*মূলঃ দেৱাৰতি মুখোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
জাৰৰ দিন৷ দোভাগ ৰাতি৷ ঘৰৰ কাষৰ গছবোৰৰ
পাতৰ ফাঁকে ফাঁকে হিমশীতল অন্ধকাৰ থুপ লাগিছে৷ ঘড়ীৰ কাটাৰ টিক টিক শব্দৰ বাদে যেন
আৰু ক'তো কোনো স্পন্দন নাই এই জগতত৷ খিৰিকিৰ কাঁচৰ মাজেৰে দূৰৈৰ লেম্প
পোষ্টটোৰ ধূসৰ পোহৰ আহি পৰিছে কোঠাৰ ভিতৰত৷ সৃষ্টি কৰিছে এক অদ্ভুত মায়াৱী
পৰিৱেশৰ৷
এনেকুৱা পৰিৱেশত প্ৰচণ্ড ঠাণ্ডাত লেপৰ
তলত শুই থাকিলে সেই সুখানুভূতিৰ জাল ভাঙি সহজতে টোপনি নাভাঙে৷ উঠিব খুজিলেও
টোপনিয়ে লাহে লাহে পুনৰ দেহটোক আঁকোৱালি ধৰে৷ যদিহে জোৰ কৰি উঠাই দিয়া নহয়৷
অদম্য পালৰো সেয়াই হৈছিল৷ বহু সময় ধৰি
এটা অস্বস্তি অনুভৱ কৰি আছিল, অবাঞ্চিত এক স্পৰ্শই তাৰ টোপনিত ব্যাঘাত
জন্মাইছে৷ নিদ্ৰাচ্ছন্ন অৱস্থাতো সি বাৰে বাৰে সেই অস্বস্তিটোক দূৰলৈ ঠেলি
পঠাইছিল৷ সামান্য উচপিচাই বাগৰ সলাই পুনৰ সাৱটি ধৰিছিল লেপৰ তলৰ তাৰ একমাত্ৰ সংগী
গাৰুটোক৷
কিন্তু বেছ কেবাবাৰো তেনেকুৱা হোৱাত
তাৰ টোপনিটো সঁচাকৈ সম্পূৰ্ণৰূপে ভাঙি গ'ল৷ সি সাৰ পালে৷
আৰু সাৰ পোৱাৰ পিছত আৱিষ্কাৰ কৰিলে,
লেপৰ
তলত যেন সি অকলে নাই৷ সি স্পষ্টকৈ অনুভৱ কৰিছে, তাৰ নৈশ পোছাকৰ তলত কিলবিলাই আছে দুখন
কোমল হাত৷ বেপৰোৱা পৰ্যটকৰ দৰে সেই হাত দুখনে বিচৰণ কৰি ফুৰিছে তাৰ দেহৰ য'তে ত'তে৷ দ্বিধাহীনভাৱে স্পৰ্শ কৰিছে তাৰ
বুকু, পেট, নাভি৷ আগ্ৰাসী নাৱিকৰ দৰে ক্ৰমশঃ যাত্ৰা কৰিছে তল ফাললৈ৷
গভীৰ টোপনি হঠাতে ভাঙি গ'লে বাস্তৱলৈ উভতি আহোতে অলপ সময় লাগে৷
অদম্য পালৰো সেয়াই হৈছিল৷ টোপনি ভঙাৰ পিছতো সি নিৰৱে শুই আছিল৷ সাত পাঁচ নাভাবি
চকু মুদি উপভোগ কৰিছিল লেপৰ তলৰ সেই উষ্ণ মৰম৷
বহুদিনৰ মূৰত তাৰ পঁয়ত্ৰিশ বছৰীয়া
শৰীৰটো যেন জাগি উঠিছে৷
কোমল হাতৰ লগতেই এইবাৰ সি অনুভৱ কৰিলে
এযোৰ কোমল ওঁঠৰ স্পৰ্শ৷ ওঁঠযুৰিয়ে তাৰ বুকুত পাগলৰ দৰে স্পৰ্শ কৰিছিল, বুকুৰ পৰা লাহে লাহে সৰ্পিল গতিত উঠি
আহিল তাৰ ডিঙি বগাই৷ ডিঙিৰ কাষত কাণৰ সামান্য তলত ওঁঠযুৰিৰ ক্ৰমাগত ঘৰ্ষণত অদম্য
পাল ভীষণ উত্তেজিত হৈ পৰিল৷
সুখানুভূতিত এটা সময়ত নিজৰ অজানিতেই
তাৰ মুখেৰে ওলাই গ'ল এটা মৃদু চিৎকাৰ, "আহ!"
