চতুৰ্থ অধ্যায়
ওচৰতেই এখন টেক্সী ৰৈ আছিল৷ বাছৰ বাবে
নৰৈ সিহঁত টেক্সীতে উঠি দিলে৷
টুৰিষ্ট হোমত এটা প্ৰকাণ্ড ডাইনিং হ'ল আছে৷ সকলোৱে তাতেই খোৱা-বোৱা কৰে৷
দূৰৈৰ সাগৰ আৰু পাহাৰ দেখা যায় তাৰ পৰা৷
ডাইনিং হ'লত তেতিয়া কেইজনমান মানুহ বহি আছিল৷
খুৰাদেউৱে বেছি মানুহ-দুনুহ ভাল নাপায়৷ তেওঁ সন্তুক ক'লে, "বেয়াৰাটোক ক'বি, মোৰ খানাটো যেন আমাৰ ৰূমলৈকে লৈ
আহে৷"
সন্তুৱে আকৌ বেয়াৰাটোৰ নাম পাহৰি গৈছে৷
ইমান অদ্ভুত নাম, মনতে নাথাকে৷ কি জানো আছিল, হুটেপাটি? খিটিমিটি? জুমিজুমি? গুংগাগুলা? টুংগাটুলা? ধেৎ! এনেকুৱাও আৰু মানুহৰ নাম থাকেনে?
সন্তুৱে পুনৰ মাতিলে, "হেৰি! শুনাচোন৷"
পাকঘৰৰ পৰা বেয়াৰাটো ওলাই আহিল৷
সন্তুৱে তাক হাত বাউলি দি কাষলৈ মাতি ক'লে, "তোমাৰ নামটো জানো কি কৈছিলা?"
মানুহজনে দাঁত নিকটাই হাঁহিলে৷ হাঁহিলে
তাক অদ্ভুত দেখি৷ কাৰণ তাৰ এটা দাঁত সোণ খতোৱা৷ গাৰ ৰং কিচকিচীয়া ক'লা, বাকী দাঁতবোৰ ধকধকীয়া বগা, তাৰ মাজত এটা সোণালী৷
সি ক'লে, "চাহাব, মোৰ নাম কড়কড়ি৷"
"কড়কড়ি, ওঁ কড়কড়ি৷ তাকেইতো৷ বাৰু কড়কড়ি
তুমি আমাৰ খানাটো আমাৰ ৰূমলৈকে লৈ আহা৷"
"এতিয়াই লৈ গৈছো৷ চাহাব, এটা বঢ়িয়া বস্তু চাব?"
"কি?"
"আহক মোৰ লগত৷"
ডাইনিং হ'লৰ সোঁফালে এখন সৰু বাগিচা৷ তাৰ পৰাই
পাহাৰখন এঢলীয়া হৈ নামি গৈছে সাগৰলৈ৷ বাগিচাৰ এচুকত এজোপা গছত এটা অদ্ভুত জন্তু
বান্ধি থোৱা আছে৷ জন্তুটো প্ৰকাণ্ড ডাঙৰ কাছ এটাৰ সমান, কিন্তু গাটো কেঁকোৰাৰ দৰে৷ কড়কড়িয়ে
জৰীডালত ধৰি টান মাৰোতেই সি খঙত ক্ৰোককৈ উঠিল৷
সন্তুৱে সুধিলে, "কি এইটো?"
"এইটো এটা ক্ৰেব, চাহাব৷ ক্ৰেব৷"
"ক্ৰেব? তাৰ মানে কেঁকোৰা? ইমান ডাঙৰ? কেঁকোৰায়ো মাত মাতে নেকি?"
"অঁ, চাহাব৷ আজি আপোনালোকক এইটো ৰান্ধি
খুৱাম৷ ক্ৰেব খায় নহয়?"
