![]() |
ভূটান |
চেষ্টাই কৰা নাছিলোঁ৷ কিন্তু সিদিনা ঙাংলামৰ চোকোটোটে থকা বৌদ্ধ মন্দিৰটোত ফটো উঠি থাকোতে, ভূটানী মানুহ এজন আহি কাষতে থিয় দিলেহি, কিবা এটা ক'লেও৷ ভালকে নুশুনিলোঁ৷ হঠাতে চকুত পৰিল, তেওঁৰ ডিঙিৰ গামোচা খন৷ মই লগৰটোক সুধিলোঁ, “সেইখন অসমীয়া গামোচা নহয় জানো?”
“অসমীয়া কি?” মানুহজনে সুধিলে
“গামোচা” মই হতভম্ব “আপুনি অসমীয়া বুজি পায় নেকি?”
“অসমীয়া জানোটো। শিমলা, বাঘমাৰা, বৰপেটা ৰ'দ, পাঠশালাত কিমান দিন আছোঁ৷ ”
গামোচা খনৰ কথা আকৌ সুধিলোঁ৷ কলে “অ', অসমীয়া এইখন৷ মুখ মচিবলে ভাল৷” তেওঁ
ডিঙিৰ গামোচাখনৰে মুখখন মচি দেখোৱাই দিলে৷ ক'লে যে টি-চাৰ্টটো টানি মেলি
ঘাম আদি মচিবলে বৰ অসুবিধা হয়৷ “এতিয়া প্ৰায় সকলোৰে ঘৰতে গামোচা হৈছে৷”
মানুহজনৰ লগত বহুত সময় কথা পাতিলোঁ৷ ভূটানৰ কথা, অসমৰ কথা৷ এনতে ভূটানী
কুকৰ পুৱালি এটা আহিও আমাৰ লগত উমলিবলৈ ল'লে৷ মানুহজনৰ লগত আমি ফ'টো
উঠিলোঁ৷ তেওঁ সুধিলে, “কোনোবাই সুধিলে মই কোন বুলি কবি৷”আমি ক'লো আমাৰ
দোষ্ট বুলি কম৷ তেওঁ বৰ ভাল পালে৷ আহিবৰ পৰতো তেওঁ বাৰে বাৰে সুঁৱৰাই দিলে
,”কোনোবাই সুধিলে মোক ভূটানৰ দোষ্ট বুলি কবি৷” গোটেইখিনি সময়ত মনলৈ এবাৰো
ভাৱ নাহিল যে আমি বিদেশৰ মাটিত বিদেশী ব্যক্তি এজনৰ সতে কথা পাতি
আছোঁ৷বৌদ্ধ মন্দিৰটো হৈ পৰিল চুবুৰীৰ গোঁসাইঘৰটো৷আৰু গোঁসাইঘৰৰ চোঁতালত
ডিঙিত গামোচা লৈ এয়া আমাৰ দোষ্ট৷
![]() |
Rajiv Phukan, Dost, Sanjib, Pathsalar Bhrigu |