May 6, 2014

মৃত্যু অভিজ্ঞতা - চতুৰ্থ অধ্যায়

ৰাজীৱ ফুকন
Mrity Obhigyata by Rajiv Phukan 
*মূলঃ হুমায়ূন আহমেদ
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

চতুৰ্থ অধ্যায়  

-কটা ৰূমৰ লেতেৰা টেবুলত মোৰ শৰীৰ চিত হৈ পৰি আছে৷ গাত কোনো কাপোৰ নাই৷ টেবুলৰ পৰা ফেনাইলৰ উগ্ৰ গোন্ধ আহিছে৷ কোঠাটোত খিৰিকি আছে, খিৰিকিত হালধীয়া ৰঙৰ পৰ্দা ওলমি আছে৷ পৰ্দা লেতেৰা৷ তাত কেইটামন ডাঙৰ ডাঙৰ নীলা ৰঙৰ মাখি পৰি আছে৷ মাখি কেইটা কিছু সময় বহি থাকে, অলপ উৰা-উৰি কৰি আকৌ গৈ পৰ্দাত পৰে৷ ঘৰৰ চাৰিখন দেৱালৰ এখনত চূণ-তেল লগোৱা৷ তাত কোনোবাই অশ্লীল কথা লিখিছে৷ কথাষাৰ হ', 'ইয়াত মৰা-শৰ ক* মৰা হয়'৷ যিয়ে কথাষাৰ লিখিছে, সি নিজকে অন্ধকাৰত ৰাখিব খোজা নাই৷ মহৎ বাণীষাৰৰ তলতেই সি লিখিছে -- ইতি জাচিম৷ তলত তাৰ ফোন নম্বৰ৷
 
কোঠাৰ ভিতৰত নিশ্চয় অসহনীয় গৰম৷ মুখত ৰুমাল লৈ থিয় হৈ থকা ডাক্তৰজন ঘামত তিতি গৈছে৷ ডাক্তৰজন দেখিবলৈ ভাল৷ মুখত ফ্ৰেঞ্চকাট দাড়ি৷ চকুত সোণালী ফ্ৰেমৰ চছমা৷ ডাক্তৰজনে মাজে মাজে মূৰ তুলি চিলিং ফেনখনৰ পিনে চাইছে৷ চিলিংফেনখন সশব্দে ঘূৰি আছে, অথচ বতাহ নাই৷
 
টেবুলৰ কাষত কেঁচি আৰু চুৰি হাতত লৈ চুইপাৰটো ৰৈ আছে৷ চুইপাৰটোৰ গাত কাপোৰ নাই৷ ঘোৰ কৃষ্ণ বৰ্ণৰ কটীয়া মানুহ৷ তাৰ সৰ্ব শৰীৰত ঘন নোম৷ নিৰ্দেশৰ অপেক্ষা ৰৈ আছে৷ ডাক্তৰে ক'লে, "পেটটো কাটি কেৱল ষ্টমাক উলিওৱা, ভিচেৰা হ'ব৷"
 
চুইপাৰে সুধিলে, "হাঁফাঁও, কলিজা উলিয়াব নালাগে?"
 
'লোৱে দেখোন, কেৱল ষ্টমাক৷ ইমান কথা সুধি থাকা কিয়? কাম শেষ কৰা৷ গৰমত মৰিব ধৰিছো৷"
 
চুইপাৰে কাম কৰাৰ সলনি ফেনৰ চুইছটো অফ কৰি দিলে৷ ডাক্তৰে ক্ৰুদ্ধ মাতেৰে ক'লে, "ফেন বন্ধ কৰিলা কিয়?"
 
"ফেন চলাই কাম কৰিব নোৱাৰি৷"
 
"ধেমালী কৰিবলৈ আহিছা? ফেন চলাই কাম কৰিব নোৱাৰি!"
 
"ফেন চলাই দিছো, কটাকটি আপুনিয়েই কৰক৷ মই নাকাটো৷ আৰু মোক চকু থিয় কৰি কথা নক'বদেই৷ কলা চুইপাৰে ৰঙা চকুক খাটিৰ নকৰে৷"
 
"কাম নকৰা?"
 
