মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
পঞ্চবিংশ অধ্যায়
গম্বুজৰ খিৰিকীখনৰ কাষত বহি থাকোতেই
এটা সময়ত টোপনি আহি গৈছিল ৰানাৰ, তেনেকৈয়ে পাৰ হৈ গ'ল গোটেই ৰাতিটো৷ টমাছ ত্ৰিভুৱনে তলত
আহি শুই গৈছিল৷ ৰাতি নুপুৱাওতেই তেওঁৱে প্ৰথম সাৰ পালে৷ স্পিৰিট লেম্প জ্বলাই চাহ
বনালে, তাৰ পিছত একাপ চাহ লৈ ওপৰলৈ উঠি গৈ ৰানাক মাতিলে৷
ৰানাই গাৰ আৰি মূৰি ভাঙি চকু মোহাৰি
মোহৰি বাহিৰৰ পিনে চায়েই চমকি উঠিল৷
তেওঁ চিঞৰি ক'লে, "লুক, টমাছ, লুক৷"
টমাছ ত্ৰিভুৱনে খৰ ধৰকৈ আহি জুমি চালে
খিৰিকীৰে৷ তেৱোঁ চমকি উঠিল লগে লগে৷
য়েটি কেইটাই কিছু সময় ধৰি দলিওৱা দলি
কৰাৰ পিছত মিংমাক পেলাই থৈ গুছি গৈছিল৷ তেতিয়া ৰানা আৰু ত্ৰিভুৱনে ধৰিয়েই লৈছিল, মিংমা আৰু জীয়াই থকা নাই৷ কিন্তু
কেতিয়া জানো মিংমা উঠি বহিল৷ ৰাতি কোনো এটা সময়ত বৰফ পৰিছিল৷ সেই বৰফ জমা লাগিছে
মিংমাৰ মূৰ, কান্ধ আৰু পিঠিৰ ওপৰত৷ ইমানেই স্পন্দনহীন হৈ বহি আছে সি, দেখিলে ভাব হয় ৰাতিৰ ভিতৰতে ঠাণ্ডাত
জাম লাগি কাঠত পৰিণত হৈ গৈছে৷
ৰানাই জিভাৰে আফচোচৰ শব্দ কৰি ক'লে, "প'ৰ ফেল', বেচেৰা৷"
ত্ৰিভুৱনে ক'লে, "মৰা বুলি ভাবিছে? মোৰ কিন্তু তেনেকুৱা লগা নাই৷"
"গোটেই ৰাতি বাহিৰত বৰফৰ মাজত পৰি
থাকিলে কোনোবা জীয়াই থাকিব পাৰে জানো?"
"ছেৰপাৰ জীৱনী-শক্তি কিমান, সেয়া বোধহয় আপুনি ভালকৈ নাজানে৷ মই
সিহঁতৰ লগত বহুত ঘূৰিছো, মই দেখিছো, সিহঁতে মৃত্যুৰ ওচৰত কোনোপধ্যেই হাৰ
মানিব নোখোজে৷"
তেওঁ দুয়োখন হাত মুখৰ ওচৰলৈ নি খুব
জোৰেৰে চিঞৰিলে, "মিংমা, মিংমা, মি-ং-মা৷"
মিংমাৰ গাটো অলপো লৰ চৰ নকৰিলে৷ তেতিয়া
ত্ৰিভুৱন আৰু ৰানা লগ লাগি দুয়ো একেলগে চিঞৰিব ধৰিলে মিংমাৰ নাম ধৰি৷ তাতো একো
কামত নাহিল৷
ত্ৰিভুৱনে ক'লে, "এটা বন্দুক বা ৰিভলভাৰেৰে যদি গুলি
কৰিব পৰা গ'লহেঁতেন৷ তাৰ শব্দ শুনি সি সাৰ পালেহেঁতেন নিশ্চয়৷"
ৰানাই ক'লে, "বৃথা চেষ্টা৷ তেনেকে কোনোবা মানুহ বাচি
থাকে নেকি? দেখিছেনে অকণো লৰচৰ কৰা নাই৷"
ত্ৰিভুৱনে কোনো কথা নকৈ নামি গ'ল তললৈ৷ অলপ পিছতেই তেওঁ এডাল অঙঠা খুঁচা
মাৰি, এটা সৰু হাঁতুৰী, কেইটামান চিজ ভৰ্টি টিন হাতত লৈ ওপৰলৈ উঠি
আহিল৷ ৰানাক ক'লে, "মই বুঢ়া হৈছো, ঠিক মতে দলিয়াব নোৱাৰিম, আপুনি এইবোৰ এইম কৰি মিংমাৰ গাত লগাব
পাৰিব নে? মিংমা যদি নাবাচে, আমাৰো ইয়াৰ পৰা মুক্তি পোৱাৰ বেলেগ উপায়
নাথকিব৷"
ৰানাই খিৰিকীখনৰ কাচৰ পাল্লা এখন খুলি
ল'লে ভালকৈ৷ খুব ঘন ঘনকৈ লোৰ
ছিক লগোৱা আছে কাৰণে ভাল দৰে হাতখন বাহিৰলৈ উলিয়াব নোৱাৰি৷ এই অৱস্থাত ইয়াৰ পৰা
এইম কৰি বাহিৰলৈ দলিওৱা অতি কঠিন৷
হ'লেও ৰানাই খুব সাৱধানে এইম কৰি এটা
