Mar 17, 2014

য়েটি অভিযান - তৃতীয় অধ্যায়

ৰাজীৱ ফুকন
 

মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

তৃতীয় অধ্যায়

গুলিৰ শব্দত চৌপাশৰ পাহাৰ-পৰ্বতবোৰ যেন কঁপি উঠিল৷ যেন অজস্ৰ গুলি ফুটিবলৈ ধৰিলে অজস্ৰ পাথৰৰ ওপৰত৷ তাৰপিছতো দূৰে-দূৰে বাজি থাকিল সেই শব্দ৷
 
খুৰাদেউৱে ইমান অকস্মাতে গুলি ফুটাইছিল যে সন্তু শ্বক খাই গৈছিল৷ পৰ্বতীয়া ঠাইত প্ৰতিধ্বনি কিমান হয়,  সেই ক্ষেত্ৰতো সন্তুৰ প্ৰথম অভিজ্ঞতা হ'ল৷
 
খুৰাদেউৱে ৰিভলভাৰৰ মুখখন দুবৰ ফুঁৱাই দিলে৷ তাৰ পিছত সন্তুক সুধিলে, "তই ৰিভলভাৰ চলাবলৈ শিকিবি নেকি?"
 
সন্তুৱে লগে লগে মূৰ দুপিয়ালে৷
 
খুৰাদেউৱে ৰিভলাৰটো তাৰ পিনে আগবঢ়াই দি ক'লে, "ভালকৈ ধৰ! এতিয়া ডাঙৰ হৈছ, পাৰিবি৷ এইবাৰ যিটো আভিযানত ওলাইছো, তাত পদে পদে বিপদ হ'ব পাৰে৷ ধৰি ল' মই যদি হঠাৎ মৰি থাকো, তইতো বচাৰ চেষ্টা কৰিব লাগিব৷"
 
সন্তুৱে ৰিভলভাৰটো লৈ হাতখন বুকুৰ ওচৰত ৰাখিছিল৷ চিনেমাত সি দেখিছে এনেদৰে গুলি কৰা৷
 
খুৰাদেউৱে ক'লে, "তেনেকৈ নহয়! তেনেকৈ গুলি কৰিলে তই নিজে মৰিবি৷ হাতখন পোন কৰি সন্মুখলৈ আগবঢ়াই দে৷ এতিয়া হাতত পুৰা জোৰ দে, যাতে হাতখন কোনোপধ্যে বেঁকা হৈ যাব নোৱাৰে৷ গুলি এৰাৰ লগে লগে কিন্তু প্ৰচণ্ড জোৰে জোকাৰি দিব!"
 
সঁচাকৈয়ে ৰিভলভাৰ হাতত ল'লেই এটা ৰোমাঞ্চকৰ অনুভূতি যাগে৷ সন্তুৱে ইয়াৰ আগতেও এবাৰ নে দুবাৰ খুৰাদেউৰ ৰিভলভাৰটো চুই চাইছে৷ এবাৰ সি এনেয়ে গুলি কৰিও চাইছিল৷ এইবাৰ সি এইম কৰি ঠিকমতে গুলি কৰিব৷
 
খুৰাদেউৱে ক'লে, "ধৰি ল', এই সময়ত হঠাৎ ভালুকটো আহি ওলাল, তই মাৰিব পাৰিবিনে?"
 
সন্তুৱে ক'লে, "'৷"
 
খুৰাদেউৱে ক'লে, "ইমান সহজ নহয়৷ বাৰু, সেই যে পাইন গছজোপা, তাৰ মূৰলৈ লক্ষ কৰি গুলিয়াচোন! সাৱধান, হাত যাতে চিধা থাকে৷"
 
সন্তুৱে কায়দা কৰি এটা চকু মুদি ভালদৰে চাই ল'লে পাইন গছজোপাৰ মূৰটো, তাৰ পিছত ট্ৰিগাৰ টিপিলে৷
 
