*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
প্ৰথম অধ্যায়
চাইকেল চলোৱা শিকিবলৈ সন্তুৱে আজিকালি
ৰাতিপুৱাই বালিগঞ্জ লেকলৈ যাবলগীয়া হয়৷ সিহঁতৰ চুবুৰিৰ পাৰ্কখন খান্দি পেলোৱা হৈছে
মেত্ৰ' ৰেলৰ বাবে, তাত এতিয়া খেল-ধূলা বন্ধ৷
পুৱাৰ ভাগত বালিগঞ্জ লেকত যথেষ্ট ভিৰ৷
বয়সস্থ মানুহবোৰ আহে মৰ্ণিং-ৱাক কৰিবলৈ৷ কম বয়সীয়া ল'ৰা ছোৱালীবোৰে দৌৰে৷ বহুতে ৰোয়িং কৰে৷
কালীবাৰীৰ বিপৰীত ফালৰ ঠাইদোখৰত ফুটবলৰ প্ৰেক্টিছ চলে৷ লেকৰ পিছফালে য'ত লিলিপুলটো আছে, তাৰ ৰাস্তাটো অলপ নিৰ্জন৷ তাতেই দুই
তিনিটা দলে চাইকেল শিকে৷
চাৰে পাঁচটা বজাত সন্তু ওলায় যায় ঘৰৰ
পৰা৷ লগত থাকে ৰকুকু৷ সন্তুৰ নিজৰ চাইকেল নাই৷ কুনালদাহঁতৰ ঘৰত এখন পুৰণা চাইকেল
আছিল৷ কুনালদাহঁতৰ দেউতাক ডাক্তৰ, তেওঁৰ চেম্বাৰৰ কম্পাউণ্ডাৰজনে এই চাইকেলখন
চলাইছিল৷ কম্পাউণ্ডাৰজনে চাকৰি এৰি গাঁওলৈ গুচি যোৱা তিনি চাৰি মাহ মান হ'ল, চাইকেলখন নিনিলে৷ কুনালে সেই
চাইকেলখনকে কেইদিন মান হাফ পেডেল মাৰি মাৰি চলাবলৈ শিকিছে৷ তাকে দেখি সন্তুৰো
শিকিবলৈ মন গ'ল৷
কুনালক মাতিবলগীয়া নহয়, সি সাজু হৈয়ে থাকে৷ কিন্তু দিগদাৰিখন
হয় বাপিক লৈ৷ বাপিহঁতৰ ঘৰৰ সকলোৱে দেৰিকৈ উঠে৷ সিহঁতৰ ঘৰৰ সন্মুখলৈ গৈ বহু সময় ধৰি
মাতি থাকিলেও কোনেও মাত নিদিয়ে৷ সন্তু আৰু কুনালে যেতিয়া ৰাস্তাৰ পৰা বাপিৰ নাম
ধৰি মাতে, তেতিয়া ৰাকুকুৱেও ভৌ ভৌ কৰিবলৈ ধৰে৷
শেষ পৰ্যন্ত বাপিয়ে চকু মচি মচি
দ্বিতীয় মহলাৰ বাৰান্দালৈ আহি কয়, "এক মিনিট ৰ'বি হা, বাথৰুমৰ পৰা আহো৷"
তাৰ পিছত আৰু পোন্ধৰ মিনিট৷ লেক পাওতে
পাওতে ৰ'দে ওলাবলৈ ধৰে৷
সৰু থাকোতে সন্তুৱে ট্ৰাই চাইকেল
চলাইছিল৷ কিন্তু দুচকীয়া চাইকেল চলোৱাটো টান কাম৷ ভয়ো লাগে অলপ-চলপ৷ চাইকেলত উঠাৰ
পিছত কুনাল আৰু বাপিয়ে তাক দুয়োফালৰ পৰা ধৰি থাকে৷ লগতে কৈ যায়, জোৰে পেডেল মাৰ, আগলৈ চা, গাটো ৰিলেক্স কৰ, ইমান ঠৰঙা লাগি কিয় আছ বে?