এনেকুৱা এটা অদ্ভুত বস্তু নিশ্চয়
খুৰাদেউক দেখুওৱা উচিত৷ সন্তুৱে দৌৰি গৈ খুৰাদেউক মাতি আনিল৷
দেখি খুৰাদেউও চমকি উঠিল৷ ওচৰলৈ গৈ
ভালকৈ জুমি চাই ক'লে, "হুঁ, নাম শুনিছো৷ ইয়াক কোৱা হয়, কোকোনাট ৰবাৰ৷ ইহঁতে নাৰিকলৰ গছত উঠি
নাৰিকল ভাঙি খায়, ইমানেই জোৰ ইহঁতৰ গাত৷"
কড়কড়িয়ে ক'লে, "অঁ চাহাব৷ ইহঁতে কোকোনাট খায়৷"
"ইয়াক ধৰিলা কেনেকৈ? ইহঁতৰ চেপেনাতচোন সাংঘাতিক জোৰ
থাকে৷"
"এটা পাথৰ মাৰি উল্টাই দিছিলো৷"
"ইছ! ছিঃ ছিঃ, এনেকুৱা এটা প্ৰাণীক মাৰিছা? এইবিলাক খুব ৰেয়াৰ, মানে একেবাৰে কম পোৱা যায়৷ এনেদৰে
মাৰিলে পৃথিৱীৰ পৰা ইহঁত এদিন নাইকিয়া হৈ যাব৷"
সন্তুৱে ক'লে, "খুৰাদেউ, কড়কড়িয়ে কৈছে, এইটো বোলে সি আজি আমাক ৰান্ধি
খুৱাব৷"
খুৰাদেউৱে ভীষণ আপত্তি কৰি উঠিল,
"নাই, নাই, নাই৷ এইটো মাৰা উচিত নহয়৷ ইয়াক এতিয়াই এৰি দিয়া৷ তোমাক মই পইছা
দিম৷"
কড়কড়িয়ে অতি অনিচ্ছাৰে এখন চুৰি আনি
জৰীডাল কাটি দিলে৷ কেঁকোৰাটোৱে তাৰ গোল গোল চকু দুটাৰে তাৰ পিনে চালে৷ তাৰ পেটৰ
তলৰ পৰা বাহিৰ কৰিল দুখন চেপেনা৷ চেপেনা দুখন প্ৰায় মানুহৰ হাতৰ সমান মোটা৷
খুৰাদেউৱে ক'লে, "সাৱধান, আঁতৰি দে, সন্তু৷ সেই চেপেনাৰে এবাৰ চেপি ধৰিব
লাগিলে আৰু কোনোপধ্যে এৰুৱাব পৰা নাযাব৷"
কেঁকোৰাটোৱে দুবাৰ ক্ৰোক ক্ৰোক শব্দ
কৰিলে৷ তাৰ পিছত এটা মকৰাৰ দৰে তুৰ-তুৰাই দৌৰ নামি গ'ল এঢলীয়া ঠাইখনেৰে৷
সিহঁত উভতি আহিল নিজৰ ৰূমলৈ৷ ভাত খাই
উঠি খুৰাদেউৱে তিনি চাৰিখন কিতাপ একেলগে মেলি লৈ তাৰ মাজত এখন মেপ লৈ বহিল৷ সন্তুক
ক'লে, "তই ইচ্ছা কৰিলে এতিয়া অলপ ফুৰি-চাকি আহিব পাৰ৷"
সন্তুৰ অকণো যাবলৈ ইচ্ছা নাই৷ অলপ
পিছতেই দাশগুপ্ত আহিব, খুৰাদেউৱে তেওঁক ক'ব, কি ৰহস্যৰ সন্ধানত সিহঁত ইয়ালৈ আহিছে৷
সন্তুৱে সেইটো নুশুনিলে হ'ব জানো? খুৰাদেউৱেতো তাক উপযাচি একোকে নকয়৷
সন্তুৱেও কিতাপ এখন মেলি বহি ৰ'ল৷
অলপ পিছতেই খুৰাদেউৰ মেপখন বতাহত উৰি
গৈ মজিয়াত পৰিল৷ সন্তুৱে লগে লগে সেইখন তুলি দিলেগৈ৷
খুৰাদেউৱে সুধিলে, "মেপ কেনেকৈ চায় তই জাননে?"
