Apr 6, 2014

য়েটি অভিযান - ত্ৰয়োবিংশ অধ্যায়

ৰাজীৱ ফুকন
Yeti Obhijan By Rajiv Phukan

মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

ত্ৰয়োবিংশ অধ্যায়

লাইটটো জ্বলি উঠাৰ লগে লগেই খুৰাদেউৱে কোঠাৰ ভিতৰখন স্পষ্টকৈ দেখিবলৈ পালে৷ তেতিয়াও কুকুৰটোৰ মুখখন সোপা মাৰি ধৰি আছিল তেওঁ৷ কুকুৰটোক লৈ বৰ সমস্যা, এৰি দিলেই কামুৰিবলৈ খেদি আহে৷ নানা ধৰণে মৰম কৰিও তাক শান্ত কৰিব পৰা নাই, যেনে তেনে সি ওলাই যোৱাৰ চেষ্টাত আছে৷
 
কোঠাটোৰ এফাল জুৰি আছে এটা প্ৰকাণ্ড যন্ত্ৰ৷ তাৰ ঠিক সোঁমাজতে সেই লাইটটো জ্বলি আছে৷ যন্ত্ৰটো দেখিলেই ভয়ৰ ভাব এটা জাগি উঠে, ভাব হয় সেইটো যেন এটা এক-চকুৱা দানৱ৷ কেইটামান পেকিং বক্স সিচৰিত হৈ পৰি আছে ইফালে সিফালে, খুৰাদেউৱে এটা দুটা বাকচ খুলি চালে, ভিতৰত নানা ধৰণৰ যন্ত্ৰ-পাতিৰ পাৰ্টছ৷
 
ৰঙা-চকুৱা যন্ত্ৰটোৰ পিনে খুৰাদেউৱে চাই ৰ'ল কিছু ক্ষণ৷ যন্ত্ৰপাতিৰ বিষয়ে বেছি জ্ঞান নাই তেওঁৰ, সেইটো কিহৰ যন্ত্ৰ তেওঁ ধৰিব নোৱাৰিলে৷ এবাৰ ভাবিলে, কম্পিউটাৰ নেকি? হিমালয়ৰ নিচিনা এই দুৰ্গম ঠাইত মাটিৰ তলত ঘৰ বনাই কেনেকৈ ইমান ডাঙৰ যন্ত্ৰ এটা বহুৱালে ইহঁতে, সেই কথা ভাবি তেওঁ আচৰিত হ'ল৷
 
এখোজ দুখোজকৈ তেওঁ যন্ত্ৰটোৰ পিনে আগুৱাই গ'ল৷ তেওঁ ভাবিলে, এই যন্ত্ৰটোত হাত দিলে যে কিবা বিপদ হ', সেইটো সম্ভৱ নহয় চাগে৷ কাৰণ কুকুৰটো ইমান পৰ এই ৰুমটোৰ ভিতৰতে আছিল, সিতো নিশ্চয় এই যন্ত্ৰটো চুইছে এবাৰ দুবাৰ, তাৰতো একো হোৱা নাই৷
 
খুৰাদেউ যন্ত্ৰটোৰ একেবাৰে কাষলৈ আগুৱাই যোৱাৰ লগে লগেই পিছফালে ধাম-ধাম শব্দ হ'ল দৰজাত৷
 
তেওঁ উভতি চালে, দৰজাখন লোৰ, আৰু খুব মজবুত৷ খিলি লগাই থৈছে তেওঁ, বাহিৰৰ পৰা খোলাৰ সাধ্য নাই৷ সদ্যহতে এই কোঠাটোৰ ভিতৰতেই তেওঁ নিৰাপদ৷
 
বাহিৰৰ পৰা কেইন ছিপটনৰ মাত শুনা গ', "মিঃ ৰায়চৌধুৰী, 'ন্ট বিহেভ লাইক এ ফুল৷ দৰজা খোলা৷"
 
খুৰাদেউৱে ক'লে, "নাই, মই দুঃখিত, দৰজাখন খুলিব নোৱাৰিম৷"
 
কেইন ছিপটনে ক'লে, "সোনকাল খোলা৷"
 
