাই অকণ অকণকৈ আগুৱাই গৈ পেং পাতৰ ওচৰ পালেগৈ৷ তাৰ পিছত বৰফৰ ওপৰত হাতেৰে চপৰিয়াবলৈ ধৰিলে জোৰে জোৰে৷ গুৰি গুৰি বৰফ ছিটিকিবলৈ ধৰিলে চাৰিওপিনে, কিন্তু বুজা গ', সেইখিনি ঠাইত বৰফৰ মাজত কোনো গাঁত-তাঁত নাই৷
 
একেদৰে মিংমাই চপৰিয়াই চালে ওচৰৰ-পাজৰৰো কিছু ঠাই৷ এটা সময়ত উঠি নিৰাশ মাতেৰে সি ক'লে, "নাই চাহাব, ইয়াত ক্ৰিভাছ নাই৷"
 
ৰানাই ক'লে, "আচৰিত? এটা মানুহ হঠাৎ কেনেকৈ নোহোৱা হৈ যাব পাৰে!"
 
ভাৰ্মাই ক'লে, "কথাটো মই একেবাৰে ভাল দেখা নাই৷ আমি আৰু বেছি সময় ইয়াত থকাতো ঠিক নহ'ব৷"
 
ৰানাই ক'লে, "মানে? আমি উভতি যাব লাগে বুলি ক'ব খুজিছে নেকি? মিঃ ৰায়চৌধুৰীক নিবিচৰাকৈয়ে? ভাৰত চৰকাৰৰ পৰা বিশেষ ৰিকুৱেষ্ট আছে, যাতে আমি তেওঁৰ নিৰাপত্তাৰ দায়িত্ব লওঁ৷"
 
ভাৰ্মাই ক'লে, "আৰু কত বিচাৰিব? চাৰিও পিনে ধকধককৈ বৰফ জিলিকি আছে৷ ইয়াত কোনোবা মানুহ লুকাই থাকিব পাৰে নেকি? আৰু মিঃ ৰায়চৌধুৰীৰ দৰে এজন খোৰা মানুহে দৌৰিবও নোৱাৰে৷ তেনেহ'লে তেওঁ গ'ল ক'?"
 
ৰানাই ক'লে, "সেইটোৱেইতো কথা৷ তেওঁ গ'ল ক'? ইয়াৰ কিবা নহয় কিবা ব্যাখ্যা নিশ্চয় থাকিব লাগিব!"
 
ভাৰ্মাই ক'লে, "চাওঁক, ছেক্সপীয়েৰৰ হেমলেটৰ সেই লাইনটো মোৰ মনত পৰিছে৷ 'দেয়াৰ আৰ মোৰ ঠিংছ ইন হেভেন এণ্ড আৰ্থ, হোৰিছিও, দেন আৰ ড্ৰেমট অব ইন ইয়োৰ ফিলোচফি!' আপুনি যিয়েই নকওঁক কিয়, আকাশে বতাহে এতিয়াও এনেকুৱা বহুত ৰহস্য আছে, যিবোৰ মানুহে নাজানে৷"
 
ৰানাই ক'লে, "এয়া কি মিঃ ভাৰ্মা? আপুনি আলৌকিক কথাতো বিশ্বাস কৰে নেকি?"
 
এই কথাৰ উত্তৰ নিদি ভাৰ্মা আঁঠু কাঢ়ি বহি পৰিল বৰফৰ ওপৰত৷ তাৰ পিছত হাত যোৰ কৰি কি জানো মন্ত্ৰ পাঠ কৰিবলৈ ধৰিলে৷
 
অলপ পিছত তেওঁ উঠি ক'লে, "মোৰ ভীষণ ঠাণ্ডা লাগিছে৷ মই আৰু ইয়াত থাকিব নোৱাৰিম৷ ব'লক, গম্বুজলৈ উভতি যাওঁ৷"
 
ৰানা যেন হতবুদ্ধি হৈ পৰিল৷ আচৰিত হৈ ক'লে, "গম্বুজলৈ উভতি যাব? মিঃ ৰায়চৌধুৰীৰ কি হ'?"
 
