May 22, 2014

সেউজ দ্বীপৰ ৰজা - দ্বিতীয় অধ্যায়

ৰাজীৱ ফুকন
Sauj Dipor Roja an Assamese Adventure Mystery Novel by Rajiv Phukan  
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন*
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
দ্বিতীয় অধ্যায়

ৰাতিপুৱা সাৰ নাপাব বুলি সন্তুৱে গোটেই ৰাতি নুশুলে৷ সাৰে থাকি ঘড়ীৰ শব্দ শুনি থাকিল, এটা... দুটা... তিনিটা৷ কিন্তু এটা সময়ত সি নিবিচৰাকৈয়ে টোপনি আহি গৈছিল তাৰ। মাকে যেতিয়া তাক জগাই দিলে, তেতিয়া চাৰে চাৰিটা বাজি গৈছে৷ ঘড়ীটো চায়েই তাৰ বুকু কঁপি উঠিল। খুৰাদেউৱে খং কৰি অকলে গুচি যোৱা নাইতো?
 
নাই, খুৰাদেউ যোৱা নাছিল৷ মাকে খুৰাদেউকো অলপ আগতে জগাই দিছে৷ ক'ৰবালৈ যাবলগীয়া থাকিলে মাকে চবকে সময়ত উঠাই দিয়ে৷ তেখেতৰ কোনো দিনে ভুল নহয়৷
 
ফটাফট কাপোৰ পিন্ধি সাজু হ'ল সি৷ খুৰাদেউতকৈ বহুত আগতেই৷ এইখিনি সময়তে মাকে বহুত কিবাকিবি খোৱা বস্তু বনালে, কিন্তু উত্তেজনাৰ প্ৰকোপত তাৰ একো খাবলৈ মন যোৱা নাই৷
 
মাকক সি সুধিলে, "এইবাৰ আমি ক'লৈ যাম, তুমি এতিয়াও গম পোৱা নাই, মা?"
 
মাকে ক'লে, "কিবা চিংগাপুৰ নে ক'ৰবালৈ যোৱাৰ কথা কৈ আছিল৷ চাবি দে বাবা, সাৱধানে থাকিবি কিন্তু৷ তোৰ খুৰাটো যিহে মৰ-সাহসী৷"
 
পাকঘৰলৈ সোমাই আহি খুৰাদেউৱে ক'লে, "সন্তু, ৰেডি? বাঃ! পাঁচটা বাজিলেইচোন, আৰু দেৰি কৰিব নোৱাৰি৷ যা, এখন টেক্সী লৈ আহ৷"
 
সন্তু ৰাস্তালৈ ওলাই গ'ল৷ ৰাতিপুৱা টেক্সী পোৱাত অসুবিধা নহয়৷ টেক্সীখন ৰখাই থৈ সন্তু পুনৰ উঠি আহিল ওপৰলৈ৷ খুৰাদেউৱে তেতিয়ালৈ খোৱা-বোৱা সামৰি নিজৰ ৰূমলৈ গৈছে৷ দৰজাখন জপোৱা৷ দৰজাখন ফাঁক কৰি খুৰাদেউক মাতিবলৈ গৈ সন্তু থমকি ৰ'ল৷
 
ডাঙৰ লোৰ আলমাৰিটো খোলা৷ তাৰ সন্মুখত থিয় হৈ খুৰাদেউৱে ৰিভলভাৰত গুলী ভৰাই আছে এটা এটাকৈ৷
 
সন্তুৱে অবাক হৈ চাই থাকিল৷ ইয়াৰ আগতে সি খুৰাদেউৰ লগত কেবাবাৰো বাহিৰলৈ গৈছে, কোনোবাৰে খুৰাদেউক লগত ৰিভলভাৰ নিয়া দেখা নাই সি৷ সিহঁত এইবাৰ আৰু বেছি বিপদজনক ঠাইলৈ যাবলৈ ওলাইছে নেকি?
 
