মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
সপ্তদশ অধ্যায়
সন্তুৰ গোটেই ৰাতি টোপনি নাহিল৷ চটফট
কৰি থাকিল৷ খুৰাদেউ কেনেকৈ অদৃশ্য হৈ গ'ল, তাৰ ৰহস্য সি একো ধৰিব পৰা নাই৷ মানুহ
অদৃশ্য হ'ব নোৱাৰে৷ খুৰাদেউ নিশ্চয় কোনো খাদত পৰি গৈছে৷ অথচ তাৰ ওচৰে পাজৰে
কোনো খাদৰ চিনমোকাম নাই৷
মাজে মাজে চিলি-মিলি টোপনিত সন্তুৱে
এটা সপোন দেখি থাকিল বাৰে বাৰে৷ সি নিজেই যেন বৰফৰ মাজত সোমাই গৈছে, তাৰ পিছত এটা সময়ত তাৰ ভৰিয়ে স্পৰ্শ
কৰিছে লোৰ পাতৰ দৰে কোনো কঠিন বস্তু৷
টোপনি ভাঙি গ'লেই সন্তুৰ ভাব হয়, এয়াতো সপোন নহয়, সঁচা৷ সি সঁচাকৈয়ে চোন এবাৰ বৰফৰ মাজত
বুৰ গৈছিল এনেদৰে৷
ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগেই সি
মিংমাক হেঁচুকি জগাই দিলে৷
মিংমাই একেবাৰে মৰা মানুহ দৰে শুৱে,
আকৌ
মাতিলেই জাপ মাৰি উঠি বহে৷ দুয়ো হাতেৰে চকু মচি মচি সি সুধিলে, "কি হ'ল, সন্তু চাহাব, তুমি শুৱা নাই?"
সন্তুৱে ক'লে, "মিংমা, খুৰাদেউ য'ৰ পৰা নোহোৱা হৈছিল, সেই ঠাইখন তুমিতো খান্দি চাইছিলা,
তাত
শিল আছিল, লোৰ দৰে একো দেখা নাছিলা?"
মিংমাই ক'লে, "নাই, সন্তু চাহাব, কেৱল পাথৰেই আছিল৷"
"মইতো একোকে বিশ্বাস কৰিব পৰা নাই! বাৰু
মিংমা, মই যে এদিন বৰফৰ মাজত সোমাই গৈছিলো, ঠাইখন তোমাৰ মনত আছে?"
"তাত ৰুমাল এখনেৰে চিনি দি থৈ আহিছিলো,
নাজানো
সেইখন বৰফৰ মাজত পোত গৈছে নেকি! বতাহেও উৰুৱাই নিব পাৰে!"
"ব'লা, এতিয়াই সেই ঠাইখন বিচাৰি উলিয়াব
লাগিব!"
"কিন্তু আংকল চাহাব য'ৰ পৰা নোহোৱা হৈছিল, তাৰ পৰাচোন ঠাইখন বহুত দূৰত৷"
"হওঁক দূৰ! সেই ঠাইখন পালেই আমাৰ
চলিব৷"
"সন্তু চাহাব, মই এটা কথা ধৰিব পৰা নাই, বৰফৰ তলত লোহাই থাকক বা পাথৰেই থাকক,
তাত
কি আহে যায়?"
"বৰফৰ তলত শিলেই থাকে, লো নাথাকে৷ যদি লো আছে, সেইটো অস্বাভাৱিক৷ সেয়ে ঠাইখন ভালকৈ
চোৱা দৰকাৰ৷ ব'লা, কোৰ-চিপৰাং যি আছে লৈ লোৱা, আমি এতিয়াই ওলাই যাওঁ৷"
"এতিয়াই? আগতে হেলিকপ্টাৰখন আহিবলৈ দিয়ক৷ ৰানা
চাহাব আৰ ভাৰ্মা চাহাবে আকৌ আহিব বুলি কৈ গৈছিল৷"
"তেওঁলোক আহি পাওঁতে যদি দেৰি হৈ যায়?