"নকৰো৷ যাওঁক, ৰিপোৰ্ট কৰক৷ মোৰ চাকৰি খাওঁক৷ চাওঁ, আপুনিও কিমান ডাঙৰ চকৰি খাব পৰা মানুহ৷"
 
চুইপাৰটো দৰজাৰ পিনে গ'ল৷ ডাক্তৰে শঙ্কিত মাতেৰে ক'লে, "ঠিক আছে৷ ফেন বন্ধ কৰিয়েই কাম কৰা৷ অলপ কথাতে গৰম হৈ যোৱা কিয়হে?"
 
চলন্ত ফেন বন্ধ হৈছে৷ মাখিবোৰে পৰ্দা এৰি মোৰ মুখৰ চাৰিওফালে ঘূৰিব ধৰিছে৷ কেতিয়া পৰিব ধৰিব পৰা নাই৷
 
যিমানেই সময় গৈ আছে৷ মোৰ ঠাণ্ডা বাঢ়ি গৈ আছে৷ ঠাণ্ডাত শৰীৰ কঁপা নাই, মোৰ শৰীৰ বোলা একো নাই৷ শীতৰ অনুভূতি বাঢ়িছে৷ একো একোবাৰ ঠাণ্ডা বতাহ আহিছে, সেই বতাহ অলপ সময়ৰ কাৰণে স্থায়ী হয়, তাৰ পিছত হঠাতে কমি যায়৷ ঠাণ্ডা হয়তো এই বতাহেই কঢ়িয়াই আনিছে৷ ঠাণ্ডা বঢ়াৰ হাৰ জানো এক্সপোনেনছিয়েল? তেনেহ'লে এটা সময় আহিব যেতিয়া মই এক্সপোনেনছিয়েল ৰেখাৰ কান্ধত উঠিম গৈ৷ তেতিয়া শীত অসহনীয়ভাৱে বাঢ়িবলৈ আৰম্ভ কৰিব৷
 
কলা চুইপাৰটোৱে কটাকটি আৰম্ভ কৰিছে৷ মোৰ চাবলৈ মন যোৱা নাই৷ কিন্তু উপায় নাই, চাবলগীয়া হৈছে৷ দৃষ্টি আন ফালে ঘূৰোৱাৰ ব্যৱস্থা এই জগতত নাই৷ মাখিয়ে যেনেদৰে চাৰিওফালে দেখা পায়, ময়ো দেখা পাইছো৷
 
ডাক্তৰে চকু জপাই খিৰিকিৰ হালধীয়া পৰ্দাখনৰ পিনে চাই আছিল, তেওঁ হঠাতে এপলকৰ বাবে শটোলৈ চাই দৌৰি ওলাই গ'ল বাহিৰলৈ৷ ডাক্তৰে পেটত হাত দি শ-কটা ৰূমৰ বাৰান্দাত বহি বমি কৰিছে৷ আহা, বেচেৰা!
 
কি জানো হ'ল৷ মুহূৰ্তৰ বাবে মোৰ দৃষ্টি অস্পষ্ট হৈ পৰিল আৰু পুনৰ স্পষ্ট হ'ল৷ মই অবাক, সন্মুখত ডাঙৰ মামাৰ ফাৰ্মাচী৷ এই মাত্ৰ ফাৰ্মাচী খুলিছে৷ সৰু ল'ৰা এটাই মজিয়াত পানী চটিয়াই ঝাড়ু দি আছে৷ ডাঙৰ মামা কাউন্টাৰত বহি আছে৷ তেওঁ ক'লে, "কাকত অহা নাই?"
 
কাম কৰা ল'ৰাটোৱে ক'লে, "মই ওচৰতে থাকোতো! কাকতখন দিয়াৰ লগে লগেই খাই পেলাও!"
 
