প্ৰথম দুটা কল ৰবিয়ে ধৰা নাছিল৷
তৃতীয়বাৰ ধৰিলে৷
ৰুবিনাই ক'লে, "এতিয়াই ঘৰলৈ আহা৷ পুলিচে তেওঁৰ ডেডবডি
ঘৰত থৈ গৈছে৷ মোৰ মগজুৱে আৰু কাম নকৰা হৈছে৷ তুমিয়েই কিবা কৰিব লাগিব৷"
ৰবিউলে ক'লে, "তোমালোকৰ ঘৰলৈ যোৱা সম্ভৱ নহয়৷ বাতৰি
কাকতত কি নিউজ ওলাইছে দেখিছা? তাত মোৰ নামো আছে৷ অত্যন্ত ফাল্টু কাকত,
কোনেও
নপঢ়ে -- সাতসকাল নাম৷ হেডিং - "পত্নীৰ দ্বাৰা অধ্যাপক স্বামীৰ হত্যা৷"
পঢ়ি শুনাম নেকি?"
"নালাগে পঢ়ি শুনাব৷ কাকতখন লৈ
আহা৷"
"ক'লোৱেচোন যোৱা সম্ভৱ নহয়৷ আকৌ নিউজ
ওলাব৷ ডি.বি. পুলিচেও মোক সন্দেহ কৰিছে৷ অলপ সময় আগতে ডি.বি. পুলিচৰ ইন্সপেক্টৰ
এজনে ফোন কৰিছিল, খলিল নাম৷"
"তুমি নাহা মানে?"
"নাই৷ সম্ভৱ নহয়৷ তুমি কথাটো বুজিবলৈ
চেষ্টা কৰা৷ তোমালোকৰ ঘৰৰ আগতো সাংবাদিক ঘূৰা-ঘূৰি কৰি আছে চাগে!"
"আমাৰ ঘৰৰ আগত কোনো সাংবাদিক ঘূৰা-ঘূৰি
কৰি থকা নাই৷"
"সিঁহত লুকাই থাকে৷ সুযোগ পালেই
আবিৰ্ভাৱ হয়৷ সিহঁতক মই সুযোগ নিদিওঁ৷"
"বাৰু, ঠিক আছে৷"
"ৰুবিনা, ছৰী৷"
"হ'ব, ছৰী ক'বলগীয়া একো নাই৷"
ৰুবিনাই ফোনটো হাতত লৈ ৰকিং চেয়াৰত
দুলি আছে৷ বেচেৰীজনীলৈ মায়া উপজিছে৷ কোনো নাই তাইৰ লগত, অৱশ্যে তাই বিচৰাও নাই যে কোনোবা লগত
থাকক৷ তাইৰ মাক-দেউতাক আমেৰিকাত থাকে যদিও বহু কেইজন আত্মীয়স্বজন ঢাকাতো আছে৷
পুলিচৰ এজন এডিছনেল আই.জি. তাইৰ খুৰাকৰ পুতেক ভায়েক৷ ৰুবিনাই কাৰো লগতে যোগাযোগ
কৰা নাই৷
ৰকিং চেয়ৰৰ দুলনি বন্ধ কৰি তাই মাতিলে,
"কাদেৰ!"
কাদেৰ লগে লগে উপস্থিত হ'ল৷ তাৰ হাতত এডাল জপ৷ সি জপ ঘূৰাইছে,
কিন্তু
গুণগুণকৈ একা মতা নাই৷ মতা হ'লে মই শুনিলোহেঁতেন৷ কাদেৰৰ কাণ্ড-কাৰখানা দেখি
মই তৃপ্তি পাইছো৷ মৃত্যুৰ পিছতো তৃপ্তি পোৱা কথাটো বেয়া নহয়, ভালেই৷
"কাদেৰ, চিগাৰেট লৈ আহা৷"
"এক কাৰ্টুন আনিম, বাইদেউ?"
"আনা৷"
"ছালমাই দুই এটা সৰু-সুৰা বস্তু বিচাৰিছে৷
চাহ-পাত, চেনি, কফি৷ আনিম?"
"আনা৷"
"দূপৰীয়া খোৱা-বোৱা ঘৰতে হ'বনে বাইদেউ?"
"খোৱা-বোৱা নহ'ব কিয়? মানুহৰ মৃত্যু হয়, ক্ষুধাৰ মৃত্যু নহয়৷"
"আপোনাক আৰু কিবা লাগিব নেকি, বাইদেউ?"
"এখন কাকত লৈ আহিব পাৰিবা? সকাল নে কি নাম?"
"সাতসকাল?"