কুনাল আৰু বাপিয়ে তাক এৰি দিয়াৰ পিছতেই
পৃথিৱীখন টুলুং-ভুটুং কৰিবলৈ ধৰা যেন অনুভৱ হয় তাৰ, থৰক-বৰক লাগে হাত দুখন৷ সি চিঞৰিবলৈ
ধৰে, "অ'ই, পৰিলো, পৰিলো, ধৰ, ধৰ, ধৰ৷"
সিহঁত দুটাই হাঁহি হাঁহি দৌৰি গৈ পুনৰ
থাপ মাৰি ধৰে৷
এনেদৰে দুদিন গৈছে৷ আজি তৃতীয় দিনা৷
আজি তাৰ ভয় বহুখিনি কমিছে৷ চাইকেলত ভৰি দিয়াৰ লগে লগেই শৰীৰটো আজি জঠৰ হৈ পৰা নাই৷
বাপি আৰু কুনালে মাজে মাজে এৰি দিছে৷ কিন্তু সমস্যাটো হ'ল, আজি ইয়ালৈ আৰু চাৰিটা দল আহিছে,
এটা
দলৰ লগত আন এটা দলৰ যিকোনো মুহূৰ্ততে খুন্দা লাগি যাব পাৰে৷ সন্মুখত আন কোনো দল
দেখিলেই সন্তু নাৰ্ভাছ হৈ পৰে৷
প্ৰায় পঞ্চল্লিশ মিনিট ধৰি দৌৰা-দৌৰি
কৰাৰ পিছত বাপিয়ে সন্তুৰ পিঠিত থাপৰ এটা মাৰি ক'লে, "এইবাৰ তই নিজে চলা, সন্তু৷ অ'ই কুনাল, এৰিদে!"
সন্তুৰ আৰু হাত নকঁপিল, সি অকলে সো-সোৱাই চলাই গ'ল৷ খুব ভাল লাগিছে তাৰ, চিঞৰি চিঞৰি ক'বলৈ মন গ'ল, "পৰা হৈ গ'লো, পৰা হৈ গ'লো!" চিঞৰাৰ পৰিৱৰ্তে সি বেল
বজাবলৈ ধৰিলে ক্ৰিং-ক্ৰিং-ক্ৰিং...
কিন্তু কেই মুহূৰ্ত মানৰ পিছতেই সকলো
সলনি হৈ গ'ল৷ পুনৰ হাত কঁপিবলৈ ধৰিলে, হেণ্ডেলপাত ইপিনে-সিপিনে ঘূৰিবলৈ ধৰিলে,
ভৰিত
যেন শক্তি কমি আহিল৷ সন্তুৰ ভাব হ'ল, সি অকলে অকলে বহু দূৰলৈ আহি গ'ল৷ কুনাল আৰু বাপিয়ে দৌৰি আহি তাক ধৰিব
নোৱাৰিব৷ কি হ'ব এতিয়া? আৰে আৰে আৰে চাইকেলখন হালিবলৈ ধৰিছে..
পিছৰ পৰা বাপিয়ে চিঞৰিছে,
"বঢ়িয়া সন্তু, চলাই যা, সন্মুখলৈ চা..."
ঠিক তেনেতে বাওঁফালৰ ৰাস্তাটোৰে আৰু
এটা দল আহি ওলাল৷ এতিয়া চাইড কাটিব নোৱাৰিলেই মুখামুখি সংঘৰ্ষ৷ সন্তুৱে মাথোঁ চিধা
চলাবলৈহে শিকিছে, কটা-কটি কৰিব নাজানে৷ কুনালে কৈছিল, চাইকেলত সদায় বাওঁফালে টাৰ্ণ ল'বলৈ চেষ্টা কৰিবি, সোঁফালে হঠাৎ টাৰ্ণ লোৱাটো ডিফিকাল্ট৷
কিন্তু এতিয়া বাওঁফালে টাৰ্ণ ল'বলৈ গ'লে সি চিধা হ্ৰদৰ বুকুলৈ নামি যাব
লাগিব৷
বিপৰীত ফালৰ পৰা অহা দলটোৱে একেবাৰে
হুলস্থুল লগাই দিছে, "বাওঁফালে কাট, বাওঁফালে কাট!"