আৰু তাৰ সুখৰ চিৎকাৰত বোধহয় ওঁঠযোৰ আৰু
বেছি উৎসাহিত হৈ পৰিল৷ চিধা আহি হেঁচি ধৰিলে তাৰ ওঁঠৰ ওপৰত৷
আহ, কি মাদকতাময় এক সুগন্ধ৷ প্ৰচণ্ড ঘৰ্ষণত
নিজৰ ওঁঠযুৰি যেন ক্ৰমশঃ শুষ্ক হৈ পৰিছিল তাৰ৷ অথচ অদম্যই বিচাৰিছিল, এই অসম্ভৱ স্বৰ্গীয় মুহূৰ্ত দীৰ্ঘস্থায়ী
হওঁক৷
সেমেকা চুম্বনৰ সুখ সাগৰত উটি ভাহি
থাকি কিছু সময় পিছত অদম্যই চকু মেলিলে৷
আৰু তেতিয়াই তাৰ তন্দ্ৰাৱেশ
সম্পূৰ্ণৰূপে ভাঙি গ'ল৷ তাৰ মনত পৰি গ'ল, কোঠাত দ্বিতীয় কোনো ব্যক্তি নাই৷
থকা সম্ভৱেই নহয়৷ তাৰ এই ত্ৰয়োদশ মহলাৰ
ফ্লেটত সি অকলে থাকে৷
মনলৈ অহাৰ লগে লগেই সি বিস্ফোৰিত
নেত্ৰে উঠি বহিবলৈ চেষ্টা কৰিলে৷ কিন্তু নোৱাৰিলে৷ সেমেকা ওঁঠ আৰু দুখন হাতে
তেতিয়া তাৰ শৰীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ দখললৈ লৈ গৈছে৷
কোঠাৰ ঘিটমিটীয়া অন্ধকাৰতো যিকণ
অস্পষ্ট পোহৰ বাহিৰৰ পৰা সোমাই আহিছিল, সেই পোহৰতে অদম্যই লেপখন টান মাৰি
গুচাই দিলে গাৰ পৰা৷ দেখিলে লেপৰ তলত কোনো নাই৷
অথচ এতিয়াও সি স্পষ্টকৈ অনুভৱ কৰি আছে
এক নাৰী শৰীৰ তাৰ লগত ৰতিক্ৰিয়াত মগ্ন৷
কিন্তু নাই৷ সি আৰু উপভোগ কৰিব পৰা
নাই৷ ইন্দ্ৰিয় সুখো লোপ পাইছে তাৰ৷ বৰং ভয়, অবিশ্বাসত তাৰ গাৰ নোম ডাল ডাল হৈ
পৰিছে৷
সি প্ৰাণপণে চেষ্টা কৰিছে অদৃশ্য সেই
শয্যাসংগিনীৰ হাতৰ পৰি মুক্ত হ'বলৈ৷
কিন্তু পৰা নাই৷
ভয়তে তাৰ উশাহ বন্ধ হৈ আহিছে৷ এই
ঠাণ্ডাটো ঘামত তিতি গৈছে তাৰ সৰ্ব শৰীৰ৷ সি অনুভৱ কৰিলে, সি প্ৰৱেশ কৰিব ধৰিছে এক হিমশীতল
গহ্বৰত৷ তাৰ নিয়ন্ত্ৰণ অবিহনেই৷
ওহ! কি হিমশীতল সেই গহ্বৰ৷ যেন হাজাৰ
বছৰ ধৰি তাৰ বাবেই অপেক্ষা কৰি আছে সেই মৃত্যু উপত্যকাই৷
এটা সময়ত সংজ্ঞা হেৰুৱাই পেলালে সি৷
***
শিয়ালদহ ষ্টেচনৰ বাহিৰৰ অ’ভাৰব্ৰিজৰ বাওঁফালেৰে
কেইমিনিট মান গ'লে যে বেচৰকাৰী নাৰ্চিংহোমখন পোৱা যায়, সেইখনৰ নাম সঞ্জীৱনী৷
