মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
দ্বিতীয় অধ্যায়
খুৰাদেউৱে কিন্তু কলিকতাত থাকোতে দাঁতটোৰ কথা জনোৱা নাছিল সন্তুক৷ সন্তুৱে জনাই নাছিল যে খুৰাদেউৱে বিলাতৰ পৰা আহোতে
এইবাৰ এটা দাঁত লগত লৈ আহিছে৷ বিলাতৰ পৰা মানুহে কত ধৰণৰ ভাল ভাল বস্তু আনে,
আৰু
খুৰাদেউৱে আনিছে এটা মৰা মানুহৰ দাঁত!
আন্দামান অভিযানৰ কথা চৌদিশে জনাজাত হৈ
যোৱাৰ পিছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা এতিয়া খুৰাদেউলৈ নিমন্ত্ৰণ আহে৷ জেনিভাৰ এক
এন্থ্ৰপল'জিকেল কনফাৰেন্সত খুৰাদেউৱে বক্তৃতা দিবলৈ গৈছিল ছমাহমান আগতে৷
তাৰপৰাই গৈছিল বিলাতলৈ৷ তাৰ পিছত খুৰাদেউ কেইদিনমান ডুবি থাকিল কিতাপ পত্ৰৰ মাজত৷ তেতিয়াই
সন্তুৰ সন্দেহ হৈছিল, খুৰাদেউৱে চাগে আৰু কিবা নতুন ৰহস্যৰ সন্ধান পাইছে৷
এদিন হঠাৎ তেওঁ সন্তুক মাতি নি কৈছিল,
"কি অ', এভাৰেষ্টলৈ যাবি নেকি? মই যাম, যদি তয়ো লগত যাব খোজ..."
শুনিয়েই সন্তুৰ বুকুখন ধক কৈ উঠিছিল৷
এভাৰেষ্ট!
প্ৰথমতে যেন সন্তুৱে বিশ্বাসেই কৰিব
পৰা নাছিল, এভাৰেষ্টলৈ যোৱাতো জানো মুখৰ কথা?
সন্তুৱে সুধিছিল, "খুৰাদেউ, তুমি মানে কি, মানে তুমি কি সঁচাই এভাৰেষ্টলৈ যাবা?"
খুৰাদেউৱে কৈছিল, "সঁচা নকৈ কি মিছা কম নেকি তোক?"
এজন খোৰা মানুহ, পেঙত ভৰ নিদিলে যিয়ে খোজ কাঢ়িব নোৱাৰে,
তেওঁৰ
মুখত এভাৰেষ্টলৈ যোৱাৰ কথা শুনিলে জানো সহজে মানি ল’ব পাৰি? অথচ খুৰাদেউৱে যে আজ-বাজে কথা নকয়, সেইটোও ঠিক৷ তেতিয়া সন্তুৱে ভাবিছিল,
খুৰাদেউৱে
চাগে এভাৰেষ্ট আৰোহণকাৰী কোনো অভিযাত্ৰী দলৰ সৈতে যাব৷ আৰু সন্তুতো যাবই খুৰাদেউৰ
লগত৷ এনেকুৱা সুযোগ জানো হেৰুৱাব পাৰি?