সন্তুৱে ক'লে, "অঁ, জানো৷ মেপৰ ওপৰৰ দিশটো সদায় উত্তৰ৷"
খুৰাদেউৱে হাঁহিলে৷ "সেইটোতো
হয়েই! এয়া চা, ভাৰতবৰ্ষৰ মেপৰ তল ফালে দুই এটোপাল চিয়াহীৰ ছিটিকনি পৰাৰ দৰে যে এই
ঠাইখিনি থাকে, এই বিলাকেই আন্দামান-নিকোবৰ দ্বীপপুঞ্জ৷ এইখনত এই দ্বীপবোৰকে বেলেগকৈ
ডাঙৰ মেপত অঁকা হৈছে৷ এই দীঘলীয়া ডাঙৰ দ্বীপটো যে দেখিছ, এইটো আচলতে তিনিটা দ্বীপৰ সমষ্টি৷
দ্বীপ কেইটা হৈছে নৰ্থ আন্দামান, মিডল আন্দামান আৰু চাউথ আন্দামান৷ এয়া চা,
চাউথ
আন্দামানৰ কিনাৰত পোৰ্ট ব্লেয়াৰ -- আমি ইয়ালৈকে আহিছো৷ আৰু কিছুমান দ্বীপৰ নাম,
হাভলক,
ৰচ
-- এইবিলাক চব একো একোজন চাহাবৰ নাম৷ চাহাব সকল অহাৰ আগতে এই দ্বীপবোৰ আছিল
জলদস্যুৰ ঘাটি৷"
জলদস্যুৰ কথা শুনিয়েই সন্তু চমকি উঠিল৷
জলদস্যু -- তাৰমানে গুপ্তধন? ‘ট্ৰেজাৰ আইলেণ্ড’ কিতাপখনৰ কাহিনীটোৰ কথা মনত পৰি গ'ল তাৰ৷ তাৰমানে খুৰাদেউৱে ইয়াত
গুপ্তধনৰ সন্ধান কৰিবলৈ আহিছে? খুৰাদেউৱে অনৱৰতে পুৰণা ইতিহাসৰ কিতাপ পঢ়ি
থাকিবলৈ ভাল পায়৷ হয়তো তেনেকুৱা কোনো কিতাপতে ইয়াৰ গুপ্তধনৰ কথা উল্লেখ আছে৷
খুৰাদেউৱে কৈ গ'ল, "এইপিনেৰে যিবিলাক জাহাজ গৈছিল, জলদস্যুৱে সেইবোৰ হঠাতে আক্ৰমণ কৰিছিল৷
এখন পৰ্টুগীজ জাহাজতো জুই লগাই পুৰি পেলাইছিল৷ শেষ পৰ্যন্ত এই জলদস্যুক দমন কৰাৰ
উদ্দেশ্যৰেই ব্ৰিটিছ চৰকাৰে ইয়াত উপনিৱেশ পতাৰ কথা ভাবিলে৷ কিন্তু জলদস্যুৰ উপৰিও
ইয়াত আন এটা বিপদ আছিল৷ এই দ্বীপ বিলাক তেতিয়া ভৰি আছিল ইয়াৰ হিংস্ৰ আদিবাসীৰে,
বাহিৰৰ
মানুহ দেখিলেই সিহঁতে আক্ৰমণ কৰে৷"
সন্তুৱে আৰু মনৰ উত্তেজনা চেপি ৰাখিব
নোৱাৰিলে৷ সি সুধি পেলালে, "খুৰাদেউ, ইয়াত গুপ্তধন নাই?"
খুৰাদেউৱে অবাক হৈ মূৰ তুলি চালে,
"গুপ্তধন? কিহৰ গুপ্তধন?"
"জলদস্যুবোৰে যে অজস্ৰ সোণ-ৰূপ, হীৰা-মুকুতা লুকুৱাই ৰাখিছিল দ্বীপৰ
মাজত? ইয়াতো যদি তেনেকৈ লুকুৱাই ৰাখিছিল -- তাৰ পিছত সেই জলদস্যুবোৰ মৰি
গৈছে -- ক'ত থৈছিল, সেইবোৰ কথা আৰু কাৰো মনত নাই৷"
খুৰাদেউ হাঁহি মাৰি চছমাযোৰ খুলিল৷ তাৰ
পিছত ক'লে, "সেই বিলাকতো সাধুকথাৰ কিতাপত থকা কথা -- আজিকালি আৰু কোনোবাই
সঁচা-সঁচি গুপ্তধন পায়নে?"
