Apr 3, 2014

য়েটি অভিযান - বিংশ অধ্যায়

ৰাজীৱ ফুকন
Yeti Obhijan By Rajiv Phukan

মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

বিংশ অধ্যায়

মিমাংৰ এনেকুৱা লাগিল যেন তাৰ শৰীৰটো কঁকালৰ ওচৰতে চিগি দুটুকুৰা হৈ গৈছে৷ ভীষণ যন্ত্ৰনাত সি ডিঙি ফালি চিঞৰিবলৈ ধৰিলে৷ তাৰ মূৰৰ ওপৰত হেলিকেপ্টাৰখন ঘূৰি আছে, এখন হাত সি জোকাৰিবলৈ ধৰিলে সেইপিনে৷ কিন্তু তাক কোনেও নেদেখিলে তাৰ পৰা৷
 
একেবাৰে মৃত্যুৰ মুখা মুখি হ'লে মানুহে কেতিয়াবা একো একোটা অসম্ভৱ কাম কৰি পেলায়৷ দুয়োফালৰ পৰা লোৰ পাতে মিংমাৰ কঁকাল কাটি সোমাই যাব ধৰিছে, সেই অৱস্থাতো কোনো ৰকমে একে আঁজোৰতে সি ওপৰলৈ উঠি আহিল৷ লগে লগে পুনৰ বন্ধ হৈ গ'ল পাত দুখন৷
 
ওপৰলৈ উঠি অহাৰ পিছত মিংমাৰ আৰু কথা কোৱাৰ শক্তি নোহোৱা হ', 'ৰ-চৰ কৰাৰো শক্তি নাইকিয়া হ'ল৷ দুই-তিনি খোজমান গৈয়েই ধাঁচকৈ মাটিত বাগৰি পৰিল সি, আৰু অজ্ঞান হৈ গ'ল৷
 
হেলিকেপ্টাৰখনে কেই পাক মান মাৰি এটা সময়ত নামিল অলপ দূৰৈত৷ তাৰ পৰা তিনিজন মানুহ নামি আগুৱাই গ'ল গম্বুজটোৰ পিনে৷ ভাৰ্মা আৰু ৰানাৰ সৈতে এইবাৰ আহিছে টমাছ ত্ৰিভুৱন৷ এওঁ নেপালী খ্ৰীষ্টান, এটা সময়ত বিদেশী অভিযাত্ৰী দলবোৰৰ স্থানীয় মেনেজাৰৰ কাম কৰিছিল, এইবিলাক ঠাই তেওঁৰ নখ দৰ্পণত৷ এতিয়া যথেষ্ট বয়স হৈছে, ছিয়াংবচিতেই থাকে৷ মূৰৰ চুলি চব বগা৷
 
গম্বুজৰ ভিতৰত কাকো নেদেখি তেওঁলোক অবাক হ'ল৷ ভাৰ্মাই ক'লে, "আৰে, 'ৰাটো আৰু ছেৰপাটো ক'লৈ গ'?"
 
ৰানাই ক'লে, "সিহঁতকতো গম্বুজৰ ভিতৰতেই থাকিবলৈ কৈ গৈছিলো৷ আকৌ কিবা বিপদত পৰিল নেকি?"
 
ভাৰ্মাই ক'লে, "সেই খুৰাদেউটো, মানে মিঃ ৰায়চৌধুৰী এটা পাগল৷ নিজৰতো জীৱনৰ প্ৰতি মোহ নায়েই, লগত লৈ অহিছে ভতিজাকটো, কোনে বাৰু এনেকুৱা এখন দুৰ্গম ঠাইলৈ সৰু ল'ৰা এটা লৈ আহে, কওঁক চোন৷"
 
টমাছ ত্ৰিভুৱনে ক'লে, "ৰানা, এটা আচৰিত কথা মন কৰিছে? গম্বুজৰ বাহিৰত কুকুৰাৰ পাখি পৰি আছে৷"
 
ভাৰ্মাই ক'লে, "সিহঁত দুটাই কালি ইয়াত বনভোজ খাইছিল যেন লাগিছে৷"
 
ৰানাই ক'লে, "কিন্তু সিহঁতে কুকুৰা পাব ক'? এনেকুৱা ঠাইত জীৱন্ত কুকুৰা! ষ্ট্ৰেঞ্জ! ভেৰি ষ্ট্ৰেঞ্জ৷ আৰু এইপিনে চাওঁক৷ ভৰিৰ খোজ৷ কি প্ৰকাণ্ড ভৰিৰ খোজ৷"
 
