প্ৰথম অধ্যায়
"জাহজত যাব খোজ, নে এৰোপ্লেনত?"
খুৰাদেউৰ কথা শুনিয়েই সন্তুৰ বুকুখন
চিৰিংকৈ মাৰিলে৷ অতিপাত ফূৰ্ত্তি লাগিলে মনৰ ভিতৰত এনেকুৱা হয়৷ এক প্ৰকাৰৰ শংকাৰ
দৰে৷ হ'বনে? সঁচাকৈ যোৱা হ'ব নে? শেষত যদি যোৱা নহয়গৈ?
সিদিনা মাথোঁ পৰীক্ষা শেষ হৈছেহে৷
ক্লাছ নাইনৰ পৰা সন্তু এইবাৰ টেন পাবগৈ৷ পৰীক্ষা শেষ হ'বৰ দিনাখনেই খুৰাদেউৱে সুধিছিলে,
"সন্তু, এতিয়াতো তোৰ বন্ধ, মোৰ লগত যাবি এঠাইলৈ?"
সন্তুৱে লগে লগে ৰাজী হৈ গৈছিল৷
খুৰাদেউৰ লগত ফুৰিবলৈ যোৱা মানেতো ক'বই নালাগে৷ নতুন কিবা এডভান্সাৰেই হ'ব। অন্য মানুহ ফুৰিবলৈ যায় কেৱল ধুনীয়া
ধুনীয়া বস্তু চাবলৈ৷ আৰু খুৰাদেউ যায় বিশেষ কোনো উদ্দেশ্য লৈ৷
সন্তু লগত গ'লে খুৰাদেউৰো বহুত সুবিধা৷ খুৰাদেউৰ
বয়স তেৱন-চৌৱন মান হ'ব, সেই বুলি দেখিলে অকণো বুঢ়া যেন নালাগে৷ দেহত ভালেখিনি জোৰ আছে,
মুখত
প্ৰকাণ্ড একোছা গোঁফ, পিছে খুৰাদেউৰ এখন ভৰি পংগু৷ দিল্লীত পুৰাতত্ব বিভাগত তেওঁ এটা ডাঙৰ
চাকৰি কৰিছিল৷ এবাৰ আফগানিস্তানৰ পাহাৰীয়া ৰাস্তাত তেওঁৰ জিপ গাড়ীখন খাদত পৰি
যায়৷ সেইবাৰ মৰি মৰি বাচি গ'ল তেওঁ, কিন্তু ভৰি এখন আৰু কোনোপধ্যে ঠিক হৈ
নুঠিল৷ বাওঁ ভৰিৰ পতাখনৰ হাড়বিলাক ভাঙি গুৰগুৰীয়া হৈ গৈছিল৷ এতিয়া পেঙত ভৰ দি
চলা-ফুৰা কৰিব পাৰে৷
সেই দূৰ্ঘটনাটোৰ পিছতেই চাকৰি এৰি দিলে
খুৰাদেউৱে, কিন্তু ঘৰত সোমাই বহি থাকিব তেওঁ একেবাৰে নোৱাৰে৷ আৱিষ্কাৰৰ নিচা
তেওঁৰ এতিয়াও কমা নাই৷ তেওঁৰ ৰূমত কিমান যে পুৰণা কিতাপ-পত্ৰ থাহ খাই আছে তাৰ হিচাপ
নাই৷ তেওঁ সেইবোৰ ৰহস্যৰ বিষয়ে অধ্যয়ন কৰে, যিবোৰ ৰহস্যৰ আজিও কোনো সমাধান হোৱা
নাই, তেওঁ তাৰ সন্ধানত ওলাই যাব খোজে৷ কিন্তু এইবাৰ ক'লৈ যোৱা হ'ব, কিহৰ সন্ধানত যোৱা হ'ব, সন্তুৱে এতিয়ালৈ একো গম পোৱা নাই৷
খুৰাদেউৰ এইটোৱেই এটা ডাঙৰ দোষ, আগতীয়াকৈ তেওঁ একো নকয়৷ অতি গম্ভীৰ স্বভাৱৰ মানুহ৷
খুৰাদেউৱে যেতিয়া সুধিলে, জাহাজত নে এৰোপ্লেনত যাবি, তেতিয়া সি ভীষণ চিন্তাত পৰি গ'ল৷ সি কোনোদিনে জাহাজতো উঠি পোৱা নাই,
প্লেনতো
উঠি পোৱা নাই৷ কোনটো বেছি ভাল হ'ব? একো ঠিক কৰিব পৰা নাই৷
যিহেতু জাহাজ নাইবা প্লেনত যোৱা হ'বগৈ,
এইবাৰ
নিশ্চয় বহু দূৰৈৰ কোনোবা দেশলৈ যোৱা হ'ব৷ আফ্ৰিকা? দক্ষিণ আমেৰিকা? ফূৰ্ত্তিতে সন্তুৰ এপাক নাচি দিবলৈ মন
গ'ল৷ তাৰ লগৰবোৰৰ কোনেও ইমান দূৰলৈ গৈ পোৱা নাই৷
"খুৰাদেউ, আমি ক'লৈ যাম?"