"আমি যদি চেষ্টা কৰিলে পাই যাওঁ?"
"চেষ্টা কৰিলেই পোৱা হ'লেচোন বহুতেই আগতে পালেহেঁতেন৷ শুন,
হঠাৎ
টকা পইছা পাই ধনী মানুহ হোৱাৰ লোভ কৰাটো ঠিক নহয়৷ টকা অৰ্জন কৰিব লাগে নিজে
পৰিশ্ৰম কৰি বা বুদ্ধি খটুৱাই৷ বাৰু সেইবোৰ বাদ দে এতিয়া, শুন, কি কৈ আছিলো, অঁ, এই যে মেপত অজস্ৰ সৰু সৰু বিন্দুবোৰ
দেখিছ, এইবিলাকো একো একোটা দ্বীপ, আৰু বহুত দ্বীপ আছে, যিবিলাক মেপতো নাই, ইয়াৰে বেছিভাগ দ্বীপতে মানুহ নাথাকে৷
মানুহ নাযায়ো, কেৱল পাহাৰ আৰু জংঘল, তেনেকুৱা কোনো দ্বীপত যদি কেইটামান বিদেশী লুকাই
থাকে, কোনোবাই সিহঁতক বিচাৰি উলিয়াব পাৰিব জানো?"
"কিন্তু বিদেশী কেইটা তাত লুকাবলৈ যাব
কিয়? সিহঁতৰ লাভ কি হ'ব?"
খুৰাদেউৱে উত্তৰ দিবলৈ মুখ মেলিছিল,
তেনেতে
দুৱাৰৰ বাহিৰত কাৰোবাৰ খোজৰ শব্দ শুনা গ'ল৷ তেওঁ ৰৈ দিলে৷
পৰ্দা ঠেলি ভুমুকি মাৰি দাশগুপ্তই
সুধিলে, "সোমাৱনে ছাৰ?"
খুৰাদেউৱে ব্যস্ত হৈ ক'লে, "অঁ, অঁ, আহা৷ কওঁক কিবা খবৰ পালানে?"
দাশগুপ্তৰ মুখখন ৰঙা পৰি গৈছে৷ বহুখিনি
বাট যেন সি দৌৰি আহিছে৷ জেপৰ পৰা ৰুমাল এখন উলিয়াই মুখখন মচি মচি ক'লে, "বৰ সাংঘাতিক কথা৷ আমি আজি নিজ চকুৰেই
দেখিলো এখন মটৰবোট চাথাম দ্বীপৰ কাষেৰেই সাগৰৰ মাজলৈ গুচি গ'ল, অথচ হাৰ্বাৰ মাষ্টাৰে ক'লে, আজি ৰাতিপুৱা কোনো বোট যোৱাই
নাই৷"
খুৰাদেউৱে ক'লে, "তাৰ মানে?"
দাশগুপ্ত এখন চকীত ধপচকৈ বহি পৰি ক'লে, "কথাটো আপোনাক বুজাই কওঁ৷ ইয়াত বিভিন্ন
ধৰণৰ মটৰবোট আৰু ষ্টিমাৰ আছে৷ কোনোবাখনে যাত্ৰী লৈ যায়, কোনোবাখনে মাল-পত্ৰ, কোনোবাখন মাছ ধৰা বা শামুক বুটলা --
তাৰোপৰি আছে পুলিচৰ বোট -- আটাইবোৰৰ নাম ৰেজিষ্ট্ৰি কৰা আছে, কোনখন কেতিয়া এৰে বা উভতি আহে সেইটো
লিখি ৰখা হয়৷ হাৰবাৰ মাষ্টাৰে ক'লে আজি ৰাতিপুৱাই এখন যাত্ৰীবাহী জাহাজ এৰিছে,
আৰু
কোনো বোট এৰা নাই৷ আনকি, বাকী বোটবোৰ এতিয়া কোনখন ক'ত আছে, তাৰ হিচাপো মিলি গৈছে৷ গতিকে ৰাতিপুৱা
আঠটাৰ ওচৰত কোনো বোট যাবই নোৱাৰে৷"
খুৰাদেউৱে খঙেৰে ক'লে, "যাবই নোৱাৰে মানে? তেনেহ'লে সেইখন যে আমি দেখিলো, সেইখন কি আছিল?"
