May 7, 2014

মৃত্যু অভিজ্ঞতা - পঞ্চম অধ্যায়

ৰাজীৱ ফুকন
Mrity Obhigyata by Rajiv Phukan  
*মূলঃ হুমায়ূন আহমেদ
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

পঞ্চম অধ্যায়  

মাৰ কবৰৰ কাষতে মোৰ বাবে কবৰ খন্দা হৈছে৷ জুম্মাঘৰৰ মুয়াজ্জিনে কবৰ খন্দাৰ তদাৰক কৰিছে৷ তেওঁৰ মাতটো মিঠা৷ তেওঁ হাত লৰাই লৰাই কবৰ খন্দা বিষয়ক কথা কৈ আছে৷ কবৰ খন্দা কেইজনে অবাক হৈ তেওঁৰ কথা শুনিছে৷ মুয়াজ্জিনে কৈছে, "কবৰ দুই ধৰণৰ থাকে৷ সিন্দুক কবৰ আৰু বোগদাদি কবৰ৷ তোমালোকে কেৱল সিন্দুক কবৰহে পাৰা৷ আফচোচ! শুনা, কবৰৰ গভীৰতা এনেকুৱা হ'ব লাগে, যদি মৃতকক জীয়াই তোলা হয়, তেওঁ যাতে বহিব পাৰে৷ মানকৰ নেকেৰৰ প্ৰশ্নৰ উত্তৰ তেওঁক বহুৱায় দিব পাৰিব লাগিব, এয়ে বিধান৷ মানকৰ নেকেৰৰ প্ৰথম প্ৰশ্নটো কি তোমালোকে জানা?"
 
"নাই, হুজুৰ৷"
 
"প্ৰথম প্ৰশ্নটো বৰ অদ্ভুত৷ প্ৰথম প্ৰশ্ন -- তুমি পুৰুষ নে নাৰী?"
 
"কি কয়? মই শুনিছিলো -- তোমাৰ ধৰ্ম কি? তোমাৰ নবী কি?"
 
"এইবিলাক প্ৰশ্নও কৰা হৈছে৷ পিছে প্ৰথম প্ৰশ্ন -- তুমি পুৰুষ নে নাৰী৷ এই প্ৰশ্নটোৰ অৰ্থ কি জানা?"
 
"নাজানো৷"
 
"এই প্ৰশ্নটোৰ পৰা বুজা যায়, মানকৰ নেকেৰে মৃত ব্যক্তিৰ বিষয়ে একো নাজানে৷"
 
"আচৰিত কথা৷"
 
"আচৰিত হ'ব লগীয়া একো নাই৷ অনৱৰতে মনত ৰাখিবা তুমি পুৰুষ৷ মানকে সুধিছে -- তুমি পুৰুষ নে নাৰী৷ মানকৰ নৰেকেৰ চেহেৰ দেখি তোমাৰ কলিজা উঠিল কঁপি৷ তুমি ভুলবশতঃ ক'লা, মই নাৰী৷ তেতিয়াই গ'লা ধৰা পৰি৷ তাৰ পিছত আৰম্ভ হ'ব থানাৰ পিটন৷"
 
"থানাৰ পিটন কি?"
 
"আসামী ধৰি নি পুলিচে থানাত যি ধৰণৰ পিটন দিয়ে, তাকে কয় থানাৰ পিটন৷"
 
এই মুয়াজ্জিনজন ডাঙৰ মামাৰ ঘনিষ্ঠ বন্ধু৷ ডাঙৰ মামা আমাৰ ঘৰতে ডাঙৰ হৈছিল৷ দেউতাই তেওঁক মাদ্ৰাছাত নাম লগাই দিছিল৷ মুয়াজ্জিনৰ লগত ডাঙৰ মামাৰ মাদ্ৰাছাতে চিনাকি৷ ডাঙৰ মামাই প্ৰায়ে তেওঁক বুৰ্বক বুলি মাতে৷ মুয়াজ্জিনে (আচল নাম মুনসি ৰইছ) লগে লগে কয়, তুমিও বুৰ্বক৷ বুৰ্বক, বুৰ্বক, বুৰ্বক৷
 