গুলী ভৰোৱা হোৱাৰ পিছত ৰিভলভাৰটো চুটকেচৰ কাপোৰ-কানিৰ তলত লুকুৱাই ল'লে তেওঁ৷
 
প্লেনত উঠাৰ কথা ভাবিয়েই সন্তুৰ ইমান ফূৰ্ত্তি লাগিছে যে তাৰ মুখখন উত্তেজনাত ঘামিবলৈ ধৰিলে৷ জীৱনত আজি প্ৰথম সি প্লেনত উঠিব৷ প্লেনখন যেতিয়া বেঁকা হৈ মাটিৰ পৰা ওপৰলৈ উঠি যায়, তেতিয়া ভিতৰৰ মানুহখিনি পিছফালে লুটি খাই পৰি নাযায় নেকি?
 
দমদমাত প্লেনত উঠাৰ আগতে সৰু ৰূম এটাৰ মাজেৰে যাবলগীয়া হয়৷ ৰূমটোৰ দৰজাত লিখা আছে চিকিউৰিটি চেকিং৷ এজন এজনকৈ সেই ৰূমটোত মানুহবোৰ সোমাইছে৷ খুৰাদেউৰ আগতে সন্তু সোমাল৷ এজন পুলিচৰ ইউনিফৰ্ম পিন্ধা মানুহে সন্তুৰ পিঠিৰ বেগটোৰ পিনে দেখুৱাই ক'লে, "চাওঁ, তাত কি আছে?"
 
বেগটোত আছিল কেইখনমান গল্পৰ কিতাপ, টাৱেল আৰু মাকে দিয়া টিফিনটো৷ মানুহজনে বস্তুবোৰৰ ওপৰত এবাৰ চকু ফুৰালে৷ তাৰ পিছত সন্তুৰ গাত দুহাতেৰে থপৰিয়াই থপৰিয়াই চাবলৈ ধৰিলে৷ প্ৰথমতে সি ইয়াৰ কাৰণটো ধৰিব পৰা নাছিল৷ পিছতহে মনত পৰিল৷ মানুহজনে চাব খুজিছে, কাপোৰৰ তলত সি ৰিভলভাৰ বা বোমা-চোমা কিবা লুকুৱাই আনিছে নেকি! সি কাকতত পঢ়িছে, আজিকালি প্ৰায়ে প্লেন হাইজেক হয়৷ চলন্ত প্লেনত দুৰ্বৃত্তই পাইলটক ৰিভলভাৰ বা বোমা আদি দেখুৱাই প্লেনখন বেলেগ ঠাইলৈ লৈ যায়৷
 
খুৰাদেউৰ লগত ৰিভলভাৰ আছে, ৰিভলভাৰটো কাঢ়ি নিব নেকি সিহঁতে? ওঃ, সেইকাৰণেই খুৰাদেউৱে ৰিভলভাৰটো জেপত নাৰাখি চুটকেচত লুকুৱাই আনিছে! চুটকেচবোৰ আগতেই জমা দিয়া হৈ গৈছে, সিহঁতে চাগে সেইবোৰ আৰু খুলি নাচায়৷
 
লাইন পাতি সিহঁতেও চিৰি বগাই প্লেনত উঠিল৷ চিৰিৰ একেবাৰে ওপৰত ধুনীয়া ছোৱালী এগৰাকীয়ে হাতযোৰ কৰি সকলোকে নমস্কাৰ জনাই আছে৷ সন্তুৱে জানে, এওঁলোকক এয়াৰ হোষ্টেছ বুলি কোৱা হয়৷
 
প্লেনখনৰ ভিতৰত পাতল নীলা ৰঙৰ পোহৰ৷ মজিয়াত কাৰ্পেট৷ ইয়াত চবে ফুচফুচাই কথা পাতে৷ সন্তু আৰু খুৰাদেউৰ চিট দুটা লগা-লগি৷ খুৰাদেউৱে তাক খিৰিকিৰ কাষৰ চিটটোতে বহিবলৈ দিলে৷ তাৰ পিছত ক'লে, "চা, কাষত এডাল বেল্ট আছে, সেইডাল কঁকালত বান্ধি ল৷"
 
সন্তুৱে বেল্টডাল বিচাৰি পালে, কিন্তু ঠিক মতে লগাব পৰা নাই৷ যথেষ্ট মোটা নাইলনৰ বেল্ট, সাধাৰণ বেল্টৰ লগত মিল নাই৷ খুৰাদেউৱে সেইডাল লগাবলৈ শিকাই দিলে৷ খোলা ফালটো খাপত ভৰাই দিলেই কেটেপকৈ শব্দ এটা হয়৷ বেল্ট পিন্ধি থাকে কাৰণেই চাগে মানুহবোৰ লুটি খাই নপৰে৷
 
