"কি কথা কয়? মই তাৰ ওচৰলৈ যাম! এটা ৰেপিষ্ট,
হত্যাকাৰীৰ
ওচৰলৈ মই কিয় যাম শৱৰবাবু? মোৰতো তাৰ লগত কোনো সম্পৰ্ক নাই৷"
"জানো, জানো৷ কিন্তু মই এটা কথা জানিব
খোজো৷"
"কি কথা?"
"সিদিনা ৰাতি তেওঁ সঁচাকৈ ৰিংকুৰ লগতে
কথা পাতিছিল নে আন কোনোবা আছিল?"
"অভিয়াছলি ৰিংকু৷ কোন হ'ব নহ'লে?"
"মানি লৈছো৷ কিন্তু সন্দেহৰ কোনো বীজ মই
ৰাখিব খোজা নাই৷"
"আপুনি লগাতকৈ বেছি ভাবিছে৷"
"একো বেছি ভবা নাই৷ সত্যৰ গুৰিটো বিচৰা বৰ
কঠিন৷"
"সত্যক আপুনি স্বীকাৰ কৰিব খোজা
নাই৷"
"সত্য হ'লে নিশ্চয় স্বীকাৰ কৰিম৷"
"কিন্তু এইবোৰৰ মাজত মোক টনা-আঁজোৰা
কৰিছে কিয়?"
"জেৰা বা ৰুটিন প্ৰশ্ন কৰি ভজনবাবুৰ পৰা
কোনোপধ্যেই কথাটো উলিয়াব পৰা নাই৷ আপুনি হয়তো জানে, মানুহজনৰ সহ্য শক্তি অসীম৷ মই কাকো
ইমান ফিজিকেল টৰ্চাৰ সহ্য কৰাৰ পিছতো ইমান শান্ত হৈ থকা দেখা নাই৷"
"তাতে কি হ'ল?"
"মানুহজনক ক্ৰেকডাউন কৰাটোৱেই মোৰ
স্বাৰ্থ৷ কেছটোৰ যি অৱস্থা, ভজনবাবুৰ ৰেহাই পোৱাৰ কোনো উপায় নাই৷ মই তেওঁক
বচাবও খোজা নাই৷ মানুহজনৰ ফাঁচীয়েই হওঁক বা যাৱজ্জীৱন কাৰাদণ্ডই হওঁক মোৰ একো আহে
নাযায়৷ কিন্তু মানুহজনৰ মুখৰ পৰা কথাটো উলিয়াব নোৱাৰালৈকে মই শান্তি নাপাম৷"
"এইটো আপোনাৰ জেদ বা প্ৰেষ্টিজ ইছ্যু
নেকি?"
"নাই, একেবাৰে নহয়৷"
"ছোৱালীজনী যে ৰিংকু সেইটো আপুনি মানি ল'ব পৰা নাই কিয়?"
"পাৰিছো৷ অথচ পৰাও নাই।"
"বৰ দোমোজাত পেলায় আপুনি৷ মোৰতো সন্দেহ
হ’ব ধৰিছে ভজনে আপোনাক ঘোচ দিছে৷"
শৱৰে হাঁহিলে, "মনত আছেনে ভজনবাবুৱে গুণ্ডা বদমাচৰ
হাতত মাৰ খায়ো চান্দা নিদিলে৷ ঘোচ দিয়া মানুহ তেওঁ নহয়৷"
"মই কি কৰিব লাগিব?"
"জাষ্ট মিট হিম৷"
"মিট কৰি কিবাতো ক'ব লাগিব?"
"সেইটো হৈ যাব৷"
"কি হৈ যাব? ক'ম কি তেতিয়া?"
"যি মনলৈ আহে তাকে ক'ব৷ প্ৰম্পট কৰাৰ বা শিকি-বুজি যোৱাৰ
প্ৰয়োজন নাই৷"
"মোৰ যে তাৰ ওপৰত ভীষণ খং উঠি
আছে৷"
"থাকক না৷ তাত কি আহে যায়?"
