"ডেডবডি ঘৰৰ মানুহক চমজাই দিয়া নাই নহয়?"
"এতিয়ালৈকে নাই দিয়া৷"
"ডেথ ৰিপোৰ্টত আপোনালোকে কি
লিখিছে৷"
"ডেথ ৰিপোৰ্ট এতিয়াও লিখা নাই৷"
"মই ডেথ ৰিপোৰ্টৰ কপি এটা লৈ যাম৷
ডেডবডিৰ পোচমৰ্টেম কৰা হ'ব৷ মোৰ সন্দেহ শীতল মস্তিষ্কৰে হত্যা কৰা হৈছে৷"
"কি কয়? চাচপেক্ট কোন?"
"এতিয়াও গম পোৱা যোৱা নাই৷ তদন্ত চলি
আছে৷"
পুলিচ অফিচাৰজন মোৰ কেবিনৰ সন্মুখত ৰ'ল৷ কেবিন নম্বৰ ৩২১৷ দৰজাত মোৰ নামটো
লিখা আছে, ড৹ ইফতেখাৰুল ইছলাম৷
মৃত মানুহে হুমুনিয়াহ নাকাঢ়ে৷ কাৰণ
বতাহৰ পৰা অক্সিজেন ল'ব নোৱাৰে৷ হ'লেও নিজৰ নামটোলৈ চাই মই সৰু নিশ্বাস
এটা পেলোৱাৰ দৰে কৰিলো৷ মই এখন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক৷ মই এইখন
পৃথিৱীতে আছিলো৷ এতিয়া নাই৷ হস্পিতালৰ কেবিনৰ দৰজাত কেৱল মোৰ নামটো ওলমি আছে৷
পৃথিৱীত মই শান্তিৰে আছিলো৷ মৃত্যুৰ
পিছত নানা সমস্যাই হেঁচি ধৰিছে৷ এতিয়া গম পালো, কোনোবাই মোক হত্যা কৰিছে৷ পোষ্টমাৰ্টেম
কৰা হ'ব৷ এজন ডাক্তৰে নাকত সোপা দি মোৰ নাঙঠ শৰীৰটোৰ কাষত থিয় হৈ চাই
থাকিব৷ চুইপাৰে কটাকটি কৰিব৷ পাকস্থলীৰ খাদ্য পেকেটত ভৰাই পৰীক্ষাৰ বাবে পঠাব৷
কাকতত নিশ্চয় বাতৰি ওলাব৷ কাকাতৰ
মানুহবোৰে এনেধৰণৰ খবৰৰ বাবে খাপ পিটি ৰৈ থাকে৷ প্ৰতিদিনে খবৰৰ ফলো-আপ ছপা কৰা হয়৷
পাঁচ-ছয় দিনৰ মূৰত খবৰ ছপোৱা বন্ধ৷ তাৰ পিছত চবে পাহৰি যায়৷
পুলিচ অফিচাৰজনে কেবিনৰ দৰজা খুলি
ভিতৰলৈ জুমি চালে৷ নাক-মুখ কোঁচাই ক'লে, "কোঠাত চিগাৰেটৰ গোন্ধ পাইছো৷ চিগাৰেট
কোনে খাইছিল?"
"পেছেন্টৰ ঘৈনীয়েকে৷ তেওঁক কেবাবাৰো মানা
কৰা হৈছিল৷ মানুহগৰাকী মদগৰ্বী৷ কাৰো কথা নুশুনে৷"
"ক'ত তেওঁ?"
"ক'ব নোৱাৰো৷ মাজৰাতি কাকো একো নজনোৱাকৈ
গুচি গৈছে৷"
"ফোন নম্বৰ আছে তেওঁৰ? মই কথা পাতিম৷"
"ডেস্কত নিশ্চয় থাকিব৷ আহক, নম্বৰটো উলিয়াই দিছো৷"
"মই কেবিনতে আছো৷ আপুনি ফোন নম্বৰটো লৈ আহক৷
মোক একাপ ব্লেক কফি দিব পাৰিব নেকি?"
