"ছবিখন কাৰ মিঃ দাশগুপ্ত?"
"ৰিংকু নামৰ ছোৱালী এজনীৰ৷"
"অঁ, সেই বাৰাচাতৰ মাৰ্ডাৰ কেছটো যে?"
"হয়, ছবিখন দেখি কি ভাব হৈছে?"
"ছোৱালীজনী দেখিবলৈ স্মাৰ্ট এণ্ড
লাভলি৷"
"আৰু?"
"অলপ দুষ্ট আছিল বোধহয়৷"
"অঁ, সেয়াতো আছিলেই৷"
"বাৰু দাশগুপ্ত, এইটতো ষ্টেট পুলিচৰ কাম, আপুনি সেইবিলাকত কিয় সোমাইছে? ইউ আৰ গয়িং আউট অৱ ইয়'ৰ বাউণ্ডছ টু হেল্প দেম, নহয় জানো?"
শৱৰে অকণমান হাঁহিলে, "অঁ, মিঃ ঘোষাল, তেনেকুৱাই৷"
"এই অতিৰিক্ত দায়িত্ব লোৱাৰ কাৰণ?
ছোৱালীজনী
আপোনাৰ চিনাকি নেকি?"
"নহয় ডাঙৰীয়া, মই নিজৰ ফালৰ পৰাই চেষ্টা কৰিছো৷"
"কিন্তু কিয়?"
"ৰজতদাৰ খাতিৰত৷"
"ৰজতদা মানে? ডি.আই.জি. ৰজত গুপ্ত?"
"অঁ৷"
"আপোনালোক বৈদ্যই বৈদ্যই বৰ মিল,
নহয়
জানো?"
শৱৰে হাঁহিলে, "ঠিকেই কৈছে৷ বৈদ্যসকল তুলনামূলকভাৱে
স্মল কমিউনিটি, আৰু অলপ বোধহয় ক্লানিচো৷"
"ৰজতবাবু নিশ্চয় আপোনাৰ আত্মীয় হয়?"
"দূৰ সম্পৰ্কীয়৷"
"তাকেইতো, বৈদ্যসকল চবৰে চবৰ আত্মীয়, আৰু এই ছোৱালীজনী ৰজতবাবুৰ কিবা হয়
নেকি?"
"নাই, নহয়৷"
"তেনেহ'লে তেওঁৰ ইন্টাৰেষ্ট ক'ত?"
"ইন্টাৰেষ্ট ক'ত নাজানো৷ আই ৱাজ আস্কড টু
হেল্প৷"
"চব জানে ডাঙৰীয়া, নকয় মাত্ৰ৷"
শৱৰে হাঁহিলে৷
"ছবিখন ষ্টাডি কিয় কৰিছে?"
"ছবিয়ে বহু সময়ত বহু কথা কয়৷"
"কেছটো বৰ জটিল নেকি? হত্যাকৰীকচোন ধৰিছেই৷"
"মই নাই ধৰা৷ লোকেল পুলিচে ধৰিছে৷ সময়ত
নধৰা হ'লে মানুহজন গণপ্ৰহাৰতেই মৰিলহেঁতেন৷"
"মানুহে আজি কালি বৰকৈ আইন হাতত তুলি
লোৱা কৰিছে৷"
"উম৷ তাৰ বাবে অ’ভাৰ অল পৰিবেশটোৱেই
দায়ী৷ মানুহে পুলিচৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে৷ আইনৰ ওপৰত বিশ্বাস নাই, ইপিনে চোৰ, ডকাইত, হত্যাকাৰীও বাঢ়িছে৷"
"হুঁ! মানুহজনৰ এগেইনষ্টত কেছ ৰেজিষ্টাৰ
কৰা হৈছে?"
"নাই, কিন্তু কেছ জোৰদাৰ৷ প্ৰমাণ হৈ
যাব৷"
"তেনেহ'লে আৰু ভাবিবলগীয়া কি আছে? কেছটো চোন চিধা৷"
"সেইটো ঠিকেই৷ কিন্ত মানুহজনৰ কনফেছন
বাহিৰ কৰিব পৰা নগ'ল৷"
"তাৰ কিবা প্ৰয়োজন আছে জানো?"
শৱৰে অকণমান অন্যমনস্ক চাওঁনিৰে ঘোষালৰ
পিনে চাই ক'লে, "আচ্ছা, মানুহে এজনে কিমান পেইন সহ্য কৰিব পাৰে বাৰু? আপুনিতো এই বিষয়ে ষ্টাডি
কৰিছে৷"
"হঠাৎ এইটো প্ৰশ্ন কিয়?"
