মৃত্যুৰ পিছৰ জগতত সময় নাথাকে৷ গতিকে
কিমান সময় অকলে পৰি থাকিম, সেই চিন্তা অৰ্থহীন৷ হয়তো অনন্তকাল পৰি থাকিম৷
সূৰ্যই এটা সময়ত বাওনা-গ্ৰহ হৈ পৃথিৱীখন গিলি পেলাব, তাৰ পিছতো মই ইয়াতেই পৰি থাকিম৷
যিপিনৰ পৰা হিমশীতল বতাহচাতি আহিছে,
সেইপিনে
আকাশত এক ধৰণৰ আভা দেখা গৈছে৷ ইয়াৰ অৰ্থ কি? হঠাৎ সেই আভাৰ পিনে এক ধৰণৰ টান অনুভৱ
কৰিলো মই৷ খুব লাহে লাহে কিবা এটাই মোক টানি নিব ধৰিছে৷ মোৰ অনন্ত যাত্ৰা কি
সেইপিনে নেকি? ক'লৈ যাম?
মই হতাশ মাতেৰে ক'লো, "ইয়াত কোনোবা আছে নেকি, মোক কোনোবাই সহায় কৰিব পাৰিব?"
কথা
শেষ হ'বলৈ নাপাওঁতেই হাবিৰ মাজৰ পৰা শিয়ালে হুৱা দিবলৈ আৰম্ভ কৰিলে৷ শিয়ালে
প্ৰহৰে প্ৰহৰে হুৱা দিয়ে৷ এতিয়া কি প্ৰহৰ চলি আছে?
কোনে জানো শিয়ালৰ হুৱাৰ লগত মিলাই এটা
পদ্য মাতিছেঃ
ৰাতি ৰাতি শিয়ালীয়ে বিনাই
তুহিনৰ ঘৰৰ বন কৰা বাই
তাই খালে ভয়
তাইৰ যিমান সাহস আছিল
সকলো গ'ল ক্ষয়
জয় শিয়ালৰ জয়৷
কবিতা পাঠ কৰিছিল খলিলে৷ মোৰ অৱস্থান
এতিয়া খলিলৰ ঘৰত৷ খলিলৰ সন্মুখত পাঁচ-ছয় বছৰীয়া এজনী ছোৱালী৷ তাইৰ নামেই চাগে
তুহিন৷ খলিলে তাৰ সদ্য-ৰচিত কবিতাটো তাইৰ আগত পাঠ কৰি শুনাইছে৷ তুহিনৰ কবিতা শুনাৰ
প্ৰতি আগ্ৰহ নাই৷ তাই ৰাক্ষসৰ ছবি এখন অঁকাত ব্যস্ত৷
খলিলৰ ঘৈণীয়েক পাকঘৰত৷ তাই ৰন্ধা বঢ়া
কৰিছে৷ আজি সিহঁতৰ ঘৰত পোলাও, খাহীৰ মাংসৰ জোল আৰু ৰোষ্ট বনাইছে৷ খলিলৰ ঘৈণীয়েকজনী
কম বয়সৰ ছোৱালী৷ নতুন শাৰীখনেৰে তাইক ধুনীয়া লাগিছে৷ আজি সিহঁতৰ বিয়াৰ ষষ্ঠ
বৰ্ষপূৰ্তি৷
ছোৱালীজনীয়ে পাকঘৰৰ পৰা মাত দিলে,
"তুহিনৰ দেউতাক, আজি তুমি কাকো খাবলে মতা নাই? তোমাৰ লগৰ কোনো নাহে নেকি?"