মই কোনো পুলিচ অফিচাৰকে ওচৰৰ পৰা দেখা
নাই৷ মোৰ আত্মীয় স্বজনৰ মাজতো পুলিচত চাকৰি কৰা কোনো নাই৷ ৰুবিনাৰ এজন খুৰাকৰ
পুতেক আছে, পুলিচৰ এ.আই.জি.৷ এবাৰেই তেওঁ আমাৰ ঘৰলৈ আহিছিল৷ আধা ঘণ্টামান আছিল, সেই আধা ঘণ্টা একেৰাহে মোবাইলতে কথা
পাতি থাকিল৷ ইমান বিৰক্ত মুখেৰে কাকোৱে কেতিয়াও ফোনত কথা পতা মই দেখা নাই৷
এইজন পুলিচ অফিচাৰকো বিৰক্ত যেনেই
লাগিল৷ কেৱল বিৰক্তই নহয়, অধৈৰ্য্যও৷ প্ৰথমে ডিভানখনত গৈ বহিল৷ কিছু সময়ৰ
ভিতৰতেই ডিভান এৰি বাথৰুমৰ দৰজা খুলি উকি মাৰিলে৷ তাৰ পৰা উভতি আহি ৰোগীৰ বিছনাৰ
কাষৰ টেবুলত থকা ঔষধৰ বটলবোৰ হাতত লৈ শুঙিবলৈ ধৰিলে৷
বস্তু শুঙা স্বভাৱটো তাৰ প্ৰবল যেন
ধাৰণা হ'ল৷ সি চব বস্তুৱে শুঙিছে৷ ক্ল'জেট খুলি ৰুবিনাৰ পোছাক কেইযোৰ মান
ওলোমাই থোৱা দেখিলে৷ পোছাক কেইযোৰো শুঙিলে৷ ৰোগীৰ ঔষধৰ টেবুলৰ ড্ৰয়াৰ বহুত টনাটনি
কৰি খুলিলে৷ তাত ৰুবিনাৰ চিগাৰেটৰ পেকেট আৰু লাইটাৰ৷ সি চিগাৰেটৰ পেকেট শুঙিলে৷
পেকেট খুলি চিগাৰেট উলিয়াই চিগাৰেট শুঙিলে৷ লাইটাৰটো কেবাবাৰো জ্বলাই নুমাই,
লাইটাৰ
শুঙিলে৷
এৰিজোনা ষ্টেট ইউনিভাৰ্ছিটিত মই যেতিয়া
পি এইচ ডি কৰি আছিলো, তেতিয়া কলম্বো নামৰ এখন টিভি চিৰিয়েল চাইছিলো৷ কলম্বো হ'ল চিৰিয়েলৰ নায়ক৷ সি বিভিন্ন
হত্যাকাণ্ডৰ তদন্ত কৰে৷ পিটাৰ ফক নামৰ এজন অভিনেতাই কলম্বোৰ চৰিত্ৰত অভিনয় কৰিছিল৷
কি সাংঘাতিক অভিনয়৷ তাৰো শুঙাৰ অভ্যাস আছিল৷ তদন্ত কৰিবলৈ গৈ যি দেখে তাকে শুঙে৷
বহু সময়ত চেলেকিও চায়৷ এটা দৃশ্যত সি চাচপেক্টৰ ঘৰলৈ গৈ চেন্টৰ এটা বটল পায়৷
যথাৰীতি শুঙি চালে৷ জিভাত অকণমান লগায় ইফালে সিফালে চাই নিজৰ চোলাতো অকণমান স্প্ৰে
কৰিলে৷ সৰ্বশেষত এই চেন্টৰ বটলেই অপৰাধীক ধৰাত মূল ভূমিকা ল'লে৷
বিদেশত পঢ়া-শুনা কৰাৰ জটিল সময়ছোৱাত
এই কলম্বো চিৰয়েলেই মোক কিছু আনন্দ দিছিল৷ দেহধাৰী মানুহে আনন্দ কৰিবলৈ বহুধৰণৰ
ব্যৱস্থাই পৃথিৱীত আছে৷ নাটক, চিনেমা, কিতাপ, গান -- পৰজনমত এনেকুৱা ব্যৱস্থা থাকে
জানো? আছেয়ে বা কি? আনন্দ উত্তেজনাত অধীৰ হৈ কলম্বোৰ দৰে কোনো
চিৰিয়েল চোৱাৰ ব্যৱস্থা আছে জানো? মৃত ব্যক্তিয়ে চিনেমা চাবলৈ ছবিঘৰ আছে? লাইব্ৰেৰী আছে?
