তৃতীয় অধ্যায়
কিন্তু প্লেনখন যেতিয়া ঘূৰি ঘূৰি তললৈ
নামিবলৈ ধৰিলে, তেতিয়া খিৰিকীৰে তললৈ চাই সন্তু অবাক হৈ গ'ল৷ ছবিৰ কিতাপৰ বাদে ইমান ধুনীয়া দৃশ্য
সন্তুৱে আগতে ক'তো দেখা নাই৷ পুৰী বা দীঘাৰ সাগৰত সি ঘোলা পানী দেখিছে৷ ইয়াত সাগৰৰ
পানী একেবাৰে গাঢ় নীলা ৰঙৰ৷ ইমান নীলা যে এনে লাগে আঙুলি তিয়াই অনায়াসে লিখিব পৰা
যাব৷ তাৰ মাজতে সৰু সৰু দ্বীপবোৰ৷ আন্দামান এটা দ্বীপ নহয় -- সন্তুৱে গন্তি কৰি
পালে এঘাৰটা৷ পিছত শুনিছিল, তাত হেনো দুশৰো অধিক দ্বীপ আছে৷
প্ৰতিটো দ্বীপতে সৰু সৰু পাহাৰ আছে,
আৰু
সেই পাহাৰবোৰ থাহ খাই আছে গছ-গছনিৰে৷ ইমান গভীৰ অৰণ্য যে পৃথিৱীত এতিয়াও আছে,
ভাবিবই
নোৱাৰি৷ দেখিলে এনে লাগে যেন তাৰ মাজেৰে খোজ কঢ়াও অসম্ভৱ৷ গছবোৰ প্ৰকাণ্ড
প্ৰকাণ্ড৷ সেই নীল সমুদ্ৰৰ মাজত সেউজীয়া সেউজীয়া দ্বীপবোৰ, সেই দ্বীপবোৰৰ পাৰত সাগৰৰ ঢৌৱে পেলাই
থৈ গৈছে বগা বগা ফেনবোৰ৷
বেছিভাগ দ্বীপতেই ঘৰ-দুৱাৰ নাই৷ তাৰ
পিছত এটা ডাঙৰ দ্বীপত দুই এটা ঘৰ চকুত পৰিল সন্তুৰ৷ প্লেনখন তাতেই নামিছে৷ এই
ঠাইখনৰ নামেই পোৰ্ট ব্লেয়াৰ৷ এটা জোকাৰণি মাৰি প্লেনখনে মাটি চুৱোতেই খুৰাদেউক
অনুসৰণ কৰি চিট বেল্টডাল খুলি পেলালে সন্তুৱে৷ কাণ দুখন যে কেনেকুৱা ভোঁ-ভোঁ
কৰিছে৷ মাজে মাজে ফোচফোচকৈ অকণমান বতাহ ওলাই আহিছে কাণৰ পৰা৷ বাহিৰৰ শব্দ আৰু
ভিতৰৰ বাকী মানুহৰ কথা বাৰ্তা খুব লাহে লাহে শুনা গৈছে৷ বেছ ভালেই লাগিছে তাৰ৷
মানুহবোৰ নামিবলৈ আৰম্ভ কৰোতেই সন্তুৱে
খৰধৰকৈ দৌৰি গ'ল দুৱাৰখনৰ ওচৰলৈ৷ তাৰ পিছত চিৰিৰে নামি গ'ল তললৈ৷ খুৰাদেউ নামিল আটাইতকৈ শেষত৷
খুৰাদেউৱে পেঙত ভৰ দি চিৰিৰে নামোতে খুব সাৱধান হ'বলগীয়া হয়৷ সন্তুৱে লাজ পালে৷ সি
খুৰাদেউক অলপ সহায় কৰি দিব লাগিছিল৷ কিন্তু সি পুনৰ চিৰিৰ ওচৰলৈ গৈ পোৱাৰ আগতেই
খুৰাদেউ নামি আহিল৷
এজন চাপৰ-চুটি গাঁঠলু মানুহ আগুৱাই আহি
খুৰাদেউৰ হাতত ধৰি ক'লে, "আপুনি নিশ্চয় মিঃ ৰায়চৌধুৰী? মই দাশগুপ্ত৷ আপোনাৰ বাবে গাড়ী লৈ
আহিছো৷"
খুৰাদেউৱে সন্তুৰ পিনে দেখুৱাই ক'লে, "এইটো মোৰ ভতিজা৷ ইয়াৰ নাম সুনন্দ
ৰায়চৌধুৰী৷ ঘৰত মতা নাম সন্তু৷"
দাশগুপ্ত নামৰ মানুহজনে সন্তুৰ পিঠিত
হাত থৈ ক'লে, "ফুৰিবলৈ আহিছা নহয়? ভাল পাবা, বিৰাট ভাল পাবা৷"
খুৰাদেউৱে দাশগুপ্তক নিজৰ ওচৰলৈ টানি
নি ফুচফুচাই ক'লে, "সেই বিদেশী চাহাব দুটা যে, সিহঁতক অলপ নজৰত ৰাখিব লাগিব৷ সিহঁতে ক'লৈ যায়, ক'ত থাকে--"
দাশগুপ্ত অলপ অবাক হ'ল, তেওঁ ক'লে, "এই প্লেনখনততো কোনো বিদেশী অহা নাই৷
মইতো আগতীয়াকৈ খবৰ পাই যাওঁ--"
খুৰাদেউৱে সুধিলে, "তেনেহ'লে সেই দুটা কি?"
