May 10, 2014

মৃত্যু অভিজ্ঞতা - অষ্টম অধ্যায়

ৰাজীৱ ফুকন
Mrity Obhigyata Assamese Horror Novel by Rajiv Phukan     
*মূলঃ হুমায়ূন আহমেদ
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

অষ্টম অধ্যায়  

ইন্সপেক্টৰ খলিলে ফোনত জনাইছিল, ডাঙৰ মামা ঢুকাইছে৷ মোৰ বাবে আছিল এইটো ভাল লগা খবৰ৷ ডাঙৰ মামাৰো নিশ্চয় মোৰ দৰেই অৱস্থা হৈছে৷ তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰিম জানো?
 
এতিয়ালৈকে সেইটো সম্ভৱ হোৱা নাই৷ যি মোক নিয়ন্ত্ৰণ কৰি আছে, তেওঁ ডাঙৰ মামাৰ সৈতে মোক দেখা কৰোৱা নাই৷ তেওঁ মোক লৈ বিশেষ কোনো পৰিকল্পনা কৰিছে নেকি? পৰিকল্পনাটো কি?
 
সম্পূৰ্ণ স্মৃতি মোক দিয়া হোৱা নাই৷ মোক কেতিয়া কোনে বিষ খোৱাইছিল মোৰ মনত নাই৷ ৰজনী নামৰ সেই ছোৱালীজনী, যিয়ে ৰাতি তিনিটা বজাত ৰুবিনাক ফোন কৰিছিল৷ তাইৰ কথা মনত নাই৷ পলিনৰ প্ৰকৃত দেউতাক কোন, তাকো মনত নাই৷
 
এনেকুৱাও হ'ব পাৰে নেকি যে মোক কেৱল দৰকাৰী তথ্যখিনি দিয়া হৈছে৷ অপ্ৰয়োজনীয় তথ্য কম্পিউটাৰৰ ভাইৰাছৰ নিচিনা৷ এন্টিভাইৰাছৰ জৰিয়তে আঁতৰাই পেলোৱা হৈছে৷ 'আদাৰ ৰিয়েলিটি' কিতাপখনত পঢ়িছিলো, মানুহ, জীৱ-জন্তু, গছ-গছনি -- এই সকলোবোৰ মেট্ৰিক্স চিনেমাখনৰ নিচিনা, কম্পিউটাৰত খেলাৰ দৰে ভাৰ্ছুৱেল গেম৷ আমি এজন মাষ্টাৰ প্ৰ’গ্ৰেমৰে নিৰ্মাণ কৰা বিনোদনৰ খেল৷
 
ৰুবিনাই ছোৱালীজনীৰ লগত চাহ খাবলৈ বহিছে৷ ৰুবিনাৰ সন্মুখত যথাৰীতি এক পট ৰঙা চাহ৷ প্লেটত কটা আপেল, মাখন লগোৱা টোষ্ট৷ সৰু গ্লাছ এটাত ডালিমৰ ৰস৷ ৰুবিনাই চকু-মুখ কোঁচাই ডালিমৰ ৰস খালে৷ পলিনে সুধিলে, "ডালিমৰ ৰস তুমি ভাল নোপোৱা?"
 
"পাওঁতো৷"
 
"তেনেহ'লে খোৱাৰ সময়ত মুখখন কোঁচাই দিয়া কিয়?"
 
ৰুবিনাই ক'লে, "কেহা, সেই কাৰণে ভাল নাপাওঁ৷"
 
"তেনেহ'লে খোৱা কিয়?"
 
"প্ৰচুৰ ভিটামিন-ই থাকে৷ এন্টি-এজিং প্ৰপাৰ্টি থাকে৷"
 
"ডালিমৰ ৰস খালে তোমাৰ বয়স নাবাঢ়িব?"
 
"লাহে লাহে বাঢ়িব৷"
 
"তুমি বহুদিন জীয়াই থাকিব খোজা নেকি?"
 
