পঞ্চম অধ্যায়
তীৰৰ কাষৰ সাগৰৰ পানীৰ ৰং পাতল নীলা
আৰু সেউজীয়াৰ সংমিশ্ৰণ, অলপ দূৰলৈ গ'লেই গভীৰ নীলা৷ দূৰে দূৰে দুই এটা সৰু সৰু
দ্বীপ দেখা যায়৷ অলপ পিছতেই মটৰবোটখন গভীৰ সমুদ্ৰৰ মাজলৈ গুচি গ'ল৷
মটৰবোটখন সৰু, কিন্তু বৰ বেগাই যায়৷ ডাঙৰ ডাঙৰ ঢৌৰ
ওপৰেৰেও অনায়াসে পাৰ হৈ যায়৷ শঙ্কৰনাৰায়ণ নামৰ এজনে সেই বোটখন চলাইছে, তাৰ লগত আছে আৰু দুজন সহকাৰী৷
সন্তুৱে ভাবিছিল, সাগৰৰ মাজেৰে মটৰবোটত বহি যাবলৈ খুব ভাল
লাগিব৷ তাৰ লগৰবোৰৰতো কাৰোৱে তেনেকুৱা অভিজ্ঞতা হোৱা নাই। কিন্তু অলপ পিছতেই তাৰ
আৰু ভাল নলগা হ'ল৷ কেনেকৈ যে মূৰ ঘূৰাবলৈ ধৰিলে, পেটৰ ভিতৰখন যেন তল ওপৰ হৈ গৈছে,
তাৰ
শুবলৈ মন গ'ল৷ সন্তু নিজেই আচৰিত হ'ল৷ ফুৰিবলৈ আহি এনেকুৱাতো কোনোদিনে হোৱা নাই
তাৰ৷
সাগৰখন চাই চাই একঘেয়ামি লাগিছে,
এটা
সময়ত সি শুই পৰিল কাঠৰ বেঞ্চ এখনৰ ওপৰত৷ খুৰাদেউৱে সন্মুখৰ ফালে একে দৃষ্টিৰে চাই
বহি আছে, এবাৰ পিছলৈ চাই সন্তুক শুই থকা দেখি তেওঁ উঠি আহিল৷ ওচৰলৈ আহি ক'লে, "কি সন্তু, গা বেয়া লাগিছে নেকি?"
সন্তুৱে লাজ পাই ক'লে, "নাই, নাই, এনেই অকণমান শুইছো৷"
খৰধৰকৈ সি উঠি বহিবলৈ চেষ্টা কৰিলে,
তাৰ
ভয় লাগিল, তাৰ গা বেয়া বুলি গম পালে যদি খুৰাদেউৱে তাক টুৰিষ্ট হোমত থৈ অহাৰ
কথা কয়৷
খুৰাদেউৱে সুধিলে, "মূৰ ঘূৰাইছে? পেট বেয়া লাগিছে নেকি?"
সন্তুৱে উত্তৰ দিয়াৰ আগতেই দাশগুপ্তই
সুধিলে, "সি চাগে আগতে কেতিয়াও সাগৰলৈ অহা নাই?"
"নাই৷"
"তেনেহ'লেতো চি চিকনেছ হ'বই৷ ইমান ডাঙৰ ডাঙৰ ঢৌ৷"
"চাওঁচোন, মোৰ লগত টেবলেট থাকিব পাৰে৷"
খুৰাদেউৱে তেওঁৰ ডাঙৰ চামৰাৰ বেগটো
খুচৰি খুচৰি দুটা টেবলেট উলিয়ালে৷ সেই বেগটোৰ ভিতৰত বহুত কিবা কিবি থাকে৷ আনকি
কেঁচি, গুলি-সূতা, আঠাৰ বটল পৰ্যন্ত সন্তুৱে দেখিছে৷
খুৰাদেউৱে ক'লে, "এই টেবলেট দুটা খাই ল' সন্তু৷ তাৰ পিছত শুই থাক৷ যদি বমি
কৰিবলৈ মন যায়, বমি কৰি দিবি৷ লাজ কৰিবলগীয়া একো নাই৷"
সন্তুৰ সঁচাকৈ অলপ অলপ বমিৰ ভাব
আহিছিল৷ কিন্তু অতি কষ্টেৰে চেপি ৰাখিলে৷ পেটৰ ভিতৰতো যেন সাগৰৰ ঢৌৱে উঠা নমা কৰিছে৷
সন্তু এটা সময়ত শুই পৰিছিল, হঠাৎ দাশগুপ্তৰ চিৎকাৰত সাৰ পাই উঠিল৷
দাশগুপ্তই ক'লে, "সেয়া চাওঁক, সেয়া চাওঁক৷"
সন্তুৱে হুৰমূৰকৈ উঠি বহি ক'লে, "কি? কি?"