"কাৰণ আছে৷"
"জাত লৈ মানুহৰ সহ্য শক্তি বেলেগ বেলেগ৷
চীনদেশীয় মানুহৰ সহ্য শক্তি অলপ বেছি৷ ট্ৰাইবেলৰ মাজতো ফিজিকেল পেইন সহ্য কৰিব পৰা
ক্ষমতা আছে। কিয় কওঁকচোন৷"
"এই মাৰ্ডাৰ কেছটোৰ চাচপেক্ট ভজন আচাৰ্য
এজন ব্ৰাহ্মণ সন্তান৷ ব্ৰাহ্মণে হেনো বৰ বেছি পেইন সহ্য কৰিব নোৱাৰে৷ মহাভাৰতত এটা
কাহিনী আছে নহয়?"
"অঁ, সেই বজ্ৰকীটৰ দংশনৰ কাহিনীটো৷ হয়,
ব্ৰাহ্মণে
নোৱাৰে চাগে৷"
"এই মানুহজন তেনেহ'লে এক্সেপচন!"
"তাৰ মানে?"
"দিছ মেন ৱাজ ব্ৰুটলি মলড বাই দি
পাব্লিক দেট ডে৷ কিন্তু হি কেপ্ট হিজ কুল কম্পোজাৰ৷ ইনজুৰি আছিল মাৰাত্মক, অথচ কোনোধৰণৰ এক্সপ্ৰেছন নাছিল৷ হাবু
নামৰ এটা গুণ্ডা আছে তাত৷ সি আৰু লোকেল গুণ্ডাবোৰে তেওঁক দুবাৰকৈ মাৰিছে৷ এবাৰ
প্ৰচণ্ডভাৱে৷ হাবুৱে মোক কৈছিল, ভজনে ইমান মাৰ খায়ো হেনো গেৰেজৰ গেটত ৰৈ সিহঁতক
আগুৰিছিল৷ যিদিনা ডেডবডি পোৱা গৈছিল, সিদিনাও মাৰ খাইছিল মানুহজনে৷ হস্পিটালত নিব
লগীয়া হৈছিল৷"
"হীৰো নেকি?"
"নাই, হীৰো বুলিব নোৱাৰি৷ কিন্তু
অদ্ভুত৷"
"আৰু পুলিচৰ থাৰ্ড ডিগ্ৰী?"
"অঁ, সেইটো কথালৈকেই আহিছো৷ ডেডবডি পোৱাৰ
আগদিনা ৰাতি গেৰেজৰ ৰুমত এজনী ছোৱালী আছিল৷ ষ্ট্ৰং চাচপিছন, ছোৱালীজনী ৰিংকু, কিন্তু ভজন আচাৰ্যৰ মুখেৰে সেইটো
স্বীকাৰ কৰাব পৰা নাই৷ যোৱা কিছুদিন মানুহজনে কেবাবাৰো ইনহিউমেন টৰ্চাৰ সহ্য কৰিবলগীয়া
হৈছে৷ কিন্তু মানুহজনৰ যেন ফিজিকেল চেন্স বোলা একোৱেই নাই৷ এনেকুৱা জানো হ'ব পাৰে?"
"কোনো কোনো মানুহৰ সহ্য শক্তি বেছি
থাকিব পাৰে৷ কিন্তু তাৰ দ্বাৰা কি প্ৰমাণ কৰিব খুজিছে?"
"ধৰিব পৰা নাই?"
"যিমানখিনি শুনিলো, আপোনাৰ হাতত চব প্ৰমাণ-পাতি গোট
খাইছে৷"
"অঁ, মানুহজনে ৰেহাই নাপাব৷ আপুনি বোধহয়
নাজানে যে মানুহজন চেডিষ্ট৷ আনক শাৰীৰিক কষ্ট দি ভাল পায়৷"
"হয় নেকি? ইন্টাৰেষ্টিং৷"
"তেওঁৰ পত্নীয়ে কৈছে, মানুহজন ছেক্সৰ ক্ষেত্ৰত অত্যন্ত
এক্সট্ৰিম আৰু ভায়’লেন্ট, ছি লেফ্ট হিম ফৰ ডেট৷"
"মাই গড৷"
"ৰিংকুক হত্যা কৰাৰ আঁৰত মানুহজনৰ
চেডিজিমৰ বাদে আন একো মোটিভ দেখা নাই৷"
"কিয়, ৰেপ?"