খলিলে ক'লে, "কিছুমান অনুষ্ঠান কেৱল স্বামী-স্ত্ৰীৰ
বাবে৷ তাত বাহিৰৰ কাৰো স্থান নাই৷"
"মই তেনেহ’লে কিয় ইমান সোপা ৰন্ধা-বঢ়া কৰিলো? প্ৰতিবাৰেইচোন তুমি কাৰোবাক কাৰোবাক
মাতা৷"
"আৰু নামাতো৷ কেৱল তুমি আৰু মই৷"
ছোৱালীজনীয়ে হাঁহি হাঁহি ক'লে, "তুমি আচলতে মেৰেজ এনিভাৰ্ছেৰিৰ কথা
পাহৰি গৈছিলা, ন'?"
"হুঁ!"
"ইচ্ছা কৰিলে এতিয়াও মাতিব পাৰা৷ আঠটা
বাজিছেহে৷"
"এতিয়া আৰু মাতিবলৈ মন যোৱা নাই৷ ইয়াতে
আহি বহা৷"
"কাম কৰি আছো দেখা নাই?"
"বাইজনীয়ে চাব আহা৷"
ছোৱালীজনী আহি বহিল৷ তুহিনে ছবি অঁকা
বন্ধ কৰি মূৰ তুলি ক'লে, "দেউতা, তোমালোকে কিন্তু হাতত ধৰা ধৰি নকৰিবা৷ মোৰ খং উঠিব৷"
স্বামী-স্ত্ৰী দুয়ো হাঁহিলে৷
মাক-দেউতাকে হঁহা দেখি তুহিনৰ খং উঠিল৷ তাই ৰাক্ষসৰ ছবিখন লৈ গুচি গ'ল৷ খলিলে ক'লে, "এছা! বিবাহ-বাৰ্ষিকীৰ কথা কিয় পাহৰি গ'লো জানা?"
এছাই ক'লে, "বাদ দিয়া৷ বিবাহ-বাৰ্ষিকী পাহৰাতো
তোমাৰ বাবে একো নতুন কথা নহয়৷ প্ৰথম দুবছৰৰ বাদে প্ৰতিবাৰেই পাহৰিছা৷ শেষ মুহূৰ্তত
মই মনত পেলাই দিওঁ৷"
"এইবাৰো মনত পেলাই নিদিলা কিয়?"
"সন্ধিয়া ছটা মানত কেবাবাৰো ফোন
কৰিছিলো৷"
"তেতিয়া ফোন অফ আছিল৷ মই খটৰনাক মহিলা
এগৰাকীৰ লগত কথা পাতি আছিলো৷"
"কেনেকুৱা খটৰনাক?"
"তেওঁ নিজৰ গিৰিয়েকক বিহ খোৱাই মাৰিছে৷
তাৰ পিছতো কোনো অনুতাপ নাই৷ গিৰিয়েকৰ ডেডবডি গাওঁৰ ঘৰলৈ পঠাই দি নিজে ধুন-পেচ মৰাত
ব্যস্ত৷"
এছাই ক'লে, "সাজি-সাজি কথা নক'বা৷"
"সাজি-সাজি কোৱা নাই৷ মোৰ আগত বহি নেইল
পলিছ লগাই আছিল৷ মই হতভম্ব৷"
এছাই ক'লে, "হয়তো তোমাক বিভ্ৰান্ত কৰিবলৈকে
তেনেকুৱা কৰিছে৷ তেৱে যে মাৰিছে, তুমি নিশ্চিতনে?"
"অঁ৷ চব সন্দেহ ৰুবিনাৰ ওপৰত৷"
"ৰুবিনা নেকি নাম?"
"অঁ, তেওঁ গাঁজাও খায়৷ হোৱাট এ
কেৰেক্টাৰ!"
এছাই ক'লে, "সাধাৰণতে দেখা যায়, যাৰ ওপৰত সন্দেহ বেছি, সি নামাৰে৷ যাক কোনেও সন্দেহ নকৰে,
সিহে
মাৰে৷"
খলিলে ক'লে, "গল্প উপন্যাসত তেনেকুৱা দেখা যায়৷
তেনেকুৱা নহ'লে ডিটেক্টিভ গল্প নিটিকিব৷ বাস্তৱত সন্দেহ যাৰ ওপৰত বেছি, সিয়েই হত্যাকাৰী৷ ৰুবিনাই কি কৰিছে
শুনিবা নেকি?"