নিউজিলেণ্ডৰ হিলাৰী আৰু আমাৰ
দাৰ্জিলিঙৰ টেনজিং- এই দুজনেই মানৱ জাতিৰ ভিতৰত প্ৰথম, যিয়ে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ওখ ঠাই
এভাৰেষ্টৰ শিখৰত প্ৰথম খোজ দিছিল৷ তাৰ পিছত আমেৰিকান, ফৰাচী, জাপানী আৰু কিমান জাতিৰ মানুহ এভাৰেষ্টৰ
শিখৰত উঠিছে৷ আনকি আমাৰ ভাৰতৰো এজন নে দুজন উঠিছে, কিন্তু কোনো বঙালীতো এতিয়াও তালৈকে যাব
পৰা নাই! সন্তুৱে যদি উঠিব পাৰে গোটেই পৃথিৱীত তাৰ নাম জনাজাত হৈ পৰিব৷ পৃথিৱীৰ
কোনো জাতিৰে পোন্ধৰ বছৰীয়া ল'ৰা-ছোৱালী এতিয়ালে এভাৰেষ্টত উঠিব পৰা নাই৷ আৰু
খুৰাদেউৱে যদি উঠিম বুলি ভাবে, তেওঁ উঠিবই, সন্তুৰ বিশ্বাস আছে৷ তেনেহ'লে খুৰাদেউও এটা ফালৰ পৰা বিশ্বৰ ভিতৰত
প্ৰথম হ'ব৷ কাৰণ, এখন ভৰি খোৰা, পেং কাষলতিৰ তলত লৈ এভাৰেষ্ট আৰোহণ কৰাৰ কথা কল্পনা
কৰিবলৈকেও কোনেও আগতে সাহস কৰা নাই৷
সন্তুৱে একে উৎসাহে ৰাজি হৈ গৈছিল,
লগতে
এভাৰেষ্ট সম্পৰ্কে তাৰ জ্ঞান দেখুৱাবলৈ কৈছিল, "খুৰাদেউ, এভাৰেষ্ট আৱিষ্কাৰ কৰিছিলে এজন বঙালীয়ে,
হয়নে?
চাহাবসকলে
তেওঁৰ নামটো নিদিলে.."
খুৰাদেউৱে অকণমান হাঁহি কৈছিল,
"এভাৰেষ্ট আৰু কোনে আৱিষ্কাৰ কৰিব? এইটো জানো কিবা নতুন বস্তু? হ'লেও, এইটোৱেই যে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ ওখ
শৃঙ্গ, তাক নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এজন বঙালীৰ অলপ হাত আছিল অৱশ্যে!"
সন্তুৱে কৈছিল, "মইতো তাকেই কৈছো৷ তেওঁৰ নাম ৰাধানাথ শিকদাৰ৷ এই শৃঙ্গটোৰ নাম এভাৰেষ্ট নহয় ৰাধানাথো ৰাখিব পাৰিলেহেঁতেন৷"
খুৰাদেউৱে কৈছিল, "ৰাধনাথ শিকদাৰে চাৰ্ভে অফিচত কাম
কৰিছিল। হিমালয়ৰ বহুত শৃঙ্গৰ তেতিয়া নামেই
নাছিল৷ মিঃ এভাৰেষ্ট আছিল সেইটো অফিচৰ ডাঙৰ চাহাব৷ তেওঁৰ নামেৰেই এই শৃঙ্গটোৰ নাম
ৰখা হৈছে৷"
সন্তুৱে সুধিছিল, "বাৰু খুৰাদেউ, এই ৰাধানাথ শিকদাৰেতো এভাৰেষ্টৰ শিখৰত
কোনোদিনে উঠা নাছিল, তেনেহ'লে তেওঁ কেনেকৈ জানিলে যে এইটোৱেই আটাইতকৈ ওখ শৃঙ্গ?"