ভাৰ্মাই ক'লে, "য়েটি! ইয়ালৈ য়েটি আহিছিল৷"
 
জেপৰ পৰা ৰিভলভাৰটো উলিয়াই ল'লে ভাৰ্মাই৷ তেওঁৰ মুখত আতংকৰ ৰেশ৷
 
টমাছ ত্ৰিভুৱন বহি পৰিল খোজবোৰৰ কাষত৷ বিৰবিৰাই তেওঁ ক'লে, "এনেকুৱা খোজ মই আগতেও দেখিছো৷ দুবছৰ আগতে যেতিয়া শেষবাৰ ইয়ালৈ আহিছিলো, তেতিয়া আৰু বহুত আচৰিত আচৰিত ঘটনা মন কৰিছিলো৷ এই ঠাইখনত কিবা এটা ৰহস্য আছে৷"
 
ৰানাই গম্বুজৰ ভিতৰলৈ গৈ খুৰাদেউৰ কেমেৰা এটা লৈ আহিল, আৰু খোজবোৰৰ ফটো তুলিবলৈ আৰম্ভ কৰিলে৷
 
টমাছ ত্ৰিভুৱনে ক'লে, "সেইবাৰ আহি দেখিছিলো, এনেকুৱা য়েটিৰ খোজৰ কাষে কাষে এটা সৰু কুকুৰৰ ভৰিৰ খোজ৷ য়েটি আছে নে নাই মই নাজানো, কিন্তু কোনো কুকুৰ জানো এনেকুৱা ঠাইত থাকিব পাৰে? ইম্পছিবল কথা, নহয় জানো? ইয়াত ক'ত জানো মই এখন লোৰ পাতো দেখিছিলো৷ ৰাতি বেছিকৈ বৰফ পৰাৰ বাবে পিছ দিনা আৰু বিচাৰি নাপালো৷"
 
ভাৰ্মাই ক'লে, "লোৰ পাত? হাঁ হাঁ হাঁ হাঁ! এইটো কিন্তু য়েটিৰ ভৰিৰ খোজতকৈও আচৰিত কথা৷ কোন অভিযাত্ৰীৰ দলে বাৰু পাহাৰৰ ইমান ওপৰলৈকে লোৰ পাত বৈ আনিব? আৰু আনিবই বা কিয়?"
 
ৰানাই ক'লে, "সন্তু নামৰ সেই ল'ৰাটোৱেও কিন্তু লোৰ পাতৰ কথা কৈছিল৷ দুয়োজনৰে কথা মিলি গৈছে৷"
 
ভাৰ্মাই ক'লে, "ধুৰ, সি এনেয়ে কিবা কিবি কৈ আছিল৷ মিছা-মিছি কম খন খান্দাই মাৰিলেনে? কিবা পালে জানো? এনেকুৱা পৰ্বতীয়া ঠাইত বহুতৰে ভ্ৰম হয়৷"
 
টমাছ ত্ৰিভুৱনে ক'লে, "মই আৰু এটা কথা কওঁ৷ মোৰ এই কথাটো বহুতে বিশ্বাস নকৰে৷ এই ঠাইখনেৰে মই কেবাবাৰো গৈছো৷ মোৰ স্পষ্টকৈ মনত আছে, এই গম্বুজটোৰ পৰা কেই শ গজ মান দূৰৈত এটা খাদ আৰু গুহাৰ নিচিনা আছিল৷ কেবা বছৰো ধৰি সেই খাদ আৰু গুহা কোনেও দেখা নাই, গোটেই ঠাইখন সমান হৈ গৈছে৷ অথচ তেনেকুৱা কোনো ভূমিকম্প চুমিকম্পও হোৱা নাই যে গুহা এটা পোত খাই যাব৷"
 
ভাৰ্মাই ক'লে, "কেৱল গুহাই নহয় খাদো পোত খাই যোৱা বুলি ক'ব খুজিছে?"
 