খুৰাদেউৱে ক'লে, "মই অলপ ব্যস্ত আছো৷ প্লীজ আমনি নকৰিবা৷"
 
কেইন ছিপটনে ক'লে, "এতিয়াই খুলি দিয়া, নহ'লে ব্লাষ্ট কৰি ভাঙি পেলাম দৰজাখন৷"
 
খুৰাদেউৱে ক'লে, "তোমালোকৰ দৰজা তোমালোকে ভাঙিব খুজিছা, তাতনো মই আৰু কি ক'ম! মন গৈছে ভাঙা৷"
 
খুৰাদেউ যন্ত্ৰটোৰ সন্মুখত গৈ বহিল৷ বিভিন্ন ৰঙৰ অজস্ৰ বুটাম যন্ত্ৰটোৰ গাত শাৰী শাৰীকৈ সজোৱা আছে৷ খুৰাদেউৱে সাহস কৰি এটা বুটাম টিপিলে৷
 
লগে লগে যন্ত্ৰটোৰ পৰা খুব ডাঙৰ ডাঙৰকৈ শব্দ হ'বলৈ ধৰিলে, "টু টু নাইন৷ কে ৱাই চেভেন চেভেন৷ আলফা ওমেগা.."
 
শব্দটো ইমান হঠাতে আৰু ইমান ডাঙৰকৈ হৈছিল যে উচপ খাই দুখোজ পিছুৱাই আহিল তেওঁ৷ যন্ত্ৰয়তো কথা ক'ব নোৱাৰে, নিশ্চয় সেয়া ৰেকৰ্ড কৰি থোৱা আছে৷ এইবিলাক কিবা সাংকেতিক সূত্ৰ৷
 
কেইন ছিপটনে ক'লে, "সাৱধান সেই যন্ত্ৰটোত আৰু হাত নলগাবা, মৰি থাকিবা তুমি৷ দৰজা খোলা সোনকাল, তোমাৰ ভতিজাটো সম্পৰ্কে দৰকাৰী কথা আছে৷"
 
এই দুয়োটাই যে ঠগিবলৈ কোৱা কথা, সেয়া বুজিবলৈ খুৰাদেউৰ অকণো দেৰি নালাগিল৷ তেওঁ হাঁহিলে৷
 
কেইন ছিপটনক তেওঁ ক'লে, "তাতকৈও দৰকাৰী কামত মই ব্যস্ত আছো৷ সেইবিলাক পিছত পাতিম৷"
 
খুৰাদেউৱে আৰু এটা বুটাম টিপাৰ লগে লগেই ফটককৈ যন্ত্ৰটোৰ ওপৰৰ ঢাকনি এখন খোল খাই গ'ল৷ ভিতৰত কাচেৰে ঢাকি ৰখা কেবাটাও ঘড়ীৰ দৰে বস্তু৷ তাত ঝিক-ঝিক ঝিক-ঝিক শব্দ হৈ আছে৷ খুৰাদেউৱে হাত নলগালে সেইবোৰত৷ তেওঁ আন এটা বুটাম টিপিলে, তেতিয়া যন্ত্ৰটোৰ পৰা বিপ-বিপ বিপ-বিপ শব্দ হ'বলৈ ধৰিলে৷

দৰজাৰ বাহিৰত কেইন ছিপটনে পাগলৰ দৰে চিঞৰ বাখৰ কৰিছে৷ খুৰাদেউৱে তাৰ কথাৰ আৰু একো উত্তৰ নিদিলে৷ কেইন ছিপটন কিয় ইমান উত্তেজিত হৈ পৰিছে, সেই কথা খুৰাদেউৱে বুজি পাইছে৷ এই যন্ত্ৰটোৰে বাহিৰলৈ খবৰ পঠায়৷ খুৰাদেউৱে নানা ধৰণৰ বুটাম একেলগে টিপি দিলে যন্ত্ৰটোৱে নানাধৰণৰ উল্টা পাল্টা খবৰ একেলগে পঠাবলৈ আৰম্ভ কৰিব৷ তাৰ ফলত, যি দেশলৈ এই খবৰবোৰ যাবগৈ, সিহঁতে বুজি পাব যে ইয়াত কিবা গণ্ডগোল হৈছে৷ কেইন ছিপটনে তেনেকুৱা হোৱাটো বিচৰা নাই৷
 
