May 11, 2014

মৃত্যু অভিজ্ঞতা - নৱম অধ্যায়

ৰাজীৱ ফুকন
Mrity Obhigyata Assamese Horror Novel by Rajiv Phukan      
*মূলঃ হুমায়ূন আহমেদ
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

নৱম অধ্যায়  

"যিদিনা ৰাতি আপোনাৰ স্বামী অসুস্থ হৈ পৰিছিল, সিদিনা ৰাতি কি কি হৈছিল, সেইটো কওঁক৷ একো বাদো নিদিব, আৰু একো যোগো নকৰিব৷"
 
"সূক্ষ্ম ডিটেইলছবিলাকো ক'ব লাগিব নেকি?"
 
"অঁ, 'ব৷"
 
"ৰাতি দহটাৰ পিছৰ পৰা ক'বলৈ আৰম্ভ কৰো৷ তাৰ আগত ক'বলগীয়া একো নাই৷"
 
"কওঁক৷ নেইলপলিছ লগোৱা শেষ কৰি কওঁক৷ মই বিচাৰো, কথা কওঁতে আপুনি মোৰ চকুলৈ চাই কথা ক'ব৷ কোনোবাই বেলেগ ফালে চাই কথা ক'লে মোৰ অস্বস্তি লাগে৷"
 
ৰুবিনাই নেইলপলিছ লগোৱা শেষ কৰিলে৷ দুয়োখান হাত মেলি এবাৰ চাই ল'লে, তাৰ পিছত ক'বলৈ আৰম্ভ কৰিলে৷
 
"ৰাতি দহটাৰ আগতেই আমাৰ খোৱা-বোৱা হৈ যায়৷ আমি নিজে নিজৰ কাম আৰম্ভ কৰো৷"
 
"ভালকৈ কওঁক৷ কি আমি নিজে নিজৰ কাম আৰম্ভ কৰো?"
 
ৰুবিনাই চিগাৰেট জ্বলাই কথা কৈ আছিল, মই খলিলতকৈও বেছি আগ্ৰহেৰে শুনিবলৈ ল'লো৷ ৰুবিনাই এতিয়া যি কথা ক'বলৈ ওলাইছে, তাৰ স্মৃতি মোৰ নাই৷ এই প্ৰথম শুনিছো৷
 
ৰুবিনাই ক'লে, "আমি কোনে কি কৰিছিলো সেইটো ক'বলৈ কৈছেতো, কৈছো৷ মোৰ কন্যা পলিন অটিষ্টিক৷ তাই বহু ৰাতিলৈকে সাৰে থাকে৷ কম্পিউটাৰত গেম খেলে৷ ফেচবুক খুলি বহি থাকে৷ তাইৰ ফেচবুকৰ বন্ধুৰ সংখ্যা চাৰি হাজাৰ ওঠৰ৷ সিহঁতৰ প্ৰত্যেকৰে নাম তাই জানে৷
 
মোৰ স্বামী ষ্টাডিৰূমৰ দৰজা বন্ধ কৰি সোমাই থাকে৷ কিতাপ পঢ়ে, লিখা লিখি কৰে৷ প্ৰতি নিশা আধাঘন্টা মেডিটেছন কৰে৷ মই কোনোদিনে সেইটো ৰূমলৈ নাযাওঁ৷
 
মই থাকো বেডৰূমত৷ প্ৰায় প্ৰতিদিনে ৰতি ভূতৰ চিনেমা চাওঁ৷ চিনেমা চাই থকাৰ মাজতে এবাৰ আহি ডালিমৰ ৰস খাওঁ৷ মই দুগিলাচকৈ ডালিমৰ ৰস খাওঁ৷ ৰাতিপুৱা এগিলাছ৷ ৰাতি এগিলাছ৷ ডালিমৰ ৰস খাই পলিনক এবাৰ চাই আহো৷ মোক দেখিলে পলিনে কয়, ডোন্ট ডিস্তাৰ্ব মি, প্লিজ৷ মই কওঁ, আই লাভ ইউ৷
 