ভাৰ্মাই ৰানাৰ পিনে চাই চকু টিপিয়ালে আৰু মূৰৰ পিনে আঙুলি এটাৰে দেখুৱাই বুজালে, বুঢ়াৰ মূৰটো একেবাৰে নষ্ট হৈ গৈছে৷
 
টমাছ ত্ৰিভুৱনে আপোন মনে মূৰ জোকাৰি জোকাৰি কৈ গ', "ইয়াৰ পৰা যে প্ৰায়েই মানুহ নোহোৱা হৈ যায়, তাৰ লগত সেই গুহা আৰু খাদটো নাইকিয়া হোৱাৰ কিবা নহয় কিবা সম্পৰ্ক আছে নিশ্চয়৷ লাগিলে মই আপোনালোকক মেপ আঁকি বুজাই দিব পাৰিম, কোন ঠাইত গুহাটো আছিল৷"
 
ৰানাই ক'লে, "কাঠমাণ্ডুলৈ মই খবৰ পঠাইছো৷ এটা ডাঙৰ চাৰ্চ পাৰ্টি কালিৰ ভিতৰতে আহি পাব৷ তেওঁলোকৰ বাবে আমি অপেক্ষা কৰিব লাগিব৷ আজি ৰাতিটো আমি ইয়াত কটাই চাম, য়েটিৰ কিবা সন্ধান পোৱা যায় নেকি!"
 
ভাৰ্মাই ক'লে, "ইয়াতে ৰাতি কটাব? মই নোৱাৰিম দেই, ডাঙৰীয়া৷ বাপৰে বাপ! এটাৰ পিছত এটাকৈ মানুহ নোহোৱা হব ধৰিছে৷ ইমান সহজ ভাৱে নল'ব য়েটিক৷"
 
ৰানাই আচৰিত হৈ ক'লে, "তাৰ মানে?"
 
ভাৰ্মাই ক'লে, "অহাৰ ঠিক আগে আগে মই আৰ টি-ত খবৰ কৰিছিলো৷ কাঠমাণ্ডুৰ পিনে বতৰ বহুত বেয়া৷ প্লেন উৰিব নোৱাৰিব৷ দুই-তিনি দিনৰ আগতে যে তেওঁলোক এইপিনে আহিব পাৰিব তাৰ সম্ভাৱনা নাই৷
 
টমাছ ত্ৰিভুৱনে ইফালে সিফালে ডিঙি মেলি মেলি চাই আছিল৷ তেওঁ ক'লে, "এজন মানুহ আহিছে৷"
 
সকলোৱে চালে সেইপিনে৷ ৰানাই জেপৰ পৰা বাইন'কুলাৰটো উলিয়াই চকুত লগাই চাই ক'লে, "এইটো চোন সেই ছেৰপাটো, কি জানো নাম আছিল তাৰ!"
 
কোনোমতে লেঙেৰীয়াই লেঙেৰীয়াই আহি পালে মিংমাই৷ তাৰ কঁকালৰ দুয়োফালে দহকৈ কটা যোৱাত ৰক্ত ক্ষৰণ হৈছিল প্ৰচুৰ পৰিমাণে৷ সি বিষ সহ্য কৰিছিল দাঁত-মুখ কামুৰি৷
 
ওচৰলৈ আহি ফোঁপাই ফোঁপাই সি ক'লে, "চাহাব... সেইপিনে বোলক... লোৰ দৰজা এখন আছে...সন্তু চাহাব তলত পৰি গৈছে.. ময়ো দুখ পাইছো.."
 
ভাৰ্মাই ক'লে, "মানুহটোৱে কি বলকিব ধৰিছে পাগলৰ দৰে? অই, সন্তু ক'ত আছে? ভালকৈ ক৷"
 
মিংমাই ক'লে, "তলত পৰি গৈছে... বহুত ডাঙৰ দৰজা... লোৰ..."
 
ভাৰ্মাই ক'লে, "ইয়াৰ মূৰটো একেবাৰে নষ্ট হৈ গ'ল যেন পাওঁ৷ কৈছো নহয়, ঠাইখনেই কালিকা লগা৷"
 
ৰানাই নেপালী ভাষাত সুধিলে, "তোমালোকে গম্বুজৰ পৰা ওলাই গৈছিলা কিয়? 'লৈ গৈছিলা? ইয়ালৈ কুকুৰাৰ পাখি আহিল ক'ৰ পৰা?"
 
মিংমাই বৰ জোৰেৰে উশাহ এটা লৈ মুখ মেলিছিল কথা ক'বলৈ৷ কিন্তু তাৰ মুখেৰে টু শব্দ এটাও নোলাল, ধাঁচকৈ মাটিত পৰি গ'ল সি৷
 
ৰানাই লগে লগে তাৰ ওচৰলৈ গৈ বহি পৰিল৷ ক'লে, "অজ্ঞান হৈ পৰিছে! এয়া কি, ইয়াৰ চোন গোটেই গাটোতে তেজ৷"
 
ভাৰ্মাই ক'লে, "সন্তুক মাৰি পেলোৱা নাইতো সি?"
 