ইমান ডাঙৰ শব্দ হ'ল যে সন্তুৰ কাণ তাল মাৰি ধৰাৰ উপক্ৰম হৈছিল৷ সি চকু মুদি দিছিল৷ তাৰ পিছত চকু মেলি দেখিলে, খুৰাদেউৱে হাঁহিছে৷
 
খুৰাদেউৱে ক'লে, "বেচেৰা গছজোপা বাচি গ'ল৷ তোৰ গুলিত তাৰ পাত এটাও নসৰিল৷"
 
সন্তুৱে ভাবিছিল, তাৰ গুলিটো লাগিবই৷ ৰিভলভাৰৰ নলীটো এতিয়াও গছজোপাৰ পিনে মুখ কৰি আছে৷ অথচ গুলিটো বেলেগ ফালে গুছি গ'ল!
 
লজ্জা লুকুৱাবলৈকে সিও খুৰাদেউৰ দৰে ৰিভলভাৰৰ নলীত ফুঁ দিলে দুবাৰ৷
 
খুৰাদেউৱে ক'লে, "ইমান সহজ নহয়৷ আৰু কেবাবাৰো প্ৰক্টিছ কৰিব লাগিব৷"
 
মালবাহক কুলি দুটা নৈখনলৈ নামি গৈছিল পানী খাবলৈ৷ ওপোৰা-উপৰিকৈ দুটা গুলিৰ শব্দ শুনি সিহঁত লৰা-ধপৰা কৰি উঠি আহিল৷ সন্তুৰ হাতত ৰিভলভাৰ দেখি সিহঁত হতবাক৷
 
সিহঁতৰে এটাই খুৰাদেউক সুধিলে, "কেয়া হুৱা, চাব?"
 
খুৰাদেউৱে ক'লে, "এইপিনে এটা ভালুক ওলাইছে৷"
 
এই পাহাৰী মানুহবোৰেও ভালুকক বৰ ভয় কৰে৷ সিহঁতৰ মুখ কেইখন শুকাই গ'ল৷ তেনেতে তিনিজন জাপানী মানুহ নামি আহিল ৰাস্তাটোৰে৷
 
খুৰাদেউৱে সিহঁতক সুধিলে, "তোমালোকে ভালুকৰ বিষয়ে কিবা শুনিছা?"
 
জাপানীজ কেইজনে ইংৰাজী ভালকৈ নুবুজে৷ কথাটো দুই-তিনিবাৰ কৈ বুজাব লগীয়া হ'ল সিহঁতক৷ তাৰ পিছত সিহঁতে ভঙা ভঙা ইংৰাজীতে জনালে যে বহুত মানুহ দলবান্ধি জংগলৰ পিনে খেদি গৈছে, ভালুকটো পলাইছে৷
 
এজন জাপানীজে হাঁহি ক'লে, "আমাৰে লাক বেয়া! ভালুকটো নেদেখিলো৷"
 
খুৰাদেউৱে সন্তুক ক'লে, "দেখিলি! ইয়াকে কয় সাহসী মানুহ৷ দিনৰ ভাগত ইমান মানুহ ৰাস্তাৰে অহা যোৱা কৰি আছে, এটা ভালুকে কি কৰিব?"
 
সন্তুৱে ক'লে, "কিন্তু ভালুকটোৱে যে এজন মানুহৰ পেট ফালি ছিৰাছিৰি কৰি পেলাইছে, নিজ চকুৰে দেখিছো৷"
 
খুৰাদেউৱে ক'লে, "সি নিশ্চয় এটা বুৰ্বক হ'ব লাগিব৷ ব', আমি এতিয়া আগবাঢ়িব লাগে৷ ভালুকটো যদি এইপিনে আহিছিলেও, গুলিৰ শব্দ শুনিয়েই পলাইছে ভালুকৰোতো মৃত্যুৰ ভয় আছে৷"
 
মালবাহক কেইজনক তেওঁ ক'লে, "ভালুক পলাইছে৷ মাল উঠোৱা!"
 
