Apr 21, 2014

প্ৰজাপতিৰ মৃত্যু আৰু পুনৰ্জন্ম - চতুৰ্থ অধ্যায়

ৰাজীৱ ফুকন
Projapotir Mrityu aru Punarjanma by Rajiv Phukan    
*মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

চতুৰ্থ অধ্যায়

"শচীনন্দনবাবু, আপোনাৰ দুখ মই বুজিব পাৰিছো৷ এনেকুৱা সময়ত আপোনাক ডিষ্টাৰ্বড কৰাতো উচিত হোৱা নাই৷ আপুনি যদি অস্বস্তি নাপায় আপোনাক দুটামান প্ৰশ্ন কৰিব খোজো৷"
 
শচীনন্দনৰ বয়স মাত্ৰ বিয়াল্লিশ যদিও দেহত অতিৰিক্ত চৰ্বিৰ কাৰণে বয়সীয়াল যেন লাগে৷ মূৰত চুলি নাই৷ অতিপাত কন্দাৰ ফলত চকু দুটাও ৰঙা পৰি গৈছে৷ মুখত গভীৰ শোকৰ চাপ৷ দৃষ্টিত শূন্যতা৷ মূৰ জোকাৰি শচীনন্দনে ক'লে, "নাই, একো অসুবিধা নাই৷ কি জানিব খুজিছে কওঁক৷"
 
"আপোনাৰ ডিভোৰ্ছ হোৱা কিমান বছৰ হ'?"
 
"সাত-আঠ বছৰ হ'ব৷"
 
"ডিভোৰ্ছৰ কাৰণটো কি?"
 
"মোৰ ছোৱালীৰ মৃত্যুৰ লগত এইবোৰ কথাৰ কি সম্পৰ্ক?"
 
"হয়তো সম্পৰ্ক আছে৷ ইচ্ছা নকৰিলে ক'ব নালাগে৷"
 
শচীনন্দনে এটা দীৰ্ঘ নিশ্বাস পেলায় ক'লে, "টু কাট এ লং ষ্ট'ৰী চৰ্ট, মোৰ পত্নী শ্যামলীয়ে আন এজন মানুহৰ প্ৰেমত পৰিছিল৷"
 
"মানুহজন কোন?"
 
"শুনিছো তাইৰ প্ৰাক্তন প্ৰেমিক৷ তাৰ নাম সুজিত৷"
 
"তেওঁলোক এতিয়া ক'ত থাকে?"
 
"কানপুৰত৷"
 
"ৰিংকুৰ খবৰ তেওঁলোকক দিয়া হৈছেনে?"
 
"অঁ, শ্যামলীতো আহিছেও তিনি-চাৰিদিন হ'ল৷ ইয়াতেই ঘৰতে আছে৷"
 
"তেওঁৰ গিৰীয়েকো আহিছে নেকি?"
 
"নাই৷ তাইৰ সেই ফালৰ ছোৱালী দুজনী লৈ আহিছে৷"
 
"ডিভোৰ্ছৰ পিছত তেওঁ ৰিংকুৰ কাষ্টডি বিচৰা নাছিল?"
 
"নাই৷ বোধহয় সুজিতে বিচৰা নাছিল৷"
 
"শুনিছো, আপুনি ৰিংকুক চোৱাচিতা কৰিবলৈ সময় নাপাইছিল৷"
 
"ঠিকেই শুনিছে৷ মোৰ ব্যৱসায়টো ডাঙৰ৷ মাছৰ ব্যৱসায়৷ অকলশৰীয়া মানুহ, চম্ভালোতেই আধ্যা পৰি যায়৷ কিন্তু ৰিংকুৰ চোৱাচিতা মোৰ মা-দেউতাই কৰিছিল৷ চাকৰ-বাকৰৰো অভাৱ নাই৷"
 
"শ্যামলীদেৱীৰ সৈতে আপোনাৰ মা-দেউতাৰ সম্পৰ্ক ভাল নাছিল নেকি?"
 
"নাছিল৷ আজিকালিৰ তিৰোতাই শহুৰ-শাহুৱেকক সহ্য কৰিব নোৱাৰে৷ কিন্তু মা-দেউতাকনো আমি কেনেকৈ এৰিব পাৰো কওঁক?"
 
"ডিভোৰ্ছৰ কাৰণ সেইটোৱেই নেকি?"
 