"অঁ, ৰেপ৷ কিন্তু মানুহজনৰ ইমান ছেক্স থকা
স্বত্বেও তেওঁ প্ৰছ-কুৱাৰ্টাৰলৈ নাযায় কিয়, ক'ব পাৰিব?"
"মে বি হি হেড ষ্টেডি গাৰ্লফ্ৰেণ্ড৷ বা কিবা
বিকল্প ব্যৱস্থাও থাকিব পাৰে৷ তাৰোপৰি ৰেড লাইট এৰিয়াও কম নহয়৷ সকলো বিচাৰি চোৱা
জানো সম্ভৱ?"
"সেইটো হয়, সাম্ভাৱ্য সকলো ঠাইতে খোজ খবৰ কৰি চোৱা
হৈছে৷"
"আপুনি ইমান ব্ৰ'ড এংগলত ভাবিছে কিয়?"
শৱৰে মূৰ জোকাৰি ক'লে, "ভাবিবলৈ কোনো কাৰণ নালাগে৷"
এইবাৰ ঘোষালে অকণমান হাঁহিলে,
"মিষ্টাৰ দাশগুপ্ত, মই আপোনাক জানো৷ কেছটোত কিবা এটা খুট থাকি
গৈছে৷"
"নাই, খুট নহয়৷ এটা কথা কওঁ?"
"কি কথা?"
"ভজনে ৰেপ কৰি ৰিংকুৰ মাৰ্ডাৰ কৰিলে৷
কিন্তু তাৰ পিছত তেওঁ স্পটতে থাকি গ’ল কিয়? তেওঁতো ৰাতিয়েই কলিকতালৈ গুচি আহিব পাৰিলেহেঁতেন৷"
"ইজি৷ কলিকতালৈ আহিলে তেওঁৰ ওপৰত সন্দেহ
আৰু বাঢ়ি গ'লহেঁতেন৷ হয়তো ভাবিছিল, ভাল মানুহ হৈ দেখুৱাব পাৰিলে মানুহে সন্দেহ
নকৰিব৷"
"সেইটো হ'ব পাৰে৷ নুই নকৰো মই।"
"আপুনি ক'ৰবাত গেপ থকা যেন পাই আছে নেকি?"
শৱৰে অলপ চিন্তিতভাৱে ক'লে, "নহয়, ঠিক তেনেকুৱা নহয়৷ গেপ একো নাই৷ কিন্তু
কেছটো বহুত চিধা আৰু সহজ৷"
"তাতনো আচৰিত হ'বলগীয়া কি আছে? আমাৰ দেশৰ ক্ৰিমিনেলেতো আৰু বৰ বেছি
মূৰ খটুৱাই নাথাকে৷ সিহঁতৰ অধিকাংশই স্থুল বুদ্ধিৰ৷ আপুনি ইমান ভাবিছে কিয়?"
শৱৰে এটা দীৰ্ঘ নিশ্বাস পেলাই ক'লে, "এটা কথা ভাবিছো৷"
"কি কওঁকচোন৷"
"ভজন আচাৰ্যই সদায় ৰাতিপুৱা চুবুৰিৰ
কুকুৰবোৰক পাউৰুটী খুৱাই৷ কলিকতাতো, বাৰাচাততো৷"
"চ' হোৱাট? হি লাভছ ডগছ৷"
"কলিকতাত এবাৰ গাড়ীৰ চেপাত পৰি কুকুৰ
এটাৰ ঠেং ভাঙিছিল৷ ভজনাবুৱে নিজে টেক্সি ভাৰা কৰি কুকুৰটো ভেটেৰনাৰী হস্পিটেললৈ নি
ঠিক কৰি আনিছিল৷ তেওঁ এছ. পি. চি. এ.-ৰ মেম্বাৰ আৰু এনিমেল লাভাৰ৷"
ঘোষাল অলপ পৰ নিশ্চুপ হৈ ৰ'ল, তাৰ পিছত ক'লে, "তেনেহ'লেতো ভাবিবলগীয়া৷ কিন্তু এনিমেল লাভাৰে
যে হোমোচাইড কৰিব নোৱাৰিব তেনেকুৱাও নহয়৷ স্প্লিট পাৰ্চনেলিটি থাকিব পাৰে৷ পিছে
ইটছ এ পয়ন্ট টু প'ণ্ডাৰ৷ কেছটো ডিটেইলছত ক'ব?"