সন্তুৱে আৰু একো আগপাচ নাভাবি সোঁফালে
ঘূৰাই দিলে হেণ্ডেল৷ এক মুহূৰ্তৰ বাবে সি চকুৰে ধোঁৱা-কোঁৱা দেখিলে৷ কিবা যেন ওলত
পালত হৈ গ'ল পৃথিৱীখন৷ এজোপা গছত খুন্দা খাই সি ছিটিকি গ'ল, তাৰ পিছত চাইকেলখনো আহি পৰিল তাৰ গাৰ
ওপৰত৷
বিষ অনুভৱ কৰাৰ আগতেই সন্তুৰ চিন্তা হ'ল, চকু দুটা ঠিকে আছেনে? ভৰিৰ হাড় ভঙা নাইতো?
ৰকুকুও দৌৰি আহিছিল সন্তুৰ পিছে পিছে৷
চাইকেলখন পৰি যোৱা দেখি সি ভয় খাই পিছুৱাই গ'ল অলপ দূৰলৈ৷ আৰু ভৌ-ভৌকৈ ভুকিবলৈ
ধৰিলে৷
চাইকেলখন গুচাই সন্তুৱে উঠিবলৈ চেষ্টা
কৰিলে৷ কিন্তু নোৱাৰিলে৷ মৰ্ণিং-ৱাক কৰিবলৈ অহা মানুহ এজনে চাইকেলখন তুলি দি
সুধিলে, "বেয়াকৈ দুখ পালা নেকি, বাবা? চাওঁ, মোৰ হাতত ধৰাচোন, উঠিবলৈ চেষ্টা কৰা৷"
তেতিয়ালৈ কুনাল আৰু বাপি আহি পাইছিল৷
কুনালে ক'লে, "অ'ই উঠ, তোৰ একো হোৱা নাই৷"
বাপিয়ে ক'লে, "পানীত নানামিলে কেনেকৈনো শিকিব
সাঁতোৰ/চাইকেল শিকা নহয় যেতিয়ালৈকে গাত নপৰে আঁচোৰ৷"
মৰ্ণিং ৱাক কৰা মানুহজনে ক'লে, "ওহো, এওঁ বহুত বেছি দুখ পোৱা যেন লাগিছে,
আঁঠুৰ
ওচৰত তেজো ওলাইছে৷"
কুনালে ক'লে, "মোৰ তাতকৈ বেছি তেজ ওলাইছিল৷ চাইকেল
শিকিব, আৰু অকণো তেজ নোলাব?"
মানুহজনে পুনৰ খোজ কাঢ়িবলৈ আৰম্ভ কৰি
দিলে৷
কুনাল আৰু বাপিয়ে সন্তুক হাতত ধৰি উঠাই
দিলে৷ কুনালে ক'লে, "চাইকেলখনৰ হেণ্ডেলডাল ভাঁজ লাগিছে কেৱল, ভাগ্য ভাল যে বেলেগ একো হোৱা
নাই৷"
সন্তুৱে মাজে মাজে লংপেন্ট পিন্ধে যদিও
চাইকেল চলাবৰ কাৰণে আজি সি হাফপেন্ট আৰু গেঞ্জী পিন্ধি আহিছিল৷ তাৰ আঁঠু এটাৰ মাখি
চাল এৰাই গৈ তেজ ওলাইছিল বিন্দু বিন্দুকৈ৷ সেইখিনি অকণমান চেকচেকাইছে যদিও সন্তুৰ
আচল বিষটো হৈছে বাওঁ ভৰিৰ গোৰোহাত৷
এটা খোজ পেলাবলৈ চেষ্টা কৰিয়েই সি উঃ
কৈ চিঞৰি উঠিল৷ যন্ত্ৰণাত চকু চলচলীয়া হৈ গ'ল তাৰ৷
বাপিয়ে ক'লে, "কি অ', তই ইমানবোৰ বিপদজনক ঠাইলৈ এডভেঞ্চাৰ
কৰিবলৈ যাওঁ, আৰু সামান্য ভৰিৰ বিষতে কান্দি দিছ যে?"
সন্তুৱে ক'লে, "বিৰাট বিষাইছে, মাটিত খোজ পেলাবই পৰা নাই৷"
কুনালে ক'লে, "জোৰ কৰি খোজ কাঢ়িবলৈ চেষ্টা কৰ,
অলপ
পিছতে ঠিক হৈ যাব!"
সন্তুৱে ক'লে, "যদি ফেক্সাৰ হৈছে?"