পলিনৰ ৰূমৰ পৰা নিজৰ ৰূমলৈ আহো৷ চিনেমা শেষ কৰি শুই পৰো৷
 
সিদিনা ৰাতি মই পাৰ্পল স্কাই নামৰ এখন ভূতৰ চিনেমা চাইছিলো৷ চিনেমাৰ মাজতে ডালিমৰ জুছ খাবলৈ গৈ দেখো টেবুলত ডালিমৰ জুছ নাই৷ কাম কৰা বাইজনী নতুন, তাই জুছ বনাই তাত দুটুকুৰা বৰফ দি খোৱা টেবুলত থৈ দিবলৈ পাহৰিলে৷ মই গ'লো পলিনৰ ৰূমলৈ৷ পলিনে ক'লে, ডোন্ট ডিষ্টাৰ্ব মি৷ মই ক'লো, আই লাভ ইউ৷
 
নিজৰ ৰূমলৈ আহি চিনেমাখন শেষ কৰি শুই গ'লো৷ কিমান সময় শুই আছিলো, 'ব নোৱাৰো৷ টোপনি ভাঙিল পলিনৰ হেঁচুকনিত৷ খোলা দৰজাখনেৰে তাই সোমাই আহিছিল, মোক টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছে৷
 
মই ধৰমৰাই উঠি বহি ক'লো, 'কি হ'ল মা?'
 
পলিনে কান্দি কান্দি ক'লে, 'ঘৰত ভূত সোমাইছে৷'
 
'ভূতটোৱে কি কৰিছে?'
 
'মোক ডিষ্টাৰ্ব কৰিছে৷'
 
কেনেকৈ ডিষ্টাৰ্ব কৰিছে?'
 
'গোঁ গোঁ, ঘত ঘতকৈ শব্দ কৰি আছে৷ দৰজাত আঁচুৰিছে৷'
 
''লা চাওঁ৷'
 
পলিনে ক'লে, 'মই নাযাওঁ৷ তুমি চাই আহা৷ ভূতটোক খেদি থৈ আহিবা৷'
 
মই পলিনৰ ৰূমলৈ গ'লো৷ তাৰ পৰা গ'লো ষ্টাডিৰূমলৈ৷ ভূতৰ ৰহস্য ভেদ হ'ল৷ মোৰ স্বামী অজ্ঞান হৈ পৰি আছে মজিয়াত৷ গোঁ গোঁ শব্দ হয়তো তেওঁৱে অলপ আগলৈকে কৰিছিল৷ তেওঁৰ ৰূমত ভঙা গিলাচৰ টুকুৰা৷ টুকুৰাত ডালিমৰ ৰস লাগি আছে৷
 
এম্বুলেন্সৰ বাবে ফোন কৰিলো৷ ৰবিক ফোন কৰিলো৷ তেওঁক হাস্পতাললৈ লৈ গ'লো৷
 
খলিলে ক'লে, "ডাক্তৰে ফুড পয়জনিঙৰ চিকিৎসা কৰিছিলনে? ষ্টমাক ৱাছ কৰিছিলনে?"
 
"নাই৷ তেওঁলোকে মাইণ্ড ষ্ট্ৰোক বুলি ধৰি লৈছিল৷ তাৰ চিকিৎসা কৰিছিল৷ মই সঁচা কথা কৈ থকা যেন লাগিছেনে?"
 
"অঁ, কিন্তু কাম কৰা বাইজনী নতুনকৈ অহা বুলি কোৱা কথাষাৰ মিছা৷ মই যিমান দূৰ জানো, ছালমা নামৰ মানুহজনী আপোনাৰ স্বামীৰ মৃত্যুৰ পিছত জইন কৰিছে৷ নহয় জানো?"
 
"হয়৷"
 
"এই মিছা কথাটো কিয় ক'লে?"
 
"নাজানো, কিয় ক'লো!"
 