"সেইটোতো গ'লেহে গম পাবি৷"
সি জানিছিল, খুৰাদেউৱে এনেকুৱা উত্তৰেই দিব৷ হ'লেও নোসোধাকৈ থাকিব নোৱাৰিলে৷ সি ক'লে, "আমি তেনেহ'লে প্লেনতেই যাম৷"
খুৰাদেউৱে ক'লে, "বাৰু, ঠিক আছে৷"
তাৰ জাহাজত উঠিবলৈও বহুত মন আছিল৷ হ'লেও প্লেনৰ কথাই ক'লে৷ প্লেনত সোনকালে গৈ পোৱা যাব৷
উভোতোতে জাহাজত উভতিলেও হ'ব৷
তাৰ পিছৰ দুদিন খুৰাদেউৱে আৰু একো নক'লে৷ তেওঁক বৰ ব্যস্ত যেন লাগিল৷
ৰাতিপুৱাই ওলাই যায়, উভতে বহু ৰাতিকৈ৷ সি ধৰিব পৰিছে, খুৰাদেউৱে ব্যৱস্থা-ত্যৱস্থা কৰাত লাগিছে।
তাৰ মাজতে সন্তুৰ এদিন ৰাস্তাত ৰিণিৰ
সৈতে দেখা দেখি হৈ গ'ল৷ ৰিণি সিদ্ধাৰ্থদা আৰু স্নিগ্ধাবৌৰ লগত এই কেইদিনতে গোৱালৈ যাব৷
সিহঁতে বোম্বেলৈকে ট্ৰেইনত যাব, তাৰ পৰা সেইখিনি জাহাজত৷ কথাটো শুনি সন্তুৰ মনত
এটা প্ৰশ্ন উদয় হ'ল৷ গোৱালৈও জাহাজত যায় নেকি?
তেনেহ'লে খুৰাদেউও গোৱালৈকেই যাব খুজিছে নেকি?
গোৱালৈ
গ'লে ৰিণিহঁতক লগ পাব৷ সেইবাৰ যেনেকৈ কাশ্মীৰত হঠাৎ লগ পাই গৈছিল৷
ৰিণিয়ে সন্তুক সুধিলে, "তহঁতে এইবাৰ ক'লৈকো নাযাওঁ?"
সিতো এতিয়াও ঠাইখনৰ নামেই জনা নাই,
সেয়ে
ক'লে, "কি জানো, চাওঁ, ঠিক হোৱা নাই এতিয়াও৷"
সিদিনা ৰাতি ঘৰলৈ আহি খুৰাদেউৱে সন্তুক
পুনৰ মাতিলে৷ সুধিলে, "সন্তু, তোৰ লগত তোৰ ফটো আছে নেকি?"