"'বই নোৱাৰে৷ মই শ্যামলীৰ বাবে আন এটা ঘৰ বনাই দিছিলো৷ খিৰিকীৰে চালে দেখিবই আধৰুৱা হৈ পৰি আছে৷ কৈছিলো, ওচৰতে বেলেগকৈ থাকো, তেতিয়া হ'লে খকা-খুন্দাও লাগি নাথাকিব, সম্পৰ্কটোও ভালে থাকিব৷ তাইও মান্তি হৈছিল৷ সেয়ে মোৰ মা-দেউতা ডিভোৰ্ছৰ কাৰণ হ'ব নোৱাৰে৷"
 
"বুজিলো৷ ৰিংকুৰ বিষয়ে আপুনি কিমান অৱগত আছিল?"
 
"ছোৱালীজনী চঞ্চল আছিল৷ ভয়-ভীত নোহোৱা৷"
 
"অবাধ্য আছিল নেকি?"
 
"অলপ আছিল৷"
 
"আপোনাক কিমান ভাল পাইছিল?"
 
"বহুত৷" কৈয়েই শচীনন্দনে দুহাতেৰে মুখখন ঢাকি ধৰিলে৷ কান্দোনক চেপি ৰাখাৰ চেষ্টা কৰিলে৷
 
শৱৰে মনে মনে বহি ৰ'ল৷
 
কেই মিনিটমান পিছত প্ৰকৃতিস্থ হৈ তেওঁ ক'লে, "তাইৰ বিষয়ে চুবুৰিত দুৰ্নাম শুনিব৷ কিন্তু বিশ্বাস কৰক, ছোৱালীজনী বেয়া নাছিল৷ মৰম পাই পাই অলপ স্বাধীনমনা হৈ পৰিছিল মাত্ৰ৷"
 
"'ব পাৰে তেনেকুৱা৷ আপুনি জানেনে ভজনবাবুৰ সৈতে তাইৰ সম্পৰ্কটো কেনেকুৱা আছিল?"
 
"কেনেকৈ ক'? ভজন মাজে-মাজে আহিছিল আমাৰ ইয়ালৈ৷ গহীন গম্ভীৰ মানুহ৷ মোৰ তেওঁক বেয়া লগা নালাগিছিল৷"
 
"ৰিংকুৱে কেতিয়াবা ঘৰৰ কাৰোবাক কৈছিল নেকি যে তাই ভজনবাবুৰ সৈতে বিয়া হ'ব খোজে?"
 
"নাই, তেনেকুৱা একো কোৱা নাছিল৷ কিন্তু..."
 
"কিন্তু কি?"
 
"আমাৰ মাৰ আগত তাই প্ৰায়ে ভজনবাবুৰ কথা কৈ থকা আছিল৷"
 
"কেনেকুৱা কথা?"
 
"ভজনক যে তাইৰ বহুত ভাল লাগে, সেইবোৰ কথা কৈছিল৷"
 
"ভাল লগাটোৱে হৃদয় ঢুকি পাইছিলনে নাই জানে?"
 
শচীনন্দনে অলপ থতমত খাই ক'লে, "মই মাক মাতি দিছো৷ আপুনি তেওঁৰ লগত কথা পাতক৷"
 
শচীনন্দনে গৈ মাকক মাতি আনিলে৷ মাকৰ লগত পুতেকৰ মুখৰ বহুত মিলা আছে৷ মাক অৱশ্যে খীণ, বয়স চৌষষ্ঠি-পঁষষ্ঠিৰ ওচৰত৷ মুখত গভীৰ শোকৰ চাপ৷
 
"মাহী, বেয়া নাপাব৷"
 
"নাই বাবা, কোৱা৷"
 
"ভজনবাবুৰ সৈতে ৰিংকুৰ সম্পৰ্ক কেনেকুৱা আছিল?"
 
"কেনেকৈ ক'? একোতো বেয়া দেখা নাছিলো৷"
 
"ভজনবাবুক আপোনাৰ কেনেকুৱা মানুহ যেন লাগিছিল?"
 
"তাকো বেয়া যেন লগা নাছিল৷ অমায়িক আছিল৷"
 
"ৰিংকুৱে তেওঁক ভাল পাইছিল যেন লাগিছিল নেকি? মানে ৰিংকুৰ কথা-বাৰ্তাত তেনেকুৱা কিবা ধৰা পৰিছিল নেকি?"
 
শচীনন্দনৰ মাকে মূৰ জোকাৰি ক'লে, "'ব নোৱাৰো বাবা৷ আজিকালিৰ ছোৱালীৰ মন জানো ইমান সহজে বুজিব পাৰি? তাৰোপৰি ৰিংকুৰ বয়সেই বা কিমান হৈছিল? জ্ঞান-বুদ্ধিতো নাছিলেই৷"
 
"ৰিংকু বুৰ্বক আছিল নেকি?"
 
