মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
একবিংশ অধ্যায়
মিংমাই ঠিক তিনিটা ঘোচা মাৰিলে
ভাৰ্মাক৷ চতুৰ্থটো ঘোচা মাৰিবলৈ লৈ সি নিজেই উবুৰি খাই পৰি গ'ল৷ তাৰ শক্তি নাইকিয়া হৈ আহিছে৷ লোৰ
পাত সোমাই গৈছিল তাৰ কঁকালৰ দুয়ো ফালে, ক্ষত স্থানৰ পৰা প্ৰচুৰ পৰিমাণে তেজ
ওলাইছিল৷ অসম্ভৱ বিষত সি পুনৰ সংজ্ঞা হেৰুৱাৰ উপক্ৰম হ'ল৷
ধেল খোৱা চকুৰে সি ইফালে সিফালে চালে৷
ৰিভলভাৰটো ভাৰ্মাৰ হাতৰ পৰা উফৰি গৈ কিছু দূৰৈত পৰি আছে৷ মিংমাই সেইটো বুটলিবৰ
বাবে আঁঠু কাঢ়ি কাঢ়ি আগুৱাই গ'ল৷ কিন্তু কেই খোজ মান গৈয়েই ধাঁচকৈ পৰি গ'ল৷
প্ৰায় ওচৰা ওচৰিকৈ অজ্ঞান হৈ পৰি ৰ'ল ভাৰ্মা আৰু মিংমা৷ অকণমান দূৰৈত
ৰিভলভাৰটো৷
গম্বুজৰ ভিতৰত বন্দী অৱস্থাত ৰানা আৰু
টমাছ ত্ৰিভুৱনে একো ধৰিব নোৱাৰিলে বাহিৰত কি ঘটি আছে৷ ভাৰ্মাৰ আচৰণত ৰানা ইমানেই
হতভম্ব হৈ পৰিছে যে এতিয়াও তেওঁৰ চকু দুটি বিস্ফোৰিত হৈ আছে৷
টমাছ ত্ৰিভুৱনে মৃদু কন্ঠৰে সুধিলে,
"এই ভাৰ্মা মানুহজন কোন?"
ৰানাই ক'লে, "ভাৰত চৰকাৰৰ এজন প্ৰতিনিধি৷ মিঃ
ৰায়চৌধুৰীক সহায় কৰিবলৈ ভাৰত চৰকাৰে তেওঁক পঠাইছে৷ ইয়াৰ আগতেও ভাৰত চৰকাৰৰ বিভিন্ন
কাম লৈ ৰানা এইপিনে আহিছিল৷"
"তেওঁৰ পৰিচয়পত্ৰ চব ঠিকঠাক আছে নে নাই,
আপুনি
নিজে চাইছিলে?"
"নাই, মই নিজে চোৱা নাই৷ পিছে আমাৰ
কাঠমাণ্ডুৰ চৰকাৰী অফিচত তেওঁ পৰিচয়পত্ৰ দেখুৱাবলগীয়া হৈছে নিশ্চয়৷"
"সেই পৰিচয়পত্ৰ জালিও হ'ব পাৰে৷ যিয়েই নহওঁক, তেওঁ আমাক ইয়াত বন্দী কৰি ৰাখিলে কিয়?
তেওঁ
ক'লে, আমি বহুত বেছি জানি পেলাইছো৷ কি জানিলো?"
