Apr 7, 2014

য়েটি অভিযান - চতুৰ্বিংশ অধ্যায়

ৰাজীৱ ফুকন
Yeti Obhijan By Rajiv Phukan

মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

চতুৰ্বিংশ অধ্যায়

দৌৰি দৌৰি গৈ থাকোতে সন্তুৱে মন কৰিলে, সুৰঙ্গটো একা বেঁকাকৈ কিমান দূৰ গৈছে, তাৰ কোনো ঠিক নাই৷ মাজে মাজে পোহৰ, মাজে মাজে আন্ধাৰ৷ একো একোবাৰ সি পিছলৈ উভতি চাইছে, কোনোবাই তাক খেদি আহিছে নেকি জানিবলৈ৷ কাকো নেদেখিলে৷
 
সুৰঙ্গৰ কাষে কাষে দুই এটা সৰু সৰু কোঠা৷ এটা কোঠাত সোমাই পৰিল সি৷ কোঠাটোৰ ভিতৰখন অন্ধকাৰ৷ চকু দুটা সামান্য অভ্যস্ত হৈ পৰাত ভিতৰখনত চকু ফুৰাই সি শিয়ৰি উঠিল৷ অজানিতেই তাৰ মুখেৰে এটা মৃদু আৰ্তনাদ ওলাই আহিল৷
 
দেৱালত আঁউজি গাতে গা লগাই থিয় হৈ আছে চাৰিটা য়েটি৷ সাধাৰণ মানুহতকৈ প্ৰায় ডেৰ গুণ ওখ৷ যেন দেৱালত আঁউজি জিৰণি লৈছে সিহঁতে৷ সন্তুৱে ভয় খাব নিবিচাৰিলেও ধক ধক কৰিবলৈ ধৰিলে তাৰ বুকুখন৷ সি এখোজ দুখোজকৈ পিছুৱাই আহিবলৈ ধৰিলে৷ কিন্তু তেনেতেই উজটি খাই পৰি গ'ল সি৷
 
য়েটি কেইটাই পিছে তাক খেদি নাহিল, তাক হাত মেলি ধৰাৰো চেষ্টা নকৰিলে৷ সিহঁত থিয় হৈ থাকিল নিৰৱে৷
 
পৰিয়েই সন্তুৱে চুঁচৰি বাগৰি ওলাই আহিল কোঠাটোৰ পৰা৷ তেনেতে সি খোজৰ শব্দ শুনিবলৈ পালে, একেবাৰে ওচৰতে, সুৰঙ্গৰ এটা ভাঁজত৷ সন্তুক যিয়ে ধৰিবলৈ চেষ্টা কৰিছে, নিশ্চয় সিহঁত৷ পলোৱাৰ সময় নাই, এতিয়াই পায়হি৷
 
এক মুহূৰ্তৰ ভিতৰতে দুই-তিনিটা চিন্তা খেলি গ'ল তাৰ মনত৷ সি নিজক বচাব লাগিব... নিজক বচাবলৈ হ'লে এই কোঠাটোৰ ভিতৰতে সি পুনৰ সোমাব লাগিব...  দেৱালত আঁউজি থকা কেইটা য়েটি নহয়৷ লগে লগে সি দৌৰি গৈ কোঠাটোৰ ভিতৰত সোমায়েই এটা য়েটিৰ আঁৰত লুকাই পৰিল৷
 
অলপ পিছতেই কোঠাটোৰ দুৱাৰদলিত আহি ৰ'ল তিনিজন মানুহ৷ সিহঁতৰ মুখত হালধীয়া মুখা, এখন হাতত টৰ্চ, আনখন হাতত ৰিভলভাৰ৷ টৰ্চৰ পোহৰ পেলাই সিহঁতে চাবলৈ ধৰিলে কোঠাটোৰ ভিতৰখন৷ এজন সোমায়ো আহিল ভিতৰলৈ৷
 
বাহিৰত ৰৈ থকা এজনে ক'লে, "'ৰাটো গ'ল ক'? এইপিনেই আহিছিল৷"
 
ভিতৰৰ মানুহজনে ক'লে, "শব্দ শুনিছিলো, এইটো কোঠাতে সোমোৱা যেন লাগিছিল৷"
 
আন এজনে ক'লে, "নাই, মোৰ বোধেৰে সি ওপৰলৈ গৈছে৷"
 
ভিতৰৰ মানুহজনে ক'লে, "ইয়াত চোন নাই৷"
 
বাহিৰৰ এজনে ক'লে, "এবাৰ ওপৰলৈ যোৱা উচিত৷ ওপৰতো বহুত কিবা-কিবি শব্দ হৈ আছে কিন্তু..."
 
