মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
দ্বাবিংশ অধ্যায়
সন্তু যেন ভাহি আছিল এখন অন্ধকাৰ
সমুদ্ৰত৷ এবাৰ চকু মেলিও সি একো নেদেখিলে৷ ধৰিব নোৱাৰিলে সি ক'ত আছে৷ মূৰৰ ভিতৰখন খুব ক্লান্ত,
তাৰ
মন গ'ল শুবলৈ৷
হঠাৎ যেন কিছু চিঞৰ বাখৰ কাণত পৰিল
তাৰ৷ তাৰ মাজত খুৰাদেউৰ কণ্ঠস্বৰ৷ তেনেতেই এটা জোকাৰণি উঠিল তাৰ সৰ্ব শৰীৰত৷ সি
ঘূৰি চালে৷
প্ৰথমতে তাৰ ভাব হ'ল ভূত৷ কেইবাটাও ভূতে হেঁচি ধৰিছে
খুৰাদেউক৷ তাৰ পিছতে ধৰিব পাৰিলে, ভূত-চুত একো নহয়, কেবাজনো মুখা পিন্ধা মানুহ৷
সন্তুৱে উঠি বহিব খুজিলে৷ তাৰ আগতেই
দুজন মুখাধাৰীয়ে হেঁচি ধৰিলে তাক৷ তাৰে এজনৰ হাতত ইনজেক্সনৰ চিৰিজ৷
বন্দী অৱস্থাতে খুৰাদেউৱে চিঞৰি উঠিল,
"সন্তু, পলা! যেনেকৈ নহওঁক পলা!"
সন্তুৱে লগে লগেই একো চিন্তা-ভাৱনা
নকৰাকৈয়ে ভৰি তুলি গোৰ সোধালে এজন মুখাধাৰীৰ পেটত৷ গোৰত তাৰ হাতত থকা কাঁচৰ
চিৰিঞ্জটো মাটিত পৰি ভাঙি চুৰমাৰ হৈ গ'ল৷
কেইন ছিপটনে খঙেৰে কৈ উঠিল,
"ক্লামিছ ফুল! ফটাফট আন এটা লৈ আহ৷ যাঃ।"
কেইন ছিপটন নিজে উঠি অহাৰ আগতেই সন্তু
টেবুলৰ পৰা বাগৰি মাটিত পৰি গ'ল৷ তাৰ পিছতেই দৌৰিবলৈ ধৰিলে অন্ধৰ দৰে৷
খুৰাদেউৱে আকৌ চিৎকাৰ কৰি উঠিল,
"সন্তু, পলা প....." তেনেতেই কোনোবাই সোপা মাৰি ধৰিলে তেওঁৰ মুখত৷
সন্তুৱে দিক-বিদিক হেৰুৱাই দৌৰি দৌৰি
গৈ থাকোতে দেখিলে সন্মুখত এখন লোৰ ৰেলিং৷ মুখাধাৰী কেইটাই তাক খেদি অহা দেখি সি
ৰেলিং পাৰ হৈ আনফালে ওলমি দিলে৷ তেনেদৰে ওলমি থকাৰ পৰাই সি দেখিলে, এমহলা মান তলত বিভিন্ন যন্ত্ৰ পাতি চলি
আছে৷ মুখাধাৰী কেইটাই তাক ধৰাৰ আগতেই সি হাত এৰি দিলে৷ আৰু ধুপুচকৈ পৰি গ'ল তলত৷
সন্তুক পলোৱা দেখি কেইন ছিপটনে
খুৰাদেউক কোটৰ ক’লাৰত ধৰি টানি নি শুৱাই দিলে পাথৰৰ
টেবুলখনৰ ওপৰত৷ তাৰ পিছত দেখিবলৈ ৰিভলভাৰৰ দৰে, কিন্তু সাধাৰণ ৰিভলভাৰতকৈ বহুগুণে ডাঙৰ
অস্ত্ৰ এটা উলিয়াই ক'লে, "ল'ৰাটোক এতিয়াই আহিবলৈ কোৱা৷ নহ'লে তুমি মৰিবা৷"
খুৰাদেউৱে ক'লে, "নাই, সন্তু উভতি নাহে৷"
কেইন ছিপটনে ক'লে, "মই ঠিক দহলৈ গণিম৷ তাৰ আগতেই ঘূৰি
আহিবলৈ কোৱা তাক৷ এক, দুই ..."