শৱৰে ক'লে৷
ৰিংকুৰ ছবিখনৰ ওপৰত চকু ফুৰাই ঘোষালে
সুধিলে, "হাউ অ'ল্ড ৱাজ ছি? ছিক্সটিন?"
"অঁ৷"
"তাই ভজনবাবুৰ লগত বিয়া হ'ব খুজিছিল?"
"উম৷"
"পুলিচে এই এংগলটো চোৱা নাই নেকি?"
"লোকেল পুলিচে ইমান মাথা মাৰিব খোজা
নাই৷ সিহঁতৰ বাবে এইটো এটা অ'পেন এণ্ড চাট কেছ৷ ভজন আচাৰ্য কনভিক্টেড হ'লে তেওঁলোকে বাঃ বাঃ পাব৷ এটা চ'ল্ভ মাৰ্ডাৰ কেছ কোনেনো হাতৰ পৰা হেৰুৱাব
খুজিব কওঁক৷"
ঘোষালে অকণমান হাঁহি ক'লে, "সেইটোতো হয়েই৷ আপুনি কি কৰিব খোজে?"
"একো ধৰিব পৰা নাই৷"
"ৰিংকুৰ পোষ্টমৰ্টেম ৰিপোৰ্ট চাইছে?"
"চাইছো৷"
"পেটত কিবা পোৱা গৈছে?"
"কি পোৱা যাব?"
"ধৰক, এলকহল৷"
"অঁ৷"
"বয়ফ্ৰেণ্ড বিলাকক ক্ৰছ কৰিছে?"
"দুজনক৷ দুয়োজনৰে ফুলপ্ৰুফ এলিবাই আছে৷
কোনো সেই ৰাতি বাৰাচাতত নাছিল৷ এজন শিলিগুৰিলৈ গৈছিল দুদিন আগতে৷ আনজন মোমায়েকৰ
ঘৰলৈ গৈছিল আগদিনাখন, কোন্নগড়ত৷"
"আৰু কোনোবা?"
"নাই৷"
"বাৰু, ডাক্তৰৰ ৰিপোৰ্টত ৰেপৰ ৰিপোৰ্টটো
কেনেকুৱা? চিংগল ৰেপ নে গেং ৰেপ?"
"চিংগল৷"
"ফোৰ্ছ এপ্লাই কৰা হৈছিল?"
"এপাৰেন্টলি৷"
"ৱাজ ইট হাৰ ফাৰ্ষ্ট টাইম?"
"অঁ৷ ছোৱালীজনী চঞ্চল যদিও আগতে ছেক্স
কৰা নাছিল৷"
"আপোনাক সোধা উঠিত নহয়, অথচ সুধিছো, ছোৱালীজনীয়ে নখেৰে কাৰোবাক আঁচুৰিছিল
নে বা ৰেপিষ্টৰ লেলাৱতি বা নোম বা চুলি কিবা পোৱা গৈছিল নে?"
"অঁ, নখত দুই এটা হিউমেন টিচু পোৱা
গৈছে৷"
"ভজনৰ সৈতে মিলিছে?"
"মিলোৱাৰ চেষ্টা কৰিছো৷ ষ্টিল আণ্ডাৰ
প্ৰচেছ৷ পিছে মই যিমান দূৰ জানো, লোকেল পুলিচে মুখেৰে কৈছে যদিও কৰ্ম ক্ষেত্ৰত
টিচু পৰীক্ষা কৰোৱা নাই৷ সিহঁত যাবই খোজা নাই ইমান গভীৰলৈ৷"
"মানে ভজনক সিহঁতে জেলত ভৰাইহে এৰিব?"
"অঁ৷"
"দেন লেট দেম হেং হিম৷"
"তাকেইতো কৰিবলৈ দিয়া হৈছে মিঃ ঘোষাল৷
মানুহজনে হয়তো সঁচাকৈয়ে কাণ্ডটো কৰিছে, কিন্তু সন্দেহাতীতভাৱে প্ৰমাণ হোৱা
বুলি মোৰ মনে নধৰে৷ মোৰ বোধেৰে সাঁথৰটো এগৰাকীয়ে ভাঙো বুলিলে ভাঙিব পাৰে৷ কিন্তু
তেওঁ বৰ ষ্টাবৰ্ন৷
"কোন তেওঁ?"