কেইমাহ মান আগতেই সিদ্ধাৰ্থদাই তেওঁৰ
নতুন কেমেৰাটোৰে সন্তুৰ কেবাখনো ফটো তুলি দিছিল৷ সন্তুৱে দৌৰি গৈ সেই খামটো লৈ
আহিল৷ খুৰাদেউৱে আটাইকেইখন ফটো ভালকৈ চালে৷ তাৰ পিছত ক'লে, "নাই, এইকেইখন নহ'ব৷"
সন্তু অবাক হ'ল৷ ফটো কেইখন বহুত ভাল হৈছিল, সকলোৱে প্ৰশংসা কৰিছিল৷ মাক-দেউতাকৰো
বহুত পচন্দ হৈছিল৷ খুৰাদেউৱে ভাল নাপালে কিয়?
খুৰাদেউৱে ক'লে, "দুয়োখন কাণ উঠা ফটো নাই?"
সন্তু আৰু অবাক হ'ল৷ কাণ? মানুহে মুখৰ ফটোহে চায়, কাণ দুখনো বেলেগকৈ চায় নেকি? অজানিতেই সন্তুৰ হাত এখন তাৰ কাণলৈ গ'ল৷
খুৰাদেউৱে ক'লে, "মই এখন কাগজত লিখি দিম, ৰসবিহাৰী এভিনিউত যে জুবলি ফটোগ্ৰাফ
আছে, কালি ৰাতিপুৱা তালৈ গৈ ফটো উঠি আহিবি৷ আৰু আবেলিয়েই গৈ তাৰ পৰা তোৰ
ছখন ফটো লৈ আহিবি৷ খুব দৰকাৰী৷"
খুৰাদেউৱে তাৰ ছখন ফটোৰে কি কৰিব,
সি
আকাশ পাতাল ভাবিও একো বুজি নাপালে৷ যি হওঁক, পিছদিনা ৰাতিপুৱাই সি জুবলি ফটোগ্ৰাফলৈ
গৈ ফটো উঠি আহিল৷ আবেলি গৈ লৈ আহিল ফটো ছখন৷ আটাইকেইখন ফটো একেধৰণৰ৷ কেৱল মুখৰ ফটো,
দুয়োখন
কাণেই অৱশ্যে আছে৷
সন্তুৱে আৰু কৌতূহল চেপি ৰাখিব
নোৱাৰিলে৷ ৰাতি মাকক সি মনে মনে সুধিলে, "মা, এইবাৰ আমি ক'ত ফুৰিবলৈ যাম?"
মাকে ক'লে, "এইবাৰতো দাৰ্জিলিঙলৈ যোৱা হ'ব৷"
দাৰ্জিলিং? দাৰ্জিলিংচোন পাহাৰৰ ওপৰত৷ তালৈকে আৰু
জাহাজেৰে যায় নেকি? প্লেনেৰে যাব পাৰি, কিন্তু খুৰাদেউৱেচোন জাহাজৰ কথাও কৈছিল৷ সন্তু
অকণমান নিৰাশ হ'ল৷
মাকে ক'লে,"দাৰ্জিলিঙত তোৰ সৰু মামা থাকে৷ সৰু
মামাক মনত আছে নহয়? সেই যে তোক এবাৰ এটা বাঁহী কিনি দিছিল৷ সি আজি দাৰ্জিলিঙত এটা ডাঙৰ
ঘৰ পাইছে অফিচৰ পৰা৷ আমি চব তাতে থাকিম৷"
সন্তুৱে ক'লে, "তোমালোকো যাবা নেকি?"
মায়ে ক'লে, "তাৰ মানে? আমি নগৈ কোন যাব?"
"খুৰাদেউও তোমালোকৰ লগত যাব?"
"ও তাকেই ক’৷ ভাইটি আমাৰ লগত কিয় যাব? সিতো প্লেনেৰে ক'ৰবালৈ যোৱাৰ কথা কৈছিল৷ চিংগাপুৰ নে
অসম, কি জানো ঠাইখনৰ নাম! তোৰ দেউতাৰৰ লগত কথা পাতিছিল৷"
সন্তুৱে হাঁহিলে, মাকে একেবাৰে ভূগোল পাহৰি গৈছে৷
চিংগাপুৰ আৰু অসম ওচৰা-ওচৰি ঠাই নেকি?