তাৰ
আগতেই বোলা, আমি ঠাইখন বিচাৰি উলিয়াওঁ৷"
"তাৰ আগতে একাপ চাহকে খাই লওঁক কম ছে
কম৷ ইমান ঠাণ্ডাত চাহ একাপ খাই নল'লে হাত ভৰি নচলিবই৷"
"সোনকাল বনোৱা তেনেহ'লে৷"
গম্বুজৰ ভিতৰত যা-যোগাৰ চব খিনি আছে৷
স্পিৰিট ষ্ট'ভ জ্বলাই মিংমাই পানী গৰম কৰিলে৷
সন্তুৱে উঠি হাত ভৰি মেলি জঁপিয়াবলৈ
ধৰিলে৷ ইয়াৰ ফলত দেহৰ আড়ষ্টতা ভাঙে, গা কিছু গৰম হয়৷
সি ভাবিলে, মিংমাৰ চাহ হোৱালৈকে বাহিৰলৈ গৈ
গম্বুজটোৰ চাৰিও ফালে এপাক দৌৰি অহাই ভাল হ'ব৷
সি গৈ গম্বুজৰ দৰজাখন খুলিব ধৰোতেই
মিংমাই ক'লে, "ৰ'বা, সন্তু চাহাব, অকলে নাযাবা, আমি দুয়ো একেলগেই বাহিৰলৈ যাম৷"
সন্তুৱে ক'লে, "মই দূৰলৈ নাযাওঁ, এই অলপ মান৷"
সন্তুৱে লোৰ দৰজাখন খুলিলে৷ তাৰ পিছত
অতি সাৱধানে মূৰটো উলিয়াই ভুমুকি মাৰি চালে৷ এতিয়াও ভালদৰে ৰ'দ ওলোৱা নাই, বাহিৰত পাতল, চেঁচা পোহৰ৷ দূৰৈৰ কালাপাথৰ পাহাৰখনৰ
ৰং এতিয়া ৰঙা হৈ পৰিছে৷
দৰজাখন ভালকৈ খুলি বাহিৰলৈ এখোজ ওলাই
আহিল সি৷ কিয় জানো অকাৰণতে গা চমচমাই গ'ল তাৰ৷ চাৰিওপিনে ইমান নিতাল-নিস্তব্ধ
কাৰণেই চাগে ভয় লাগে৷ ৰাতিও কোনো সাৰি-শব্দ নাছিল৷
সোঁফালে চাই সন্তু উচপ খাই উঠিল৷
গম্বুজৰ কাষতে চোতালত এমখা কুকুৰাৰ পাখি পৰি আছে৷ কেৱল পাখিয়েই নহয়, চকু আৰু চালৰে সৈতে দুই তিনিটা মূৰো৷
সন্তুৱে চেপা মাতেৰে মাতিলে, "মিংমা.."
তাৰ পিছত আৰু উত্তৰলৈ বাট নাচাই সি
দৌৰি সোমাই গ'ল ভিতৰলৈ৷ মিংমাই তেতিয়া চাহ চেকিবলৈ আৰম্ভ কৰিছিল৷ সন্তুক দৌৰি অহা
দেখি সুধিলে, "কি হ'ল?"
সন্তুৱে ক'লে, "পাখি, ধেৰ পাখি পৰি আছে..."
মিংমাই একো ধৰিব নোৱাৰিলে৷ সি অবাক হৈ
সুধিলে, "কি ক'লে সন্তু চাহাব? পাখি? কিহৰ পাখি? পাখি দেখি তোমাৰ ভয় লাগিল কিয়?"
সন্তুৱে ক'লে, "কুকুৰাৰ পাখি৷ ইয়ালৈ ক'ৰ পৰা আহিল? কোনোবাই যেন মুচৰি মাৰিছে!"
মিংমাই প্ৰথমে তল মূৰ কৰি অলপ সময়
চিন্তা কৰিলে৷ কিন্তু কথাটো তাৰ মূৰত নোসোমাল৷ এটা দীৰ্ঘ নিশ্বাস পেলাই সি ক'লে, "চাহ ঠাণ্ডা হৈ যাব৷ আগতে চাহ খাই
লোৱা৷"
সন্তুৱে চাহৰ গ্লাছটো ঠিক মতে ধৰি
থাকিব পৰা নাই, ইমানেই হাত কঁপিছে তাৰ৷ গোটেই কাৰবাৰটো তাৰ কিবা ভৌতিক ভৌতিক লাগিবলৈ
ধৰিলে৷ সি ডাঠি ক'ব পাৰে, কালি দুপৰীয়ালৈ তাত কোনো কুকুৰাৰ পাখি নাছিল৷ তাৰোপৰি এই বৰফৰ দেশত
কুকুৰাৰ পাখি আহিবই বা ক'ৰ পৰা?