ডাঙৰ মামাই ক'লে, "চিধা প্ৰশ্ন কৰিছো৷ চিধা উত্তৰ দিবি৷ অনবৰতে কেং-কেং খেং-খেং৷ যা, তোৰ চাকৰি গ'ল আজিৰ পৰা৷"
 
কাম কৰা ল'ৰাটোৱে ক'লে, "চাকৰি গ'লে গ'ল৷" সি ঝড়ু মৰা শেষ কৰি ক'লে, "চাহ আনো?"
 
"আন৷"
 
"গাখীৰ দিয়া নে ৰঙা চাহ?"
 
ডাঙৰ মামাই বিৰক্ত মাতেৰে ক'লে, "মই কি ৰঙৰ চাহ খাওঁ, তই নাজান? সদায় দেখোন ৰঙা চাহ আন! সুধিলি কিয়, ৰঙা চাহ নে গাখীৰ দিয়া চাহ?"
 
"সদায় ৰঙা চাহ খালেও আজি গাখীৰ দিয়া চাহ খাবলৈ মন যাব পাৰে, সেই কাৰণে সুধিছো৷"
 
"তোৰ চাকৰি গ'ল৷ দৰমহা ল আৰু যা৷"
 
"আপোনাক চাহ-তাহ দি গৈ আছো৷"
 
কাম কৰা ল'ৰাটো ওলাই যোৱাৰ লগে লগেই ফোনটো বাজিবলৈ আৰম্ভ কৰিলে৷ মই গম পাইছো, কাদেৰে ফোন কৰিছে৷ সি মোৰ মৃত্যু-সংবাদ দিবলৈ আৰম্ভ কৰিছে৷ এইটো তাৰ প্ৰথম ফোন, জীৱিত মানুহৰ টেলিপেথিক ক্ষমতা নাই, মৃত মানুহৰ আছে৷ চবৰে আছো নে নাই নাজানো, মোৰ কিন্তু আছে৷ মই ডাঙৰ মামা আৰু কাদেৰৰ কথোপকথনত মন দিলো৷ হতভম্ব হৈ ডাঙৰ মামাই ক'লে, "কেতিয়া ঢুকাল?"
 
"যোৱা ৰাতি৷"
 
"ডেডবডি কি হস্পিতালতে আছে?"
 
"নাই৷ গাওঁৰ ঘৰলৈ ৰাওনা হৈছে৷"
 
"কেতিয়া ৰাওনা হৈছে৷"
 
"ৰাতিপুৱা সাতটাত৷"
 
"মই একো গমেই নাপাওঁ, ডেডবডি গাওঁৰ ঘৰলৈ পঠায়ে দিলে? ৰুবিনা ক'?"
 
"তেওঁ জিৰাইছে৷"
 
"জিৰাইছে মানে কি?"
 
"শোৱনী কোঠাৰ দৰজা বন্ধ কৰি সোমাই আছে৷"
 
"ৰুবিনাক ফোন দে৷"
 
"কেনেকৈ দিওঁ? দৰজা বন্ধ৷"
 
"দৰজা ভাঙ৷ কুঠাৰৰে দৰজা দুফাল কৰ৷"
 
"কি কয়?"
 
"হাৰামজাদা গৰু, শুনা নাই কি কৈছো? কুঠাৰেৰে দৰজা ভাঙ৷"
 
সেই বুলি কৈয়েই তেওঁ ঘপহকৈ উঠি, প্ৰায় লগে লগেই বুকুত হাত থৈ কাউন্টাৰৰ পিছফালে পৰি গ'ল৷ হাৰ্ট এটেক আহিছে নিশ্চয়৷ মুখেৰে অস্পষ্ট গোঁ-গোঁ শব্দ কৰিছে৷ অত্যন্ত বিপজ্জনক পৰিস্থিতি৷ মই কেৱল চাই আছো, সহায় কৰিব পৰা নাই৷ মই অবজাৰ্ভাৰ৷
 