মানুহ কেইজনে জোতাৰে দপদপাই গুছি গ'ল কোঠাটোৰ পৰা ওলাই৷
 
এই গোটেই সময়ছোৱা সন্তুৱে উশাহ বন্ধ কৰি ৰৈ আছিল৷ তাৰ ভয় হৈছিল, সিহঁতে তাৰ ভৰি দুখন দেখি পেলাব বুলি৷ মানুহ কেইজন যোৱাৰ পিছতেই তাৰ শৰীৰটো যেন অৱশ হৈ পৰিল, সি ধাঁচকৈ বাগৰি পৰিল মাটিত৷
 
কোঠাটোৰ মজিয়াত খেৰ পাৰি থোৱা আছিল৷ য়েটিৰ পোছাকবোৰতো খেৰ ভৰোৱা হয়, পোছাকবোৰ যাতে সোত-মোছ খাই নাযায়, তাৰ কাৰণেই খেৰ ভৰাই থিয়কৈ সজাই ৰখা হৈছে৷ সন্তুৱে অকণমান সুস্থ হৈ উঠাৰ পিছত, পোছাকবোৰত হাত বুলাই চালে৷ প্ৰথম দেখাৰ লগে লগে সি ইমানেই ভয় খাই গৈছিল যে ভালকৈ চোৱাই নাছিল, নহ'লে চকুলৈ চোৱাৰ লগে লগেই গম পাই গলহেঁতেন সেইকেইটা যে য়েটি নহয়৷ সিহঁতৰ চকুৰ স্থানত একো নাই, কেৱল দুটা ফুটা৷
 
সন্তুৱে এবাৰ ভাবিলে, সি এই পোছাক এযোৰৰ ভিতৰত সোমাই য়েটি হৈ থাকিব৷ তেনেহ'লে সিহঁতে আৰু তাক কোনোপধ্যেই বিচাৰি উলিয়াব নোৱাৰিব৷ কিন্তু পোছাক কেইযোৰৰ তুলনাত তাৰ দেহটো বহুত সৰু৷ তাৰোপৰি.... সন্তুৰ আৰু এটা কথা মনত পৰিল, ওপৰত ইমান পৰে কি হৈ আছে, কোনে জানে, খুৰাদেউৱেতো আৰু তাৰ দৰে পলাই যাব নোৱাৰে৷ খুৰাদেউক সিহঁতে ইতিমধ্যে মাৰি পেলোৱা নাইতো? যিয়েই নহওঁক কিয়, সি এবাৰ ওপৰলৈ যোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব৷
 
কোঠাটোৰ পৰা অতি সাৱধানে ওলাই গ'ল সি৷ দুয়োফালে উকি মাৰি চালে, কোনো নাই৷ মানুহ কেইজন তেনেহ'লে ওপৰলৈকেই উঠি গৈছে৷ সুৰঙ্গটোৰে হাতত সাৰে ভৰিত সাৰে কিছুদূৰ গৈয়েই সি বুজি উঠিল, সি পথ হেৰুৱাইছে৷ সুৰঙ্গটোৰ দুয়োফালে মাজে মাজে এটা-দুটা শাখা-প্ৰশাখা সোমাই গৈছে৷ পলাই আহোঁতে সি কেতিয়া কোনটোৰে সোমাইছিল, এতিয়া আৰু সেইবোৰ জনাৰ উপায় নাই৷
 
পুনৰ আন এটা কোঠা চকুত পৰিল তাৰ৷ সেই কোঠাটোত দৰজা নাই৷ ভিতৰত এটা অদ্ভুত ধৰণৰ শব্দ হৈ আছে৷ উকি মাৰি চালে সন্তুৱে৷ কোঠাটোৰ ভিতৰত এটা পিজঁৰাত কেইবাটাও জীৱন্ত কুকুৰা, তাৰোপৰি ওচৰা ওচৰিকৈ দুটা ৰেফ্ৰিজেৰেটৰ, মজিয়াৰ এচুকত আলু আৰু পিয়াজৰ দম৷ এইটো ইহঁতৰ ভৰাল ঘৰ৷ সন্তুৰ মনত পৰিল, ওপৰত গম্বুজৰ বাহিৰত যে সি কুকুৰাৰ পাখি আৰু তেজ দেখিছিল৷ ইহঁতেই তাত কুকুৰা মাৰি সিহঁতক ভয় খুৱাব খুজিছিল৷
 