খলিলে ক'লে, "মই জানো৷ আপুনি বহুত সজাই পৰাই ক'বলৈ গৈছিল৷ সজাই পৰাই ক'বলৈ গ'লে বহু অপ্ৰয়োজনীয় কথা সোমাই পৰে৷ আপোনাৰো তেনেকুৱা হৈছে৷"
 
"'ব পাৰে৷"
 
"আপোনাৰ ছোৱালী পলিনে তাইৰ দেউতাকক বহুত ভাল পায়, আপুনি কৈছিল৷ নহয় জানো?"
 
"অঁ৷"
 
"তাই দেউতাকৰ সৈতে ৰাতি সাৰে থাকি কম্পিউটাৰ গেম খেলে৷"
 
"অঁ৷"
 
"তাইৰ ৰূমৰ কাষতেই দেউতাকৰ ৰূম৷ তাই ভূত দেখি দেউতাকৰ ওচৰলৈ নগৈ আপোনাৰ ওচৰলৈ আহিল কিয়?"
 
"নাজানো৷"
 
"মোৰ ধাৰণা, পলিন আপোনাৰ ওচৰলৈ অহা নাছিল৷ আপুনি ভূতৰ চিনেমা চায়৷ ভূতৰ শব্দ আপুনিহে শুনিব লাগে৷ তাৰোপৰি অটিষ্টিক শিশুৱে ভূতক ভয় নকৰে, ভয় কৰে মানুহক৷"
 
ৰুবিনাই একো নক'লে৷ তাই অলপ ভয় খাইছে৷ ঘনে ঘনে চিগাৰেটত টান মৰা দেখি তেনেকুৱাই লাগিছে৷ খলিলে ক'লে, "কাম কৰা মানুহজনীৰ কথালৈ আকৌ আহিছো৷ সিদিনা ৰাতি আপোনালোকৰ ঘৰত মানুহজনী নাছিল৷ নহয় জানো?"
 
"অঁ৷"
 
"কাদেৰে ডালিমৰ ৰস বনায়নে?
 
"নবনায়৷"
 
"তেনেহ'লে মই ধৰি ল'ব পাৰো যে ডালিমৰ ৰস সিদিনা আপুনি বনাইছিল?"
 
"ধৰি ল'ব পাৰে৷"
 
"বাৰু, এনেকুৱাও হ'ব পাৰে নেকি, সিদিনা ৰাতি আপোনাৰ ডালিমৰ ৰস খাবলৈ মন যোৱা নাছিল, আপুনি গ্লাছটো স্বামীৰ ওচৰলৈ লৈ গ'ল৷ ডালিমৰ ৰসখিনি নষ্ট হোৱাতকৈ তেওঁকেই খাই পেলাবলৈ ক'লে৷"
 
ৰুবিনাই কঠোৰ মাতেৰে ক'লে, "আপুনি কি প্ৰমাণ কৰিব খুজিছে, সিদিনা ৰাতি মই ডালিমৰ ৰস বনাই তাত বিহ মিহলাই মোৰ স্বামীক খুৱাইছিলো৷"
 
"মই একো প্ৰমাণ কৰিব খোজা নাই, মই অনুমানৰ কথা কৈছো৷ বিশ্বাসযোগ্য চিনেৰিও এটাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছো৷ তাৰ বেছি একো নহয়৷"
 
"আজিলৈ জেৰা কৰাটো স্থগিত ৰাখিব পাৰিনে?"
 
"জেৰাতো মই কৰা নাই৷ জেৰা কৰিব উকিলে৷ আপুনি কাঠগড়াত থিয় হৈ থাকিব, উকিলে এটাৰ ওপৰত এটা প্ৰশ্ন কৰিব৷ বহুত জঘন্য জঘন্য প্ৰশ্ন কৰিব। ক্ৰিমিনেল লয়াৰে ধুনীয়া তিৰোতা পালে লেতেৰা প্ৰশ্ন কৰিবলৈ ভাল পায়৷ উকিলৰ জঘন্য প্ৰশ্নৰ পৰা বচাৰ একমাত্ৰ উপায় হ'ল স্বীকাৰোক্তিমূলক জবান-বন্দী দিয়া৷"
 
ৰুবিনাই ক'লে, "তাৰ পিছত হাঁহি মুখে ফাঁচী কাঠত ওলমি দিয়া, নহয় জানো?"
 