কোৱাণ্টাম ফিজিক্সৰ ক্লাছত ছাত্ৰ বিলাকে অবজাৰ্ভাৰ মানে কি, সেইটো বহুত বাৰ পঢ়িছে৷ অবজাৰ্ভাৰ হৈছে এনে এজন, যাৰ উপস্থিতি অবিহনে কোনো ঘটনা নঘটে৷ বা ঘটনা ঘটিব নে নাই, সেয়া অবজাৰ্ভাৰৰ ওপৰত নিৰ্ভৰ কৰে৷ ধৰি লোৱা হ', আকাশত পূৰ্ণিমাৰ জোন৷ জোনৰ কাষতেই এটুকুৰা ডাঙৰ ডাৱৰ৷ কোৱাণ্টাম মেকানিক্সে কৈছে, আকাশৰ জোনটো একে সময়তে ডাৱৰে ঢকা, আৰু একেসময়তে ডাৱৰমুক্ত৷ এজন অবজাৰ্ভাৰে যেতিয়া জোনটোলৈ চাব, তেতিয়াহে কেৱল নিৰ্ধাৰিত হ'ব জোনটো ডাৱৰমুক্ত নে ডাৱৰে ঢকা৷
 
প্ৰথম দিনাখন যেতিয়া এই বক্তৃতাটো দিছিলো, তেতিয়া এজনী ছাত্ৰীয়ে ভয়ে ভয়ে কৈছিল, "চাৰ, গোটেই কথাটো ভিত্তিহীন যেন লাগিছে৷" মই ক'লো "কোৱাণ্টাম ফিজিক্স হ'ল সম্ভাৱনাৰ জগত৷ তাত এই পৃথিৱী, গ্ৰহ, নক্ষত্ৰ আনকি গেলেক্সিও ভিত্তিহীন হোৱাৰ সম্ভাৱনা আছে৷ সম্ভাৱনা যে একেবাৰে নাই, তেনেকুৱা নহয়৷"
 
মই এতিয়া কোৱাণ্টাম মেকানিক্সৰ অভজাৰ্ভাৰ৷ আশে-পাশে ঘটা সকলো কাৰ্যকলাপ কেৱল চাম৷ কাৰ্যকলাপত ভাগ ল'ব নোৱাৰিম৷ ডাঙৰ মামা মজিয়াত কাটি হৈ পৰি আছে৷ পৰাৰ সময়ত কাঠৰ চকীত উবুৰি খাই পৰাত তেওঁৰ থুঁতৰি ফালি গৈছে৷ তাৰ পৰা তেজ ওলাইছে৷ অলপ আগলৈকে তেওঁ মুখেৰে গোঁ গোঁ শব্দ কৰি আছিল, এতিয়া তাকো নাই৷ তেওঁক সোনকাল হস্পিতাললৈ নিয়া দৰকাৰ৷ কোনে নিব? মই কোৱাণ্টাম মেকানিক্সৰ কেৱল অবজাৰ্ভাৰ৷ মোৰ কাম কেৱল চোৱা৷
 
কাম কৰা ল'ৰাটো উভতিছে৷ তাৰ হাতত চাহৰ কাপ৷ কাষলতিৰ তলত বাতৰি কাকত৷ এই বাতৰি কাকতখন সি কিনি আনিছে৷ ল'ৰাটোৱে ডাঙৰ মামাৰ স্বভাৱটো ভালকৈ জানে৷ তেওঁ চাহৰ কাপত চুমুক নিদিয়াকৈ বাতৰি কাকত পঢ়িব নোৱাৰে৷
 
কাউন্টাৰত চাহৰ কাপ আৰু বাতৰি কাকত থৈ সি ক'লে, "'লৈ গ'ল!" কৈয়েই সি ঝাড়ুপাত লৈ ফৰ্মাচীৰ পিছফালে গ'ল৷ তাত আন এটা সৰু ৰূম আছে৷ কেতিয়াবা কেতিয়াবা এইটো ৰূমত শুই মামাই জিৰায়, 'ৰাটোৱে তেতিয়া মামাৰ ভৰি পিটিকি দিয়ে৷
 
ফাৰ্মাচীৰ পিছফালৰ ৰূমটোত ঝাড়ু দি থকা হৈছে, তাৰ শব্দ মই শুনিছো৷ যিয়ে ঝাড়ু দি আছে, সি এতিয়া মোৰ চকুৰ আঁৰত৷ 'চকুৰ আঁৰত' কথাটো ঠিক নহ'ল৷ চকুৱে নাই, গতিকে চকুৰ আঁৰত মানে কেনেকুৱা কথা?
 