"সিহঁত চাগে এংলো ইণ্ডিয়ান৷ ইয়াত এটা
দিয়াশলাইৰ কাঠিৰ কাৰখানা আছে৷ তাত কেইজনমান এংলো ইণ্ডিয়ানে কাম কৰে, মাজে মাজে সিহঁত যাবলগীয়া হয় কলিকতালৈ৷"
"হ'লেও সিহঁত ক'ত থাকে, সেইটো মই জানিব খোজো৷"
দাশগুপ্তই এইবাৰ হাঁহি ক'লে, "সেইটো এনেও গম পোৱা যাব৷ এইখন বহুত সৰু
ঠাই৷ ইয়াতে চবে চবকে চিনি পায়৷ সিহঁত নিশ্চয় দিয়াশলাই কাৰখানাৰ কোৱাৰ্টাৰতে
থাকিব৷"
খুৰাদেউৱে আঁৰ চকুৰে চাহাব দুটালৈ চাই
থাকিল৷ সিহঁত দুটাই ইফালে-সিফালে এনেদৰে চাইছে যেন কাৰোবাক বিচাৰিছে৷ কিন্তু
সিহঁতক নিবলৈ কোনো অহা নাই৷ অলপ পিছত দুয়ো নিজেই গপ গপাই খোজ কাঢ়ি ওলাই গ'ল৷
মালপত্ৰ লৈ এয়াৰপোৰ্টৰ পৰা ওলাই আহি সিহঁত
এখন জীপ গাড়ীত উঠিল৷ খুৰাদেউৱে সুধিলে, "আমাৰ থকা-খোৱাৰ ব্যৱস্থা কৰা হৈছে নহয়?"
দাশগুপ্তই ক'লে, "অঁ, টুৰিষ্ট হোমত আপোনালোকৰ বাবে ৰূম বুক
কৰি থোৱা আছে৷ সেইটোৱেই ইয়াৰ আটাইতকৈ ভাল ঠাই৷ থকা-খোৱাৰ কোনো অসুবিধা নহয়৷ কেইদিন মান
থাকিব নহয়?"
খুৰাদেউৱে ক'লে, "চাওঁচোন৷"
প্লেনৰ পৰা বুজা নাযায় যে দ্বীপটোৰ
মাজত এনেকুৱা এখন ধুনীয়া চহৰ আছে৷ সুন্দৰ পকী ৰাস্তা, দুয়োফালে নতুন নতুন ঘৰ আৰু
দোকান-পোহাৰ৷ ৰাস্তা-ঘাটবোৰ পিছে পাহাৰীয়া ৰাস্তাৰ দৰে উঠা নমা, আৰু কেতিয়াবা কেতিয়াবা হঠাৎ সাগৰ দেখা
যায়৷
টুৰিষ্ট হোমটো এটা সৰু টিলাৰ ওপৰত৷ অহা
বাটত অকণমান জংঘল পাৰ হৈ আহিবলগীয়া হয়৷ ঘৰটোৰ সন্মুখত এখন প্ৰকাণ্ড ফুলনি৷ আৰু
পিছফালে গ'লেই সাগৰ৷ একেবাৰে ওচৰতে৷ তাত কেবাখনো সৰু সৰু জাহাজ আৰু ষ্টিমাৰ
আছে৷ সুন্দৰ ঠাই৷ যিকোনো ফালে চালেই চকু জুৰ পৰে৷
দুখন বিছনা যুক্ত ৰূম এটা সন্তুহঁতৰ
বাবে ঠিক কৰি থোৱা আছিল৷ এজন বেয়েৰাই সিহঁতৰ মালপত্ৰবোৰ আনি কোঠাত চমজাই দিলে৷
খুৰাদেউৱে তাক এটকা বকচিচ দিব খোজতেই সি লাজতে জিভা কামুৰি ক'লে, "নেহি! নেহি!"
খুৰাদেউৱে পুনৰ ক'লে, "আৰে লোৱা লোৱা, চাহ খাবা৷"
মানুহজনে আৰু লাজ পাই পুনৰ ক'লে, "নেহি! নেহি! আপ ৰাখ দিজিয়ে৷"
এইটো আকৌ কেনেকুৱা কথা -- হোটেলৰ
বেয়েৰাই বকচিচ ল'ব নোখোজে৷ খুৰাদেউৱে দাশগুপ্তক সুধিলে, "এটকা বকচিচ কম হয় নেকি? আৰু বেছি লাগে নেকি?"