সিহঁতে তেতিয়াও গাৰ আৰি-মুৰি ভাঙি ৰৈ থাকিল।
 
তেনেতে কপকপ-কপাকপ শব্দ হ'ল তলৰ পিনে৷ সন্তুৱে উভতি চাই দেখিলে, দুজন মানুহ ঘোঁৰাত উঠি খুব বেগাই সিহঁতৰ পিনে আহি আছে৷ সিহঁতৰ চেহেৰা আৰু পোছাক দেখিলেই বুজা যায় যে সিহঁত পুলিচৰ মানুহ৷
 
ওচৰলৈ আহি সিহঁতে সুধিলে, "এইপিনে ক'ত গুলিৰ শব্দ হৈছে, তোমালোকে শুনিছানে?"
 
খুৰাদেউৱে ক'লে, "', মই মোৰ ভতিজাটোক গুলিয়াবলৈ শিকাইছিলো৷"
 
মানুহ দুজনে লগে লগে ঘোঁৰাৰ পৰা নামি ক'লে, "তোমালোকে গুলিয়াইছিলা? ইয়াতে চিকাৰ কৰা নিষেধ, তোমালোকে নাজানা?"
 
খুৰাদেউৱে ক'লে, "আমিতো চিকাৰ কৰা নাই৷ তাৰোপৰি ভালুক এটা যদি আগত আহি ওলাই, তাক গুলিয়াই মৰাটোও কি নিষেধ নেকি?"
 
এজন মানুহে সন্তুৰ হাতত থাপ মাৰি ধৰিলে৷ আনজন মানুহে খঙাল মাতেৰে খুৰাদেউক ক'লে, "তোমালোকে বে-আইনী কাম কৰিছা, থানালৈ ব'লা!"
 
খুৰাদেউৱে সুধিলে, "থানা ক'?"
 
মানুহজনে আঙুলিয়াই দেখুৱালে ছিয়াংবোচিৰ পিনে৷ ছিয়াংবোচি ডাঙৰ ঠাই৷ হোটেল আছে, তাত থানা থকাতোৱেই স্বাভাৱিক৷
 
খুৰাদেউৱে এইবাৰ কাঢ়া মাতেৰে ক'লে, "যি পথেৰে এবাৰ আহিছো, সেইপিনে উভতি যোৱাৰ ইচ্ছা মোৰ নাই৷ তাক এৰি দিয়া৷ মুকলি ঠাইত শ্বুটিং প্ৰেক্টিছ কৰা কোনো বে-আইনী কাম হ'ব নোৱাৰে৷"
 
পুলিচজনে ধমক দি কলে, "'লা, সেইবোৰ কথা থানাত গৈ ক'বা, 'লা!"
 
খুৰাদেউৱে এখোজ পিছুৱাই গৈ ক'লে, "মোৰ গাত হাত নলগাবা!"
 
তাৰ পিছত কোটৰ ভিতৰৰ-পকেটত হাতত ভৰাই এখিলা কাগজ উলিয়াই তেওঁ ক'লে, "পঢ়িব জানানে, এইখন পঢ়ি চোৱা! ছিয়াংবোচি থানাৰ অফিচাৰে মোৰ কথা জানে৷"
 
কাগজখিলা পঢ়ি থাকোতে পুলিচজনৰ ভ্ৰূ কোঁচ খাই গ'ল৷ সি তাৰ লগৰজনকো দেখুৱালে৷ তাৰ পিছত দুয়োজনে একেলগে ঠকাছ কৈ জোতা ঠুকুৰিয়াই চেলুট দিলে খুৰাদেউক৷
 
খুৰাদেউৱে কেৱল সোঁ হাতখন অকণমান দাঙি দিলে৷
 
পুলিচ দুজনে অবাক হৈ খুৰাদেউৰ চেহেৰা আৰু খোৰা ভৰিখনলৈ চালে৷ তাৰ পিছত এজনে ক'লে, "ছাৰ, আমি দুঃখিত৷ আমি সঁচাকৈ জনা নাছিলো৷"
 
আনজন পুলিচে সুধিলে, "ছাৰ, আপুনি কি সঁচাকৈয়ে এভাৰেষ্টলৈ যাব নেকি?"
 