চিজৰ টেমা দলিয়ালে৷ সেইটো পৰিল গৈ বহু দূৰৈত৷ এটাৰ পিছত এটাকৈ তিনিটা চাৰিটা
বস্তুৰ লগত একেই ঘটিল৷
ত্ৰিভুৱনে ক'লে, "আপুনি অলপ আঁতৰি দিয়ক চোন, চাওঁ, ময়ো এবাৰ চেষ্টা কৰো৷"
বেছ কিছু সময় একেদৃষ্টিৰে চাই থাকি
ত্ৰিভুৱনে মাৰি পঠিয়ালে অঙঠা খুঁচা লোৰ মাৰিডাল৷ সেইডাল গৈ লাগিল মিংমাৰ পিঠিত৷
অকণমান বৰফো খহি পৰিল, কিন্তু মিংমাৰ দেহত কোনো স্পন্দন দেখা নগ'ল৷
ৰানাই ত্ৰিভুৱনৰ মুখলৈ চোৱাত তেওঁ ক'লে, "আঘাতটো সিমান জোৰত লগা নাই৷ আৰু জোৰে
মাৰিব লাগিব৷"
আৰু তিনিবাৰ চেষ্টা কৰাৰ পিছত পুনৰ এটা
টিন লাগিল মিংমাৰ মূৰত৷ তেতিয়া তাৰ দেহটো ধপ কৈ পৰি গ'ল বৰফৰ ওপৰত৷
ত্ৰিভুৱন আৰু ৰানাই লগে লগে একেলগে
চিঞৰি উঠিল, "মিং-মা? মিং-মা?"
এইবাৰ লাহে লাহে মুখ ঘূৰালে মিংমাই৷
আনন্দ, উত্তেজনাত ৰানাৰ হাতত খামুচি ধৰি
ত্ৰিভুৱনে কৈ উঠিল, "দেখিলে দেখিলে, মই আপোনাক কৈছিলো নহয়, ছেৰপাৰ জীৱনী-শক্তিৰ কথা!"
ৰানাই চিঞৰি উঠিল, "মিং-মা, মিং-মা আমাৰ মাত শুনা পাইছা? গম্বুজৰ দৰজাখন খুলি দিয়া৷"
শুই থকা অৱস্থাৰ পৰা লাহে লাহে উঠি
বহিল মিংমা৷ দেখিলেই বুজা যায় তাৰ গাত অকণো শক্তি নাই৷ দুহাত দাঙি সি যেন
কিবা ক'বলৈ চেষ্টা কৰিলে, কিন্তু ইমানেই ক্ষীণ তাৰ কণ্ঠস্বৰ যে একোৱেই
বুজি পোৱা নগ'ল৷
"মিংমা, অলপ কষ্ট কৰি আহি দৰজাখন খুলি দিয়া
আমাক৷"
মিংমাই উঠি থিয় হ'ব খুজিও নোৱাৰিলে, পৰি গ'ল ধাপকৈ৷
ত্ৰিভুৱনে ক'লে, "মিংমা, চেষ্টা কৰা, তুমি পাৰিবই লাগিব, গম্বুজৰ ভিতৰলৈ আহিব পাৰিলে তুমি জুইৰ
সেক ল'ব পাৰিবা,গৰম চাহ, ব্ৰেণ্ডি, ঔষধ...."
মিংমাই দাঁত মুখ কামুৰি দুই কিলাকুটিত
ভৰ দি উবুৰি হৈ গ'ল,তাৰ পিছত সেই অৱস্থাতে বগুৱা বাই আগুৱাবলৈ ধৰিলে গংমবুজৰ পিনে৷ তিনি
চাৰি ফুট কোনো ৰকমে আহিয়েই পুনৰ ঢালি পৰিল তাৰ মূৰটো, শুই পৰিল সি কাটি হৈ৷
ৰানাই ক'লে, "যাঃ, শেষ চব৷"
ত্ৰিভুৱনে ক'লে, "নাই, জিৰণি লৈছে৷ অলপ বেছি সময় লাগিলেও কথা
নাই৷"
সঁচাকৈয়ে অলপ সময় পিছত পুনৰ মূৰ তুলিলে
মিংমাই৷ পুনৰ তেনেদৰে আগুৱাবলৈ চেষ্টা কৰিলে৷ অকণমান যায়, আৰু বিশ্ৰাম লয়৷ এনেদৰে গম্বুজৰ কাষ
পাই এবাৰ সি জিৰাবলৈ যি মূৰ পেলালে, আৰু নুতুলিলেই৷ কাটি গ'ল দহ বাৰ মিনিট৷ অধীৰ উৎকণ্ঠাত ৰানা
আৰু ত্ৰিভুৱনে যেন আৰু থাকিব নোৱাৰা হ'ল৷ ৰানাই তাৰ ওঁঠ এনেদৰে কামুৰি ধৰিছে,
তেজ ওলাব বাকী৷
ত্ৰিভুৱনে ক'লে, "কি হ'ল, মিংমা? আৰু অকণমান৷"
মূৰ তুলি অসহায় চকু দুটি মেলি সি ক'লে, "মই আৰু নোৱাৰিছো, চাহাব! মোৰ গাত আৰু অলপো বল নাই৷"
ৰানাই ক'লে, "পাৰিবই লাগিব মিংমা, অলপ অলপকৈ আহি দৰজাখন খুলি দিলে তুমিও
বাচিবা, আমিও বাচিম৷"
মিংমাই প্ৰাণপণে অকণমান চেষ্টা কৰি যি