খলিলে ক'লে, "মহিলাক মৃত্যুদণ্ড দিয়াৰ ক্ষেত্ৰত আদালত কিছু নমনীয়৷ আপুনি এইটো প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব যে আপোনাৰ স্বামীয়ে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল৷ ঘৰত ৰূপৱতী পত্নী থকাৰ পিছতো তেওঁ বেশ্যা-গমন কৰিছিল৷ বনকৰা ছোৱালীবোৰৰ লগত তেওঁৰ শাৰীৰিক সম্পৰ্ক আছিল৷ এইবিলাক দেখি শুনি আপোনাৰ মগজুৱে কাম নকৰা হৈ গৈছিল৷ ভাবি চাব৷ বাইদেউ, মই উঠো৷ অহাকালি মেজিষ্ট্ৰেটৰ ওচৰত জবান-বন্দী দিব৷ এটা সৰু বেয়া খবৰ আছিল৷ খবৰটো দিমনে?"
 
"দিয়ক, আপোনাৰ ভাল খবৰবোৰো বেয়া খবৰৰ দৰেই৷"
 
খলিলে উঠি কলে, "বেছি ডাঙৰ খবৰ অৱশ্যে নহয়৷ আপোনাৰ স্বামীৰ ডেডবডি লৈ যে মাইক্ৰ'বাছখন গৈছিল৷ সেইখন খাদত পৰি গৈছে৷ কাদেৰৰ ভৰি ভাঙিছে, তাক হস্পিতাললৈ নিয়া হৈছে৷"
 
ৰুবিনাই হো-হোৱাই হাঁহি উঠিল৷ মোৰ নিজৰো হাঁহি উঠিছিল৷ ৰুবিনাই হঁহা কাৰণটো খলিলে ধৰিব পৰা নাছিল৷ তাক অলপ বিব্ৰত হৈ পৰা যেন লাগিল৷ কাদেৰে যিমান বাৰেই মাইক্ৰ'বাছ বা বাছত উঠি ঢাকাৰ বাহিৰলৈ গৈছে, প্ৰতিবাৰেই এক্সিডেন্ট হৈছে, আৰু প্ৰতিবাৰেই তাৰ ভৰি ভাঙিছে৷ কথাটো কাকতলীয়া? নে বোধৰ অগম্য অন্য কিবা?
 
ৰুবিনাই গা লৰাই লৰাই হাঁহিছে৷ এনেকুৱা হাঁহিৰ এটা নাম আছে, কেৱল ওঁঠৰ হাঁহি নহয় সৰ্বাঙ্গৰ হাঁহি৷ ঢেকঢেকনি।
 
খলিলে ক'লে, "আপোনাৰ ছোৱালী পলিনৰ বিষয়ে জানিব খোজো৷ তাই আপোনাৰ পূৰ্বৰ হাজবেণ্ডৰ ফালৰ নেকি?"
 
ৰুবিনাই ক'লে, "মই এবাৰেই বিয়া কৰাইছো, মোৰ পূৰ্বৰ হাজবেণ্ড বুলি কোনো নাই৷"
 
"তেনেহ'লে পলিন কোন?"
 
"পলিন মোৰ ভনীৰ ছোৱালী৷ পলিনৰ জন্মৰ সময়ত তাইৰ বিয়া হোৱা নাছিল৷ পলিনৰ জন্মটো তাইৰ কাৰণে ডাঙৰ সমস্যা আছিল৷ পলিনক মোৰ লগত লৈ আহি মই তাইক উদ্ধাৰ কৰো৷ পলিনে মোকেই তাইৰ মাক বুলি জানে৷"
 
"আপোনাৰ ভনীজনীৰ বিষয়ে কওঁক৷"
 
"তাই আমেৰিকাত থাকে৷ বিয়া হৈছে৷ সুখত আছে৷ এই হত্যাকাণ্ডটোৰ লগত তাই কোনোপধ্যে জৰিত নহয়৷ গতিকে তাইৰ বিষয়ে আৰু একো নকওঁ৷"
 
"আপুনি যেনেদৰে পলিনৰ মাক হ'ল৷ আপোনাৰ স্বামী কিয় দেউতাক নহ'?"
 
