May 8, 2014

মৃত্যু অভিজ্ঞতা - ষষ্ঠ অধ্যায়

ৰাজীৱ ফুকন
Mrity Obhigyata Assamese Horror Novel by Rajiv Phukan   
*মূলঃ হুমায়ূন আহমেদ
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

ষষ্ঠ অধ্যায়  

"মাৰ্ডাৰ চাৰ্জ৷ বাইদেউৱে আমাৰ ছাৰক বিহ খোৱাই মাৰিছে৷ কাকতে পত্ৰই তেনেকৈয়ে ওলাই আছে৷"
 
"হে আল্লাহ৷"
 
"আপোনাৰ 'হে আল্লাহ' কোৱাৰ প্ৰয়োজন নাই৷ বাইদেউৱে ক''হে আল্লাহ'৷ ভালকৈ কফি একাপ বনাই দিয়ক, মই লৈ যাওঁ৷"
 
"কফিৰ লগত আৰু কিবা দিম নেকি? কেক দিম?"
 
"খালী কফি বিচাৰিছে, খালী কফিকে দিয়ক৷ বেছি আদৰ সাদৰ কৰিলে সন্দেহ কৰিব৷ পুলিচৰ মানুহ৷ মই নিজেই বিপদত পৰি আছো৷ ধেৰ প্ৰশ্ন কৰি আছে৷ আপুনি বাচি গৈছে, ছাৰৰ মৃত্যুৰ পিছত জইন কৰিছে কাৰণে৷ হ'লেও দুই এটা প্ৰশ্ন আপোনাকো কৰিব৷ ডি.বি. পুলিচে নিজৰ বাপেককো নেৰে৷ ইমান ডেঞ্জাৰ মাল৷"
 
কাদেৰে কফি নি অতি বিনীতভাৱে ডি.বি. ইন্সপেক্টৰ খলিলৰ সন্মুখত থলে৷ খলিলে ক'লে, "ঠেংক ইউ৷"
 
কাদেৰে বিনয়েৰে ক'লে, "ছাৰ, নো  মেনছন৷"
 
খলিলে ক'লে, "লিভিং ৰূমত কেইবাখনো এষ্ট্ৰে দেখিছো৷ ইয়াত চিগাৰেট খাব পাৰি নেকি?"
 
"হয়, খাব পাৰি৷ চিগাৰেট আপোনাৰ লগত আছেনে ছাৰ? নে আনি দিম?"
 
"চিগাৰেট আছে৷"
 
"ছাৰ, লাইটাৰ আছে?"
 
"আছে, ঠেংক ইউ৷"
 
"নো মেনছন, ছাৰ৷ বাইদেউৱে এতিয়া গা ধুই আছে৷ গা ধুই আহি ব্ৰেকফাষ্ট কৰিব, তাৰ পিছত আপোনাৰ ওচৰলৈ আহিব৷"
 
"একো নাই, মই অপেক্ষা কৰিম৷ বাইদেউৰ ছোৱালীজনী ঘৰতে আছেনে?"
 
"হয় আছে৷ কি কৰি আছে নাজানো, চাই আহিম নেকি?"
 
"নালাগে চাই আহিব৷ আপুনি ইয়াত বহক৷ আপোনাৰ ছাৰক যিদিনাখন ৰাতি হস্পিতাললৈ নিয়া হৈছিল, সিদিনাখন ৰাতি কি কি হৈছিল এফালৰ পৰা কৈ যাওঁক৷ যি ঘটিছিল সেইটোহে ক'ব৷ নতুন একো যোগো নিদিব, আৰু একো বাদো নিদিব৷ কওঁক কি হৈছিল?"
 