খুৰাদেউৱে কৈছিল, "পাহাৰত নুঠাকৈও পাহাৰ জুখিব পাৰি৷ সৰু
সৰু পাহাৰবোৰ তাৰ ছাঁ চাইয়ে জোখা হয়৷ তাৰোপৰি যন্ত্ৰপাতিৰ সহায় লৈও যথেষ্ট জোখমাখ
কৰা হয়৷ ৰাধানাথ শিকদাৰ অৱশ্যে এটা সময়ত ডেৰাডুনত আছিল, তেতিয়া তেওঁ পাহাৰে-পৰ্বতে বহুত
ঘূৰ-ফিৰা কৰিছে৷ কিন্তু তই যি আৱিষ্কাৰৰ কথা ক'লি, সেয়া হৈছিল এই কলিকতাত৷ হিচাপ কৰি কৰি
এদিন তেওঁ দেখিলে যে এই নাম নজনা পৰ্বতৰ শৃঙ্গটো, তেতিয়া কাগজে-পত্ৰই ইয়াক কোৱা হৈছিল
ছিল পীক নাম্বাৰ ফিফটিন, ইয়াৰ উচ্চতা ঊনত্ৰিশ হাজাৰ ফিটৰ বেছি, ইমান ওখ পৰ্বতৰ শৃঙ্গ আৰু পৃথিৱীৰ ক'তো নাই৷ লগে লগে তেওঁ দৌৰি গৈ তেওঁৰ
নতুন ডাঙৰ চাহাবক কথাটো জনালে৷ এভাৰেষ্ট চাহব অৱশ্যে তেতিয়া ৰিটায়াৰ হৈছে, হ'লেও তেওঁৰ নামেৰেই শৃঙ্গটোৰ নাম
এভাৰেষ্ট ৰখা হ'ল৷"
সিদিনা এভাৰেষ্ট সম্পৰ্কে আৰু বহুত
কিবা কিবি কথা পাতিছিল সিহঁতে৷ তাৰ পিছত কেইদিনমান খুৰাদেউ একেবাৰে মনে মনে আছিল৷
যেন তেওঁ কথাটো পাহৰিয়েই থাকিল৷ হঠাৎ এদিন খুৰাদেউ গুছি গ'ল দাৰ্জিলিঙলৈ৷ সন্তুক লগত লৈ যোৱাৰ
কথা একো নক'লে৷ তাৰ পৰা আহি চৰকাৰৰ নিমন্ত্ৰণ পাই আকৌ গুছি গ'ল জাৰ্মানলৈ৷ ডেৰমাহ পিছত যিদিনা খনেই
তেওঁ কলিকতা পালেহি, তাৰ পিছদিনাখনেই সন্তুহঁতৰ ঘৰলৈ আহিল টেনজিং৷ কেনেকৈ জানো কথাটো
প্ৰচাৰ হৈ গ'ল, সন্তুহঁতৰ ঘৰৰ সন্মুখত সিদিনা সাংঘাতিক ভিৰ লাগি গৈছিল৷ হেতাওপৰা
লাগি গৈছিল টেনজিংক এবাৰ চাবলৈ, তাৰ চহী ল'বলৈ৷
টেনজিংৰ সৈতে নিজৰ কোঠাত বহি বহু সময়
ধৰি কথা পাতিছিল খুৰাদেউৱে৷ তেতিয়া ৰুমত আৰু কোনো নাছিল৷ সন্তুৱে ঘূৰা-ঘূৰি কৰি
আছিল ৰুমটোৰ কাষত৷ কিন্তু একো শুনিবলৈ পোৱা নাছিল৷ টেনজিঙে যাবৰ পৰত বন্ধুৰ দৰেই
খুৰাদেউৰ হাতত ধৰি কৰমৰ্দন কৰি কৈছিল, "গুড লাক! আই উইছ ইউ ছাক্সেছ, মিঃ ৰায়চৌধুৰী! আপুনি পাৰিবই, তেতিয়া চবে গম পাই যাব, মোৰ কথা সঁচা হয় নে নহয়৷ বয়স হৈছে,
নহ'লে আপোনাৰ লগত ময়ো গ'লোহেঁতেন৷"
স্কুলৰ লগৰবোৰৰ আগত সন্তুৱে আগতেই কৈ
থৈছিল, এইবাৰ সি খুৰাদেউৰ লগত এভাৰেষ্ট অভিযানলৈ যাব৷ চবে হাঁহিছিল৷ বন্ধু
বিলাকৰ এইটোৱেই ভুল, কোনো কথা সিহঁতে লগে লগে বিশ্বাস নকৰে৷ টেনজিং নোৰগে সিহঁতৰ ঘৰলৈ
অহাৰ পিছত সি আকৌ কৈছিল, "দেখিলিনে? আমাৰ খুৰাদেউৰ সৈতে কিমান মানুহৰ চিনা-জানা
আছে? টেনজিং নিজেই যাব খুজিছিল আমাৰ সৈতে!"