ডাঙৰ মামাৰ খবৰটো মই তেওঁৰ বন্ধুক জনাব পৰা নাই৷ জীৱিত মানুহৰ সেইটো ক্ষমতা আছে৷ মৃত ব্যক্তিৰ নাই৷
 
একেলেগে বহুত চৰায়ে কিৰিলিয়াইছে৷ ডাঙৰ মামা ঢুকাল নেকি? ডাঙৰ মামাৰ মৃত্যুত অজস্ৰ চৰায়ে কিৰিলিওৱাৰ কথা৷ মামা হ'ল পক্ষীপ্ৰেমী৷ তেওঁৰ এটাই নিচা, হাবিয়ে-জংঘলে ফলৰ গছ ৰোৱা৷ চৰায়ে খাবলৈ ফল৷ প্ৰতি বছৰে বহাগৰ মাহত মিনি ট্ৰাক ভৰ্তি গছৰ পুলি লৈ তেওঁ জংঘলত সোমায়৷
 
গাজীপুৰৰ শালনি বাৰীত তেওঁ লগোৱা লিচু গছৰ পকা লিচু চাবলৈ তেওঁৰ লগত মই এবাৰ হাবিত সোমাইছিলো৷ বহুত বিচৰা-বিচৰি কৰাৰ পিছতো মামাই লিচু গছ বিচাৰি উলিয়াব নোৱাৰিলে৷
 
হাবিয়ে-বননিয়ে ফলৰ গছ লগোৱাক লৈ মুনসি ৰইছৰ সৈতে মামাৰ কাজিয়া৷ মুনসি ৰইছে কয়, "ফলৰ গছ তুমি ৰুব খুজিলে মানুহৰ কাৰণে ৰোৱা৷ পশুপক্ষীৰ খাদ্যৰ ব্যৱস্থা আল্লাই নিজে কৰে৷ পৰুৱাৰ খাদ্যৰ অভাৱ নহয়৷ মানুহৰ হয়৷ মানুহক তেওঁ জ্ঞান বুদ্ধি দিছে, গতিকে মানুহে নিজৰ খাদ্যৰ ব্যৱস্থা নিজে কৰিবলগীয়া হয়৷"
 
মামাই বিৰক্ত হৈ কৈ উঠে, "চব ফল যদি মানুহেই খাই পেলায়, চৰায়ে কি খাব? বুৰ্বক৷"
 
"তুমিও বুৰ্বক৷ পক্ষীপ্ৰেমী ওলাইছে৷"
 
"চুপ৷"
 
"তুমি চুপ৷"
 
মাইকৰ ঘোষণা শুনিয়েই ফকিৰ-ভিক্ষুবোৰে হাতত কাঁহী-বাটি লৈ আহিবলৈ আৰম্ভ কৰিলে৷ সিহঁতৰ চকুৱে মুখে আনন্দ৷ দুটা গৰু জবাই কৰা হ'ব৷ কবৰ দিয়া হোৱাৰ পিছত ফকিৰ-ভিক্ষুক খুৱাব৷
 
ফকিৰ-ভিক্ষুৰ বাবে এটা গৰু, সাধৰণ মানুহৰ কাৰণে এটা গৰু৷ যিয়ে গৰু নাখায় তাৰ বাবে খাহীৰ মাংস৷

মোৰ মৃত্যুৰ বাবাদ যি তিনিটা অবোধ প্ৰাণীক বলি দিয়া হ', সিহঁতক দেখিলো৷ গৰু দুটাই মাহনন্দে ঘাঁহ খাই আছে৷ ছগলীটোৱে একো খোৱা নাই৷ মৃত্যুৰ পিছত এই প্ৰাণীবোৰৰ কাৰণে অন্য জগত আছেনে? সিহঁতৰ জানো আত্মা আছে?