দাশগুপ্তই ক'লে, "ময়োতো তাকেই ক'লো৷ আপুনি দেখিছে, মই দেখিছো, সন্তুৱে দেখিছে, আৰু কেইবাজনেও দেখিছে৷ গতিকে এইটোকে ক'ব লাগিব যে ইয়াত এখন মটৰবোট বেছি আছিল,
যিখনৰ
কথা কোনেও নাজানে৷ কিন্তু সেইটো কেনেকৈ সম্ভৱ?"
খুৰাদেউৱে ক'লে, "একো অসম্ভৱ নহয়৷ অন্য কোনো মটৰবোট এখনৰ
নিচিনা একেই দেখিবলৈ, একেই নাম লিখি, কোনোবাই জালি বোট এখন লুকুৱাই ৰাখিছিল ইয়াত৷
সেই বোটখন লৈয়েই চাহাব দুজন পলাইছে৷ তুমি পুলিচক কথাটো জনাইছানে?"
"অঁ, ছাৰ, জনাইছো৷ পুলিচ আপোনাৰ ওচৰলৈকো আহিব৷
পুলিচে আপোনাৰ পৰিচয়টোও জানিব খুজিছিল৷"
খুৰাদেউৱে এটা চুৰট জ্বলালে৷ ধোঁৱা এৰি
ক'লে, "মোৰ পৰিচয় বিশেষ একো নাই৷ মই এসময়ত ভাৰত চৰকাৰৰ হৈ চাকৰি কৰিছিলো৷
এটা দুৰ্ঘটনাত মোৰ ভৰি এখন ভঙাৰ পিছত মই চাকৰি এৰি দিছো৷ কিন্তু তাৰ পিছত কেৱল
শুই-বহিয়ে মই দিনবোৰ কটাই দিয়া নাই৷ মই দুই এটা ৰহস্য সমাধান কৰাৰ চেষ্টা কৰিছো৷
এইবিলাক সাধাৰণ হত্যা-চত্যাৰ ৰহস্য নহয়৷ পৃথিৱীত এনেকুৱা কিছুমান ৰহস্য আছে,
যিবোৰৰ
সমাধান মানুহে আজিলৈ কৰিব পৰা নাই৷ যেনে ধৰা, বহু বছৰ আগতে চাংহাইৰ বজাৰত এজন মানুহে
নানান ধৰণৰ ঔষধ-পাতি, পশুপক্ষীৰ হাড়, গছৰ শিপা-চিপা, এইবিলাক বিক্ৰী কৰিছিল৷ এবাৰ তেওঁৰ
দোকানত তিনিটা দাঁত পোৱা গ'ল, যি কেইটা মানুহৰ দাঁতৰ বাদে আন কাৰোৰে
হ'ব নোৱাৰে৷ কিন্তু সেই দাঁত কেইটা আছিল এক ইঞ্চিৰো বেছি দীঘল৷ ইমান
ডাঙৰ দাঁত আজিলৈ কোনেও কেতিয়াও কোনো মানুহৰ মুখত দেখা নাই৷ অন্ততঃ বিশ পঁচিছ ফুট
ওখ মানুহৰহে তেনেকুৱা দাঁত থাকিব পাৰে৷ ইমান ওখ মানুহ জানো কেতিয়াবা পৃথিৱীত আছিল?