ধৰণে কান্ধখন বেঁকা কৰি পৰি গ'ল, বুজা গ'ল যে সি সংজ্ঞা হেৰুৱাই পেলাইছে৷
ত্ৰিভুৱনে ক'লে, "সি যথাসাধ্য চেষ্টা কৰিছে, কিন্তু মানুহৰ সাধ্যৰো এটা সীমা আছে৷"
"অপেক্ষা কৰাৰ বাদে আৰু আমাৰ উপায়
নাই৷"
দুয়োজনে একদৃষ্টিৰে চাই ৰ'ল মিংমাৰ পিনে৷ গাটো অকণো লৰ চৰ কৰা
নাই৷ উশাহ লৈছে নে নাই তাকো জানিব পৰা যোৱা নাই৷
ত্ৰিভুৱনে ক'লে, "এনেদৰে চাই থাকোতে থাকোতে চকু বিষাই
যাব৷ ৰ'ব, অলপ চাহ বনাই আনো৷"
ত্ৰিভুৱনে তললৈ নামিবৰ কাৰণে ঘূৰোঁতেই
ৰানাই তেওঁৰ হাতত থাপ মাৰি ধৰি ক'লে, "ৰ'ব, শুনা পাইছেনে?"
"কি?"
"শব্দটো শুনা নাই?"
"কিহৰ, নাই চোন! কিহৰ শব্দ শুনিম ইয়াত?
বেছি
উত্তেজিত হৈ মূৰটো নষ্ট নকৰিব৷ ধৈৰ্য্য ধৰাৰ বাদে এতিয়া আমাৰ হাতত আৰু অন্য উপায়
নাই৷"
"এয়া, শুনিছে, ভাল দৰে শুনক৷"
এইবাৰ সঁচাকৈ শুনা গ'ল গোঁ-গোঁ গোঁ-গোঁ, ফট-ফট ফট-ফট শব্দ৷ অতি সোনকালে সেই
শব্দটো ওচৰ চাপি আহিল৷ তাৰ পিছতেই দেখা গ'ল দুখন হেলিকেপ্টাৰ৷
ৰানা আৰু ত্ৰিভুৱনে আনন্দতে ইজনে আনজনক
সাৱটি ধৰিলে৷
দুখন হেলিকেপ্টাৰৰ পৰা এঘাৰজন মিলিটাৰী
নামি দল বান্ধি আগবাঢ়ি আহিবলৈ ধৰিলে গম্বুজটোৰ পিনে৷ ত্ৰিভুৱন আৰু ৰানাই খিৰিকীৰে ৰুমাল উৰুৱালে
তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ৷
গম্বুজৰ দৰজাখন খোলা যোৱাৰ লগে লগেই
প্ৰথমে কোনো কথা নকৈ সিহঁত দুজনে দৌৰি বাহিৰলৈ ওলাই গ'ল আৰু মিংমাক উঠাই লৈ আহিল ভিতৰলৈ৷
ভিতৰত সোমায়েই মিংমাৰ ওঁঠ ফাঁক কৰি মুখত বাকি দিলে অকণমান ব্ৰেণ্ডি৷ চচপেনত পানী
গৰম কৰি ঢালিবলৈ ধৰিলে তাৰ গাত৷ মিলিটাৰী সকলৰ দুজনে মিংমাৰ বুকুত মালিচ কৰি কৰি
তাৰ শ্বাস প্ৰশ্বাস স্বাভাৱিক কৰাৰ চেষ্টাত লাগিল৷
ত্ৰিভুৱনে স্বস্তিৰ নিশ্বাস পেলাই ক'লে, "যি হওঁক, বাচি যে আছে, সেয়াই যথেষ্ট৷ আৰু কোনো চিন্তা
নাই৷"
বীৰেন্দৰ নামৰ এজন ব্ৰিগেডিয়াৰে দহজন
কামাণ্ডো লগত লৈ আহিছে বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ৷ এই কামাণ্ডো কেইজনক এনেদৰে
ট্ৰেইনিং দিয়া হৈছে যে এওঁলোকৰ এজনেই অন্ততঃ দহ-পোন্ধৰজনৰ সমান যুঁজিব পাৰে৷ ইহঁতে
নজনা কাম একো নাই৷
ব্ৰিগেডিয়াৰ বীৰেন্দ্ৰই সুধিলে,
"এতিয়া আমাৰ লাইন অৱ এক্সন কি হ'ব কওঁকচোন৷"
ত্ৰিভুৱনে ক'লে, "মই যিমান খিনি বুজিছো, ইয়াৰে এঠাইত বেছ ডাঙৰ গুহা কেইটামান
আছিল৷ মই নিজেও দেখি গৈছিলো আগতে৷ এতিয়া সেই গুহা কেইটা নাই৷ কোনে বিদেশী
এজেন্সীয়ে সেই গুহাবোৰ ঢাকি দি মাটিৰ তলত গোপন শিবিৰ পাতিছে৷ মিঃ ৰায়চৌধুৰী আৰু
সন্তু তাত বন্দী৷ মিংমাই এখন লোৰ দৰজাৰ কথা কৈছিল৷ সেইখন ব্লাষ্ট কৰি ভিতৰত সোমাব
লাগিব৷ আপোনালোকৰ লগত ডিনামাইট আছে নে?"