চাহৰ লগত দহখন বিস্কুট খাই ল'লে মিংমাই৷ তাৰ পিছত প্ৰায় বিৰিটোৰ মান
চিগাৰেট এটা জ্বলাই আৰামত দুই টান মাৰি ক'লে, "এইবাৰ বোলাচোন সন্তু চাহাব, চাওঁ ক'ত তোমাৰ মু্ৰ্গীৰ পাখি৷"
সন্তু আৰু মিংমা ওলাই আহিল বাহিৰলৈ৷
বতাহত কুকুৰাৰ পাখিবোৰ ইফালে সিফালে উৰি ফুৰিছে৷ মূৰৰ পৰা চকু কেইটা যেন ওলাই
আহিব৷ এনেকুৱা লাগিছে যেন কোনোবাই ডিঙি চেপি মাৰিছে৷
মিংমাই এটা সৰু চিৎকাৰ কৰি কৈ উঠিল,
"কি আচৰিত কথা! ইয়াত মুৰ্গী ক’ৰ পৰা আহিল? জিয়াত মুৰ্গী৷"
তাৰ পিছত সিহঁত দুয়ো একেলগে সিটো বস্তুও
দেখিবলৈ পালে৷ বৰফ মিহলি বালিত পাঁচ-ছটা প্ৰকাণ্ড ভৰিৰ খোজ৷ দুয়ো দুয়োৰে চকুলৈ
চালে, এটা কথাও নকৈ দুয়োজনে লগে লগে উভতি দৌৰ মাৰি গম্বুজত সোমাল৷ মিংমাই ধামকৈ
বন্ধ কৰি দিলে দৰজাখন৷ বুকুখন এখন হাতেৰে হেঁচি ধৰি সি ক'বলৈ ধৰিলে, "য়েটি! য়েটি! য়েটি!"
সন্তুৱে ক'লে, "আমাৰ লগত ৰিভলভাৰ নাই, অন্য একো অস্ত্ৰ পাতিও নাই৷"
মিংমাই আকৌ ক'লে, "য়েটি৷ য়েটি!"
সন্তুৱে ক'লে, "য়েটিয়ে কুকুৰা খায়? কিন্তু সিহঁতে কুকুৰা পালে ক'ত?"
মিংমাই ক'লে, "হেলিকেপ্টাৰ নহালৈকে আমি বাহিৰলৈ যাব
নোৱাৰিম৷"
সন্তুৱে ক'লে, "য়েটিটো জানো এতিয়াও বাহিৰতে আছে?
কোনো
সাৰি-শব্দ নাই? বাৰু মিংমা, য়েটি জানো অদৃশ্য হ'ব পাৰে?"
মিংমাই এখন হাত ঘূৰাই ক'লে, "কি জানো!"
তাৰ পিছত আৰু কেইবা ঘন্টাও ধৰি সিহঁত
আবদ্ধ হৈ থাকিল গম্বুজটোৰ ভিতৰত৷ দুয়োজনেই বহি থাকিল ওপৰৰ খিৰিকীখনৰ মুখত ঠেলা-হেঁচাকৈ৷
কিন্তু হেলিকেপ্টাৰৰ নাম-গোন্ধই নাই৷ য়েটিৰো কোনো চিন মোকাম নাই৷ সি লুকাই আছে
নেকি সিহঁতক ধৰিবলৈ৷
সন্তুৰ লাহে লাহে ভয় ভাগিল৷ এটা সময়ত
তাৰ ভাব হ'ল, এনেদৰে হাত সাৱটি বহি থকাতকৈ বাহিৰলৈ গৈ কিবা এটা হেস্তনেস্ত কৰা
ভাল৷ ইয়াৰ আগতে সি যিমানবোৰ য়েটিৰ গল্প পঢ়িছে, তাত কোনো য়েটিয়ে কিন্তু মানুহক মৰা
নাছিল৷ য়েটিয়ে মানুহৰ আগত দেখা দিবই নিবিচাৰে৷ ইয়াতে আকৌ য়েটিয়ে আহি ৰাতিৰ ভাগত
গম্বুজৰ পিৰালিত বহি কুকুৰাৰ মাংস খাই গৈছে, কিন্তু সিহঁতক অকণো আমনি নকৰিলে৷
সন্তুৱে ক'লে, "মিংমা, ব'লা বাহিৰলৈ যাওঁ৷"
মিংমাই ক'লে, "এতিয়াই? ৰখা, হলিকেপ্টাৰখন নিশ্চয় আহিব৷"
সন্তুৱে তাক একো নকৈ খুলি দিলে গম্বুজৰ
দৰজাখন৷ মিংমায়ো নামি আহি সুধিলে, "কি কৰিছা, সন্তু চাহাব?"