কফি লৈ এজন ৱাৰ্ডবয় সোমাল৷ তাৰ হাতত
এটুকুৰা কাগজ৷ বোধহয় ৰুবিনাৰ ফোন নম্বৰ৷ পুলিচ অফিচাৰজনে কফিৰ মগ হাতত ল'লে৷ যি ভাবিছিলো তাকেই হ'ল, সি কফিত চুমুক দি নানা ধৰণে গোন্ধ
শুঙাত লাগিল৷ তাৰ মুখ দেখি ভাব হৈছে গোন্ধ পচন্দ হোৱা নাই৷ সি মগটো নমাই থৈ ফোন
নাম্বাৰ লিখা কাগজখন হাতত ল'লে৷ নাকৰ ওচৰলৈ নি কাগজৰ গোন্ধও ল'লে৷ মই সুখী, কেই মিনিট মানৰ ভিতৰতেই ৰুবিনাৰ মিঠা
মাতটো শুনিবলৈ পাম৷ মৃত্যুৰ পিছত এইটোৱে যে সুবিধা হৈছে, কোনোবাই ফোন কৰিলে দুয়োফালৰ কথা শুনা
যায়৷
"মিছেছ ৰুবিনা নেকি?"
"য়েছ৷"
"কেনে আছে বাইদেউ?"
"ভাল৷ হু আৰ ইউ?"
"মোৰ নাম খলিল৷ খলিলুৰ ৰহমান৷ মই
ইফটিকাৰ ছাৰৰ ডাইৰেক্ট ছাত্ৰ৷ ছাৰক খুব ভালকৈ জানিছিলো৷"
"আপুনি ছাৰক জানিছিল, ভাল কথা৷ মই এতিয়া ব্যস্ত, ফোন ৰাখো৷"
"প্লিজ, বাইদেউ, প্লিজ৷ ছাত্ৰাৱস্থাত খুব বিপদত পৰি মই
ছাৰৰ পৰা তিনি হাজাৰ টকা ধাৰলৈ লৈছিলো৷ টকাটো ঘূৰাই দিয়া হোৱা নাই৷ আপোনাৰ হাততে
ঘূৰাই দিব খুজিছিলো৷"
"ঘূৰাই দিব নালাগে৷ ওকে বাই৷"
খটককৈ শব্দ হ'ল৷ ৰুবিনাই ফোন কাটি দিলে৷ পুলিচ
অফিচাৰ খলিলে এইবাৰ কফিৰ কাপত চুমুক দিলে৷ তিনি চুমুক, প্ৰতিবাৰতে তাৰ চকু-মুখ কোঁচ খাই গৈছে৷
সি পুনৰ ফোন লগালে৷ মই ভাবিছিলো, ৰুবিনাই ফোন নুতুলিব৷ ফোন তুলিলে৷
"বাইদেউ, মই খলিলে কৈছো৷ ইফটিকাৰ ছাৰৰ ডাইৰেক্ট
ষ্টুডেন্ট৷"
"অলপ আগতেচোন কথা পাতিছলো৷ আৰু কিয় ফোন
কৰিছা? ষ্টুপিড৷"
"বাইদেউ, খং নকৰিব৷ মোৰ লগত আপুনি কথা পাতিবই
লাগিব৷ আপোনাৰ বেলেগ বিকল্প নাই৷"
"কথা পাতিবই লাগিব মানে?"
"ছাৰৰ মৃত্যুত এটা কেছ ৰেজিষ্টাৰ হ'বলৈ গৈ আছে৷ এটা টেলিফোন যোগে পুলিচক
তেওঁৰ মৃত্যুৰ খবৰটো দিয়া হৈছে আৰু কোৱা হৈছে, এইটো এটা পৰিকল্পিত হত্যাকাণ্ড৷"
"কোনে হত্যা কৰিছে?"
"এতিয়াও গম পোৱা যোৱা নাই৷ মোৰ ওপৰত
দায়িত্ব পৰিছে, তদন্ত কৰি উলিওৱাৰ৷"
"তদন্ত কৰক৷ মোক কিয় আমনি কৰিছে৷ হাজবেণ্ড
ঢুকাইছে, মই আপছেট৷"
"বাইডেউ, আপোনাক সিমান আপচেট যেন লগা নাই৷"
"আপচেট লাগিবলৈ মই কি কৰিব লাগিব?