"চবেই বিচাৰে৷"
 
"মই নিবিচাৰো৷"
 
"কম বয়সতে মৰিব খোজা?"
 
"উম৷ সেই মানুহজনে দেউতাৰ ৰূমত ইমান সময় ধৰি কি কৰি আছে?"
 
ৰুবিনাই আচৰিত হৈ ক'লে, "দেউতা বুলিছা কিয়? তুমিতো তেওঁক কোনোদিনে দেউতা বুলি মতা নাছিলা৷"
 
"মনে মনে মাতিছিলো৷ এতিয়া তেওঁ ঢুকাইছে, সেয়ে মনে মনে নামাতি ভালকৈ মাতিছো৷"
 
"তুমি তেওঁক ভাল পাইছিলা?"
 
"উম৷ তুমি মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়া কিয়? সেই মানুহজনে দেউতাৰ ষ্টাডি ৰূমত কি কৰিছে?"
 
"তেওঁৰ কাগজ পত্ৰ, ডায়েৰী আদি চাইছে৷"
 
"কিয়?"
 
"তেওঁ ডি.বি. পুলিচৰ মানুহ৷ তেওঁৰ ধাৰণা, তুমি এতিয়া যাক দেউতা বুলিছা, তেওঁক হত্যা কৰা হৈছে৷ এই বিষয়ে তেওঁ তদন্ত কৰি আছে৷"
 
"কোনে হত্যা কৰিছে?"
 
"এতিয়াও তেওঁ উলিয়াব পৰা নাই৷"
 
"উলিয়াব পাৰিবনে?"
 
"নাজানো পাৰিবনে নাই?"
 
"শাৰ্লোক হোমছ থকা হ'লে পাৰিলেহেঁতেন৷ শাৰ্লোক হোমছৰ সাংঘাতিক বুদ্ধি৷ তুমিও পাৰিবা, তোমাৰো সাংঘাতিক বুদ্ধি৷ মা, তুমি জানা নেকি, কোনে মাৰিছে?"
 
"নাই৷"
 
"সেই মানুহজনে জানে?"
 
"তেৱো নাজানে৷ কিন্তু তেওঁৰ সন্দেহ, মই মাৰিছো৷"
 
"মা, তুমি জানো মাৰিছা?"
 
"নাই, মই মৰা নাই৷ তুমি মোৰ কথা বিশ্বাস কৰিছা নহয়?"
 
পলিনে লগে লগে ক'লে, "কৰিছো৷ কাৰণ তুমি কেতিয়াও মিছা কথা নোকোৱা৷"
 
ৰুবিনাই মৃদু নিশ্বাস পেলাই ক'লে, "তুমি এতিয়া যাক দেউতা বুলি ক'লা, সেই মানুহজন ভৰিৰ পৰা মূৰলৈকে এজন ভাল মানুহ আছিল৷ বিবাহিত জীৱনত তেওঁ মোক কোনোদিনে কোনো কথাতে খং-ৰাগ কৰি নাপালে৷" 
"দেউতা যে ভাল মানুহ, সেইটো মই জানো৷ কম্পিউটাৰ গেমৰ সাপ বিলাকেও জানে৷ সিহঁতে সহজতে দেউতাক খুঁটিব নোখোজে৷"
 
ৰুবিনা আৰু পলিনক মই নেদেখা হ'লো৷ ৰুবিনা আৰু পলিনে এই মুহূৰ্তত যিখিনি কথা পাতিলে, সেইখিনি জনাবৰ কাৰণেই হয়তো সিহঁতক দেখুওৱা হৈছিল৷ মোক জনোৱা হৈ গ'ল কাৰণে আৰু সিহঁতক দেখা নাই৷ মই এতিয়া দেখি আছো খলিলক৷ সি কিতাপৰ থাকৰ আঁৰৰ পৰা এটা সৰু বটল উদ্ধাৰ কৰিছে৷ বটলটোত লিখা আছে, "উঁই পৰুৱা মৰা বিহ৷" বটলটোৰ আধা মান খালী৷ খলিলে অতি সাৱধানে বটলটো পলিথিনৰ বেগত ভৰাই ল'লে৷ তাক ভীষণ চিন্তিত যেন লাগিল৷ যিয়ে বিহ খুৱাই হত্যা কৰে, সি বিহৰ বটলটো জানো পেলাই নিদিব? পিছে অসম্ভৱ চতুৰ ৰুবিনাই এই কামটো কৰিবও পাৰে৷
 
