মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
ত্ৰয়োদশ অধ্যায়
নীলা কোট পিন্ধা মানুহজনে দুহাত দাঙি দাঙি
দৌৰি আহিছিল সিহঁতৰ পিনে৷ ঠিক দৌৰিব পৰা নাছিল, বেঙা মেলি মেলি আহিছে বৰফৰ ওপৰেৰে৷
ৰানা আৰু ভাৰ্মাই লাইট মেচিন গান পোনাই ৰাখিল তাৰ পিনে৷
অকণমান ওচৰ পালত দেখা গ'ল মানুহজন মিংমা৷
খুৰাদেউৱে ক'লে, "এইটো চোন আমাৰে এটা ছেৰপা!"
সন্তুৱে ক'লে, "মই আগতেই চিনি পাইছিলো৷"
মিংমাই ওচৰলৈ আহি আঁঠু কাঢ়ি হাত
জোৰ কৰি ক'লে, "চাহাব!"
খুৰাদেউৱে সুধিলে, "কি হ'ল? ৰাস্তাত কিবা বিপদত পৰিছা নেকি?
উভতি
আহিছা কিয়?"
মিংমাই ক'লে, "চাহাব, মই ক্ষমা খুজিবলৈ আহিছো৷ আপোনালোকক এৰি
থৈ যোৱাৰ পিছত মোৰ মনটো একদম বেয়া লাগি গৈছিল৷ মই কথা দিছিলো, আপোনালোকৰ লগত যাম, ছেৰপাই কেতিয়াও কথা দি কথা নেপেলায়,
কোনো
পৰিস্থিতিতে ভয় নাখায়৷"
জং বাহাদুৰ ৰানাই মিংমাৰ পিনে তীক্ষ্ণ
দৃষ্টিৰে চাই নেপালী ভাষাত সুধিলে, "তুমি আকৌ কিয় আহিছা, সঁচা কথা কোৱা৷ যদি কিবা বেলেগ মতলব
আছে.."
খুৰাদেউৱে তেওঁক বাধা দি ক'লে, "থাওঁক, এতিয়া আৰু একো নাটক কৰাৰ প্ৰয়োজন নাই৷
মিংমা, তুমি কি আমাৰ লগত যাব খোজা? তুমি নগ'লেও আমাৰ একো লোকচান নাই৷ আৰু যদি
যাব খোজা আহিব পাৰা৷"
মিংমাই ক'লে, "চাহাব, মই আপোনালোকৰ সংগ নেৰো৷ আপোনালোকৰ বাবে
মই জান দিবলৈও সাজু৷ আপোনালোকক এৰি যোৱাৰ পিছত, আজি ৰাতিপুৱা মোৰ মনটোৱে ক'লে, আৰে মিংমা, তই এয়া কি কৰিলি? এজন খোৰা বঙালী মানুহে ভয় কৰা নাই,
আৰু
তই ছেৰপাৰ ল'ৰা হৈ প্ৰাণৰ ভয়ত পলাই আহিছ? ছিঃ ছিঃ ছিঃ!"
খুৰাদেউৱে ক'লে, "বেছি কথা কৈ সময় নষ্ট কৰাৰ কোনো দৰকাৰ
নাই৷ বোলা, তেনেহ'লে আগবাঢ়ো৷"
মিংমাই খুৰাদেউৰ কান্ধৰ পৰা বেগটো জোৰ
কৰিয়েই নিজৰ কান্ধত লৈ ল'লে৷ তাৰ পিছত ক'লে, "আংকল চাহাব, আপোনাৰ যদি খোজ কাঢ়িবলৈ অসুবিধা হয়,
তেনেহ'লে এই মিংমাই আপোনাক বোকোচাত তুলি লৈ
যাব৷"
খুৰাদেউৱে তাক ধমক দি কৈ উঠিল,
"আৰু কথা আৰম্ভ কৰিছা! আগবাঢ়া! তোমালোক আগে আগে যোৱা৷"
মিংমাক পাই সন্তুৰ খুব ভাল লাগিল৷
মিংমাৰ নিচিনা ফুৰ্টিবাজ, ছটফটীয়া মানুহটোৱে যে ভয়তে পলাব, সেই কথা সি কোনো পধ্যেই মানি ল'ব পৰা নাছিল৷
সি গৈ থাকোতে সুধিলে, "তোমালোক কিমান দূৰ পাইছিলা?"