খুৰাদেউৱে ক'লে, "সন্তু, তই কোনোপধ্যেই ধৰা নিদিবি৷"
কেইন ছিপটনে কৈ গ'ল, "থ্ৰী, ফোৰ..."
খুৰাদেউৱে ক'লে, "তুমি মোক মৃত্যুৰ ভয় দেখুৱাইছা?
তুমি
তেনেহ'লে মোক চিনিয়ে পোৱা নাই, কেইন ছিপটন৷ তুমি মোক মাৰিব পাৰিবা,
কিন্তু
তুমি ইয়াৰ পৰা আৰু কোনোদিনে ওলাই যাব নোৱাৰিবা৷"
কেইন ছিপটনে কৈ গ'ল, "ফাইভ, ছিক্স...."
খুৰাদেউৱে ডাঙৰ মাতেৰে ক'লে, "সন্তু কোনোপধ্যেই নাহিবি৷ তুমি যিমানে
ভয় নেদেখুৱা লাগিলে...."
সন্তুৱে তললৈ জপিয়াই পৰি তাল চম্ভালিব
নোৱাৰি হামখুৰি খাই পৰি গৈছিল সন্মুখৰ ফালে৷ তাত অদৃশ্য ক'ৰবাত খুন্দা খালে তাৰ মূৰটো৷ তেতিয়াহে
সি বুজি উঠিল, মাজৰ ঠাইখন কঠিন কাঁচৰ দেৱালেৰে ঘেৰ দি ৰখা, তাতেই খুন্দা খাইছে সি৷ কাঁচৰ দেৱালৰ
ভিতৰত কেবাটাও ডাঙৰ ডাঙৰ যন্ত্ৰ, সেইবোৰৰ পৰা নীলা ৰঙৰ পোহৰ ওলাই আছে৷
ভৰিত অলপ দুখ পাইছিল সন্তুৱে, কিন্তু বৰ বেছিও নহয়৷ দ্ৰুততাৰে ঠাইখনৰ
ওপৰত চকু ফুৰালে সি, ঘূৰণীয়া ঠাইখনৰ চাৰিওফালে চাৰিটা সুৰঙ্গ গৈছে, সুৰঙ্গ কেইটা বহুত দীঘল, শেষলৈ দেখাই নাযায়৷ এফালে এটা ঘূৰণীয়া
চিৰিৰে দুপদাপকৈ নামি আহিছে কেইবাটাও মুখাধাৰী তাক ধৰিবলৈ৷
সন্তুৱে এটা সুৰঙ্গৰ মাজেৰে পলাবলৈ
লওঁতেই শুনিবলৈ পালে কেইন ছিপটনৰ কথাবোৰ আৰু খুৰাদেউৰ উত্তৰ৷ সি থমকি ৰ'ল৷
কেইন ছিপটনে "নাইন' গন্তি কৰাৰ লগে লগে সি চিঞৰি উঠিল,
"ড’ন্ট কিল মাই আংকল৷ আই এম কামিং৷"
ঘূৰণীয়া চিৰিৰ ওপৰত ৰৈ থকা মুখাধাৰী
দুটাৰ পিনেও হাত দাঙি সি ক'লে, "আই এম কামিং৷"
ওপৰৰ পৰা খুৰাদেউৱে ক'লে, "নাই, নাহিবি, সন্তু৷ আমি দুয়োটাকে ইহঁতে মাৰি পেলাব৷
দুয়োটা একেলগে মৰি লাভ নাই৷"
সন্তুৱে সেই কথাত গুৰুত্ব নিদিলে৷
খুৰাদেউক মৃত্যুৰ মুখত পেলাই থৈ সি পলাব নোৱাৰে৷ সি আকৌ চিঞৰি ক'লে, "য়েছ, আই এম কামিং৷"
এখোজ এখোজকৈ আগুৱাবলৈ ধৰিলে সি৷
মুখাধাৰী দুটা ৰৈ আছে তাক ধৰিবৰ কাৰণ৷ ধক-ধক শব্দ হৈছে সন্তুৰ বুকুৰ ভিতৰখনত৷ কোন
ইহঁত? ইহঁতে সঁচাকৈয়ে তাক আৰু খুৰাদেউক মাৰি পেলাব নেকি?