"কি লাইনত কথা পাতিব লাগিব, সেইটোকে ধৰিব পৰা নাই৷"
"যিকোনো বিষয়ত কথা পাতিব পাৰে৷ বুদ্ধি
খটুৱাই ক'ব আৰু৷ কোৱাতকৈও শুনাটোহে বেছি দৰকাৰী৷"
"সি মোক কিয় ক'ব চব কথা?"
"তেওঁ কাৰো সৈতেই বিশেষ কথা পতা নাই৷
আপোনাৰ সৈতেও নাপাতিব পাৰে৷ হ'লেও মোৰ ধাৰণা, যিহেতু তেওঁ আপোনাক টৰ্চাৰ কৰিছিল,
সেই
কাৰণে আপোনাৰ প্ৰতি তেওঁ হয়তো অলপ অপৰাধবোধত ভুগি থাকিব পাৰে৷"
"নৰপশু বিলাকৰ অনুতাপ নাথাকে৷ ৰিংকুক
মাৰি জানো সি অনুতপ্ত হৈছে?"
"অনুতপ্ত হৈছে নে নাই মই নাজানো৷ আপুনি
নিজেই তেওঁক লগ কৰি জানিবলৈ চেষ্টা কৰক৷"
"মোৰ কি দৰকাৰ?"
"দৰকাৰ আপোনাৰ নহয়, দৰকাৰ মোৰ৷"
"আপুনি মোক বৰ সমস্যাত পেলালে৷ ঠিক আছে,
এটা
চৰ্তত মই দেখা কৰিম৷"
"কি চৰ্ত?"
"আপোনাৰ কথা মই মানিম, বিনিময়ত কিন্তু মোক সাক্ষী হোৱাৰ পৰা
ৰেহাই দিব লাগিব৷"
"চৰ্তটো বৰ কঠিন৷ হ'লেও চেষ্টা কৰিম৷"
"শৱৰবাবু, আপুনি জানেনে? আপুনি যে এটা বৈধ্য নাছোড়বান্দা
মানুহ?"
"জানো৷ মোৰ কামেই মোক আনপপুলাৰ কৰি
তুলিছে৷"
"মই কিন্তু আপোনাক ডিছলাইক নকৰো৷ বৰং
আপুনি আন পুলিচৰ দৰে খিংখিঙীয়া নহয় কাৰণে আপোনাৰ লগত ফ্ৰিলি দুষাৰ কথা
পাতিছো৷"
"তাৰ বাবে আপোনাক ধন্যবাদ৷"
"কেতিয়া যাব লাগিব?"
"আজি আৰু এতিয়াই৷"
"মোৰ যে ভয় লাগিব ধৰিছে৷"
"ভয় লাগিবলগীয়া কি আছে? মানুহজন শোৱাপাটীত নৰপশু হ'লেও এনেয়ে এজন চিক মেন৷"
"হ'লেও নাৰ্ভাছ ফিল হৈছে৷"
"মই ওচৰতে থাকিম৷"
"গ্ৰীলৰ ফাঁকেৰে দেখা হ'ব ন?"
শৱৰে হাঁহি ক'লে, "আপুনি যদি বিচাৰে তেনেকৈয়ে হ'ব৷ পিছে আপুনি নিজৰ নিৰাপত্তাক লৈ যদি
শংকিত নহয়, তেনেহ'লে মোৰ ইচ্ছা আপোনালোকৰ সাক্ষাৎ পুলিচ কাষ্টডিৰ বাহিৰত ক'ৰবাত হওঁক৷"
"কি কয়? পুলিচে তাক এৰি দিব নেকি?"
"আইন মতে এৰি নিদিয়ে৷ কিন্তু মোৰ
আণ্ডাৰটেকিঙত দিব৷ ব'লক৷"
"ঠিক আছে৷ চব ৰিস্ক কিন্তু
আপোনাৰ৷"
"নিশ্চয়৷"
"আপোনাৰ আত্মবিশ্বাসটো অলপ বেছি,
নহয়
জানো?"