মোৰ মন গৈছিল গাওঁৰ ঘৰখনলৈ যাবলৈ৷ বহুদিন তালৈ যোৱা নাই৷ বাৰীৰ পিছৰ সেউজীয়া শেলুৱৈয়ে ঢকা পুখুৰীটো অদ্ভুত৷ এই পুখুৰীটোত দুটা প্ৰকাণ্ড শাল মাছ আছে৷ মাজে মাজে শাল মাছ দুটা ধৰিবলৈ চেষ্টা কৰা হয়৷ কোনোবাৰে ধৰিব নোৱাৰে৷ বহুতৰে ধাৰণা এই দুটা মাছ নহয়, জিন৷ মাছৰ ৰূপ ধৰি পুখুৰীত বাস কৰে৷
 
এই পুখুৰীটোত আৰু ৰহস্য আছে৷ কেতিয়াবা কেতিয়াবা পুখুৰী ভৰি পদুম ফুল ফুলে৷ তেতিয়া ধৰি লোৱা হয়, আমাৰ ঘৰৰ কোনোবা মৰিব৷ সৰু খুৰা যেতিয়া ঢুকায়, তেতিয়া পদুম ফুলেৰে পুখুৰী ভৰি গৈছিল৷ মোৰ ডাঙৰ ককাইদেৱে যেতিয়া জাম গছৰ ডালত চিপ লগাই মৰিছিল, তেতিয়াও পুখুৰী ভৰি পদুম ফুলিছিল৷ ককাদেউতা তেতিয়া জীয়াই আছিল, তেওঁ আদেশ দিলে, "চব পদুম শিপাৰে সৈতে উঘালী আন৷ এডালো যাতে নাবাচে৷" মোৰ মৃত্যুত বাৰু পদুম ফুল ফুলিছেনে? এবাৰ যদি তালৈ যাব পাৰিলোহেঁতেন! বৰকৈ চাবলৈ মন গৈছে৷
 
মন গ'লেও ঘৰলৈ যাব পৰা নাই৷ মৃত ব্যক্তিৰ কোনো ইচ্ছা-অনিচ্ছা নাথাকে৷ আনৰ ইচ্ছাই তাৰ ইচ্ছা৷ এই আনজন কোন?"
 
মোৰ ডেডবডি নাহে, খবৰটো হয়তো আহি পাইছে৷ কবৰ-খন্দা মানুহ আৰু মুয়াজ্জিন ডাঙৰীয়া গুচি গৈছে৷ বহুতেই গুচি গৈছে, কেৱল ফকিৰ-ভিক্ষুৰ দলটো যোৱা নাই৷ সিহঁত হতাশ, কি কৰিব ভাবি পোৱা নাই৷ সিহঁতৰ লিডাৰ শ্ৰেণীৰ এজনে ক্ষুদ্ধ মাতেৰে কৈছে, "মাতি আনি কিহৰ ফতুৱামি?"
 
লিডাৰৰ কথাত সকলোৱে হয়ভৰ দিয়া দেখা যায়৷ ফকিৰ-ভিক্ষুৱেও তাকেই কৰিলে৷ হয়ভৰ দিছে৷ লিডাৰে ক'লে, "আজি নুখুৱাই মানিলো, কেতিয়া খোৱাব সেইটোতো জনাব লাগিব৷"
 
লিডাৰৰ কাষৰজনে ক'লে, "হয় হয়৷ লাগিলে ঘৰ-দুৱাৰ ভাঙি পেলাম৷ এনে অভিশাপ দিম বংশ-গোষ্ঠী মৰি চাফা হৈ যাব৷"
 
মহিলা ফকিৰ এজনীয়ে ক'লে, "ঠিক কথা কৈছা৷ একদম ঠিক কথা কৈছা৷"
 
লিডাৰে ক'লে, "কি ঠিক কথা? এই কথা ঠিক কথাৰো ওপৰত৷ কোনো খা-খবৰ নকৰাকৈ যিয়ে আয়োজন কৰিছিল প্ৰথম তাকেই মৰা দৰকাৰ৷"
 
সমবেত কণ্ঠস্বৰ, "হয়, হয়৷"
 
আয়োজক কোন ধৰিব পৰা নাই৷ ইতিমধ্যে কেবাখনো গাড়ী-মটৰ আহিবলৈ ধৰিছে৷ এখন মাইক্ৰ'বাছত উঠি মোৰ কলিগ কিছুমান আহিছে৷ দীঘলীয়া যাত্ৰৰ ফলত তেওঁলোক ভাগৰি পৰিছে৷ তেওঁলোকো ফকিৰ-ভিক্ষুবোৰৰ দৰেই ভোকাতুৰ৷ তেওঁলোকেও খোৱা-বোৱাৰ কি ব্যৱস্থা কৰিছে তাকে লৈ নিজৰ মাজত কথা পাতিছে৷ তেওঁলোককো কিছু অসন্তুষ্ট যেন লাগিছে৷ ভোকে মানুহক কাতৰ কৰি তোলে৷ মৃত্যুৰ পিছৰ জগতত ভোক নাই৷ তাত সেইকাৰণেই চাগে কাকো কাতৰ কৰি তুলিব পৰা নাযায়৷
 