আগুৱাই গৈ থাকোতে সন্তুৱে দেখিলে,
এঠাইত
দেৱালত ইলেকট্ৰিকৰ মিটাৰৰ দৰে যন্ত্ৰ কিছুমান৷ আৰু এডাল দীঘল লিভাৰ, মানে লোৰ হেণ্ডেলৰ নিচিনা বস্তু সন্মুখলৈ
ওলাই আছে৷ সেইডাল কিছু ওখত আছে৷
বিদ্যুৎ-চমকৰ দৰে এটা বুদ্ধি খেলি গ'ল তাৰ মগজুত৷ সি জঁপিয়াই সেই লিভাৰডালত
ধৰি ওলমি দিলে৷
লগে লগে গোটেইখন ঘিটমিটীয়া অন্ধকাৰত
ডুব গ’ল।
তাৰ পিছতেই নানা ধৰণৰ চিঞৰ বাখৰ আৰু
হৈ-চৈ৷ ওপৰৰ পৰা কেইন ছিপটনে কঠোৰ মাতেৰে কি জানো হুকুম দিলে৷ মুখাধাৰী দুটাই
আন্ধাৰতে দৌৰি আহিল সন্তুক ধৰিবলৈ৷
লিভাৰত ওলমি দুলি দুলি সন্তুৱে
সন্মুখলৈ গোৰ সোধাওঁতেই দুভৰিৰ গোৰ পৰিল এটাৰ বুকুত৷ সি উফৰি গৈ পৰিল আনটোৰ ওপৰত৷
পিছৰটোও সেই ধাক্কাত পৰিব খুজিছিল, কোনোমতে চম্ভালি লৈ সি আন্দাজতে গুলী কৰি দিলে
সন্তুৰ পিনে৷
তেতিয়ালৈকে সন্তুৱে লিভাৰডাল এৰি দি
তললৈ নামি আহিছিল৷ গুলীটো লাগিল লোৰ লিভাৰত, ভাঙি চিঙি উৰি গ'ল সেইডাল৷ আৰু লাইট জ্বলোৱাৰ কোনো উপায়
নাথাকিল৷
কেইন ছিপটনে চিঞৰি উঠিল, "বুৰ্বকৰ দল, ল'ৰাটোক কোনেও ধৰিব নোৱাৰিলি৷ শীঘ্ৰেই
লাইট জ্বলা নহ'লে চব নষ্ট হৈ যাব৷ উশাহ নিশাহ বন্ধ হৈ মৰিব লাগিব আমি৷"
আন্ধকাৰতে ঠেলা-হেঁচাকৈ সকলো দৌৰি আহিল
চুইছ-বোৰ্ডখনৰ পিনে৷ সন্তুৱে এবাৰ ভাবিলে, খুৰাদেউৰ ওচৰলৈ যাব৷ কিন্তু আকৌ ভাবিলে,
চিৰিৰে
বহুত মানুহ নামি আহিছে৷ সেইপিনে গ'লে ধৰা পৰি যাব৷ দেৱালত ধৰি ধৰি সি বিপৰীত ফালে
যাবলৈ ধৰিলে৷ এঠাইত দেৱাল নাই বুলি জানিব পাৰি সি বুজিলে, সেইপিনে এটা সুৰঙ্গ আছে৷ সি দৌৰিলে
সুৰঙ্গটোৰ ভিতৰলৈ৷ অলপ দূৰ গৈয়েই এবাৰ উজুটি খাই পৰিল, তাৰ পিছত আকৌ উঠি দৌৰি দিলে৷
কেইন ছিপটন নিজেই নামি আহিল চুইছ ব'ৰ্ডখনৰ ওচৰলৈ৷ চবকে গালি পাৰি পাৰি ক'লে, "ইডিয়টৰ দল, এটা সামান্য ল'ৰাক ধৰিব নোৱাৰ...টৰ্চ দে, কাৰ লগত আছে...."