"নহয় মিছ ভট্টাচাৰ্য, আত্মবিশ্বাস নহয়৷ কেৱল লজিকেল৷"
"ঠিক আছে, ব'লক৷ মই কাপোৰযোৰ সলাই আহো৷ গাড়ী আছে
নহয়?"
"আছে৷ পুলিচৰ জীপ৷"
"হৈ যাব৷"
শৱৰে বিভাৱৰীক লৈ যেতিয়া ওলাইছিল,
তেতিয়া
দুপৰীয়া দুই বাজি গৈছে৷ গৈ থাকোতে বিভাৱৰীয়ে বেছি কথা কোৱা নাছিল৷ শৱৰে সুধিলে,
"ষ্টিল ফিলিং নাৰ্ভাছ?"
"অঁ৷"
"তেওঁৰ প্ৰতি আপোনাৰ ঘৃণাৰ ভাবটো এতিয়াও
আছেনে?"
"নাথাকিব? মই পাহৰিব নোৱাৰো৷"
শৱৰে গাড়ী চলাই গৈ থাকোতে ক'লে, "থানাত নহয়, বাৰাচাতৰ এটা খালি ঘৰত আপোনালোকৰ দেখা
হ'ব৷"
"আপুনি কিন্তু বেছি ৰিস্ক লৈছে, শৱৰবাবু৷ থানাতেই ভাল হ'লহেঁতেন৷ মই চেফ ফিল
কৰিলোহেঁতেন৷"
"আপুনি চেফটি লৈ চিন্তা নকৰিব৷ ইউ উইল
বি চেফ৷"
বিভাৱৰী নিশ্চুপ হৈ ৰ'ল৷
***
শৱৰে যিটো ঘৰলৈ বিভাৱৰীক লৈ আহিল,
সেইটো
যে কোনোবা ধনী মানুহৰ পামঘৰ, দেখিলেই বুজা যায়৷ চৌপাশে ডাঙৰ এলেকা এটা জুৰি গছ
গছনি। সুন্দৰ নিৰিবিলি পৰিবেশ৷ সন্মুখত এখন বাগিচা৷ বাৰিষা যোৱাৰ পিছতো বাগিচাত
ফুলৰ অভাৱ ঘটা নাই৷ বাংলো পেটাৰ্নৰ বিশাল ঘৰটোৰ সন্মুখত এখন মনোৰম বাৰাণ্ডা৷
"এইটো কাৰ ঘৰ শৱৰবাবু?"
"উদ্যোগপতি এজনৰ৷ কোনো নাথাকে৷ খালি হৈ
পৰি আছে৷ অকল মালীজন থাকে৷"
জীপখন একেবাৰে বাৰাণ্ডাৰ মুখতে ৰৈ গ’ল৷ শৱৰে জীপৰ পৰা নামি ক'লে, "আহক৷"
"কোনো নাই দেখোন ইয়াত!"
"আহিব৷ কেই মিনিটমান ৰ'ব লাগিব৷"
ভিতৰত সোমাই বিভাৱৰীয়ে চাৰিওপিনে চকু
ফুৰালে৷ বৈঠকখানাখন ইমান ধুনীয়াকৈ সজোৱা৷ আচবাব-পত্ৰ বেছি নাই৷ কিন্তু সকলোতে এটা
কলাত্মক দিশ পৰিস্ফুট৷
"ইয়াত নহয়৷ ভিতৰৰ ডাইনিং হ’ললৈ ব'লক৷"
বিভাৱৰীয়ে ক'লে, "ঠিক আছে৷"
ডাইনিং হলটোও সুন্দৰকৈ সজোৱা৷ প্ৰকাণ্ড
গ্লাছৰ ডাইনিং টেবুলখনৰ চাৰিও ফালে কুচন পৰা চেয়াৰ৷ কুচনবোৰ অতি নৰম৷ এয়াৰ
কণ্ডিচনাৰ চলি আছে কাৰণে চিধা গৰমৰ পৰা আহি সাংঘাতিক আৰামবোধ কৰিলে বিভাৱৰীয়ে৷
চাৰিওফালে নিৰল-নিস্তব্ধ এটা পৰিৱেশ৷
"কি খাব? চাহ, কফি নে ক'ল্ড ড্ৰিংক?"