খুৰদেউৱে সংক্ষেপতে ক'লে, "দেখা যাওঁক৷"
 
সি আকৌ সুধিলে, "ছাৰ, আপোনাক আমি কিবা সহায় কৰিব পাৰিম নেকি?"
 
খুৰাদেউৱে ক'লে, "সহায় নালাগে! মাত্ৰ এই মালবাহক দুটাক কৈ দিয়া যাতে সিহঁতে আমাৰ লগত যাবলৈ কেতিয়াও আপত্তি নকৰে৷"
 
পুলিচ দুজনে পুনৰ ছেলুট-টেলুট দি বিদায় লোৱাৰ পিছত সন্তুহঁতে আকৌ যাবলৈ আৰম্ভ কৰিলে৷
 
সন্তুৰ মনৰ মাজত যিটো প্ৰশ্ন উকমুকাই আছিল, মালবাহক দুজনে সুধিয়েই দিলে৷ পুলিচ দুজনে খুৰাদেউক ধৰি নিব খুজিছিল, তাৰ পিছত এখিলা কাগজ দেখুৱালতেই এনেকৈ ছেলুট-টেলুত মৰা দেখি সিহঁত অভিভূত হৈ পৰিছে৷ এইবিলাক ঠাইত পুলিচৰ পাৱাৰ প্ৰায় ভগৱানৰ নিচিনাই৷ সেই পুলিচে এই বঙালী বাবুজনক ইমান সন্মান কৰিলে!
 
সিহঁতে খুৰাদেউক সুধিলে, "চাহাব, সেই কাগজখনত কি লিখা আছে?"
 
খুৰাদেউৱে ভঙা ভঙা হিন্দীতে সিহঁতক বুজাই দিলে যে, সেইখন নেপালৰ প্ৰধানমন্ত্ৰীৰ চিঠি৷ তেওঁ নেপালৰ অতিথি৷ এটা বিশেষ গোপনীয় আৰু জৰুৰী কামৰ বাবে তেওঁ এভাৰেষ্টৰ পিনে গৈ আছে৷ প্ৰধানমন্ত্ৰীয়ে চিঠিত লিখি দিছে যে চব ঠাইৰ পুলিচে যাতে খুৰাদেউক সম্পূৰ্ণৰূপে সহযোগ কৰে৷
 
সেই কথা শুনি মালবাহক দুজনেও চেলুট দিলে খুৰাদেউক৷ এজনে আনজনক ক'লে, "দেখিলি, লেখা-পঢ়া জনাৰ মূল্য কিমান! এই বঙালী বাবুৱে লেখা-পঢ়া জানে কাৰণেই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী পৰ্যন্ত এওঁক খাতিৰ কৰে৷ ছেঃ, মই যে কিয় দুই এখন কিতাপ পঢ়িবলৈ নিশিকিলো!" লগৰটোৱে ক'লে, "আমাৰ গাওঁত এখন স্কুল খুলিছে, মই মোৰ ভাইটোক তাতে নাম লগাই দিছো৷"
 