ব্ৰিগেডিয়াৰ বীৰেন্দ্ৰই ক'লে, "পৰ্বতত ৰেছকিউ অপাৰেচন কৰিবলৈ আহিছো,
আৰু
ডিনামাইট ষ্টিক লগত নাথাকিব, এনেকুৱা কথা আপুনি ভাবিব পাৰে কেনেকৈ?"
ৰানাই ক'লে, "কিন্তু সেই লোৰ দৰজাখন বিচাৰি উলিয়াবলৈ
হ'লে মিংমাৰ সহায়ৰ প্ৰয়োজন৷"
সিহঁত চবে মিংমাৰ পিনে চালে৷ মিংমাই
চকু মেলিলে৷
ত্ৰিভুৱনে ক'লে, "মিংমা, তুমি যে আমাক সেই লোৰ দৰজাখনৰ কথা
কৈছিলা, সেইখন ক'ত আছে দেখুৱাই দিব পাৰিবা?"
মিংমাই ক'লে, "অ', পাৰিম৷"
তাৰ পিছতে তাৰ চকুৰে চকুলো নিগৰিব
ধৰিলে৷ সি ফেঁকুৰি ফেঁকুৰি ক'লে, "আপোনালোকে সন্তু চাহাব, আৰু আংকল চাহাবক বচাওঁক৷ মই উঠিব পৰা
নাই৷ মোৰ ভৰি দুখনত আৰু একেবাৰে জোৰ নাই৷ মই আৰু কোনোদিনে খোজ কাঢ়িব
নোৱাৰিম৷"
ত্ৰিভুৱনে ক'লে, "নিশ্চয় পাৰিবা৷ দুই এদিন জিৰণি ল'লে আৰু ঔষধ-পাতি খালেই চব ঠিক হৈ যাব৷
এতিয়া আমি তোমাক কঢ়িয়াই লৈ যাম, তুমি সেই ঠাইখন দেখুৱাই দিবা৷"
দুজন কামাণ্ডোই মিংমাক কান্ধত তুলি ল'লে৷ সিহঁত চবে মিলি ওলাই গ'ল৷ ইমান অসুস্থ অৱস্থাতো মিংমাই ঠাইখন
চিনাত ভুল নকৰিলে৷ যোৱা ৰাতি বৰফ পৰি গোটেইখন প্ৰায় একাকাৰ হৈ পৰিছে৷ পুৱাৰ ৰ'দত কিছু বৰফ গলিবলৈও আৰম্ভ কৰি দিছে৷
মিংমাই দেখুৱাই দিয়া ঠাইডোখৰত কেইজনমান
কামাণ্ডোৱে বৰফ খান্দি পেলোৱাৰ পিছতেই ওলাই পৰিল লোৰ দৰজাখন৷ ফটাফট সেই দৰজাখনৰ
চাৰিওফালে বহুৱাই দিয়া হ'ল চাৰিডাল ডিনামাইট ষ্টিক৷ মিংমাক আঁতৰাই লৈ
যোৱা হ'ল বহুত দূৰলৈ৷ আনবোৰো আঁতৰি গ'ল দূৰলৈ৷ ডিনামাইট চাৰ্জ কৰাৰ পিছত
কিমান দূৰলৈ ছিটিকি যাব পাৰে সেইটো হিচাপ কৰি কামাণ্ডো কেইজনে সকলোকে সেই নিৰাপদ
দূৰত্বলৈ যাবলৈ ক'লে৷ কেবাজনো কামাণ্ডো সাজু হৈ ৰ'ল হাতত মেচিনগান লৈ৷
ৰানা আৰু ত্ৰিভুৱনে ওচৰা ওচৰিকৈ ৰৈ
আছে৷ ডিনামাইট চাৰ্জ কৰাৰ আগতেই সিহঁত কাণত সোপা দিবৰ বাবে সাজু হৈ আছিল৷ ঠিক
তেনেতে সিহঁতে শুনিবলৈ পালে পিছফালে এটা কুকুৰৰ ভৌ ভৌ মাত৷
দুয়োজনেই ভীষণ চক খাই উঠিল৷ এই বৰফৰ
ৰাজ্যত কুকুৰ! পিছলৈ উভতি চাই সিহঁতৰ ভাব হ'ল, তাৰ পৰা কিছু দূৰত এটা কুকুৰে প্ৰাণপণে
চিঞৰিছে৷
ত্ৰিভুৱনে ক'লে, "কুকুৰ যেতিয়া আছে, মানুহো থাকিব লাগিব তাত৷"
সিহঁতৰ কথা শেষ হ’বলৈ পালে কি নাই ডিনামাইটৰ প্ৰচণ্ড
বিস্ফোৰণৰ শব্দত চৌপাশ ৰজনজনাই গ'ল৷
সেইপিনে গুহাৰ ভিতৰত খুৰাদেউৱে যিটো
কোঠাত দৰজা বন্ধ কৰি সোমাই আছিল, তাৰ দৰজাখন হঠাৎ খোল খাই গ'ল৷ কেইন ছিপটনে অক্সি-এচিটিলিন গেছৰ
জুইৰে দৰজাখনৰ এটা অংশ গলাই পেলাইছিল৷ দীঘল নলীৰ পিষ্টল এটা হাতত লৈ প্ৰথমতে সোমাই