দাশগুপ্তই ক'লে, "নাই, নাই, ইহঁতে বকচিচ ল'ব নোখেজে৷ ছাৰ, ইয়াৰ মানুহ বহুত ভাল -- টকা পইছাৰ
প্ৰতি লোভ নাই৷"
মানুহজনৰ গাৰ ৰং কিচকিচীয়া ক'লা৷ দেখিলে ভাব হয় দক্ষিণ ভাৰতীয়৷ অথচ
হিন্দীত কথা পাতিছে৷
খুৰাদেউৱে তাক সুধিলে, "তোমাৰ নাম কি? তুমি বাংলা বুজি পোৱানে?"
মানুহজনে ক'লে, "হাঁ চাহাব, বাংলা বুজি পাওঁ৷ মোৰ নাম
কড়কড়ি৷"
সন্তুৰ মুখেৰে ফিচিককৈ হাঁহি এটা ওলাই
গ'ল৷ কড়কড়িও আৰু মানুহৰ নাম থাকেনে?
দাশগুপ্তই ক'লে, "সঁচাকৈয়ে তাৰ নাম কড়কড়ি৷ শুনা
কড়কড়ি, চাহাবহঁতৰ যত্ন ল'বা কিন্তু ভালকৈ৷ খানা-পিনা ভাল দিবা৷ আজি দিনৰ
সাজত কি আছে?"
খুৰাদেউৱে ক'লে, "মাছ ভাত হ'ব?"
দাশগুপ্তই ক'লে, "মাছ যিমান লাগে পাব৷ এইখনতো মাছৰেই
দেশ৷ ইয়াৰে ৰান্ধনি, বেয়াৰা আটাইবোৰ কেৰেলাৰ মানুহ, সিহঁতে আমাৰ দৰেই মাছৰ আঞ্জা খায়৷
শিঙৰা মাছ পাব খুব ভাল৷ তাৰোপৰি কুকুৰা বা হৰিণাৰ মাংস -- যিদিনা যিটো মন যায়
অৰ্ডাৰ কৰিব৷"
খুৰাদেউৱে ক'লে, "বাঃ, তেনেহ'লেচোন সুন্দৰ ব্যৱস্থা৷"
দাশগুপ্তই তেতিয়া বিদায় ল'লে৷ সন্ধিয়া পুনৰ আহিব৷ সন্তুৱে চুটকেচ
খুলি কাপোৰ-কানিবোৰ উলিয়াই জাপি-কুঁচি থ'লে৷ বিছনা দুখন ওচৰা উচৰিকৈ পতা৷
খুৰাদেউৱে এখন বিছনাৰ ওপৰত বহি মেপ এখন
মেলি লৈ খুব মনোযোগেৰে চোৱাত লাগিল৷ সন্তুৱে পিছফালৰ দৰজাখন খুলি বাহিৰলৈ ওলাই
আহিল৷ পিছফালেও এখন সৰু ফুলনি, তাৰ পিছতেই পাহাৰখন থিয়ৈ তললৈ নামি গৈছে,
তলত
সাগৰ৷ অলপ দূৰৈত, বাওঁ ফালে আন এটা দ্বীপ৷ সেইটো একেবাৰে জংঘলেৰে ভৰা৷ সেই দ্বীপটোলৈ
এবাৰ যাবই লাগিব৷
সন্তুৱে দ্বীপটোৰ পিনে চাই আছিল৷ হঠাৎ
শুনিবলৈ পালে হাতীৰ মাত৷ ওপৰা-উপৰিকৈ দুবাৰ৷ সি জঁপিয়াই উঠিল৷ ওচৰৰ এই দ্বীপটোত
বনৰীয়া হাতী আছে? বাঘ সিংহও আছে নিশ্চয়৷ এনেকুৱা এখন ভয়ংকৰ জংঘল ইমান ওচৰত? এটা দূৰবীণ থকা হ'লে সি নিশ্চয় হাতীবোৰ দেখিলেহেঁতেন৷
কিন্তু সন্তুৱে আৰু তাত বেছি সময় থাকিব
নাপালে৷ কথা নাই বতৰা নাই, হঠাতে বৰষুণ এজাক আহি গ'ল! প্ৰথমতে কিনকিনীয়াকৈ, তাৰ পিছত দবাপিটা৷ সন্তুৱে দৌৰি মাৰি
নিজৰ ৰূমলৈ উভতি গ'ল৷
খুৰাদেউৱে তেতিয়াও মেপখন চাই আছিল৷
সন্তুৱে উত্তেজিতভাৱে ক'লে, "খুৰাদেউ, খুৰাদেউ, সন্মুখৰ দ্বীপটোত হাতী আছে৷"
খুৰাদেউৱে মূৰ নোতোলাকৈয়ে ক'লে, "থাকিব পাৰে৷"
"মই হাতীৰ চিঞৰ শুনিছো৷ নিজ কাণেৰে,
এই
মাত্ৰ৷"
"হুঁ৷"
"তাত বাঘ সিংহ আছেনে?"