তাৰ পিছত আৰু বিশেষ একো ঘটা নাই৷ মাজতে এখন ডাঙৰ ঠাইত জিৰণি লোৱা হৈছিল তিনিদিন৷  এই ঠাইখনৰ নাম থিয়াংবোচি৷ ইয়াৰ আগৰ ডাঙৰ ঠাইখন য'ত জাপানীজ হ'টেল এখন আছিল, সেই ঠাইখনৰ নাম ছিয়াংবোচি৷ দুয়োটা নাম প্ৰায় একেই শুনিবলৈ, সন্তুৰ খেলি মেলি লাগি যায়৷ হ'লেও থিয়াংবোচি ঠাইখন বহু গুণে বেছি ধুনীয়া৷ সুন্দৰ এটা পবিত্ৰ ভাব আহে মনলৈ৷ এভাৰেষ্টৰ নিচেই ওচৰতে এই শেষ চহৰখন৷ ইয়াত বহুত কিবা কিবি পোৱা যায়৷ তম্বু, পাহাৰ বগোৱা সামগ্ৰী আৰু খাদ্যবস্তু ইয়াৰ পৰাই কিনি ল'লে খুৰাদেউৱে৷ দুজন ছেৰপা আৰু পাঁচজন মালবাহকো ঠিক কৰা হ'ল৷ ইমান সৰু দল লৈ খুৰাদেউৱে এভৰেষ্টৰ দিশত যাব বুলি শুনি সকলো অবাক৷ তাৰ মানুহে বিভিন্ন ধৰণৰ এভাৰেষ্ট আৰোহণকাৰী দেখিছে, কিন্তু এজন খোৰা প্ৰৌঢ় ব্যক্তি আৰু এটা কিশোৰে এভাৰেষ্টত উঠিব বিচাৰিছে বুলি শুনি বহুতে হাঁহিত ফাঁটি পৰিল৷ এজন চিকিৎসকেতো খুৰাদেউক বহুত মানা কৰিলে৷
 
কিন্তু খুৰাদেউ যে কেনেকুৱা আকোঁৰগোজ, সেয়াতো তেওঁলোকে নাজানে৷ তাত এটা ধুনীয়া মনেষ্টেৰি আছে৷ অতি শান্ত আৰু নিৰিবিলি ঠাইখন৷ ৰাতিপুৱা সেই মনেষ্টেৰিটোৰ পিনে গৈ থাকোতে সন্তুৱে দেখিছিল, সন্মুখত তিনিফালে তিনিটা বগা পাহাৰৰ শৃঙ্গ৷ তাৰে এটা এভাৰেষ্ট! সেয়াই প্ৰথম এভাৰেষ্ট দেখিছিল সন্তুৱে, মাত্ৰ কেই মিনিট মানৰ বাবে, অলপ পিছতেই সকলো বিলীন হৈ গৈছিল কুঁৱলীত৷
 
থিয়াংবোচিত সিহঁত আছিল এটা গভাৰ্নমেন্ট গেষ্ট হাউছত৷ কেবাজনো চাহাব-মেমো আছিল তাৰ অতিথি৷ সিহঁতে সন্তুৰ সৈতে কথা পাতি বাৰে বাৰে সুধিছিল, "তোমালোকে এভাৰেষ্টলৈ যাব খুজিছা কিয়? এয়া দেখোন পাগলামি!"
 
সন্তুৱে উত্তৰ দিব নোৱাৰিলে৷ খুৰাদেউৱে যে তাক বিশেষ একো জনোৱা নাই৷ খুৰাদেউৰ লগত কাঁচৰ বাকচত যে বস্তুটো আছে, সেইটো তেওঁ অতি সাৱধানে ৰাখে৷ সেইটোৰ বিষয়ে সন্তুক মাত্ৰ কৈছে, এইটোৰ কথা কাকো একো নক'বি৷
 
তাত থাকোতে এদিন খুৰাদেউৱে সন্ধিয়া বাহিৰৰ পৰা আহি হঠাৎ চিঞৰি উঠিল, "সন্তু, মোৰ দাঁতটো ক'?"
 