ভাৰ্মাই ক'লে, "গম্বুজলৈ গৈ দেখা যাওঁক৷ কিবা কাৰণত বা কিবা উপায়েৰে তেওঁ তালৈকে যাবও পাৰে৷ হয়তো কিবা দৰকাৰী বস্তু এৰি থৈ আহিছে৷"
 
ৰানাই ক'লে, "গম্বুজটো কিমান দূৰত নাজানে নেকি? তেওঁ ইমান দূৰলৈ গুছি গ', আৰু আমি গমেই নাপালো৷"
 
ভাৰ্মাই এইবাৰ অলপ বিৰক্তিৰে ক'লে, "তেওঁ যে আমাক চেৰ পেলাই আগফালে যোৱা নাই, সেইটোতো ঠিক৷ গতিকে তেওঁক বিচাৰিবলৈ হ'লে আমি পিছফালেই বিচাৰিব লাগিব৷ মোৰ ভীষণ ঠাণ্ডা লাগিছে৷ ভৰি দুখনো শিল হৈ আহিছে৷ আৰু বেছি সময় ইয়াতে থাকিব লাগিলে ময়ো মৰিব লাগিব!"
 
সন্তুৱে ৰানাৰ মুখলৈ চাই ক'লে, "মই এটা কথা কওঁ?"
 
ৰানাই ক'লে, "কি?"
 
ভাৰ্মাই ক'লে, "বোলা, গম্বুজলৈ বোলা, তাত বহি তোমাৰ কথা শুনিম৷"
 
সন্তুৱে ক'লে, "মই এবাৰ এটা ক্ৰিভাছত পৰি গৈছিলো! মিংমায়ে টানি উঠাইছিল৷"
 
মিংমাই ক'লে, "হয় চাহাব৷"
 
সন্তুৱে ক'লে, "বৰফৰ বহুত তললৈ সোমাই গৈছিলো মই৷ তাৰ পিছত, এটা ঘটনা ঘটিল৷ মোৰ মূৰটো ক'ৰবাত খুন্দা খালে৷ টান কিবা এটাত৷ মোৰ ধাৰণা, সেইখন এখন লোৰ পাত আছিল৷"
 
ভাৰ্মা আৰু ৰানা দুয়োজনেই একেলগে সুধিলে, "কি?"
 
সন্তুৱে ক'লে, "লোৰ পাত৷"
 
ভাৰ্মাই ঠাত্তাৰ সুৰত ক'লে, "বৰফৰ তলত লোৰ পাত? তোমাৰ মূৰৰ বিকৃতি হোৱা নাইতো?"
 
ৰানাই আগ্ৰহেৰে সুধিলে, "তুমি কেনেকৈ জানিলা যে লোৰ পাত? শিলোতো হ'ব পাৰে, বৰফৰ তলততো শিল থাকেই৷"
 
সন্তুৱে ক'লে, "শিল চুলে যেনে ধৰণৰ অনুভৱ হয়, লোৰ পাতৰ দৰে সমান বস্তু চুলে তাতকৈ বেলেগ ধৰণৰ অনুভৱ হয়৷ মোৰ সেই বেলেগ ধৰণৰ অনুভৱটো হৈছিল৷"
 
ভাৰ্মাই ক'লে, "লোৰ ঝনঝননি শব্দ হৈছিল?"
 
সন্তুৱে মূৰ তল কৰি ক'লে, "তেনেকুৱা অৱশ্যে হোৱা নাই৷ বা হ'লেও মই শুনা নাই৷ কেৱল মোৰ অলপ বেলেগ ধৰণৰ লাগিছিল৷"
 
ৰানাই সুধিলে, "সেই ঠাইখন ক'?"
 
সন্তুৱে এফালে আঙুলিৰে দেখুৱাই ক'লে, "সেই ঠাইখন ইয়াত নহয়৷ সেই পিনে, তাত৷ মিংমাই তাত খুটি এটাৰ ওপৰত ৰঙা ৰুমাল এখন বান্ধি থৈ আহিছিল চিন হিচাপে৷ হয়তো বিচাৰিলে ঠাইখন পোৱা যাব৷"
 
ভাৰ্মাই ক'লে, "আমি ইয়াত এনেয়ে সময় নষ্ট কৰি আছো৷ হয়তো মিঃ ৰায়চৌধুৰী কিবা প্ৰকাৰে আহত হৈ গম্বুজলৈ উভতি গৈছে, জিৰণি ল'বলৈ৷ তাৰোপৰি ধৰা হ', সন্তুৱে য'ত পৰিছিল, তাত বৰফৰ তলত সঁচাকৈয়ে লোৰ পাত এখন পৰি আছে৷ হয়তো কোনোবাই কেতিয়াবা তাত পেলাই থৈ গৈছিল৷ কিন্তু তাৰ লগত এতিয়াৰ ঘটনাটোৰ সম্পৰ্ক কি?"
 