খুৰাদেউৱে এইবাৰ মূৰ তুলি চাই ক'লে, "নাই, আন্দামানত কোনো হিংস্ৰ জন্তু নাই৷ সেই
হাতীবিলাক পোহনীয়া হাতী৷ ডাঙৰ ডাঙৰ গছ কটা হয় যে, সেইবোৰ টানি নিবলৈ হাতী লাগে৷ মোৰ
চিনাকি মানুহ এজনে কলিকতাৰ পৰা পঞ্চাছটা হাতী লৈ আহিছিল এবাৰ ইয়ালৈ৷"
পোহনীয়া হাতীৰ কথা শুনি সন্তুৰ মনটো
মৰহি গ'ল৷ পোহনীয়া হাতী দেখা আৰু বনৰীয়া হাতী দেখাতো আৰু একে কথা নহয়৷ যিয়েই
নহওঁক, ৰিণিলৈ যেতিয়া সি চিঠি লিখিব, সি লিখিব, সি বনৰীয়া হাতীৰ মাত শুনিছিল৷ ইমান
গভীৰ জংঘলৰ মাজত পোহনীয়া হাতীয়েই বা কিমানে দেখিছে?
খুৰাদেউৱে ক'লে, "সন্তু সেই মানুহজনক মাতি একাপ চাহ
দিবলৈ ক'চোন মোক৷ ভাত খোৱালৈতো দেৰি আছে৷"
আৰে, মানুহজনৰ নামটো কি আছিল? অলপ আগতেইচোন কৈ গৈছিল, একেবাৰে মনত পেলাব পৰা নাই৷ গড়াগড়ি?
খড়খড়ি?
সুড়সুড়ি?
কাতুকুতু?
নহয়
চাগে৷ ধৰাধৰি? মাৰামাৰি?
বাৰান্দালৈ ওলাই আহি সন্তুৱে চিঞৰি
মাতিলে, "হেৰা, শুনাচোন৷"
ভাগ্য ভাল, লগে লগে সঁহাৰি দিলে মানুহজনে৷ ডাইনিং
ৰূমৰ পৰা ওলাই আহি ক'লে, "কিবা কৈছে, চাহাব?"
সন্তুৱে তাক চাহৰ কথাটো জনালে৷ তাৰ
নামটো কিন্তু এতিয়াও সি মনত পেলাব পৰা নাই৷
ৰাতিপুৱা সন্তু আছিল কলিকতাত, তাৰ নিজৰ ঘৰত৷ আৰু এতিয়া এই দুপৰীয়া
নহওঁতেই সি কি আহি পালে? ভাবিলে বিশ্বাসেই কৰিব নোৱাৰি৷ সঁচাকৈয়ে সি
আন্দামানৰ টুৰিষ্ট হোমৰ বাৰান্দাত থিয় হৈ আছে? নে সি সপোন দেখি আছে? সন্তুৱে নিজৰ হাতত চিকুটি চালে,
নাই,
এইটো
সপোন নহয়৷
খুৰাদেউৰ আগতে সন্তুৱে গা ধুবলৈ বুলি
বাথৰূমত সোমাল৷ তাত আন এটা আচৰিত ঘটনা ঘটিল৷ শ্বাৱাৰ খুলি সি ওপৰলৈ চাইছে মাথো,
দেৱালত
দেখিলে এটা সেউজীয়া ৰঙৰ জেঠী৷ প্ৰথমে সি ভাবিছিল সাপ বা অন্য কিবা৷ কিন্তু নহয়৷
এটা সাধাৰণ জেঠীয়েই৷ ৰঙটো কিন্তু একেবাৰে সেউজীয়া৷ জেঠীটোৱে খেদিও অহা নাই,
একোৱে
কৰা নাই৷ কেৱল তাৰ পিনে চাই আছে৷ সেউজীয়া ৰঙৰ জেঠীৰ কথা সি কোনোদিনে কাৰো মুখত
শুনা নাই৷ সি ইমানেই অবাক হৈ গ'ল যে, আৰু চেপি ৰাখিব নোৱাৰিলে৷ তিতা গাৰেই
টাৱেল পিন্ধি বাথৰূমৰ পৰা ওলাই আহি ক'লে, "খুৰাদেউ, খুৰাদেউ, এটা অদ্ভুত বস্তু৷"
সি ইমানেই উত্তেজিত হৈ ক'লে যে খুৰাদেউৱে উপেক্ষা কৰিব
নোৱাৰিলে৷ খৰধৰকৈ উঠি আহিল৷ জেঠীটো দেখি ক'লে, "হুঁ, অদ্ভুতেই বুলিব লাগিব৷ ইয়াতে এনেকুৱা
আৰু কিবা কিবি আছে, শুনিছো ইয়াত বগা ঘঁৰিয়ালো দেখা যায়৷"
সন্তুৱে ভাবিলে, ৰিণিলৈ চিঠিত লিখিবলৈ আৰু এটা অদ্ভুত
বস্তু পোৱা গ'ল৷ গোৱালৈ ফুৰিবলৈ যোৱা হ'লে সি ইমান বোৰ নতুন বস্তু দেখিবলৈ
পালেহেঁতেন জানো?