"নাই৷ বিবাহ-বাৰ্ষিকীৰ দিনাখন
হত্যা-হিংসাৰ কাহিনী কোনোবাই শুনে নেকি?"
খলিলে ক'লে, "সেইটোও ঠিক৷ বাৰু, বাদ দিয়া৷"
এছাই ক'লে, "তোমাক দেখি এনেকুৱা লাগিছে, তোমাৰ যেন ক'বলৈ বৰ মন গৈ আছে৷ কোৱা, শুনো৷"
খলিলে ক'লে, "ৰুবিনাই উঁই পৰুৱা মৰা বিহ কিনি আনিছিল৷
উঁই পৰুৱা মৰা বিহ অত্যন্ত বিষাক্ত৷ ডালিমৰ ৰসৰ লগত সেই বিহ আধা বটল মিহলাই তেওঁ
গিৰিয়েকক খুৱাইছিল৷"
এছাই ক'লে, "ৰুবিনা দেখিবলৈ কেনেকুৱা?"
খলিলে ক'লে, "হত্যাকাৰী মানে হত্যাকাৰী৷ দেখিবলৈ ৰাজকুঁৱৰীৰ
দৰে হ'লেও হত্যাকাৰী, দাঁত-ওলোৱা তাৰকা ৰাক্ষসিনীৰ দৰে হ'লেও হত্যাকাৰী৷"
"তাৰ মানে, তোমাৰ এই হত্যাকাৰী গৰাকী খুবেই ধুনীয়া?"
"ধুনীয়াবিলাকৰ বহুত দোষ থাকে৷ স্বামীৰ
বন্ধুৰ সৈতে প্ৰেম তাৰ এটা৷ মোটিভ এইটোৱেই হ'ব৷"
আলোচনাই সেইখিনি পৰ্যায় পাওঁতেই মই
মাজতে কৈ উঠিলো, "এছা, তুমি তোমাৰ স্বামীৰ কথা বিশ্বাস নকৰিবা৷ উঁই পৰুৱা মৰা বিহৰ কথাটো মোৰ
মনত পৰিছে৷ বিহ মই অনাইছিলো৷ ডাঙৰ মামাৰ ফাৰ্মাচীৰ ল'ৰা এটাই দি গৈছিল৷ বিহ অনাইছিলো,
আৰু
লগতে এটা স্প্ৰে অনাইছিলো৷ মোৰ কিতাপত উঁই পৰুৱাই ধৰিছিল৷ উঁই পৰুৱা মাৰিবৰ বাবে অনাইছিলো৷
বিহৰ বটলটো য'ত পাইছে, স্প্ৰেটোও তাতেই আছিল৷"
মই কথা শেষ কৰিলো৷ কথা শেষ কৰা বা
নকৰাৰ কোনো অৰ্থ নাই৷ এছাৰ লগত বা আন কোনো জীৱিত মানুহৰ লগতেই মোৰ কোনো যোগাযোগ
কৰিব পৰা ক্ষমতা নাই৷
এছাই মোক আচৰিত কৰি তাইৰ গিৰিয়েকক ক'লে, "উঁই-পৰুৱা মৰা ঔষধ কিনা হৈছিল
কিতাপ-পত্ৰত দিবলৈ৷"
খলিলে ক'লে, "তুমি কেনেকৈ জানিলা? তোমাক কোনে ক'লে?"
এছাই ক'লে, "মোক আৰু কোনে ক'ব? তেনেকুৱা হৈছিল কাৰণে কৈছো৷ ঔষধ য'ত আছিল, তাত স্প্ৰে নাছিল জানো? থাকিবতো লাগিছিল৷"
খলিলে ক'লে, "অঁ, আছিল৷ এতিয়া মনত পৰিছে৷ তুমি কেনেকৈ
জানিলা?"