দাশগুপ্তই সাগৰৰ মাজলৈ এফালে আঙুলিয়াই
ক'লে, "সেয়া, দেখিছানে?"
সন্তুৱে চালে, অলপ দূৰৈত পানীৰ মাজত এটা মটীয়া
তিনিকোণীয়া বস্তু ওপঙি আছে৷
"কি সেইটো?"
"হাঙ্গৰ৷ সেয়া চোৱা, আৰু এটা৷"
"হাঙ্গৰ এনেকুৱা নেকি দেখিবলৈ?"
"সেইখনতো কেৱল ফানখনহে৷ আচল হাঙ্গৰটো
আছে পানীৰ তলত৷"
ক্ৰমে দহ-বাৰখন হাঙ্গৰৰ ফান দেখিবলৈ
পোৱা গ'ল৷ দাশগুপ্তই সন্তুক ভয় দেখুৱাই ক'লে, "দেখিলা নহয়? ইয়াত এবাৰ পানীত পৰিব লাগিলে আৰু বচাৰ
উপায় নাই৷ হাঙ্গৰবিলাকে এক মিনিটত নেফানেফ কৰি পেলাব৷"
খুৰাদেউৱে এটা দূৰবীণ চকুত লগাই বহি
আছিল৷ অলপ দূৰৈত এটা দ্বীপ দেখা গৈছে৷ তেওঁ দাশগুপ্তক অলপ ধমক দি ক'লে, "হঠাৎ তেনেকৈ নিচিঞৰিবা৷ মই ভাবিলো,
তুমি
কিবা মানুহ-দুনুহ দেখিলা নেকি!"
দাশগুপ্ত পুনৰ নিশ্চুপ হৈ পৰিল৷
খুৰাদেউৱে পুনৰ সুধিলে, "এই যে দ্বীপবিলাক আছে, এইবোৰত নামিব পাৰিনে?"
দাশগুপ্তই ক'লে, "নাই ছাৰ, ঘাট নাথাকিলে কেনেকৈ নামিব? বেছি ওচৰলৈ গ'লেচোন নাও বালিত ফচি যাব৷"
"একেবাৰে ওচৰলৈ নগৈ যদি অলপ দূৰৈত ৰখাই
পানীত নামি যোৱা যায়?"
দাশগুপ্ত একেবাৰে আতংকিত হৈ পৰিল৷ চকু
দুটা অমৰা গুটিৰ দৰে ডাঙৰ ডাঙৰ কৰি ক'লে, "নাই, নাই, নাই, সেইবোৰ কথা নাভাবিবই৷ ইয়াতে য'তে ত'তে পানীত নামিব নোৱাৰে। নামিলেই
হাঙ্গৰে ভৰি ছিঙি লৈ যাব৷"
"হয় নেকি?"
"অঁ, ছাৰ, সঁচাকৈ৷ এবাৰ মোৰ চিনাকি মানুহ এজনৰ
ভৰি এখন ছিঙি লৈ গৈছিল৷"
খুৰাদেউৱে অকণমান হাঁহিলে,
"মোৰতো এখন ভৰি এনেয়ে পৰি আছে৷ হাঙ্গৰে মানুহৰ দুয়োখন ভৰি ছিঙি নিয়ে
জানো? যিমান শুনিছো, সিহঁতে মানুহৰ এখন ভৰিহে নিয়ে, এখন থৈ যায়৷"
দাশগুপ্তই জমনিটো বুজি নাপালে৷ তেওঁ
তেতিয়াও ভয় মিহলি মাতেৰে ক'লে, "সেইবিলাক চিন্তা বাদ দিয়ক৷ আপুনি কি
দুশটা দ্বীপৰ দুশটাতে নামি নামি চাব নেকি? সেইটোতো অসম্ভৱ কথা৷"
"এইবোৰ দ্বীপত মানুহ থাকিব পাৰেনে?"
"কেনেকৈ পাৰিব? খোৱা পানী ক'ত? সাগৰৰ পানীতো খোৱা সম্ভৱ নহয়৷ এই বিলাক
দ্বীপত কোনোবা দুদিন থকিলেই পানীৰ পিয়াহত শুকাই মৰিব৷"
"তেনেহ'লে যিবোৰ দ্বীপত মানুহ থাকে, তাত কেনেকৈ পানী পোৱা যায়?"
"নিজৰাৰ পানী৷ যিবিলাক দ্বীপত পাহাৰ
আছে৷ তাত নিজৰাও আছে৷ তাৰ পানী খুব মিঠা হয়৷"
খুৰাদেউৱে মাথোঁ ক'লে, "হুঁ!"
