Jun 18, 2014

চাকিউবাছ - দ্বিতীয় অধ্যায়

ৰাজীৱ ফুকন
Succubus an Assamese Horror Mystery Novel by Rajiv Phukan  
*মূলঃ দেৱাৰতি মুখোপাধ্যায়*  
*অনুবাদঃ ৰাজীৱ ফুকন*

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

দ্বিতীয় অধ্যায়

অদম্যই যেতিয়া ঘৰ পালে, তাৰ পাঁচ বছৰীয়া ল'ৰাটোৱে দৌৰা-দৌৰি, জপিওৱা-জপি কৰি গোটেই ঘৰখন তল ওপৰ কৰিছে৷ চিন্তা টেনচনত অদম্যৰ খেয়ালে নাছিল প্ৰায় আঢ়ৈ মাহ হৈ গ'ল স্ত্ৰী-পুত্ৰ তাৰ ওচৰলৈ নহা৷
 
বিব্ৰত মুখে ফ্লেটত প্ৰৱেশ কৰি ড্ৰয়িংৰূমত সোমাই দেখিলে, তাৰ শহুৰেকে দামী চোফাখনৰ ওপৰত লেতেৰা ভৰি তুলি গপচত বহি চাহ খাই আছে৷
 
অদম্যৰ বিৰক্তি ভাবটো পুনৰ ঘূৰি আহিল৷ কথাতে কয়, বিয়া কৰাব লাগে সম মৰ্যদাৰ মানুহৰ লগত৷ নিজৰ আৰ্থ-সামাজিক অৱস্থানতকৈ বহু তল খাপৰ কোনো পৰিয়ালৰ সৈতে সম্পৰ্ক গঢ়িবলৈ গ'লে এইবিলাক বিলৈ-বিপত্তি হ'বই৷ কিন্তু কি কৰিব! অদম্যৰ পচন্দ একেবাৰে বাধ্য পত্নী৷ সি সেয়া পাইছে৷ কিবা পাবলৈ হ'লেতো কিবা হেৰুৱাবলগীয়া হয়েই৷ সেয়ে অদম্যই আফচোচ নকৰে৷
 
অদম্যৰ ঘৈণীয়েক আভা বীৰভূম জিলাৰ এখন গাঁওৰ ছোৱালী৷ আভা যিখন গাঁওত ডাঙৰ হৈছে, সেইখন ইমানেই জকায়চুকীয়া ঠাই যে কেইবছৰ মান আগতহে তালৈ বিদ্যুৎ গৈছে৷ আভা খাটি গাঁৱলীয়া ছোৱালী৷ তাই একান্তভাৱে বিশ্বাস কৰে, "পতিৰেকো গুৰুঃ স্ত্ৰীণাং", স্বামীয়েই পৰম গুৰু৷
 
আভাই চতুৰ্থমানলৈ গাঁওৰ প্ৰাইমাৰী স্কুলত পঢ়িছিল৷ সেয়াই তাইৰ পঢ়া-শুনা৷ তাইৰ দেউতাকৰ মাটি-বাৰি আছে, খেতি কৰি ঘৰ চলায়৷
 
অদম্যই যেতিয়া নিজৰ বৃত্তৰ একেবাৰে বাহিৰলৈ গৈ এই সম্বন্ধ ঠিক কৰিছিল, তাত বন্ধু-বান্ধৱ, সহকৰ্মী, আত্মীয়স্বজন সকলো আচৰিত হৈছিল৷ চহৰৰ অভিজাত পৰিয়ালৰ এজন তৰুণ বিজ্ঞানীয়ে ইমান ভিতৰুৱা গাঁওৰ ছোৱালী বিয়া কৰাব কিয়?
 
বন্ধুবৰ্গই বুজাইছিল, "পাগল হ'লি নেকি? লাইফ পাৰ্টনাৰৰ লগত নিজৰ কেৰিয়াৰৰ উত্থান-পতন, সফলতা, বিফলতা আদি শ্বেয়াৰ কৰিব পাৰিবি? একো বুজিয়েই নাপাবচোন!"
 