এছাই হাঁহি হাঁহি ক'লে, "মই প্ৰায়ে মনৰ পৰাই এনেকুৱা কথাবোৰ কওঁ,
সেইবোৰ
মিলিও যায়৷ তুমিচোন জানাই!"
খলিলে মূৰ দুপিয়ালে৷ মই ক'লো, "এছা, তুমি তোমাৰ স্বামীক কোৱা, ৰুবিনাই তাইৰ গিৰিয়েকক মৰা নাই৷ কোনেও
মৰা নাই৷ এইটো এটা স্বাভাৱিক মৃত্যুৰ ঘটনা, হাৰ্ট এটেক বা অন্য কিবা৷ কোৱা এছা,
কোৱা৷"
এছাই ক'লে, "ভাত হোৱালৈ দেৰি আছে৷ চাহ একাপ খাবা
নেকি?"
"নাই৷"
"খোৱা, একাপ৷ দুয়ো বাৰান্দাত বহি খাম, ব'লা৷ একাপেই চাহ বনাম৷ এবাৰ তুমি
চুমুক দিবা৷ এবাৰ মই৷"
"বাৰু যোৱা৷ চাহ বনোৱা৷"
মই ক'লো, "চাহ পিছতো বনাব পাৰিবা, এছা৷ আগতে ৰুবিনা যে নিৰ্দোষী সেইটো কথা কৈ থৈ যোৱা৷ দেৰি কৰিছা কিয়?"
এছাই ক'লে, "মই মোটামুটি নিশ্চিত, ৰুবিনা মানুহগৰাকী নিৰ্দোষী৷ তাইৰ
গিৰিয়েকৰ স্বাভাৱিক মৃত্যু হৈছে৷"
"ভিছেৰা ৰিপোৰ্টত আৰগ্যানো ফছফৰাছ পোৱা
গৈছে৷"
"ৰিপোৰ্ট ভুল হৈছে৷ আকৌ পৰীক্ষা কৰোৱাৰ
ব্যৱস্থা কৰা৷"
"দেখা যাওঁক৷"
"দেখা যাওঁক নহয়৷ পৰীক্ষা কৰাবই লাগিব৷
এগৰাকী নিৰ্দোষী মহিলা ফাঁচী কাঠত ওলমিব নেকি৷"
খলিলে ক'লে, "এই প্ৰসংগটো এতিয়া থাকক৷"
এছাই ক’লে, "নাই, নাথাকে৷ ৰুবিনা মানুহগৰাকী সাংঘাতিক
কষ্টত আছে৷ তুমি তেওঁৰ কষ্ট দূৰ কৰা৷"
"কেনেকৈ?"
"ফোন কৰি কোৱা, তুমি নিশ্চিত যে তেওঁৰ স্বামীৰ
স্বাভাৱিক মৃত্যু হৈছে৷"
"মই নিশ্চিত নহয়৷"
এছাই ক'লে, "তুমিও নিশ্চিত৷ মাত্ৰ মুখত নিশ্চিত নহয়
বুলি কৈছা৷"
মই ক'লো, "এছা, তুমি তোমাৰ স্বামীক কোৱা, ৰুবিনাৰ নিচিনা ভাল ছোৱালী বহুত কম
জন্মিছে৷ তাতকৈয়ো ডাঙৰ কথা, তাই অত্যন্ত বুদ্ধিমতী৷ তাই মোক হত্যা কৰা হ'লে, এনেদৰে কৰিলেহেঁতেন যে তোমাৰ স্বামীৰ
সাধ্যও নহ'লহেঁতেন এই হত্যাৰ ৰহস্য উদ্ধাৰ কৰা৷ এই কথাটো তেওঁক কৈ চাহ বনাবলৈ
যোৱা৷"
এছাই উঠি ক'লে, "ৰুবিনা মানুহগৰাকী অত্যন্ত বুদ্ধিমতী৷
তাই মৰা হ'লে এনেকেই মাৰিলহেঁতেন যে তুমি ধৰিবই নোৱাৰিলাহেঁতেন৷"
"ৰুবিনা অত্যন্ত বুদ্ধিমতী বুলি তোমাক
কোনে ক'লে?"