সকলো
বৈজ্ঞানিকে কৈছে, মানুহ কোনোপধ্যেই ইমান ওখ হ'ব নোৱাৰে৷ তেনেহ'লে দাঁত তিনিটা ক'ৰ পৰা আহিল? দাঁত তিনিটা নকলো নহয়, বহু পৰীক্ষা-নিৰীক্ষা কৰি দেখা গৈছে
সেই তিনিটা খাঁটি মানুহৰ দাঁত৷ এই দাঁতৰ ৰহস্যৰ মীমাংসা আজিও হোৱা নাই৷"
দাশগুপ্তৰ মুখখন মেল খাই গৈছে, তেওঁৰ আটাইবোৰ দাঁত দেখিবলৈ পোৱা গৈছে,
চকু
এটাও কেঁৰা হৈ গৈছে৷ বুজা গৈছে, তেওঁ ভীষণ অবাক হৈ পৰিছে৷ চাহাব আৰু মটৰবোটৰ
লগত এক ইঞ্চি দীঘল দাঁতৰ কি সম্পৰ্ক সি ধৰিব পৰা নাই৷ সন্তুৱেও ধৰিব পৰা নাই৷
(দাঁতৰ ৰহস্যটো জানিব খুজিলে 'য়েটি অভিযান'ত ক্লিক কৰক। সম্পূৰ্ণ উপন্যাসখন দিয়া হৈছে।)
খুৰাদেউৱে পুনৰ ক'লে, "দক্ষিণ আমেৰিকাৰ এঠাইত কেইবাটাও
প্ৰকাণ্ড প্ৰকাণ্ড পাথৰৰ বল আছে৷ বল বিলাক কিমান ডাঙৰ জানা? এটা মানুহতকৈও ডাঙৰ, তেনেকুৱা বল এটা আমাৰ এই দৰজাখনেৰে
নোসোমাব, বল বিলাক পাথৰৰ যদিও সম্পূৰ্ণ গোলাকাৰ আৰু চিকচিকীয়া, সেইবিলাক অ'ত ত'ত সিঁচৰিত কৰি থোৱা আছে৷ এতিয়া ৰহস্যটো
হ'ল, কোনে ইমান ডাঙৰ ডাঙৰ বল বনাইছিল আৰু কি উদ্দেশ্যৰে বনাইছিল? ইমান ডাঙৰ বলেৰেতো আৰু ফুটবল খেলিব
নোৱাৰি৷ মানুহে ইয়াৰ ৰহস্য আজিও ভেদ কৰিব পৰা নাই৷ তাৰোপৰি চোৱা, সম্ৰাট কণিষ্কৰ মূৰ্তিটোৰ মূৰটো কিয়
নাই, ক'তো তেওঁৰ মুখৰ ছবি নাই কিয়, সেইটোও এটা ৰহস্য৷ মই এনেকুৱা
ৰহস্যবোৰৰ সমাধান কৰিবলৈ চেষ্টা কৰো৷ ক'ৰবাত কিবা সুংসূত্ৰ পালে মই ভাৰত
চৰকাৰক চিঠি লিখি জনাওঁ, চৰকাৰে তেতিয়া মোক বিভিন্ন ধৰণে সহায় কৰে৷ এই
বিলাক কথা মই তোমাক জনালো হয়, সেই বুলি বেলেগক কৈ নুফুৰিবা৷"
খুৰাদেউ অলপ ৰৈ পুনৰ চুৰট টানিবলৈ
ধৰিলে৷ দাশগুপ্ত আৰু সন্তুৱে ভীষণ কৌতূহলেৰে চাই ৰ'ল তেওঁৰ পিনে৷
খুৰাদেউৱে ক'লে, "এতিয়া তোমালোকে সুধিব পাৰা, মই ইয়ালৈ কি ৰহস্যৰ সমাধান বিচাৰি
আহিছো! ইয়াৰ বাবে আন্দামানৰ ইতিহাসটো অলপ জনা দৰকাৰ৷ ইংৰাজসকল মাত্ৰ এশ-ডেৰশ বছৰ
আগতে ইয়ালৈ আহিছিল হয়, কিন্তু তাৰ বহুত আগতেই বহুতৰ লেখাত এই দ্বীপবোৰৰ কথা উল্লেখ আছিল৷
আনকি, প্ৰায় ডেৰ হাজাৰ বছৰ আগতেও এজন ভ্ৰমণকাৰী এই দ্বীপবোৰৰ ওচৰেৰে গৈছিল৷
তেওঁ আন্দামানৰ নাম দিছিল 'সোণৰ দ্বীপ'৷ আন বহুতেও ইয়াক সোণৰ দ্বীপ আখ্যা দিছিল।
কিয়? এই দ্বীপবোৰৰ ক'ততো সোণ পোৱা নাযায়৷ অথচ সোণৰ দ্বীপ নাম দিয়া
হৈছিল কিয়? তাৰোপৰি চাবা, এই দ্বীপৰ আদিবাসীবোৰ যে, সিহঁতৰ মূৰৰ চুলিবোৰ নিগ্ৰোৰ নিচিনা
কেঁকোৰা-কেঁকুৰি৷ কিয় হ'ল তেনেকুৱা? ভাৰত বা বাৰ্মা বা ইণ্ডোনেছিয়া, ইয়াৰ ওচৰা-উচৰি বাকী দেশবোৰৰ মানুহৰ
মূৰৰ চুলিটো তেনেকুৱা নহয়৷ তেনেহ'লে এই মানুহবোৰ আহিল ক'ৰ পৰা? এইটো এটা ৰহস্য নহয়নে?"