পুৰণা স্মৃতি কিছুমান কেতিয়াবা কেতিয়াবা থাকি যায়৷ আমি এতিয়াও কওঁ, বাল্বটো ধপকৈ নুমাই গ'ল৷ আগৰ দিনত চাকি জ্বলোৱা হৈছিল৷ চাকি নুমালে ধপকৈ শব্দ হৈছিল৷ সেই ধপ শব্দটো এতিয়াও আমাৰ স্মৃতিত থাকি গ'ল৷ গতিকে আমি কওঁ, বাল্বটো ধপকৈ নুমাই গৈছে৷
 
জীৱিত মানুহৰ স্মৃতি সংৰক্ষণ হৈ থাকে মস্তিষ্কত৷ এজন মৃত ব্যক্তিৰ স্মৃতি কেনেদৰে সংৰক্ষিত হয়? মোৰ স্মৃতি এতিয়া ক'ত হৈ আছে?
 
কাম কৰা ল'ৰাটোৱে ঝাড়ু দি উভতি আহিল৷ সি পুনৰ ক'লে, "মানুহটো গ'ল ক'লৈ? চাহ ঠাণ্ডা হৈ গৈছে৷"
 
হকাৰজন আহিল কাকত দিবলৈ৷ সি বাহিৰৰ পৰা কাকতখন দলিয়াই থৈ যাব খোজতেই ল'ৰাটোৱে ক'লে, "ইমান দেৰিকৈ কাকত দিলে আমি কাকত নাৰাখো৷ চাৰক ৰাতিপুৱাই কাকত লাগে৷ আজিৰ পৰা কাকত বন্ধ৷ নগদ পইছা দি কাকত কিনি আনিম৷"
 
মামাৰ কাম কৰা ল'ৰাটোৱে কাকতখন ভাজ কৰি কাউন্টাৰত থ’বলৈ গ', অলপ উকি মাৰিলেই সি মামাক দেখিব৷ এনেকুৱা লাগিছে, সি উকি মাৰিব৷ মামা বাৰু ঢুকাল নেকি? কোৱাণ্টাম সূত্ৰমতে মামা এতিয়া চ্ৰোডিংগাৰৰ মেকুৰী৷ একে সময়তে জীৱিত তথা মৃত৷ কাম কৰা ল'ৰাটোৱে উকি মাৰি চোৱাৰ পিছতহে বিষয়টোৰ মীমাংসা হ'ব৷ তেতিয়া মামাই কোনোবা এটা ৰিয়েলিটি গ্ৰহণ কৰিব৷ মৃত ৰিয়েলিটি, অথবা জীৱিত ৰিয়েলিটি৷
 
কাম কৰা ল'ৰাটোৱে কাকতখন ভাজ কৰি থৈ চাহ কাপ লৈ গুচি গ'ল৷ বোধহয়, দোকানত চাহ কাপ ঘূৰাই দিবলৈ গৈছে৷
 
বাৰু, মই কি নিজে নিজে মামাৰ ফাৰ্মাচীলৈ আহিছো, নে মোক কোনোবাই ইয়ালৈ লৈ আহিছে? মোক কিবা বুজাবলৈ চেষ্টা কৰিছে নেকি? সেই 'কোনোবা'জন কোন? এ ডিভাইন অভজাৰ্ভাৰ --- পবিত্ৰ দৰ্শক৷ যি সকলো চাই থাকে৷ মৰ্গৰ খিৰিকিত পৰি থকা মাখি চাই থাকে, মৰা-শৰ নাড়ীভুঁড়ি কটা চাই থাকে, শেফা ফাৰ্মাচীৰ মালিকক মজিয়াত কেঁকোৰা লাগি পৰি থকা চাই থাকে৷ তেওঁ যে অকল নিজে চায় তেনেকুৱাও নহয়, আনকো দেখুৱাই৷ মই এই দৃশ্যটো চাব খোজা নাই, অথচ মই চাবলগীয়া হৈছে৷
 