তাত বেছি সময় নৰ'ল সি, সি ওপৰলৈ যাবই লাগিব৷ পুনৰ সি সুৰঙ্গ পথেৰে আগুৱাবলৈ ধৰিলে৷ যিপিনে পোহৰ দেখিছে, সেইপিনেই গৈছে, তাৰ বাদে পথ চিনিবলৈ আৰু বেলেগ উপায় নাই৷
 
আন এটা কোঠাৰ ওচৰ পাই ৰৈ যাবলগীয়া হ'ল সন্তু৷ সেই কোঠাটোৰ ভিতৰৰ পৰা মানুহৰ মাত ভাহি আহিছিল৷ লগতে দীঘল দীঘলকৈ উশাহ লোৱাৰ শব্দ৷
 
এইটো কোঠাতো কোনো দৰজা নাই৷ আগুৱাই যাবলৈ হ'লে এই কোঠাটোৰ সন্মুখেৰেই যাব লাগিব৷ ভিতৰৰ মানুহ কেইজনে যদি তাক দেখি পেলায়৷ সন্তুৱে পিছলৈ ঘূৰি চালে, আকৌ উভতি যাব লাগিব? কিন্তু সন্মুখৰ পিনেহে পোহৰ বেছি, খুব সম্ভৱ সেইপিনেহে ওপৰলৈ উঠি যোৱা চিৰিটো আছে৷
 
দেৱালত আঁউজি উশাহ বন্ধ কৰি শব্দটো শুনাত লাগিল সন্তুৱে৷ কিবা যেন "কুঁ-কুঁ-কুঁ" শব্দ এটা হৈ আছে, তাৰ পিছতেই দীৰ্ঘ নিশ্বাস পেলোৱাৰ নিচিনা শব্দ৷ বোধ হয় কোনোবা অসুস্থ মানুহ৷ এইটো কি সিহঁতৰ চিকিৎসালয় নেকি? তেনেহ'লে ভয়ৰ কোনো কাৰণ নাই, অসুস্থ মানুহে তাক খেদি গৈ ধৰিব নোৱাৰিব৷
 
মৰ-সাহ কৰি ভিতৰলৈ উকি মাৰি চালে সি৷ পুনৰ বুকুখন কঁপি উঠিল তাৰ৷ তাত কোন বহি আছে, মানুহ নে ভূত? অকল জাঙিয়া পিন্ধা দুজন মানুহ দেৱালত আঁউজি বহি আছে, দেখিলে ভাব হয় মানুহ নহয় যেন কংকালহে৷ সিহঁতে নিশ্বাস পেলাইছে, আৰু "কুঁ কুঁ" শব্দ কৰিছে কাৰণেহে বুজা গৈছে যে জীয়াই আছে৷
 
মানুহ দুজনৰ চকুৰ দৃষ্টি স্থিৰ৷ সিহঁতে চাই আছে তাৰ পিনে৷ এজনক দেখিলে ভাব হয়, চীন দেশৰ, আনজন ক'ৰ সেয়া জনাৰ উপায় নাই, তেওঁৰ মুখত দীঘল দাড়ি৷
 
সি দৰজাৰ কাষত ৰৈ সুধিলে, "হু আৰ ইউ?"
 
মানুহ দুজনে কোনো উত্তৰ নিদিলে, একে ধৰণে চাই থাকিল৷
 
সিহঁতক দেখি ভীষণ কষ্ট পালে সন্তুৱে৷ সিহঁত যেন সাংঘাতিক অসহায়, বুকুৰ ভিতৰত প্ৰাণটো কেৱল ধিমিক-ধামাক কৰি আছে৷ সিহঁত নিশ্চয় এই চোৰাংচোৱা দলটোৰ মানুহৰ নহয়৷ এনেধৰণৰে এজন চীন দেশীয় মানুহৰ মৃতদেহ দেখিছিল সি গম্বুজৰ বাহিৰত৷
 
এখোজ আগুৱাই গৈ সি আকৌ সুধিলে, "কোন? আপোনালোক কোন? আপোনালোকৰ কি হৈছে?"
 