দাশগুপ্তই লাহে লাহে ক'লে, "হয়৷ এইবিলাক ৰহস্যইতো!"
খুৰাদেউৱে ক'লে, "কিন্তু মই এইবিলাক ৰহস্যৰ সমাধান
কৰিবলৈও অহা নাই৷ মই আহিছো বেলেগ কাৰণত৷"
খুৰাদেউৱে উঠি গৈ চুটকেচৰ পৰা এটা ফাইল
আনিলে৷ তাৰ মাজত অতি পুৰণি কাকতৰ পাত কিছুমান কাটি কাটি জাপি থোৱা আছে৷ সেইবিলাক
লুটিয়াই লুটিয়াই তেওঁ ক'লে, "এয়া চোৱা, এইটো বহুদিন আগৰ কথা, ঊনৈছশ পঁচিশ চনৰ, তাৰ মানে একাৱন্ন বছৰ আগৰ, ডক্তৰ স্পিৰনভ নামেৰে এজন ৰাছিয়ান বৈজ্ঞানিক
ইয়ালৈ ফুৰিবলৈ আহিছিল৷ তাৰ পিছত তেওঁ নিৰুদ্দেশ হৈ যায়৷ কোনেও আৰু তেওঁক বিচাৰি
নাপালে৷ বহুতৰ ধাৰণা তেওঁ পানীত পৰি মৰি গৈছে, কিন্তু তেওঁৰ দেহটোও বিচাৰি পোৱা নগ'ল৷ তেওঁ বহুত নামজ্বলা মানুহ আছিল৷ তাৰ
পিছত এইটো চোৱা, ঊনৈছশ ছয়ত্ৰিছ চন, পোলেণ্ডৰ পৰা আহিছিল দুজন বৈজ্ঞানিক, তাৰ মাজৰ এজনৰ নাম মাত্ৰ কাকতত ছপা
হৈছিল, মিঃ জাৰজেছিক আৰু তেওঁৰ সঙ্গী, এওঁলোক দুজনো নিৰুদ্দেশ হৈ যায়৷ তাৰ
পিছত ঊনৈশশ একচল্লিশ চনত ৰাছিয়াৰ পৰা আহিল অধ্যাপক জুছকভ, এওঁও নিৰুদ্দেশ৷ এওঁৰ বাৰত খুব হৈ-চৈ লাগিছিল৷
জাহাজ লৈ সাগৰতো বিচাৰ-খোঁচাৰ কৰা হৈছিল৷ অথচ পোৱা নগ'ল৷ তাৰ পিছত ঊনৈশশ তেৱন চনত আৰু দুজন,
সাতাৱন
চনত এজন, ঊনৈশশ চৌষষ্ঠি চনত একেলগে তিনিজন বৈজ্ঞানিক উধাও হয়৷ পুৰণি কাকতৰ পৰা
মই এইবিলাক খবৰ উলিয়াইছো৷ কিয় একেলগে ইমানবোৰ বৈজ্ঞানিক এই ঠাইখনলৈ অহাৰ পিছত
নিৰুদ্দেশ হৈ গৈছিল?
দাশগুপ্তই খৰধৰকৈ ক'লে, "ছাৰ, ইয়াৰ দুই এটা ঘটনা ময়ো শুনিছো৷ পিছে এইটো
ৰহস্যৰ মীমাংসা কৰা টান নহয়৷ এই বিলাক কথাতো পুলিচেও জানে৷ আপুনি জাৰোৱাৰ কথা
শুনিছেনে?"