কোনোবাই কৈছিল, "দেশ-বিদেশত ইমান ডাঙৰ ডাঙৰ ঠাইলৈ আমন্ত্ৰিত হৈ থাক, তেনেকুৱা ছোৱালীয়েচোন মেনাৰিজমে নাজানিব৷ লাজত পৰি মৰিব লাগিব৷ কোনোবা ৰিচাৰ্ছ ফেলোকেচোন পতাই ল'ব পাৰিলি হয়৷"
 
অদম্যই সেইবোৰ কথাৰ কোনো উত্তৰ নিদিলে, কৰ্ণপাতেই নকৰিলে৷ কিছু কথা মনৰ মাজতেই ৰাখিবলগীয়া হয়৷ বিচাৰিলেও ক'ব নোৱাৰে যে যিমানেই সি আধুনিক নহওক কিয়, নাৰী স্বাধীনতাৰ ক্ষেত্ৰত সি ৰক্ষণশীল৷
 
সেই ৰক্ষণশীলতাৰ মাত্ৰা ইমানেই বেছি যে সি বিচাৰে বাধ্য বশীভূত পত্নী৷ ঘৰৰ কাম কৰিব, 'ৰা-ছোৱালী চম্ভালিব, আদেশ পালন কৰিব৷ কথাই কথাই তাইক তুচ্ছ-তাচ্ছিল্য কৰিব পাৰিব, কথা শুনাব পাৰিব, দৰকাৰ হ'লে মাৰধৰো কৰিব পাৰিব৷ সেই তৃপ্তি জানো কোনো আধুনিক ছোৱালীয়ে দিব পাৰিব? সিহঁতৰ মুখত কথাই কথাই সাম্যবাদৰ লেকচাৰ, অলপ ইফাল-সিফাল হ'লে পুলিচৰ জঞ্জালত পৰাৰো ভয় থাকে৷ চাকৰি কৰা ছোৱালীৰ কথাতো ক'বই নালাগে, সামান্য শিক্ষিতা ছোৱালীৰেই আজিকালি স্বামীৰ প্ৰতি দায়বদ্ধতাৰ বৰ অভাৱ৷
 
কিন্তু এইবোৰ কথা কাকো ক'ব নোৱাৰি৷ ক'লেই অদম্যই সকলোৰে আগত ঘৃণাৰ পাত্ৰ হৈ পৰিব৷ তাৰ বিয়া কৰাবলৈ বৰ এটা ইচ্ছা নাছিল৷ ঘৈণীৰ ঘেনঘেননি বা ল'ৰা ছোৱালীৰ পেনপেননিৰ কথা ভাবিলেই তাৰ উশাহ বন্ধ হৈ আহে৷
 
কিন্তু কৰ্মব্যস্ত জীৱনৰ মাজত নিজৰ দৈহিক চাহিদাটোও অস্বীকাৰ কৰিব নোৱাৰি৷ সেইটোও অৱশ্যে কলিকতা চহৰত পইছা দিলেই পোৱা যায়, কিন্তু অদম্যই সেইটো পচন্দ নকৰে৷ সামান্য খা-খৰচৰ বাবদ যদি একান্ত পৰাভূত নাৰী পোৱা যায়, সি মিছা-মিছি সেইবোৰত কিয় খৰচ কৰিবলৈ যাব?
 
সেয়ে তৰ্ক-বিতৰ্কলৈ নগৈ বাতৰি কাকতত বিজ্ঞাপন দি ছয় বছৰ আগতে আভাক বিয়া কৰাই আনিছিল সি৷ তাৰ মাক-দেউতাক কেতিয়াবাতেই স্বৰ্গগামী হৈছে, সেয়ে বিশেষ মতামত দিবলৈও কোনো নাছিল৷ ভয়াতুৰ ছোৱালীজনীক বিয়াৰ পিছত থৈ আহিছিল বাপেকৰ ঘৰত, প্ৰতিমাহে ভৰণ পোষণৰ টকা কেইটা শহুৰেকৰ তালৈ পঠাই দিয়ে৷
 