"তেওঁৰ পত্নী৷"
"কেনেকৈ? তেওঁৰ পত্নীয়ে তেওঁক ঘিণ কৰে বুলি
শুনিছো৷"
"অঁ, ঘিণ কৰে৷"
"তেনেহ'লে?"
"কিন্তু ভজনবাবুৱে তেওঁৰ পত্নীক ঘিণ
নকৰে৷"
"তাৰ মানে কি বুজাইছে?"
"ডিফিকাল্ট ঘটনা৷"
"ভজনবাবুৱে তেওঁৰ পত্নীৰ বিষয়ে কি কয়?"
"বিশেষ একো কোৱা নাই৷ মই সুধিছিলো,
ঘৈনীয়েকে
কিয় এৰি গ’ল? তেওঁ মাত্ৰ কৈছে, মোৰে দোষ৷ বহুত সোধ-পোছ কৰাৰ পিছতো দোষটো কি নক'লে৷ ঘৈনীয়েকৰ প্ৰতি তেওঁৰ মনোভাব
কেনেকুৱা সোধাত কৈছিল, তেওঁ ভাল ছোৱালী, মই বেয়া৷"
"বচ?"
"অঁ৷"
"এই ক্ষেত্ৰত তেওঁৰ পত্নীয়ে কি কৰিব
পাৰে বুলি ভাবে?"
"ভজনবাবুক আগুৰি এটা ৰহস্যৰ সৃষ্টি
হৈছে৷ তেওঁৰ সেই নিৰৱতা, জেদী মনোভাব আৰু মাৰ খাব পৰা ক্ষমতাই মোক
সমস্যাত পেলাইছে৷"
"সেয়া বুজিছো৷"
"মই যদি বিভাৱৰীক মান্তি কৰাব
পাৰিলোহেঁতেন বা তেওঁ যদি মানুহজনৰ সৈতে এবাৰ কথা পাতিলেহেঁতেন, তেনেহ'লে কিবা নহয় কিবা এটা হয়তো তেওঁৰ মুখৰ
পৰা ওলালহেঁতেন৷"
"কেনেকৈ জানিলে?"
"জাষ্ট এ হান্স৷"
"ওহ৷"
"আৰু এগৰাকী তিৰোতা মানুহে ভজনবাবুক লগ
কৰিব বিচাৰিছে৷"
"কোন তেওঁ?"
"ৰিংকুৰ মাক, শ্যামলী৷"
"তেওঁ কিয় লগ কৰে?"
"বোধহয় ভজবাবুক নিজ হাতেৰে মাৰিব
খোজে৷"
"আপুনি সন্মতি দিছে নেকি?"
"দিছো৷"
"কিয়?"
"ভজনবাবুক শ্ব’ক দিব পৰা কোনো ধৰণৰ
চান্সেই মই এৰিব খোজা নাই৷"
"অহ! পাহৰিছিলোৱেই, আপুনিযে অনবৰতে জুইৰ লগত খেলিবলৈ ভাল পায়৷"
"এণ্ড হোৱাই নট?"
ঘোষালে হাঁহিলে, "ইটছ অ'কে ইফ ইট পেজ৷ কিন্তু পণ্ডশ্ৰম
নহ'লে হ'ল৷"
"ময়ো তাকেই ভাবিছো৷"
"বাই দি ৱে, ৰেপ কৰাৰ সময়ত যদি ৰিংকুৱে হকা বাধা
কৰিছিল, তেনেহ'লে ভজনবাবুৰ গাল বা ডিঙি বা পিঠি বা হাতত নখৰে আঁচোৰাৰ দাগ থাকিব
লাগে৷"
"নিশ্চয়৷ পিছে গণপ্ৰহাৰত ভজনবাবুৰ সৰ্ব
শৰীৰ এনেদৰে ক্ষত বিক্ষত হৈছে যে তাত ৰিংকুৰ আঁচোৰৰ দাগ বিচৰা আৰু খেৰৰ দমত বেজী
বিচৰা একে কথা৷"
"ওহ৷"
"আৰু এটা কথা৷"
"কওঁক৷"
"ৰিংকুৱে যদি ভজনক ভালেই পাইছিল তেনেহ'লে ছেক্সৰ সময়ত বাধা দিব কিয়?"