কাৰো লগতে টৰ্চ নাই, এজনে এটা চিগাৰেটৰ লাইটাৰ জ্বলালে৷ সেই
সামান্য পোহৰতে দেখা গ'ল চুইছ ব'ৰ্ডখনৰ এটা ফালৰ পৰা ধোঁৱা ওলাই আছে৷
সেই পিনে খুৰাদেউৱে যেতিয়া বুজি উঠিলে
যে তেওঁৰ ওচৰে পাজৰে কোনো নাই, তেওঁ লাহে লাহে টেবুলৰ পৰা নামিল৷ তেওঁৰ পক্ষে
দৌৰি পলোৱা সম্ভৱ নহয়৷ এই অন্ধকাৰৰ মাজততো আৰু অসম্ভৱ৷ তেওঁ লেঙেৰিয়াই লেঙেৰিয়াই
আগুৱাই গৈ দেৱাল এখনত ধৰি ৰ'ল৷ আগতেই তেওঁ মন কৰিছিল যে কেইন ছিপটন যিখন
চকীত বহি আছিল, তাৰ পিছ পিনে এখন লোৰ দুৱাৰ আছে৷ প্ৰথমে দিক নিৰ্ধাৰণ কৰি লৈ তেওঁ
লাহে লাহে আগবাঢ়িল সেই দুৱাৰখনৰ পিনে৷ এটা সময়ত হাত মেলোতেই দেৱালৰ সলনি লোৰ পৰশ লাগিল৷
দুৱাৰখন খোলাই আছিল, অলপ জোৰেৰে ঠেলি দিওঁতেই মেল খাই গ'ল৷ খুৰাদেউৱে ভিতৰত সোমায়েই দুৱাৰখন
জপাই দিলে৷ চাৰিওপিনে হাত বুলাই চাই দেখিলে দুৱাৰখন বেছ মজবুত৷ খিলিও আছে৷
ভিতৰৰ পৰা খিলিটো ভালকৈ লগাই দিলে তেওঁ৷
তাৰ পিছত কোঠাটোৰ ভিতৰত চকু
ফুৰায়েই তেওঁ চমকি উঠিল৷
অকণমান দূৰৈত এটা টকাৰ মান ডাঙৰ ঘূৰণীয়া
ৰঙা লাইট জ্বলি আছে উজ্জলতাৰে৷ লাইটটো দেখিলেই ভয় লাগি যায়৷ এনে লাগে যেন এক-চকুৱা
দানৱ এটা ৰৈ আছে অন্ধকাৰৰ মাজত৷
খুৰাদেউৱে বুজিলে, সেইটো কিবা যন্ত্ৰ৷ কিন্তু চাৰিওফালে
নিশ্ছিদ্ৰ অন্ধকাৰ, তাৰ মাজত এই যন্ত্ৰটোৰ ৰঙা লাইটটো জ্বলিছে কিদৰে? নিশ্চয় তাৰ বাবে কিবা বিকল্প ব্যৱস্থা
আছে৷ খুৰাদেউৱে যন্ত্ৰটোৰ পিনে আগুৱাই গৈও থমকি ৰ'ল৷ তেওঁৰ মনত পৰিল, কেইন ছিপটনে কৈছিল, ইয়াত এনেকুৱা যন্ত্ৰ কিছুমান আছে,
যিবোৰ
চুলেই মৃত্যু অনিবাৰ্য৷ এইটো তেনেকুৱা যন্ত্ৰ নহয়তো?