"পানী খাম৷ আৰু একো নালাগে৷"
পৰিচাৰক এজনে ট্ৰে এখনত এটা টাম্বলাৰ
আৰু চিকচিকিয়া কাঁচৰ গ্লাছ কেইটামান থৈ গ'ল সন্মুখত৷ বিভাৱৰীয়ে অলপমান পানী খায়ে
বুজিলে তাইৰ তৃষ্ণাটো নাৰ্ভাছনেছৰ৷ বাৰে বাৰে পিয়াহ লাগি থাকিব৷
তাইক বহাই থৈ বাহিৰলৈ ওলাই যোৱাৰ আগতে
শৱৰে কৈ গ'ল, "আমি আৰু ভিতৰলৈ নাহো৷ ভয় নকৰিব৷ জাষ্ট ফেচ হিম এণ্ড টক৷"
বিভাৱৰীয়ে অকণমান হঁহিবলৈ চেষ্টা কৰিলে৷
কিন্তু মুখত ফুটি নুঠিল।
ডাইনিং হ'লৰ পিছফালে দেৱাল জুৰি থকা বিশাল
খিৰিকীখনেৰে দেখা গৈছে সেউজীয়া গছ-গছনি৷ কেৱল সেউজীয়াই যেন আৱৰি ধৰি আছে চৌপাশ৷
খিৰিকীৰে সোমাই আহিছে বাহিৰৰ স্নিগ্ধ পোহৰ৷ আজি বতৰটো মেঘাচন্ন, সেয়ে পোহৰত তীব্ৰতা নাই৷
বিভাৱৰীয়ে ঘড়ীটোলৈ চাইছে বাৰে-বাৰে৷
এটা এটা মিনিট তাইৰ এটা এটা যুগ যেন লাগিবলৈ ধৰিলে৷ বাৰে বাৰে সেপ ঢুকিছে তাই৷ অলপ
অলপকৈ পানী খাইছে৷ ভাবিছে মানুহজনক তাই কি ক'ব৷ মনৰ ভিতৰখন ইমান তোলপাৰ লাগি গৈছে
যে তাই কথা ক'ব পাৰিব নে নাই, তাতো সন্দেহ আছ৷
পাঁচ মিনিট পিছত বৈঠকখানাৰ ফালৰ ফ্লাছ
ডোৰখন ঠেলি দুজন পুলিচ সোমাই আহিল, সোমায়েই দৰজাৰ দুয়োফালে থিয় হৈ ৰ'ল৷ কেই ছেকেণ্ডমান পিছত পেঙত ভৰ দি অতি
কষ্টেৰে যিজন মানুহ ভিতৰলৈ সোমাই আহিল, সেই মানুহজনক দেখাৰ পিছত কোনেও ক'ব নোৱাৰিব যে এইজন মানুহেই সেই ভজন আচাৰ্য৷
মূৰত বেণ্ডেজ, হাতত বেণ্ডেজ, গালত ষ্টিকিং প্লাষ্টাৰ, ভৰিত প্লাষ্টাৰ, ওঁঠ দুটা ফুলি আছে নীলা পৰি, এটা চকু বেণ্ডেজেৰে ঢকা৷ দেখি বিভাৱৰী
ইমান অবাক হ'ল যে মুখৰ মাত হেৰাই গ'ল তাইৰ৷
ভজন কোঠাত সোমোৱাৰ লগে লগেই পুলিচ দুজন
ওলাই গ'ল আৰু দৰজাখন টানি জপাই দিলে৷
ভজন দৰজাৰ ওচৰতে অলপ পৰ থিয় হৈ ৰ'ল৷ ফোঁপাইছে সি৷ তাৰ পিছত পেং দুপাতত
ভৰ দি দি অতি কষ্টেৰে আগুৱাই আহিল৷
বিভাৱৰীয়ে হয়তো উঠি গৈ চকী এখন টানি