"ময়তো খুৰাদেউৰ লগত যাম৷"
মাকে অকণমান খং কৰি ক'লে, "সেইটো মই জানিছিলোঁৱেই! তইনো আমাৰ লগত ক’ত যাবি?"
কথাটো মিছা নহয়৷ সন্তুৱে সৰু থাকোতে মাক-দেউতাকৰ
লগত ফুৰিবলৈ গৈছিল, তেতিয়া গৈ ভাল লাগিছিল৷ এতিয়া খুৰাদেউৰ লগত যোৱাতহে তাৰ আগ্ৰহটো
বেছি৷
সোমবাৰৰ দিনা ৰাতিপুৱা খুৰাদেউৱে ক'লে, "সন্তু, খোৱা-বোৱা হ'লে চাৰ্ট-পেন্ট পিন্ধি ওলাই থাকিবি৷
আমি একেলগে ওলাই যাম৷"
সন্তুৱে ভাবিলে, সিদিনাই যাব৷ ব্যস্ততাৰে সি সুধিলে,
"বেডিং পত্ৰ বান্ধি লওঁ?"
খুৰাদেউৱে ক'লে, "নাই, নাই তাৰ দৰকাৰ নাই৷ এনেই কাম এটাত
এঠাইৰ পৰা আহিম৷"
দুপৰীয়া এখন টেক্সীৰে খুৰাদেউৱে
সন্তুক লৈ আহিল ডালহৌচিলৈ৷ চিৰিৰে উঠি গ'ল এটা অফিচ বিল্ডিঙৰ দ্বিতীয় মহলালৈ৷
পেঙত ভৰ দি চিৰি বগাওতে বিশেষ কষ্ট নহয় খুৰাদেউৰ৷ অন্য মানুহৰ দৰেই খটখটকৈ উঠি
যায়৷ কিন্তু পাহাৰ বগাবলৈ বহুত কষ্ট হয়৷ কাশ্মীৰত যিবাৰ কণিষ্কৰ মুণ্ডৰ সন্ধানত
যোৱা হৈছিল, সেইবাৰতো তেওঁ এবাৰ পাহাৰৰ পৰা পৰিয়েই গৈছিল৷ আনহাতে, কোনো ওখ দেৱাল পাৰ হ'ব লাগিলে দুহাতত ভৰ দিয়েই অনায়াসে
জঁপিয়াই পাৰ হৈ যাব পাৰে৷ এখন ভৰি নাই বাবেই খুৰাদেউৰ দুবাহুৰ জোৰ বহুত বেছি৷
খুৰাদেউ এজন অফিচাৰৰ কোঠাত সোমোৱাৰ লগে
লগেই তেওঁ চকীৰ পৰা উঠি খুব আদৰ-সন্মান কৰি ক'লে, "আহক, আহক, মিঃ ৰায়চৌধুৰী৷ এইটো কোন আপোনাৰ ভতিজা
নেকি?"