ন-মাহ, ছ-মাহৰ মূৰত অদম্য ঘৰ গৈ ওলায়৷ উচ্চ শিক্ষিত জোৱায়েকৰ শহুৰেকৰ ঘৰত সাংঘাতিক কদৰ৷ শাহুৱেকেতো পাৰিলে ভৰি দুখনকে ধোৱাই দিব খোজে৷
 
অদম্যয়ো বেছ দবাই ৰাখে সিহঁতক৷ কথাই কথাই উষ্মা প্ৰকাশ কৰে, সিহঁত ভীতিগ্ৰস্ত হৈ থাকে অনৱৰতে৷
 
অদম্যই অকলে অকলে হাঁহে আৰু ভাবে, তাৰ যিবোৰ বন্ধুৱে আধুনিক ছোৱালী বিয়া কৰাইছে, সিহঁতৰ কোনোবাই শহুৰেকৰ ঘৰত এনেকুৱা আতিথ্য জানো পায়? নাপায়৷
 
এই যেনেকৈ এতিয়া অদম্যই আগুৱাই গৈ কঠোৰ মাতেৰে ক'লে, "আপুনি এনেকৈ বহিছে কিয়? চোফাৰ কভাৰখনৰ দাম কিমান জানেনে?'
 
শহুৰেকৰ মুখৰ উল্লাসিত ভাবটো দমি গ'ল৷ লগে লগে তেওঁ সংকুচিত হৈ উঠি আহিল, ডাইনিং টেবুলৰ এখন চকীত বহি সেমেনা-সেমেনি কৰি ক'বলৈ ধৰিলে, "এহ.. মানে.. হে হে... জনা নাছিলো বাবা৷"
 
অদম্যক বিৰক্ত মুখেৰে চাই থকা দেখি আকৌ অপ্ৰস্তুত হৈ ক'লে, "'ৰাটোৱে খুব জেদ কৰিছিল, সেয়ে লৈ আহিলো৷"
 
অদম্যই উত্তৰ নিদি নিজৰ ৰূমলৈ গুচি গ'ল৷ তাৰ একো ভাল লগা নাই৷ আগত ইমানবোৰ গুৰুত্বপূৰ্ণ চেমিনাৰ, ৰাতি ৰাতি এনেকুৱা ভৌতিক উপদ্ৰৱ, তাৰোপৰি নোকোৱা নেমেলাকৈ ইহঁতবোৰ আহি হাজিৰ৷ আহিলে খবৰ দি আহিব লাগে যে সেইকণ মেনাৰিজমো নাই ইহঁতৰ৷
 
ঘৈনীয়েক আভাই আড়ষ্টভাৱে খোৱা পানী দিবলৈ আহিল৷ তাইৰ বিশ্ববিখ্যাত গুণী গিৰিয়েকক তাই ভীষণ ভয় কৰে৷ কথাই কথাই গিৰিয়েকৰ তাচ্ছিল্যৰ আগত কেৰেলুৱাটোৰ দৰে কোঁচ খাই যায়৷
 
আজিকালি বছৰি চাৰি-পাঁচবাৰ গিৰিয়েকক শয্যা সুখ দিয়াৰ বাদে বিজ্ঞানী অদম্য পালৰ জীৱনত তাইৰ আৰু বেলেগ ভূমিকা নাই৷ সেই ক্ষেত্ৰতো তাইৰ নিজৰ কোনো ইচ্ছা-অনিচ্ছাৰ কথা নাহে৷ যিদিনা মন যায়, সিদিনা তাইৰ গিৰিয়েক গৈ হাজিৰ হয় গাওঁৰ ঘৰত, নিজৰ চাহিদাটো পুৰাই পুনৰ উভতি আহে সি৷
 
গিৰিয়েকৰ আগত খোৱা বস্তুৰ প্লেট এখন থৈ আভাই ক'লে, "বুল্টুৱে ক্লাছ ৱানৰ নামভৰ্তি পৰীক্ষাত ফাৰ্ষ্ট হৈছে, সেয়ে জেদ কৰিব ধৰিলে, দেউতাকৰ তালৈ আহে৷ সেয়ে লৈ আহিলো৷ কালি দেওবাৰ, বন্ধ৷ পৰহি ৰাতিপুৱাই গুচি যাম৷"
 