"মই বিচৰা নাছিলো৷ মোৰ স্বামী এজন পবিত্ৰ মানুহ৷ অপবিত্ৰ কোনো বস্তুৰ সৈতে তেওঁ যুক্ত হওঁক, সেইটো মই বিচৰা নাছিলো৷"
 
"নিজে অপবিত্ৰ বস্তুৰ সৈতে যুক্ত হৈ থকাত আপোনাৰ আপত্তি নাই, নহয় জানো?"
 
গাড়ী খাদত পৰা বুলি শুনিলে ভাব হয় গিৰিখাদ৷ প্ৰথম যেতিয়া শুনিলো মোৰ ডেডবডি কঢ়িয়াই নিয়া মাইক্ৰ'বাছখন খাদত পৰিছে, তেতিয়া ভাবিছিলো, ভয়ংকৰ কিবা ঘটিছে৷ এতিয়া মই ঘটনাস্থলীত আছো৷ তেনেকুৱা একো ঘটা নাই৷ ৰাস্তাৰ কাষৰ নৰ্দমাত পৰি গৈছিল৷ ঠেলা-ঠেলি কৰি গাড়ীখন উঠোৱা হৈছে৷ ড্ৰাইভাৰে ষ্টাৰ্ট দিবলৈ চেষ্টা কৰি আছে৷ ইঞ্জিনটোৱে ঘৰৰৰ শব্দ কৰি বন্ধ হৈ গৈছে৷
 
কাদেৰক হস্পিতাললৈ নিয়া বুলি শুনিছিলো, কথাটো মিছা৷ সি ভৰিখন অলপ সময় হেঁচি ধৰি থাকি গেঙনিৰ শব্দ কৰিছে৷ তাৰ গাৰ বৰণ নীলা পৰি গৈছে৷ অক্সিজেনৰ অভাৱ হ'ল মানুহৰ বৰণ নীলা হয়৷ কাদেৰৰ সঁচাকৈয়ে অক্সিজেনৰ অভাৱ হৈছে, তাক সোনকালেই হস্পিতাললৈ নিয়া দৰকাৰ৷
 
এক্সিডেন্ট হৈছে শালনি-বাৰীৰ ভিতৰৰ ৰাস্তাত৷ ওচৰে পাজৰে মানুহ দুনুহ নাই, অকল পুলিচৰ জীপ এখন আছে৷ মাইক্ৰ'বাছখন জৰীৰে জীপৰ সৈতে বন্ধা হৈছে৷ টানি নিয়া হ'ব৷
 
মাইক্ৰ'বাছখন যেতিয়া গুচি যাব, তেতিয়া বাৰু ময়ো সিহঁতৰ লগতে যাম নেকি? নে মই অকলে পৰি থাকিম শালনি-বাৰীৰ মাজত? কি হ', একোৱেই নাজানো৷ মোৰ ঠাণ্ডাটো তীব্ৰতৰ হৈ আহিছে৷ হিমশীতল বতাহ এচাতি বিশেষ কোনোবা এটা দিশৰ পৰা আহিছে৷ সেই দিশটো উত্তৰ, দক্ষিণ, পূব নে পশ্চিম কোনে জানে?
 
পুলিচৰ জীপে মাইক্ৰ'বাছখন লৈ গ'ল৷ মাইক্ৰ'বাছৰ ভিতৰত মোৰ ডেডবডি৷ মই (বা মোৰ চেতনা) একে ঠাইতে পৰি ৰ'লো৷ এয়া জানো উচিত হৈছে? কিমান সময় পৰি থাকিব লাগিব ইয়াত?

***