কাদেৰে কৈ হৈছিল বিৱৰি কৈ গৈছে৷ মই কাদেৰৰ কথা শুনি আছো৷ সি কি ভাবি আছে, সেয়াও বুজিব পাৰিছো৷ পুলিচ ইন্সপেক্টৰ খলিলে কি ভাবি আছে, সেয়া বুজিব পৰা নাই৷ হয়তো, সি একো ভবা নাই৷ নাইবা মোক যিয়ে নিয়ন্ত্ৰণ কৰি আছে, তেওঁ খলিলৰ মনোভাব মোক জানিব দিব খোজা নাই৷
 
কাদেৰে কৈছে, "ছাৰ, মই থাকো প্ৰথম মহলাত৷ ৰাতি আনুমানিক ডেৰটা মান বজাত বাইদেউৱে মোৰ দৰজাত ঢকিয়াই৷ মই দৰজা খোলাৰ লগে লগেই বাইদেউৱে ক'লে, মেইন ৰাস্তাত গৈ ৰৈ থাকা৷ তোমাৰ ছাৰৰ গা ভাল নহয়৷ এম্বুলেন্স মাতিছো৷ এতিয়াই আহি পোৱাৰ কথা৷ তুমি এম্বুলেন্সখন ৰাস্তা দেখুৱাই লৈ আহিবা৷ বাইদেউৰ কথা শুনি মই দৌৰি ৰাস্তালৈ গ'লো৷"
 
খলিলে ক'লে, "ছাৰৰ কি হৈছিল, জানিব নুখুজিলে?"
 
"তেতিয়া জানিব নুখুজিলো৷"
 
"এম্বুলেন্স অহাৰ পিছত জানিব খুজিছিল?"
 
"নাই৷ তেতিয়া ৰোগী লৈ দৌৰা-দৌৰি৷"
 
"এম্বুলেন্সৰ লগত হস্পিতাললৈ গৈছিলা?"
 
", গৈছিলো৷"
 
খলিলে চিগাৰেট জ্বলাই জ্বলাই ক'লে, "সিদিনা ৰাতি আপোনাৰ বাইদেউ আপোনাৰ ৰূমলৈ যোৱা নাছিল৷ তেওঁ আপোনাক মোবাইলত ফোন কৰি চিগাৰেট নাইবা গাঁজাৰ পুৰিয়া আনিবলৈ পঠাইছিল৷ আপুনি সেইবিলাক লৈ উভতি আহি শুনিবলৈ পালে এম্বুলেন্স আহি আপোনাৰ ছাৰক লৈ গৈছে৷ আপুনি হস্পিতাললৈও যোৱা নাই৷"
 
মই ধৰিব পাৰিছিলো, কাদেৰ ভয়-আতংকত অস্থিৰ হৈ পৰিছে৷ পুলিচ ইন্সপেক্টৰজনৰ প্ৰতিটো কথাই সঁচা৷ কাদেৰে ভাবি পাৰ পোৱা নাই, এই মানুহজনে ইমানবোৰ কথা জানিলে কিদৰে৷
 
খলিলে হামিয়াই হামিয়াই ক'লে, "মুখ খুলিয়েই মিছা কথা আৰম্ভ কৰিছে৷ গাৰ পৰা চামৰা খহাই পেলাম৷ কাণত ধৰি দহবাৰ উঠা বহা কৰক৷"
 
খলিলৰ কথা শুনি মই হতবাক৷ মিহি মিহিকৈ আপুনি আপুনি বুলি কাণত ধৰি উঠা বহা কৰিবলৈ কৈছে৷
 
কাদেৰে লগে লগে আদেশ পালন কৰিলে৷ খলিলে ক'লে, "মই যেতিয়ালৈকে ইয়াত থাকিম, আপুনি তেতিয়ালৈকে কাণত ধৰি থাকিব৷ আপোনাৰ বাইদেউৱে যদি কাণৰ পৰা হাত এৰিবলৈ কয়, তেতিয়াও নেৰিব৷"
 
"'ব ছাৰ৷ ছাৰ, বাথৰুমলৈ যাব পাৰিমনে?"
 
"কিয় নোৱাৰিব! কাণত ধৰি যাব৷"
 
খলিলে আৰু এটা চিগাৰেট জ্বলালে৷ সি আনন্দিত তথা উৎফুল্লিত৷ সি সুন্দৰ চাল খেলিছে৷ মই প্ৰায় নিশ্চিত যে সি ৰুবিনাক ফান্দত পেলাবই৷ সি প্ৰস্তুত হৈ আহিছে৷
 
"আপোনাৰ নাম কি আছিল?"
 