সেইখন যেনেকুৱা জনপ্ৰাণীহীন, তেনেকুৱাই অনুজ্বল পোহৰত ম্ৰিয়মাণ৷
ৰিচেপচনত বহি থাকে এগৰাকী শকত-আবত মহিলা৷ দেহৰ চৰ্বিৰ লগত মিলাকৈ তেওঁৰ মেজাজটোও
বেছি৷ তেওঁৰ খিংখিঙীয়া স্বভাৱৰ বাবে যি দুই এজন ৰোগী আহে, সিহঁতেও ফালৰি কাটে৷ ৰিচেপচনৰ হালধীয়া
ঢিমা ঢিমা পোহৰত দাগ লগা চোফা কেইখনো খালী হৈ পৰি থাকে৷
বুজাই যায়, কেবা দশক আগতে খোলা এই সঞ্জীৱনী এতিয়া 'আউটডেটেড'৷
ব্যতিক্ৰম কেৱল মাহৰ প্ৰথমটো শনিবাৰ৷
এই এটা দিন সঞ্জীৱনী নাৰ্ছিংহোমৰ বাহিৰত ভিৰ কুলাই পাচিয়ে নধৰা হয়৷ ৰিচেপচনৰ
দুয়োখন চোফাৰ মাজত প্ৰতিযোগীতা চলে ঠাইৰ বাবে৷ অগণন মানুহ থিয় হৈ থাকে অপেক্ষাত৷
দেশৰ আগশাৰীৰ মনোৰোগ বিশেষজ্ঞ ডঃ সাম্য
চট্টৰাজ মাহৰ এই এটা দিন ইয়াত বহে৷
ডঃ সাম্য চট্টৰাজ এতিয়া কৰ্ম সূত্ৰে
থাকে মুম্বাইত৷ তাত তেওঁৰ যথেষ্ট সুনাম৷ শুনা যায়, বলীউদৰ জনপ্ৰিয় বহুকেইজন অভিনেতা-অভিনেত্ৰী
তেওঁৰ নিয়মীয়া পেছেন্ট৷ দেশৰ প্ৰতিখন চহৰৰ আভিজাত হস্পিতালবোৰে হাহাকাৰ কৰি থাকে
তেওঁৰ এটা চেম্বাৰ পাবলৈ৷ ইমানবোৰৰ পিছতো তেওঁ কলিকতাত ৰোগী চাবলৈ এনেকুৱা আউটডেটটেদ
হস্পিতাল এখন কিয় বাছি লৈছে, সেয়া সঁচাকৈয়ে আচৰিত হ'বলগীয়া কথা৷
ডঃ চট্টৰাজ মাহে এই এটা দিনেই দুপৰীয়া
ফ্লাইটত কলিকতালৈ আহে, আবেলিৰ পৰা ৰাতিলৈ সঞ্জীৱনীত ৰোগী চায়, তাৰ পিছত ইয়াৰ পৰাই চিধা গুচি যায়
বিমানবন্দৰলৈ৷ কলিকতাৰ বহু কেইখন হস্পিতালে বাৰম্বাৰ অনুৰোধ কৰা তথা প্ৰলোভন দিয়া
স্বত্বেও তেওঁ আন ক'তো নবহে৷
আজিও মাহৰ প্ৰথম শনিবাৰ৷ সন্ধিয়াৰ পৰা
হোৱা সেই বিপুল ভিৰৰ বাবে ৰিচেপচনিষ্ট মহিলাগৰাকী যে বিধ্বস্ত হৈ পৰিছে সেয়া তেওঁৰ
চকুৱে মুখে প্ৰতীয়মান৷
এতিয়া ৰাতি চাৰে নটা৷ ৰিচেপচন প্ৰায়
খালী৷ শেষ ৰোগীজনৰ যেতিয়া পাল পৰিল, মহিলাগৰাকীয়ে ক্লান্ত কৰ্কশ মাতেৰে ক'লে, "আপুনিয়ে একাৱন্ন নম্বৰ, নহয়নে? ভিতৰলৈ যাওঁক৷"