মিংমাই ক'লে, "সেই কথা থাকক, সন্তু চাহাব৷ সেই কথা ভাবিলেই মোৰ লাজ
লাগে৷ কালি ৰাতি তোমালোকৰ একো অসুবিধা হোৱা নাইতো?"
সন্তুৱে ক'লে, "হৈছিল, সাংঘাতিক বিপদত পৰিছিলো! কোনে জানো
আমাৰ গম্বুজৰ দৰজাখন বাহিৰৰ পৰা বন্ধ কৰি দিছিল৷"
মিংমাই ভীষণ আচৰিত হৈ সুধিলে,
"কি কোৱা? ইয়াত দৰজা কোনে বন্ধ কৰিব? নিজে নিজে টাইট হৈ গৈছিল নেকি!"
জং বাহাদুৰ ৰানাই ক'লে, "বাহিৰৰ পৰা লোৰ পাটি লগাই বন্ধ কৰা
হৈছিল৷ য়েটিয়েতো সেই বিলাক কৰিব নোৱাৰে! তেনেহ'লে কোনে কৰিছিল? তোমালোকে কৰা নাইতো?"
মিংমাই বিস্ময়েৰে সুধিলে,
"আমি? আমি কিয় দৰজা বন্ধ কৰিম?"
ৰানাই ক'লে, "চাহাবহঁতক মাৰিব পাৰিলেইতো তোমালোকৰ
লাভ! তেতিয়াহে তোমোলোকক কোনেও দোষ দিব নোৱাৰিব!"
মিংমাই ক'লে, "মই পশুপতিনাথজীৰ নামত শপত খাই কৈছো,
সেই
কাম আমি কৰা নাই৷ তাৰোপৰি কালি ৰাতি আমি বহুত
দূৰত আছিলো!"
ভাৰ্মাই সুধিলে, "মিংমা, তুমি সঁচাকৈ য়েটি দেখিছা?"
মিংমাই ক'লে, "য়েটিয়েই আছিল নে আন কিবাই আছিল,
নাজানো!
কিন্তু এটা বহুত ডাঙৰ জন্তুৰ নিচিনা কিবা দেখিছিলো৷"
"ঠিক কোন খিনি ঠাইত দেখিছিলা?"
"সেই যে আগত কালাপথৰ নামৰ পাহাৰখন
দেখিছে, ঠিক তাৰ ওচৰতে!"
"আমাক ঠাইখন দেখুৱাব পাৰিবা?"
"পাৰিম চাহাব৷"
"তেনেহ'লে এতিয়া আমি তালৈকেই যাম, কি কয় মিঃ ৰায়চৌধুৰী?"
খুৰাদেউ অলপ পিছ পৰি গৈছিল, দূৰৈৰ পৰাই ক'লে, "অঁ, আপোনালোক আগুৱাই যাওঁক৷"
ভাৰ্মাই ক'লে, "আমি মাজে মাজে ৰৈ দিম আপোনাৰ
কাৰণে৷"
খুৰাদেউৱে ক'লে, "তাৰ দৰকাৰ নাই৷ আপোনালোক আগুৱাই থাকক,
মই
পাই যাম৷ জানেই নহয়, স্ল এণ্ড ষ্টেডি, উইন দা ৰেছ!"