মানুহ দুজনৰ কথা কোৱাৰ ক্ষমতা নাই৷ এই মানুহ দুজনকো খাবলৈ নিদি লাহে লাহে মৰিবলৈ এৰি দিছে৷ জীৱটো একেবাৰে উৰি গ'লে, মৃতদেহটো নি বৰফৰ ওপৰত পেলাই থৈ আহিব৷ তেতিয়া কোনোবাই সিহঁতক বিচাৰি পালেও ভাবিব, বৰফৰ ৰাজ্যত পথ হেৰুৱাই খাদ্যৰ অভাৱত মৰিছে বুলি৷
 
কিন্তু সন্তুৱে এইবোৰ কথা নাজানে৷ সি তেওঁলোকক একো সহায় কৰিব পৰা নাই৷ ইয়াত দেৰি কৰি থাকিলেও নহ', সি ওপৰলৈ যাবই লাগিব খুৰাদেউৰ ওচৰলৈ৷
 
সি ওলাই আহিল কোঠাটোৰ পৰা৷ মানুহ দুজনে যেন আৰু জোৰে জোৰে নিশ্বাস পেলাবলৈ ধৰিলে৷ বেছ কিছু দূৰ আগুৱাই গৈও সিহঁতৰ শ্বাস প্ৰশ্বাসৰ শব্দ শুনিবলৈ পালে সি৷ সি দুহাতেৰে কাণ দুখন হেঁচি ধৰিলে৷
 
ক্ৰমে সুৰঙ্গৰ মুখৰ পিনে পোহৰ বেছি হৈ আহিছে, মানুহৰ কণ্ঠস্বৰো শুনিবলৈ পোৱা গৈছে৷ কাণৰ পৰা হাত গুচাই সি ভালকৈ শুনাৰ চেষ্টা কৰিলে৷ ঠিক ধৰিব পৰা নাই৷ কোনোবাই যেন কাৰোবাক ধমকি দিছে৷ সেই শব্দটো আহিছে ওপৰৰ ফালৰ পৰা৷ লোৰ চিৰিটো তেনেহ'লে সেইপিনেই হ'ব৷
 
অকলে অকলে ইমানবোৰ শত্ৰুৰ মাজত উপস্থিত হৈ সি কি কৰিব, সেয়া সি নাজানে৷ কিন্তু খুৰাদেউ তাত আছে, সিতো যাবই লাগিব৷ এখোজ দুখোজকৈ সি আগুৱাই যাবলৈ ধৰিলে৷ এইবাৰ কিছু দূৰৈত দেখা গ'ল নীলা ৰঙৰ পোহৰ৷ ইয়াতেই কাঁচৰ বাকচটোৰ ভিতৰত গোলাকাৰ যন্ত্ৰটো আছে, সি সঠিক পথেৰেই আহিছে৷ ক্ৰমেই ওপৰৰ মাত কথাবোৰ শুনিবলৈ পোৱা গ'ল স্পষ্টকৈ৷
 
কোনোবা এজনে কৈছে, "ওপেন ডা ড'ৰ... তোমাৰ ভতিজাটো ইয়াতেই আছে৷ দৰজা নুখুলিলে তাক মাৰি পেলাম৷"
 
সন্তুৱে বুজি পালে, ভতিজা মানে তাৰ কথাই কোৱা হৈছে৷ খুৰাদেউ তাৰমানে এতিয়াও জীয়াই আছে৷ সিহঁতে খুৰাদেউক মিছাকৈয়ে কৈছে, সি ধৰা পৰা বুলি৷ এতিয়া জানো সি ওপৰলৈ যোৱাতো উচিত হ'? তাক ধৰিব পাৰিলেচোন সিহঁতৰ সুবিধাহে হ'ব৷ খুৰাদেউক ভয় দেখুৱাই দৰজা খোলাব পাৰিব৷ সি এতিয়া লুকাই থকাই ভাল৷

আৰু অকণমান আগুৱাই গৈ সন্তুৱে ভালদৰে শুনাৰ চেষ্টা কৰিলে৷ খুৰাদেউৰ মাত সি শুনা নাই৷ কেইন ছিপটনে অকলেই চিঞৰি চিঞৰি কিবা কিবি কৈ আছে, তাৰ মাজতে এটা যন্ত্ৰত হাত নলগাবলৈ বাৰে বাৰে সকীয়াই দি আছে খুৰাদেউক৷ যন্ত্ৰটো ক'ত আছে?
 