বহাত সহায় কৰি দিব লাগিছিল তাক৷ কিন্তু ভজনৰ অৱস্থা দেখি তাই ইমানেই ভীতিগ্ৰস্ত হৈ
পৰিছিল যে লৰচৰ কৰাৰ শক্তিকণো হেৰুৱাই পেলাইছিল৷
ভজনে ডাঙৰ ডাঙৰকৈ শব্দ কৰি উশাহ লৈছিল৷
ফোঁপাইছিল৷ আগুৱাই আহি চকী এখন টানি বহিব খোজতেই এলুমনিয়ামৰ পেং এপাত সৰি পৰিল তাৰ হাতৰ পৰা৷ ঠনঠনাই উঠিল মজিয়াত পৰি৷ সেই পাত বুটলি ল'ব পৰাকৈ হাউলিব পৰা শক্তি তাৰ নাই৷
ভাৰসাম্যহীন শৰীৰেৰে কোনোৰকমে চকীখনৰ পিছফালে ধৰি নিজকে চম্ভালাৰ চেষ্টা কৰিলে সি৷
চকীৰে সৈতে লুটি খাই পৰি যাব খুজিছিল, কিন্তু কোনোমতে নপৰাকৈ থাকিল৷ তাৰ পিছত
অতি কষ্টেৰে চকীখনত বহি লৈ তললৈ মূখ কৰি উশাহ লৈ থাকিল সি। দীঘল দীঘল উশাহ৷ কথা
ক'ব পৰা অৱস্থাত সি একেবাৰে নাই৷ মানুহজনৰ যে এনেকুৱা দশা হৈছে,
সেই
কথা এবাৰো কোৱা নাছিল শৱৰে৷ কোনে কৰিলে এই অৱস্থা তাৰ? পুলিচে?
বিস্ময়ত বিমূঢ় হৈ মানুহজনৰ পিনে কেৱল
চাই থাকিল বিভাৱৰীয়ে৷ পাৰ হৈ গ'ল বহু সময়৷ যোৱা তেৰ চৈধ্য দিন ধৰি দাড়ি
খুৰোৱা নাই কাৰণে মুখখন দাড়িত পোত গৈছে৷ গোঁফ ওলমি পৰি ওপৰৰ ওঁঠ ঢাকি পেলাইছে৷
বিভাৱৰীয়ে লাহেকৈ উঠি গৈ মজিয়াৰ পৰা পেংপাত তুলি আনি আনপাত পেঙৰ লগত টেবুলত আঁউজাই
থ'লে৷ তাৰ পিছত নিজৰ চকীখনত বহি ক্ষীণ মাতেৰে সুধিলে, "পানী খাবা?"
মানুহজনে মৃদুভাৱে মূৰ জোকাৰি বুজালে,
নাখাওঁ৷
"এই অৱস্থা কোনে কৰিলে তোমাৰ? পুলিচে?"
ভজনে এইবাৰ তাৰ ক্লান্ত মুখখন তুলি
বিভাৱৰীৰ পিনে চালে৷ মেল খাই থকা মুখখনেৰে তেতিয়াও উশাহ লৈ আছে প্ৰবলভাৱে৷ মূৰটো
পুনৰ নিজক নিজে ওলমি পৰিল বুকুৰ ওপৰত৷ এতিয়াও কথা ক'ব পৰা অৱস্থালৈ অহা নাই সি৷
বিভাৱৰীৰ হাত-ভৰি চেঁচা পৰি আহিছিল৷ এই
মানুহজনক তাই ঘিণ কৰি আহিছে ইমান দিন ধৰি, আজি তাইৰ দুখ লাগিছে৷ মানুহৰ এনেকুৱা
দুৰ্দশা দেখিলে কাৰনো দুখ নালাগিব? শৱৰে কি তাইক ইচ্ছা কৰিয়েই এইবোৰ কথা জনোৱা
নাছিল নেকি?