তাৰ পিছতো প্লেনখন আৰু বহু সময় ধৰি ৰৈ থাকিল৷ সকলো উঠিছে, দৰজাও বন্ধ কৰি দিয়া হৈছে, অথচ ইমান দেৰি লগাইছে কিয়? সন্তু অধৈৰ্য্য হৈ পৰিল৷ খিৰিকিৰে চাবলগীয়া ইয়াত একো নাই৷ চবফালে ফালে পকী, 'দ পৰি জকমকাই আছে৷
 
সন্তুৱে ডিঙি মেলি প্লেনৰ ভিতৰৰ মানুহ-দুনুহবোৰ চাবলৈ চেষ্টা কৰিলে৷ কত ধৰণৰ মানুহ, বঙালী, মাৰোৱাৰী, নেপালী, চাহাব-মেম, আনকি এজন নিগ্ৰোও আছে৷ এয়াৰ হোষ্টেছগৰাকীয়েও এবাৰ মানুহখিনি গন্তি কৰি গ'ল৷
 
"খুৰাদেউ, এৰা নাই যে?"
 
খুৰাদেউৱে উঠিয়েই বাতৰি কাকত এখন মেলি লৈছিল৷ মূৰ নোতোলাকৈয়ে ক'লে, "এৰিব, সময় হ'লে৷"
 
তেনেতে প্লেনৰ দৰজাখন পুনৰ খোল খালে৷ এজন পুলিচ অফিচাৰ সোমাই আহিল আৰু ইংৰাজীতে সুধিলে, "মিঃ নৰিন্দৰ পাল সিং কোন?"
 
আগ ফালে বহি থকা ওখ মানুহ এজনে থিয় হৈ ক'লে, "মই৷ কিয়?"
 
"আপোনাৰ পাচপ’ৰ্টখন চাওঁ?"
 
"আকৌ দেখুৱাব লাগিব? এবাৰচোন দেখুৱাইছোৱেই৷"
 
"আকৌ এবাৰ দেখুৱাওক৷"
 
মানুহজনৰ পিন্ধনত ধুতিৰ ওপৰত দীঘল প্ৰিন্স কোট৷ প্ৰথমতে কোটৰ আটাইকেইখন পকেটত তেওঁ বিচাৰিলে৷ তাৰ পিছত হাত বেগটো খুলি চালে৷ তাৰ পিছত পুনৰ পকেটত থপৰিয়ালে৷ ক'তো নাপালে৷
 
মানুহজনে ক'লে, "মোৰ পাচপ’ৰ্টখন কোনে নিলে, পকেটতে আছিল৷"
 
প্লেনখনৰ চবেই মানুহজনৰ পিনে চাই আছে৷
 
পাচপ’ৰ্টখন বিচাৰি নাপালে তেওঁ৷ পুলিচ অফিচাৰজনে গম্ভীৰভাৱে ক'লে, "আপুনি আমাৰ লগত আহক৷"
 
মানুহজনে প্ৰথমে খুব আপত্তি কৰিছিল৷ তেওঁৰ বহুত দৰকাৰী কাম আছে৷ তেওঁ যাবই লাগিব৷ পাচপ’ৰ্টখনতো তেওঁৰ লগতেই আছিল, কেনেকৈ হেৰাল তেওঁ নাজানে৷
 
পুলিচ অফিচাৰজনে কোনো কথাই নুশুনিলে৷ মানুহজনক লগত লৈ নামি গ'ল৷
 
সন্তুৱে ফুচফুচাই সুধিলে, "খুৰাদেউ, মানুহজনক ধৰি লৈ গ'ল নেকি পুলিচে?"
 