সন্তু অকণমান অন্যমনস্ক হৈ পৰিছিল, সেইখিনি সময়তে লোৰ চিৰিৰে চাৰিজন মুখাধাৰী পুনৰ নামি আহিল৷ সন্তুৱে উভতি পলাবলৈ পোৱাৰ আগতেই সিহঁতৰ টৰ্চৰ পোহৰ আহি পৰিল তাৰ গাত৷
 
লগে লগে সুন্তু শুই পৰিল মাটিত৷ সিহঁতৰ হাতত ৰিভলভাৰ আছে, সিহঁতে দেখা মাত্ৰকে গুলীয়াই দিব৷ সন্তুৱে এটা কথা শিকিছিল যে মাটিত পৰি দিলে গাত গুলী নালাগে সহজতে৷
 
মানুহ কেইজনে বেগাই আহিব ধৰিলে তাৰ পিনে৷ তাৰ মাজৰ এজনে আদেশ দি উঠিল, "'ন্ট শ্বুট৷ গেট হিম এলাইভ৷"
 
কথাষাৰ শুনা মত্ৰকেই সন্তুৱে উঠি দৌৰ দিলে৷ গুলী নকৰি সিহঁতে তাক জীৱন্তে ধৰিব৷ আহকচোন কেনেকৈ ধৰে চাওঁ৷
 
মানুহ কেইজনে টৰ্চৰ পোহৰ পেলাই ৰাখিছিল সন্তুৰ ওপৰত৷ সন্তুক লাগে এডোখৰ অন্ধকাৰ ঠাই৷ সোঁফালে আন এটা শাখা সুৰঙ্গ দেখি সি সোমাই গ'ল সেই পিনে৷ সেইপিনে অন্ধকাৰ৷ এইটো যদি বন্ধ গলি হয়, তেনেহ'লে আৰু তাৰ নিস্তাৰ নাই৷ অথচ সি ৰিক্স ল'বই লাগিব৷
 
অকণমান গৈছে কি নাই সন্তুৰ মুখত আহি পৰিল টৰ্চৰ পোহৰ৷ সন্মুখৰ পৰা দুই তিনিজন দৌৰি আহিছে৷ ইমান কম সময়ৰ ভিতৰতে মানুহ কেইজন এইফালে আহিল কেনেকৈ৷ পিছলৈ ঘূৰি উল্টা ফালে দৌৰি গৈয়েই সন্তুৱে দেখিলে সুৰঙ্গৰ মুখত টৰ্চ লৈ ৰৈ আছে আৰু দুজন৷
 
ফান্দত পৰা এন্দুৰৰ দৰে সন্তুৱে এবাৰ এইপিনে এবাৰ সেইপিনে দৌৰা দৌৰি কৰিবলৈ ধৰিলে৷ সি কোনোপধ্যেই ধৰা দিব বিচৰা নাই, কোনোপধ্যেই৷ অথচ আন কোনে উপায় নাই, পলাবলৈ ৰাস্তা নাই৷ এই সুৰঙ্গটোৰ কাষত কোনো কোঠাও নাই৷ দুয়ো ফালৰ পৰা আগুৱাই আহিছে দুদল মুখাধাৰী৷ সন্তুৱে চিঞৰি উঠিল, "নাই, মোক ধৰিব নোৱাৰা৷ কোনোপধ্যেই নোৱাৰা৷"
 
আৰু তেতিয়াই ওপৰত বিৰাট ডাঙৰ শব্দ এটা হ'ল৷ ইমান ডাঙৰ শব্দ যে কাণ তাল মাৰি ধৰিলে৷ এটা প্ৰচণ্ড বিস্ফোৰণত যেন সকলো হৰহৰাই ভাঙি পাৰিব৷ সুৰঙ্গটোৰ দেৱালৰ পৰাও দুই চাৰি টুকুৰা পাথৰ ছিটিকি গ'ল চাৰিও ফালে৷


পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