আভাৰ গাঁৱলীয়া ঢেকৰ কথা বতৰা শুনিলেই মেজাজ চুটি যায় অদম্যৰ৷ সি একো নকৈ খোৱাত মনোনিৱেশ কৰিলে৷
 
আভায় পুনৰ ভয়ে ভয়ে ক'লে, "আপুনি তাক ওলপ উৎসাহ দিব? বুল্টুৰ মাথাটো ভাল৷ মই তাক অনৱৰতে কৈ থাকো, ডাঙৰ হৈ দেউতাৰৰ নিচিনা হ'ব লাগিব৷"
 
অদম্যই খাবলৈ এৰি ৰৈ গ'ল৷ মূৰ তুলি স্থিৰ দৃষ্টিৰে চালে আভাৰ পিনে৷ তাৰ পিছত ঠাত্তাৰ সুৰত ক'লে, "দেউতাৰৰ নিচিনা? গছ যদি পচা হয়, ফলো পচাই হ'ব৷ অমৰাৰ গছত অমৰাই লাগে, আম নালাগে৷ বুজিলি? নিজৰ হ'ল সেই শিক্ষা-দীক্ষা, ''টোকে ভালকৈ লিখিব নাজান?"
 
কিন্তু আজিকালি এইবোৰ তাই সহ্য কৰিব পৰা হৈ গৈছে৷ টিভিত বা কাকতত যেতিয়া তাইৰ গিৰিয়েকৰ ফটো ওলায়, গাওঁত চবেই তাইৰ সৌভাগ্যক লৈ আলোচনা কৰে, গৰ্বত তাইৰ বুকু ফুলি উঠে৷
 
কিন্তু একে সময়তে এইটো কথাও মনলৈ আহে, যিয়ে তাক শ্ৰদ্ধা কৰে, তাৰ কেইজনে জানে যে বিজ্ঞানী অদম্য পাল কিমান আত্মকেন্দ্ৰিক? কেইজনে কল্পনা কৰিব পাৰিব যে বিজ্ঞানী অদম্য পালে নিজৰ পত্নীতো দূৰৈৰ কথা, নিজৰ ল'ৰাকো ভাল নাপায়৷ অসুস্থ পৰ্যায়ৰ স্বাৰ্থপৰ স্বৈৰাচাৰী এজন মানুহৰ লগত বিয়া হৈ আভাই আৰ্থিক স্বাচ্ছন্দ্য পাইছে, সন্তান পাইছে৷ কিন্তু সুখ পোৱা নাই৷ সন্মান পোৱা নাই৷ মৰম পোৱা নাই৷
 
আভাই লিখা-পঢ়া বেছি নাজানিব পাৰে, কিন্তু তাই সকলো বুজি পায়৷ অদম্য পালে কাম কৰিছে প্লাষ্টিক মুক্ত ভৱিষ্যতৰ বাবে, কিন্তু মানসিকভাৱে বসবাস কৰিছে এশ বছৰ অতীতত, 'ত ঘৈণীয়েকে গিৰিয়েকৰ সন্মুখত মূৰ দোৱাই থকা আছিল, আপুনি আজ্ঞা কৰক প্ৰভু৷ নাৰীক ভৰিৰ তলত ৰাখি সি এক অদ্ভুত আনন্দ পায়৷
 
অদম্যই নিজৰ ৰূমৰ বিছনাত অৰ্ধ শয়ন ভংগীত এখন জাৰ্নেল পঢ়ি আছিল৷ তাৰ আৱিষ্কৃত পেষ্টাওলোটিঅপচিচ মাইক্ৰোস্পোৰা নামৰ যিটো মাচৰুমে গোটেই পৃথিৱীতে আলোড়নৰ সৃষ্টি কৰিছে, তাৰ প্ৰস্তুত প্ৰণালী লৈ পুনৰ কিছু প্ৰশ্ন উত্থাপন কৰিছে কেইজন মান বিজ্ঞানীয়ে৷
 