সন্তুৱে ক'লে, "খুৰাদেউৱে কৈছিল, কেইন ছিপটন নামৰ অভিযাত্ৰীজন ইয়াতেই ক'ৰবাত নোহোৱা হৈছিল৷ তেওঁৰ সন্ধানতেই খুৰাদেউ ইয়ালৈ আহিছে৷ তাৰ পিছত খুৰাদেউ নিজেও এই একেখিনি ঠাইৰ পৰাই নোহোৱা হৈ গ'ল৷ দুয়োটা ঘটনাৰ মাজত কোনো যোগাযোগ থাকিব নোৱাৰেনে?"
 
ভাৰ্মাই ক'লে, "ইয়াৰ মাজত কেইন ছিপটনৰ কথা ক'ৰ পৰা আহিল? কোনে ক'লে, মিঃ ৰায়চৌধুৰী কেইন ছিপটনৰ সন্ধানত ইয়ালৈ আহিছে বুলি? কেইন ছিপটন বিদেশী, তেওঁ নিৰুদ্দেশ হৈছিল নেপালত৷ এই লৈ ভাৰত চৰকাৰে মূৰ ঘমাব কিয়? তোমাৰ খুৰাদেউৱে য়েটিৰ ৰহস্যৰ ওপৰত গৱেষণা কৰিম বুলি কৈ ভাৰত চৰকাৰৰ পৰা সহায় বিচাৰিছিল৷ য়েটি সম্পৰ্কে মোৰো এটা থিয়'ৰি আছে, বোলা, গম্বুজত গৈ ক'ম৷"
 
ৰানাই সন্তুৰ পিনে চাই সুধিলে, "তুমি কি ক'ব খুজিছিলা?"
 
সন্তুৱে ক'লে, "'ত তেজ পৰি আছে, তাৰ বৰফখিনি অলপ খান্দি চাব নোৱাৰিনে? তাৰ তলতো কিবা থাকিব পাৰে৷ পেং অবিহনেতো খুৰাদেউৰ বাবে ক'লৈকো যোৱা সম্ভৱ নহয়৷"
 
ভাৰ্মাই ক'লে, "মিংমাই চোন চালেই, সেইখিনি ঠাইৰ বৰফ টান, তাৰ তলত তোমাৰ খুৰাদেউ কেনেকে সোমাব? মিছা-মিছি বৰফ খান্দি একো লাভ নাই৷ ব'লক, মিঃ ৰানা, গম্বুজৰ পিনে বোলক৷ মই আৰু থাকিব নোৱাৰা হৈছো৷"
 
ৰানাই গম্ভীৰ ভাৱে ক'লে, "আপোনাৰ যদি বেছি ঠাণ্ডা লাগিছে, আপুনি গম্বুজৰ পিনে আগবাঢ়ি থাকক, মিঃ ভাৰ্মা৷ এই ল'ৰাটোৱে যেতিয়া কৈছে, বৰফ খান্দিয়েই চাওঁ৷ মিঃ ৰায়চৌধুৰীৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰিবলৈ মই বাধ্য৷"
 
ভাৰ্মাই ক'লে, "আকাশৰ অৱস্থাটো এবাৰ চাওঁক৷"
 
সকলোৱে ওপৰলৈ চাই দেখিলে, সঁচাকৈয়ে আকাশৰ অৱস্থা হঠাৎ সলনি হৈ গৈছে৷ কি সুন্দৰ ৰ'দ দি আছিল অলপ আগলৈকে৷ এতিয়া জানো কৰবাৰ পৰা ক'লা ডাৱৰে আহি চানি ধৰিবলৈ ধৰিলে আকাশখন৷ যি কোনো সময়তে বৰষুণ দিব পাৰে৷ বা তুষাৰ পাত হ'লেও একো আচৰিত হ'বলগীয়া নাই৷ ধুমুহাৰ মাজত এনেদৰে বাহিৰত থকাতো বিপদজনক৷
 