সিদিনা দুপৰীয়া আৰু ক'লৈকো যোৱা নহ'ল৷ খোৱা-বোৱা কৰি উঠি জিৰণি ল'লে৷ ইয়াত খৰকৈ সন্ধিয়া নামে৷ আবেলি হ'বলৈ নাপাওঁতেই সন্ধিয়া৷
সন্ধিয়া দাশগুপ্ত আহিল, তেওঁৰ লগত বজাৰলৈ যোৱা হ'ল৷ পোৰ্ট ব্লেয়াৰ বেছ আধুনিক চহৰ৷ ইয়াত
ফোন কৰি মাতিলেই টেক্সী আহি যায়৷ বজাৰত সকলো ধৰণৰ বস্তুৱেই কিনিবলৈ পোৱা যায়৷
অৱশ্যে সেইবোৰ বস্তু কলিকতা বা মাদ্ৰাজৰ পৰা অনা৷
চহৰখনত বিভিন্ন ধৰণৰ মানুহ৷ বঙালী,
মাদ্ৰাজী,
কেৰেলিয়ান,
পাঞ্জাবী,
বিহাৰী,
বাৰ্মিজ৷
পিছে বঙালীয়েই বেছি যেন লাগে৷ কিছু সংখ্যক মানুহ আছে, যি পুৰণি কয়দীৰ বংশধৰ৷ পিছে, দাশগুপ্তই ক'লে, ইয়াত আজিকালি চুৰি ডকাইতি একেবাৰে নহয়৷
ৰাস্তাৰ কাষে কাষে থকা ডাঙৰ ডাঙৰ
বেৰেকত কিছু চীন দেশীয় পুৰুষ-মহিলা দেখা গ'ল৷ সিহঁতৰ সাজ-পাৰ যে কেনেকুৱা অশালীন,
আৰু
কেনেকুৱা খঙাল চকুৰে সিহঁতে চায়৷
খুৰাদেউৱে সুধিলে, "দাশগুপ্ত, ইহঁতেই তাৰ মানে সেই টাইৱানিজ?"
দাশগুপ্তই ক'লে, "অঁ, ছাৰ৷"
সন্তুৱে ঠিক ধৰিব নোৱাৰিলে৷ সি সুধিলে,
"খুৰাদেউ, টাইৱানিজ মানে কি?"
খুৰাদেউৰ পৰিৱৰ্তে দাশগুপ্তই ক'লে, "টাইৱান নামেৰে চীনা সকলৰ এখন সৰু দেশ
আছে৷ সিহঁতৰ লগত আমাৰ দেশৰ সম্পৰ্ক নাই৷ সেই দেশৰ পৰা মাজে মাজে সাত-আঠজন মানুহেৰে
দুই এখন মাছমৰীয়া নাও ইয়ালৈ উটি আহে৷ সেয়ে সিহঁতক ধৰি আবদ্ধ কৰি ৰাখিবলগীয়া
হয়৷"
"কিয়, মাছ মাৰিবলৈ আহিলে ধৰি ৰাখিবলগীয়া হয়
কিয়?"
"এখন দেশৰ নাওতো বিনা অনুমতিত আন এখন
দেশত সোমোৱাৰ অধিকাৰ নাই৷ তাৰোপৰি সিহঁতে মাছেই ধৰিবলৈ আহিছে নে চোৰাংচোৱাগিৰীয়ে
কৰিবলৈ আহিছে, সেইটোও জানিব লাগিব৷"
"কিন্তু সিহঁতৰ ঘৰৰ দৰজা-খিৰিকিচোন চব
খোলা৷ সিহঁতে পলাই যাব নোৱাৰিব ইচ্ছা কৰিলে?"
"কেনেকৈ যাব? সিহঁতৰ নাওবিলাক যে কাঢ়ি ৰখা হৈছে৷
সাগৰেৰেতো আৰু পলাবলৈ বেলেগ ৰাস্তা নাই৷ সিহঁতৰ মাজত যি অলপ বদ-মেজাজী, তাক জেলত ভৰাই থোৱা হয়৷"
দাশগুপ্তই খুৰাদেউৰ পিনে চাই সুধিলে,
"ছাৰ, আপুনি ইয়াৰ জেল চাবলৈ নাযায়? মানুহে আহি প্ৰথমে ইয়াৰ জেলেই চায়৷
কেতিয়াকৈ যাব? কালি?"
খুৰাদেউৱে গম্ভীৰভাৱে ক'লে, "নাই৷ কালি ৰাতিপুৱা মোৰ প্ৰথম কাম হ'ব ইয়াৰ দিয়াশলাই কাঠিৰ কাৰখানাটো চাই
অহা৷ তাত আপোনাৰ কোনোবা চিনাকি আছেনে?"