চাকৰি-বাকৰিয়েই হওঁক বা গৱেষণাই হওঁক, কোনো এখন ক্ষেত্ৰতেই পৰশ্ৰীকাতৰ, ঈৰ্ষান্বিত মানুহৰ অভাৱ নাই৷ প্লাষ্টিকক লৈ গৱেষণা চলিছিল সম্পূৰ্ণ বেলেগ ধৰণে৷ বিজ্ঞানী সকলে চেষ্টা কৰিছিল পেলাই দিয়া প্লাষ্টিকৰ পৰা গ্ৰাচিফকেছন কৰি পেট্ৰ'ল বা ডিজেলৰ দৰে ইন্ধন উৎপন্ন কৰিবলৈ৷ তাৰ ফলত প্লাষ্টিকৰ আবৰ্জনাও কমিল, ইন্ধনো পোৱা গ'ল৷ কিন্তু সেই পদ্ধতিটো যিমানেই জটিল, সিমানেই ব্যয়বহুলো৷ সেয়ে অন্য কোনো উপায়েৰে প্লাষ্টিকৰ সমস্যাটোৰ সমাধান বিচাৰিছিল চবে৷
 
তেনে সময়তে তৃতীয় বিশ্বৰ এজন ডেকা বিজ্ঞানীয়ে যে চবৰে চকুৰ আগতে এনেকুৱা ফলদায়ক এটা পন্থা বাহিৰ কৰি উলিয়ালে, সেইটো কোনেও সহ্য কৰিব পৰা নাছিল৷ সেয়ে কিছুমান বিজ্ঞানীয়ে নানা ধৰণৰ অজুহাত উলিয়াই আবোল-তাবোল প্ৰশ্ন কিছুমান কৰি আছে আৰু এই কাৰণেই দেৰি হৈছে পেটেন্ট পোৱাৰ ক্ষেত্ৰতো৷
 
অদম্যই হ'লেও মনোযোগেৰে সেই প্ৰশ্নবোৰ পঢ়িছিল৷ যিবোৰ যুক্তিসংগত, সেইবোৰ পেনেৰে চিন দি ৰাখিছিল৷ তাৰ অধীনত ল'ৰা এটাই পি.এইচ.ডি. কৰি আছে৷ তাৰ নাম সঞ্চয়ন৷ ল'ৰাটো অত্যন্ত চোকা৷ নিজৰ থেচিচৰ উপৰিও সি অদম্যৰ কামতো সহযোগ কৰি থাকে৷ এই প্ৰশ্ন বিলাক তাৰ লগত আলোচনা কৰিব লাগিব৷
 
গোটেই ৰূমটো অন্ধকাৰ৷ কেৱল বিছনাৰ কাষৰ ৰিডিং লেম্পটো জ্বলি আছে৷ আজিও ঠাণ্ডাটো বেছি৷ কোঠাৰ এচুকত নিঃশব্দে ৰূম হিটাৰটো চলি আছে৷
 
ঘড়ীত সন্ধিয়াৰ সাতটা বাজিছে৷ বাহিৰত ড্ৰয়িং ৰূমত টিভি চলি আছে৷ তাত পুতেক আৰু শহুৰেক আছে৷ আভা পাকঘৰত৷ এতিয়া সম্পূৰ্ণ এটা দিন এই হৈ-হাল্লা সহ্য কৰিব লাগিব সি৷
 
ভাবি ভাবি অদম্যই জাৰ্নেলখনৰ পৃষ্ঠা লুটিয়ালে৷ আৰু তেতিয়াই সি অনুভৱ কৰিলে, তাৰ গৰম কাপোৰৰ তলত গাৰ নোমবোৰ ডাল ডাল হৈ উঠিছে৷ কাৰণ, দুখন উষ্ণ হাত মন্থৰ গতিৰে বিচৰণ কৰি ফুৰিছে তাৰ নিম্নভাগত৷
 