"আপুনিয়েইচোন ক'লে ভজন ভায়োলেন্ট লাভাৰ৷"
"উম৷"
"সেই কাৰণে বাধা দিব পাৰে৷"
"সেইটো হয়৷ হ'লেও সকলো ফালৰ পৰাই ভাবি চাবলগীয়া
হৈছে৷"
"চাৰ্জছিট চাগে ফাইল কৰা হোৱা
নাই?"
"নাই৷"
"ভজনবাবুৱে উকিল লৈছে?"
"অঁ, তেওঁৰ পৰিয়ালে জামিন বিচাৰিছে৷"
"এতিয়া আপোনাৰ এংগল অৱ থতটো কি?"
মূৰ জোকাৰি-জোকাৰি শৱৰে ক'লে, "আই এম ইন কনফিউজন৷"
"শৱৰ দাশগুপ্তৰ মুখত এনেকুৱা কথা শুনিম
বুলি আশা কৰা নাছিলো৷"
শৱৰে মৃদু হাঁহি মাৰি ক'লে, "কেছটোৱে নহয়, মোক কনফিউজ কৰিছে এই মানুহজনে৷ ভজন
আচাৰ্যই৷"
"মানুহজনক আপোনাৰ ক্ৰিমিনেল যেন লগা নাই
নেকি?"
"সেইটো নকওঁ৷ হ'বও পাৰে৷"
"ৰজতদাই আচলতে কি বিচাৰিছে
কওঁকচোন৷"
"ৰজতদাই খুলি একো কোৱা নাই৷ তেওঁ মাত্ৰ
মোক কৈছে - এই কেছটোত মোৰ এটা পাৰ্চনেল ইন্টাৰেষ্ট আছে৷ তুমি পেৰেলেল ইনভেষ্টিগেছন
কৰা৷ মই লোকেল থানাক কৈ দিছো তোমাৰ সৈতে ক-অপাৰেট কৰিবলৈ৷"
"তেওঁৰ ইন্টাৰেষ্টটো কোনফালে ধৰিব
পাৰিছে? ভিক্টিম নে চাচপেক্ট?"
"সম্ভৱত চাচপেক্ট৷"
"মাই গড! সেই কাৰণে আপুনি সমস্যাত
পৰিছে৷"
"তেনেকুৱাই৷ ছবিখন এবাৰ ভালকৈ চাওঁকচোন
দাদা৷"
ঘোষালে ৰঙীণ ছবিখন তুলি ল'লে৷ গাত এটা পোলকা-ডট অংকিত ঢিলা কামিজ,
তলত
নীলা জিন্স, এখন চাইকেল থিয় কৰাই থোৱা আছে ওচৰতে, পিছপিনে এখন পথাৰ৷ ছোৱালীজনীৰ মুখত
অকণমান হাঁহি৷
"কিবা ধৰিব পাৰিছে?"
"নাই৷ ছবিতো স্থিৰ বস্তু৷ এটা এক্সপ্ৰেছন
মাত্ৰ৷ ইয়াৰ পৰা কি ধৰিব পাৰিম?"
"ইজ চি ছেক্সী?"
"টিন এজাৰত চবেই এট্ৰাক্টিভ হৈ উঠে৷
বয়সৰ যাদু৷"
"নাৰীৰ ক্ষেত্ৰত মই একেবাৰে অনভিজ্ঞ,
সেয়ে
সুধিলো৷"
"কিয় অনভিজ্ঞ? বয়সচোন একত্ৰিশ-বত্ৰিশ মান হৈছে
চাগে৷"
"অঁ, সিমান মানেই৷"
"তেনেহ'লে এইবাৰ হোমৰ গুৰিত বহি দিলে হ'ল৷"
"ঘোষালদা, নিজৰ কথা পাহৰি গ'ল? কেই বছৰমান আগতেচোন আপুনিও ফেমিলি লাইফক
লৈ শংকিত হৈ আছিল৷"
"অঁ, দাশগুপ্ত, সেইবাৰ আপুনি মোৰ লগত নথকা হ'লে মৰিব লাগিলহেঁতেন৷"
"সাংসাৰিক বান্ধোনক মই অলপ ভয়
কৰো৷"
"ভয়ো আছে, ভৰসাও আছে৷"
"মোৰ এনেকৈয়ে ভাল লাগে৷ চিংগল, এক্টিভ, ফ্ৰি৷"
"যি দেখিছো, আমাৰ শ্ৰীমতীক আপোনাৰ পিছত লগাব লাগিব৷
তেওঁ কিন্তু ভাল ঘটকী৷"
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