আহিল কেইন ছিপটন৷ তাৰ পিছে পিছে অক্সি-এছিটিলিন গেছৰ যন্ত্ৰটো হাতত লৈ এজন
মুখাধাৰী সহচৰ৷
কোঠাৰ চালিখন খোলা দেখি খঙে-ক্ষোভে
একেলগে নানানটা গালি পাৰি উঠিল কেইন ছিপটনে৷ তাৰ মৰমৰ কুকুৰটোৱে বাহিৰত ভুকি আছে৷
সি কৈ উঠিল, "ডেম ইট! দেট ফেল' এস্কেপড৷ এই ধুৰন্ধৰ ৰায়চৌধুৰীটোক
ধৰিবই লাগিব৷ সি যেন কোনোপধ্যেই পলাব নোৱাৰে৷"
তাৰ পিছত সহচৰজনক নিৰ্দেশ দিলে,
"শীঘ্ৰে নাম্বাৰ ফোৰ, নাম্বাৰ চেভেন আৰু নাম্বাৰ নাইনক ইয়ালৈ মাতি
আনা, বাহিৰলৈ যাব লাগিব৷"
সহচৰটো গুছি যোৱাৰ পিছতেই কেইন ছিপটনে
চিঞৰি মাতিলে, "ড’গি, ড’গি, কাম হিয়াৰ৷"
কুকুৰটোৱে কিন্তু ভুকি ভুকি ক্ৰমে
আঁতৰলৈ গুছি গ’ল৷
কেইন ছিপটনৰ দেহৰ গঠন ওখ, লেংলেঙীয়া৷ সি ইচ্ছা কৰিলেই খোলা চালিখনৰ এফালে
জঁপিয়াই ধৰি উঠি যাব পাৰে৷ তাকে কৰিবৰ কাৰণেই সাজু হৈ সি পিষ্টলটো দাঁতেৰে কামুৰি
ধৰিলে, তাৰ পিছত জঁপিয়াবলৈ সাজু হোৱা মাত্ৰকে পিছ ফালৰ পৰা লোৰ দৰে কঠিন দুখন
হাতে চেপি ধৰিলে তাৰ ডিঙি৷
ঘটনাটো ইমানেই আকস্মিক আছিল যে কিবা
বুজি পোৱাৰ আগতেই কেইন ছিপটনৰ উশাহ চুটি হৈ আহিল, মূৰ জোকাৰিও সি নিজকে কোনোপধ্যেই
মোকলাব নোৱাৰিলে৷ মুখখন মেল খাই পিষ্টলটো সৰি পৰিল মজিয়াত ঠকাচ কৈ৷ তাৰ কাণৰ কাষত
শীতল মাতেৰে কোনোবা এজনে ক'লে, "ইয়'ৰ গেম ইজ অভাৰ, কেইন ছিপটন৷"
ৰহস্যময় যন্ত্ৰটোৰ কাষত অন্ধকাৰ দেৱালত
আঁউজি থিয় হৈ আছিল খুৰাদেউ৷ কোঠাৰ চালিখন খুলি গৈছিল যদিও খুৰাদেউৱে জঁপিয়াই উঠিব
নোৱাৰে ওপৰত৷ তেওঁ ঠিক কৰিয়েই থৈছিল, কোঠাত সোমাই কেইন ছিপটনে তেওঁক দেখা মাত্ৰকে
তেওঁ যন্ত্ৰটোৰ ওপৰত জঁপিয়াই পৰিব, একেলগে আটাইবোৰ বুটাম টিপি দিব৷ তাত সকলো ধ্বংস
হৈ গ’লেও যাওঁক৷
কিন্তু চালিখন খোলা দেখি, বিশেষকৈ বাহিৰত কুকুৰৰ মাত শুনি কেইন
ছিপটনে কোঠাৰ ভিতৰখন আৰু ভালকৈ নাচালে৷ অকণমান অসতৰ্কও হৈ পৰিছিল সি৷ সেই সুযোগতে
খুৰাদেউৱে ৰাম চেপা দিলে তাৰ ডিঙিত৷
খুৰাদেউৱে কেইন ছিপটনক দেৱালৰ পিনে
টানি লৈ যাবলৈ ধৰিলে৷ কেইন ছিপটনৰো গাৰ জোৰ কম নহয়৷ তাৰ লগত খুৰাদেউৱে বেছি সময়
যুঁজিব নোৱাৰিব৷ কিবা প্ৰকাৰে এবাৰ মাটিৰ পৰা পিষ্টলটো তুলি ল'ব পাৰিলেই হৈ যায়৷
কেইন ছিপটনৰ উশাহ বন্ধ হৈ আহিছে,
অথচ
সি শৰীৰৰ সকলো শক্তি এঠাইতে পুঞ্জীভূত কৰি এক প্ৰচণ্ড আঁজোৰ মাৰিবলৈ চেষ্টা কৰিলে৷
তাৰ আগতেই প্ৰলয় বা মহাভূমিকম্পৰ দৰে
প্ৰচণ্ড শব্দ কৰি সকলো কঁপি উঠিল, খুৰাদেউ আৰু কেইন ছিপটন দুয়োজনেই ছিটিকি পৰিল