বাহিৰৰ ৰিচেপচনিষ্ট ক্লান্ত যদিও ভিতৰৰ
ডাক্তৰ চাহাব কিন্তু সম্পূৰ্ণ সজীৱ৷ পোন হৈ বহি আছে টেবুলৰ সন্মুখত৷ অদূৰত তেওঁৰ
চেক্ৰেটাৰীয়ে কলম দাঙি ৰৈ আছে নতুন কেছৰ ডিটেইলছ লিখিবলৈ৷
সন্মুখত আহি বহা দুই ভদ্ৰলোকক এবাৰ
নিৰীক্ষণ কৰি ল'লে ডাঃ সাম্য চট্টৰাজে, তাৰ পিছত হাঁহি মুখে সুধিলে, "আপোনালোকৰ মাজৰ কোন অদম্য পাল৷"
"মই৷" চছমা পিন্ধা লোকজনে গল হেঁকাৰি
মাৰি ক'লে৷ তেওঁৰ পিন্ধনত দামী চুট, দেহৰ গঠন সামান্য শকত৷ উচ্চতা মজলীয়া৷
"নমস্কাৰ৷" সাম্য চট্টৰাজে আনজন
ব্যক্তিৰ পিনে চালে, "আৰু আপুনি?"
"মই এওঁৰ বন্ধু, ধীমান চক্ৰবৰ্তী৷"
ডাঃ সাম্য চট্টৰাজৰ কাম কৰাৰ ধৰণ হ'ল প্ৰথমেই তেওঁ চিধা ৰোগীৰ সমস্যালৈকে
নাযায়৷ এয়াতো আৰু পেটৰ অসুখ বা জ্বৰ-চৰ্দি নহয় যে 'কি সমস্যা' বুলি সোধাৰ লগে লগেই হলাহলে বকিবলৈ
আৰম্ভ কৰিব৷ মানুহৰ মনৰ ভিতৰত সোমাবলৈ হ'লে, তাৰ আগতে তেওঁৰ লগত সহজ হৈ ল'ব লাগিব৷ ৰোগীৰ সংকোচ কাটিব লাগিব৷
তেতিয়াহে ৰোগীয়ে নিজৰ ফালৰ পৰাই সমস্যাটো ডাক্তৰৰ আগত খুলি ক'বলৈ কুণ্ঠাবোধ নকৰিব৷
এওঁলোকৰ ক্ষেত্ৰতো সেয়াই হ'ল৷ ইটো-সিটো কথোপকথনৰ মাজেৰেই ডঃ
চট্টৰাজে জানিব পাৰিলে, এওঁলোক দুয়ো বন্ধু৷ তেওঁৰ ৰোগী ডঃ অদম্য পাল কেন্দ্ৰীয় চৰকাৰী গৱেষণা
সন্থাত কৰ্মৰত এজন জৈৱ-ৰসায়নবিদ৷ কলিকতাতেই থাকে৷ তেওঁৰ বাল্য বন্ধু ধীমান
চক্ৰবৰ্তী শিক্ষক, চহৰতলিৰ স্কুল এখনত পঢ়াই৷
ধীমানেই বেছি কথা কৈছিল৷ অদম্য মিতভাষী,
দুই
এবাৰ হুঁ-হাঁ কৰিছে মাত্ৰ৷ চছমাৰ লেন্সৰ মাজেৰে তাৰ ক'লা চকু দুটাই মাথোঁ গভীৰভাৱে
পৰ্যবেক্ষণ কৰি গৈছিল সকলোবোৰ৷
ধীমানে কথা কৈ কৈ বেছ গৰ্বিতমুখে
বন্ধুৰ পিনে চালে, "আপুনি এওঁৰ নাম শুনিছেনে নাই নাজানো ছাৰ,
কিন্তু
অদম্য এই মুহূৰ্তত দেশৰ আটাইতকৈ প্ৰতিভাৱান বিজ্ঞানীসকলৰ এজন৷ কেইবছৰ মান আগতে