কুনালে ক'লে, "ধেৎ, ইমান সহজতে ফেক্সাৰ নহয়৷"
ইপিনে ৰকুকুৱে সন্তুৰ ভৰি চেলেকিবলৈ
খুজিছিল৷ সি কুনালক ক'লে, "তাৰ ডিঙিৰ চেইনডাল বান্ধি ল'৷"
তাৰ পিছত আৰু চাইকেল চলোৱাৰ কথাই নাহে৷
কুনালে চাইকেলখন ঠিক কৰি ল'লে৷ বাপিৰ কান্ধত ভৰ দি দি সন্তুৱে খোজ
কাঢ়িবলৈ ধৰিলে লেঙেৰীয়াই লেঙেৰীয়াই৷ তাৰ সঁচাকৈ খুব কষ্ট হৈছে৷ বিষতে সি দাঁত
কামুৰি ধৰিছিল, একো কথা কোৱা নাই৷
অলপ যোৱাৰ পিছত বাপিয়ে ক'লে, "কি অ', তই এতিয়াও লেঙেৰীয়াই আছ যে? জোৰ কৰি বাওঁ ভৰিখন পেলাবলৈ চেষ্টা
কৰ৷"
সন্তুৱে ভগা মাতেৰে ক'লে, "একেবাৰে পৰা নাই৷ হাড় ভাগিছে
চাগে৷"
বাপিয়ে হাঁহি হাঁহি ক'লে, "হে মোৰ কপাল, এতিয়া কি হ'ব? তইচোন আৰু কোনোদিনে এডভেঞ্চাৰলৈ যাব
নোৱাৰিবি৷ তোৰ খুৰাৰোতো এখন ভৰি হেৰি, মানে ডিফেক্টিভ৷ তোৰো যদি একে দশা হয়,
তেওঁতো
আৰু তোক লগত নিনিব৷"
কুনালে ক'লে, "অই বাপি, যি-তি কথা কৈ নাথাকিবি৷ তাৰ ভৰিখন ঠিক
হৈ যাব নহয়৷"
সন্তুৰ মুখখন ম্লান পৰি গ'ল৷ বাপিয়েতো ঠিকেই কৈছে৷ সি খোৰা হ'ব লাগিলে খুৰাদেউক আৰু সি একো সহায়
কৰিব নোৱাৰিব৷ তাৰ জীৱনটো শেষ হৈ গ'ল নেকি?
অলপ দূৰ যোৱাৰ পিছত কুনালে সুধিলে,
"ৰিক্সা এখন লওঁ নেকি, সন্তু?"
সন্তুৱে মূৰ জোকাৰিলে৷ ঘৰৰ আগত ৰিক্সাৰ
পৰা নমা দেখিলে মাকে ভয় খাব৷ মাকক এইবোৰ কথা আগতীয়াকৈ জনাব নোৱাৰি৷ বিমানদাৰ
ককায়েক ডাক্তৰ৷ তেওঁকে এবাৰ দেখাই ল'ব লাগিব৷
সন্তুহঁতৰ ঘৰৰ ওচৰতেই বিমানদাহঁতৰ ঘৰ৷
বিমানদা পাইলট, তেওঁ ঘৰত নাই, নিউয়ৰ্কলৈ গৈছে৷ বিমানদাৰ দাদাও নাৰ্চিংহোমলৈ গ'লগৈ৷ ইমাৰজেন্সি ক’ল আহিছিল৷ দুপৰীয়া তেওঁ ঘৰলৈ আহিব ভাত
খাবলৈ, সন্তুৱে তেতিয়া এপাক আহিব লাগিব৷
ওচৰৰেই ষ্টেচনাৰী দোকান এখনৰ আগত ৰৈ
আছিল খুৰাদেউ, কিবা কিনিছিল৷ পেং অবিহনে খুৰাদেউৱে খোজকে কাঢ়িব নোৱাৰে, অথচ প্ৰতিদিনে ৰাতিপুৱা তেওঁ মৰ্ণিং-ৱাকলৈ
যাব খোজে৷
সন্তুৱে প্ৰথমতে খুৰাদেউক দেখা নাছিল৷
বাপিয়ে তাৰ গাত হেঁচুকি দি ক'লে, "অই সন্তু চা..."