ৰানাই এইবাৰ মুখ তুলি কঠোৰ ভাৱে ক'লে, "এতিয়াতো মোৰ এনেকুৱা লাগিব ধৰিছে, আপুনিহে পাগল হৈছে, মিঃ ভাৰ্মা৷ সি সন্তুক কিয় মাৰিব? তাৰ কি স্বাৰ্থ আছে? সি এবাৰ পলাই গৈও উভতি আহিছিল সিহঁতৰ মৰমত৷"
 
ভাৰ্মাই ক'লে, "সেই কাৰণেইতো সন্দেহ হৈছে৷ তাৰ কিবা স্বাৰ্থ আছে কাৰণেই চাগে উভতি আহিছিল৷"
 
টমাছ ত্ৰিভুৱনে ক'লে, "অলপ গৰম গাখীৰ বা চাহ খুৱাব পাৰিলে জ্ঞান ঘূৰি আহিব, তেতিয়া তাৰ পৰা সকলো কথা জানিব পৰা যাব৷ শুনিলে নহয়, ইও লোৰ দৰজাৰ কথাই ক'লে৷"
 
ভাৰ্মাই ক'লে, "পৰ্বত আৰু বৰফৰ ৰাজ্যত লোৰ দৰজা৷ এয়া যে একেবাৰে অলীক কল্পনা৷ আৰু বেছি সময় ইয়াত থাকিলে আমাৰো মূৰৰ গণ্ডগোল হ'ব৷"
 
টমাছ ত্ৰিভুৱনে ক'লে, "গম্বুজৰ ভিতৰত চাহ বনোৱাৰ ব্যৱস্থা নাই?"
 
ৰানাই ক'লে, "আছে৷ ভিতৰত ঔষধ পাতিও আছে কিছু৷ আপোনাৰতো এইবোৰ বিষয়ত অলপ জ্ঞান আছে, চাওঁকচোন কিবা ঔষধ ইয়াক খুৱাব পাৰি নেকি! ইয়াৰ জ্ঞান ঘূৰাই অনাতো অত্যন্ত প্ৰয়োজন৷"
 
ভাৰ্মাই ক'লে, "তাতকৈ এটা কাম কৰিলে কেনে হয়? এই মানুহটো যিহেতু অসুস্থ হৈ পৰিছে, ইয়াক হস্পিটেলত ভৰ্তি কৰা উচিত যিমান পাৰি সিমান সোনকাল৷ ব'লক ইয়াক ছিয়াংবচিলৈ লৈ যাওঁ এতিয়াই৷"
 
ৰানাই অবাক হৈ ক'লে, "কি কয়? সন্তুক নিবিচাৰে?"
 
ভাৰ্মাই ক'লে, "অঁ, উভতি আহি বিচাৰিম৷ কিন্তু এই মানুহটোকতো বচাব লাগিব৷ ই আৰু বেছি সময় জীয়াই নাথাকিব যেন লাগিছে৷ চাওঁক, গোটেই কাপোৰ কানি তেজত তিতি গৈছে একেবাৰে৷ তাৰ ক্ষতস্থানটো কোনখিনিত চাইছিলে নে?"
 
ৰানাই ক'লে, "কঁকালৰ ওচৰত৷ আচৰিত!"
 
ভাৰ্মাই ক'লে, "আচৰিত নহয়, ইয়াৰে সকলো কথাই অদ্ভুত৷ মানুহটোৰ কঁকালৰ ওচৰত কাটিলে কেনেকৈ? বুকু-পিঠি, হাত-ভৰিত আঘাত লাগিব পাৰে, কিন্তু কঁকালৰ ওচৰত.. ইয়াক যদি ভালুক বা য়েটিয়ে কামুৰিছিলো..."
 
ৰানাই ক'লে, "লোৰ দৰজাই হওঁক বা আন কিবাই হওঁক, ই কৈছে, সন্তু কোনো এখন ঠাইত পৰি গৈছে৷ আমি এতিয়া বিচাৰি গ'লেও তাক উদ্ধাৰ কৰিব পাৰিম৷ কিন্তু সেই ঠাইখন ইয়াৰ বাদেতো আৰু কোনেও বিচাৰি উলিয়াব নোৱাৰিব৷
 
টমাছ ত্ৰিভুৱনে গম্বুজৰ পৰা ওলাই আহি ক'লে, "পানী উঠাই দিছো৷ এয়া লওঁক, এই ঔষধটো তাক খুৱাই দিলে সি বহুখিনি আৰাম পাব, সোনকালে তাৰ জ্ঞানো উভতি আহিব পাৰে৷"
 