ৰানাই ক'লে, "হয় হয়, ঠিক কৈছে৷ আপুনি বেছি কষ্ট কৰাৰ দৰকাৰ
নাই, মিঃ ৰায়চৌধুৰী, আপুনি লাহে লাহে আহি থাকক৷"
যোৱা ৰাতিৰ তুষাৰাপতৰ ফলত গুৰি
গুৰি বৰফ জমা লাগিছে চাৰিও ফালে৷ খুৰাদেউৰ পেংযোৰ
লাগি লাগি ধৰিছে সেই বৰফত৷ সেই কাৰণেই খোজ কাঢ়িবলৈ অসুবিধা হৈছে তেওঁৰ৷
কিন্তু নিজৰ অসুবিধাৰ কথা আনক জানিবলৈ দিব নোখোজে তেওঁ৷
ৰ'দৰ উত্তাপত কোনো কোনো ঠাইত বৰফ গলি
পানী জমা হৈছে৷ সেইবোৰ ঠাইত যিকোনো মুহূৰ্ততে ভৰি পিছল খাব পাৰে৷ জং বাহাদুৰ ৰানা
এবাৰ এছাৰ খাই পৰাত মিংমাই গৈ তেওঁক টানি উঠাই দিলে৷ তাৰ পিছতেই পৰিল ভাৰ্মা৷
খুৰাদেউ কিন্তু এবাৰো পিছলি পৰা নাই৷ সকলোৰে পৰা কিছু দূৰে দূৰে তেওঁ আহি থাকিল খুব সাৱধানে,
খুব
সন্তৰ্পনে৷
সন্তুৱে ক্ষীণ দেহটো লৈ আগুৱাই গৈছে
ফৰফৰাই৷ আকাশ আজি একেবাৰে পৰিষ্কাৰ৷ এনেকুৱা বতৰত এভাৰেষ্ট শৃঙ্গ দেখিবলৈ পোৱা
যায়৷ বৰ্তমান কালাপাথৰ পাহৰাখনে ঢাকি ৰাখিছে৷ সন্তুৱে ইয়ালৈ আহি কেবাবাৰো এভাৰেষ্ট
শৃঙ্গ চাই গৈছে, তাৰ নিজৰ কেমেৰাত ফটোও লৈছে৷ অথচ আকৌ এবাৰ দেখাৰ আশাত উত্তেজিত হৈ
পৰিছে সি৷ বিশাল মহান কোনো বস্তুৰ কাষ চাপিলেই মানুহৰ মন উগুল থুগুল হৈ পৰে৷
মিংমাই পিছৰ পৰা আহি সন্তুৰ হাতত থাপ
মাৰি ধৰি ক'লে, "সন্তু চাহাব, ইমান আগে আগে নাযাবা! এই ডাঙৰ চাহাব দুজনক আগত
যাবলৈ দিয়া৷"
সন্তুৱে ক'লে, "কিয়?"
"যদি য়েটি আহি তোমাক ধৰি লৈ যায়?"
সন্তুৱে হাঁহিব খুজিও হাঁহিব নোৱাৰিলে৷
অলপ সময়ৰ কাৰণে য়েটিৰ কথা সি পাহৰি গৈছিল৷ আকৌ মনত পৰি গ'ল৷ লগে লগেই নিজৰ অজানিতে বুকুখন কঁপি
উঠিল তাৰ৷
জোৰ কৰি সাহস গোটাই সি ক'লে, "দুটাকৈ এল এম জি আছে আমাৰ লগত৷ য়েটিয়ে
কি কৰিব?"
মিংমাই ফুচফুচাই ক'লে, "সন্তু চাহাব, য়েটিয়ে অদৃশ্য কৰি লৈ যাব পাৰে!"
সন্তুৱে সামান্য অবিশ্বাসৰ সুৰত ক'লে, "যাঃ!"
"ময়ো আগতে বিশ্বাস কৰা নাছিলো৷ কিন্তু নিজ চকুৰেইতো দেখিলো কালি! এক-দুই ছকেণ্ডৰ কাৰণে দেখা দিয়েই নাইকিয়া হৈ গ'ল! নহয় জানো!"
সন্তুৱে ক'লে, "হুঁ!"
সন্তুৱে সেই কলা ৰঙৰ প্ৰকাণ্ড
প্ৰাণীটোলৈ এক পলক চায়েই ভয়তে চকু আঁতৰাই আনিছিল৷ তাৰ পিছত যেতিয়া আকৌ চাইছিল,
তেতিয়া
আৰু নাই৷ ইমান সোনকাল ক'ত নোহোৱা হৈ গ'ল? সঁচাকৈয়ে জানো কোনো প্ৰাণী অদৃশ্য হৈ
যাব পাৰে?