"কাদেৰ৷"
 
"ইমান দীঘল নামেৰেতো মাতিব পৰা নাযাব৷ এতিয়াৰ পৰা আপোনাৰ নাম কাদু৷"
 
"'ব ছাৰ, অসুবিধা নাই৷"
 
"এতিয়া যাওঁক, আপোনাৰ বাইদেউৰ ব্ৰেকাফাষ্ট টেবুলৰ ওচৰত থিয় হৈ থাকক৷ বাইদেউৱে যেতিয়া সুধিব, কাণত ধৰি আছা কিয়, তেতিয়া মোৰ কথা ক'ব৷ সাৱধান, কাণৰ পৰা যাতে হাত নানামে৷ কাণৰ পৰা হাত নামিলেই আপোনাক গিলি পেলাম৷"
 
"কাণৰ পৰা হাত নানামে ছাৰ৷ আপুনি যেতিয়া ক'ব তেতিয়াহে নামিব, তাৰ আগতে নহয়৷"
 
খলিলে ভুল কৰিছে৷ ৰুবিনা কম বস্তু নহয়৷ কাদেৰক কাণত ধৰাই সি ৰুবিনাক ভয় খুৱাব বিচাৰিছে৷ ৰুবিনা ভয় খোৱা বিধৰ মহিলা নহয়৷ খলিলৰ সৈতে ৰুবিনাৰ কথোপকথন শুনিবলৈ মই ৰৈ আছো৷ সুখদায়ক অপেক্ষা বুলিব পাৰি৷ কোনো এখন ভাল চিনেমা চোৱাৰ আগ মুহূৰ্তৰ সুখৰ দৰে সুখ৷
 
মৃত ব্যক্তিৰো তাৰ মানে সুখ-দুখ আছে৷ পিছে সুখ-দুখৰ তীব্ৰতা কম৷ কাদেৰে কাণত ধৰি ঘূৰা-ফুৰা কৰি আছে -- চাই ভাল লাগিছে৷ জীৱিত মানুহে আনৰ বিব্ৰত অৱস্থাত আনন্দ পায়৷ এইখন জগততো একেই৷
 
ৰুবিনাই হাতত চিগাৰেট লৈ ড্ৰয়িংৰূমৰ চোফাত বহি ক'লে, "ছৰী, দেৰি কৰিলো৷" খলিল উঠিল, বিনয়ীভাৱে ক'লে, "বাইদেউ, একো নাই, কাদেৰ বোলা এজনে কফি দিছে, কফি খাইছো৷"
 
খলিলে চাইছিল, কাদেৰৰ কথা ওলালত ৰুবিনাই তাক কাণত ধৰাই থোৱাৰ বিষয়ে কিবা কয় নেকি! ৰুবিনাই একো নক'লে৷
 
খলিলে ক'লে, "মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু ড ইফতেখাৰ ইছলাম ছাৰৰ ভিচেৰা ৰিপোৰ্ট আহি পাইছে৷ পাকস্থলীত টক্সিক বস্তু পোৱা গৈছে৷ অধিক মাত্ৰাত অৰগেনো ফছফৰাছ৷"
 
ৰুবিনাই চিগাৰেটত টান মাৰি ক'লে, "ওঁ, আচ্ছা৷"
 
খলিলে চকু দুটা সৰু কৰি সুধিলে, "বিহ কোনে খুৱাইছিলে তেওঁক?"
 
ৰুবিনাই ক'লে, "হয়তো নিজেই খাইছে৷"
 
খলিলে ক'লে, "সেইটো সম্ভাৱনা নিশ্চয় আছে৷ তেনেক্ষেত্ৰত ভিক্টিমে ডেথনোট লিখি থৈ যায়৷ বা মৰাৰ আগতে কাৰোবাক কৈ যায়৷ আপোনাক কিবা কৈ গৈছে?"
 