মটৰবোটখনে এইবাৰ মূল সাগৰ এৰি খাঁড়িত
সোমাল৷ খাঁড়ি মানে দুয়োফালে দ্বীপ, তাৰ মাজেৰে সমুদ্ৰপথ৷ দুয়োফালৰ দ্বীপ বিলাক
গভীৰ জংঘলেৰে ভৰা, একো একোজোপা গছ প্ৰকাণ্ড প্ৰকাণ্ড ওখ, গছবোৰৰ গাত লতা বগাই ফুলি আছে বিভিন্ন
ৰঙৰ ফুল৷ ইয়াৰে এজোপা গছো চিনাকি গছ যেন নালাগিল সন্তুৰ৷
দাশগুপ্তই ফুচফুচাই সন্তুক ক'লে, "চাই থাকা, অলপ পিছতেই ঘঁৰিয়াল দেখিবলৈ
পাবা৷"
সন্তুৱে ক'লে, "ঘঁৰিয়াল? পানীত ভাঁহি উঠিব?"
"নাই৷ কিনাৰৰ বালিচৰত ৰ’দ পুৱাই থকা দেখিবা৷ বোটৰ শব্দ শুনি
ঝুপঝাপকৈ পানীত জঁপিয়াই পৰিব৷"
সন্তুৱে মনোযোগেৰে বাহিৰলৈ চাই থাকিল৷
দাশগুপ্তই ক'লে, "আজি তোমাৰ কপাল ভাল থাকিলে বগা
ঘঁৰিয়ালো দেখিব পাৰা৷"
খুৰাদেউৱে আকৌ ঘূৰি চালে৷ দাশগুপ্তক ক'লে, "কি ফাল্টু কথা কৈ আছা? বগা ঘঁৰিয়াল থাকে নেকি?"
"অঁ, ছাৰ, থাকে৷ কেতিয়াবা কেতিয়াবা দেখা যায়৷
এবাৰ এটা প্ৰকাণ্ড তিমি মাছো আহি ওলাইছিল নিকোবৰৰ ফালে৷ তাৰ জকাটো পোৰ্ট ব্লেয়াৰত
আছে৷ আৰু মাজে মাজে ঘঁৰিয়াল আৰু হাঙ্গৰৰ যি কাজিয়া লাগে নহয় ছাৰ৷ বিৰাট চাবলগীয়া
হয়৷"
খুৰাদেউৱে হঠাৎ সোঁফালে ঘূৰি কৈ উঠিল,
"মানুহ৷ সেয়া মানুহ দেখা গৈছে৷"
সন্তুৱে ঘঁৰিয়াল দেখা হ'লে যিমান উত্তেজিত হ'লহেঁতেন, খুৰাদেউৱে মানুহ দেখি তাতকৈ বেছি
উত্তেজিত হৈ পৰিল৷ সঁচাকৈ দেখা গ'ল, হাবিৰ মাজেৰে দুটা খাঁকি পোছাক পিন্ধা
মানুহ ভিতৰৰ পিনে সোমাই গৈ আছে৷
দাশগুপ্ত কিন্তু বেছি উত্তেজিত নহ'ল৷ ক'লে, "অঁ, এইপিনে বন বিভাগৰ কিছু মানুহ কাঠ
কাটিবলৈ আহে৷ কিন্তু তেওঁলোকক কেৱল বাওঁফালেহে দেখিবলৈ পাব৷ সোঁফালে নহয়৷"
"কিয়?"
"এইপিনে জংঘলত মানুহ নমা নিষেধ৷ এইপিনে
জাৰোৱা থাকে৷"
সন্তুৱে সুধিলে, "জাৰোৱা কি?"
"কি কোৱা? ইমান সোনকালে পাহৰি গ'লানে? অথনি যে কৈছিলো, জাৰোৱা এটা খুব হিংস্ৰ জাতি৷ সিহঁতে
কাপোৰ কানি নিপিন্ধে, বিষাক্ত কাঁড় মাৰে- আৰু আমাৰ দৰে মানুহ দেখিলেই মাৰি পেলায়৷"
খুৰাদেউৱে সুধিলে, "এইপিনেৰে যে মটৰবোট বা ষ্টিমাৰ আদি যায়,
এইবোৰলৈ
সিহঁতে কাঁড় নামাৰে? হঠাৎ যদি কাঁড় মাৰিবলৈ আৰম্ভ কৰে?"