সন্তুৱে একো উত্তৰ নিদি ওলাই গ'ল বাহিৰলৈ৷ সি মন কৰিলে, ভয়ত তাৰ বুকু কঁপা নাই৷ সি দৌৰি
গম্বুজটোৰ চাৰিওফালে এপাক মাৰি আহিল৷ তাত কোনো নাই৷
সন্তুৱে এইবাৰ ক'লে, "মিংমা, সেই ঠাইখন চাবলৈ যাবা?"
মিংমাই সুধিলে, "কি ঠাই?"
"তুমি যে ৰুমালেৰে চিন দি
থৈছিলা৷"
"আৰু অকণমান সময় ৰোৱা৷ হেলিকেপ্টাৰখন
আহক৷"
"নাই, মোৰ আৰু দেৰি কৰিবলৈ মন যোৱা নাই৷ তুমি
যোৱা যদি ব'লা৷"
সন্তুৱে গম্বুজৰ ভিতৰলৈ গৈ এখন স্ন'-এক্স লৈ ওলাই আহিল৷ সি যোৱা দেখি
মিংমায়ো অগত্যা বস্তু-বাহানি লৈ তাৰ পিছ ল'লে৷ সন্তু চিধা যোৱা দেখি মিংমাই ক'লে, "সোঁফালে... সেঁফালে ব'লা, সন্তু চাহাব৷"
বহুত সময় ধৰি সিহঁতে বিচাৰ খোচাৰ কৰিল৷
ক'তো সেই ৰঙা ৰুমালখনৰ চিন-চাব নাই৷ য়েটিৰ ভয়ত সিহঁতে বাৰে বাৰে পিছলৈ
উভতি চাইছে৷ আকাশত আজি বেছ চোকা ৰ'দ, চৌদিশে পৰিষ্কাৰ, ইয়াৰ মাজত ক'ৰবাত কোনোবা লুকাই থকাৰ প্ৰশ্নই নুঠে৷
সন্তুৰ বাৰে বাৰে ভাব হৈছিল, এই বিশাল প্ৰান্তৰৰ মাজত সি ক'ৰবাত খুৰাদেউক শুই থকা দেখিব৷
খুৰাদেউৱেতো আৰু সঁচা সঁচি অদৃশ্য হৈ যাব নোৱাৰে৷
এঠাইলৈ আহি মিংমা থমকি ৰ'ল৷ সি যেন কিবা বিপদৰ গোন্ধ পালে৷
সন্তুৰ হাতত থাপ মাৰি ধৰি ক'লে, "আৰু নাযাবা! বিপদ আছে!"
তাত বৰফৰ ওপৰত শুই পৰিল সি৷ তাৰ পিছত
হাত দীঘল কৰি কোৰেৰে এঘাপ মাৰিলে৷ বহিুখিনি সোমাই গ'ল কোৰখন৷ বুজা গ'ল যে ঠাইখন ফোঁপোলা৷
সন্তুৱে ভীষণ উত্তেজনা বোধ কৰিলে৷
পাইছে, এইবাৰ সিহঁতে সঠিক ঠাইখন বিচাৰি পাইছে৷ এই ঠাইখনতে সন্তুৱে বৰফৰ মাজত
বুৰ গৈছিল সিদিনা৷
মিংমাই ইফালে সিফালে কোৰ মাৰি চাই বুজি
ল'লে, ঠিক কিমানখিনি ঠাই ফোঁপোলা৷ তাৰ পিছত উঠি বৰফ খন্দাত লাগি গ'ল, সন্তুৱেও যোগ দিলে তাৰ লগত৷
ইয়াতে অকণমান পৰিশ্ৰম কৰিলেই উশাহ
নিশাহত কষ্ট হয়৷ এনেয়েই ইয়াৰ বতাহ বৰ গধুৰ৷ অলপ খান্দিয়েই সন্তুৱে ফোঁপাবলৈ ধৰিলে৷
কিন্তু মিংমাৰ গাত যে কি অসাধৰণ শক্তি, সি একোতে ভাগৰি নপৰে৷ ইমানকণ সময়ৰ
ভিতৰতেই সি ডাঙৰ গাঁত এটা খান্দি পেলালে৷ তাৰ পিছত সি গাঁতৰ কাষৰ পৰা হাউলি হাউলি