"অঁ, সাতসকাল৷ থাওঁক দিয়া, কাকতখন নহ'লেও হ'ব৷"
"টকা দিয়ক বাইদেউ৷ দুহাজাৰ দিলেই হ'ব৷"
"মোৰ বিছনাৰ বাওঁফালৰ ড্ৰয়াৰত টকা আছে৷
সোনকালে আহিবা৷ মোৰ চিগাৰেট একেবাৰে নাই৷"
ড্ৰয়াৰ খুলি কাদেৰে পঞ্চাছ হাজাৰ টকাৰ
বাণ্ডল এটা পালে৷ বেংকে মেৰিয়াই দিয়া কাগজৰ পটিটো নাই, বাণ্ডলৰ পৰা কিছু টকা উলিয়াইছে চাগে৷
কাদেৰে বাণ্ডলটো লৈ ওলাই গ'ল৷ মই 'চোৰ, চোৰ' বুলি চিঞৰ বাখৰ লগালো৷ মোৰ চিঞৰ বাখৰ
ৰুবিনাৰ কাণলৈ নগ'ল৷ যোৱাৰ কথাও নাহে৷
মই কাদেৰৰ লগে লগে আহিছো৷ কাদেৰে মন
কৰা নাই যে আমাৰ ঘৰৰ সন্মুখত ৰৈ থকা মানুহ এজনে তাক অনুসৰণ কৰিছে৷ সি ইন্সপেক্টৰ
খলিলৰ মানুহ৷ তাক ৰখা হৈছে ঘৰৰ ওপৰত চকু ৰাখিবলৈ৷ সি মোবাইলত খলিলৰ সৈতে যোগাযোগ
কৰিলে৷
কাদেৰে ৰাস্তাৰ দাঁতিৰ চাহ দোকান এখনৰ
আগত ৰ'ল৷ চাহৰ অৰ্ডাৰ দিলে৷ কাদেৰে চিগাৰেট নাখায়৷ এটা চিগাৰেট জ্বলায়ে সি
খুক-খুককৈ কাহিবলৈ ধৰিলে৷ তাৰ খুব ফূৰ্ত্তি লাগিছে৷ মুক্তিৰ আনন্দত৷
বৰ ইচ্চা আছিল কাদেৰৰ লগত থকাৰ৷ সেইটো
সম্ভৱ নহ'ল৷ মই এতিয়া পলিনৰ কোঠাত৷ পলিনে তাইৰ ফেচবুকত ইংৰাজীত পোষ্ট কৰিছে৷
পোষ্টটো অসমীয়াত এনেকুৱাঃ
মোৰ সতিয়া-দেউতাৰ মৃতদেহ এতিয়া বাৰান্দাত
থোৱা আছে৷ কফিনৰ ভিতৰত আছে তেওঁ৷ মোৰ বেয়া লাগিছে৷ কান্দোন ওলাইছে৷ মোৰ
সতিয়া-দেউতাই মোক বহুত মৰম কৰিছিল৷ তেওঁ অত্যন্ত জ্ঞানী আছিল৷ মোক বিজ্ঞানৰ বহু
কথা শিকাইছিল৷ তেওঁ অংক কৰি মোক এবাৰ দেখুৱাই দিছিল যে ৩ সমান ২ হ'ব পাৰে৷ তেওঁ সেইটো কেনেদৰে কৰিছিল,
মোৰ
মনত নাই৷ তেওঁ জীয়াই থকা হ'লে তেওঁৰ পৰা শিকি ল'ব পাৰিলোহেঁতেন৷
ৰুবিনা পাকঘৰত, তাইৰ হাতত এখন এহাজাৰ টকীয়া নোট৷
ৰুবিনাই ছালমাক ক'লে, "মোক এপেকেট চিগাৰেট আনি দিয়া, কাদেৰে দেৰি কৰিছে৷ চিগাৰেট আনিব
পাৰিবা নহয়? ড্ৰাইভাৰটো অহা নাই৷ অহা হ'লে তাকে পঠালোহেঁতেন৷"
"পাৰিম বাইদেউ আনিব৷ আপুনি গেটৰ
দাৰোৱানটোক কৈ দিয়ক৷ নহ'লে সি যাবলৈ নিদিব৷"
"কৈ দিছো৷ সোনকাল আহাগৈ৷ বেনছন এণ্ড
হেজেছ আনিবা -- লাইট৷"
"বাৰু৷ যাম আৰু আহিম৷"
ছালমাই তাইৰ বেগটো লৈ ওলাই গ'ল৷ আৰু উভতি নাহিল৷
পলিনৰ ফেচবুকত আপডেটঃ
আজি আমাৰ ঘৰত ৰন্ধা-বঢ়া হোৱা নাই৷ মই
আৰু মাই অৰেঞ্জ জুছ আৰু গাখীৰ খাইছো৷ আৰু সিজোৱা কণী খাইছো৷ কাদেৰ খুৰা আৰু ছালমা
মাহী বজাৰ কৰিবলৈ গৈ আৰু উভতি নাহিল৷ মাৰ সন্দেহ, সিহঁত দুয়ো পলাইছে৷"
সন্ধিয়া ডি.বি. ইন্সপেক্টৰ খলিলে ফোন
কৰিলে৷ ৰুবিনাই ফোন ধৰিলে৷ খলিলে ক'লে, "বাইদেউ, আপোনাৰ ঘৰৰ কেয়াৰটেকাৰটোক মহাখালী বাছ
আস্থানৰ পৰা এৰেষ্ট কৰা হৈছে৷ তাক জেল হাজোতলৈ লৈ যাম, নে আপোনাৰ তালৈ পঠাই দিম?"