"তেনেকুৱা নহয়৷ লেখা পঢ়াত চোকাই আছিল, কথা-বাৰ্তাতো এক্সপাৰ্ট, আকৌ আগ পিছ নুগুণি হুৰমূৰকৈ একো একোটা কাম কৰি পেলায়৷"
 
"বেয়া নাপাব, ভজনবাবুৰ উপৰিও আন কোনোবা ল'ৰাৰ প্ৰতি তাইৰ চফ্টনেছ আছিল নেকি?"
 
"সেই বিলাক নাজানো বাবা৷ পিছে ল'ৰা বন্ধু বহুত আছিল৷"
 
শচীনন্দনে ক'লে, "এইবোৰ জানি আৰু কি হ'? হত্যাকাৰীতো ধৰা পৰিছেই৷"
 
"সেইটো হয়৷ কিন্তু আমি কেছ বনাবলৈ হ'লে সকলো দিশ খুটি-নাতি মাৰি চাবলগীয়া হয়৷ কোনোবা ফালে ফাঁক থাকিলে, সেই ফাঁকেৰেই দোষী সাৰি যায়৷"
 
"সাৰিনো ক'ত যাব? পুলিচে এৰিলেও চুবুৰিৰ মানুহেই তাক মৰিয়াই-মৰিয়াই মাৰিব৷"
 
মৃদু হাঁহি এটা মাৰি শৱৰে ক'লে, "অঁ, ৰাইজৰ আদালতত তেনেকুৱাই হয়৷ শচীনন্দনবাবু, ভজনবাবুৰ গেৰেজত কেবাবাৰো আক্ৰমণ কৰা হৈছিল, কিয় জানে নেকি?"
 
"চান্দাৰ বাবে৷ ব্যৱসায় কৰিলে বেকাৰ ভাত্তা নিদিলে ৰেহাই নাই৷ তাকে লৈ গণ্ডগোল৷ তেওঁতো মাৰো খাইছে৷"
 
"কোনে মাৰিছিল?"
 
"হাবু আৰু জগুৰ দলে৷"
 
"আৰু কাৰোবাৰ লগত ভজনবাবুৰ শত্ৰুতা আছে নেকি?"
 
"গেৰেজটোৰ বাবে চুবুৰিৰ মানুহৰ অসুবিধা হৈছিল৷ আৰু কিবা-কিবি আছিল, ইমান ডিটেইলছ নাজানো৷ মনোমালিন্য আছিলেই চাৰিও ফালে৷"
 
"ভজনবাবু সহজে হাৰ মানিব নোখোজা বিধৰ মানুহ নেকি?"
 
"অলপ হয়তো তেনেকুৱাই৷"
 
"ব্যক্তিগতভাৱে আপুনি কি ভাবে, ভজনবাবুৱেই আপোনাৰ ছোৱালীক হত্যা কৰিছে?"
 
শচীনন্দনে বহুত সময় ধৰি ভাবিলে৷ তাৰ পিছত লাহেকৈ ক'লে, "আৰুনো কোনে মাৰিব?"
 
"সম্ভাৱনাৰ ফালৰ পৰা কৈছে?"
 
"আপোনালোকে আন কাৰোবাকো সন্দেহ কৰিছে নেকি?"
 
"আৰে নাই৷"
 
"মোৰ ছোৱালীজনীক মাৰি কাৰ কি লাভ হ'ব কওঁক৷ ৰিংকু হয়তো অলপ দুষ্ট আছিল, কিন্তু ইমান ডাঙৰ শাস্তি পাবলগীয়াতো নাছিল৷ ছোৱালীজনী মোৰ..."
 
শচীনন্দনে হঠাৎ ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে৷
 
মাকে আহি পুতেকক দুহাতেৰে আঁকোৱালি ধৰি ক'লে, "তাক এতিয়া ৰেহাই দিয়া বাবা৷ যোৱা আঠদিন ধৰি তাৰ যি অৱস্থা হৈছে৷"
 
"ঠিক আছ মাহী৷"
 
***
 
"আপুনি তদন্ত সম্পৰ্কে কথা পাতিবলৈ আহিছে নেকি?"
 