খুৰাদেউৱে কাণ পাতি শুনিলে, যন্ত্ৰটোৰ
ভিতৰৰ পৰা শোঁ-শোঁ শব্দ এটা হৈ আছে৷ তেওঁ যন্ত্ৰটোৰ পিনে আৰু আগবাঢ়ি নগ'ল৷ ৰঙা লাইটটো ইমান উজ্জল যে সেইপিনে
চাই থাকিবও নোৱাৰি৷ এখন ভৰিৰে থিয় হৈ থাকিবলৈ কষ্ট হৈছিল কাৰণে তেওঁ বহি পৰিল লাহে
লাহে৷ মাটিত হাত থোৱাৰ লগে লগেই পুনৰ উচপ খাই উঠিল তেওঁ৷ নোমাল কিবা এটাৰ ওপৰত
হাতখন পৰিছিল৷ বস্তুটো লৰচৰ কৰি উঠিল লগে লগে, তাৰ পিছত ভুকি উঠিল৷
এইটো সেই কুকুৰটো৷ কোঠাটোৰ ভিতৰত আহি
শুই আছিল, খুৰাদেউৰ স্পৰ্শ পাই পুনৰ সাৰ পাই উঠিল৷ অন্ধকাৰ কোঠাটোৰ ভিতৰত এই
বদমাচ কুকুৰাটো লৈ তেওঁ পুনৰ মহা মস্কিলত পৰিল৷ কুকুৰটো দেখিবলৈ বৰ মৰম লগা,
বেছি
ডাঙৰো নহয়, পিছে ভৌ-ভৌ কৈ খেদি আহিল সি খুৰাদেউক কামুৰিবলৈ৷ খঙো উঠি আছে কুকুৰটোৰ
তেওঁৰ ওপৰত৷ প্ৰথমতে এবাৰ দুবাৰ কুকুৰটোৰ কামোৰ খালে তেওঁ৷ তাৰ পিছত সি বেছি সাহস
পাই তেওঁৰ বুকুৰ ওপৰত জপিয়াই পৰিল৷ সেই সুযোগতেই তেওঁ ঘপকৈ ধৰি পেলালে তাক৷
কুকুৰটোৱে চটফট কৰিও আৰু নিজকে এৰুৱাব নোৱাৰিলে৷ এহাতেৰে তাৰ মুখখন জোৰকৈ চেপি ধৰি
আনখন হাতেৰে তাক মৰম কৰিবলৈ ধৰিলে তেওঁ৷
তলৰ মহলাত সন্তুৱে এটা সুৰঙ্গৰ মাজেৰে
দৌৰি-দৌৰি গৈ খুন্দা খালে ক'ৰবাত৷ সুৰঙ্গটো তাতেই শেষ৷ আকৌ উভতিব খুজি মন
কৰিলে, দূৰৈত মানুহৰ হৈ হাল্লা শুনা গৈছে৷ এইপিনেই আহিছে নেকি সিহঁত?
চুকত আৱদ্ধ এন্দুৰৰ দৰে সন্তু দেৱালত আঁউজি
থিয় হৈ ৰ'ল৷
তাৰ পিছতেই জ্বলি উঠিল লাইট৷ কেইন ছিপটনে
ইতিমধ্যে লাইটৰ চুইছ ঠিক কৰি পেলাইছিল৷
সন্তুৱে দেখিলে, সুৰঙ্গৰ মুখত দুই-তিনিটা মুখাধাৰী থিয়
হৈ আছে, সিহঁতৰ হাতত দীঘল দীঘল পিষ্টল৷ লগতে দেখিলে, তাৰ ঠিক সন্মুখতেই আন এটা সৰু সুৰঙ্গ৷
সেইটোত সোমাবলৈ হ'লে সি আগলৈ অকণমান দৌৰি যাব লাগিব, তেতিয়া দূৰৈৰ মুখাধাৰী কেইজনে তাক দেখি
পেলাব পাৰে৷ সেইখিনি ৰিস্ক লৈয়েই একে দৌৰে সন্তু সেই সুৰঙ্গটোৰ ভিতৰত সোমাই পৰিল৷
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