তেওঁৰ এটা আবিষ্কাৰে গোটেই দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ আপুনি হয়তো কাকতে
পত্ৰই পাইছিলেই৷ ই এক ধৰণৰ মাচৰুম ব্ৰিড কৰিছে, যি অতি দ্ৰুততাৰে প্লাষ্টিক খাই পেলাব
পাৰে৷ বুজিব পাৰিছেই চাগে, পৃথিৱীখন এতিয়া যেনেকৈ প্লাষ্টিকেৰে ভৰি পৰিছে,
প্ৰদূষণে
মাত্ৰা চেৰাই গৈছে, তেনেক্ষেত্ৰত এওঁৰ এই আৱিষ্কাৰ কিমান গুৰুত্বপূৰ্ণ৷"
"প্লাষ্টিক খাই পেলায়?" শুনি স্বাভাৱিকতে আচৰিত হ'ল ডঃ চট্টৰাজ৷
"অঁ৷" ধীমানে উৎসাহেৰে কৈ গ'ল, "অদম্যই আৱিষ্কাৰ কৰা সেই ফাঙ্গাছটোৰ
নাম পেষ্টাওলোচিঅপছিছ মাইক্ৰ'স্পোৰা৷ সেই হাইব্ৰিড ফাঙ্গাছটোৱে পলিইউৰিথিন
খায়৷ আপুনি নিশ্চয় জানে ছাৰ, প্লাষ্টিক স্বাভাৱিকভাৱে পচি প্ৰকৃতিত ডিকম্পোজ
হওঁতে বহু যুগ লাগি যায়৷ আমি যিবোৰ সাধাৰণ পলিবেগ ব্যৱহাৰ কৰো, সেইবোৰ ডিকম্পোজ হওঁতেই সময় লাগে
মোটামুটি এক হাজাৰ বছৰ৷ প্লাষ্টিকৰ বটল প্ৰায় পাঁচশ বছৰ৷ এইবাবেই সমগ্ৰ পৃথিৱীতে
প্লাষ্টিকৰ আবৰ্জনা কমাবলৈ বিভিন্ন গৱেষণা চলি আছে৷ অদম্যৰ এই আৱিষ্কাৰে সেয়ে
ৰাতিৰ ভিতৰতে সাংঘাতিক হৈ-চৈ লগাই দিয়ে৷ জাতীয় আৰু অন্তৰ্জাতীয় পৰ্যায়ত ই যথেষ্ট
সন্মান লাভ কৰিছে৷ আমি সৰু মানুহ, বিয়া-বাৰুও কৰোৱা নাই, এখন স্কুলত ইংৰাজী পঢ়াও৷ ইমান বিখ্যাত
বন্ধু পোৱাটোৱেই আমাৰ বাবে গৰ্বৰ কথা৷"
"বাঃ! অসাধাৰণ!" ডঃ চট্টৰাজে হাঁহি
মুখে চালে ডঃ অদম্য পালৰ পিনে, "আপুনি নিশ্চয় ইয়াৰ পেটেন্ট লৈছে?"
এইবাৰো উত্তৰ দিলে ধীমানে,
"অঁ, ছাৰ৷ বিভিন্ন আইনী জটিলতাত অলপ দেৰি হৈছিল৷ এতিয়া আৰু সেইবোৰ নাইকিয়া
হৈছে৷ আমেৰিকাৰ এটা নামী কোম্পানীয়ে ইয়াৰ পৰা পেটেন্ট কিনি লৈছে৷ অতি শীঘ্ৰেই
সিহঁতে কমাৰ্চিয়েলি এই মাচৰুম বজাৰলৈ আনিব৷"
"বৰ ভাল৷" কথা পাতি পাতি কোন সময়ত
কেনেদৰে সমস্যাৰ কথা উলিয়াব লাগে, সেইটো ডঃ চট্টৰাজে ভালকৈয়ে জানে৷ ক'লে, "পাল ডাঙৰীয়া, আপোনাৰ তেনেহ'লে এতিয়া অসুবিধাটো কি?"