শ্যামলী নামৰ মহিলাগৰাকীৰ মুখত শোক আৰু খঙৰ সংমিশ্ৰণ লক্ষ কৰিলে শৱৰে৷ খঙটোৱেই বেছি৷ ধুনীয়া আকৰ্ষণীয় মুখাবয়বত অলপ কঠোৰতাও আছে৷ গম্ভীৰভাৱে শৱৰৰ পিনে চাই তেওঁ ক'লে, "আপোনালোকে ৰিংকুৰ দেউতাককো এৰেষ্ট কৰা উচিত৷"
 
"কিয়?"
 
"কিয় সুধিছে? বিজনেছ-বিজনেছ বুলি সি ছৱালীজনীৰ প্ৰতি অলপো মন-কাণ নিদিলে৷ সি মানুহ হোৱা হ'লে আজি তাইৰ এই পৰিণতি হ'লহেঁতেন বুলি ভাবেনে?"
 
"আপুনি অকণমান শান্ত হওঁক৷"
 
"শান্ত হ'ম৷ কি কয় আপুনি? হত্যাকাৰীৰ ফাঁচী হওঁক, এশবাৰ হওঁক, কিন্তু যাৰ অৱহেলাৰ কাৰণে মোৰ ফুল কুমলীয়া ছোৱালীজনী মৰিল, সি কিয় ৰেহাই পাব?"
 
"ঠিকেই কৈছে৷ এই প্ৰশ্নটো মোৰো আপোনাক সুধিবলৈ মন গৈছে৷"
 
"তাৰ মানে?"
 
"আপুনি যেতিয়া শচীনন্দনবাবুক এৰি থৈ গুচি গৈছিল, তেতিয়া ৰিংকু মাইনৰ৷ আপুনি ইচ্ছা কৰা হ'লে তাইক লগত লৈ যাব পাৰিলেহেঁতেন৷ নিনিলে কিয়?"
 
"নিয়া নাই বুলিয়েই ছৱালীজনীক অৱহেলা কৰিব নেকি? কেৱল মোৰেইতো ছোৱালী নহয়, তাৰো ছোৱালী৷"
 
"এইটো মোৰ প্ৰশ্নৰ উত্তৰ নহ'ল৷ মই জানিব খুজিছো, আপুনি তাইক কিয় লগত নিনিলে?"
 
মুখখন বেলেগ এফালে ঘূৰাই শ্যামলীয়ে ক'লে, "মোৰ অসুবিধা আছিল৷"
 
"কেনেকুৱা অসুবিধা?"
 
"এইটো প্ৰশ্নৰ উত্তৰ দিয়াতো জৰুৰী নেকি?"
 
"নিদিলেও একো ক'ব লগীয়া নাই৷ মন নাই যদি নিদিব৷"
 
"মোৰ ছেকেণ্ড হাজবেণ্ডে বিচৰা নাছিল৷"
 
"আপুনি কানপুৰত থাকে?"
 
"অঁ৷"
 
"ইমান দূৰত থাকি ছেৱালীজনীৰ খবৰ কেনেকৈ ৰাখিছিল?"
 
"চিঠি দিওঁ৷"
 
"শচীনন্দনবাবুলৈ চিঠি লিখিছিল?"
 
"নহয়৷"
 
"তেনেহ'লে?"
 
"চুবুৰীয়ালৈ দিছিলো৷"
 
"পাৰ্টিকুলাৰলি কালৈ?"
 
"আছে৷ ৰিংকু অলপ ডাঙৰ হোৱাৰ পিছত তাইলৈকেই লিখিছিলো৷"
 
"ৰিংকুৱে উত্তৰ দিছিল?"
 
"অঁ৷"
 
"তাই আপোনাক ভাল পাইছিল নে?"
 
"কিয় নাপাব?"
 
"আপোনাৰ ডিভোৰ্ছ হোৱা কিমান দিন হ'?"
 
"আঠ বছৰ?"
 
"ৰিংকুক আপুনি কিমান বছৰ দেখা নাই?"
 
"চাৰি বছৰ আগতে আহি চাই গৈছিলো৷"
 
"চাৰি বছৰ কম সময় নহয়৷ ছোৱালীজনীক চাবলৈ মন যোৱা নাছিল?"
 
"কিয় নাযাব? অনবৰতে তাইৰ কথাই ভাবি থাকো৷ কিন্তু তাত মোৰ নিজৰ এটা ব্যৱসায় আছে৷"
 
"কি ব্যৱসায়?"
 
"সৰু ল'ৰা-ছোৱালীৰ ড্ৰেছ বনোৱা৷"
 
"টকা কোনে দিছিল?"
 
"সুজিত, মানে মোৰ হাজবেণ্ডে৷"
 
"তেওঁৰ লগত আপোনাৰ পূৰ্বৰে চিনাকি আছিল?"
 