মিংমাই তাৰ কান্ধৰ মোনাখনৰ পৰা চিপৰাং এখন উলিয়াই লৈ ক'লে, "মই ফটা-ফট খান্দি চাওঁ, চাহাব৷ বেছি সময় নালাগিব৷"
 
কোৱাৰ লগে লগেই সি ধাপ ধুপ চিপৰাং মাৰিবলৈ আৰম্ভ কৰিলে বৰফৰ ওপৰত৷ তাৰ হাত চলিবলৈ ধৰিলে একেবাৰে যন্ত্ৰৰ দৰে৷ সন্তু তাৰ একেবাৰে কাষত গৈ ৰ'ল৷
 
চাওঁতে চাওঁতে মিংমাই বহুখিনি গাঁত খান্দি পেলালে৷ ভাৰ্মা আৰু ৰানাই উকি মাৰি চালে তললৈ৷ দুয়োজনৰ মুখত সন্দেহ৷ সঁচাকৈ এজন মানুহ ইমান কঠিন বৰফৰ তললৈ সোমাই যাব পাৰে জানো?
 
এটা সময়ত মিংমাৰ চিপৰাঙত ঠংকৈ কিবা এটা লাগিল, সন্তু উচপ খাই উঠিল লগে লগে৷
 
মিংমাই আৰু দুই তিনিবাৰ চিপৰাং মাৰি ৰৈ গ'ল৷ ইমান ঠাণ্ডাটো তাৰ কঁপালত পৰিশ্ৰমৰ ঘাম বিৰিঙি উঠিছে৷ বাওঁ হাতেৰে ঘাম মচি সি সন্তুৰ পিনে চাই কৰুণ মাতেৰে ক'লে, "লোহাৰ পাত নাই, সন্তু চাহাব৷ পাথৰ আছে, পাথৰ৷"
 
হাউলি এটুকুৰা শিল তুলি আনি দেখুৱালে সি৷
 
ভাৰ্মাই ক'লে, "কৈছিলোৱেই আগতে, অযথা পণ্ডশ্ৰম!"
 
ৰানাই ক'লে, "তাকেইতো!"
 
ভাৰ্মাই ক'লে, "আৰু দেৰি কৰিব নালাগে, ধুমুহা আহিব, 'লক সোনকাল৷"
 
ৰানাই ক'লে, "হয়, আৰু ইয়াত থকাৰ কোনো অৰ্থ নাই৷ ব'লক৷ যাওঁ গৈ৷"
 
মিংমাই সন্তুৰ হাতত ধৰি ক'লে, "'লা, সন্তু চাহাব৷"
 
সন্তুৱে খুব জোৰেৰে তাৰ তলৰ ওঁঠটো কামুৰি ধৰিলে৷ মানুহৰ আগত সি কেতিয়াও কান্দিব নিবিচাৰে৷ কিন্তু তাৰ এনেকুৱা লাগিছে, সিহঁতে যেন খুৰাদেউক ইয়াত অসহায় অৱস্থাত এৰি থৈ যাবলৈ ওলাইছে৷ অথচ ধুমুহাৰ মাজত ইয়াত ৰৈ থকাটোও সম্ভৱ নহয়৷
 
ধুমুহা তেতিয়ালৈ অহা নাছিল, কিন্তু আকাশখন ক্ৰমে বেছি অন্ধকাৰ হৈ আহিবলৈ ধৰিলে৷ সিহঁত আগবাঢ়িল গম্বুজটোৰ পিনে৷
 
ভাৰ্মাই ক'লে, "ধুমুহা আহিলে আৰু কি বিপদ হ'ব জানে? হেলিকেপ্টাৰখন আহিব নোৱাৰিব৷ তেনেহ'লে গোটেই ৰাতি আমি সেই গম্বুজটোৰ ভিতৰতে থাকি দিব লাগিব! হে প্ৰভু! এইবোৰ সঁচাকে ভুতৰে কাম৷"
 