খলিলে ভাবিলে, এই মানুহগৰাকীৰ সৈতে কথা পাতোতে আৰু সাৱধান হ'ব লাগিব৷ সৰু-সুৰা ফান্দ পাতি এওঁক ধৰিব পৰা নাযাব৷ তাৰ বাবে লাগিব ডাঙৰ ফান্দ৷ এনায়েতৰ চালটো এই মানুহগৰাকীয়ে যেনেকৈ হেণ্ডেল কৰিলে, সেইটো আচৰিত হ'বলগীয়া কথাই৷
 
খলিলে এতিয়া মোৰ ডায়েৰীৰ পাত লুটিয়াই আছে৷ ইয়াত সি একো নাপাব৷ মই ডায়েৰীত ব্যক্তিগত কথা নিলিখো৷ কোৱাণ্টাম জগতৰ ৰহস্যময়তাৰ বিষয়ে লিখো৷ গণিতৰ কিছু পেৰাডক্স লিখিছিলো৷ পেৰাডক্স বিলাক পলিনৰ বাবে লিখা৷ তাই ভাল পায়৷ এই মুহূৰ্তত খলিলে অত্যন্ত আগ্ৰহেৰে গণিতৰ পেৰাডক্স এটাৰ ওপৰত চকু ফুৰাইছে৷ মই লিখিছিলোঃ
 
৩৬ ইঞ্চি = ১ গজ
 
উভয় পক্ষক চাৰিৰে ভাগ কৰিলে হয়
 
৯ ইঞ্চি = ১/৪ ইঞ্চি
 
উভয় পক্ষৰ বৰ্গমূল উলিওৱা হ'ল৷ এতিয়া থাকিলঃ
 
৩ = ১/২
 
এতিয়া উভয় পক্ষক ৰে পূৰণ কৰিলে হ'লঃ
 
৬ ইঞ্চি = ১ গজ
 
অলপ আগতে দেখুওৱা হৈছিল, ৩৬ ইঞ্চি সমান ১ গজ৷ এতিয়া অংকৰে প্ৰমাণ কৰা হ'ল ৬ ইঞ্চি সমান ১ গজ৷ কেনেদৰে সম্ভৱ?
  খলিলে মূৰ খজুৱাইছে৷ কাগজ কলম লৈ বহিছে৷ পেৰাডক্স তাৰ মগজুত বহি গৈছে৷ ইমান সামান্য পেৰাডক্সটো লৈয়ে সি অস্থিৰ হৈ পৰিছে, আৰু মই সোমাই পৰিছো পেৰাডক্সৰ মহা সমুদ্ৰত৷
 
খলিল আৰু ৰুবিনা ড্ৰয়িং ৰূমত৷ ৰুবিনা ব্যস্ত নেইল পলিছ লগোৱাত৷ এষ্ট্ৰেৰ এচুকত তাইৰ জ্বলন্ত চিগাৰেট চুটি হৈ গৈ আছে৷ চিগাৰেটৰ ভিতৰত গাঁজা ভৰোৱা আছে৷ বিকট গোন্ধ ওলাইছে৷ ৰুবিনাৰ হাতত নেইল পলিছৰ ব্ৰাছ৷ মই দুয়োকে চাই আছো৷ ৰুবিনাই কি ভাবি আছে, 'ব পৰা নাই৷ খলিলৰ চিন্তা ধৰিব পাৰিছো৷ ৰুবিনাৰ চিন্তা-কল্পনা ব্লক কৰি দিয়া হৈছে৷ এনেকুৱাও সময় আহিব নেকি যে মই কেৱল দেখি থাকিম, কিন্তু কোনে কি কৈছে নুশুনিম৷ মৃত্যুৰ পিছৰ জগত অধিবাস্তৱ জগত৷ বাস্তৱতা কথাটোৱেই পিছে ধুঁৱলী-কুঁৱলী৷
 