সন্তুহঁতৰ স্কুলৰ পূজাৰ বন্ধ যিদিনাই
আৰম্ভ হৈছিল, সিদিনাই খুৰাদেউৱে কৈছিল, "সন্তু, সাজু হ', অহা সোমবাৰেই আমি যাম৷"
সন্তুৱে ভাবিছিল এভাৰেষ্টলৈ যাবলৈ হ'লে ডাঙৰ দলবল লাগে, বহুত বস্তু বাহানি আৰু তম্বু-চম্বু লৈ
যাবলগীয়া হয়৷ তেনেকুৱা একো নহ'ল। খুৰাদেউৱে কেৱল সন্তুক লগত লৈ প্লেনত
বহি গুছি আহিল নেপাললৈ৷ কাঠমাণ্ডু চহৰত ছদিন নীৰৱে সন্তুৱে এখন হোটেলতে বহি কটালে৷
খুৰাদেউৱে অকলে অকলে ঘূৰা-ফিৰা কৰিলে বিভিন্ন কামত৷ সন্তুৱে ভাবিছিল খুৰাদেউৱে
চাগে নেপাললৈ আহি মানুহ গটোৱাত লাগিছে৷
তেনেকুৱাও নহ'ল৷ এদিন ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই
খুৰাদেউৱে ক'লে, "বেদিং পত্ৰ বান্ধি ল', এঘন্টাৰ ভিতৰতে ওলাই যাম৷"
খুৰাদেউৱে কোনো কোনো সময়ত কথা কোৱা একেবাৰে
কমাই দিয়ে৷ তেতিয়া তেওঁক একো সুধিব নোৱাৰি৷ সন্তুৱে চুপ-চাপ সকলো কথা শুনি যায়
মাত্ৰ৷
কাঠমাণ্ডুৰ হোটেলৰ পৰা টেক্সী লৈ
এয়াৰপোৰ্টলৈ গ'ল সিহঁত৷ সন্তুৱে ভাবিলে, আকৌ হয়তো কলিকতালৈ উভতি যাব৷ কিন্তু
এইবাৰ সিহঁত উঠিল এখন সৰু প্লেনত৷ মাত্ৰ দহ বাৰজন যাত্ৰী৷ উৰাৰ অলপ সময় পিছতেই
সন্তুৱে দেখিবলৈ পালে চৌদিশে বৰফৰ মুকুট পিন্ধা পৰ্বতৰ শৃঙ্গ৷
প্লেনখন আহি ৰ'ল এখন অত্যন্ত সৰু ঠাইত৷ এনেকুৱা ঠাইতো
যে প্লেন ৰখাব পাৰি, সেয়া বিশ্বাস নহয়৷ ঠাইখনৰ নাম ছিয়াংবোচি৷ তাৰ পৰা মাত্ৰ দুজন মালবাহক
লৈ আৰম্ভ হ'ল পদযাত্ৰা৷ সন্তুৰ তেতিয়াও গোটেই কথাটো অবিশ্বাস্য যেন লাগিছিল৷
মাত্ৰ দুজন মানুহ লগত লৈ এভাৰেষ্ট আৰোহণ
কৰিব? তম্বু ক'ত? বাকী মাল-পত্ৰ ক'ত? পেঙত ভৰ দি দি পৰ্বতীয়া ৰাস্তাৰে খোজ
কাঢ়ি গৈ থকা দেখি অন্যান্য যাত্ৰীসকলে অবাক হৈ ঘূৰি ঘূৰি চাইছিল খুৰাদেউৰ পিনে৷
এনেধৰণৰ মানুহ ইমান ওখ পৰ্বতীয়া ৰাস্তাত কোনেও কেতিয়াও দেখা নাই৷ ইয়াৰ ৰাস্তাবোৰত