বৰষুণ দিবলৈ আৰম্ভ কৰিছে৷ আমাৰ অঞ্চলৰ বিখ্যাত আবতৰীয়া বৰষুণ৷ অলপ সময়ৰ ভিতৰতে খন্দা কবৰত পানী জমা হ'ল৷ কেইটামান ভেকুলীয়ে পানীত জপিওৱা-জপি কৰি আনন্দ প্ৰকাশ কৰিছে৷ অপ্ৰত্যাশিতভাৱে সিহঁতৰ বাবে পানীৰ ব্যৱস্থা হৈছে, সিহঁত আনন্দিত হোৱাৰেই কথা৷
 
চহৰৰ হঠাৎ অহা বৰষুণজাক আৰু গাওঁৰ হঠাৎ অহা বৰষুণৰজাকৰ পাৰ্থক্য আছে৷ চহৰৰ হঠাৎ অহা বৰষুণ মানেই দুৰ্ভোগ৷ ৰাস্তাত এক আঁঠু পানী৷ তীব্ৰ যান-জঁট, দূষিত বিষাক্ত পানী ভাঙি ভাঙি পথচাৰীৰ ঘৰলৈ ওভতা৷ গাওঁৰ হঠাৎ অহা বৰষুণ মানেই বিশুদ্ধ আনন্দ৷
 
বহুদিন আগৰ কথা, গাওঁৰ পুখুৰীৰ পাৰত বহি আছিলো, হঠাৎ আহি গ'ল বৰষুণ৷ পুখুৰীৰ পানীত বৰষুণ পৰিছে, বুৰুবুৰণি উঠিছে-- দেখি এনে লাগিছে পুখুৰীটো আনন্দত কলমলাই উঠিছে৷ বতাহত গছৰ ডাল-পাত লৰিছে, এনেকুৱা লাগিছে বৰষুণৰ আনন্দত সিহঁতে নাচিব ধৰিছে৷
 
বৰষুণ দিবলৈ আৰম্ভ কৰিছিল আবেলি৷ মই ঠিক কৰিলো, বৰষুণ নেৰালৈকে পাৰত বহি থাকিম৷ বৰষুণ এৰিলে ইশ্বাৰ নামাজৰ সময়ত৷ তেতিয়া এক অদ্ভুত দৃশ্য দেখা গ'ল -- হাজাৰ হাজাৰ জোনাকী পৰুৱা ওলাই আহিছে৷ সিহঁত চবেই এক লগ হৈ এটা গোলোকৰ আকৃতি লৈছে, আৰু মুহূৰ্তৰ ভিতৰতে গোলক ভাঙি চাৰিওপিনে চিটিকি গ'ল৷ পুনৰ গোলকৰ আকৃতি ল'লে৷ এটা সময়ত সিহঁতে মোৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে, সিহঁতৰ ঘূৰণো বিচিত্ৰ৷ কেতিয়াবা ক্লকৱাইজ আৰু কেতিয়াবা এন্টিক্লকৱাইজ৷ মোৰ এনে লাগিল, এই জোনাকীবোৰে মোক কিবা ক'ব খুজিছে, পৰা নাই৷ নিম্ন শ্ৰেণীৰ কীট-পতঙ্গৰ সৈতে আমাৰ মানসিক যোগাযোগৰ কোনো ব্যৱস্থা প্ৰকৃতিয়ে ৰখা নাই৷
 