ভেউ
ভেউকৈ কান্দিব লাগিব?"
"অতি আপোনজনৰ মৃত্যুত চবেই দুখ পায়,
চকুৰ
পানী ওলায়৷ কোনোবাই বেছি দুখ পায়, কোনোবাই কম৷ কিন্তু কোনেও ডেডবডি হস্পিতালত
পেলায় থৈ ঘৰলৈ গুচি নাযায়৷৷
"আপুনি কি বুজাব খুজিছে, মই মাৰ্ডাৰ কৰি ডেডবেডি পেলায় থৈ ঘৰত
লুকাই আছো?"
"বাইদেউ, মই সেইটো বুজাব খোজা নাই৷"
"তেনেহ'লে ফোন ৰাখক, মোক আৰু আমনি নকৰিব৷"
"ঠিক আছে বাইদেউ, ফোন ৰাখিলো৷ শোকৰ সময়ত বিৰক্ত কৰাৰৰ
বাবে অন্তৰৰ পৰা দুঃখিত৷"
খলিলে ফোন কাটি পুনৰ ঠাণ্ডা কফিত গণি
গণি তিনি চুমুক মাৰিলে৷ তাক তিনিবাৰ চুমুক দিয়া দেখিয়েই বুজি পাইছিলো যে সি আকৌ
ফোন কৰিব৷ কলম্বোৰ লগত এই পুলিচ অফিচাৰজনৰ মিল আছে৷ কলম্বোই চাচপেক্টক অতি
বিনম্ৰতাৰে বিৰক্ত কৰে৷ একেটা প্ৰশ্নকে তিনি চাৰিবাৰ সুধি লজ্জানত হৈ কয়, ছিঃ ছিঃ, এই প্ৰশ্নটো আপোনাক আগতেও কৰিছো৷ আকৌ
কৰিলো৷ মোৰ আচলতে মূৰৰে ঠিক নোহোৱা হৈছে৷
"হেল্ল', বাইদেউ, মই খলিল৷"
"আপুনিচোন কৈছিলে আৰু আমনি নকৰে বুলি৷
আকৌ কিয় ফোন কৰিছে?"
"সৰু কথা এটা সুধিবলগীয়া আছিল, বাইদেউ৷ এই কথাটোৰ উত্তৰ পালে আৰু
নকৰো৷ পিছে ময়না তদন্তৰ ৰিপোৰ্ট ঠিক নহ'লে আকৌ কৰিম৷"
"কি ময়না তদন্ত?"
"মৰণোত্তৰ পৰীক্ষা৷ ইংৰাজীত কয়
পোষ্টমৰ্টেম৷ ছাৰৰ ভিছেৰা পৰীক্ষা কৰা হ'ব৷"
"কেতিয়া কৰিব?"
"আজি দিনৰ ভাগতেই কৰা হ'ব৷ কিন্তু কেতিয়া ক'ব নোৱাৰিম৷ ডাক্তৰে কৰিব৷ এতিয়া বাইদেউ
আপোনাক প্ৰশ্নটো কৰোনে?"
"অঁ, কৰক আৰু মোক দয়া কৰি মুক্তি
দিয়ক৷"
"বাইদেউ, কেবিনত ঔষধ পাতি য'ত থোৱা হয়, তাত এটা চিগাৰেটৰ পেকেট আৰু এটা লাইটাৰ
পাইছো৷ চিগাৰেটৰ পেকেটটো আপোনাৰ নেকি?"
"অঁ, মোৰ৷"
"আৰু লাইটাৰ? লাইটাৰটোও আপেনাৰ নে?"
"চিগাৰেটৰ পেকেট যাৰ লাইটাৰতো তাৰেই হ'ব, এইটোতো কমনচেন্সৰ কথা৷"
"বাইদেউ, বহু সময়ত লাইটাৰ বেলেগৰ পৰা ধাৰ কৰা
হয়৷"
"লাইটাৰটোত কিবা প্ৰব্লেম আছে নেকি?"
"লাইটাৰত কোনো প্ৰব্লেম নাই৷ প্ৰব্লেম
আছে চিগাৰেটৰ পেকেটত৷"
"কি প্ৰব্লেম?"