বহুত বিদেশী মানুহ দেখিবলৈ পোৱা যায়৷ চাহাবতো আছেই, কিছুমান মেম-চাহাবেও কান্ধত বেগ লৈ পৰ্বতে-পৰ্বতে
ঘূৰি ফুৰে৷ ছিয়াংবোচিত জাপানীজ সকলে এখন বিৰাট ডাঙৰ হোটেল বনাইছে৷
খুৰাদেউৰ পিছে কাৰো প্ৰতি ভ্ৰূক্ষেপ
নাই৷ পেঙত ভৰ দি দি কেৱল উঠি গৈছে ওপৰলৈ৷ সন্তুৰ ভাগৰ লাগি গৈছিল, কিন্তু খুৰাদেউৰ শৰীৰটো যেন দৈত্যৰহে
শৰীৰ৷
এনেকুৱা এটা পৰ্বতীয়া ৰাস্তাতে এবাৰ এক
দুৰ্ঘটনাত খুৰাদেউৰ এখন ভৰি চিৰদিনৰ কাৰণে পংগু হৈ গৈছিল৷ অথচ পৰ্বতক ভয় নকৰে
খুৰাদেউৱে৷
ফুনটুংগা নামৰ এখন সৰু ঠাই পাৰ হৈ বাটৰ
কাষৰ এটা ডাঙৰ শিলৰ ওপৰত বহি লৈ সন্তু আৰু খুৰাদেউৱে কমলা টেঙা, পাউৰুটি, আৰু বয়ল কণী খাবলৈ লৈছিল৷ তেনেতে
কেইটামান পাহাৰী মানুহে দৌৰি দৌৰি আহি কৈ গ'ল, "পলাওঁক, পলাওঁক, সাৱধান, বন ভালুক ওলাইছে৷"
শুনিয়েই সন্তু উচপ খাই উঠিছিল৷
চাৰিওপিনে পাহাৰ আৰু মুকলি ৰাস্তা৷ সিহঁত পলাব কোনফালে? ফুনটুংগালৈ ঘূৰি যাব লাগিলেতো বহুত সময়
লাগি যাব৷ তাৰোপৰি খুৰাদেউৱেতো পলাবও নোৱাৰে৷
খুৰাদেউৱে কিন্তু নিশ্চিন্ত মনে পাইপ
জ্বলাই ক'লে, "কমলা টেঙাৰ বাকলি ৰাস্তাত পেলাইছ কিয়? চব বুতলি এটা ঠোঙাত ভৰাই ল'৷ পাহাৰ-পৰ্বত কেতিয়াও লেতেৰা কৰিব
নাপায়৷"
ৰাস্তাৰ এফালে হাবি, এফালে খাদ, সেই খাদৰ তলত দেখা গৈছে ৰূপৰ হাৰৰ দৰে
এখন সৰু নৈ৷ সন্তুৱে ভয়ে ভয়ে হাবিখনৰ পিনে চালে৷ তাৰ ভাব হ'ল, হঠাৎ যেন সেইপিনৰ পৰা ভালুক এটা
একেজাপে ওলাই আহিব৷
তাৰ পিছত দুজন চাহাবো দৌৰি দৌৰি তললৈ
নামি আহিল৷ সিহঁতেও খুৰাদেউক দেখি ইংৰাজীতে ক'লে, "তোমোলাক ইয়াতে কিয় বহি আছা? তললৈ বোলা৷ এইপিনে বন ভালুক ওলাইছে৷"
খুৰাদেউৱে একো নক'লে৷
অলপ সময় পিছত পুনৰ বহুত মানুহৰ
হাই-উৰুমি শুনা গ'ল৷ সন্তুৱে ভাবিলে, ভালুকটোৱে নিশ্চয় সিহঁতৰ পিছে পিছে খেদি আহিছে৷
মানুহকেইজনে কান্ধত তুলি আনিছে এজন আহত
ব্যক্তিক৷ তেওঁৰ গাৰ পৰা তেতিয়াও তেজ বৈ আছে৷ মানুহজনে সেই অৱস্থাতো জ্ঞান হেৰুওৱা