বহু সময় ধৰি নিজৰ গুণ গৰিমা শুনি শুনি
অদম্য পালৰ চকু মুখ বেছ আলোকিত হৈ উঠিছিল৷ কিন্তু হঠাতে ডাক্তৰৰ এই প্ৰশ্নত সেয়া
অদৃশ্য হৈ গ'ল৷ কেনেকৈ আৰম্ভ কৰিব ধৰিব নোৱাৰি সি ধীমানৰ পিনে এবাৰ চালে৷
"মানে ছাৰ..!" ধীমানৰ উৎসাহ ভৰা
কণ্ঠস্বৰ নিমিষতে জয় পৰি গৈছিল৷ সি এক পলকৰ বাবে চাই ল'লে ডাক্তৰৰ চেক্ৰেটাৰীটোৰ পিনে৷ তাৰ
পিছত ইতস্ততঃ কৰি ক'লে, "কেবাদিনো ধৰি অদম্যক এটা অদ্ভুত সমস্যাই দেখা দিছে৷"
"সেইটোৱেইতো জানিব খুজিছো৷ কি সমস্যা?"
অদম্যই ইংগিতেৰে ধীমানক ক'লে, "তয়ে ক!"
ধীমানে অলপ হেহোঁ-নেহোঁকৈ ক'লে, "আচলতে আজিকালি সি বিছনাত পৰাৰ অলপ
পিছতেই তাৰ টোপনি ভাঙি যায়৷ তাৰ এনে লাগে যেন কোনোবা ছোৱালীয়ে তাৰ দেহটোৰ লগত...
মানে.. বুজিতো পাইছেই চাগে কি ক'ব খুজিছো৷ সি কাকো নেদেখে, কিন্তু এই পিনে চব হৈ যায়৷"
ডাক্তৰৰ চেক্ৰেটাৰীৰ মুখত ধীমানৰ কথা
কোৱাৰ ধৰণ দেখি, বিশেষকৈ 'চব হৈ যায়' কথাষাৰ শুনি এটা চেপা হাঁহি বিৰিঙি
উঠিল৷
সেইটো অদম্য পালৰ চকুৰ পৰা সাৰি নগ'ল৷ লাজতে ৰঙা চিঙা পৰি গ'ল সি৷
ডঃ চট্টৰাজে সুধিলে, "আপুনি বিবাহিত নে?" তাৰ লগত যোগ দিলে, "বন্ধুৱে নহয়, আপুনি নিজে উত্তৰ দিয়ক ডঃ পাল৷"
অদম্যই থতমত খাই গ'ল৷ তাৰ পিছত ক'লে, "অঁ৷ কিন্তু মোৰ পত্নী ইয়াত নাথাকে৷ ল'ৰাটোৰ লগত মাকৰ ঘৰত থাকে৷ বীৰভূমৰ এখন
গাওঁত৷"
"কিয়?"