খ্ৰীষ্টান ধৰ্মযাজক লেমেট্ৰিয়ে এবাৰ তেওঁৰ প্ৰাৰ্থনা সম্পন্ন কৰি তেওঁৰ পঢ়া টেবুলত বহি আছিল৷ বেচেৰা মানসিকভাৱে বিপৰ্যস্ত৷ কাৰণ, সিদিনা সন্ধিয়াই তেওঁ মহান পদাৰ্থবিদ আইনষ্টাইনৰ ধমক খাইছে৷ ১৯২৭ চনৰ কথা৷ ব্ৰাচেলচৰ এখন কনফাৰেন্সত এই ধৰ্মযাজকজনে আইনষ্টাইনৰ থিয়ৰি অব ৰিলেটিভিটিৰ ওপৰত এখন ৰচনা পাঠ কৰিছিল৷ যিহেতু আইনষ্টাইন স্বয়ং সেই সভাত উপস্থিত আছিল, লেমেট্ৰিৰ আগ্ৰহৰ সীমা নাছিল৷
 
লেমেট্ৰিয়ে তেওঁৰ ৰচনাত দেখুৱাই যে আইনষ্টাইনৰ থিয়ৰি অব ৰিলেটিভিটিৰ সমাধানে দাবী কৰে মহাবিশ্বৰ প্ৰসাৰণশীলতাক৷ ই চাৰিওফালে বিস্তৃত হৈ গৈ আছে৷ আইনষ্টাইনে তেওঁক ধমক দি ক'লে, "গণিতেৰে চব কথা বিচাৰ নকৰিব৷ অন্ধৰ দৰে গণিতক অনুসৰণ কৰিবলৈ গৈ আপোনালোকে যি পদাৰ্থবিজ্ঞানৰ সৃষ্টি কৰিব, সেয়া হ'বগৈ বাহুল্য বিজ্ঞান (এবোমিনেবল ফিজিক্স)৷"
 
লেমেট্ৰিয়ে তেওঁৰ ডায়েৰীত লিখিছিল -- মই মানসিকভাৱে সম্পূৰ্ণ বিপৰ্যস্ত হৈ পঢ়া টেবুলত বহি আছিলো৷ তেতিয়া এটা মহ আহি মোৰ কাণৰ কাষত গুণগুণাবলৈ ধৰিলে৷ তাৰ কাম মোক বিৰক্ত কৰা, মই কিন্তু বিৰক্ত হোৱা নাছিলো৷ মোৰ এনে লাগিছিল, সি মোক সান্তনা দিবলৈ চেষ্টা কৰিছে৷ মই তাৰ কথা বিলাক ধৰিব পৰা নাছিলো৷ সি যে মোক অকল সান্তনাই দিছিল, তেনেকুৱা নহয়, মোক মোৰ কাম চলাই যাবলৈও কৈছিল৷
 
তাৰ দুবছৰ পিছত এষ্ট্ৰোনোমাৰ হাবুল ডাঙৰীয়াই মাউন্ট উইলছন অভজাৰভেটেৰিৰ পৃথিৱীৰ আটাইতকৈ শক্তিশালী দূৰবীণটোৰে পৰীক্ষা-নিৰীক্ষা কৰি ঘোষণা কৰিলে, আটাইবোৰ গেলেক্সিৰ মিল্কিৱে গেলেক্সিৰ পৰা আঁতৰি গৈ আছে৷ মহাবিশ্ব সম্প্ৰসাৰণশীল৷
 
আইনষ্টাইনে লজ্জিত হৈ লেমেট্ৰিলৈ চিঠি লিখিলে, "আপোনাৰ থিয়'ৰিটো অতি সুন্দৰ আছিল৷ আপোনালৈ মোৰ অভিনন্দন৷"
 
জীৱিত মানুহৰ জীৱনৰ এছোৱা পাৰ হৈ যায় সুন্দৰৰ সন্ধানত৷ কোনোবাই জোনাকী পৰুৱাৰ মাজতে সৌন্দৰ্য্যৰ সন্ধান কৰে, আৰু লেমেট্ৰিৰ দৰে মানুহে বিগ বেংক থিয়'ৰিৰ মাজত সৌন্দৰ্য্যৰ সন্ধান কৰে৷
 
মৃত্যুৰ পিছতো চাগে মানুহে সৌন্দৰ্য্যৰ সন্ধান কৰিব৷ পিছে কি সৌন্দৰ্য্যৰ সন্ধান কৰিব?
 