ক্লাছৰ এটা বক্তৃতাত কৈছিলো, "একেজন মানুহ একেটা সময়তে দুঠাইত থকা সম্ভৱ নহয়, কিন্তু ইলেক্ট্ৰন যে থাকিব পাৰে, সেয়া গণিতৰ মাধ্যমেৰে তোমালোকক বুজোৱা হৈছে৷ তোমাৰ দেহৰ এটা ইলেক্ট্ৰন চন্দ্ৰ বা মঙল গ্ৰহতো পোৱাৰ সম্ভাৱনা আছে৷" ছাত্ৰৰ মাজৰে এজনে শব্দ কৰি হাঁহি নিজকে চম্ভালি লৈ চিৰিয়াছ হৈ গ'ল৷ মই তালৈ চাই ক'লো, "আধুনিক পদাৰ্থ বিজ্ঞান দিনক দিনে ব্লেক মেজিকৰ পিনে গতি কৰিব ধৰিছে৷ আজিকালি পেৰেলেল ৱৰ্ল্ডৰ কথা কোৱা হয়, মাল্টিভাৰ্ছৰ কথা কোৱা হয়৷ তোমাৰ নাম কি?"
 
সি ভয়ে ভয়ে ক'লে, "সুমন৷"
 
মই ক'লো, "সুমন! ঠিক তোমাৰ দৰেই এজন, তাৰ নামো সুমন, এই মুহূৰ্তত অন্য এখন জগতত, দেখিবলৈ ঠিক মোৰ দৰেই মানুহ এজনৰ পিনে চাই আছে৷ পাৰ্থক্য মাত্ৰ এটাই -- তুমি ইয়াত চছমা পিন্ধি আছা, তাত হয়তো তোমাৰ চকুত চছমা নাই৷ দুটা ৰিয়েলিটি -- এটাত তোমাৰ চকু ভাল, আনটোত চকু বেয়া৷ তোমাৰ অসীম সংখ্যক ৰিয়েলিটি লৈ অসীম সংখ্যক জগত বহমান৷ বিশ্বাস হৈছে?"
 
"বুজি পোৱা নাই, ছাৰ৷ মূৰৰ ওপৰেৰে গৈছে৷"
 
মই কিমান সময় স্মৃতি ৰোমন্থনত বিভোৰ হৈ আছিলো ক'ব নোৱাৰো৷ হঠাৎ স্মৃতিৰ পৰা ওলাই আহিলো, এতিয়া আৰু মই ডাঙৰ মামাৰ শেফা ফাৰ্মাচীত নাই৷ আছো মোৰ গাওঁৰ ঘৰত, কলমাকান্দাত৷ দূৰৈত ক'ৰবাত মাইক বাজিছে৷ অস্পষ্টভাৱে মাইকৰ শব্দ শুনা গৈছেঃ
 
এটি বিশেষ ঘোষণা -- কলমাকান্দাৰ কৃতী সন্তান, বিশ্ববিদ্যালয়ৰ 'প্ৰবেছৰ' ইফতেখাৰ ইছলাম ডাঙৰীয়া যোৱা ৰাতি ঢুকাইছে৷ ইন্না লিল্লাহে ৱা ইন্না ইলাইহে ৰাজিউন৷ আজি কিছু সময় পিছত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া ঈদগাঁ কবৰখানাত অনুষ্ঠিত হ'ব৷ সকলোকে তালৈ দলে বলে আহিবলৈ আহ্বান জনোৱা হ'ল৷
 
এটা বিশেষ ঘোষণা -- কমলাকান্দাৰ কৃতি সন্তান...

 ***