"পাচপ’ৰ্টখন পালে এৰি দিব৷"
 
"যদি নাপায়৷"
 
"তেনেহ'লে যাব নিদিব৷ এয়া চা৷"
 
খুৰাদেউৱে আঙুলিৰে বাতৰি-কাকতৰ এঠাইত দেখুৱালে৷ তাত লিখা আছিল, "পাচপ’ৰ্ট চুৰি৷ কলিকতাৰ বিভিন্ন স্থানৰ পৰা আজিকালি সঘনাই পাচপ’ৰ্ট চুৰি হ'বলৈ ধৰিছে৷ পুলিচৰ সন্দেহ, কোনো দুৰ্বৃত্তৰ দলে কোনো বিশেষ জালিয়াতিৰ উদ্দেশ্যেৰে এই পাচপ’ৰ্ট চুৰি কৰিছে৷" -- ইত্যাদি৷
 
সন্তুৱে ভাবিলে, বাপৰে, পাচপ’ৰ্ট বস্তুটোচোন সাংঘাতিক মূল্যৱান! তাৰ খন হেৰুৱা হ'লে তাকো প্লেনৰ নমাই দিলেহেঁতেন! লগে লগে কোটৰ সন্মুখৰ পকেটত হাত দি সি নিশ্চিত হৈ ল'লে যে তাৰ খন আছে৷
 
সিদিনা যে সেই ল'ৰাটোৱে তাৰ পাচপ’ৰ্টখন লৈ পলাইছিল, তাৰমানে সেইখন সি চুৰি কৰিব খুজিছিল? বিদেশী মানুহটোৱে তাক কিয় সিদিনা জানি-বুজি খুন্দিয়াই থৈ গৈছিল? চবে কয়, চাহাবসকল ভদ্ৰ৷ ভুলতে কেতিয়াবা গাত গা লাগিলেও তেওঁলোকে ছৰী কয়, ক্ষমা খোজে৷ সেই চাহাবটোৱেতো ক্ষমা খোজা নাছিল৷
 
সন্তুৱে খুৰাদেউৰ মুখলৈ চালে৷ তেওঁ পুনৰ বাতৰি-কাকতত মন দিছে৷ প্ৰতিখন চিটৰ পিছতে কেবাখনো বাতৰি কাকত গুঁজি থোৱা থাকে৷
 
অলপ পিছত পুনৰ প্লেনৰ দৰজা বন্ধা হ'ল৷ তাৰ পিছতে গোঁ-গোঁকৈ শব্দ কৰিবলৈ ধৰিলে ইঞ্জিনটোৱে৷ নৰিন্দৰ পাল সিং আৰু উভতি নাহিল৷ মানুহজনৰ কাৰণে অকণমান বেয়াও লাগিল তাৰ৷ প্লেনত উঠিও যোৱা নহ'ল তেখেতৰ৷
 
প্লেনখন এতিয়া মাটিৰ ওপৰেৰে দৌৰিবলৈ আৰম্ভ কৰিছে৷ প্ৰথমতে লাহে লাহে, তাৰ পিছত বেগাই৷ কেতিয়া যে প্লেনখন মাটি এৰি আকাশলৈ উৰি গ', সন্তুৱে তৰ্কিবই নোৱাৰিলে৷ কঁকালৰ বেল্টত অলপো আঁজোৰ নপৰিল৷
 
হঠাতে সি মন কৰিলে, তলৰ মানুহবোৰ সৰু হৈ যাবলৈ ধৰিছে৷ এয়াৰপোৰ্ট আৰু নাই, তাৰ সলনি -- গছ-গছনি পাৰ হৈ গৈছে, পথাৰত গৰু চৰিছে, ফিটাৰ দৰে সৰু ৰাস্তাৰে গাড়ী চলিছে৷ গাড়ীবোৰ খেলনাৰ দৰে লাগিছে, গৰুবোৰ যেন সৰু সৰু মাটিৰ পুতলা৷ ৰূপোৱালী ফিটাৰ দৰে এখন নৈয়ো দেখা গ'ল৷ সন্মুখলৈ চাওঁতেই ভাব হ', সন্মুখত যেন ক'লা ৰঙৰ এখন বিশাল পাহাৰ থিয় হৈ আছে৷ প্লেনখন সেইপিনেই গৈ আছে৷ কলিকতাৰ ইমান ওচৰত পাহাৰ ক'ৰ পৰা আহিল? ভালদৰে চাওঁতে ধৰিব পাৰিলে, সেয়া পাহাৰ নহয়, ডাৱৰহে৷ কি যে ভয়ংকৰ চেহেৰাৰ ডাৱৰ!
 