ৰুবিনাই ক'লে, "মোৰ ইয়ালৈকেই পঠাই দিয়ক৷"
"আপোনাৰ ঘৰত কাম কৰা বাই ছালমাৰ ফোন আমি
ট্ৰেক কৰিছিলো৷ তাইকো ধৰা হৈছে৷ তাইৰ বেগত ভালেকেইটা বস্তু পোৱা গৈছে৷ তাইকো পঠাই
দিম নেকি?"
"অঁ৷ ৰাতি ৰন্ধা-বঢ়া কৰিব লাগিব৷"
খলিলে ক'লে, "বাইদেউ, মই মোৰ জীৱনত বহুত বিচিত্ৰ মানুহ
দেখিছো৷ আপোনাৰ দৰে দেখা নাই৷"
ৰুবিনাই ক'লে, "মোতকৈও বহুত বিচিত্ৰ আছিল মোৰ স্বামী৷
তেওঁ ঢুকাইছে, তেওঁৰ সকলো বিচিত্ৰতাৰ সমাপ্তি ঘটিছে৷ মই আপোনাক এটা অনুৰোধ কৰিব
পাৰোনে?"
"পাৰে৷"
"স্বামীৰ ডেডবডিটো লৈ মই বিপদত পৰিছো৷
ভীষণ বিপদত পৰিছো৷ আপুনি কিবা গতি লগাব পাৰিব নেকি?"
"কেনেকুৱা গতি?"
"ডেডবডিটো তেওঁৰ গাওঁৰ ঘৰলৈ পঠাই দিব
পাৰিব?"
"অঁ, পাৰিম৷"
"চাচপেক্ট হিচাপে আপোনালোকে মোক এৰেষ্ট
কৰিব নেকি?"
"এতিয়াই নকৰো৷ আপুনিতো পলাই যোৱা নাই,
আমাৰ
নজৰবন্দী হৈ আছে৷ পিছে আপোনাৰ বন্ধু ৰবিউলক এৰেষ্ট কৰা হৈছে৷ যাক আপুনি মৰমতে ৰবি
বুলি মাতে৷"
"অ', আচ্ছা৷"
"আপোনাৰ বাবে আৰু এটা দুঃসংবাদ আছে৷
আপোনাৰ হাজবেণ্ডৰ ডাঙৰ মামা কিছু সময় আগতে ঢুকাইছে৷ ছৰী৷"
ৰুবিনাই ক'লে, "আপুনি ছৰী কৈছে কিয়? আপুনিতো তেওঁক মৰা নাই৷"
"আপোনাক আন এটা দুঃসংবাদ দি কষ্ট দিলো
বুলি ছৰী কৈছিলো৷"
"ঠিক আছে৷"
"মোৰ ফালৰ পৰা কৰিব পৰা আৰু কিবা আছে
নেকি?"
"আছে৷ এনায়েত বুলি এজনৰ ফোন নম্বৰ দিব
খুজিছিল৷ ফোন নাম্বাৰটো লাগে৷ তাৰ আগতে জানিব খোজো মই আপোনাৰ প্ৰধান চাচপেক্ট,
অথচ
মোক সহায় কৰিব খুজিছে কিয়?"
"আপোনাৰ দৰে ৰূপৱতী মহিলা এগৰাকী ফাঁচী
কাঠত ওলোমা দৃশ্যটো ভাবি কষ্ট হৈছে কাৰণেই হয়তো কৈছো৷"
"মই কুৎসিত হোৱা হ'লে এনায়েতৰ নম্বৰটো নিদিলেহেঁতেন নেকি?"