প্ৰায় দহ মিনিট পাৰ হৈ গ'ল৷ নিশব্দে বাজি থাকিল ভজনৰ শ্বাস-যন্ত্ৰ৷
এটা সময়ত লাহে লাহে কমি আহিল তাৰ ফোঁপাই থকা ভাবটো৷ তাৰ পিছতো তলমূৰ কৰিয়েই বহি
থাকিল সি৷
"পানী অকণমান খোৱা৷"
ভজনে মূৰ জোকাৰিলে, নাখাওঁ৷
"এই অৱস্থা কোনে কৰিলে তোমাৰ?"
ভজনে অলপ পৰ মনে মনে থাকি ভঙা-ভঙা
মাতেৰে ক'লে, "চবেই৷"
"চবেই মানে?"
ভজনে পুনৰ মনে মনে থাকি আকৌ মৃদু
কণ্ঠেৰে ক'লে, "চবেই৷"
তাৰ পিছত ভজনৰ শৰীৰৰটো কঁপি কঁপি
উঠিবলৈ ধৰিলে৷ কান্দিছে নেকি? কন্দা মানুহটো নহয় সি৷ বিস্মিত বিভাৱৰীয়ে পলক
নেপেলোৱাকৈ চাই থাকিল তাৰ পিনে৷
কঁপনি কমিল৷ ভজনে কিন্তু মূৰ নুতুলিলে৷
"তোমাক কি পাব্লিকেও মাৰিছে?"
ভজনে মূৰ দুপিয়াই বুজালে, অঁ৷
"পুলিচেও?"
পুনৰ মূৰ দুপিয়ালে৷
"ৰিংকুক তুমি মাৰিছা?"
ভজনে কিছু পৰ নিশ্চুপ হৈ থাকি এটা
দীৰ্ঘ নিশ্বাস পেলালে মাত্ৰ৷ উত্তৰ নিদিলে৷
"নক'লা?"
কিছু পৰ জুপুকা লাগি থাকি সি ফিচফিচীয়া
মাত এটাৰে ক'লে, "কৈ কি লাভ?"
"লাভ নাই?"
মূৰ জোকাৰি নাই বুলি বুজালে সি৷ বহু
সময় পিছত তললৈ মুখ কৰি থকা অৱস্থাতেই সি বিৰ বিৰাই ক'লে, "কিমানবাৰ কৈছো৷ কোনেও নামানে৷"
বিভাৱৰীয়ে কি ক'ব ভাবি নাপালে৷ এটা সময়ত তাই সুধিলে,
"ৰিংকু সিদিনা ৰাতি তোমাৰ ওচৰলৈ কিয় আহিছিল? বিয়াৰ প্ৰস্তাৱ দিবলৈ?"
ভজনৰ ৰি-এক্সন বহুত দেৰিকৈ আহিল৷ হয়তো
মূৰত বহুত জোৰত আঘাত পাইছে কাৰণে ৰিফ্লেক্সে ঠিক মতে কাম কৰা নাই৷ সময়
লৈছে৷ কিছু সময় পিছত সি মূৰ জোকাৰি ক'লে, "নাই৷"
"ৰিংকু নহয়?"
"নহয়৷"
"তেনেহ'লে কোন?"
ভজনে এটা হেঁকটি মৰাৰ দৰে শব্দ কৰিলে৷
টেবুলৰ ওপৰত মূৰটো থৈ যেন অকণমান শুব খুজিলে সি৷ এই অৱস্থাত কিয় যে মানুহজনক ইমান
দূৰলৈ টানি আনিলে শৱৰে, কিয় যে তাইক বহুৱালে তাৰ সন্মুখত৷ বিভাৱৰীয়ে ভজনৰ ওচৰলৈ উঠি গৈ তাৰ
পিঠিত হাত এখন থৈ ক'লে, "তোমাৰ গাটো বহুত বেয়া লাগিছে নেকি?"