দাশগুপ্তই ক'লে, "সেই কাৰণেই দেখিব, অলপ দূৰে দূৰে পুলিচৰ কেম্প বহোৱা আছে,
পুলিচে
সিহঁতক সাগৰৰ পাৰলৈ আহিব নিদিয়ে৷ সিহঁতক দেখিলেই গুলীৰ শব্দ কৰি ভয় খুৱাই৷ সিহঁতে
বন্দুক-বাৰুদক খুব ভয় কৰে৷"
"সিহঁতৰ বন্দুক নাই তাৰ মানে?"
"কি বন্দুকৰ কথা সুধিছাহে? জুয়ে জ্বলাব নাজানে৷ সিহঁতে লোৰ
অস্ত্ৰও ব্যৱহাৰ কৰিব নাজানে৷ সিহঁতৰ যিবোৰ কাঁড়, তাৰ আগত লোৰ টুপ নাথাকে, একেবাৰে সৰু সৰু বাঁহৰ কামিৰে বনোৱা,
কিন্তু
তাত ভয়ংকৰ বিহ লগোৱা থাকে৷ সাগৰত মাজে মাজে যে কাঁচৰ বটল-চটল ভাহি আহে, সেইবিলাক ভাঙি সিহঁতে কাঁচৰ চুৰি বনায়৷
শামুক বা শিলৰ চুৰিও আছে৷ শুনা কথা, কিমান সঁচা মিছা নাজানো, সিহঁতে বোলে মাজে মাজে এইপিনে আহি লো
চুৰি কৰি লৈ যায়৷ সেইবোৰ ঘঁহাই ঘঁহাই ধাৰ থকা অস্ত্ৰ বনায়৷"
খুৰাদেউৱে অলপ পৰ চিন্তা কৰি ক'লে, "জাৰোৱা য'ত থাকে, তালৈ কোনো সভ্য মানুহ যোৱা নাই এতিয়ালৈ?"
"কোন যাব? গ'লেচোন প্ৰাণটো থৈ আহিব লাগিব! ব'লক, আপোনালোকক অলপ আগত এখন ঠাই দেখুৱাম৷"
"তেনেহ'লে এনেকৈ ধৰি ল'ব পাৰি যে যিকেইজন বিজ্ঞানী নিৰুদ্দেশ
হৈছে, তেওঁলোক এই ঠাইখনলৈ যাব খুজিছিল৷"
"হ'ব পাৰে৷"
"আমি যে বিদেশী দুটা দেখিছিলো৷ সিহঁতেও
ইয়ালৈ আহিবলৈ চেষ্টা কৰিব পাৰে৷ সিহঁতৰ লগত নিশ্চয় বন্দুক পিষ্টল আছে৷"
"সেইটো কোৱা টান৷ মাত্ৰ দুই তিনিটা
চাহাবে বন্দুক পিষ্টল লৈ আহি কি কৰিব, যদি পাঁচশ-ছয়শ হিংস্ৰ জাৰোৱাই সিহঁতক
ঘেৰি ধৰে৷"
"এই দ্বীপটোৰ সিটো পাৰেওতো সাগৰ আছে,
সেইপিনে
যাব নোৱাৰি?"
"অঁ, পাৰি৷ কিন্তু সেইপিনে পুলিচৰ পহৰা নাই৷
জাৰোৱাবোৰ সাগৰৰ পাৰলৈ যেতিয়াই তেতিয়াই আহি যায়৷"
"মই সেইপিনে এবাৰ যাব খোজো৷"
দাশগুপ্তই পুনৰ অবাক হৈ ক'লে, "এতিয়া?"
খুৰাদেউৱে জোৰ দি সুধিলে,
"কিয়, এতিয়া যাব নোৱাৰি নেকি?"
"তেনেহ'লে বহুত দেৰি হৈ যাব যে ছাৰ? আপোনালোকৰ খোৱা-বোৱাৰ ব্যৱস্থা কৰিব
লাগিব৷"
"খোৱা-বোৱাৰ বাবে ব্যস্ত হ'বলগীয়া নাই৷"
"কিন্তু ছাৰ, এই বোটখনৰ যে কেৱল এইটো ফালেৰেহে যোৱাৰ
অনুমতি আছে৷ সিটো ফালে যাবলৈ হ'লে আৰু বেলেগকৈ পুলিচ-পাৰ্মিছন ল'ব লাগিব৷ হ'লেও ব'লকচোন, আগত যদি ৰংগতত অনুমতি ল'ব পৰা যায়৷"
দাশগুপ্তই অকণমান ৰৈ হেহোঁ-নেহোঁকৈ ক'লে, "এটা কথা ছাৰ, এই জাৰোৱাবোৰৰ তালৈ নাযাব৷ আপুনি যি
ৰহস্যৰ কথা কৈছে, তাৰ সমাধান কি কেৱল এই জাৰোৱাবোৰৰ তাতেই আছে নেকি? তেনেহ'লে সেই ৰহস্য, ৰহস্য হৈয়েই থাকক৷ কিয় মিছা মিছি প্ৰাণ
দিবলৈ যায়?"