ৰানাই ক'লে, "তাক মই দাঙি নি গম্বুজৰ ভিতৰত শুৱাই দিওঁ৷ কঁকালত বেণ্ডেজ এটা বান্ধিব লাগিছিল ইমিডিয়েটলি৷"
 
ৰানাই যেতিয়াই তললৈ হাউলিলে মিংমাক উঠাবলৈ, তেনেতে ভাৰ্মাই ক'লে, "আৰু উঠোৱাৰ প্ৰয়োজন নাই৷ মিঃ ত্ৰিভুৱন, ঔষধটো পেলাই দিয়ক৷"
 
সিহঁত দুয়োজনে মূৰ তুলি চাই দেখিলে ভাৰ্মাৰ ৰিভলভাৰৰ নলীটো সিহঁতৰ পিনেই মুখ কৰি আছে৷
 
ৰানাই ক'লে, "এয়া কি? ইয়াৰ মানে কি?"
 
ভাৰ্মাই ক'লে, "আপোনালোক দুয়োজনেই গম্বুজৰ ভিতৰত সোমাওক৷ সোনকাল৷ এক মুহূৰ্ত দেৰি কৰিলেই মই গুলীয়াই দিম৷"
 
ৰানাই ক'লে, "আপোনাৰ মূৰৰ গণ্ডগোল হোৱা নাইতো? নে, আপুনি সঁচাকৈয় আমাৰ লগত শত্ৰুতা কৰিছে?"
 
ৰিভলভাৰটো আগত ৰাখি ভাৰ্মাই আগুৱাই গৈ গৈ ক'লে, "আৰু টু শব্দও উচ্চাৰণ নকৰিব, ভিতৰত সোমাওক.. বাৰে বাৰে কৈছিলো উভতি যাবলৈ.. এতিয়া মৰক৷ আপোনালোকে যিমান জানিলে তাতকৈ আৰু বেছি জানিব দিব নোৱাৰি৷"
 
ৰানা আৰু টমাছ ত্ৰিভুৱনে বাধ্য হৈ গম্বুজৰ ভিতৰত সোমাই পৰিল৷ টমাছ ত্ৰিভুৱনে বিৰবিৰাই ক'লে, "মোৰ আগতেই সন্দেহ হৈছিল, এই মানুহজনে বাৰে বাৰে অদৰকাৰী কথা কৈ আমাৰ সময় নষ্ট কৰাৰ চেষ্টা কৰি আছিল, ইয়াৰ নিশ্চয় কিবা কুমতলব আছে৷"
 
সিহঁত দুজন ভিতৰত সোমোৱাৰ লগে লগেই ভাৰ্মাই লোৰ দৰজাখন টানি বাহিৰৰ পৰা তলা লগাই দিলে৷ চিঞৰি ক'লে, "তোমালোক থাকা ইয়াত নিৰ্বাসনত৷ ভিতৰৰ ৱায়াৰলেছ চেটটো মই আগতেই নষ্ট কৰি থৈছো৷ ইয়াৰ পৰা খবৰ পঠোৱাৰো কোনো উপায় নাই৷"
 
তাৰ পিছত সি ঘূৰি মিংমাৰ পিনে চালে৷ এবাৰ ভাবিলে, তাক সেই অৱস্থাতেই এৰি থৈ যাব৷ তাৰ পিছত আকৌ ভাবিলে, ৰিস্ক নলৈ তাক একেবাৰে মাৰি থৈ যোৱাই ভাল৷ ৰিভলভাৰটো জেপত থৈছিল, পুনৰ উলিয়াই ল'লে মিংমাক গুলীয়াবলৈ৷
 
মৃত্যুৰ ঠিক মুখামুখি হ'লে মানুহে যে কিছুমান অসম্ভৱ কাম কৰিব পাৰে, সেই কথা দ্বিতীয় বাৰ প্ৰমাণ কৰিলে মিংমাই৷ অলপ আগতেই তাৰ জ্ঞান উভতি আহিছিল৷ সি দেখিছিল চব৷ ভাৰ্মাই আকৌ ৰিভলভাৰটো উলিওৱাৰ লগে লগেই সি বিদ্যুৎ বেগেৰে এটা গোৰ মাৰিলে তাৰ পেটত৷ আচম্বিতে কৰা সেই আঘাতত ভাৰ্মা মাটিত বাগৰি পৰাৰ লগে লগেই মিংমা উঠি বহিল তাৰ বুকুৰ ওপৰত৷ এটা প্ৰচণ্ড ঘোচাত থেঁতেলি পেলালে ভাৰ্মাৰ নাকটো৷

***

পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