সন্তুৱে ঘূৰি চাই দেখিলে খুৰাদেউৱে তাৰ
পিনেই চাই আছে৷ সন্তুক লেঙেৰীয়াই লেঙেৰীয়াই খোজ কঢ়া দেখি তেওঁ মিছিক মাছাককৈ
হাঁহিছে, মুখেৰে হ'লে একো নক'লে৷
অন্য যিকোনো ঘৰৰ খুৰাক-দেউতাকবোৰে
সিহঁত ঘৰৰ ল'ৰাক এনেকুৱা অৱস্থাত দেখিলে ভীষণ ব্যস্ত হৈ পৰিলহেঁতেন৷ হুৰমূৰকৈ
দৌৰি আহি ক'লেহেঁতেন, "কি হ'ল? কি হ'ল? কেনেকৈ পৰিলি? হাড় ভাঙিছে নেকি?" ইত্যাদি ইত্যাদি৷ কিন্তু খুৰাদেউৱে
সন্তুক পাত্তাই নিদিলে৷
আনকি অলপ পিছত ঘৰলৈ গৈও খুৰাদেউৱে মাকক
একো নক'লে৷
সন্তুৱে নিজৰ কোঠাত সোমাই মনে মনে বহি
থাকিল৷ এতিয়া দুই তিনি ঘন্টা তাৰ পঢ়াৰ সময়, কোঠাৰ পৰা নোলালেও হ'ব৷ বিষটো ক্ৰমশঃ বাঢ়ি গৈ আছে, বাওঁ ভৰিৰ গোৰোহাটোৰ ওচৰত ফুলি উঠিছে৷
অলপ আয়োডেক্স লগাব পাৰিলে ভাল আছিল৷ আয়োডেক্সৰ টিউব এটা আছিল ঘৰত ক'ৰবাত, কিন্তু দৰকাৰৰ সময়ততো সেইবোৰ বিচাৰি
পোৱা নাযায়৷ মাককো সুধিবলৈ সাহস কৰিব পৰা নাই৷ সন্তুৱে জানে, মাকে গম পালে এতিয়াই কোনোবা ডাক্তৰৰ
ওচৰলৈ লৈ যাব, তাৰ পিছত এক্স-ৰে, আৰু কত কি! ভৰিত প্লাষ্টাৰ কৰি শুৱাই থ'ব এমাহ৷ এই প্লাষ্টাৰ বোলা বস্তুটো
সন্তুৱে একেবাৰে পচন্দ নকৰে৷ এমাহ বিছনাত এনেয়ে পৰি থকা... অসহ্য!
বিমানদাৰ ককায়েক অবনীদাই নিজে খেলা-ধূলা
খেলে৷ তেওঁ নিশ্চয় এটা সহজ ব্যৱস্থা কৰি দিব৷ মাকে ৰাতিপুৱাৰ ভাগত বহুত সময় ধৰি
গা-পা ধোৱা, ৰন্ধা-বঢ়া আদি কামত ব্যস্ত থাকে, সহজে গম নাপাব৷
ৰাতিপুৱা এঘাৰটা মানত সন্তুৱে বাৰান্দাত
খটখট শব্দ পাই বুজিলে যে খুৰাদেউ আহিছে তাৰ ৰূমলৈ৷ পঢ়া টেবুলৰ পৰা সন্তুৱে মূৰ
তুলি চালে৷
দুৱাৰ মুখত হাঁহিমুখে ৰৈ খুৰাদেউৱে ভ্ৰূ
নচুৱাই সুধিলে, "কি অ', ঘৰত কাকো একো জনোৱা নাই? ভৰি যদি ভাঙিছে? তেনেহ'লে নিজে নিজে ঠিক হৈ যাব জানো?"
সন্তুৱে কি উত্তৰ দিব ভাবি নাপালে৷
খুৰাদেউৱে কোঠাত সোমাই পেংযোৰ নমাই থ'লে৷ তাৰ পিছত ক'লে, "এইপিনে আহ, খোজ কঢ়াৰ চেষ্টা কৰ, চাওঁ কি হৈছে৷"
খুৰাদেউ জ্যেষ্ঠ হৈ তাৰ ভৰি চুব,
তাকে
ভাবি সন্তুৱে আপত্তি কৰিব খুজিছিল৷ কিন্তু আপত্তি কৰি জানো কিবা লাভ আছে?