কেইন ছিপটনে ক'লে, "ৰায়চৌধুৰী, শুনা৷ তোমাক এটা সুযোগ দিছো৷ তুমি যদি ভালে ভালে দৰজা খুলি ওলাই আহা, মই তোমাৰ একো অনিষ্ট নকৰো৷ তোমাক মুকলি কৰি দিম৷"
 
খুৰাদেউৱে ক'লে, "হয় নেকি, হঠাৎ ইমান উদাৰ হ'লা যে?"
 
"যন্ত্ৰটোত হাত নলগাবা৷ তুমি নাজানা, তাৰ এটা বুটাম টিপিলে গোটেই ঠাইখন উৰি যাব৷"
 
"মোক ঠগিব খুজিছা?"
 
"মই সঁচাই কৈছো৷"
 
"ভালেই তেনেহ'লে৷ যিহেতু তোমালোকৰ হাতৰ পৰা বচাৰ কোনো উপায় নায়েই, এই ঠাইখনকেই উৰাই দিয়া ভাল হ'ব৷"
 
"তোমাক আমি বচাৰ সুযোগ দিছো৷ তোমাৰ ভতিজা ল'ৰাটোকো আমি এৰি দিম৷"
 
"মোৰ ভতিজাটো ক'?"
 
"সি ইয়াতেই আছে৷"
 
"তাক কথা ক'বলৈ কোৱা৷ তাৰ মাত শুনিব বিচাৰো৷"
 
এইবাৰ কেইন ছিপটনৰ মাত বন্ধ হ'ল৷ তাৰ মিছা কথা ধৰা পৰি গৈছে৷ সন্তুক এতিয়াও সিহঁতে ধৰিব পৰা নাই৷ সাত-আঠজনে মিলি খেদি গৈও ধৰিব পৰা নাই তাক৷ সন্তুৱে সুৰঙ্গৰ ভিতৰত সিহঁতৰ সৈতে লুকা-ভাকু খেলিছে৷
 
কেইন ছিপটনে তাৰ সংগী কেইটাক প্ৰচণ্ড ধমক দি ক'লে, "এতিয়াও ল'ৰাটোক ধৰিব পৰা নাই? অপদাৰ্থৰ দল৷"
 
খুৰাদেউ অলপ পৰ নিৰৱে থাকিল৷ কেইন ছিপটনে যে ক'লে, কোনে এটা বুটাম টিপি দিলে গোটেই ঠাইখন উৰি যাব, কথাটো জানো সঁচা? গুপ্তচৰ বিলাকৰ মাজত বেছিভাগ সময়ত এনেকুৱা ধৰণৰ ব্যৱস্থা দেখা যায়৷ ধৰা দিয়াৰ পৰিবৰ্তে সিহঁতে নিজৰেই সকলো তথ্য পাতি ধ্বংস কৰি পেলোৱাৰ চেষ্টা কৰে৷ কিন্তু ইয়াৰ পৰা পলাবলৈ বেলেগ কোনো ৰাস্তা নাই নেকি? কেইন ছিপটনে দলে-বলে পলোৱাৰ চেষ্টা কৰা নাই কিয়?
 
খুৰাদেউৱে চিঞৰি ক'লে, "কেইন ছিপটন, এইবাৰ মই তোমাক আদেশ দিছো, শুনা৷ যদি জীয়াই থাকিবলৈ ইচ্ছা আছে, এতিয়াই পলোৱা৷ মই ইটোৰ পিছত সিটোকৈ আটাই কেইটা বুটাম টিপি যাম শেষ পৰ্যন্ত৷"
 
কেইন ছিপটনে ক'লে, "ব্লাডি ফুল, তেনেহ'লে তুমি নিজেও মৰিবা৷"
 
"তোমালোকৰ হাতত মৰাতকৈ তোমালোক চবকে ধ্বংস কৰি মৰাই ভাল৷"
 
"ৰায়চৌধুৰী, এইপিনে আহা, দৰজাৰ কাষলৈ, প্লীজ, কথা এটা শুনা..."
 