"কোনেও কোৱা নাই৷ মোৰ মনে কৈছে৷"
"কথাটো সঁচা৷ চি ইজ ভেৰি স্মাৰ্ট৷"
খলিল তাৰ ঘৈনীয়েকৰ সৈতে বাৰান্দাত বহি
আছে৷ সিহঁতৰ সন্মুখত একাপ চাহ৷ সেই চাহত এবাৰ খলিলে চুমুক দিছে৷ এবাৰ এছাই৷
তুহিনে ৰাক্ষসৰ ছবিখন লৈ বাৰান্দাত
সোমাল৷ মুখ ফুলাই ক'লে, "তোমালোকে হাতত ধৰা-ধৰিকৈ বহি আছা কিয়? হাত এৰা৷ মোৰ কিন্তু খং উঠিছে৷"
খলিলে হাত এৰি উঠিল৷ এছাই ক'লে, "ক'লৈ যোৱা?"
খলিলে ক'লে, "ৰুবিনা বাইদেউক ফোন এটা কৰো৷"
ৰুবিনা তাইৰ জীয়েকৰ কোঠাত বহি আছিল৷
পলিনে হীৰা সংগ্ৰহ কৰা খেলখন খেলি আছে৷ এখন ভয়ংকৰ ঠাই পাৰ হ'ব পৰা নাই৷ দুডাল সাপে তাইক খুঁটিয়াই
মাৰি পেলাইছে৷ পলিনে ক'লে, "দেউতা থকা হ'লে, এই সাপৰ ঠাইখন পাৰ কৰাই দিলেহেঁতেন৷
দেউতাই পাৰে৷ মই নোৱাৰো৷"
ৰুবিনাই ক'লে, "তেওঁ এতিয়া নাই৷ সাপ লুকাই থকা ঠাইখন
তুমি অকলেই পাৰ হ'ব লাগিব৷ ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত গান এটা আছে, একলা চলো, একলা চলো ৰে৷ ৰবীন্দ্ৰনাথক জানা নহয়?"
"জানো৷ বগা দাড়ি আছে৷"
ৰুবিনাৰ ফোনটো বাজি উঠিল৷ তাই ধৰিলে৷
"বাইদেউ, মই খলিল৷"
ৰুবিনাই ক'লে, "জানো, আপোনাৰ নামটো ফোনত ওলাইছে৷"
"আপোনাক ফোন কৰিলো এটা কথা জনাবৰ কাৰণে৷
আপুনি সন্দেহৰ তালিকাত নাই৷"
"কোন আছে? পলিন?"
"কোনো নাই৷ আপোনাৰ স্বামীৰ স্বাভাৱিক
মৃত্যু হৈছে৷ হস্পিতালৰ পৰা দিয়া ডেথ চাৰ্তিফিকেটত হাৰ্ট এটেকত মৰা বুলি আছে৷
ভিছেৰা ৰিপোৰ্ট হয়তো শুদ্ধ নহয়৷ ভিছেৰা পৰীক্ষা নতুনকৈ কৰোৱাৰ ব্যৱস্থা
কৰিছো৷"
ৰুবিনাই ক'লে, "মোৰ ভাত খোৱাৰ সময় হৈছে৷ আপোনাৰ কথা
শেষ হ'ল নে?"