"নাই৷ তেওঁক অজ্ঞান অৱস্থাত হস্পিতাললৈ নিয়া হৈছিল৷ তিনি দিন, তিনি ৰাতি হস্পিতালত আছিল৷ মাজে মাজে জ্ঞান আহিছিল৷ কথা কৈছিল, কিন্তু বিহ খোৱাকলৈ একো কোৱা নাই৷"
 
খলিলে ক'লে, "মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰজনাৰ বহি-কাগজ, ডায়েৰী আদি পৰীক্ষা কৰি চাব খোজো৷"
 
ৰুবিনাই টান মাতেৰে ক'লে, "কথাই প্ৰতি 'মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু' এই বুলচিটফাকি আওঁৰাই নাথকিব৷ আপুনি কোনোদিনে তেওঁৰ ছাত্ৰ নাছিল৷ আপুনি যেনেদৰে মোৰ বিষয়ে খা-খবৰ কৰিছে, ময়ো আপোনাৰ বিষয়ে খা-খবৰ কৰিছো৷ এপ্লাইড ফিজিক্স আপুনি কোনোদিনে পঢ়া নাই৷ আপুনি ইংৰাজী ভাষা আৰু সাহিত্যৰ ছাত্ৰ৷ অনাৰ্ছ কৰিছে৷ অনাৰ্চত থাৰ্ড ক্লাছ পোৱাত আপোনাৰ এম. এ. কৰা নহ'ল৷ আপুনি কবিতা লিখিব খোজে৷ অৰুণিমা সেন ছদ্মনামত আপোনাৰ অতি অখাদ্য কবিতা কিছুমান কাকত-আলোচনীত প্ৰকাশ পাইছে৷ যি কৰে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰক৷ কোনো ছোৱালীৰ নামৰ আঁৰত লুকাই নহয়৷"
 
খলিলে বিস্ময়ৰ ভাৱটো লুকুৱাবলৈ ক'লে, "মই চিগাৰেট এটা জ্বলালেতো বেয়া নাপায়?"
 
ৰুবিনাই ক'লে, "নিশ্চয় জ্বলাব পাৰে৷ মই যদি চিগাৰেট খাব পাৰো, আপুনিও পাৰে৷ বাৰু, কাদেৰে কাণত ধৰি আছে কিয়?"
 
"বাইদেউ, সি মোক কিছুমান মিছা ইনফৰ্মেছন দিছিল৷"
 
"মিছা ইনফৰ্মেছন দিয়াৰ শাস্তি যদি কাণত ধৰা হয়, তেনেহ'লে চিগাৰেট পেলাই আপুনিও কাণত ধৰি থিয় হৈ থকা উচিত৷ আপুনিও মোক মিছা ইনফৰ্মেছন দিছে৷ কৈছে, আপুনি মোৰ স্বামীৰ ডাইৰেক্ট ষ্টুডেন্ট৷ যিটো আপুনি নহয়৷"
 
খলিলে ক'লে, "বাইদেউ, কাদেৰ এটা হত্যাকাণ্ডৰ চাচপেক্ট৷ আপুনিও চাচপেক্ট৷ মই তদন্তকাৰী অফিচাৰ৷ তদন্তৰ খাতিৰত আমি চাচপেক্টৰ সৈতে কিছুমান মেন্টেল গেম খেলো৷ তাৰ সৈতে মই এক ধৰণৰ মেন্টেল গেম খেলিছো৷ কাদেৰৰ মৰেলিটি ভাঙি পেলোৱা হৈছে৷ এতিয়া সি পতককৈ মিছা নক'ব৷"
 
"মই চাচপেক্ট?"
 