খুৰাদেউৱে ক'লে, "অঁ৷ ইয়াৰ নাম সুনন্দ ৰায়চৌধুৰী৷ ইও মোৰ
লগতে যাব৷"
সন্তু খুৰাদেউৰ কাষৰ চকীখনত বহিল৷ তাৰ
পিছত অফিচাৰজনে তাক কেইখন মান কাগজ-পত্ৰত চহী কৰিবলৈ দিলে৷ অলপ সময় পিছত তেওঁ ধুনীয়াকৈ
বন্ধোৱা নীলা ৰঙৰ সৰু বহী দুখন আগবঢ়াই দি ক'লে, "এয়া লওঁক, মিঃ ৰায়চৌধুৰী! বাৰু, মোৰ শুভেচ্ছা থাকিল৷"
অফিচাৰজনক ধন্যবাদ জনাই খুৰাদেউৱে
সন্তুক লৈ ওলাই আহিল বাহিৰলৈ৷ সন্তুৱে ইতিমধ্যে বুজি উঠিছে, এইটো পাচপ'ৰ্ট অফিচ৷ পাচপ'ৰ্ট শব্দটো
আগতে শুনিছে সি, কিন্তু বস্তুটো কোনো দিনে দেখা নাছিল৷
খুৰাদেউৱে সেই সৰু নীলা বহী দুখনৰ এখন
সন্তুৰ পিনে আগবঢ়াই দি ক'লে, "এয়া ল', এইখন তোৰ পাচপ'ৰ্ট, সাৱধানে ৰাখিবি নিজৰ লগত৷"
সন্তুৱে বহীখন খুলি চালে, প্ৰতিটো পাততে ডাঙৰ ডাঙৰ অশোক চক্ৰৰ
চাপ মৰা৷ প্ৰথম পেজত সন্তুৰ এখন ফটো৷ সেই দোকানত উঠি অহা ফটোখন৷
বাহিৰলৈ গৈ এখন টেক্সী ধৰিব লাগিব৷ এইখিনি
সময়ত খালি টেক্সী পোৱা টান৷ ৰৈ থকা টেক্সী এখনো নাই৷ খুৰাদেউৱে বাচতো উঠিব নোৱাৰিব৷
বহুত সময় পিছত এখন টেক্সী পাচপ'ৰ্ট অফিচৰ সন্মুখত ৰ'ল, তাৰ পৰা কেইজনমান মানুহ নামিল৷ সন্তুৱে
সেই টেক্সীখন ধৰিবলৈ দৌৰা মাত্ৰকে মানুহ এটাৰ লগত তাৰ জোৰত খুন্দা লাগি গ'ল৷ সি বাগৰি পৰিবই খুজিছিল, কোনোমতে চম্ভালি ল'লে, কিন্তু পাচপ'ৰ্টখন ছিটিকি পৰিল তাৰ
হাতৰ পৰা৷
সন্তুৱে উঠি মানুহটোলৈ চালে৷ মানুহটো
বিদেশী৷ সি ধৰিব পাৰিলে যে, মানুহটোৱে খুন্দিয়াও বুলিয়েই খুন্দিয়াইছে৷
বিদেশী মানুহবোৰ সাধাৰণতে এনেকুৱা অভদ্ৰ নহয়৷ সন্তুৱে মানুহটোক একো কোৱাৰ সুযোগ
নাপালে৷ তাৰ আগতেই সি খালী টেক্সীখনত উঠি বহিল৷ মানুহটোৱে তাৰ মানে টেক্সীখনৰ
কাৰণে তাক খুন্দিয়াই থৈ গ'ল!
তাৰ পাচপ'ৰ্টখন ছিটিকি গৈ পৰিছিল
ফুটপাথটোৰ কিনাৰত৷ আৰু অলপ যোৱা হ'লেই কাষৰ ড্ৰেইনটোত পৰি গ’লহেঁতেন৷ সন্তুৱে সেইখন তুলি ল’বলৈ পোৱাৰ আগতেই, লেতেৰা-পেতেৰা পোছাক পিন্ধা ভিখাৰীৰ
নিচিনা ল'ৰা এটাই সেইখন ছোঁ মাৰি তুলি নিলে আৰু পলাবলৈ চেষ্টা কৰিলে৷ কিন্তু
নোৱাৰিলে৷ তাৰ আগতেই খুৰাদেউৱে আগবাঢ়ি গৈ পেং এপাত দাঙি খুব জোৰেৰে কোবাই দিলে ল'ৰাটোৰ হাতত৷ ল'ৰাটোৱে 'আঃ' বুলি চিঞৰ এটা মাৰি পাচপ’ৰ্টখন পেলাই
দিলে৷ সি কিন্তু আৰু নৰ'ল, দৌৰি মিলি গ'ল ভিৰৰ মাজত৷ সেইপিনে সেই টেক্সীখনো গুচি গ’ল বিদেশী মানুহটো লৈ।
ঘটনাটো ইমানেই আচম্বিতে ঘটি গ'ল যে, ভালকৈ বুজি উঠিবলৈ সময় লাগিল সন্তুৰ৷
বিদেশীটোৱে তাক খুন্দিয়ালে, আৰু সেই একে সময়তে ভিখাৰী ল'ৰাটোৱে তাৰ পাচপ’ৰ্টখন চুৰি কৰিবলৈ
চেষ্টা কৰিলে -- দুয়োটাৰ মাজত কিবা যোগসূত্ৰ আছে নেকি? নে দুয়োটা পৃথক ঘটনা? ভিখাৰী ল'ৰাটোৰ পাচপ’ৰ্ট চুৰি কৰি লাভ কি?