খুৰাদেউে ক'লে, "চব মানুহতো একে নহয়৷ কিছুমানে ভাবে,
সকলো
যেনেকৈ চলি আছে, তেনেকৈ চলি থাকক৷ পুৰণা বস্তু খুচৰি থাকি কি লাভ? আৰু কিছুমান মানুহে এটা কামত এবাৰ হাত
দিলে তাক শেষ নকৰাকৈ নেৰে৷ এই ৰহস্যটো যদি মই সমাধান কৰিব নোৱাৰো, তেনেহ'লে আৰু কোনোদিনে ৰাতি মোৰ টোপনি
নাহিব৷"
"কিন্তু ছাৰ, তালৈ গ'লে যে আমাৰ প্ৰাণ যাব৷"
"তোমালোক কোনো তালৈ যোৱাৰ দৰকাৰ
নাই৷"
"সেইটো অসম্ভৱ৷ চৰকাৰে মোক আদেশ দিছে,
অনৱৰতে
আপোনাৰ লগে লগে থাকিবলৈ৷ আপোনাক সকলো প্ৰকাৰে সহায় কৰিবলৈ৷"
"তেনেহ'লেচোন চৰকাৰে তোমাক বৰ বিপদত পেলাইছে
দেখিছো!"
"নাই, ছাৰ, মই আপোনাক সহায় কৰিব খোজো৷ আপুনিতো এই
ঠাইখনৰ সকলো কথা নাজানে৷"
"আমি এতিয়া ক'লৈ গৈ আছো?"
"ৰংগতলৈ৷ এইপিনৰ আটাইতকৈ ডাঙৰ ঠাই৷
ৱায়াৰলেছ যোগে আমি গৈ থকাৰ কথা মই জনাই দিছো৷ জেটিত জীপ গাড়ী ৰৈ থাকিব৷ তাত বৰ
ধুনীয়া ডাকবাংলো এটা আছে, পাহাৰৰ ওপৰত৷"
"তালৈ গৈ পাবলৈ আৰু কিমান সময় লাগিব?"
"তিনিটা মানত পাই যাম৷ ৰংগতৰ পৰা আৰু
বহু ঠাইলৈ যাব পাৰি৷ আপুনি যদি বিচাৰে, আমি মায়াবন্দৰৰ পিনেও যাব পাৰো৷ মোৰ
সন্দেহ, এই চাহাবকেইটা মায়াবন্দৰত থাকিব পাৰে৷"
"কিয়?"
"মায়াবন্দৰ বহুত ধুনীয়া ঠাই৷
চাহাব-মেমবোৰে বৰ ভাল পায়৷"
"সেয়াতো ফুৰিবলৈ অহাবোৰৰ কাৰণে৷ এই
চাহাব দুটা যে ইয়ালৈ ফুৰিবলৈ আহিছে, তেনেকুৱাতো লগা নাই৷ ফুৰিবলৈ অহা হ'লে সিহঁতে ইমান লুকুৱা-লুকি কিয় কৰিব?"
অলপ সময় সকলো মনে মনে থাকিল৷ কেৱল বাজি
থাকিল মটৰবোটৰ ঘট-ঘট-ঘট শব্দ৷ খাঁড়িৰ সাগৰত ঢৌ বেছি নাই৷ দুয়োফালে দেৱালৰ দৰে
জংঘল৷
সন্তৱে ঘঁৰিয়াল চাবলৈ ব্যাকুল হৈ আছিল৷
এটা সময়ত সঁচাকৈ দেখা গ'ল৷ দুটা ঘঁৰিয়াল বালিৰ ওপৰত শুই আছিল৷ ঠিক যেন দুটুকুৰা পোৰা খৰি৷
বোটৰ শব্দ শুনি ঘূৰি চালে৷ তাৰ পিছত বিশেষ ভয় নকৰি লাহে লাহে পানীত নামি গ'ল৷
সন্তুৱে ক'লে, "সেয়া, সেয়া ঘঁৰিয়াল৷"
দাশগুপ্তই অলপ অৱহেলাৰ সুৰত ক'লে, "এই দুটা সিমান ডাঙৰ নহয়৷ আৰু ডাঙৰ আছে৷
এইখনেই কিন্তু সেই ঠাইখন৷"
সন্তুৱে সুধিলে, "কি ঠাই?"
"অলপ আগতে কৈছিলো যে দেখুৱাম বুলি৷ এই
ঠাইখনৰ বালিৰ ৰং দেখিছা কেনেকুৱা সোণালী? ফেন্টমৰ গল্পত সোণালী-তীৰভূমিৰ কথা
পঢ়িছা নহয়?"