খুৰাদেউৱে ইতিমধ্যে শুই পৰিছিল৷ খুব ৰাতিপুৱাই উঠিবলগীয়া হৈছে যে৷ কিন্তু বাহিৰৰ এনে মনমোহা দৃশ্য নোচোৱাকৈ কোনোবা জানো শুব পাৰে? পাতল পাতল ডাৱৰ উৰি গৈছে প্লেনখনৰ কাষেৰে৷
 
ইমান পৰে প্লেনৰ ভিতৰত সন্মুখৰ ফালে স্ক্ৰীণত দুশাৰী বাক্য ওলাই আছিল৷ ধূমপান নকৰিব আৰু চিটবেল্ট বান্ধি ৰাখক৷ এতিয়া নোহোৱা হৈ গ'ল৷ মাইক্ৰফ'নত বাজি উঠিল এজনী ছোৱালীৰ মাত, "নমস্কাৰ! এই বিমানখনৰ কেপ্টেইন দিলীপ কুমাৰ দত্ত আৰু অন্যান্য কৰ্মী সকলৰ ফালৰ পৰা মই আপোনালোকক স্বাগতম জনাইছো৷ আমি তিনি ঘন্টা দহ মিনিটৰ ভিতৰত ৰেংগুন পাম৷ এতিয়া আপোনালোকে চিট বেল্ট খুলিব পাৰে..."
 
ৰেংগুন! সন্তুৰ বুকুখন ধককৈ উঠিল৷ সিহঁত তাৰমানে ৰেংগুনলৈ গৈ আছে৷ ৰেংগুন মানে ব্ৰহ্মদেশ৷ পেগোডা৷ আৰু কি কি আছে ৰেংগুনত?
 
ঘোষণা শুনিয়েই খুৰাদেউৱে চকু মেলি চিগাৰেট এটা জ্বলালে৷ সন্তুৱে সুধিলে, "খুৰাদেউ আমি তাৰ মানে ৰেংগুনলৈ যাম?"
 
"নাই৷"
 
কি আচৰিত কথা, সন্তুৱে নিজ কাণেৰে শুনিলে, প্লেনখন ৰেংগুনলৈ যাব, আৰু তাৰ পিছতো খুৰাদেউৱে নাই বুলি কলে যে৷ কাৰণটো কি?
 
তেনেতে সেই এয়াৰ হোষ্টেছগৰাকীয়ে ট্ৰে এখনত কিছু লজেঞ্চ আনি চবকে বিলাই দি গ'ল৷ অলপ পিছত আনিলে চাহ আৰু কফি৷
 
খুৰাদেউৱে ক'লে, "ইহঁতৰ চাহ ভাল নহয়৷ কফিকে খা৷"
 
তাৰ পিছত তাৰ কাণৰ কাষলৈ মুখখন নি খুৰাদেউৱে ক'লে, "বাথৰূম লাগিলে ক'বি, লাজ নকৰিবি৷ পিছ ফালে বাথৰূম আছে৷"
 
সন্তুৰ বাথৰূম লগা নাছিল৷ কিন্তু প্লেনৰ বাথৰূম কেনেকুৱা, তাৰ চাবলৈ মন গ'ল৷
 
এতিয়া আৰু বাহিৰত চাবলগীয়া একো নাই৷ কেৱল ডাৱৰ৷ সেয়ে সন্তুৱে উঠি ক'লে, "এপাক আহো৷"
 
খুৰাদেউৱে সুধিলে, "অকলে যাব পাৰিবি?"
 
"পাৰিম৷"
 
"সেই যে দেখিছ, টয়লেট বুলি লিখা আছে, সেইটোৱেই৷"
 
ইমান ওপৰেৰে তীব্ৰ বেগেৰে প্লেনখন গৈ আছে, অথচ ভিতৰৰ পৰা একোৱেই ধৰিব নোৱাৰি৷ ভিতৰখন একেবাৰে স্থিৰ৷ খোজ কাঢ়ি গৈ থাকোতে অকণো তুলং-ভুতুং লগা নাই৷
 