নাই, "আঁ আঁ আঁ" শব্দ কৰিছে৷
খুৰাদেউৱে একো সুধিব লগীয়া নহ'ল৷ মানুহ কেইজনে নিজেই চিঞৰি বাখৰ কৰি
বহু কথা কৈ গ'ল, তাৰ পৰা বুজা গ'ল, জংঘলৰ ভিতৰত এই মানুহজনক ভালুকে আক্ৰমণ
কৰি তেওঁৰ পেটৰ নাড়ি-ভুঁৰু বাহিৰ কৰি দিছে৷ মানুহজনক তেওঁলোকে হস্পিটাললৈ নি আছে৷
সিহঁত গুছি যোৱাৰ পিছত সন্তুৱে দেখিলে
ৰাস্তাত পৰি আছে তেজৰ টোপাল৷ মানুহৰ তেজৰ৷
খুৰাদেউৱে ক'লে, "পাহাৰী ভালুকবোৰ খুব হিংস্ৰ হয়! এক
হিচাপত বাঘ সিংহতকৈও বেছি, ইহঁতে অকাৰণতে মানুহ মাৰে৷"
কোটৰ ভিতৰৰ পকেটৰ পৰা ৰিভলভাৰটো উলিয়াই
খুৰাদেউৱে সন্তুক সুধিলে, "তোৰ ভয় লাগিছে নেকি?"
সন্তুৱে কি উত্তৰ দিব? চকুৰ আগতেইচোন সি দেখিলে ভালুকে মানুহজনৰ
পেট ফালি চিৰা চিৰি কৰি পেলাইছে৷ হঠাৎ যদি ভালুকটো সিহঁতৰ ওপৰত জপিয়াই পৰে?
ৰিভলভাৰেৰে
জানো ভালুক মাৰিব পৰা যাব? সন্তুৱে যিমানবোৰ চিকাৰৰ গল্প পঢ়িছে, চবতে
দেখিছে চিকাৰীৰ হাতত থাকে ৰাইফল৷
অন্ঠ-কণ্ঠ শুকাই গৈছিল তাৰ, অথচ সেই শুকান কণ্ঠেৰেই সি উত্তৰ দিলে,
"নাই৷"
খুৰাদেউৱে ক'লে, "তই এই শিলটোৰ আঁৰত গৈ বহ৷ আমিতো এইটো
বাটেৰেই ওপৰলৈ যাব লাগিব৷ মিছা মিছি দেৰি কৰি থাকি আৰু লাভ নাই!"
সন্তুৱে এইবাৰ অলপ সাহস গোটাই ক'লে, "খুৰাদেউ, চবে তললৈ নামি গৈছে৷ আমিও তলৰ
গাওঁখনলৈকে উভতি গৈ ৰাতিটো তাতে থাকি দিব নোৱাৰোনে? আনকি চাহাব কেইজনো নামি গৈছে৷"
খুৰাদেউৱে কাঢ়া মাতেৰে ক'লে, "আনকি চাহাব কেইজনো মানে? চাহাব বিলাক কি আমাতকৈ বেছি সাহসী নেকি?"
সন্তুৱে অকণমান থতমত খাই ক'লে, "নাই৷ মানে, হেৰি..."
খুৰাদেউৱে অলপ সময় একদৃষ্টিৰে চাই ৰ'ল তাৰ পিনে৷ তাৰ পিছত লাহে লাহে ক'লে, "ক'ৰবালৈ যাবলৈ ওলাই মই কোনোদিনে পিছলৈ
উভতি চোৱা নাই৷ মোৰ সৈতে যাব খুজিলে এই কথাষাৰ তই সদায় মনত ৰাখিব লাগিব৷"
তাৰ পিছত খুৰাদেউৱে ৰিভলভাৰ ওপৰলৈ তুলি
সন্তুক আচৰিত কৰি "ধিচুম" কৈ গুলি কৰি দিলে৷