দুফালে৷
কোঠাৰ দেৱাল খহি পৰিবলৈ ধৰিলে, ধোঁৱাত ঢাক খাই গ'ল সকলো৷ এক মুহূৰ্তৰ বাবে খুৰাদেউৰ
এনেকুৱা লাগিল তেওঁ যেন শিলৰ ধ্বংসস্তূপৰ মাজত পোত খাই গৈছে, তাৰ পিছতেই তেওঁ জ্ঞান হেৰুৱাই পেলালে৷
ডিনামইটৰ চাৰ্জত ওপৰৰ লোৰ দৰজাখন উৰি
যোৱাৰ পিছতেই গুহাৰ ভিতৰখন স্পষ্টকৈ দেখিবলৈ পালে কামাণ্ডো কেইজনে৷ প্ৰথমতে সিহঁতে
চাব-মেচিনগানেৰে এজাই গুলী চলালে, তাৰ পিছত ভিতৰত সোমাই পৰিল৷
বিস্ফোৰণৰ শব্দত ভিতৰৰ মুখাধাৰী কেইজন
এক মুহূৰ্তৰ বাবে বিভ্ৰান্ত হৈ পৰিছিল৷ দুই তিনিজন আহত হ'ল শিলৰ টুকুৰাৰ আঘাতত৷ তাৰ পিছতেই
কামাণ্ডো কেইজন আহি পোৱাত আৰম্ভ হৈ গ'ল খণ্ড-যুদ্ধ৷ কিন্তু কামাণ্ডো কেইজনে যেন
ধুমুহাৰ বেগেৰেহে ভিতৰত প্ৰবেশ কৰিবলৈ ধৰিলে, কেইবাজনো মুখাধাৰী আহাত হোৱাৰ পিছত
বাকী বোৰে আত্ম সমৰ্পন কৰিবলৈ ধৰিলে এজন এজনকৈ৷
সন্তুক যি কেইজনে ধৰিবলৈ আহিছিল,
সিহঁত
বহুত তলত আছিল কাৰণে কথাটো প্ৰথমে একোৱেই ধৰিব পৰা নাছিল৷ দুজনে সন্তুক ধৰি থাকিল৷
ৰিভোলভাৰেৰে চাব-মেচিনগানৰ বিৰুদ্ধে যুঁজিব নোৱাৰি বুলি বুজি পাই বাকী কেইজনে
ৰিভলভাৰ দলিয়াই দুহাত দাঙি ধৰা দিলে৷
সন্তুৰ ওচৰত যি দুজন আছিল, তাৰে এজনে সোঁফালৰ পৰা সন্তুৰ কপালত
ৰিভলভাৰ লগাই ৰাখিছে৷ আনজনে ৰিভলভাৰ লগাই ৰাখিল সন্তুৰ পিছফালে৷ তাৰ পিছত পিছফালৰ
মানুহজনে সন্তুক আদেশ দিলে, "নাউ মুভ, ৱাক ষ্ট্ৰেইট এহিড, কিবা চতুৰালি কৰা যেন পালে লগে লগে
গুলীয়াই দিম৷"
সন্তুৱে এখোজ দুখোজকৈ আগুৱাই যাবলৈ
ধৰিলে৷ সৰ্বশেষত সি ধৰা পৰি গ'ল, সেয়ে তাৰ মনটো বেয়া লাগিছে৷ ওপৰত কোনে
গুলীওৱা-গুলী কৰিছে, সি তাকো ঠিক ধৰিব পৰা নাই৷ চিৰিৰ ওচৰ পাওঁতেই সি দেখিলে কামাণ্ডো
কেইজনক৷
এজন মুখাধাৰীয়ে চিঞৰি ক'লে, "ইফ ইউ ট্ৰাই টু হ'ল্ড আছ, উই উইল শ্বুট দিছ বয়৷ আমাৰ ৰাস্তা এৰি
দিয়া, নহ'লে এই ল'ৰাটো আগতে মৰিব৷"
কামাণ্ডো কেইজন থমকি ৰ'ল৷ মুখাধাৰীৰ আদেশত সন্তুৱে উঠিব ধৰিলে
চিৰিৰে৷ এবাৰ সি মূৰ তুলি চাওঁতে দেখিলে ৰানাক৷ এজন চিনাকী মানুহ মিলিটাৰীৰ সৈতে
দেখিয়েই সি চব বুজি পালে৷
ব্ৰিগেডিয়াৰ বীৰেন্দ্ৰৰ কাণে কাণে
ৰানাই যেন কিবা ক'লে৷ বীৰেন্দ্ৰই মূৰ দুপিয়ালে৷ মুখাধাৰী দুজনে সন্তুক লৈ সিহঁতৰ ওচৰলৈ
আহিল৷ এজনে ক'লে, "আমি এই ল'ৰাটোক লগত লৈ বাহিৰলৈ যাম৷ তোমালোকে ধৰিবলৈ চেষ্টা কৰিলেই তাক আৰু
জীৱন্ত অৱস্থাত নাপাবা৷"
ব্ৰিগেডিয়াৰ বীৰেন্দ্ৰই সুধিলে,
"মিঃ ৰায়চৌধুৰী ক'ত?"