"হয় বাইদেউ৷ এই ঘৰটোত থকা প্ৰতিজনেই চাচপেক্ট৷ আপেনাৰ ছোৱালী পলিন, যাৰ বয়স তেৰ বছৰ, তায়ো চাচপেক্ট৷ এতিয়া চালনিৰে চালি মূল আচামী বাহিৰ কৰিব লাগিব৷ এই কামটো মই ভালকৈয়ে জানো৷ কবি হিচাপে মই ব্যৰ্থ হ'ব পাৰো, ডিটেক্টিভ হিচাপে মোৰ সুনাম আছে৷"
 
ৰুবিনাই ক'লে, "মই যিহেতু চাচপেক্ট৷ আপুনি নিশ্চয় মোৰ সৈতে মেন্টেল গেম খেলিব, বা খেলিবলৈ আৰম্ভ কৰিছেই৷"
 
"বাইদেউ, আপোনাৰ সৈতে মই এতিয়াও মেন্টেল গেম আৰম্ভ কৰা নাই৷ পিছে নিশ্চয় আৰম্ভ কৰিম৷"
 
"কেতিয়া আৰম্ভ কৰিব?"
 
"আপুনি অনুমতি দিলে এতিয়াই আৰম্ভ কৰিব পাৰি৷ বাইদেউ, মই আপোনাৰ স্বামীৰ ডেডবডি লৈ আহিছো৷ বাৰান্দাত থিয় হ'লেই দেখিব, পুলিচৰ গাড়ীৰ পিছত এখন এম্বুলেন্স আছে৷ এম্বুলেন্সৰ ভিতৰত কফিনত ডেডবডি আছে৷ পোষ্টমৰ্টেম যিহেতু শেষ হৈছে, ডেডবডিৰ কাম শেষ৷"
 
খলিলে জেপৰ পৰা হালধীয়া খাম এটা উলিয়ালে৷ হালধীয়া খামটোৰ ভিতৰত চৰকাৰী মোহৰ মৰা কাগজ৷ খলিলে কাগজখিলা আগবঢ়াই দি ক'লে, "বাইদেউ, ইয়াত চহী কৰি ডেডবডি ৰিচিভ কৰক৷"
 
ৰুবিনাই চহী কৰিলে৷ খলিলে ক'লে, "পোষ্টমৰ্টেম কৰা ডেডবডি এনেদৰে হেণ্ডঅভাৰ কৰা নাযায়৷ নানানটা প্ৰ'চেছৰ মাজেৰে যাবলগীয়া হয়৷ মই লেং মাৰি বিশেষ ব্যৱস্থা কৰি আনিছো৷ এয়াই মোৰ মেন্টেল গেম৷ কাদেৰক মই এৰেষ্ট কৰি লৈ যাম বুলি ভাবিছিলো৷ তাক সদ্যহতে এৰিলো৷ ঘৰত ডেডবডি, আপোনাৰ বহুত কাম ওলাব৷ এজন মতা মানুহৰ দৰকাৰ।"
 
ৰুবিনাৰ ওঁঠৰ কোণত ক্ষীণ হাঁহিৰ ৰেখা দেখা দি পুনৰ মিলি গ'ল৷ তাইৰ মেন্টেল গেমটো ভাল লাগিছে৷
 
"বাইদেউ, অনুমতি দিলে মই এতিয়া উঠো৷ আপোনাৰো বহুত দায়িত্ব আহি পৰিছে৷ ডেডবডি সোনকাল কবৰ দিয়াৰ ব্যৱস্থা কৰক৷ অতিৰিক্ত গৰম কাৰণে ডেডবডি ডিক'ম্প'জ হ'বলৈ আৰম্ভ কৰিছে৷"
 
ৰুবিনাই চিগাৰেট জ্বলালে৷ তাই যে কিবা সাংঘাতিক ধাক্কা খাইছে -- তেনেকুৱা নালাগিল৷ খলিলে মাতিলে, "কাদু ক'? কাদু৷"
 
ৰুবিনাই ক'লে, "কাদু কোন?"
 
"কাদেৰ বহুত দীঘল নাম যে, সেয়ে চৰ্ট কৰি কাদু বুলি মাতিছো৷ আপুনি যেনেদৰে আপোনাৰ স্বামীৰ বন্ধু ৰবিউলক ৰবি বুলি মাতে, একে ধৰণৰ কথা৷"
 
কাদু আহি উপস্থিত হ'ল৷ সি এতিয়াও কাণত ধৰি আছে৷ চকু ৰঙা৷ কপালত বিন্দু বিন্দু ঘাম৷
 
খলিলে ক'লে, "বহু সময় ধৰি তোমাক আপুনি আপুনি সম্বোধন কৰিলো৷ এতিয়াৰ পৰা তুমি, তাৰ পিছত তই, ঠিক আছে?"
 