"মই বেছি ভাগ সময় কলিকতাত নাথাকো৷
প্ৰায়ে ইখন চহৰৰ পৰা সিখন চহৰলৈ ঘূৰি ফুৰিব লাগে৷ কনফাৰেন্স থাকে৷ বিদেশলৈও
যাবলগীয়া হয়৷ তাই গাওঁৰ ছোৱালী৷ অকলে অকলে ইয়াত থাকিবলৈ সাহস কৰিব নোৱাৰে৷ সেয়ে
তাতেই থাকে৷ হ'লেও এমাহ-দুমাহৰ মূৰে মূৰে আহে৷ ময়ো যাওঁ৷"
"হুম৷ আপুনি নিশ্চয় মোৰ ওচৰলৈ সমাধান
বিচাৰি আহিছে৷ গতিকে ঠিক কেনেকৈ কি হয়, আপুনি অকণো লাজ বা সংকোচ নকৰাকৈ মোক
খুলি কওঁক৷ কিবা লুকুৱালে কিন্তু মই ভালকৈ ডায়াগনোছিছ কৰিব নোৱাৰিম৷"
অদম্য পালে সেপ ঢুকিলে৷ তাৰ পিছত এবাৰ
বন্ধুজনলৈ চালে৷
ধীমানে ইঙ্গিতেৰে উৎসাহ দিয়াত অলপ ৰৈ,
খোনাই-খোনাই
সম্পূৰ্ণ অভিজ্ঞতাটো বৰ্ণনা কৰিলে৷ কৈ থাকোতে তাৰ মুখ ৰঙা-চিঙা পৰি গৈছিল, সম্ভৱত ভয়তে৷ গলগলীয়া মাতটো বহি ফিচফিচীয়া
ধৰণৰ হৈ গৈছিল৷
চেক্ৰেটাৰী ল'ৰাটোৱে ধুমুহাৰ বেগেৰে নোট লিখি গৈছিল৷
ডাঃ চট্টৰাজে মন দি শুনি গৈছিল৷ শুনি থাকোতে তেওঁৰ ভ্ৰূ দুটা ক্ৰমে কোঁচ খাই
গৈছিল৷
অদম্যৰ কথা শেষ হোৱাৰ লগে লগেই তেওঁ ক'লে, "আপোনাৰ এই সমস্যাটো কেতিয়াৰ পৰা হৈছে?"
"তিনি সপ্তাহমান হ'ব৷" ভাবি ক'লে অদম্যই, "প্ৰথম যিদিনা হৈছিল, সিদিনা সন্ধিয়া দিল্লীৰ পৰা আহিছিলো৷
তাৰ পিছত প্ৰায় ছয় সাত ৰাতি...৷"
"কেৱল কলিকতাত থাকিলেই হয়? নে বাহিৰতো?"
"বাহিৰতো৷" অদম্যই ক'লে, "যোৱা পৰহি এদিনৰ বাবে হায়দৰাবাদলৈ
গৈছিলো৷ তাতো একেই ঘটনা৷"
খুব গোপনীয় কোনো সমস্যা হ'লে ৰোগীয়ে সেইটো প্ৰথমে ডাক্তৰৰ আগত
খুলি ক'বলৈ লাজ পায়৷ কিন্তু এবাৰ সেইটো প্ৰকাশ কৰাৰ পিছত ৰোগী বহুখিনি সহজ
হৈ পৰে৷ তেতিয়া আৰু সি নিজৰ যন্ত্ৰনাৰ কথা ক'বলৈ দ্বিধাবোধ নকৰে৷ নিসংকোচে সকলো
উন্মুক্ত কৰি মেলি ধৰে ডাক্তৰৰ সন্মুখত৷
অদম্য পালৰো সেয়াই হ'ল৷ সি কান্দো কান্দো মাতেৰে ক'লে, "মই এজন বিজ্ঞানী ছাৰ৷ অলৌকিকতা,
ভূত-প্ৰেত
এইবিলাক বিশ্বাস কৰিলে মোক নুশুৱাই৷ কিন্তু কি কৰো কওঁক, চকুৰ আগত দৈনিক যি ঘটনা ঘটিবলৈ ধৰিছে,
মই
মৰি মৰি জীয়াই আছো৷ যেতিয়া সেইবিলাক কৰিবলৈ আৰম্ভ কৰে, মই ভয়তে চিঞৰ বাখৰ কৰো, ঠেলি আঁতৰাই দিব খোজো৷ কিন্তু ক'লে বিশ্বাস নকৰিব, তেতিয়া তাই বেছিহে উত্তেজিত হৈ পৰে৷