"এয়াই নেকি সেই সোণালী-তীৰভূমি? তেনেহ'লে ফেন্টমৰ জেড পাথৰৰ ঘৰটো ক'ত?"
"নাই, এয়া সেই সোণালী-তীৰভূমি নহয়৷ পিছে ইয়াৰ
বালি খুব মিহি আৰু সোণালী ৰঙৰ৷ বহুতে ভাবে ইয়াৰ বালিত সোণ মিহলি হৈ আছে৷"
খুৰাদেউৱে সুধিলে, "সঁচাকৈ আছেনে?"
"নাই, নাই৷ চৰকাৰে পৰীক্ষা কৰি চাইছে,
তেনেকুৱা
একো নাই৷ হ'লেও মানুহে লোভ কৰে৷ সেইপিনেতো যোৱা নিষেধ, অথচ এদিন ৰাতি তিনিটা ল'ৰা বালি আনিবৰ কাৰণে তাত নামিছিল৷
তিনিও বস্তাত বালি ভৰাই আছিল, তেনেতে পিছ ফালৰ পৰা জাৰোৱাই আক্ৰমণ কৰে৷ দুটাক
লগে লগে মাৰি পেলায়৷ এটা ল'ৰাই জাৰোৱা এটাৰ পেটত চুৰি মাৰি কোনো ৰকমে
নিজকে এৰুৱাই সাগৰত জাপ মাৰে৷ জাৰোৱাবোৰে সাঁতুৰিব নাজানে, সেয়ে পানীত নানামে৷ এই ল'ৰাটোও আহত হৈছিল, সেই অৱস্থাতেই সি পানীত ওপঙি থাকে৷ তাৰ
কপাল ভাল আছিল, হাঙ্গৰে নাকামুৰিলে তাক, বাৰ ঘন্টাৰ পিছত পুলিচৰ বোটে এখনে পাই তাক
উদ্ধাৰ কৰে৷ তাৰ পিছৰ পৰা সি পাগলৰ নিচিনা হৈ গৈছে৷ অনৱৰতে চিঞৰি থাকে, জাৰোৱা, জাৰোৱা, সেইবোৰ জাৰোৱা৷"
কাহিনীটো কৈ থাকোতে উত্তেজনাৰ কোবত
তেওঁ নিজেই সেই ল'ৰাটোৰ দৰে চিঞৰিবলৈ ধৰিলে, "জাৰোৱা, সেইবোৰ জাৰোৱা৷"
সন্তুৱে মুখ মেলি কাহিনীটো শুনি আছিল৷
কিন্তু খুৰাদেউৱে হঠাৎ দাশগুপ্তক সুধিলে, "তুমি সেই ল'ৰাটোক কেতিয়াবা দেখিছা? নিজ চকুৰে?"
দাশগুপ্তই থতমত খাই ক'লে, "দেখা নাই৷ কিন্তু চবে জানে৷"
খুৰাদেউৱে ক'লে, "কাহিনী, এইবোৰ সাজি-সাজি কোৱা কাহিনী৷"
"নহয় ছাৰ, আপুনি ৰংগতলৈ গৈ যাকে ইচ্ছা সুধিব
পাৰে৷"
"মই মন কৰিছো তুমিও কম গল্পকাৰ নহয়?"
দাশগুপ্ত তাৰ পিছত একেবাৰে নিশ্চুপ হৈ
ৰ'ল৷
তিনিটা মানত নাওঁখন আহি ৰংগত পালেহি৷
ঘাটত উঠি দেখা গ'ল সঁচাকৈয়ে এখন জীপ গাড়ী ৰৈ আছে৷ আৰু আঠ ন মাইল যাব লাগিব৷
সন্তু গৈ জীপত উঠি বহিল৷ খুৰাদেউৱে
জীপত উঠিবলৈ লৈ ৰৈ গ'ল, ক'লে, "মোৰ চছমাযোৰ নাওতে এৰি আহিলো৷"
দাশগুপ্তই ক'লে, "মই আনি দিছো৷"
"নাই, ময়ে গৈছো৷"
খুৰাদেউৱে পেঙত ভৰ দি দি নিজেই আগবাঢ়ি
গ'ল ঘাটলৈ৷
তাৰ অলপ সময় পিছতে মটৰবোটৰ ইঞ্জিনৰ
ঘট-ঘট, ঘট-ঘট শব্দ শুনিবলৈ পোৱা গ'ল৷
দাশগুপ্তই চিঞৰি উঠিল, "আৰে বোটখন গ'ল যে? খুৰাদেউ ক'লৈ গ'ল?"