"মাটিৰ তলত এখন লোৰ দৰজা থকা কথাটো৷
মিংমাৰ এইটো কথাত ভাৰ্মাই বাৰে বাৰে বাধা দিছিল৷"
টমাছ ত্ৰিভুৱন এটা কাঠৰ পেকিং বক্সৰ
ওপৰত গৈ বহিল৷ তাৰ পিছত ৰানাক ক'লে, "আপুনি এটা কাম কৰিব? গম্বুজৰ দৰজাখন ভিতৰৰ পৰা ভালকৈ বন্ধ
কৰি দিয়ক৷ ভাৰ্মাই দৰজাখন বাহিৰৰ পৰা বন্ধ কৰি থৈছে৷ তেওঁ যাতে হঠাৎ আহি আকৌ ভিতৰত
সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰাতো দৰকাৰ৷"
ৰানাই দৰজাখন বন্ধ কৰিবলৈ গৈ প্ৰথমতে
তাত কাণ লগাই শুনিবলৈ চেষ্টা কৰিলে বাহিৰত কিবা শব্দ হৈছে নেকি৷ একোৱে শুনা
নাপালে৷ দৰজাখন জপাই উভতি আহিল তেওঁ৷
টমাছ ত্ৰিভুৱনে ক'লে, "ইয়াতে বিস্কুট, মাখন, জাম আদি যথেষ্ট আছে৷ চাহ-কফি আছে৷ আমি
নাখাই মৰিবলগীয়া নহ'ব৷ কিন্তু কথা হ'ল কিমান দিন থাকিব লাগিব৷"
ৰানাই ক'লে, "কাঠমাণ্ডুৰ পৰা আজিয়েই ৰেস্কিউ পাৰ্টি
আহি পোৱাৰ কথা৷ অৱশ্যে ভাৰ্মাই কোৱাৰ দৰে সেইপিনে বতাহ-বৰষুণ দিছে যদি তিনি
চাৰিদিন প্লেন বা হেলিকেপ্টাৰ নচলিব৷"
"সেইটো মিছাও হ'বও পাৰে৷ আকৌ এনেকুৱাও হ'ব পাৰে, সি নিজেই কিবা মিছা খবৰ পঠিয়াই ৰেস্কিউ
পাৰ্টি কেন্সেল কৰি দিছে৷ ৰ'ব, আগতে অকণমান চাহ খাই লওঁ৷ মিছা-মিছি দুশ্চিন্তা
কৰি লাভ নাই৷ চাহ খালে মূৰটো পৰিষ্কাৰ হ'ব৷"
টামাছ ত্ৰিভুৱনে স্পিৰিট লাইট জ্বলাই
পানী তুলি দিলে৷ ৰানাই কিন্তু টমাছ ত্ৰিভুৱনৰ দৰে শান্ত হৈ থাকিব পৰা নাই৷ চটফটাই
ঘূৰি ফুৰিছে অকণমানি কোঠাটোৰ ভিতৰত৷ নিজৰ মূৰৰ চুলিত খামোচি ধৰি ক'লে, "ইয়াৰ পৰা খবৰ পঠোৱাৰো কোনো উপাই নাই৷
কোনেও নাজানিব আমাৰ বিষয়ে৷ ৱায়াৰলেছ ছেটটোও নষ্ট কৰি পেলাইছে৷"
টমাছ ত্ৰিভুৱনে ক'লে, "চেটটো মই অলপ খুলি মেলি চাম৷ এই
ক্ষেত্ৰত মোৰ অলপ জ্ঞান আছে৷ চাওঁ ভাল কৰিব পাৰো নে নাই! হতাশ হৈছে
কিয়? এটা কথা মন কৰিছে? আমি হেলিকেপ্টাৰৰ শব্দ শুনা নাই৷ তাৰ মানে,
আমাক
বন্দী কৰি থৈ তেওঁ পলোৱা নাই এতিয়াও৷"
ৰানাই ক'লে, "নপলায়৷ ইয়াতেই তেওঁৰ দল-বল চব আছে৷ মিঃ
ৰায়চৌধুৰী যেতিয়া অদৃশ্য হৈ গৈছিল, তেতিয়াই মই বুজিব লাগিছিল যে ইয়াৰে মাটিৰ তলত
কিবা চলি আছে৷ এজন মানুহটো আৰু নিজে নিজে বতাহত মিলি যাব নোৱাৰে৷"
"লোৰ দৰজা যিহেতু আছে, গতিকে তাৰ ভিতৰত মানুহো আছে৷ সিহঁতে
কুকুৰ পুহে, ভিতৰত জীৱন্ত কুকুৰা ৰাখে৷ কুকুৰৰ ভৰিৰ খোজ মই আগৰ বাৰ আহোঁতেই
দেখিছিলো৷ এইবাৰ আহি দেখিলো কুকুৰাৰ পাখি৷ তাৰ মানে ভালকৈ থকাৰ ব্যৱস্থা কৰি লৈছে৷
কোন ইহঁত?"
"নিশ্চয় কোনো চোৰাংচোৱাৰ দল৷"
"কিন্তু মাটিৰ তলত বহি কি চোৰাংচোৱাগিৰী
কৰিব? আৰু এই বৰফৰ ৰাজ্যত গোপনে চকু ৰাখিবলগীয়া আছেনো কি?"