"হয়তো নিদিলোহেঁতেন৷ নম্বৰটো
লিখক৷"
"এক মিনিট ৰ'ব, মই কাগজ-কলম লৈ আহো৷"
ৰুবিনাই কাগজ-কলম আনিবলৈ যোৱা দেখি মই
আৰ্তচিৎকাৰ কৰিবলৈ ধৰিলো, "ৰুবিনা ভুল নকৰিবা৷ তাৰ ফান্দত ভৰি নিদিবা৷
সাৱধান সাৱধান সাৱধান৷"
ৰুবিনাই শান্তভাৱেই ফোন নাম্বাৰটো লিখি
ল'লে৷ ৰুবিনাই ফান্দত ভৰি দিবলৈ গৈছে, মই তাইক বাধা দিব পৰা নাই৷ মই এটা
অবজাৰ্ভাৰৰ বাদে একো নহয়৷ চাই থকাৰ বাদে মোৰ কৰিবলগীয়া একো নাই৷
ৰুবিনাৰ ওঁঠৰ চুকত বিৰিঙি উঠিছে এটা
বেঁকা হাঁহি৷ এই হাঁহিটো মোৰ পৰিচিত৷ কিবা বেয়া দুষ্ট বুদ্ধি তাইৰ মগজুত খেলিছে৷
ভয়ংকৰ দুষ্ট বুদ্ধি৷ কি হ'ব পাৰে দুষ্ট বুদ্ধিটো?
ৰুবিনাই এনায়েত নামৰ ডি.বি. পুলিচৰ
এজন্টজনলৈ ফোন লগালে৷ মই আতংকৰে অপেক্ষা কৰি ৰ'লো৷
"আপুনি এনায়েত?"
"হয়৷"
"শুনিছো আপুনি মানুহৰ চহী নকল কৰিব পাৰে?
সঁচা
নেকি?"
"আপোনাৰ কি কাম সেইটো কওঁক৷ আজে-বাজে
কথা কৈ সময় নষ্ট নকৰিব৷ কামৰ কথালৈ আহক৷"
"মোৰ স্বামীৰ চহী নকল কৰিব পাৰিব?"
"নোৱাৰাৰ কাৰণ নাই৷"
"এখিলা কাগজত লিখা থাকিব, মোৰ মৃত্যুৰ বাবে ডিটেক্টিভ ব্ৰান্সৰ অফিচাৰ
খলিল দায়ী৷ আৰু তাৰ তলত মোৰ স্বামীৰ চহীটো কৰি দিব৷ পাৰিব? চহীৰ নমুনা ডি.বি. অফিচাৰ খলিলৰ হাতত
আছে৷ তেওঁৰ পৰাই লৈ ল'ব৷ ইয়াৰ বাবে কিমান টকা লাগিব?"
মই ক'লো, "চাব্বাছ৷"
আফচোচ মোৰ চাব্বাছটো ৰুবিনাই শুনা
নাপালে৷ ৰুবিনাৰ বুদ্ধিত আশ্চৰ্য্যচকিত হৈ মই এই জীৱনটোত হজাৰবাৰ কৈছো, চাব্বাছ৷
এবাৰ মোৰ এটা দামী মেবাইল ফোন হেৰাই থাকিল৷
মোবাইল ফোনটো বাথৰূমৰ বেচিনৰ ওপৰত থৈ মুখ ধুই বেডৰূমত সোমাইছো৷ তেতিয়া মনত পৰিল
ফোনটো বাথৰুমত থৈ আহিছো৷ বাথৰূমত সোমাই দেখো ফোনটো নাই, কেৱল বাথৰূমতেই কিয় ঘৰৰ ক'তোৱেই নাই৷
ৰুবিনাই ক'লে, "বেডৰূমত মই বহি আছো৷ তুমি বাথৰূমৰ পৰা
ওলোৱাৰ পিছত তাত কোনো সোমোৱা নাই৷"
মই ক'লো, "ফোনটো বাথৰূমৰ বেচিনত মই থৈছিলো৷
বেচিনটো সামান্য তিতি আছিল, টাৱেলেৰে মচি তাৰ ওপৰত থৈছিলো৷"
ৰুবিনাই ক'লে, "তেনেহ'লে সেই কামটো তুমি তোমাৰ ইউনিভাৰ্চিটিৰ
বাথৰূমত কৰিছা৷ তোমাৰ ব্ৰেইনে ইউনিভাৰ্ছিটিৰ বাথৰূম আৰু ঘৰৰ বাথৰূম একাকাৰ কৰি