কাদেৰে ক'লে, "'ব ছাৰ, অসুবিধা নাই৷"
 
"কাদু, কাণৰ পৰা হাত এৰা৷ তোমাৰ এতিয়া বহুত কাম৷ তোমাৰ ছাৰৰ ডেডবডি লৈ আহিছো৷ ক'ত থবা ঠিক কৰা৷ বহুত বৰফ লাগিব৷ বৰফৰ ব্যৱস্থা কৰা৷ গাওঁৰ ঘৰলৈ ডেডবডি নিব খুজিলে মাইক্ৰ'বাছৰ ব্যৱস্থা কৰা৷ চাহ-পাত, তাহ-পাত কি কি জানো লাগে! কোনো এখন শেষ বিদায় ষ্ট'ৰলৈ গ'লে আটাইবোৰ বস্তু পাই যাবা৷"
 
ৰুবিনাই ক'লে, "উইল ইউ প্লীজ লিভ আছ নাওঁ?"
 
খলিলে ক'লে, "নিশ্চয় বাইদেউ৷ এতিয়াই যাম৷ মোৰ বোধেৰে, আজি কোনোবাই ফোন কৰিলে আপুনি নুতুলিব। দয়া কৰি মোৰটো তুলিব৷ আপোনাৰ নিজকে ক্লিয়াৰ কৰাৰ এটা ৰাস্তা আছে৷ যদি আপোনাৰ স্বামীয়ে লিখা কোনো কাগজ পায়৷ যদি লিখা থাকে, 'মই স্ব-ইচ্ছাই বিষ পান কৰিছো' এনেধৰণৰ একো নাপালেও উপায় এটা আছে৷ পৰামৰ্শ এটা দিওঁ?"
 
ৰুবিনাই ক'লে, "কি পৰামৰ্শ?"
 
"এনায়েত নামৰ এজন মানুহ আছে, কাৰোৱান বজাৰত থাকে৷ মানুহৰ চহী জালি কৰাত তাৰ দক্ষতা অসাধাৰণ৷ জালি পাচপোৰ্ট, জালি দলিল আদিৰ কামত তাৰ ওপৰত কোনো নাই৷ তাৰ ফোন নাম্বাৰটো লাগিব নেকি?"
 
ৰুবিনাই ক'লে, "নালাগে৷" কঠোৰ চকুৰে চাই ৰ'ল তাই৷ খলিলে কি চিন্তা কৰিছে, এই প্ৰথমবাৰ ধৰিব পাৰিলো৷ এনায়েত নামৰ মানুহজনো তাৰ ফান্দৰে অংশ৷ এনায়েত ডি.বি. পুলিচৰ মানুহ৷ ৰুবিনাই তাৰ ওচৰত জালি কাগজ বনাবলৈ গ'লে ধৰা পৰি যাব৷
 
কফিনটো থোৱা হৈছে শোৱনী-কোঠাৰ উত্তৰৰ বাৰান্দাখনত৷ ঘৰৰ ভিতৰত থমথমীয়া আতঙ্ক৷ কাদেৰৰ মূৰত নামাজৰ টুপি৷ কাদেৰক টুপি পিন্ধা কোনেদিনে দেখা নাছিলো৷ তাক অদ্ভুত লাগিছে৷ টুপিৰ কাৰণেই হয়তো মুখখন দীঘল দেখা গৈছে৷ সি ধূপ জ্বলাইছে৷ ধূপবোৰ চাগে সেমেকা নাইবা ভেজাল৷ অকণমান জ্বলিয়েই নুমাই গৈছে৷ কাদেৰ ব্যস্ত ধূপ জ্বলোৱাত৷
 