"আপোনাৰ চিগাৰেটৰ পেকেটত সাতটা চিগাৰেট
আছিল৷"
"এইটো কি প্ৰব্লেম হ'ল? এনেকুৱা কিবা আইন আছে নেকি যে অযুগ্ম
সংখ্যাৰ চিগাৰেট থাকিব নোৱাৰিব, বা প্ৰাইম নম্বৰ সংখ্যাৰ চিগাৰেট থাকিব নোৱাৰিব?"
"বাইদেউ, তেনেকুৱা কোনো আইন নাই৷ কিন্তু সাতটা
চিগাৰেটৰ ভিতৰত তিনিটা বেলেগ৷ তিনিটাৰ ভিতৰত গাঁজা ভৰোৱা আছে৷"
"বুজিছো৷"
"গাঁজা ভৰোৱা চিগাৰেট আপুনি ক'ৰ পৰা সংগ্ৰহ কৰে, সেইটো জনাটো দৰকাৰ৷"
"আপুনি খাব? লৈ যাওঁক গাঁজাৰ চিগাৰেট তিনিটা৷"
"বাইদেউ, মোক লৈ ৰসিকতা কৰাৰ প্ৰয়োজন নাই৷ মই
সিমান ৰসিক মানুহো নহয়৷ গাঁজা ভৰ্তি চিগাৰেট আপুনি ক'ৰ পৰা সংগ্ৰহ কৰে, সেইটো আমি জনাটো এই কাৰণেই দৰকাৰ যে
আপুনি কোনটো মাদকদ্ৰব্যৰ চক্ৰৰ লগত জৰিত, সেইটো বিচাৰি উলিওৱা৷ গাঁজাৰ বাদেও আৰু
কিবা ড্ৰাগছ আপুনি লয় নেকি? যেনে স্পীড, হীৰোইন?"
"মই নিজৰ ফালৰ পৰা আপোনাক একো নকওঁ৷ ইউ
ষ্টুপিড! ফাইণ্ড ইট আউট৷"
ৰুবিনাই ফোন কাটি দিলে৷ খলিলে ঠাণ্ডা
কঁফিৰ কাপটো পুনৰ তুলি ল'লে৷ এইবাৰ চুমক দিলে দুবাৰ৷ ইয়াৰ অৰ্থ হয়তো ৰুবিনাক
আৰু সি ফোন নকৰিব৷ খলিলক আন্দিত হোৱা যেন লাগিছে, সি যেন আৰু কিবা ডাঙৰ আনন্দদায়ক বস্তুৰ
বাবে অপেক্ষা কৰিছে৷ 'ডাঙৰ আনন্দদায়ক বস্তু'টো কি হ'ব পাৰে?
তাৰ ডাঙৰ আনন্দদায়ক বস্তুটো হঠাৎ মোৰ
মনত স্পষ্ট হৈ পৰিল৷ সি কি ভাবিছে, ধৰিব পাৰিলো৷ ধৰিব পাৰিলো তাৰ পৰিকল্পনা৷ তৰ
মগজুৰ ভিতৰত বৈদ্যুতিক ধুমুহা বলিছে৷ মস্তিষ্কৰ এটা অংশৰ পৰা সীমাহীন ইলেকট্ৰন আন
এটা অংশলৈ গৈছে, আকৌ উভতি আহিছে৷ অতি ক্ষুদ্ৰ বৈদ্যুতিক বিভৱৰ সৃষ্টি হৈছে৷ ক্ষুদ্ৰ
কিন্তু স্পষ্ট৷ ইয়াৰ অৰ্থ কি, সি ধৰিব পাৰিছে৷ ইলেক্ট্ৰনৰ এন্টিমেটাৰত
পজিট্ৰনৰ সৃষ্টি হৈছে, নিমিষতে মিলি গৈছে৷ মস্তিষ্কই প্ৰচুৰ পৰিমাণে অক্সিজেন গ্ৰহণ কৰে বুলি
জানিছিলো, তাত সামান্য পৰিমাণে যে ওজনৰ (O³) সৃষ্টি হয়, সেয়া জনা নাছিলো৷"
খলিলে কি ভাবিছে, সেয়া মোৰ বাবে এতিয়া স্পষ্ট৷ ডাঙৰ যিটো