সন্তুৱে এখন ভৰিৰে জঁপিয়াই জঁপিয়াই
খুৰাদেউৰ ওচৰলৈ গ'ল৷ খুৰাদেউৱে বহি লৈ সন্তুৰ বাওঁ ভৰিখন দুহাতেৰে ধৰিলে৷ সন্তুৰ গা সিৰ-সিৰাই
গ'ল৷ এইখিনিত চুলেই বিষাই৷
খুৰাদেউৱে ক'লে, "হুঁ, বহুত বেয়াকৈ ফুলিছে দেখিছো!"
তাৰ পিছত বাওঁ ভৰিখন বেছ জোৰেৰে চেপি
ধৰি তেওঁ সন্তুৰ চকুত চকু থৈ ক'লে, "শুন, যিমানেই নিবিষাওঁক কিয়, চিঞৰিব নোৱাৰিবি কিন্তু৷ চাওঁ তোৰ মনৰ কিমান
জোৰ! ঠিক আছে? এক, দুই, তিনি.."
খুৰাদেউৱে চাটকৈ সন্তুৰ গোৰোহাটো মুচৰি
দিলে৷ সন্তুৰ মুখখন মেল খাই গ'ল, কিন্তু সি একো শব্দ নকৰিলে৷ এনেকুৱা
লাগিল যেন খুৰাদেউৱে তাৰ ভৰিৰ হাড় ভাঙি দিলে মোটককৈ৷
খুৰাদেউৱে ক'লে, "যা, ঠিক হৈ গৈছে আৰু একো নহয়৷"
সন্তুৱে বিস্ময়ত চকু ডাঙৰ ডাঙৰ কৰি
সুধিলে, "ঠিক হৈ গৈছে?"
খুৰাদেউৱে ক'লে, "মোটককৈ শব্দটো নুশুনিলি? তাতেইতো হাড় আকৌ চেট হৈ গ'ল৷ তোৰ গোৰোহাটো অলপ ঘূৰি গৈছিল৷"
উঠি খুৰাদেউৱে ক'লে, "মই পাহাৰী মানুহৰ লগত বহু বছৰ কটাইছোতো৷
তাততো ডাক্তৰ পোৱা নাযায়, সিহঁতে এনেকৈয়ে চিকিৎসা কৰে৷ মই সিহঁতৰ পৰাই
শিকিছো৷"
সন্তুৰ দৃষ্টি তেনেতে খুৰাদেউৰ ভৰিৰ
পিনে গ'ল৷
খুৰাদেউৱে ক'লে, "তই ভাবিছ চাগে, মোৰ ভৰিখন কিয় এনেদৰে ঠিক কৰিব
নোৱাৰিলো? মোৰ ভৰিৰ ওপৰত এই, ইমান ডাঙৰ পাথৰ এটা আহি পৰিছিল, ভৰিৰ হাড় একেবাৰে ভাঙি চুৰমাৰ হৈ
গৈছে৷ ভৰিখন যে কাটি পেলাবলগীয়া নহ'ল৷ সেয়াই যথেষ্ট৷ তই এতিয়া অলপ খোজ কঢ়াৰ
চেষ্টা কৰি চাচোন৷"
আচৰিত কথা, ভৰিত এতিয়াও বিষ আছে যদিও সন্তুৱে
দুভৰি পেলাই খোজ কাঢ়িব পাৰিছে৷
খুৰাদেউৱে ক'লে, "মোৰ বোধেৰে ঠিক হৈ গৈছে৷ হ'লেও বিমানৰ ককায়েকৰ তাত এবাৰ দেখাই
আহিবি৷"
গৰমৰ বন্ধ, স্কুল পাতি নাই৷ গোটেই দিন সন্তুৱে
ঘৰতে বহি কটালে৷
ভৰিৰ বিষ ক্ৰমশঃ কমি গৈছে আৰু সন্তুৰো
মনটো ভাল লাগি আহিছে৷ আবেলি অবনীদাৰ চেম্বাৰলৈ যোৱাত তেওঁ তাৰ ভৰিখন চাই ক'লে, "কি হৈছে? একো হোৱা নাইচোন৷ অলপ-চলপ মোচোকা খালে চিন্তা
কৰিবলগীয়া একো নাই৷ ঘৰলৈ গৈ মাৰক ক'বি চূণ-হালধি অলপ গৰম কৰি তাত লগাই
দিবলৈ৷"
পিছদিনাখন কাহিলি পুৱাতে সন্তুৰ দৰজাত
খটখট শব্দ হ'ল৷ দৰজা খুলি সন্তুৱে দেখিলে খুৰাদেউ ৰৈ আছে৷
খুৰাদেউৱে সুধিলে, "চাৰে পাঁচটা বাজি গ'ল, আজি আৰু চাইকেল শিকিবলৈ নাযাওঁ নেকি?"