মোৰ দাঁত মানে খুৰাদেউৱে নিজৰ দাঁতৰ কথা কোৱা নাই৷ কাঁচৰ বাকচত থকা সেই বস্তুটোৰ কথা কৈছে৷ খুৰাদেউৱে সেইটো নিজেই চম্ভালি ৰাখে সকলো সময়তে৷
 
সন্তুৱে ক'লে, "মইতো নাজানো৷"
 
খুৰাদেউ ভীষণ উত্তেজিত হৈ পৰিল৷ বিচৰা-বিচৰি কৰিলে সকলো ওলট-পালট কৰি৷ অলপ পিছত পালেও সেইটো৷ বেছি সাৱধানতা অৱলম্বন কৰিবলৈ গৈ নিজেই লুকুৱাই থৈছিল খাটৰ তলত৷
 
সেইটো পোৱাৰ পিছত খুৰাদেউৱে স্বস্তিৰ নিশ্বাস পেলাই কৈছিল, "বাপৰেঃ!  ইমান ভয় খাই গ'লো৷ মই নাথাকিলে তই কেতিয়াও বাহিৰলৈ ওলাই নাযাবি দেই! অনবৰতে চকুৰ আগত ৰাখিবি এইটো! ইয়াৰ দাম কিমান জান?"
 
সন্তুৱে সুধিছিল, "খুৰাদেউ সেইটো কি?"
 
খুৰাদেউৱে উত্তৰ দিছিল, "এতিয়াই তই জানিব নালাগে৷ সময়ত ক'ম৷"
 
তাৰ পিছত তাৰ পৰা ছেৰপা কেইটাৰ লগত অহা হ'ল এই গোৰখছেপলৈ৷ ইয়াতে আন অভিযাত্ৰীবোৰে বেছ কেম্প পাতে৷ খুৰাদেউৱে কিন্তু ইয়াৰ পৰা আগুৱাব খোজা নাই৷ তম্বু টনা হৈছে, ইয়াতে কাটি গৈছে দিনৰ পিছত দিন৷
 
সন্তুৱে আৰু ইয়াত সময় নষ্ট কৰিব নিবিচাৰে৷ অনবৰতে বৰফ দেখি-দেখি তাৰ চকু গেলি গৈছে৷ পাহাৰ এটাৰ ওপৰত উঠি সি কেবাবাৰো মাউন্ট এভাৰেষ্টলৈ চাইছে৷ তালৈ বাৰু সঁচাকৈ যোৱা হ'বনে?
 
ছেৰপাৰ দলপতি মিংমাৰ সৈতে দিনৰ ভাগত সি কেতিয়াবা কেতিয়াবা অলপ দূৰলৈ যায়৷ মিংমাৰ গাত যথেষ্ট শক্তি আছে, আৰু অত্যন্ত চটফটীয়া সি৷ ইয়াৰ আগতে সি দুবাৰ দুটা বিদেশী দলৰ সৈতে এভাৰেষ্ট আৰোহণ কৰিবলৈ গৈছিল৷ কিন্তু এবাৰো চাহাবসকলে তাক শৃঙ্গৰ একেবাৰে শিখৰত উঠিবলৈ নিদিলে৷ তাকে লৈ তাৰ বৰ দুখ৷
 
মিংমাৰ ইচ্ছা সিওঁ এভাৰেষ্টৰ শিখৰত খোজ দি টেনজিঙৰ দৰে বিখ্যাৎ হ', তাৰ পিছত ইংলেণ্ড আমেৰিকালৈ নিমন্ত্ৰিত অতিথি হৈ যাব৷ চাহাব সকলৰ লগত থকি-থাকি সি ইংৰাজী ভাষাটো বহুখিনি শিকি পেলাইছে৷ চাহাবে দিয়া পোচাক পিন্ধিলে তাক বৰ স্মাৰ্ট দেখি৷
 
মিংমাই সন্তুক ক'লে, "শুনা সন্তু চাব, তোমাৰ আংকলে কোনোপধ্যে এভাৰেষ্টলৈ যাব নোৱাৰিব! এখন ভৰিৰে কোনোবাই পৰ্বত বগাই নেকি? এইটো অসম্ভৱ কথা৷"
 
সন্তুৱে ক'লে, "তুমি মোৰ খুৰাদেউক নাজানা৷ মনৰ জোৰত তেওঁ চব কৰিব পাৰে৷"
 