সন্তুৱে প্লেনখনৰ পিছ পিনে গ'ল৷ বাথৰূমৰ দৰজা খুলিব খুজিছিল, তেনেতেই তাৰ চকু পৰিল পিছ ফালৰ চিট এটাত৷ তাৰ গাটো লগে লগে জিকাৰ খাই উঠিল৷ মুখখন শেঁতা পৰি গ'ল৷
 
চিটটোত দুটা বিদেশী মানুহ বহি আছে৷ সন্তুৰ চিনি পোৱাত অকণো ভুল নহ', তাৰ মাজৰ এটা সেই মানুহটো, যি পাচপ’ৰ্ট অফিচৰ বাহিৰত সন্তুক জানি-বুজি ধাক্কা মাৰিছিল৷ খুৰাদেউৰ পৰা সন্তুৱে এটা কথা শিকিছিল৷ এবাৰ কাৰোবাক দেখিলে তাৰ মুখখন সদায়ে মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে৷ সন্তুৱে ঠিকেই মনত ৰাখিব পাৰে৷
 
বিদেশী মানুহটোৱে পিছে আজি বেশভূষা সলাইছে৷ এটা খাকি পেন্ট আৰু বগা হাফ চাৰ্ট পিন্ধি আছে৷ চাৰি পাঁচদিন দাড়ি খুৰোৱা নাই৷ দেখিলে অতি সাধাৰণ মানুহ যেন লাগে৷ কিন্তু আগৰ বাৰ সাজি-কাচি আহোতে খাটি চাহাব যেন লাগিছিল৷ নিশ্চয় ছদ্মবেশ ধৰিছে৷ কাষৰ মানুহটোৰ পিন্ধন-উৰণো একে ধৰণৰ৷ দুয়ো খুব গভীৰ মনোযোগেৰে ফুচফুচাই কিবা কথা পাতি আছে৷ সন্তুক সিহঁতে দেখা নাই৷
 
বাথৰূমত সি বেছি দেৰি নকৰিলে৷ বাথৰূমটো সৰু৷ একো বিশেষত্ব নাই৷
 
ধীৰে সুস্থিৰে নিজৰ চিটলৈ উভতি আহিল সি৷ তাৰ পিছত মূৰটো চাপৰাই ফুচফুচাই খুৰাদেউক ক'লে, "খুৰাদেউ, সেই বিদেশীটো!"
 
"কোন বিদেশী?"
 
"সিদিনা যে পাচপ’ৰ্ট অফিচৰ সন্মুখত মোক..."
 
সন্তুৱে সিহঁতলৈ ঘূৰি চাব খোজোতে খুৰাদেউৱে ধমক দি ক'লে, "সেইপিনে নাচাবি৷ তোক চিনি পাব৷"
 
"নাই, মোক দেখা নাই৷"
 
খুৰাদেউৱে দীৰ্ঘ নিশ্বাস এটা পেলাই ক'লে, "কিন্তু মোকতো ঠিকেই চিনি পাব৷"
 
কথাটো হয়৷ খুৰাদেউৰ এখন ভৰি খোৰা৷ পেঙৰ ওপৰত ভৰ দি খোজ কাঢ়ে৷ এনেকুৱা মানুহ এবাৰ দেখিলেই মনত ৰৈ যায়৷ সন্তুৰ দৰে সৰু ল'ৰা এটাক হয়তো বিদেশী দুটাই মন নকৰিব পাৰে৷
 
প্লেনৰ বেগ কমি আহিল৷ আকৌ চিট-বেল্ট মাৰিব লাগিব৷ ৰেংগুন পাইছে৷ সন্তুৱে পুনৰ তললৈ চালে৷ ছবিৰ দৰে চহৰখন দেখা গ'ল৷ আনকি, পেগোডাৰ গম্বুজো চকুত পৰিল৷
 
চহৰখনলৈ কিন্তু যোৱা নহ'ল৷ প্লেনখনে ইয়াত তেল ভৰাব৷ সেয়ে এয়াৰপোৰ্টত আধা ঘন্টা ৰ'ল৷ বাহিৰলৈ ওলাই গৈ চহৰখন চাই অহাৰ অনুমতি নাই৷
 