দাশগুপ্তই ক'লে, "এচিষ্টেন্ট মেনেজাৰ মিঃ ভাৰ্গৱক মই
ভালকৈয়ে জানো৷"
"কালি ৰাতিপুৱাই তালৈকে যাম৷"
পিছদিনা খুব সোনকালেই উঠি সন্তু সাজু হৈ
থাকিল৷ তাৰ পিছত খুৰাদেউৰ সৈতে খোজকাঢ়িয়েই ওলাই গ'ল৷ ৰাতিপুৱা অলপ খোজ কাঢ়িবলৈ পালে ভাল
লাগে৷ খুৰাদেউৱে খোৰা ভৰিৰেও খোজ কাঢ়িবলৈ ভাল পায়৷ কিন্তু শান্তিমতে খোজ কঢ়া
জানো সম্ভৱ? মাজে মাজে হঠাতে বৰষুণ আহি যায় ইয়াত৷ তেতিয়া কোনোবা গছৰ তলত ৰৈ
দিবলগীয়া হয়৷ অৱশ্যে এক-দুই মিনিটৰ বেছি বৰষুণ নিদিয়ে৷
দাশগুপ্তৰ লগত দেখা দেখি হ'ল মূল ৰাস্তাত উঠাৰ পিছত৷ তেওঁ
কোবাকুবিকৈ খোজ কাঢ়ি আহি আছিল৷ মানুহজন ভালেখিনি চাপৰ আৰু অলপ শকত, বেগাই খোজ কঢ়াৰ বাবে ফোঁপাইছিল তেওঁ৷
তেওঁ ক'লে, "দিয়াশলাই কাৰখানাটো বহুত দূৰত, তালৈকেতো খোজ কাঢ়ি যাব পৰা নাযাব৷ ৰ'ব, এই পিনেৰে বাছ আহিব৷"
পোন্ধৰ মিনিট পিছতেই বাছ আহিল৷ একেবাৰে
ভিৰ নাই৷ বাছৰ আগত লিখা আছে, চাথাম আইলেণ্ড৷ তাৰমানে বাছখন অন্য কোনো
দ্বীপলৈ যাব, কেনেকৈ সাগৰৰ ওপৰেৰে বাছ যায়?
দিয়াশলাই কাৰখানাটো পোৰ্ট ব্লেয়াৰ চহৰৰ
আন এটা মূৰত, বন্দৰৰ কাষত৷ তাতেই বাছৰ পৰা নামি দিয় হ'ল, সন্মুখতে কাৰখানাৰ ডাঙৰ গেট, আৰু সোঁফালে সাগৰ৷
কাৰখানাৰ গেটেৰে সোমাব খুজি খুৰাদেউ
হঠাৎ ৰৈ গ'ল৷ তাৰ পিছত নিজকে কোৱাদি ক'লে, "সন্তুক ইয়ালৈ অনাটো ভুল হৈছে৷ তাক
বাংলোত থৈ অহা হ'লেই ভাল আছিল৷"
সন্তুৱে মনত অকণমান দুখ পালেও একো নক'লে৷ দাশগুপ্তই ক'লে, "কিয়, একো নহয় দিয়ক৷"
"নাই, মই কাৰখানালৈ গৈ মেনেজাৰ চেনেজাৰৰ লগত
কথা পাতিম৷ তাত ই কি কৰিব? সৰু ল'ৰা, ই তাত থকা উচিত নহয়৷"
"সেইটো হয়৷"
"সন্তু, তই ইয়াৰ পৰা বাছ ধৰি বাংলোলৈ ঘূৰি যাব
পাৰিবিনে?"
দাশগুপ্তই ক'লে, "নাই, তাৰ দৰকাৰ নাই৷ সি ইয়াতেই অকণমান
ফুৰা-চকা কৰিব পাৰিব৷ আন্দামানততো একো ভয় নাই৷"
"ভয়ৰ কথা কোৱা নাই৷"
দাশগুপ্তই সন্তুক ক'লে, "তুমি অলপ আগুৱাই গ'লে এখন দলং দেখিবলৈ পাবা, তাৰ সিটো পাৰে চাথাম আইলেণ্ড৷ তাৰ পৰাই
এপাক ফুৰি আহা৷"
খুৰাদেউৱে ক'লে, "সেইটোৱেই ঠিক হ'ব, সন্তু, তই অকণমান ফুৰি আহ সিপাৰৰ পৰা৷ পুনৰ
ইয়ালৈকেই আহিবি৷"
তেওঁলোক কাৰখানাত সোমোৱাৰ পিছত সন্তু আগবাঢ়িল৷
অলপমান যোৱাৰ পিছতেই দেখিলে বাওঁফালে সাগৰৰ ওপৰত এখন কাঠৰ দলং৷ তাৰ সিপাৰে এটা
ক্ষুদ্ৰকায় দ্বীপ৷ বৰ বেছি এখন ফুটবল ফিল্ডৰ মান৷
দলংখনৰ ওপৰত খোজ দিয়েই সন্তুৰ যে
কেনেকুৱা অদ্ভুত লাগিল৷ সাগৰৰ ওপৰত দলং! ৰামায়ণত ৰামে তেওঁৰ বানৰ-সৈন্যক লগত লৈ
সাগৰৰ ওপৰত সেতু বান্ধিছিল৷ সেই কথা মনত পৰি গ'ল৷ সেতুখন সৰু হ'ল কি হ'ল, দুটা দ্বীপ সংযোগী সেতু, তাৰোপৰি তলত আচল সাগৰ৷