সন্তুৱে উত্তৰ দিলে, "খুৰাদেউ চাগে সেই বাওঁফালৰ ৰুমটোত
আছে৷"
ৰানাই শুদ্ধ বঙালীত ক'লে, "সন্তু, ভয় নাখাবা, ঠিক সাত খোজ যোৱাৰ পিছত তুমি মাটিত বহি
দিবা৷"
সন্তুৰ মূৰৰ কাষত আৰু পিছফালে দুটা
ৰিভলভাৰ৷ সি খোজ গণিবলৈ ধৰিলে, এক...দুই...তিনি..চাৰি...
সাতলৈ গণি বহি দিয়াৰ লগে লগেই উফৰি
আহিল এজাই গুলী৷ সন্তুৰ ভাব হ'ল, সি নিজেও থকা-সৰকা হৈ গৈছে গুলীৰ
আঘাতত৷ মাটিত পৰি তিনি পাক মাৰিলে সি৷ তাৰ পিছতেই উঠি থিয় হ'ল, তাৰ একো হোৱা নাই৷ মুখাধাৰী দুজনে
মাটিত বাগৰি চিঞৰ বাখৰ কৰিছে৷
সেইপিনে চোৱাৰ সময় নাই সন্তুৰ৷ সি দৌৰি
গ'ল ৰানাৰ পিনে৷ ৰানা আৰু বীৰেন্দ্ৰ দুয়োজনেই সুধিলে, "তুমি ক'তো দুখ পোৱা নাইতো...."
ৰানাই ক'লে, "সেই বিশ্বাসঘাতক ভাৰ্মা ক'ত? ইয়াতেই আছ নিশ্চয়, তাক বিচাৰি উলিয়াব লাগিব৷"
সন্তু সোমাই গ'ল ওখ বেদীৰ নিচিনা ঠাইখনৰ কাষৰ
কোঠাটোলৈ৷ এইখিনিত ৰৈয়েই কেইন ছিপটনে খুৰাদেউক ভয় দেখুৱাইছিল৷ ৰানা আৰু ব্ৰিগেডিয়াৰ বীৰেন্দ্ৰয়ো সন্তুৰ লগে লগে কোঠাটোলৈ সোমাই গ'ল৷ কোঠাৰ চালিখন খোলা দেখি সিহঁত আচৰিত হ'ল প্ৰথমে৷ তাৰ পিছতে সিহঁতে দেখিলে এটা
বিশাল যন্ত্ৰৰ সন্মুখত অজ্ঞান হৈ পৰি আছে খুৰাদেউ৷ তেওঁৰ গাৰ ওপৰত পৰি আছে দেৱাল
ভাঙি খহি পৰা শিলৰ টুকুৰা৷
সন্তুৱে আঁঠু কাঢ়ি মাতিছিল,
"খুৰাদেউ, খুৰাদেউ৷"
দুই তিনিবাৰ জোকাৰি দিওঁতেই খুৰাদেউৱে
চকু মেলি চালে৷ তাৰ পিছতেই উঠি বহি সুধিলে "সি ক'ত গ'ল? কেইন ছিপটন?"
ৰানাই সুধিলে, "কোন তেওঁ?"
খুৰাদেউৱে ক'লে, "সিয়েইতো মেইন বদমাচৰ হাৰ্ডি৷ ইয়াতেই
আছিল, তাক কাবু কৰিছিলোৱেই প্ৰায়.. তাৰ পিছত... কুকুৰটোৱেও আৰু ভুকা
নাই...সি নিশ্চয় এইপিনেৰে পলাই গৈছে.."
ব্ৰিগেডিয়াৰ বীৰেন্দ্ৰই দুজন কামাণ্ডোক
কোঠাটোৰ ভিতৰলৈ মাতি আনিলে৷ সিহঁতে ফটাফট জঁপিয়াই উঠি গ'ল ওপৰলৈ৷ ওপৰৰ পৰা জনালে যে তাত এজন
মানুহৰ ভৰিৰ খোজ পোৱা গৈছে বৰফৰ ওপৰত৷
ব্ৰিগেডিয়াৰ বীৰেন্দ্ৰই ক'লে, "তেনেহ'লেতো তাক ধৰিবই লাগিব৷ কোনোপধ্যেই পলাব
দিব নোৱাৰি৷ আৰ ইউ অল ৰাইট মিঃ ৰায়চৌধুৰী? কেইন ছিপটনক ধৰিবলৈ আপুনি যাব পাৰিব নে
আমাৰ লগত?"