সন্তু যেন আকাশৰ পৰাহে সৰি পৰিল৷
চাইকেল? চাইকেল শিকাৰ চিন্তাতো সি মনৰ পৰা একেবাৰে মছি পেলাইছে৷ এই অমঙ্গলীয়া
চাইকেলখনৰ কাৰণেইতো কালিৰে পৰা ইমান কষ্ট ভুগিবলগীয়া হ'ল৷ কি হ'ব চাইকেল শিকি? এতিয়া গাড়ী-মটৰৰ যুগ৷ আৰু অলপ ডাঙৰ
হোৱাৰ পিছতে সন্তুৱে গাড়ী চলাবলৈ শিকিব৷
সন্তুৱে ক'লে, "মই আৰু চাইকেল নিশিকো, খুৰাদেউ৷"
খুৰাদেউৱে অবাক হৈ ক'লে, "কিয়? চাইকেলে কি দোষ কৰিলে? তই পৰিছ, সেইটোতো চাইকেলৰ দোষ নহয়৷ কিবা এটা
শিকি শিকি আধাতে এৰি দিয়াতো একেবাৰে ঠিক কথা নহয়৷"
সন্তুৱে তেতিয়াও হেহোঁ-নেহোঁ কৰি ক'লে, "ভৰিখন এতিয়াও অলপ অলপ বিষাই আছে,
যদি
আকৌ পৰিব লাগে?"
খুৰাদেউৱে ক'লে, "আকৌ পৰিলে আকৌ চেষ্টা কৰিবি৷ পৰাৰ ভয়তে
যদি শিকিবলৈ এৰি দিয়, জীৱনত আৰু কোনোদিনে শিকিব নোৱাৰিবি৷ যা, যা, এতিয়াই ওলা৷ চাইকেলখন এবাৰ শিকি ল'লে দেখিবি ভৱিষ্যতে কিমান কামত
আহিব৷"
সন্তুৱে ভাবিছিল, আজি বহু দেৰিলৈ শুই থাকিব৷ খুৰাদেউৰ তাড়নাতে
সি ওলাই যাবলগীয়া হ'ল৷ কুনালৰ ঘৰৰ পিনে গৈ থাকোতে সি ভাবিলে, খুৰাদেউৱে চাইকেল শিকাৰ ওপৰত ইমান
গুৰুত্ব দিছে কিয়? এইবাৰ য'লৈকে যোৱা হ'ব, তাত চাইকেল চলাবলগীয়া হ'ব নেকি?
সন্তুৰ মনে কৈছে, সোনকালেই ক'ৰবালৈ যোৱা হ'ব৷ ওখকৈ বগা বয়সস্থ মানুহ এজন সঘনাই
আহি আছে খুৰাদেউৰ ওচৰলৈ৷ মানুহজন ইংৰাজ নহয়, অথচ ভাৰতীয় যেনো নালাগে৷ মানুহজনে
খুৰাদেউক ক'ৰবালৈ নিব বিচাৰি আছে৷ সন্তুৱে এদিন শুনিবলৈ পাইছিল, বয়সস্থ মানুহজনে ভঙা ভঙা ইংৰাজীতে কৈছে,
"ইউ কাম.... আই উইল মেক অল এৰেঞ্জমেন্টছ৷"
খুৰাদেউৱে কৈছিল, "ৰ'ব, যোৱাটো ৱৰ্থহোৱাইল হ'ব নে নাই আগতে চিন্তা কৰি চাওঁ৷"
মানুহজনে যে ক'লৈ যোৱাৰ কথা কৈ আছে, সেয়া সন্তুৱে ধৰিব পৰা নাই৷ মানুহজন কাশ্মীৰী
নেকি? নে কাবুলৰ মানুহ?
***
সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