সন্তুৱে লগে লগে দৌৰি গ’ল ঘাটলৈ৷ মটৰবোটখনে সো-সোৱাই পানী ফালি
যাব ধৰিছে৷
দাশগুপ্তই তাৰ ওচৰলৈ আহি ক'লে, "সৰ্বনাশ! বোটখন নিজে নিজে যাবলৈ ধৰিলে
নেকি? কি হ'ব এতিয়া? শঙ্কৰনাৰায়ণ, শঙ্কৰনাৰায়ণ?"
বোটৰ চালক শঙ্কৰনাৰায়ণেও বোটখনৰ পিনেই
চাই আছিল৷ মানুহজনে খুব কম কথা কয়৷ এইবাৰ সি মুখ মেলিলে, "বোট আৰু নিজে নিজে যায় নেকি! সেইখনতো
তেওঁ চলাই নিছে৷"
দাশগুপ্তৰ চকু কেঁৰা হৈ গ’ল আৰু মুখখন মেল খাই গ'ল৷ তেওঁ আতংকভৰা মাতেৰে ক'লে, "তেওঁ নিজে বোট চলাইছে? তাৰ মানে তেওঁ অকলে অকলে জাৰোৱাৰ
দ্বীপলৈ যাব খুজিছে৷ উঃ, কি আঁকোৰগোজ মানুহৰে বাবা! জাৰোৱাইতো তেওঁক
মাৰি পেলাবই৷ এতিয়া চৰকাৰক মই কি উত্তৰ দিম?"
মটৰবোটখন এতিয়াও দেখা পোৱাতে আছে৷
সন্তুৱে চিঞৰি মাতিলে, "খুৰাদেউ, খুৰাদেউ৷"
দাশগুপ্তই মাতিলে, "মিঃ ৰায়চৌধুৰী৷"
শঙ্কৰনাৰায়ণে গম্ভীৰভাৱে ক'লে, "তেওঁ বেছি দূৰলৈ যাব নোৱাৰিব৷ বোটত
ডিজেল নাই৷ মই ইয়াতে ডিজেল ভৰাম বুলিহে ভাবিছিলো৷"
দাশগুপ্তই ক'লে, "কি? ডিজেল নাই? ঠেংক ইউ, ঠেং ইউ শঙ্কৰনাৰায়ণ৷ তেনেহ'লেতো তেওঁ আৰু জাৰোৱাৰ তালৈ যাব
নোৱাৰিব৷"
মটৰবোটখন তেতিয়ালৈ নেদেখা হৈ পৰিছিল৷
সন্তুৱে ভাবিলে, মটৰবোটখনৰ যদি ডিজেল শেষ হৈ যায়, তেনেহ'লে খুৰাদেউ মাজ সাগৰত অকলে অকলে ভাহি
থাকিব? বোটততো খাদ্য-বস্তুও একো নাই৷"
দাশগুপ্তই ক'লে, "উঃ, কি যে ভয়-ভীত নোহোৱা মানুহ এইজন৷ তাতে
এখন ভৰি অচল৷ দুয়োখন ভৰি থকা হ'লে যে কি কি নকৰিলেহেঁতেন! বাৰু, সন্তু, তেওঁৰ ভৰিখন খোৰা হ'ল কেনেকৈ?"
"আফগানিস্তানত এটা এক্সিডেন্ট
হৈছিল৷"
"ওৰে বাবা, তেওঁ আফগানিস্তানলৈও গৈছিল?"