"আজি কালি গুপ্তচৰ বৃত্তিৰ বাবে চকুৰে
চোৱাৰ প্ৰয়োজন নাই৷ নিশ্চয় সিহঁতে মাটিৰ তলত কিবা শক্তিশালী যন্ত্ৰ বহুৱাইছে৷
কাষতে তিনিখন দেশৰ সীমা৷ তিব্বত- মানে চীন, ৰাছিয়া আৰু ভাৰত..."
"হুঁ৷ এই ভাৰ্মাটোও সিহঁতৰ দলৰে
মানুহ৷"
চাহ বনোৱা হৈ গৈছিল, কাগজৰ গ্লাছত চাহ বাকি টমাছ ত্ৰিভুৱনে
এটা গ্লাছ আগবঢ়াই দিলে ৰানাৰ পিনে৷ ৰানাৰ মুখত দুশ্চিন্তাৰ ৰেশ, তাৰ তুলনাত টমাছ ত্ৰিভুৱন বহুখিনি
শান্ত৷
আৰামত চাহ-তাহ খোৱা শেষ কৰি টমাছ
ত্ৰিভুৱনে ক'লে, "এই গম্বুজৰ চিৰিৰে ওপৰলৈ উঠি গ'লে এডোখৰ বহা ঠাই আছে, মই জানো৷ তাৰ পৰা বাহিৰখন দেখা যায়৷
চাওঁকচোন ইয়াত ক'ৰবাত বাইন'কুলাৰ পোৱা যায় নেকি?"
ৰানাই বাইন'কুলাৰ বিচাৰিবলৈ ধৰিলে আৰু টমাছ
ত্ৰিভুৱন বহিল ৰেডিঅ'-টেলিফোন ছেটটো লৈ৷ অকণমান খুচৰি মেলি চায়েই তেওঁ ক'লে, "ইছ, এইটো একেবাৰে তচনচ কৰি পেলাইছে৷
ভাৰ্মাই কেতিয়া এইটো ভাঙিলে কওঁকচোন৷"
ৰানাই ক'লে, "ভাঙিছ সুবিধা বুজি, আমি মনেই নকৰিলো৷ আপোনাক মিছা-মিছি এই
বিপদৰ মাজলৈ টানি অনাৰ নিচিনা হ'ল৷ আপোনাৰতো অহাৰ কথাই নাছিল৷"
ত্ৰিভুৱনে ক'লে, "মই ইয়াৰ আগতেও তিনিবাৰ বিপদত পৰিছো
জীৱনত৷ এটা কথা ভাবি চাওঁকচোন, ভাৰ্মাই আমি দুয়োকে গুলীয়াই মাৰি পেলাব
পাৰিলেহেঁতেন৷ আমি একোৱেই কৰিব নোৱাৰিলোহেঁতেন৷ নেমাৰি যে আমাক ইয়াত বন্দী কৰি
ৰাখিছে, তাৰ মানে এতিয়াও আমাৰ বচাৰ চান্স আছে৷"
ৰানাই আফচোচৰ সুৰত ক'লে, "ইছ, কিয় যে মই লাইট মেচিন গানটো
হেলিকেপ্টাৰতে এৰি আহিলো৷"
ত্ৰিভুৱনে ক'লে, "সেইটো অনা হ'লেও একো লাভত নাহিলহেঁতেন হয়তো৷
আপুনিতো ভাৰ্মাক আগতে সন্দেহ কৰা নাছিল৷ সি হঠাৎ আপোনাৰ হাতত গুলীয়াই দিলেহেঁতেন৷
বাইন'কুলাৰ নাপালে?"
"নাই৷ মিঃ ৰায়চোধুৰীৰ ডিঙিতে এটা বাইন'কুলাৰ ওলমি আছিল, যিমান দূৰ মনত পৰে৷ ওঃ হো! মোৰ নিজৰ জেপতেই
চোন এটা আছে৷ একেবাৰে পাহৰি গৈছিলো৷ আপুনি বাইন'কুলাৰ বিচাৰিবলৈ ক'লে, আৰু মই সঁচা-সঁচি বিচাৰিবলৈ আৰম্ভ কৰি
দিলো৷"
ইমান বিপদৰ মাজতো ত্ৰিভুৱনে হাঁহিলে৷
তাৰ পিছত ক'লে, "আপোনাৰ অভাৰ কোটৰ বাকী পকেট কেইখনো খুচৰি চাওঁকচোন৷ কিজানি ৰিভলভাৰ
চিভলভাৰ ওলায়েই!"