খুৰাদেউৱে ক'লে, "শুনিছো৷"
"আন্দামানৰ দ্বীপবোৰত পাঁচ ধৰণৰ আদিবাসী
আছিল আগতে৷ ইয়াৰ মাজত বাকীবোৰ শান্ত হৈ গ'লেও দুটা জাতি খুবেই হিংস্ৰ৷ ইহঁত হ'ল চেন্টিনেলিজ আৰু জাৰোৱা৷
চেন্টিনেলিজবোৰ থাকে বহুত দূৰৈত, অকলশৰীয়া দ্বীপ এটাত৷ জাৰোৱা কিন্তু ওচৰতেই
থাকে, দক্ষিণ আৰু মধ্য আন্দামানৰ গভীৰ অৰণ্যৰ মাজত৷ এই জাৰোৱাবোৰ সাংঘাতিক
হিংস্ৰ, সভ্য মানুহ দেখিলেই মাৰি পেলায়৷ সাধাৰণ মানুহ কোনো সিহঁতৰ এলেকালৈ
নাযায়৷ চাহাব সকলৰতো সাহসটো অলপ বেছি, জানেই, সিহঁত সেই জংঘলত সোমাইছিল, আৰু জাৰোৱাই বিহ-লগা কাঁড়েৰে মাৰি
পেলাইছে৷ এইটোতো একেবাৰে চিধা-চাধা ৰহস্য৷ ভাবি চাওঁক ছাৰ, জাৰোৱাবোৰ ইমানেই দুৰ্দান্ত যে পুলিচ
পৰ্যন্ত সিহঁতৰ ওচৰলৈ যাবলৈ সাহস নকৰে৷ আনকি সিহঁত সংখ্যাত কিমান, তাকো জানিব পৰা যোৱা নাই৷"
খুৰাদেউৱে শান্তভাৱে ক'লে, "নাই, কথাটো ইমান চিধা নহয়৷ কেইবাজনো মানুহৰ
মাৰ্ডাৰ হৈছে, বা নিৰুদ্দেশ হৈছে, তাৰ সন্ধান কৰিবলৈও মই অহা নাই৷ সেই বিলাকটো
পুলিচৰ কাম৷ ৰহস্যটো হ'ল, ইমানবোৰ বৈজ্ঞানিক ইয়ালৈ আহিছিল কিয়? প্ৰায় পঞ্চাশ বছৰ ধৰি পৃথিৱীৰ বিভিন্ন
ঠাইৰ পৰা বিভিন্ন বৈজ্ঞানিক ইয়ালৈ আহিছে কেৱল নিৰুদ্দেশ হ'বলৈ বা মৰিবলৈ? বৈজ্ঞানিকতো ইমান বুৰ্বক নহয়৷ তেওঁলোক
আহিছিল নিশ্চয় কোনো উদ্দেশ্য লৈ৷ সেই উদ্দেশ্যটো কি, সেয়া এতিয়াও জানিব পৰা যোৱা নাই৷ মই
সেইটোকে জানিবলৈ আহিছো৷"
দাশগুপ্তই উচ্চস্বৰে কৈ উঠিল,
"তেনেহ'লে, সেই চাহাব দুটা.."
খুৰাদেউৱে ক'লে, "অঁ, এইবাৰ ঠিকেই ধৰিছা৷ এই চাহাব দুটাৰো
নিশ্চয় কিবা উদ্দেশ্য আছে৷ কেৱল ইহঁত দুটাই কিয়, মোৰ বোধেৰে আৰু কেইবাটাও আহিছে ইয়াৰ
মাজতে, সিহঁত ক'ৰবাত লুকাই আছে৷"
ফাইলটো জপাই থৈ খুৰাদেউৱে সুধিলে,
"মোৰ বাবে বোটৰ ব্যৱস্থা কৰা হৈছে?"
দাশগুপ্তই ক'লে, "অঁ, ছাৰ বোট ৰেডি৷ আপুনি যেতিয়াই মন যায়
ব্যৱহাৰ কৰিব পাৰিব৷"
খুৰাদেউৱে উঠি ক'লে, "ব'লা, মই এতিয়াই যাব খোজো৷"
বহুত সুন্দৰ। আপোনাৰ লেখা পঢ়ি বহুত ভাল লাগে।
ReplyDeleteঅশেষ ধন্যবাদ। এইখন পিছে মোৰ অনুবাদহে দেই।
Delete