প্লেনৰ পৰা নামি যাত্ৰীসকলে এয়াৰপোৰ্টৰ ভিতৰতে ঘূৰা-ফুৰা কৰি আছে৷ খুৰাদেউৱে সন্তুক এখন চোফা দেখুৱাই ক'লে, "ইয়াতে চুপ-চাপ বহি থাক৷ ক'লৈকো নাযাবি৷"
 
সেই চাহাব দুটাই অলপ আঁতৰত থিয় হৈ নিজৰ মাজতে কথা পাতি আছিল৷ খুৰাদেউৱে পেঙেৰে ঠক-ঠক শব্দ কৰি সিহঁতৰ ওচৰেৰে পাৰ হৈ যাব খুজি হঠাৎ ৰৈ দিলে৷  তাৰ পিছত হাত ঘড়ীটোলৈ চাই ক'লে, "মোৰ ঘড়ীটো ঠিকমতে চলা নাই৷ আপোনালোকৰ ঘড়ীত কেইটা বাজিছে?"
 
চাহাব দুটা অলপ বিৰক্ত হ'ল৷ খুৰাদেউৰ পিনে এবাৰ চাই অবহেলাৰে টাইমটো কৈ দিলে৷
 
খুৰাদেউৰ সাহস দেখি সি তভক মানিলে৷ উপযাচি সিহঁতক দেখা দিবলৈ গৈছে! সিহঁত যে বেয়া মানুহ তাত অকণো সন্দেহ নাই৷ নহ'লেনো দাড়ি নুখুৰোৱাকৈ কোনোবা প্লেনত উঠেনে?
 
অলপ পিছত উভতি আহি খুৰাদেউৱে ক'লে, "আকৌ প্লেনত উঠিব লাগিব৷"
 
এইবাৰ প্লেনখন সোনকালে এৰিলে৷ ছোৱালীগৰাকীয়ে ঘোষণা কৰোতে এইবাৰ ক'লে, "নমস্কাৰ, আৰু দু ঘন্টা দহ মিনিটৰ ভিতৰত আমি পোৰ্ট ব্লেয়াৰ পাই যাম৷ যদি ধুমুহা-বৰষুণ নাহে..."
 
পোৰ্ট ব্লেয়াৰ? পোৰ্ট ব্লেয়াৰ ঠাইখন ক'? চিংগাপুৰত? জাপানত? নামটো শুনা শুনা যেন লাগিছে৷
 
"খুৰাদেউ, পোৰ্ট ব্লেয়াৰ ক'?"
 
"আন্দামানত৷"
 
তাৰ পিছত অলপ পৰ ৰৈ তেওঁ ক'লে, "আমি তাতেই নামিম৷"
 
সন্তুৰ মনটো মৰহি গ'ল৷ ইমান জল্পনা-কল্পনাৰ অন্তত শেষত গৈ আন্দামান? আন্দামানচোন এখন জঘন্য ঠাই৷ কয়দীবোৰহে থাকে তাত৷ তালৈ গৈ কি হ'?
 
সন্তুৱে তললৈ চাই দেখিলে, তলত গাঢ় নীলা ৰঙৰ সাগৰ৷ যিমান দূৰলৈকে চকু যায়, সিমান দূৰলৈকে সাগৰ৷ মাজে মাজে পানীত ৰ'দ এনেদৰে পৰিছে, চকু চাট মাৰি ধৰে৷
 
আন্দামানচোন ভাৰতৰ ভিতৰতে৷ অথচ তালৈ যাবলৈ পাচপ’ৰ্ট লাগে! বিদেশী দুটাইনো তালৈ কিয় গৈ আছে, কি আছে তাত?
আন্দামানৰ নাম শুনি সন্তুৱে ভাবিছিল এটা বিভৎস দ্বীপ দেখিবলৈ পাব৷ যিখন ঠাইলৈ এসময়ত কেৱল চোৰ-ডকাইট আৰু কয়দীবোৰকহে পঠোৱা হৈছিল, সেইখন ঠাইতো আৰু ধুনীয়া হ'ব নোৱাৰে৷ আগৰ দিনত বোলে আন্দামানলৈ এবাৰ গ'লে জীৱিত অৱস্থাত ঘূৰি আহিব নোৱাৰে৷ সেইবোৰ ঠাইলৈকো আৰু কোনোবা ফুৰিবলৈ যায়নে?

***