ৰানাই কোটৰ আটাইকেইখন পকেট থপৰিয়াই চাই
ক'লে, "নাই৷ মোৰ নিজা ৰিভলভাৰেই নাই৷"
"ব'লক তেনেহ'লে, গম্বুজৰ ওপৰত উঠি চাওঁ৷"
গম্বুজৰ ওপৰৰ সৰু খিৰিকীখনেৰে এজনতকৈ
বেছি মানুহে চাব নোৱাৰি৷ হাতত বাইন'কুলাৰ লৈ এবাৰ যদি ৰানাই এবাৰ ত্ৰিভুৱনে চাবলৈ
ধৰিলে৷ বাইন'কুলাৰ সাধাৰণতে দূৰৈৰ বস্তু চাবলৈকে ব্যৱহাৰ কৰা হয়৷ তেওঁলোকেও
দূৰৈলৈকেই চোৱাত লাগিল৷ গম্বুজৰ ওচৰতেই যে ভাৰ্মা আৰু মিংমা অজ্ঞান হৈ পৰি আছে,
সেয়া
সিহঁতৰ চকুত নপৰিল৷
বাহিৰত পোহৰ কমি আহিছে৷ অলপ পিছতেই
হঠাৎ অন্ধকাৰ নামি আহিব৷ হেলিকেপ্টাৰখন দূৰৈত ৰৈ আছে৷ সৰু হেলিকেপ্টাৰখনত বেছি
মানুহ নোজোৰে কাৰণে এইবাৰ পাইলট অনা নহ'ল, ৰানাই নিজেই চলাই লৈ আহিছে৷ অৱশ্যে
ভাৰ্মায়ো হেলিকেপ্টাৰ চলাব জানে, ইচ্ছা কৰিলে সি পলাব পাৰিব৷
এটা সময়ত বাইন'কুলাৰটো টমাছ ত্ৰিভুৱনৰ হাতৰ পৰা পিছলি
হঠাৎ চিৰিৰ তলত পৰি গ'ল৷ ৰানাই ক'লে, "ঠিক আছে, মই তুলি আনিছো৷" তেতিয়া টমাছ ত্ৰিভুৱনে
খালি চকুৰে চালে বাহিৰলৈ৷ তেতিয়াই তেওঁ দেখিবলৈ পালে ভাৰ্মা আৰু মিংমাক৷ তেওঁৰ
বুকুখন ধককৈ উঠিল৷ উত্তেজিত ভাৱে তেওঁ ক'লে, "ৰানা, ৰানা, এইপিনে আহক, সোনকাল আহক৷"
বাইন'কুলাৰটো লৈয়ই ৰানা দৌৰি উঠি আহিল
ওপৰলৈ৷ ত্ৰিভুৱনে নিজেই খিৰিকীৰ কাষৰ পৰা আঁতৰি দি ৰানাক চাবলৈ দিলে৷ ৰানাই
দেখিয়েই বিস্ময়েৰে কৈ উঠিল, "মাই গড; দুয়ো মৰিল?"
ত্ৰিভুৱনে ক'লে, "নাই, সেয়া কেনেকৈ সম্ভৱ? দুয়ো একেলগে কেনেকৈ মৰিব? মিংমাচোন অজ্ঞান হৈ আছিল৷"
"হয়, কিন্তু তাত নহয়৷ তাৰপৰা আৰু বহুখিনি
বাওঁফালে আছিল৷ কিবা প্ৰকাৰে মিংমা উঠি আহিছিল৷ আমি কোনো গুলীৰ শব্দও পোৱা
নাই৷"
"বোধহয়, কিবা কাৰণত দুয়োটাই অজ্ঞান হৈ
পৰিছ৷"
"ৰিভলভাৰটো পৰি আছে ওচৰতে৷"
"কি আচৰিত ঘটনা! যদি ভাৰ্মাই আগতে জ্ঞান
ঘূৰাই পায়, তেনেহ'লে সি মিংমাক মাৰি পেলাব৷"
"আৰু যদি মিংমাই আগতে জ্ঞান ঘূৰাই পায়,
তেনেহ'লে আমি এতিয়াই মুকলি হ'ব পাৰিম৷ মিংমাই আমাক দৰজা খুলি
দিব৷"
"মিংমাক আগতে জগাবই লাগিব৷ তাক কেনেকৈ
জগোৱা যায়? ইয়াৰ পৰা চিঞৰি মাতিলে..."