মিংমাই সন্তুক টানি ধৰিলে৷ ভাৰ্মা আৰু
ৰানা কিছু পিছ পৰি গৈছিল, সিহঁত আগবাঢ়ি গ'ল৷ সন্তু বৰফৰ ওপৰত খোজ কাঢ়িব পৰা হৈ
উঠিছে, কিন্তু ৰানা আৰু ভাৰ্মাৰ যথেষ্ট অসুবিধা হৈছিল৷ এবাৰ এবাৰ থেকেচা খাই
সিহঁত বেছি সাৱধান হৈ পৰিছে৷ দুয়োৰেই হাতত লাইট মেচিনগান, নামত লাইট হ'লেও বৰ পাতলো নহয়!
ভাৰ্মাই সন্তুক সুধিলে, "কি হ'ল, ৰৈ গ'লা যে? ইয়াতেই য়েটি দেখিছিলা নেকি?"
সন্তুৱে ক'লে, "নাই, আৰু আগত আছে!"
"মোৰ লগে লগে বোলা৷ যদি সঁচাকৈ য়েটি
দেখিবলৈ পাওঁ, গুলিৰে তাক উৰাই দিম৷ জীৱিতই হওঁক, বা মৃতই হওঁক, এটা য়েটি যদি ধৰি নি দেখুৱাব পাৰো,
গোটেই
দুনীয়াত আমাৰ নাম থাকি যাব! এতিয়ালৈকে কোনেও য়েটিৰ অস্তিত্ব প্ৰমাণ কৰিব পৰা
নাই৷"
ৰানাই ক'লে, "এই ল'ৰাটোৱে নিজ চকুৰে দেখিছে, অবিশ্বাসেই বা কৰা যায় কেনেকৈ? ছেৰপা বা কুলিৰ মাজত যেনিবা অন্ধবিশ্বাসো
থাকিব পাৰে..."
ভাৰ্মাই ক'লে, "আৰু যদি কিবা ভালুক-চালুকৰ দৰে জন্তু
দেখিছে.."
ৰানাই ক'লে, "ইয়ালৈ ভালুক আহিব ক'ৰ পৰা? এই ৰাস্তাটোৰে কিমান আৰোহণকাৰী গৈছে৷
কোনেওতো কেতিয়াও ভালুক দেখা নাই৷"
ভাৰ্মাই ক'লে, "কোনেওতো আগতে য়েটিও দেখা নাই৷"
ৰানাই ক'লে, "কেইন ছিপটনে দেখিছিল৷ অন্ততঃ তেওঁ সেই
কথা ডায়েৰীত লিখি থৈ গৈছে৷ মোৰ ধাৰণা, তিব্বতৰ ফালৰ পৰা য়েটিয়েই হওঁক বা অন্য
কিবা ডাঙৰ জন্তুৱেই হওঁক, এইপিনে আহিছে৷"
সন্তুৱে ক'লে, "খুৰাদেউৱেও ভৰিৰ খোজ দেখিছে৷ মুঠেই
ভালুকৰ নিচিনা নহয়, মানুহৰ নিচিনা৷ কিন্তু আঙুলি চাৰিটা৷"
ভাৰ্মাই ক'লে "সেইটোও হয়!"
সন্তুৱে সুধিলে, "ভাৰ্মা চাহেব, আপুনি ইমান ধুনীয়া বঙালী ক’বলৈ ক'ত শিকিলে?"