আৰু কোনেও একো নক'লে৷ প্ৰায় চল্লিছ মিনিট ধৰি খোজ কাঢ়ি অহাৰ পিছত সিহঁত গম্বুজটোৰ ওচৰ পালে৷ মিংমাই দৌৰি গম্বুজটোৰ ভিতৰলৈ সোমাই গ'ল৷
 
অলপ পিছতেই গম্বুজৰ ওপৰৰ খিৰিকীখন খুলি সি ক'লে, "নাই চাহাব, আংকল চাহাব ইয়াতো নাই৷"
 
ৰানাই ক'লে, "ছেঃ, শেষ আশাটোও গ'ল৷"
 
ঠিকে তেতিয়াই ঘৰ-ঘৰ ঘৰ-ঘৰ শব্দ শুনা গ'ল আকাশত৷ হেলিকেপ্টাৰখন আহিছে৷ ভাৰ্মাই ক'লে, "বাঃ, বঢ়িয়া! ৰাতি আৰু ইয়াত থাকিব লগীয়া নহব। ব'লক ব'লক, আৰু দেৰি কৰিব নালাগে৷"
 
সন্তুৱে সুধিলে, "আমি ইয়াৰ পৰা গুছি যাম?"
 
ভাৰ্মাই ক'লে, "অঁ, মই যাব খুজিছো কাৰণে কি তোমালোকে মোক ভয়াতুৰ বুলি ভাবিছা নেকি? যি শত্ৰুক চকুৰে দেখা পাওঁ, তাৰ সৈতে যুঁজিবলৈ মই কেতিয়াও ভয় নকৰো৷ কিন্তু অদৃশ্য শত্ৰুৰ সৈতে কেনেকৈ যুঁজে মই নাজানো৷ তোমাৰ খুৰাদেউ যে মিছিং, সেই খবৰ ভাৰত চৰকাৰক এতিয়াই জনাব লাগিব৷ তাৰ পিছত ডাঙৰ চাৰ্চ পাৰ্টি আনি বিচাৰিব লাগিব তেওঁক৷"
 
ৰানাই চিন্তিত ভাৱে ক'লে, "আপুনি ঠিকেই কৈছে৷ ইয়াত থাকি আৰু কোনো লাভ নাই৷ ধুমুহা অহাৰ আগতেই আমি উভতি যোৱা ভাল৷"
 
সন্তুৱে হঠাৎ ক'লে, "মই নাযাওঁ৷"
 
ভাৰ্মাই ক'লে, "তুমি নযোৱা?"
 
সন্তুৱে তেওঁলোকৰ পৰা কিছু দূৰলৈ আঁতৰি আহি আকোঁৰগোজৰ দৰে ক'লে, "মই কোনোপধ্যেই নাযাওঁ! ইয়াতেই থাকিম। কোনোপধ্যেই নাযাওঁ!"
 
তাৰ পিছত তেওঁলোক দুজনে তাক বহুত বুজাবলৈ চেষ্টা কৰিলে৷ সি একোতে মান্তি নহ'ল৷ চাৰ্চ পাৰ্টি যিহেতু আহিবই, তেতিয়ালৈকে সি এই গম্বুজটোৰ ভিতৰতে অপেক্ষা কৰিব৷
 
ভাৰ্মাই ক'লে, "'ৰাটো পাগল হৈছে নেকি? ইয়াত সি অকলে থাকিব?"
 
মিংমাই ক'লে, "মই সন্তু চাহাবৰ লগত থাকিব পাৰিম৷"
 
শেষত সেইটোকে ঠিক কৰা হ'ল৷ আৰু দেৰি কৰি লাভ নাই বুলি ৰানা আৰু ভাৰ্মা হেলিকেপ্টাৰত উঠিল৷ সিহঁতে ক'লে, গম্বুজৰ দৰজাখন ভিতৰৰ পৰা ভালকে মাৰি ল'বলৈ৷ কালি ৰাতিপুৱা আকৌ উভতি আহিব হেলিকেপ্টাৰখন ৷
 
প্ৰবল শব্দ কৰি হেলিকেপ্টাৰখন উঠি গ'ল ওপৰলৈ৷ গম্বুজৰ দৰজাৰ মুখত থিয় হৈ চাই ৰ'ল সন্তু আৰু মিংমাই৷

***

পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