খুৰাদেউ গম্ভীৰভাৱে ক'লে, "তোক কোৱা নাছিলোনে? পাচপ’ৰ্টখন সাৱধানে ৰাখিবি৷"
মাকে নিজৰ ল'ৰাক যেনেদৰে মৰম কৰে, সিও পাচপ’ৰ্টখনৰ ওপৰত তেনেদৰে হাত
বুলাবলৈ ধৰিলে৷ ভাগ্য ভাল যে নলাত নপৰিল, নহ'লে ইমান ধুনীয়া বস্তুটো নষ্ট হৈ গ'লহেঁতেন৷
অলপ দেৰি পিছত আন এখন টেক্সী আহিল৷ তাত
বহি লৈ সি ঘটনাটো পুনৰ ভাবিবলৈ ধৰিলে৷ শেষত ধৰি ল'লে, এইটো এনেয়ে ঘটি যোৱা এটা ঘটনা৷ কিন্তু
ইয়াৰ আচল কাৰণটো সি বুজি উঠিছিল কেইদিনমান পিছত৷
যি কি নহওঁক, পাচপ’ৰ্টখন পোৱাৰ পিছত তাৰ আৰু সন্দেহ
নাথাকিল যে এইবাৰ সিহঁত বিদেশলৈ যাব৷ গোৱা বা দাৰ্জিলিঙলৈ যাবলৈতো আৰু পাচপ’ৰ্ট
নালাগে৷ পিছে যোৱা কেতিয়া হ'ব, সেইটো এতিয়াও গম পোৱা নাই৷ কিন্তু সন্তুৱে
তাৰ আগতেই বেডিং-পত্ৰ বান্ধি সাজু হৈ থাকিল৷ পিছে বেডিং-পত্ৰ পিছত আকৌ উল্টা-পাল্টা
কৰিবলগীয়া হ'ল৷ শুকুৰবাৰে ৰাতি খুৰাদেউৱে ক'লে, "সন্তু, কালি ৰাতিপুৱাই আমি যাম৷ ছটা বজাত
প্লেন৷ চাৰে চাৰিটাতে উঠিব লাগিব৷ নিবলগীয়া বস্তু কি কি আছে এতিয়াই বেগত ভৰাই থ'বি৷"
সন্তুৱে ফূৰ্ত্তিতে এবাৰ জঁপিয়াই উঠিল৷
ক'লে, "মোৰ সকলো যোগাৰ-পাতি হৈয়েই আছে৷"
খুৰাদেউৱে ক'লে, "চাওঁ, বেগটো লৈ আহ৷"
বেগটো খুলি খুৰাদেউৱে ক'লে, "এইবিলাক কি, ইমান চুৱেটাৰ-টুৱেটাৰ কিয় লৈছ? গৰম কাপোৰ ল'ব নালাগে৷ গেঞ্জী ল বেছিকৈ৷"
বিদেশলৈ যাব, অথচ গৰম কাপোৰ নালাগে, এইটো আকৌ কেনেকুৱা কথা? নে আৰৱ-ইজিপ্তৰ দৰে কোনো মৰুভূমিৰ
দেশলৈ যাব? সেইবিলাকো পিছে বিদেশতেই পৰে৷"
***