পানীলৈ চালে আৰু চকু ঘূৰাই আনিব
নোৱাৰি৷ ইয়াত পানীৰ ৰং ঘন নীলা নহয়, কাঁচৰ বটলৰ দৰে পাতল সেউজীয়া৷ তাত উটি ভাহি
ফুৰিছে মাছ, হাজাৰ হাজাৰ, লক্ষ লক্ষ৷ বেছিভাগ মাছেই ৰঙীন, ৰঙা, সেউজীয়া, হালধীয়া, ময়ূৰ বৰণীয়া -- এনে লাগে গোটেই
সাগৰখনেই যেন এটা একুৱাৰিয়াম৷ দলঙৰ কাঠৰ খুটাৰ গাত লাগি আছে কেঁকোৰা -- সিহঁতৰ
এটাও সাধাৰণ কেঁকোৰাৰ দৰে একবৰণীয়া নহয়, মাছবোৰৰ দৰেই বিভিন্ন ৰঙৰ৷
সন্তুৱে কিছু সময় তন্ময়ী হৈ মাছৰ খেল
চাই আছিল, তেনেতে পুনৰ বৰষুণ আহি গ'ল৷ সি দৌৰি গুচি গ'ল দলঙখনৰ সিটো পাৰলৈ৷ চাথাম দ্বীপটোত
ডাঙৰ ডাঙৰ গুদাম ভৰ্তি কাঠ৷ এঠাইত কাঠ ফালি থকা হৈছে৷ দ্বীপটোৰ আনফালে আছে কেবাখনো
ডাঙৰ ডাঙৰ জাহাজ৷ কোনোবাখনৰ নাম এছ. এছ. হাৰিয়ানা, কোনোবাখনৰ নাম চলুঙ্গা, কোনোবাখনৰ নাম গঙ্গা৷ তাত কোনো
মানুহ-দুনুহ নাছিল৷ অলপ দূৰত দেখা গ'ল, সাগৰৰ ওপৰত কেবাখনো মাছমৰীয়াৰ নাও৷
সন্তুৱে আটাইতকৈ ডাঙৰ জাহাজখনৰ ওচৰলৈ
গৈ হাত বুলাই চালে। সি কোনোদিনে জাহাজত উঠি পোৱা নাই৷ উভতোতে চাগে জাহাজেৰে উভতা হ'ব! কিন্তু কেতিয়াকে উভতা হ'ব?
হঠাৎ সন্তুৰ মনত পৰিল, সি বহুত দেৰি কৰি পেলালে৷ খুৰাদেউৰ কাম
হৈ গৈছে কিজানি, তাৰ বাবেই ৰৈ আছে৷ সি খৰধৰকৈ দলংখন পাৰ হৈ পুনৰ উভতি আহিল ইটো পাৰলৈ৷
খুৰাদেউ আৰু দাশগুপ্তও ঠিক তেতিয়াই
ওলাই আহিছিল কাৰখানাৰ পৰা৷ খুৰাদেউৰ মুখখন গম্ভীৰ৷ পেঙেৰে ঠকঠককৈ শব্দ কৰি তেওঁ
আগুৱাই গ'ল সাগৰখনৰ পিনে৷ একেবাৰে কিনাৰত ৰৈ দূৰৰ দিগন্তৰ পিনে চাই থাকিল৷ এখন
হাত বুলাই থাকিল গোঁফত৷৷
সন্তুৱে ফুচফুচাই দাশগুপ্তক সুধিলে,
"সেই চাহাব দুটাক পোৱা গ'লনে?"
দাশগুপ্তই মূৰ জোকাৰি ক'লে, "নাই৷"
"সিহঁত ইয়ালৈ অহা নাই তাৰমানে?"
"ওঁহো, যোৱা দুমাহত ইয়াৰ পৰা কোনো বাহিৰলৈ
যোৱা নাই৷ নতুন কোনো অহাও নাই৷ ইয়াত মাত্ৰ তিনিজন এংলো ইণ্ডিয়ানে কাম কৰে৷ সিহঁতক
লগ পালো, সিহঁত নহয়৷"
"তেনেহ'লে সেই চাহাব দুটা নিশ্চয় কোনো হোটেলত
আছে৷"
"ইয়াত চাহাব থকাৰ উপযুক্ত কোনো হোটেল
নাই৷ তাতে বিদেশীৰ কাৰণে আৰু বেছি অসুবিধা৷ কোনো বিদেশীয়েই আগতীয়া অনুমতি অবিহনে
ইয়ালৈ আহিব নোৱাৰে৷"
দাশগুপ্তই ক'লে, "ছাৰ, আপুনি চিন্তা নকৰিব, সিহঁতক বিচাৰি উলিয়াইহে এৰিম৷ এইখন সৰু
ঠাই, সিহঁত লুকাব ক'ত?"
খুৰাদেউৱে মুখ ঘূৰাই গম্ভীৰভাৱে ক'লে, "ইয়াত বহুত দ্বীপ আছে৷ তাৰে যিকোনো এটাত
গৈ লুকাই থকাটো একো ডাঙৰ কথা নহয়৷"
"কিন্তু ইয়ালৈ আহি তেনেদৰে লুকাই থাকি
সিহঁতৰ কি লাভ হ'ব? ইয়াতনো কি আছে এনেকুৱা?"