এটা দীৰ্ঘ নিশ্বাস পেলাই তেওঁ ক'লে, "নাই, মই আৰু নাযাওঁ, বহুত হ'ল৷"
ৰানাই ক'লে, "আমিও ওপৰত এটা কুকুৰৰ মাত শুনিছিলো,
পিছে
সেইপিনে আৰু মন দিব নোৱাৰিলো.. অৱশ্যে ইয়াতনো সি অকলে অকলে ক'ত পলাব? ধৰাতো পৰিবই৷"
খুৰাদেউৱে ক'লে, "ধৰা পৰক বা নপৰক, সেই বিলাক এতিয়া আপোনালোকৰ দায়িত্ব৷ মই
বিচাৰিছিলো সিহঁতৰ এই গোপন আৱাসটো বিচাৰি উলিয়াবলৈ৷ সেইটো যে উলিয়াব পাৰিলো৷ সেয়াই
যথেষ্ট৷"
ইমান সময়ৰ পিছতহে যেন সন্তক তেওঁ
দেখিবলৈ পালে৷ সন্তুৰ হাতত ধৰি উঠি তেওঁ ক'লে, "তই ঠিকে আছতো? ক'ত একো দুখ-চুখ পোৱা নাই নহয়? বাঃ! তোৰ এতিয়াও এটা কাম বাকী আছে৷
বিচাৰি চাচোন, মোৰ পেংযোৰ ক'ত আছে? ইয়াতেই ক'ৰবাত আছে চাগে৷"
ৰানাই ক'লে, "আপোনালোকৰ সেই ভাৰ্মা বোলা মানুহজনে কি
কৰিছে গম পায়নে? জানিছিলেনে তেওঁ যে ইহঁতৰ দলৰেই মানুহ?"
খুৰাদেউৱে হাত দাঙি ক'লে, "থাকক, সেইবোৰ কথা পিছত শুনিম৷ ইয়াত কিবা
উপায়েৰে একাপ চাহ খুৱাব পাৰিব নেকি? এনেকুৱা লাগিছে বহুদিন চাহেই খোৱা নাই, ইহঁতৰ ইয়াত চাহ কৰাৰ ব্যৱস্থা আছে নে
নাই জানে নে?"
ৰানাৰ মুখত হাঁহি বিৰিঙি উঠিল৷ তেওঁ ক'লে, "আপুনি কি কয় মিঃ ৰায়চৌধুৰী, ইমান গুলীয়া-গুলী, মৰা-মৰিৰ মাজত মই
চাহৰ খবৰ ৰাখিম?"
খুৰাদেউৰ যেন এতিয়া আৰু অন্য কোনো
বিষয়তে আগ্ৰহ নাই৷ তেওঁ পুনৰ ক'লে, "এতিয়া একাপ চাহৰ বাবে মনটোৱে বৰ উচপিচাই
আছে৷ ওপৰত আমাৰ গম্বুজত ভাল চাহ পাত আছে৷ ব'লক, তালৈ গৈ মই চাহ বনাই খুৱাম৷ তাৰ পিছত
মই কেই ঘন্টামান ভালকৈ শুই ল’ব লাগিব৷ যথেষ্ট পৰিশ্ৰম হৈছে, এতিয়া অলপ শুৱা দৰকাৰ৷ জানেনে, মিঃ ৰানা, টোপনিতকৈ ভাল বস্তু একো নাই৷ মইতো
এলেহুৱা ধৰণৰ মানুহ, শুবলৈ বৰ ভাল পাওঁ৷"
ৰানাই এইবাৰ ডাঙৰকৈ হাঁহি উঠি ক'লে, "যেনেকৈ কৈছে৷ আপুনি এলেহুৱাই হয়,
খোৰা
ভৰিৰে হিমালয়ৰ ইমান ওপৰলৈ আহি আপুনি এটা ৰেকৰ্ডেই বনাই পেলালে৷"
খুৰাদেউৱে ক'লে, "পঙ্গুৱেও গিৰি লংঘন কৰে, এনেকুৱা এষাৰ কথা আছে জানেনে?"
ব্ৰিগেডিয়াৰ বীৰেন্দ্ৰই তেওঁৰ
কামাণ্ডো কেইজনক নানা ধৰণৰ নিৰ্দেশ দি উভতি আহিল৷ কেবাজনেও ইয়াৰ মাজতেই গুছি গৈছে কেইন
ছিপটনৰ সন্ধানত৷ তেওঁ খুৰাদেউক সুধিলে, "ইয়াত মুঠ কেইজন আছিল, আপুনি ক'ব পাৰিব নেকি? ওলোৱা সোমোৱা ৰাস্তা ক'ত? ইহঁতে আপোনাক টৰ্চাৰ কৰিছে নেকি?"
খুৰাদেউৱে ক'লে, "এতিয়া নহয়, এতিয়া সেইবোৰ কথা পাতিবলৈ মন নাই৷ ক'লো নহয়, মোৰ চাহ খাবলৈ মন গৈছে, আৰু টোপনি ধৰিছে৷"
তেনেতে সন্তুৱে পেং এপাত বিচাৰি আনি
দিয়াত তেওঁ অতি আনন্দিত হৈ কৈ উঠিল, "বাঃ, আৰু কি লাগে? সুন্দৰ! ব'লক, মিঃ ৰানা৷ এইবাৰ ওপৰলৈ গৈ পৃথিৱীখন
ভালকৈ চাও, অলপ মুকলি বতাহ খাওঁ, ব'ল অ' সন্তু৷ তই কিন্তু এইবাৰ সাংঘাতিক কাম
কৰি দেখুৱালি৷"
খুৰাদেউৱে মৰমেৰে এখন হাতেৰে সন্তুৰ
চুলিখিনি খেলি মেলি কৰি দিলে৷
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ উপন্যাসসমূহলৈ