মিংমাই ক'লে, "আৰে থৈ দিয়াহে মনৰ জোৰ৷ পৰ্বত বগাবলৈ হলে শক্তি লাগে৷ আৰু কিমান দূৰ যাব লাগিব, জানা নহয়! তুমি এটা কাম কৰা, তোমাৰ আংকলক বুজাই কোৱা, তেওঁ ইয়াতে থাকক৷ তোমাক লৈ আমি কেইজনমান আগুৱাই যাওঁ৷ চোৱা, তুমি আৰু মই চাউথ-কল ধৰি চিধা শিখৰত উঠি দিম৷"
 
সন্তুৱে জানে, এইবোৰ কথা পাতি একো লাভ নাই৷ খুৰাদেউৰ ইচ্ছাৰ বিৰুদ্ধে একো কৰিব পৰা নাযাব৷
 
দিনটো কোনো ৰকমে কাটি যায় যদিও ৰাতিটো কাটিব নোখোজে৷ ঠাণ্ডাৰ উৎপাতত সন্ধিয়া হোৱাৰ লগে লগেই সন্তু শুই পৰে স্লিপিং বেগৰ ভিতৰত৷ তাৰ পিছত আৰু টোপনি নাহে৷
 
খুৰাদেউ গম্বুজৰ মূধচত বহি থাকে, হাতত দূৰবীণ লৈ৷ তাত বহি তেওঁ কি চায়, কোনে জানে! তাৰ পৰাতো এভাৰেষ্টো নেদেখি।
 
সন্তুৰ মূৰৰ কাষতে লাইটটো জ্বলি থাকে৷ খুৰাদেউ নামি নহালৈকে লাইটটো জ্বলি থাকিব৷ টেবুলৰ ওপৰতে আছে কাচৰ বাকচত ৰখা দাঁতৰ দৰে সেই বস্তুটো৷ সেইটো চাগে দাঁত নহয়, কোনে দামী পাথৰ৷ সন্তুৱে সেইপিনে চাব নোখোজে, অথচ চকু তাৰ যাবই৷ ইয়াৰ মাজতে এদিন সি সেইটো সপোনতো দেখিছিল৷ সেই বস্তুটো যেন আৰু ডাঙৰ হৈ কোদালৰ দৰে ঘাঁপ মাৰিছে তাৰ গাত৷
 
"সন্তু! সন্তু!"
 
সন্তুৰ অকণমান টোপনি লগাৰ দেৰ হৈছিল, সি হুৰমূৰকৈ উঠি বহাৰ চেষ্টা কৰিলে৷ কিন্তু স্লিপিং বেগৰ ভিতৰত উঠি বহিব নোৱাৰি। কোনে মাতিলে তাক? তাৰ ভাব হ'ল, গম্বুজৰ বাহিৰৰ পৰা কোনোবাই মাতিছে৷
 
আৰু দুবাৰ ফুচফুচাই মতা মাত শুনি সি বুজিলে খুৰাদেউৱে মাতিছে গম্বুজৰ ওপৰৰ পৰা৷
 
"কি?"
 
"শীঘ্ৰে ওপৰলৈ আহ৷ এতিয়াই৷"
 
কিন্তু শ্লিপিং বেগৰ ভিতৰৰ পৰা খৰধৰকৈ ওলাব নোৱাৰি৷ সন্তুৱে ফটাফট চেইনডাল খুলি ওলাই গ'ল৷ ওলাই অহা মাত্ৰেই ঠাণ্ডাত কঁপি উঠিল থৰ-থৰকৈ৷ বিচনাৰ কাষতে ৰখা থাকে অভাৰ ক', সেইটো গাত আৰি লৈ সি চিৰিৰে উঠি গ'ল ওপৰলৈ৷
 
খুৰাদেউৱে দূৰবীণটো তাৰ হাতত দি ক'লে, "চাচোন, কিবা দেখ নেকি? দূৰৈত কিবা লৰচৰ কৰিছে নে?"

***

পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