শঙ্কৰনাৰায়ণে জেটিৰ চিৰিৰে তললৈ নামি
গৈ বালিয়ে বালিয়ে দৌৰিবলৈ ধৰিলে৷ দূৰৈত এঠাইত কেবাখনো মটৰবোট ৰৈ আছিল৷ তাৰ মাজৰ
কোনোবাখন মাছ ধৰা, কোনোবাখন মাল বস্তু অনা নিয়া কৰা৷ অলপ সময় পিছতেই শঙ্কৰনাৰায়ণে এখন
বোট চলাই লৈ আহিল জেটিৰ কাষলৈ৷ তাৰ পিছত ক'লে, "আপোনালোকৰ কোনোবা এজন আহক৷"
দাশগুপ্তই ক'লে, "মই গৈছো৷ তুমি অলপ ৰ'বা সন্তু৷"
সন্তুৱে সেই কথা নুশুনিলে৷ সি দৌৰি গৈ
বোটখনত উঠিল৷
শঙ্কৰনাৰায়ণে ইমান জোৰত বোটখন এৰি দিলে
যে সিহঁত আটাইকেইটা লুটি খাই পৰিব খুজিছিল৷ চবে
ৰেলিঙত জোৰকৈ ধৰি থাকিল৷
অলপ পিছতেই আগৰ মটৰবোটখন দেখা গ'ল৷ সেইখন ইফালে সিফালে একা বেঁকাকৈ গৈ
আছে৷ খুৰাদেউৱে ভালকৈ চলাব জনা নাই৷ দাশগুপ্তই পুনৰ চিঞৰিবলৈ ধৰিলে, "মিঃ ৰায়চৌধুৰী, মিঃ ৰায়চৌধুৰী৷"
কিছু সময় দুয়োখন নাওঁৰ মাজত
প্ৰতিদ্বন্দ্বিতা চলিল৷ খুৰাদেউ ৰ'ব খোজা নাই৷ তাৰ পিছত হঠাৎ এটা সময়ত খুৰাদেউৰ
বোটখন ৰৈ গ'ল৷ মটৰবোট যেতিয়া সাগৰৰ ওপৰেৰে গৈ থাকে, তেতিয়া তাৰ মাজত এক উদ্দামতা থাকে। ৰৈ
গ'লেই যে কেনেকুৱা অসহায় দেখি৷ যেন কল ফুলৰ পাহি এটাহে পানীত ওপঙি আছে৷
শঙ্কৰনাৰায়ণে প্ৰথমে এই বোটখন নি
খুৰাদেউৰ বোটখনৰ চাৰিওফালে বোঁ বোঁ কৈ ঘূৰালে কেইবাৰ মান৷ তাৰ পিছত এবাৰ ওচৰলৈকে নি
এডাল জৰীৰ সহায়ত সেইখনলৈ জঁপিয়াই গ'ল৷
পলাবলৈ গৈ ধৰা পৰিও কিন্তু খুৰাদেউৰ
লাজ নাই৷ বৰং মুখত এটা খং খং ভাব৷ কোনোবাই কিবা কোৱাৰ আগতেই তেওঁ গম্ভীৰভাৱে ক'লে, "এই বোটখন হঠাৎ ৰৈ গ'ল কিয়?"
শঙ্কৰনাৰায়ণে ক'লে, "তেল নাই আক'!"
খুৰাদেউৱে তাক ধমক দি উঠিল,
"কিয়, তেল কিয় নাথাকে?"
দাশগুপ্তই ক'লে, "ছাৰ, এয়া আপুনি কি কৰিব খুজিছিল? এনেকুৱা পাগলামিও কোনোবাই কৰে নেকি?
তাত
ৰংগতত সকলোৱে আমাৰ বাবে খানা-পিনা বনাই ৰখি আছে৷"
খুৰাদেউৱে ক'লে, "মই ইয়াত খানা খাবলৈ অহা নাই৷ এটা কাম
কৰিবলৈ আহিছে৷"
"কিন্তু কামটোতো আৰু গুচি যোৱা নাই ন’
ছাৰ৷
কামনো আৰু কি? সেই চাহাবকেইটাক বিচাৰি উলিওৱাহে? ক'ত পলাই যাব সিহঁত?"
"মই অকণো সময় নষ্ট কৰিব নোখোজো৷"
"কিন্তু ছাৰ, আপোনাক এটা কথা কৈ থ'লো৷ আপুনি সেই জাৰোৱা-লেণ্ডলৈ যাব
নোৱাৰিব৷ অৰ্ডাৰ অবিহনে মই আপোনাক কোনোপধ্যেই তালৈ যাব দিব নোৱাৰিম৷"
"অৰ্ডাৰটো দিব কোনে?"
"পুলিচৰ এছ.পি. ছাৰৰ ওচৰৰ পৰা অৰ্ডাৰ
আনিব লাগিব৷ তাকো তেওঁ পাৰ্মিছন দিব নে নাই সন্দেহ৷ কেইজনমান চাহাব ফটো তুলিবলৈ
আহিছিল, তেওঁলোককো দিয়া নাই৷"
খুৰাদেউৱে আৰু কোনো কথা নকৈ ইখন বোটলৈ আহিল৷
সিখন বোট জৰীৰে বন্ধা হ'ল, তাৰ পিছত দুয়োখন আগবাঢ়িল একেলগে৷
ঘাট পাই তেওঁলোক বোটৰ পৰা নামি জীপত
উঠিল, যথেষ্ট ওখ পকী ৰাস্তা, দুয়োফালে প্ৰকাণ্ড প্ৰকাণ্ড গছ, কিন্তু মানুহ-দুনুহ বা ঘৰ-দুৱাৰ বিশেষ
একো চকুত নপৰিল৷ এই ঠাইখন যে এটা দ্বীপৰ মাজত, দুয়োফালৰ ঘন জংঘল দেখি থাকিলে সেই কথা
মনলৈকেই নাহে৷
***