খুৰাদেউ অলপ পৰ মনে মনে থাকিল৷ তাৰ
পিছত নিজকে কোৱাদি ক'লে, "আছে৷ কাৰণ আছে৷ সেই কাৰণেইতো ময়ো ইয়ালৈ আহিছো৷"
সেই সময়তে চাথাম দ্বীপৰ পিছ ফালৰ পৰা
ভটভট শব্দ কৰি এখন মটৰবোট ওলাই আহিল৷ মটৰবোটখন সৰু, ঠিক এটা হাঙ্গৰৰ নিচিনা দেখিবলৈ৷
সেইখনে সাগৰৰ পানী ভাঙি খুব বেগেৰে যাবলৈ ধৰিলে দূৰৈৰ পিনে৷ ইমান দূৰৈৰ পৰাও
সন্তুহঁতে কিন্তু ঠিকেই দেখিলে, সেই বোটখনৰ ওপৰত থিয় হৈ আছে দুটা বিদেশী চাহাব৷
খুৰাদেউৱে চিঞৰি উঠিল, "দাশগুপ্ত, দাশগুপ্ত, এখন মটৰবোট যোগাৰ কৰা। এতিয়াই?"
দাশগুপ্তই ক'লে, "মটৰবোট? কিয়, আপুনি সিহঁতক খেদি যাব নেকি?"
খুৰাদেউৱে প্ৰায় অধৈৰ্য্য হৈ ধমক দিয়াৰ
দৰেই ক'লে, "আঃ, যোগাৰ কৰিব পাৰিবা নে নাই সেইটো কোৱা৷ সিহঁত এবাৰ লুকাই পৰিলে সিহঁতক
আৰু বিচাৰি পোৱা নাযাব৷ সেই যে ব্ৰীজৰ কাষত খালী বোটখন আছে, সেইখন ব্যৱহাৰ কৰিব পৰা নাযায় নেকি?"
দাশগুপ্তই ক'লে, "নাই, ছাৰ৷ ইয়াত পুলিচৰ অনুমতি অবিহনে কোনেও
বোট চলাব নোৱাৰে৷ মই পুলিচ চুপাৰক লগ কৰি আপোনাৰ বাবে এখন ব্যৱস্থা কৰিব পাৰিম
--"
"তেতিয়ালৈ বহুত দেৰি হৈ যাব৷"
খুৰাদেউৱে হতাশভাৱে সাগৰৰ পিনে চাই
থাকিল৷ চাহাব দুটাৰ মটৰবোট ক্ৰমশঃ দূৰৈত বিলীন হৈ যাবলৈ ধৰিলে৷ তাৰ পিছত এটা
দ্বীপৰ আঁৰত সোমাই যোৱাৰ পিছত সেইখন আৰু নেদেখা হৈ পৰিল৷
খুৰাদেউৱে নিজৰ বাওঁ হাতৰ তলুৱাত সোঁ
হাতেৰে এটা ঘোচা মাৰিলে৷ তাৰ পিছত ক'লে, "এইটো মই আগতেই বুজা উচিত আছিল, সিহঁতে যে লুকাবলৈ চেষ্টা কৰিব৷ ইয়াত
লুকাবলৈ সহজ৷ সিহঁতে যে বোটখন লৈ গ'ল, সেইখন কাৰ বোট, কিবা অনুমতি লৈছে নে নাই, এই বিলাক খবৰ যোগাৰ কৰিব পাৰিবা?"
দাশগুপ্তই ক'লে, "সেইটো পাৰিম৷ হাৰবাৰ মাষ্টাৰৰ তাত খবৰ
কৰিলেই গম পোৱা যাব৷"
"তেনেহ'লে এতিয়াই খবৰ কৰা৷"
দাশগুপ্ত অকণমান সময় মনে মনে ৰ'ল৷ চিন্তা কৰি থকা সময়ত মানুহজনৰ এটা
চকু কেঁৰা হৈ যায়৷ কেঁৰা চকুটোৰে পানীলৈ চাই থাকি তেওঁ ক'লে, "এটা কাম কৰক, ছাৰ৷ আপুনি টুৰিষ্ট হোমলৈ উভতি যাওঁক৷
ব্ৰেকফাষ্ট কৰক৷ তেতিয়ালৈকে মই সমস্ত খবৰ যোগাৰ কৰি আপোনাৰ তালৈ গৈ আছো৷ দিল্লীৰ
পৰা মোলৈ অৰ্ডাৰ আহিছে, আপোনাক সকলো ধৰণে সহায় কৰিবলৈ৷ পিছে আপুনি কি ৰহস্যৰ সন্ধানত আহিছে,
সেই
বিষয়ে কিন্তু মই এতিয়াও একো গম পোৱা নাই৷"
খুৰাদেউৱে ক'লে, "অলপ পিছত তুমি যেতিয়া টুৰিষ্ট হোমলৈ
আহিবা, তেতিয়া তোমাক চব ক'ম৷ ব'ল, সন্তু৷"