মই মোৰ মৃতদেহৰ বাবে খন্দা কবৰ দেখিছো, বৰষুণ দেখিছো, দূৰৈত মাইকৰ শব্দ শুনিছো৷ ইহঁতক হয়তো কোনেও জনোৱা নাই যে ডেডবডি নাহে৷
 
এটি বিশেষ ঘোষণা -- কালামাকান্দাৰ কৃতী সন্তান, বিশ্ববিদ্যালয়ৰ 'প্ৰবেচৰ' ইফটেখাৰ ইছলাম ডাঙৰীয়াৰ..
 
দিনৰ পোহৰ দ্ৰুততাৰে কমি আহিছে৷ আজি ৰাতিও জানো বৰষুণ থামিব, আৰু সেই বিশেষ দিনটোৰ দৰে জাকে জাকে জোনাকী পৰুৱা ওলাবনে আজি? এনেকুৱা লাগিছে, আজিও তাকেই হ'ব৷
 
মই বা মোৰ চেতনা বা অন্য কিবাটো এতিয়া দিলু ৰ'ডৰ ঘৰত, মোৰ নিজৰ ঘৰত৷ ইয়ালৈ কেনেকৈ আহিলো, নাজানো৷ মোৰ অৱস্থা সোঁতত উটি যাবলৈ দিয়াৰ নিচিনা হৈছে৷ সোঁতে যিপিনে উটুৱাই নিব, সেইপিনেই যাব লাগিব৷ নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰো৷ বোধহয়, মোৰ চিন্তা নিয়ন্ত্ৰিত৷
 
নিজৰ ঘৰলৈ আহি মই আনন্দত অভিভূত হৈ পৰিছো৷ এনেকুৱা লাগিছে, কত দিন, কত ৰাতি মই ঘৰৰ বাহিৰত কটাব লগীয়া হৈছিল৷ এতিয়া উভতি আহিছো৷ সকলো আগৰ দৰেই আছে৷ পলিনে তাইৰ ৰূমত ইন্টাৰনেটত জানো কি কৰি আছে! হয়তো ফেচবুক আপডেট দিছে৷ ৰুবিনাই শ্বাৱাৰৰ তলত গা ধুই আছে৷ ৰাতিপুৱা দহটা বাজিব৷ এইটো সময়ত তাই এবাৰ গা ধোৱে৷ গা ধুই পুৱাৰ জলপান খায়৷ আৰু এবাৰ গা ধুৱে ৰাতি শুবলৈ যোৱাৰ আগত৷
 
পাকঘৰত এজনী নতুন কাম কৰা বাই দেখিবলৈ পালো৷ তাই ৰুবিনাৰ ব্ৰেকফাষ্ট ৰেডি কৰিছে৷ এখন পাউৰুটি, এগিলাছ মাল্টাৰ ৰস, একাপ গাখীৰ, এটা সিজোৱা কণী৷ টি-পট ভৰ্তি পাতল ৰঙা চাহ৷ ৰুবিনাই ব্ৰেকফাষ্ট কৰাৰ ফাঁকে ফাঁকে চাহ খায়৷ দিনৰ প্ৰথম চিগাৰেটটো পিছে আগতেই খাই ল'ব৷ মাল্টাৰ ৰসত চুমুক দি দি৷
 
কাদেৰ পাকঘৰলৈ সোমাই আহিল৷ সি সৰুকৈ ক'লে, "ড্ৰয়িং ৰূমত আলহী আছে, একাপ কফি দিয়ক৷ চেনী-গাখীৰ নিদিব, ব্লেক কফি৷ চেনি-গাখীৰ নোহোৱাকৈ মানুহে এইবিলাক বস্তু যে কেনেকৈ খায়, কোনে জানে!

ছালমাই ক'লে, "কফি আপুনি নিজেই বনাই নিয়ক৷ মোৰ হাত বন্ধ৷"
 
কাদেৰে ক'লে, "গেষ্ট কোন শুনিলে হাতৰ কাম বন্ধ হৈ যাব৷  ডিটেক্টিভ ব্ৰান্সৰ ইনছপেক্টৰ৷ বাইদেউক এৰেষ্ট কৰিবলৈ আহিছে৷"
 
"কি কয়?"

***