"অঁ৷ ল'ৰালিৰ দিনৰ পৰাই৷"
 
"তেওঁৰ লগতেই আগতে বিয়া নহ'ল কিয়?"
 
"তাৰ লগত এই তদন্তৰ কি সম্পৰ্ক?"
 
"কেতিয়া কোনটো কথা কামত লাগে তাৰ কি ঠিক?"
 
"বিয়া নহ'লো, বাধা আছিল কাৰণে?"
 
"কেনেকুৱা বাধা?"
 
"মোৰ দেউতাৰ সন্মতি নাছিল৷"
 
"কিয়? জাত বেলেগ?"
 
"নহয়৷"
 
"তেনেহ'লে?"
 
"সুজিতক দেউতাই ভাল নাপাইছিল৷"
 
"আপোনাৰ দেউতা জীয়াই আছে?"
 
"নাই৷"
 
"ঠিক আছে, মই আৰু আপোনাৰ সময় নষ্ট নকৰো৷"
 
"মানুহটোৰ ফাঁচী কেতিয়া হ'?"
 
"কাৰ ফাঁচী?"
 
"সেই মানুহটোৰ৷ যিয়ে মোৰ ছোৱালীজনীক মাৰিছে৷"
 
"ফাঁচী দিয়াৰ অধিকাৰ মোৰ নাই৷"
 
"তাক মোৰ হাতত চমজাই দিয়ক৷"
 
"কিয়?"
 
"আইনৰ ফাঁকেৰে হয়তো সাৰি যাব৷ তাতকৈ মোৰ হাতত চমজাই দিয়ক৷"
 
"কি কৰিব আপুনি?"
 
"মাৰি পেলাম৷"
 
শৱৰে হাঁহিলে, "মানুহজনক কোনেও ভাল নাপায় দেখিছো৷"
 
"কি ভাল পোৱাৰ কথা কৈছে আপুনি? ৰেপ আৰু হত্যাৰ বাবেতো আপোনালোকে তাক দুবাৰকৈ ফাঁচী নিদিয়ে! মোৰ হাতত গোটাই দিলে, মই প্ৰথমে এটা এটাকৈ তাৰ চকু দুটা ঘুকতি বাহিৰ কৰিম, জিভাখন চিঙি আনিম, পুৰুষাঙ্গ কাটিম..."
 
"', ইমান উত্তেজিত নহ'ব৷ অপৰাধ এতিয়াও প্ৰমাণিত হোৱা নাই৷"
 
"সেইটো আপোনালোকৰ ইনএফিচিয়েন্সিৰ কাৰণে হোৱা নাই৷ ইমান ডাঙৰ এটা কাণ্ড কৰিলে, আৰু আপোনালেকে এতিয়ালৈকে প্ৰমাণেই কৰিব পৰা নাই৷"
 
"আমি অযোগ্য হ'ব পাৰো৷ কিন্তু এইবোৰ ক্ষেত্ৰত খৰধৰ কৰা ভাল নহয়৷"
 
"সেই কাৰণেই কৈছো৷ পাৰে যদি দুদিনমানৰ কাৰণে জামিনতেই এৰি দিয়ক না৷"
 
"তেওঁক মাৰিলে যে আমি আপোনালোকক এৰেষ্ট কৰিব লাগিব৷"
 
"কৰিব এৰেষ্ট৷ মৰিবলৈও সাজু৷"
 
"আপুনি অযথা খং কৰিছে৷"
 
"অযথা? আপোনাৰ ছোৱালী আছে?"
 
"নাই, মই বিয়া কৰোৱা নাই৷"
 
"তেনেহ'লে বুজিব কেনেকৈ?"
 
"ছোৱালীৰ দেউতাক নহ'লো বুলিয়েই যে আপোনালোকৰ দুখ নুবুজিম, তেনেকুৱা কথা নাই৷"
 
"তাৰ গেৰেজত মই জুই দিম৷"
 
শৱৰে কেৱল হাঁহিলে৷
 
শ্যামলীয়ে ক'লে, "বাৰু, তাক লক আপত গৈ দেখা কৰিবলৈ দিব?"
 
"লগ কৰিব বিচাৰে?"
 
"বিচাৰো৷ লাগিলে ঘোচ দিম৷"
 
"ঘোচ দিব নালাগে৷ মই চেষ্টা কৰিম৷"
 
"সঁচাকৈ কৰিব?"
 
"কৰিম৷"
 
"ঠেংক ইউ৷"

***

পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