"নাই, তাৰ পৰা কামত নাহিব৷ তাৰ ফলত ভাৰ্মা
আগতে উঠি যাব পাৰে৷"
"কিবা এটা কৰিবই লাগিব, মিংমা আমাৰ বেছি কাষত আছে৷ যদি ইয়াৰ
পৰা তাৰ গালৈ পানী মাৰি দিওঁ?"
"ইমান দূৰলৈ কেনেকৈ পানী মাৰিব?"
অৱশ্যে তেনেকুৱা একো কৰিবলগীয়া নহ'ল৷ এবাৰ দূৰলৈ চাই সিহঁত দুজন পুনৰ
চমকি উঠিল৷
পোহৰ যথেষ্ট কমি আহিছে৷ চাৰিওফালে
পাতলীয়া আন্ধাৰ৷ তাৰ মাজতে দেখা গ'ল, মানুহতকৈ আকৃতিত ডাঙৰ দুটা প্ৰাণী
গম্বুজটোৰ পিনে আগুৱাই আহিছ৷
ভীষণ উত্তেজনাত ৰানাই খামোচি ধৰিলে
টমাছ ত্ৰিভুৱনক৷ ফুচফুচাই ক'লে, "য়েটি, য়েটি৷"
টমাছ ত্ৰিভুৱনে ভালকৈ চাই ক'লে, "তেনেকুৱাইতো লাগিছে৷"
য়েটিৰ নিচিনা প্ৰাণী দুটাৰ গাত ভালুকৰ
দৰে দীঘল দীঘল নোম, সিহঁতে দুলি দুলি খোজ কাঢ়ে৷ মাজ মাজে কান্ধৰ ওপৰেৰে চাৰিওফালে চাই
লয়৷ সিহঁতৰ মুখত কোনো শব্দ নাই৷
বিস্ময়, ৰোমাঞ্চ আৰু ভয়ত ৰানা একেবাৰে বোবাৰ
দৰে হৈ পৰিল৷ কঁপি কঁপি ক'লে, "তে-তে-তে-তেনেহ'লে আ-আ-আ-আমি সঁ-চাকৈ য়ে-য়ে-য়ে-টি
দে-দে-খি-লো!"
টমাছ ত্ৰিভুৱনে ক'লে, "চুপ! শব্দ নকৰিব৷ ইছ, আন্ধাৰ হৈ গ'ল, সিহঁতৰ ফটো ল'ব পৰা নাযাব৷"
য়েটিৰ দৰে প্ৰাণী দুটা ভাৰ্মা আৰু
মিংমাৰ ওচৰত ৰ'ল৷ গম্বুজৰ পিনে সিহঁতে এবাৰো নাচালে৷ হঠাৎ সিহঁতে এটা অদ্ভুত খেল
আৰম্ভ কৰিলে, সিহঁতৰ মাজৰ এটাই মিংমাক দুহাতেৰে তুলি লৈ দলিয়াই দিলে আনটোৰ পিনে৷
সি থাপ মাৰি ধৰিলে৷ তাৰ পিছত আকৌ সি দলিয়াই দিলে এইপিনে৷ তেনেদৰে সিহঁতে মিংমাক লৈ
দলিওৱা দলি খেলিবলৈ ধৰিলে৷
ৰানাই ফুচফুচাই ক'লে, "মিংমা মৰি যাব৷ সিহঁতে মিংমাক মাৰি
পেলাব৷ ইছ, লাইট মেচিনগানটো থকা হ'লে য়েটি দুটা মাৰি পেলাব পাৰিলোহেঁতেন৷ যিয়ে
বিশ্বাস নকৰে, সিহঁতেও দেখিলেহেঁতেন, আচল য়েটিৰ মৃতদেহ৷"
ত্ৰিভুৱনে ৰানাক জোৰত চিকুটি ক'লে, "চুপ, চুপ৷ চাওঁক, এইবাৰ সিহঁতে কি কৰিছে৷"
য়েটিৰ নিচিনা প্ৰাণী দুটাই মিংমাক এটা
সময়ত নমাই দিলে মাটিত৷ তাৰ পিছত সিহঁতৰ এজনে ভাৰ্মাক তুলি ল'লে৷ কিন্তু ভাৰ্মাক লৈ সিহঁতে দলিওৱা
দলি নকৰিলে৷ তাক লৈ সিহঁত গুছি গ'ল দূৰৰ ঘন অন্ধকাৰৰ পিনে৷
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