ভাৰ্মাই হাঁহি ক'লে, "মই কলিকতাত পঢ়িছিলো৷ মই আছিলো
হাৰ্ডিঞ্জ হোষ্টেলত৷ তোমালোকৰ ঘৰ ভৱানীপুৰত ন'? সেই ঠাইখনো চিনি পাওঁ৷"
ৰানাই ক'লে, "মই পঢ়িছিলো ডাৰ্জিলিঙৰ নৰ্থ পইন্ট
স্কুলত৷ মোৰ কেবাজনো বঙালী বন্ধু আছে, সিহঁতৰৰ ঘৰত মই দুই তিনিবাৰকৈ থাকি অহা৷"
মিংমাই হঠাৎ চিঞৰি উঠিল, "চাহাব, চাওঁক৷"
তিনিও চমকি উঠি মিংমাৰ পিনে ঘূৰি চালে৷
মিংমাই সন্মুখত বৰফৰ পিনে আঙুলি টোৱাই ৰৈ আছে৷ তাত এটা প্ৰকাণ্ড ভৰিৰ খোজ৷
ভাৰ্মা আৰু ৰানা তাতেই বহি পৰিল৷
সন্তুৱে ঘূৰি চাই খুৰাদেউক মাতিব খুজিলে, কিন্তু খুৰাদেউক দেখা নাপালে৷
ভাৰ্মাই ক'লে, "মাত্ৰ এটা ভৰিৰ খোজ? নতুন চাগে, কালি ৰাতিতো তুষাৰপাত হৈছিল, পুৰণি হোৱা হ'লে নাথকিলহেঁতেন ৷"
ৰানাই ক'লে, "মিঃ ৰায়চৌধুৰী অহালৈকে ইয়াতেই ৰৈ দিয়া
যাওঁক৷ আৰে- মিঃ ৰায় চৌধুৰী ক’ত গ'ল?"
সন্তুৱে ক'লে, "খুৰাদেউক দেখা পোৱা নাই৷"
ভাৰ্মাই ক'লে, "ক'ৰবাত বহি জিৰাইছে চাগে৷"
সন্তুৱে ক'লে, "বৰফতো ওখ চাপৰ নহয় যে ক'ৰবাত বহিলে নেদেখিম! বেছি দূৰতো
নাছিল!"
ভাৰ্মাই ক'লে, "ক'ৰবাত পৰি মূচকঁছ যোৱা নাইতো? আমি উভতি গৈ চাই অহা ভাল৷"
ৰানাই ক'লে, "কিন্তু ইয়াত হঠাৎ মাজতে এটা ভৰিৰ খোজ ক'ৰ পৰা আহিল?"
তেওঁ এল এম জিটো দাঙি চাৰিওফালে এবাৰ চকু
ফুৰালে৷
মিংমাই খুব জোৰে জোৰে চিঞৰি মাতিলে,
"আংকল চাহাব! আংকল চাহাব!"
কোনো উত্তৰ নাহিল৷
সন্তুৱে ক'লে, "মই খুৰাদেউক বিচাৰি যাওঁ!"
ভাৰ্মাই ক'লে, "মই আৰু মিঃ ৰানা ইয়াতে আছো, তুমি আৰু মিংমাই গৈ চাই আহা৷ দৰকাৰ হ'লে আমাক মাতিবা৷"
সন্তুৱে মাজে মাজে খুৰাদেউৰ ওপৰত নজৰ
ৰাখিছিল৷ তেওঁ কেতিয়াও চকুৰ আঁৰ হোৱা নাছিল৷ দুশ আঢ়ৈশ গজ পিছে পিছে এখোজ দুখোজকৈ
আহি আছিল৷ ভাৰ্মা আৰু ৰানাৰ সৈতে কথা পাতি থকা সময়খিনিত সন্তুৱে নজৰ ৰাখিবলৈ পাহৰি
গ’ল৷ সেইখিনি সময়তে খুৰাদেউ ক'ত নহোৱা হ'ল!
কিছুদূৰ উভতি আহি এঠাইত ৰৈ সন্তুৱে
চিৎকাৰ কৰি উঠিল, "মিংমা!"
মিংমাইয়ো একলগে দেখিবলৈ পাইছিল৷
বৰফৰ ওপৰত পৰি আছে খুৰাদেউৰ এপাত পেং
আৰু অলপ কেঁচা তেজ৷
তাৰ বাদে আৰু একো নাই৷
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