ক্লাছত বাস্তৱতাৰ ওপৰত মই এবাৰ এটা বক্তৃতা দিছিলো৷ মোৰ বক্তৃতাৰ বিষয় আছিল বাস্তৱতাৰ বিষয়টো মানুহৰ মস্তিষ্কৰ সৃষ্টি৷ ৰেটিনাৰে ইনফৰ্মেছন মস্তিষ্কলৈ যায়৷ মস্তিষ্কই সেয়া প্ৰচেছ কৰি আমাক যি দেখুৱাই, সেয়াই আমাৰ বাবে ৰিয়েলিটি৷ প্ৰছেছিং প্ৰক্ৰিয়াত সামান্য ভুল হ'লেই ৰিয়েলিটি বেলেগ ধৰণৰ হ'ব৷ আমি যি দেখি আছো, তাকেই বাস্তৱ বুলি ভাবি ল'ব লগীয়া একো নাই৷ আমাৰ মগজুৱে যি ভাবিবলৈ বাধ্য কৰাইছে, সেয়াই বাস্তৱ৷
 
এজনী ছোৱালীয়ে সুধিলে, "ছাৰ, মই যে ক্লাছত বহি আছো, এইটো বাস্তৱ নে?"
 
মই সুধিলো, "তোমাৰ নাম কি?"
 
তাই ক'লে, "বকুল৷"
 
মই ক'লো, "আমাৰ মস্তিষ্কই এনেদৰে ট্ৰিক কৰিব পাৰে যে ফুলৰ নামেৰে যাৰ নাম, তাক দেখা মাত্ৰকে সেই ফুলৰ গোন্ধ চাৰিওফালে মলমলাই থাকিব৷ মস্তিষ্কই এইটো ৰিয়েলিটিৰ সৃষ্টি কৰিছে, যি মূল ৰিয়েলিটিৰ বাহিৰত৷"
 
মোৰ কথা শেষ হোৱাৰ আগতেই ক্লাছৰ এজন ছাত্ৰই শুকান মুখেৰে ক'লে, "ছাৰ, তাৰ গাৰ পৰা গোবৰৰ গোন্ধ আহিছে৷ সি কি তেনেহ'লে গোবৰ নেকি?"
 
চবে হো-হোৱাই হাঁহি উঠিল৷ আটাইতকৈ আগতে হাঁহিলে বকুলে৷ মোৰ হাঁহি নুঠিল৷ ক্লাছ ভৰ্তি ছাত্ৰ-ছাত্ৰীৰ হাঁহিৰ শব্দত মোৰ মূৰটো গৰম হ'বলৈ ধৰিলে৷
 
এতিয়া পুনৰ হাঁহিৰ শব্দ শুনিবলৈ পাইছো৷ ত্ৰিছ-চল্লিছজন ছাত্ৰ-ছাত্ৰীৰ হাঁহিৰ শব্দ নহয়৷ হাজাৰ হাজাৰ মানুহৰ চেপা হাঁহি৷ কিবা এটা হ'বলৈ গৈ আছে৷ কি হ'বলৈ গৈ আছে, ধৰিব পৰা নাই৷ মই কি অন্য কোনো ৰিয়েলিটিত প্ৰৱেশ কৰিছো নেকি? হাঁহিৰ শব্দ কমি গৈ ৰুবিনাৰ মাত শুনা গ', "ষ্টাডিৰূমত কিবা পালে?"
 