অদম্য শিহৰিত হৈ উঠিল৷ আনকালে গভীৰ ৰাতি এই অতিপ্ৰাকৃতিক ঘটনা ঘটে৷ কিন্তু আজি এই সন্ধিয়াখনতে এই ঘটনা৷
 
ভয়-অতংকত অদম্যই চিৎকাৰ কৰি মাতিব খুজিলে ড্ৰয়িংৰূমত বহি থকা পুতেক বা শহুৰেকক৷ নাইবা পাকঘৰত থকা পত্নীক৷ কিন্তু ডিঙিৰ সিৰ ফুলাই কৰা অসংখ্য কাতৰ আৰ্তনাদতো কোনো নাহিল৷ কাৰণ তাৰ কণ্ঠৰ পৰা নিৰ্গত হোৱা নাছিল সামান্যতম শব্দও৷
 
অদম্য ঘামত তিতি গৈছে৷ এইবাৰ কেৱল দুখন হাতেই নহয়, এটা পূৰ্ণাংগ নাৰী দেহে মেৰিয়াই ধৰিছে তাৰ দেহটো৷ তাৰ নোমাল বুকুত উন্মাদৰ দৰে ঘঁহনি খাইছে সেই অশৰীৰীৰ নৰম অঙ্গ-প্ৰত্যঙ্গ৷ নিবিচৰাকৈও উত্তেজিত হৈ উঠিছে তাৰ শৰীৰ৷ অসহায় ক্ৰীতদাসৰ দৰে সমৰ্পণ কৰিছে নিজকে৷
 
প্ৰাণপণে কৰা অশ্ৰুসিক্ত চিৎকাৰত তাৰ চকু-মুখ ৰঙা পৰি গৈছে, উশাহ বন্ধ হৈ আহিছে৷ তাৰ দেহ আৰু মন দুটা সম্পূৰ্ণ পৃথক গতিপথেৰে গতি কৰিছে৷ মনে নিবিচাৰিলেও শৰীৰে সঁহাৰি দিছে সেই অতিপ্ৰাকৃতিক ৰতিক্ৰিয়াত৷
 
মনৰ মাজত ভয় আৰু শৰীৰত সংগমৰ উত্তেজনা, দুয়োটা মিলাই অদম্যই বেছিপৰ মানসিক চাপ সহিব নোৱাৰিলে৷ বিছনাতে ঢালি পৰি গ'ল৷
 
যেতিয়া জ্ঞান ঘূৰাই পালে, তেতিয়া ধোঁৱা-ধোঁৱাকৈ দেখিলে, আভাই ওচৰতে বহি তাৰ চকুৱে মুখে পানী ছটিয়াইছে৷ ওচৰতে পানীৰ পাত্ৰটো লৈ ৰৈ আছে আভাৰ দেউতাক৷ ওলোটা ফালৰ পৰা উবুৰি খাই তালৈ চাই আছে পুতেক বুল্টুৱে৷
 
অস্পষ্টকৈ শুনিলে ল'ৰাটোৱে কৈছে, "দেউতা তুমি শুইছা, এইপিনে লিলি মাহীয়ে তোমাৰ সৈতে কথা পাতিব বুলি ৰৈ ৰৈ গুচি গ'ল৷"
 
আভাই মৃদু ধমক দিলে পুতেকক, "আহ, এতিয়া মনে মনে থাক৷ দেখা নাই দেউতাৰৰ গা বেয়া?"
 
সম্বিত ঘূৰি অহাৰ পিছত ঠাণ্ডা পানীৰ ছিটিকনি পৰাত অদম্য কঁপি উঠিল, বিৰক্ত মুখেৰে ক'লে, "আহা! এই ঠাণ্ডাখনত ঠাণ্ডা পানী ছটিয়াইছা কিয়? অলগৰ্ধ কৰ'বাৰ৷"
 
আভাই থতমত খাই গ'ল৷ ক'লে, "ভাত খাবলৈ মাতিবলৈ আহি ভয় খাই গৈছিলো৷ আপুনি একোতে সঁহাৰি দিয়া নাছিল৷ সেয়ে দেউতাই ক'লে পানী ছটিয়াই দিবলৈ৷"
 