ছালমাই মূৰত ওৰণি লৈ পাকঘৰত সময় কটাইছে৷ ধোৱা বাচনকে আকৌ ধুইছে৷ মুখেৰে বিৰবিৰাই আছে, "আল্লাহ ৰহম কৰো৷" দুপৰীয়াৰ কাৰণে ৰন্ধা-বঢ়া কৰিব নে নাই, একো ধৰিব পৰা নাই৷ মৰা-ঘৰত পাগ জোৰাৰ নিয়ম নাই, পিছে ডাঙৰ মানুহৰ ঘৰৰ নিয়ম-কানুন বেলেগ৷ দুপৰীয়া বাইদেউৱে যদি কয় ভাত বাঢ়, তেতিয়া তাই কি কৰিব? কাদেৰক এই বিষয়ে সুধিছিল৷ কাদেৰে ভেকাহি মাৰি ক'লে, "মোক নুসুধিব৷ মোৰ মগজে কাম নকৰা হৈছে৷ যি কৰে নিজৰ মগজেৰে কৰক৷"
 
ছালমাই ক'লে, "ৰাইছ কুকুাৰত চাউল ভৰাই থওঁ আৰু ফ্ৰীজৰ পৰা ইলিছ মাছ উলিয়াই ৰাখো৷ বাইদেউৱে খানা বিচাৰিলে দহ মিনিটৰ ভিতৰত দিব পৰা যাব৷ ৰন্ধা খাহীৰ মাংস আছে, মাইক্ৰ'অভেনত গৰম কৰি দি দিম৷ নহ'?"
 
কাদেৰে ক'লে, "'ব নহ'ব নাজানো৷ মই নিজেই থাকিব পৰা নাই যন্ত্ৰণাত৷"
 
কাদেৰ সঁচাকৈয়ে মনৰ যন্ত্ৰণাত অস্থিৰ৷ সি পলাই যোৱাৰ ধান্দাত আছে৷ বাগেৰহাটত থাকে তাৰ স্কুলীয়া বন্ধু ছামচুদ্দিন৷ ছামচুদ্দিনৰ কাঠ ফলা মিল আছে৷ তাৰ তাত কেইমাহ মান লুকাই থাকিব পাৰি৷ দৰকাৰ হ'লে তাৰ পৰা ইণ্ডিয়ালৈ গুচি যাব৷ ডি.বি. পুলিচৰ মতলব তাৰ একদম ভাল লগা নাই৷ এই হাৰামজাদাই তাক ৰিমাণ্ডত নিয়াতো নিবই৷
 
পলাব লাগিলে সি যাব লাগিব এযোৰ কাপোৰত৷ বেগ লৈ ওলাই গ'লেই চবে সন্দেহ কৰিব৷ খালি হাতেৰেও যাব নোৱাৰি, টকা-পইছা লাগিব৷ কাদেৰে তাৰ মানি বেগখন খুলি চালে৷ এহাজাৰ টকীয়া নোট এখন আছে৷ খুচুৰা পইছা আঢ়াইশ মান হ'ব৷ ইমান কম পইছা লৈ ওলাই যোৱা ঠিক নহয়৷ কেবাটাও দৰকাৰী বস্তু কিনিব লাগিব৷ সেইবুলি সি জানো বাইদেউক পইছা খুজিব? বাইদেউ এতিয়া শোকত কাতৰ৷ এনেকুৱা অৱস্থাত পিছে কিমান টকা যাচে তাৰ কোনো খেয়াল নাথাকে৷
 
ৰুবিনাই আধা ঘন্টাৰ বেছি শোৱনী কোঠাৰ ৰকিং চেয়াৰত বহী আছে৷ তাইৰ হাতত ফোন৷ আধা ঘন্টা আগতে তাই ৰবিক ফোন কৰিছিল৷ খলিলে সঁচা কথাই কৈছে, ৰবিৰ আচল নাম ৰবিউল৷ ৰুবিনাই চুটিকৈ মাতে ৰবি৷ ৰুবিনাক চুটিকৈ মাতিলে হয় ৰুবি৷ ৰুবি আৰু ৰবি, নাম দুটাতো সিহঁতৰ ইমান মিল!

***