"সৰু কথা এটা আছে৷ আজি আমাৰ মেৰেজ
এনিভাৰ্ছাৰি৷ এই উপলক্ষে মোৰ পত্নীয়ে বহুত কিবা-কিবি ৰন্ধা-বঢ়া কৰিছে৷ মৃত মানুহৰ ঘৰলৈ
বন্ধু-বান্ধৱে খাদ্য বস্তু পঠোৱাৰ ৰীতি এটা আছে৷ মই অলপ খোৱাবস্তু পঠাব পাৰিম নেকি?"
ৰুবিনাই ক'লে, "পাৰিব৷ হেপ্পি মেৰেজ
এনিভাৰ্ছেৰি৷"
হঠাৎ এটা জোকাৰণি অনুভৱ কৰিলো৷ সকলো
অস্পষ্ট হ'বলৈ আৰম্ভ কৰিছে৷ যি পৰিকল্পনাৰে মোক বিভিন্ন স্থানত ঘূৰোৱা হৈছিল,
সেই
পৰিকল্পনাৰ অন্ত পৰিছে৷
ধৰিব পাৰিলো, মই যাব লাগিব৷ ক'লৈ যাম? নাজানো৷ মানুহে নিজে ক'ৰ পৰা আহিছে, তাকেই নাজানে৷ ক'লৈ যাব, সেইটো কেনেদৰে জানিব?
ইছ, মোৰ শৰীৰ থকা হ'লে, মই ৰুবিনাৰ হাতত হাত থ'ব পাৰিলোহেঁতেন৷ পলিনৰ কপালত এটা চুমা
খালোহেঁতেন৷ ছোৱালীজনীয়ে সাপৰ ঠাইখনক লৈ সমস্যাত পৰিছে, তাইক ঠাইখন পাৰ কৰাই দিলোহেঁতেন৷
মই ঘন্টাৰ শব্দ শুনিবলৈ পালো৷ ঘন্টা
বাজি বন্ধ হৈ যোৱা নাই, বহু সময় ধৰি ৰিনৰিনাই আছে৷ ভয়াবহ শীতে মোক গ্ৰাস কৰিবলৈ ধৰিছে৷
তেনেতে পলিনৰ আনন্দিত মাত শুনিলো,
"মা চোৱা, মই সাপৰ ঠাইখন পাৰ হৈ গ'লো৷"
ৰুবিনাই জানো কি ক'লে, তাইৰ মাতটো নুশুনিলো৷ মোৰ শব্দ শুনাৰ
ক্ষমতা ঘূৰাই লোৱা হ'ল নেকি? তেনেহ'লে ঘন্টাধ্বনি শুনিছো কিদৰে?"
মোৰ চৌপাশ কিয় জানো ঘোৰ খাই চিলিণ্ডাৰৰ
দৰে হৈ পৰিছে৷ চিলিণ্ডাৰৰ শেষত পোহৰৰ বন্যা৷ সেই পোহৰৰ ভয়াৱহ চৌম্বকিক শক্তি৷ মই
সেইপিনে তীব্ৰ বেগেৰে যাবলৈ ধৰিলো৷ মই পিছলৈ উভতি চাই ক'লো, "পৃথিৱীবাসী! তোমালোক ভালে থাকা৷ সুখত
থাকা৷ মই পোহৰৰ দিশলৈ গৈ আছো৷ মই জানো, মই অসীম দূৰত্ব অতিক্ৰম কৰিব লাগিব৷
অসীমৰ শেষ নাই৷ তেনেহ'লে এই যাত্ৰাৰ শেষ ক’ত? কোনোবাই ক'বনে মোক?"
পৰিশিষ্ট
চিরকাল এইসব রহস্য আছে নীরব
রুদ্ধ-ওষ্ঠাধর
জন্মান্তের নবপ্রাতে সে হয়তো আপনাতে
পেয়েছে উত্তর।।
-- ৰবীন্দ্ৰনাথ ঠাকুৰ৷
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ উপন্যাসসমূহ