অদম্যই কোনোমতে উঠি বহি চকু-মুখ মচিলে৷ ঘড়ীটোলৈ চালে, ৰাতি চাৰে নটা৷
 
পুনৰ সি পৰাভূত হ'ল এক অলৌকিক শক্তিৰ ওচৰত৷ তাৰ শৰীৰে পুনৰ হাৰ মানিলে সেই অশৰীৰীৰ ওচৰত৷
 
পিছ মুহূৰ্ততেই নিজৰ ওপৰত প্ৰচণ্ড খং উঠিল অদম্যৰ৷ ভূত-প্ৰেত, অশৰীৰী, অলৌকিক - এজন বিজ্ঞানৰ ছাত্ৰ হৈ, এজন যুক্তিবাদী মানুহ হৈ সি এইবিলাক কি ভাবিছে? মানুহৰ এটাই জীৱন, ইহকাল৷ মৃত্যুৰ পিছত এই জীৱনৰ একোৱেই নাথাকে৷
 
সেইবাবেইতো সি কেৱল নিজৰ বাবে জীয়াই থাকিব খোজে৷ এই জগতত সকলো লৌকিক৷ অলৌকিক বুলি একো নাই৷
 
কিন্তু তাৰ সৈতে যিবোৰ ঘটনা ঘটি আছে, সেইবোৰ তেনেহ'লে কি?
 
অদম্যই ক'লে, "মই ঠিকে আছো৷ আজি আৰু একো নাখাওঁ৷ তোমালোকে খাই বৈ শুই থাকা৷"
 
কথা কৈ কৈ সি বিছনাৰ একাষে পৰি থকা ফোনটো তুলি ল'লে৷ জাৰ্নেলত তাৰ পেপাৰৰ ওপৰত লিখা সমালোচনাৰ ফটো তুলি পঠাব লাগিব সঞ্চয়নক৷ কেবাটাও প্ৰশ্নই তাক চিন্তাত পেলাইছে৷
 
বুল্টু, আভা আৰু তাইৰ দেউতাক তেতিয়া ৰূমৰ পৰা ওলাই গৈছিল৷ অদম্যই ফটোখন তুলিলে৷ তাৰ পিছত সঞ্চয়নক সেইখন দিবলৈ গৈ ফোনৰ গেলাৰীৰ শেষ ফটোখন দেখি উচপ খাই উঠিল৷
 
ফটোখন তোলা হৈছে আজি সন্ধিয়া চাৰে সাতটাত৷ যি সময়ত সি প্ৰাণপণে সহ্য কৰিছিল লেপৰ তলত ঘটি থকা সেই অদ্ভুত দৌৰাত্ম্য৷ কোঠাত যে কোনো নাছিল, সেই ক্ষেত্ৰত সি নিঃসন্দেহ৷ ফটোখনত অদম্যই চকু মুদি আধা শোৱাকৈ বহি আছে৷ দূৰত্ব একেবাৰেই ওচৰত৷ মানে বিছনাত বহি কোনোবাই ফটোখন তুলিছে৷ অদম্যৰ অৱসন্ন শৰীৰত পুনৰ এটা বিদ্যুৎ প্ৰবাহ বৈ গ'ল৷
 
ফটোখন তুলিলে কোনে?

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                                 সূচীপত্ৰলৈ                                পৰৱৰ্তী অধ্যায়লৈ


  1. উপন্যাসৰ pdf কেনেকৈ ডাউনলোড কৰিব পাৰি জনাব নেকি।

    ReplyDelete
    Replies
    1. যদি কিতাপখন PDF আকাৰত ইন্টাৰনেটত উপলব্ধ, গুগুলত চাৰ্ছ কৰিলে পাব। মোৰ ব্লগৰ তিনিখন কিতাপ ই-বুক আকাৰত বনোৱা হৈছে, সেইকেইখন ইয়ালৈ গৈ ডাউল'দ কৰিব পাৰিব। http://www.rajivphukan.com/search/label/ebook

      Delete
  2. ভাল লাগিল পঢ়ি

    ReplyDelete