খুৰাদেউৱে তাৰ লগে লগে অজগৰ সাপৰ ফোঁচ-ফোঁচনিৰ দৰে এটা শব্দ শুনিবলৈ পালে৷ শব্দটো কিন্তু সেই যন্ত্ৰটোৰ পৰা অহা নাই৷ অকণমান মন কৰোতেই খুৰাদেউৱে ধৰিব পাৰিলে শব্দটো আহিছে দৰজাৰ বাহিৰৰ পৰা৷ তেওঁ বুজিলে, শব্দটো জুইৰ৷ লো গলোৱা জুইৰে সিহঁতে দৰজাখন গলাব বিচাৰিছে৷ নাইবা দৰজাখনত এটা ফুটা কৰিব পাৰিলেও সিহঁতে তেওঁক গুলীয়াব পাৰিব ফুটাটোৰে৷৷ সেয়ে কামটো সম্পূৰ্ণ নোহোৱালৈকে কেইন ছিপটনে তেওঁক কথাৰ মাজত ব্যস্ত ৰাখিব খুজিছে৷
 
আন কোনো উত্তৰ নিদি খুৰাদেউৱে যন্ত্ৰটোৰ এফালে আহি থিয় হ', দৰজাখন গলাব পাৰিলেই সিহঁতে তেওঁক পুনৰ ধৰি পেলাব৷ এইবাৰ আৰু সিহঁতে নেৰিব৷
 
তেওঁ বুটাম বিলাক পৰীক্ষা কৰাত লাগিল৷ কোনটো বুটাম আটাইতকৈ বিপদজনক সেয়া জনাৰ উপায় নাই৷ খুৰাদেউৱে নিজে মৰাক লৈ চিন্তা নকৰে, কিন্তু সন্তুৰ কথা ভাবি অকণমান দ্বিধাবোধ কৰিলে তেওঁ৷ সন্তু এতিয়াও ধৰা পৰা নাই, বিস্ফোৰণত চব উৰি গ'লে সিও মৰিব৷
 
এতিয়াও চৈধ্যটা বুটাম টিপবলৈ বাকী আছে, ইয়াৰ মাজত সেই বিশেষ বুটামটো কোনটো? সময়ো বেছি নাই তেওঁৰ হাতত৷ খুৰাদেউৱে এটা হালধীয়া বুটাম টিপি দিলে৷
 
লগে লগে এনেকুৱা এটা ঘটনা ঘটিল যে খুৰাদেউৱে ফূৰ্তিতে "আহা" বুলি চিঞৰি উঠিল৷ হালধীয়া বুটামটো টিপাৰ লগে লগেই মূৰৰ ওপৰত চৰ-চৰ চৰ-চৰ শব্দ কৰি কোঠাটোৰ চালিখন খুলি গ'ল৷ দেখা গ'ল আকাশ৷ খুৰাদেউৰ এনেকুৱা লাগিল তেওঁ যেন বহু বছৰ মূৰত আকাশ দেখিলে৷ বুকু ভৰাই উশাহ ল'লে তেওঁ৷ ফেৰ-ফেৰীয়া চেঁচা বতাহ এচাতিও লাগিলহি তেওঁৰ গাত৷
 
চালিখন খুলি গ'লেও, দেৱাল কেইখন বহুত ওখ৷ খুৰাদেউৰ পক্ষে জঁপিয়াই ওপৰত উঠা অসম্ভৱ৷ এতিয়াও মুক্তি পোৱাৰ আশা তেওঁৰ সিমান নাই৷ কিন্তু তেওঁ প্ৰথমতেই এটা কাম কৰিলে৷
 
ইমান পৰে এখন হাতেৰে তেওঁ কুকুৰটোক জোৰকৈ ধৰি আছিল, এইবাৰ দুয়োখন হাতেৰে ধৰি তাক গাৰ জোৰে বাহিৰলৈ দলিয়াই দি ক'লে, "যাঃ৷"
 
কুকুৰটোৱে বাহিৰত বৰফৰ ওপৰত পৰি ভৌ-ভৌকৈ প্ৰচণ্ড জোৰে ভুকিবলৈ ধৰিলে৷

***

পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