আনন্দদায়ক বস্তুৰ বাবে সি অপেক্ষা কৰিছে, সেইটো মৃত্যু বিষয়ক৷ হত্যাকাৰীক সি
ফাঁচী কাঠত ওলোমাব, তাৰ আনন্দ৷
ইয়াৰ আগতে সি আঠটা হত্যাকাণ্ডৰ তদন্ত
কৰিছে৷ এই আঠজনৰ ভিতৰত সাতজনৰ ফাঁচীৰ আদেশ হৈছে৷ পাঁচজনৰ ফাঁচী হৈ গৈছে৷ দুজনৰ
এতিয়াও হোৱা নাই৷ সিহঁতে অপেক্ষা কৰি আছে৷ যি এজনৰ ফাঁচীৰ আদেশ নহ'ল, সি নিৰ্দোষী বুলি ৰেহাই পাই গৈছে৷ তাৰ নাম
জিলানি৷
খালিল নিশ্চিত, জিলানিয়ে হত্যাকাৰী৷ প্ৰমাণৰ অভাৱত
সাৰি গৈছে৷ এই ভয়ংকৰ অপৰাধীটোৱে আৰু হত্যা কৰিব৷ খলিলে তাক নজৰত ৰাখিছে৷ সি পুনৰ
ধৰা পৰিব৷ ফাঁচীৰ হাতৰ পৰা জিলানিৰ নিস্তাৰ নাই৷
মোৰ মৃত্যুৰ বিষয়টো লৈ যে সি আজিয়েই
তদন্তত নামিছে, তেনেকুৱা নহয়৷ চাৰি দিন আগতেই তদন্তত নামিছে৷ মই হস্পিতালত ভৰ্তি
হোৱাৰ পিছৰে পৰাই সি নজৰ ৰাখিছে৷ খোজ-খবৰ আৰম্ভ কৰিছে৷ তাৰ চকু আনন্দত জলমলাই
উঠিছে, আন এগৰাকীক সি ফাঁচী কাঠত ওলোমাব পাৰিব৷ সেই আনগৰাকীৰ নাম ৰুবিনা৷
খালিলৰ মগজুৰ ভিতৰত ফাঁচীৰ দৃশ্য৷
ৰুবিনাক ফাঁচীৰ মঞ্চত উঠোৱা হৈছে৷ জল্লাদে ৰুবিনাৰ মুখ ক'লা কাপোৰেৰে ঢাকি দিছে৷ ৰুবিনাই কৈছে,
'নাই,
নাই,
নাই৷'
ফাঁচীৰ
দৃশ্য চাবলৈ অহা জেইলাৰ ডাঙৰীয়াই হাতৰ ৰুমালখন পেলাই দিলে৷ এইটোৱেই চিগনেল৷
ৰুবিনা ফাঁচী কাঠত ওলমিছে৷ তাইৰ আলতা লগোৱা বগা ভৰি দুখন চটফট কৰিছে৷
কি আচৰিত, এতিয়া খলিলৰ মনলৈ কবিতা আহিছে৷ ইংৰাজী
কবিতা নহয়, বাংলা কবিতা৷ 'আঠ বছৰ আগৰ এটা দিন'৷ প্ৰথমৰ পৰা নহয়, মাজতে এটা লাইন৷
'কোনদিনে আৰু নাপাব সাৰ৷'
সি এই কবিতাটো ইংৰজীলৈ অনুবাদ কৰিবলৈ
চেষ্টা কৰিছে৷ অনুবাদ মনোমত নোহোৱাত নিজৰ ওপৰতে খং উঠিছে তাৰ৷ 'কোনোদিনে আৰু নাপাব সাৰ'--- ছি উইল নিয়েভাৰ ৱেক আপ৷ 'শ-কটা কোঠাত শুৱে এবাৰ'--- নাউ চি ইজ স্লিপিং অন দা মৰ্গ টেবল৷
খলিল মোৰ ছাত্ৰ আছিল৷ কিন্তু তাক মই
চিনি পোৱা নাই৷ ৰজনী নামৰ কোনোবাই যে ৰাতি তিনিটাত ফোন কৰিছিল, কোন ধৰিব পৰা নাই৷ জীৱিত অৱস্থাৰ কিছু
স্মৃতি বাৰু নষ্ট হৈ গৈছে নেকি মোৰ?
***