পেলাইছে৷ ফোন কৰি খবৰ কৰা৷"
খবৰ কৰি ইউনিভাৰ্ছিটিৰ বাথৰূমত ফোনটো
পোৱা গ'ল৷ মই মনে মনে ক'লো, চাব্বাছ৷
সন্ধিয়া ছটা৷
মাইক্ৰ'বাছত মোৰ ডেডবডি গাওঁ অভিমুখে ৰাওনা
হৈছে৷ ড্ৰাইভাৰৰ কাষতে বহি গৈছে কাদেৰ৷ এদিনতে সি বুঢ়া হৈ গ'ল৷ চিধা হৈ খোজ কাঢ়িব পৰা নাই৷ বেঁকা
হৈ খোজ কাঢ়িছে৷ কথাও স্পষ্টকৈ ক'ব পৰা নাই৷ চবতে খোকোজা লাগিছে৷ ধৰা পৰাৰ পিছত
পুলিচে তাক ভালকৈ এসেকা দিছে৷ তলৰ ওঁঠ ফাটি তাৰ উখহি উঠিছে৷ এই উখহা হয়তো আৰু
বাঢ়িব৷ সি কিয় পলাই গৈছিল, ৰুবিনাক তাৰ ব্যাখ্যা দিবলৈ গৈছিল৷ ৰুবিনাই ক'লে, "তোমাৰ কথা পিছত শুনিম, আগতে তোমাৰ ছাৰৰ ডেডবডিটো গাওঁৰ ঘৰত থৈ
আহা৷"
"কি নিব লাগিব, বাইদেউ?"
"তোমাৰ ছাৰৰ ডেডবডি৷"
কাদেৰে ক'লে, "হ'ব বাইদেউ৷" এনেয়ে সি ভয় খাই আছিল৷,
এতিয়া
সেই ভয় দহগুণ বাঢ়িল৷ চকু দুটা ওলাই পৰাৰ উপক্ৰম হ'ল৷
কাম কৰা বাই ছালমা উভতি আহিছে, যেন একোৱেই হোৱা নাই, তেনেকুৱা ভাৱেৰে তাই ৰন্ধা বঢ়াত
লাগিছে৷ এবাৰ আহি কৈ গ'ল, "মানুহ মৰা ঘৰত মাছ খোৱা নিষেধ৷ ইলিছ মাছৰ সলনি কণীৰ আঞ্জা বনাওঁ?"
ৰুবিনাই হামিয়াই হামিয়াই ক'লে, "যি মন যায় বনোৱা৷"
ডি.বি. ইন্সপেক্টৰ খলিল মোৰ ষ্টাডি
ৰূমত৷ তাত সি কি কৰি আছে, একোৱে ধৰিব পৰা নাই৷ সেই ৰূমটোৰ ভিতৰখন মই চাব
পৰা নাই৷ ৰুবিনাকহে দেখি আছো, তাই সন্ধিয়াৰ শ্বাৱাৰ কৰি আছে৷ পলিনেকো দেখিছো,
তাই
কম্পিউটাৰত গেম খেলি আছে৷ গেমৰ নাম 'ডায়মণ্ড ৰাছ'৷ পলিনৰ সৈতে এই খেলখন মই বহুবাৰ
খেলিছো৷ এংকৰৰ গুহাত সোমাই হীৰা সংগ্ৰহ কৰিব লাগে৷ বহুত প্ৰত্যাহ্বান আছে৷ মূৰত
পাহাৰ ভাঙি পৰে, সাপে খুঁটিয়াই৷ মই সকলো প্ৰত্যাহ্বান পাৰ কৰিব নোৱাৰো৷ পলিনে পাৰে৷
মোৰ এতিয়া ঠাণ্ডা লাগিছে৷ শৰীৰ থকা হ'লে ক'লোহেঁতেন, ঠাণ্ডাত শৰীৰ থৰথৰাই কঁপিছে৷ শৰীৰ নাই,
অথচ
আছে শীতৰ অনুভূতি৷ ভয় লাগিছে, ঠাণ্ডা আৰু বাঢ়িব নেকি? যদি আৰু বাঢ়ে তেতিয়া কি হ'ব? তাতকৈও ডাঙৰ চিন্তা, মোৰ মৃতদেহটো কবৰ দিয়াৰ পিছত মোৰ কি হ'ব? মোৰ অস্তিত্ব থাকিব নে নাথাকিব?
কবৰ
পোতা মই দেখিবলৈ পাম জানো? এই দৃশ্যটো চাবলৈ মোৰ বৰ মন আছিল৷
***