"ইনচেক্টিচাইডৰ বটল এটা পাইছো৷ বটলত কি আছে, সেইটো জানিবলৈ লেবৰটৰিলৈ পঠাম৷"
 
"বহি-কাগজ ওলট-পালট কৰি একো নাপালে?"
 
"নাই৷ মই আপোনাৰ ছোৱালী পলিনক দুটামান কথা সুধিব খোজো৷"
 
"আজি থাকক৷ বেলেগ এদিন সুধিব৷ তাইৰ দেউতাকৰ ডেডবডি গোটেই দিন ধৰি বাৰান্দাত পৰি আছিল৷ তাই সেয়ে আপচেট হৈ আছে৷"
 
খলিলে ক'লে, "মই যিমান দূৰ জানো, ইফতেখাৰ ডাঙৰীয়া তাইৰ দেউতাক নহয়৷"
 
"দেউতাক নহ'লেও পলিনে তেওঁক দেউতা বুলি মাতিবলৈ আৰম্ভ কৰিছে৷ আগতে নামাতিছিল৷ আজিৰ পৰা মাতিবলৈ লৈছে৷ পলিনক প্ৰশ্ন নকৰি আপুনি মোক প্ৰশ্ন কৰক৷ যিমান ইচ্ছা প্ৰশ্ন কৰক৷ মই মিছা কথা নকওঁ৷"
 
"মিছা নোকোৱা মানুহ অতি বিপজ্জনক৷"
 
"কেনেকৈ?"
 
"সিহঁতে যেতিয়া দুই-এটা মিছা কৈ দিয়ে, তেতিয়া সেই মিছাকে সঁচা বুলি ধৰা হয়৷ এহাজাৰ ভেড়া ছাগলীৰ মাজত এটা কুকুৰনেচীয়া বাঘ সোমাই পৰাৰ দৰে৷ এহেজাৰ সত্যৰ মাজৰ এটা অসত্য৷ ভয়ংকৰ মিছা৷"
 
ৰুবিনাই হাঁহিলে, খলিলৰ উপমাটো তাইৰ ভাল লাগিছে৷ খলিলে ক'লে, "আপোনাৰ সৈতে ৰবিউল ডাঙৰীয়াৰ যি বন্ধুত্ব, সেয়া আপোনাৰ স্বামীয়ে কি দৃষ্টিৰে চাইছিল?"
 
"একো দৃষ্টিৰেই চোৱা নাছিল, তেওঁ জানিছিল ৰবিৰ সৈতে মোৰ কোনো বন্ধুত্ব নাই৷ ৰবি অত্যন্ত কৰ্মথ ব্যক্তি৷ চব কামতে পাৰদৰ্শী৷ তাৰ দ্বাৰা মই বহুত কাম কৰাই লৈছিলো৷ বিনিময়ত সামান্য অভিনয়৷"
 
"বিনিময়ত সামান্য অভিনয় -- তাৰ মানে কি?"
 
"তাক মোৰ বহুত ভাল লাগে, তাৰ আগত তেনেকুৱা ভাব দিয়া৷ হয়তো গোপনে ভালো পাওঁ৷ বিবাহিত কাৰণে মই উপায়হীন৷ নহ'লেতো কোনোবা দিনাই তাৰ সৈতে পলাই গ'লোহেঁতেন৷"
 
"অভিনয় কৰি আপুনি কাম আদায় কৰি লয়?"
 
"অভিনয় নকৰাকৈও মই কাম আদায় কৰিব পাৰো, আনৰ দ্বাৰা কাম কৰাই ল'ব পাৰো৷ যেনেকৈ, আপোনাৰ পৰা কাম আদায় কৰিলো৷ আপুনি মাইক্ৰ'বাছৰ ব্যৱস্থা কৰিলে৷ এজন পুলিচ দিলে৷ কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে মোৰ স্বামীৰ ডেডবডি গাওঁৰ ঘৰলৈ পঠাই দিয়া হ'ল৷"

 ***

পূৰ্ববৰ্তী অধ্যায়লৈ                  সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