মোৰ শৰীৰটো লৈ আটাৰ লদা মথাদি মথিবলৈ ধৰে৷ এনেকুৱা এটা লাজ লগা কথা, মানুহে শুনিলে হাঁহিব৷ অপবাদ দিব৷ সেয়ে
কাকো ক'বও পৰা নাই৷ ধীমান মোৰ সৰু কালৰে বন্ধু, সেয়ে বাধ্য হৈ তাক...৷ আপুনি মোক বচাওক,
ছাৰ৷
মই কাম ভাল পোৱা মানুহ৷ নিজৰ কামতে ব্যস্ত থাকি ভাল পাওঁ৷ এইবিলাক ঘটনাৰ ফলত মই
একো এটা কাম শান্তিত কৰিব পৰা নাই৷ ক'তো মন বহুৱাব নোৱাৰা হৈছো৷ হায়দৰাবাদত গোটেই
ৰাতি সেই সোপা অত্যাচাৰ চলাৰ পিছত ৰাতিপুৱা চেমিনাৰত একো এটা ক'ব নোৱাৰিলো৷ এমখা ছাত্ৰ-ছাত্ৰী
অধ্যাপকৰ আগত লজ্জানত হ'বলগীয়া হৈছে৷"
ডঃ চট্টৰাজে ব্যথিত মুখেৰে শুনি গৈছিল
তেওঁৰ আজিৰ অন্তিমজন ৰোগীৰ কথা৷ অদম্য পালে কথা শেষ কৰাত তেওঁ ক'লে, "শান্ত হওঁক ডঃ পাল৷ চব ঠিক হৈ যাব৷
সদ্যহতে মই আপোনাক এটা ঔষধ লিখি দিছো৷ এইটো খালে টোপনি ভাল হ'ব৷৷ দুশ্চিন্তাও কমিব৷ সদায় ৰাতি শুৱাৰ
আগতে এটাকৈ খাব৷ সাতদিন খোৱাৰ পিছত আপুনি নিজেই বহুখিনি ভাল অনুভৱ কৰিব৷ তাৰ লগতে
মই এগৰাকী চাইক'ল'জিষ্টৰ ওচৰত আপোনাক কাউন্সেলিঙৰ বাবে ৰেফাৰ কৰিছো৷ তেওঁৰ লগত আপুনি
সপ্তাহত এটাকৈ চেছন লওঁক৷ অহা মাহৰ প্ৰথম শনিবাৰে মই আকৌ চাম৷ ঠিক আছে?"
ধীমানে ইঙ্গিতেৰে বন্ধুৰ পিনে চাই কিবা
ক'লে৷
অদম্য পালৰ মনত পৰিল, অহাৰ সময়ত ধীমানে কৈছিল, "দেখিবি, তেওঁ হয়তো আন কাৰোবাক ৰেফাৰ কৰিব৷
আজিকালি এইটো ট্ৰেণ্ডেই হৈছে৷ চাইকিয়াট্ৰিষ্টৰ ওচৰলৈ গ'লে তেওঁ পঠাব তেওঁৰে চিনাকি কোনোবা
চাইক'ল'জিষ্টৰ ওচৰলৈ, কাউন্সেলিঙৰ চেচন ল'বলৈ৷ ইপিনে চাইক'ল'জিষ্টৰ ওচৰলৈ গ'লে পঠাব চাইকিয়াট্ৰিষ্টৰ ওচৰলৈ৷ চব
আচলতে চেইন চিষ্টেম৷ কিন্তু কি কৰিবি, উপায়তো নাই৷ ডঃ সাম্য চট্টৰাজৰ দৰে
আগশাৰীৰ মনোৰোগ বিশেষজ্ঞৰ বাদে এইটো কেছ বেলেগে চম্ভালিব নোৱাৰিব৷ বুজিছ নহয়! সেয়ে
ৰিস্ক লৈ লাভ নাই৷ ক'বতো নোৱাৰি সদায়- সদায় ভূতৰ লগত চেক্স কৰি আছ, কোনোবাদিন কিবা হৈ যাব
লাগিলে...!"
"আহ! কথাবিলাক উল্টাকৈ কিয় ক'?"
বিৰক্ত
মুখেৰে কৈছিল অদম্যই, "মই নিজে কৰিছো নেকি? মোক কৰোৱা হৈছে৷"
"আমি ইমানবোৰ বুজি নাপাওঁ৷" ধীমানে
মূৰ জোকাৰিছিল, "আমাৰ মতেতো কৰোৱা কৰা একেই৷"
***
সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