কোৰ মাৰিবলৈ ধৰিলে৷ এটা সময়ত সি নিজেই জাপ মাৰি সোমাই গ'ল গাঁতটোৰ ভিতৰত৷
আৰু কেবাবাৰো বেছ জোৰে জোৰে কোৰ মৰাৰ
পিছত মিংমাই মূৰ তুলি সন্তুক ক'লে, "তুমি ঠিক কথাই কৈছিলা, সন্তু চাহাব, তলত লোহা আছে৷"
সিও তেতিয়া জপিয়াই নামি গ'ল গাঁতটোৰ ভিতৰলৈ৷ দুয়ো মিলি আৰু কিছু
বালি মিহলি বৰফ খান্দি আঁতৰাই পেলোৱাৰ পিছত দেখা গ'ল, তলত পৰি আছে এখন লোৰ পাত৷ কিন্তু তাত
কব্জা বা গোপন দৰজা আদি একো নাই৷
সন্তুৱে ক'লে, "এতিয়া আমি চাব লাগিব লোৰ পাতখন কিমান
ডাঙৰ৷ ইয়াতে বৰফৰ তলত লোৰ পাত ক'ৰ পৰা আহিল! কোনো অভিযাত্ৰীৰ দলে নিশ্চয় ইমান ডাঙৰ
লোৰ পাত ইয়ালৈ বৈ নানে৷"
মিংমাই কপালৰ ঘাম মচিলে, বাওঁ হাতৰ ওলোটা পিঠিৰে৷ আকৌ
খন্দা-খন্দি কৰিব লাগিব! লোৰ পাতখন কিমান ডাঙৰ কোনে জানে! লোৰ পাতখন দেখি অৱশ্যে
মিংমাও আচৰিত হৈছে৷ কোনো ডাঙৰ ৰহস্যৰ সন্ধান পাই তাৰ মূৰৰ চুলি থিয় হৈ উঠিছে৷
আকৌ নতুন উৎসাহেৰে সি বৰফ খান্দিবলৈ
ধৰিলে৷ লোৰ পাতখন বাঢ়ি গৈয়ে আছে৷ কিমান ঠাই জুৰি সেইখন বিস্তৃত হৈ আছে সেয়া জনাৰ কোনো উপায় নাই৷
মিংমাই এটা সময়ত ক'লে, "কি কৰো, সন্তু চাহাব?"
সন্তুৱেও একো ধৰিব পৰা নাই৷ এনেদৰে আৰু
কিমান খন্দা-খন্দি কৰিব? এয়াতো এজন দুজন মানুহৰ কাম নহয়৷ এটা সাংঘাতিক
বস্তুৰ সন্ধান পোৱা গৈছে, ইয়াক হেৰুৱালেও নহ'ব৷
তেনেতে ঘৰ ঘৰ শব্দ শুনা গ'ল হেলিকেপ্টাৰৰ৷ দূৰৈৰ আকাশত দেখা গ'ল এটা কলা বিন্দু৷ মিংমাই আনন্দত চিঞৰি
উঠিল, "আহি গ'ল, আহি গ'ল!"
কিন্তু আৰু একো ক'ব নোৱাৰিলে মিংমাই৷ সিহঁতে আগতে মন কৰা
নাছিল, লোৰ পাতখনৰ এঠাইত চুলিৰ দৰে মিহি জোৰা এটা আছে৷ সেই জোৰাটো ফাঁক হৈ
এফালে হাউলি যোৱাত সন্তু বাগৰি পৰি গ'ল তলৰ অন্ধকাৰ গহ্বৰত৷ মিংমাও পৰিছিলেই,
কিন্তু
মুহূৰ্ততে সি ধৰি পেলালে খাদৰ ওপৰত দুহাত মেলি৷
দুখন লোৰ পাতৰ মাজত ফঁচি গ'ল মিংমাৰ কঁকালৰ তল ভাগ৷ সি যন্ত্ৰনাত
চিঞৰি উঠিল "আঁ..আঁ.." কৈ৷
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