ভজন অকণমান কঁপি উঠিল৷ তাৰ পিছত লাহে
লাহে মূৰটো দাঙিলে সি৷ ৰক্তজবাৰ দৰে ৰঙা সোঁ চকুটোৰে বিভাৱৰীৰ পিনে এবাৰ চাই ক'লে, "নাই, ঠিকে আছে৷"
"ইয়াক জানো ঠিকে থকা বুলি কয়?"
ভজনে অলপ পৰ নিশ্চুপ হৈ থাকি অতি মৃদু
কণ্ঠেৰে ক'লে, "আৰু হ'ব৷ আৰু কিমান হ'ব৷ এয়াতো একো নহয়৷"
"আৰু কি হ'ব তোমাৰ?"
ভজনে চকু পানী আৰু লেলাউটিৰে তেপতেপীয়া
হৈ পৰা তাৰ বিভৎস মুখখন লাহে লাহে দাঙিলে৷ ৰঙা চকুটোৰে চাই সেই ভঙা ফিচফিচীয়া
মাতটোৰে সি ক'লে, "এতিয়াও মৰা নাই যে! নামাৰিব?"
"মোক প্লিজ কোৱা, তুমি সঁচাকৈ ৰেপ আৰু মাৰ্ডাৰ কৰিছা নে
নাই?"
ভজনে ডিঙিত সোপা মাৰি ধৰা মাতেৰে ক'লে, "কৈ কি লাভ হ'ব? কোনেও বিশ্বাসে নকৰে৷"
"মই তোমাক বিশ্বাস কৰিব খুজিছো৷ সঁচা
কথাটো কোৱা মোক৷"
ভজনে মূৰ জোকাৰি নাই বুলি জনালে৷ অলপ সময়
তললৈ মুখ কৰি থাকি সি পুনৰ বিভাৱৰীৰ পিনে লাহে লাহে মূৰ তুলি চালে৷ কম্পিত হাত
দুখন এক লগ কৰি হাতযোৰ কৰি ৰ'ল কিছু পৰ৷ দুয়োখন হাত তাৰ থৰথৰাই কঁপিছে৷
"কিয় এনেকুৱা কৰিছা?"
ভজনে কিছু সময় কথা ক'ব নোৱাৰিলে৷ দুচকুৰে চকুলো বৈ আছে ধাৰাসাৰ৷
এটা সময়ত প্ৰায় কান্দোনত ভাগি পৰা মাতেৰে সি ক'লে, "ক্ষমা... ক্ষমা..."
পেংযোৰৰ পিনে কম্পিত হাতখন মেলিলে
ভজনে৷ উঠিব সি৷
বিভাৱৰীয়ে গৈ পেংযোৰ আগবঢ়াই দিলে৷
প্ৰায় ছফুট ওখ তজবজীয়া শৰীৰৰটোৰ ওপৰেৰে যেন এজাক ধুমুহা পাৰ হৈ গৈছে৷ থৰথৰাই কঁপিছে
তাৰ শৰীৰ৷ তিনিবাৰ চেষ্টা কৰাৰ পিছত কোনোমতে উঠিল সি৷ দুহাতত পেং৷
বিভাৱৰীয়ে গৈ দৰজা খুলি চিপাহী কেইজনক
মাতিলে৷
ওলাই যাবৰ পৰত ভজনৰ কষ্ট যেন বহুগুণে
বেছি হৈছিল৷ চিপাহী দুজনে নধৰা হ'লে কেৱল পেঙত ভৰ দি ওলাই যাব নোৱাৰিলহেঁতেন৷
পিছ ফালৰ পৰা অপলক নেত্ৰে চাই থাকিল
বিভাৱৰীয়ে৷ এনেদৰেও কোনোবাই কাৰোবাক মাৰিব পাৰে? মানুহ ইমানো নৃশংস হ'ব পাৰে? চকুৰে পানী বৈ আহিছিল তাইৰ, আকৌ একেটা সময়তে খঙ আৰু ক্ষোভত জ্বলি
উঠিছিল তাইৰ মনটো৷
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